Class 11 Geography Chapter 9 সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা

Class 11 Geography Chapter 9 সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 9 সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা and select needs one.

SCERT Class 11 Geography Chapter 9 সৌৰ বিকিৰ , তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 9 সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা Solutions for All Subject, You can practice these here…

সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা

অধ্যায় – ৯

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা :  

প্ৰশ্ন : –  ১) ২১ জুনৰ দিনা দুপৰীয়া সূৰ্য্য লম্বমান হয় –

ক) বিষুৱত 

খ) ২৩.৫° দক্ষিণ অক্ষৰেখাত

গ) ২৩.৫° উত্তৰ অক্ষৰেখাত 

ঘ) ৬৬.৫° উত্তৰ অক্ষৰেখাত 

উত্তৰঃ – গ) ২৩.৫° উত্তৰ অক্ষৰেখাত  ।

প্ৰশ্ন : -২) নিম্নলিখিত মহানগৰ সমূহৰ ভিতৰত কোনখনত দিনবোৰ দীঘল –

ক) তিৰুৱনন্তপুৰম । 

খ) চণ্ডীগড় ।  

গ) হায়দৰাবাদ ।       

ঘ) নাগপুৰ ।

উত্তৰঃ – ক) তিৰুৱনন্তপুৰম  ।

প্ৰশ্ন : -৩) বায়ুমণ্ডল প্ৰধানকৈ তপত হয় –

ক)  হ্ৰস্ব তৰংগ সূৰ্য্য বিকিৰনৰ দ্বাৰা ।

খ) প্ৰতিফলিত সৌৰ বিকিৰনৰ দ্বাৰা ।

গ) দীৰ্ঘ তৰংগৰ পাৰ্থিৱ বিকিৰনৰ দ্বাৰা ।

ঘ) সিঁচৰতি হৈ পৰা সৌৰ বিকিৰনৰ দ্বাৰা ।

উত্তৰঃ – গ) দীৰ্ঘ তৰংগৰ পাৰ্থিৱ বিকিৰনৰ দ্বাৰা  ।

প্ৰশ্ন : -৪) নিম্নলিখিত স্তম্ভ দুটাৰ পৰা শুদ্ধ জোঁট বনোৱা – 

ক) আপতন ১) আটাইতকৈ গৰম আৰু চেঁচা মাহবোৰৰ মাজত গড় তাপমাত্ৰাৰ পাৰ্থক্য ।

খ) এলবিডো ২) সমান তাপবিশিষ্ট ঠাই বোৰ লগ লগোৱা ৰেখা ।

গ) সমোষ্ণ ৰেখা ৩) পৃথিৱীলৈ অহা সৌৰ বিকিৰণ ।

ঘ) বাৰ্ষিক পৰিসৰ ৪) এটা পদাৰ্থৰ দ্বাৰা প্ৰতিফলিত হোৱা দৃশ্য মান পোহৰৰ শতাংশ ।

উত্তৰঃ – ক) আপতন – ৩) পৃথিৱীলৈ অহা সৌৰ বিকিৰণ ।

খ) এলবিডো – ৪) এটা পদাৰ্থৰ দ্বাৰা প্ৰতিফলিত হোৱা দৃশ্য মান পোহৰৰ শতাংশ ।

গ) সমোষ্ণ ৰেখা – ২) সমান তাপবিশিষ্ট ঠাই বোৰ লগ লগোৱা ৰেখা ।

ঘ) বাৰ্ষিক পৰিসৰ – ১) আটাইতকৈ গৰম আৰু চেঁচা মাহবোৰৰ মাজত গড় তাপমাত্ৰাৰ পাৰ্থক্য ।

প্ৰশ্ন : – ৫) উত্তৰ গোলাৰ্ধত উপক্ৰান্তীয় অঞ্চলত পৃথিৱীয়ে আটাইতকৈ বেছি উত্তাপ অনুভৱ কৰে , আনকি বিষুৱতকৈও বেছি হোৱাৰ মুখ্য কাৰণ হ’ল – 

ক) বিষুৱীয় অঞ্চলতকৈ , উপক্ৰান্তীয় অঞ্চলত ডাৱৰৰ আৱৰণ কমকৈ থাকে বাবে ।

খ) বিষুৱতকৈ , উপক্ৰান্তীয় অঞ্চলত গ্ৰীষ্ম কালত দীৰ্ঘদিন থাকে বাবে । 

গ) বিষুৱীয় অঞ্চলতকৈ উপক্ৰান্তীয় অঞ্চলত এক বৰ্দ্ধিত  ‘সেউজ গৃহ প্ৰভাৱ ‘ আছে বাবে ।

ঘ) বিষুৱীয় অৱস্থানতকৈ , উপক্ৰান্তীয় অঞ্চলবোৰ মহাসাগৰীয় অঞ্চলৰ নিকটত অৱস্থিত বাবে ।

উত্তৰঃ – গ) বিষুৱীয় অঞ্চলতকৈ উপক্ৰান্তীয় অঞ্চলত এক বৰ্দ্ধিত  ‘সেউজ গৃহ প্ৰভাৱ ‘ আছে বাবে । 

চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) পৃথিৱী গ্ৰহত , সময় আৰু ঠাই সাপেক্ষে কেনেদৰে অসমান তাপৰ বিতৰনে বতৰ আৰু জলবায়ু তাৰতম্য কৰে বৰ্ণনা কৰা ।

উত্তৰঃ – পৃথিৱীৰ আকৃতি গোলকীয় যাক আমি জীয়ইড ( Geoid ) বুলি কওঁ । ইয়াৰ আকৃতি এনেকুৱা হোৱা বাবে সূৰ্যৰ পৰা অহা তাপ শক্তি পৃথিৱী পৃষ্ঠৰ সকলো ঠাইতে সমানে বিতৰণ নহয় । সেইবাবে যিবোৰ অঞ্চলত সৌৰ শক্তি বেছিকৈ অনুভৱ সেইবোৰ অঞ্চলত বতৰৰ অৱস্থান সমূহ যেনে উত্তাপ বেছি ,  বাষ্পীভৱন বেছি ,অথবা বৰষুণ বেছি আদি হব পাৰে । এইবোৰৰ ক্ৰিয়া বহুবছৰ ধৰি অব্যাহত থাকিলে জলবায়ু গঠন হব পাৰে । আনহাতে যি বিলাক ঠাইত সৌৰশক্তিৰ পৰিমাণ কম তেনে ঠাইত বতৰৰ উপদানবোৰৰ তাৰতম্য যথেষ্ঠ কম ।

পৃথিৱীখনে যিহেতু সূৰ্য্যৰ চাৰিও ফালে ঘূৰি থাকে , সেয়ে কেতিয়াবা সূৰ্য্যৰ ওচৰ চাপে আৰু কেতিয়াবা দূৰলৈ গুচি যায় । এই দৰে সূৰ্য্যৰ ওচৰ পালে উত্তাপ কিছু বেছি লাভ কৰে আৰু দূৰলৈ গলে উত্তাপৰ পৰিমাণ অলপ কমকৈ পায় । এনেকুৱা তাপৰ তাৰতম্যৰ ফলটো পৃথিৱী পৃষ্ঠৰ ওপৰত বতৰ আৰু জলবায়োৰ তাৰতম্য দেখিবলৈ পোৱা তাৰতম্যৰ ফলতো পৃথিৱী পৃষ্ঠৰ ওপৰত বাতৰ আৰু জলবায়ুৰ তাৰতম্য দেখিবলৈ পোৱা যায় ।

প্ৰশ্ন : – ২) পৃথিৱী পৃষ্ঠত উত্তাপৰ বিতৰণৰ নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি ?

উত্তৰঃ – ১) ঠাইখন অক্ষঅংশ ( The latitude of the place ) 

২) ঠাইখনৰ উচ্চতা ( The altitude of the place )

৩) সমুদ্ৰৰ পৰা দূৰত্ব , বায়ুপুঞ্জৰ প্ৰবাহ ( Distance from the sea , the airmass circulation )

৪) গৰম আৰু চেঁচা সমুদ্ৰ সোতৰ উপস্থিতি ( The presence of warm and cold ocean currents ) 

৫) স্থানীয় বিভিন্ন দিশ ( Local aspects )

অক্ষঅংশ অৰ্থাৎ বিষুৱৰ পৰা যিমানে দূৰলৈ যোৱা যাৰ সিমানে আপতনৰ পৰিমাণ কমি গৈ থাকে । কিয়নো সেইবোৰ ঠাইত সৌৰ শক্তি হেলনীয়া কৈ বহু ঠাই আৱৰি পৰা । সৌৰ শক্তিৰ পৰিমান পৃথিৱী   পৃষ্ঠৰ একেবাৰে ওচৰত বেছি অনুভূত  হয় আনহাতে ক্ৰমে ওপৰৰ ফালে উপত্তাপৰ পৰিমান কম অনুভূত হয় । সাগৰ বা মহাসাগৰৰ ওচৰৰ ঠাই সমূহত উত্তাপৰ পৰিমান বা বাৰ্ষিক গড় যথেষ্ট কম আনহাতে সাগৰ মহাসাগৰৰ বহু দূৰত উত্তাপৰ বাৰ্ষিক গড়  যথেষ্ঠ বেছি  । বায়ু পুঞ্জ আৰু সমুদ্ৰ সোঁতেও পৃথিৱী পৃষ্ঠৰ তাপৰ বিতৰণত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে । 

প্ৰশ্ন : – ৩) ভাতৰবর্ষত কেৱল মে’মাহতহে দিনৰ ভাগত উত্তাপ অধিক হয় আনহাতে কৰ্কট সংক্ৰান্তীয়ৰ পিছত কিয় নহয় ?

উত্তৰঃ – প্ৰচলিত বতাহ বা বায়ুপুঞ্জই কোনো এক অঞ্চলৰ উত্তাপ নিয়ন্ত্ৰণ কৰা দেখা যায় । ভাৰতবৰ্ষত মৌচুমী বায়ুৰ যথেষ্ট প্ৰভাৱ আছে । এই বতাহ গ্ৰীষ্ম কালত অৰ্থাৎ জুন – জুলাই – আগষ্ট মাহত ভাৰত মহাসাগৰৰ পৰা ভাৰতৰ ওপৰেৰে চাইবেৰীয়ালৈ গতি কৰলে  মে’মাহলৈকে ভাৰতত বৰষুণ নহয় বাবে উত্তাপ যথেষ্ট বৃদ্ধি পায় । কিন্তু ইয়াৰ পিছত ভাতৰবর্ষত যথেষ্ট বৰষুণ হয় , যিয়ে বাঢ়ি অহা উত্তাপৰ পৰিমাণ হ্ৰাস কৰে । সেয়ে কৰ্কট সংক্ৰান্তীৰ পিছত উত্তাপ অধিক হোৱা পৰিলক্ষিত নহয় । 

প্ৰশ্ন : -৪) বাৰ্ষিক উত্তাপৰ পৰিসৰ চাইবেৰীয়াৰ সমভূমিত কিয় বেছি হয় ?

উত্তৰঃ – পৃথিৱী পৃষ্ঠত উত্তাপ কৰবাত কম আৰু কৰবাত বেছি হোৱা দেখা যায় । এনে ভিন্নতাৰ বাবে কিছুমান কাৰক জগৰীয়া । যিবোৰক উত্তাপ নিয়ন্ত্ৰণ কৰা কাৰক বুলি জনা যায় । এই কাৰকবোৰৰ ভিতৰতে এটা হ’ল – সমুদ্ৰৰ পৰা দূৰত্ব ( distance from seas or oceans ) । অৰ্থাৎ বৃহৎ জলভাগ বা মহাসাগৰৰ উপকূলৱৰ্তী অঞ্চলত উত্তাপৰ পৰিমান কম । উপকূলৰ পৰা যিমানে মহাদেশৰ মাজভাগলৈ সোমাই যোৱা হয় ,  সিমানে উত্তাপৰ পৰিসৰ বেছি অনুভৱ হয় । এছিয়া মহাদেশৰ চাইবেৰীয়াৰ ক্ষেত্ৰত ঠিক তেনে দেখা যায় । ই মহাসাগৰৰ পৰা বহু দূৰত্বত অৱস্থিত হোৱাৰ বাবে গৰমৰ দিনবোৰত যথেষ্ট  গৰম আৰু শীতৰ দিনবোৰত যথেষ্ট শীত অনুভৱ হয় । অৰ্থাৎ বাৰ্ষিক উত্তাপৰ পৰিসৰ চাইবেৰীয়াৰ সমভূমিত বেছি পৰিলক্ষিত হয় । 

দীঘল প্ৰশ্ন

প্ৰশ্ন : -১) অক্ষৰেখা আৰু পৃথিৱীয়ে নিজা অক্ষত হালি আৱৰ্তন কৰা বাবে , পৃথিৱী পৃষ্ঠই লাভ কৰা ৱিকিৰনৰ পৰিমাণৰ ওপৰত কিয় প্ৰভাৱ পৰে ?

উত্তৰঃ – পৃথিৱীয়ে যিমান শক্তি আহৰণ কৰে সেই সকলোবোৰ সূৰ্যৰ পৰাই পাই আহিছে । সূৰ্যৰ পৰা পোৱা তাপ শক্তি কিন্তু পৃথিৱী পৃষ্ঠই সমান ভাবে একে সময়তে লাভ নকৰে । ইয়াৰ মূল কাৰন হ’ল পৃথিৱীৰ আকৃতি । পৃথিৱীখনৰ আকৃতি গোলকীয় যাক কোৱা হয় জীয়ইড ( Geoid ) । পৃথিৱীৰ আকৃতি এনে হোৱা বাবে একে সময়ত প্ৰেৰণ কৰা সৌৰ ৰশ্মি পৃথিৱীখনৰ ওপৰত সমান ভাবে নপৰে । কৰবাত লম্ব ভাবে, কৰবাত হেলনীয়া ভাবে আৰু হয়তো কৰবাত একেবাৰে নপৰা দেখা যায় ( চিত্ৰ ১ ) । যাৰ ফলত 

পৃথিৱীৰ পৃষ্ঠত ভিন্ন পৰিবেশ বিৰাজ কৰে পৃথিৱীৰ আকৃতি গোলকীয় হোৱা হেতুকে ই যেতিয়া আৱৰ্তন ( Roatation ) কৰি থাকে তেতিয়া মাজৰ অংশটোৱে অৰ্থাৎ বিষুৱীয় অঞ্চলত সূৰ্য্যৰ ৰশ্মি বছৰৰ সকলো সময়তে লম্বভাৱে পৰে বাবে উত্তাপৰ মাত্ৰা বেছি । আনহাতে বিষুৱৰ পৰা যিমানে মেৰু অঞ্চললৈ গতি কৰা হয় , সূৰ্য্যৰ ৰশ্মি ক্ৰমে হেলনীয়া হৈ গৈ মেৰু বিন্দুত কেতিয়াবা একেবাৰে নাইকিয়া হৈছেগৈ । যাৰ ফলত সেই বোৰ অঞ্চলত পৃথিৱী পৃষ্ঠই লাভ কৰা ৱিকিৰনৰ পৰিমাণ তেনেই কম বা শূণ্য । 

পৃথিৱী পৃষ্ঠই লাভ কৰা বিকিৰণৰ পৰিমাণ সূৰ্য্যৰ উপস্থিতিয়েও নিৰ্ণয় কৰে । পৃথিৱীয়ে নিজ অক্ষত ( Axis ) হালি আৱৰ্তন কৰি থাকোতে ইয়াৰ বিষুৱীয় অঞ্চলত সূৰ্য্যৰ উপস্থিতি বহুসময় থাকে , সেয়ে পৃথিৱীয়ে বেছি পৰিমাণৰ সৌৰ শক্তি  বা ৰশ্মি লাভ কৰাটো স্বাভাৱিক । আনহাতে দুই মেৰুৰ দিশত সূৰ্যৰ উপস্থিতি  ক্ৰমে কম দেখা যায় । যাৰ ফলত সেইবোৰ  অঞ্চলত পৃথিৱী পৃথিৱী পৃষ্ঠই লাভ কৰা বিকিৰণৰ পৰিমাণ কম । ওপৰৰ কথা খিনি আমি তালিকা আকাৰে দাঙি ধৰিব পাৰো আৰু এই তথ্যটো তলত উল্লেখ কৰা হ’ল ।

অক্ষাংশ০°২০° 80°৬০°৯০°
২২ ডিচেম্বৰ১২ ঘণ্টা১০ ঘণ্টা৯ ঘণ্টা৫ ঘণ্টা
X০০ মিঃ৪৮ মিঃ৮ মিঃ৩৩ মিঃx
২১ জুন১২ ঘণ্টা১৩ ঘণ্টা১৪ ঘণ্টা১৮ ঘণ্টা৬ মাহ
X০০ মিঃ১২ মিঃ৫২ মিঃ২৭ মিঃx
Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন : – 2) পৃথিৱীৰ বায়ুমণ্ডল পদ্ধতিটোৱে কি কি প্ৰক্ৰিয়াৰ প্ৰয়োগেৰে উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰি আছে ?

উত্তৰঃ – সূৰ্য্যৰ পৰা পৃথিৱীলৈ অহা ৰশ্মি আহোঁতে হ্ৰস্ব তৰংগ ( Short wave ) ৰূপত আহে । এই সৌৰ ৰশ্মিয়ে পৃথিৱী পৃষ্ঠ উত্তপ্ত কৰি তোলে পৃথিৱী পৃষ্ঠ উত্তপ্ত হোৱাৰ পাছত ই বিকিৰণ ক্ষম হয় আৰু বায়ুমণ্ডললৈ তাপ শক্তি বিকিৰণ কৰে । এই বিকিৰণ তাপ দীৰ্ঘ তৰংগ ( Long wave ) ৰূপত গুচি যায় ।

দীৰ্ঘ তৰংগ ৰূপে তাপ বিকিৰণ হোৱা  তাপৰ কিছু অংশ বায়ুমণ্ডলৰ গেছ প্ৰধানকৈ কাৰ্বন – ডাই – অক্সাইড আৰু অন্যান্য সেউজ গৃহ গেছে শোষণ কৰি লয় । এনেদৰে সূৰ্যৰ পৰা অহা তাপ শক্তি পৃথিৱী আৰু বায়ুমণ্ডলে বিকিৰণ কৰাৰ ফলত পৃথিৱীপৃষ্ঠ আৰু বায়ুমণ্ডত তাপৰ এক ভাৰসাম্য অৱস্থা দেখিবলৈ পোৱা যায় । পৃথিৱীৰ উত্তাপৰ ভাৰসাম্য ব্যৱস্থাটো তলত চিত্ৰ আঁকি ব্যাখ্যা কৰা হ’ল – 

ধৰা হল , বায়ুমণ্ডলৰ ঊৰ্ধতন অংশত সৌৰ বিকিৰণ অথবা আতপন ( Solar Radiation ) ৰ পৰিমাণ শতকৰা ১০০ ভাগ । বায়ুমণ্ডলৰ মাজেৰে আহোঁতে ই সিঁচৰিত অৱস্থাত আছে, তেতিয়া কিছু অংশ শোষণ হয় ,  কিছু প্ৰতিফলিত হয় আৰু বাকী ৰৈ যোৱা অংশখিনিহে পৃথিৱী পৃষ্ঠ পায় । পৃথিৱী পৃষ্ঠৰ পোৱাৰ আগতেই প্ৰায় ৩৫ একক মান প্ৰতিফলিত হৈ মহাকাশলৈ উভতি যায় । ইয়াৰ মাজৰ পৰা ডাৱৰৰ ( cloud ) ঊৰ্ধতন অংশৰ পৰা ২৭ একক মান প্ৰতিফলিত হৈ উভতে আৰু পৃথিৱীৰ বৰফ আৰু বৰফে আৱৰা অঞ্চলৰ পৰা ২ একক মান প্ৰতিফলিত হয় ।

বাকী ৬৫ একক শোষণ হয় ,  তাৰে ১৪ একক বায়ুমণ্ডলৰ ভিতৰত আৰু ৫১ একক পৃথিৱী পৃষ্ঠত শোষণ হয় । পৃথিৱীয়ে পাৰ্থিৱ বিকিৰণ হিচাপে ৫১ একক বিকিৰণ কৰে । ইয়াৰ মাজৰ মহাকাষলৈ প্ৰত্যক্ষ বিকিৰণ হয় ১৭ একক আৰু বাকী থকা ৩৪ একক বায়ুমণ্ডলে প্ৰত্যক্ষ 

শোষণ , ৯ এককৰ ঘনিভৱনৰ নিহিত তাপৰ দ্বাৰা । বায়ুমণ্ডলৈ শোষণ কৰা ৪৮ একক ( আঁতপনৰ পৰা ১৪ একক + পাৰ্থিৱ ৱিকিৰণৰ ১৪ 

একক ) ও মহাকাশলৈ বিকিৰণ হৈ উভতে । এতিয়া দেখা গল পৃথিৱীৰ উভতি যোৱা মুঠ বিকিৰণ আৰু বায়ু মণ্ডলৰ পৰা হোৱা বিকিৰণ ক্ৰমে  ১৭ + ৪৮ = ৬৫ একক । অৰ্থাৎ দুয়োটা একক  সমান । 

এই দৰেই অনাদি কালৰ পৰা পৃথিৱীয়ে সৌৰ শক্তি এক নির্দিষ্ট পৰিমাণৰ লাভ কৰি আহিছে আৰু পৃথিৱীয়েও এক বিশেষ পদ্ধতিৰে এক নিৰ্দিষ্ট পৰিমাণৰ শক্তি বিকিৰণ কৰি এক ভাৰসাম্য ৰক্ষা কৰি আহিছে । 

প্ৰশ্ন : -৩) ভূ – ভাগৰ আৰু দক্ষিণ গোলাৰ্দ্ধ জানুৱাৰী মাহৰ গোলকীয় উত্তাপ বিতৰণৰ তুলনা কৰা ।

উত্তৰঃ – বিষুৱ ৰেখাৰ ( Equator ) ৰ পৰা ৯০° উত্তৰ লৈ এই অংশটোক উত্তৰ গোলাৰ্দ্ধ ( Norther hemisphere ) আৰু বিষুৱৰ পৰা ৯০° দক্ষিণলৈ এই অংশটোক দক্ষিণ গোলাৰ্দ্ধ ( Southern hemisphere ) বোলা হয় । পৃথিৱীৰ উপৰিভাগত স্থল ভাগ আৰু জলভাগৰ ( Landmass and water bodies ) বিতৰণ লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ উত্তৰ গোলাৰ্দ্ধত স্থলভাগৰ প্ৰাধান্য বেছি । ঠিক তেনেদৰে দক্ষিণ গোলাৰ্দ্ধত জলভাগৰ প্ৰাধান্য বেছি । 

আমি ইতিমধ্যে পাই আহিছোঁ যে যি বিলাক অঞ্চলত স্থলভাগৰ প্ৰাধান্য বেছি তেনে বোৰ অঞ্চলত জাৰ – জহৰ পৰিসৰ বেছি আনহাতে জলভাগৰ প্ৰাধান্য অঞ্চলসমূহত ইয়াৰ পৰিসৰ তেনেই কম ।

উত্তৰ আৰু দক্ষিণ গোলাৰ্দ্ধত জানুৱাৰী মাহৰ গোলকীয় উত্তাপ বিতৰণ লক্ষ্য কৰিলে দেখা পাওঁ , উত্তৰ গোলাৰ্দ্ধত সমোষ্ণ ৰেখা ( Isothem ) বোৰ বেছি প্ৰকট ( চিত্ৰ – ৩ ) । উত্তৰ গোলাৰ্দ্ধত স্থলভাগৰ আয়তন দক্ষিণ গোলাৰ্দ্ধতকৈ বহুগুণে বেছি । সেয়েহে স্থলাংশ আৰু সমুদ্ৰ সোঁতৰ প্ৰভাৱ বেছি প্ৰকট । এই সময়চোৱাত সমুদ্ৰৰ ওপৰেৰে সমোষ্ণ ৰেখাৰ উত্তৰ দিশলৈ বিচ্যুতি ঘটে আৰু মহাদেশৰ ওপৰেৰে দক্ষিণৰ পিনলৈ বিচ্যুতি হয় । এই অৱস্থাটো তলৰ চিত্ৰৰ পৰা স্পষ্টকৈ গম পোৱা যায় ।

আনহাতে দক্ষিণ গোলাৰ্দ্ধত মহাসাগৰৰ প্ৰভাৱ বেছি প্ৰকট । সেয়ে ইয়াত সমোষ্ণ ৰেখাবোৰ কম বেছি পৰিমানে অক্ষৰেখাৰ ( Latitudes ) সমান্তৰালকৈ আছে আৰু উত্তৰ গোলাৰ্দ্ধত কৈ উত্তাপৰ ব্যতিক্ৰম ক্ৰম অনুযায়ী আছে । 

উত্তৰ গোলাৰ্দ্ধত ৬০° পূৱ দ্ৰাঘিমাংশ যুক্ত অঞ্চল আৰু ৮০° উত্তৰ এই দক্ষিণ গোলাৰ্দ্ধত ৬০° দক্ষিণ অক্ষৰেখাৰ উত্তাপ ০° ছেণ্টিগ্ৰেড , ৪৫° দক্ষিণত  ১০° ছেণ্টিগ্ৰেড আৰু ৩৫° দক্ষিণ আৰু ২০° ছেণ্টিগ্ৰেড উত্তাপ পোৱা যায় । দুয়োটা গোলাৰ্দ্ধৰ তাপৰ এনে বৈষম্য দেখা যায় ইয়াৰ স্থলভাগ আৰু জলভাগৰ বিস্তৃতিৰ বাবে ।

2 thoughts on “Class 11 Geography Chapter 9 সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top