Class 11 Business Chapter 3 ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ

Class 11 Business Chapter 3 ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ Notes to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Business Chapter 3 ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ and select needs one.

Class 11 Business Chapter 3 ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Business Chapter 3 ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ Solutions for All Subject, You can practice these here.

ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ

Chapter : 3

বহুমুখী পছন্দৰ প্ৰশ্নৱালী

১। চৰকাৰী কোম্পানী হৈছে এনে এটা কোম্পানী য’ত চৰকাৰৰ হাতত থকা আদায়কৃত মূলধনৰ পৰিমাণ অতি কমেও –

(ক) ৪৯%          (খ) ৫১% 

(গ) ৫০%           (ঘ) ২৫% 

উত্তৰ :-  (খ) ৫১%

২।এম . এন . চি বোৰৰ কেন্দ্ৰীভূত নিয়ন্ত্ৰণৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰে –

(ক) শাখাবোৰে 

(খ) অধীনস্থ গোটবোৰে 

(গ) মুখ্য কাৰ্যালয়ে 

(ঘ)  সংসদে 

উত্তৰ :- (গ)  মুখ্য কাৰ্যালয়ে 

৩। পি .এচ . ইউ সংগঠনবোৰৰ মালিক হৈছে – 

(ক) যৌথ হিন্দু পৰিয়াল ,

(খ) চৰকাৰ 

(গ) বিদেশী কোম্পানী ,

(ঘ)  ব্যক্তিগত উদ্যোগী ।

উত্তৰ :- (খ) চৰকাৰ ।

৪। ৰুগ্ন ৰাজহুৱা খণ্ডৰ গোটবোৰে পুনৰ গঠন কৰে – 

(ক)  এম .অ . এফ . এ 

(খ)  এম . অ . ইউ 

(গ)  বি. আই . এফ .আৰ . ।

(ঘ)  এন . আৰ . এফ .

উত্তৰ :-  (গ) বি. আই . এফ . আৰ . ।

৫। পি. এচ .ইত অবিনিয়োগ মানে হৈছে –

(ক)  ব্যক্তিগত খণ্ড – ৰাইজৰ মাজত সাধাৰণ অংশৰ বিক্ৰী 

(খ)   কাম কাজ বান্ধ কৰি 

(গ)  নতুন ক্ষেত্ৰত বিনিয়োগ কৰা 

(ঘ)  পি .এচ. ইৰ শ্বেয়াৰ ক্ৰয় কৰা ।

উত্তৰ :- (ক) ব্যক্তিগত খণ্ড -ৰাইজৰ মাজত সাধাৰণ অংশৰ বিক্ৰী ।

চমু উত্তৰৰ প্ৰশ্ন  : 

১। প্রশ্ন : ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ ধাৰণা ব্যখ্যা কৰা  ।

উত্তৰ :- ৰাজহুৱা কৰ্তৃত্ব অৰ্থাৎ চৰকাৰ বা ৰাষ্ট্ৰঃ আৰু ৰাজ্যৰ মালিকীস্বত্ব নিয়ন্ত্ৰণ আৰু পৰিচালনা অধীনস্থ ব্যৱসায় খণ্ডক ৰাজহুৱা খণ্ড বোলা হয় । এনে প্ৰতিষ্ঠান ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে বা উভয়ে যুটীয়া প্ৰচেষ্টাৰে গঢ়ি তুলিব পাৰে । ৰাজহুৱা খণ্ডত সেৱা যোগানৰ লক্ষ্য প্ৰধান হয় ।

যিবিলাক প্ৰতিষ্ঠান একক ব্যক্তিৰ দ্বাৰা ব্যক্তিগত ভাবে অথবা ব্যক্তিগত সমষ্টিৰ প্রচেষ্টাৰে পুঁজি যোগান আৰু পৰিচালনা গঢ়ি তোলা হয় তেনে প্ৰতিষ্ঠানক ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান বুলি কোৱা হয়  । এই খণ্ডৰ প্ৰতিষ্ঠানত পুঁজি যোগান আৰু পৰিচালনাত চৰকাৰী অংশগ্ৰহণ নাথাকে কিন্তু চৰকাৰী বিধিবিধানৰ প্ৰয়োগেৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে । লাভ অৰ্জনৰ লক্ষ্য হৈছে এই খণ্ডৰ প্ৰধান লক্ষ্য  ।

২। প্ৰশ্ন  : ব্যক্তিগত খণ্ডৰ বিভিন্ন প্ৰকাৰৰ সংগঠনবোৰ উল্লেখ কৰা  ।

উত্তৰ :- ব্যক্তিগত খণ্ডৰ বিভিন্ন প্ৰকাৰৰ সংগঠনবোৰ হ’ল – 

(ক)  ব্যক্তিগত বা গাইগুটিয়া কাৰবাৰ ।

(খ) অংশীদাৰী ব্যৱসায় ।

(গ)  যৌথ হিন্দু পৰিয়াল ।

(ঘ)  সমবায় সমিতি ।

(ঙ)   যৌথ কোম্পানী বা কোম্পানী ( ৰাজহুৱা সীমিত ) 

(চ)  যৌথ কোম্পানী বা কোম্পানী ( ব্যক্তিগত সীমিত )

(জ)   বহুজাতিক নিগম বা বহুজাতিক কোম্পানী । 

৩।প্ৰশ্ন  : ৰাজহুৱা খণ্ডৰ অধীনত বিভিন্ন প্ৰকাৰৰ কি কি সংগঠন আছে  ?

উত্তৰ :- ৰাজহুৱা খণ্ডৰ অধীনত থকা বিভিন্ন প্ৰকাৰৰ সংগঠনসমূহ হৈছে – 

(ক)  বিভাগীয় সংগঠন বা বিভাগীয় প্ৰতিষ্ঠান 

(খ)   বিধিবদ্ধ নিগম বা ৰাজহুৱা নিগম  ।

(গ) চৰকাৰী কোম্পানী ।

৪।প্ৰশ্ন  : ৰাজহুৱা খণ্ডৰ অন্য সংগঠনবোৰতকৈ চৰকাৰী কোম্পানীবোৰক কিয় বেছিকৈ পছন্দ কৰা হয়  ।

উত্তৰ :- চৰকাৰী কোম্পানীবোৰক বেছিকৈ পছন্দ কৰাৰ কাৰণ সমূহ হ’ল-

(ক)  ভাৰতীয় কোম্পানী আইন অনুসৰি চৰকাৰী কোম্পানীবোৰ গঠন কৰা হয় যাৰ বাবে সংসদত বেলেগ এখন আইন প্ৰণয়ন কৰাৰ প্ৰয়োজন নাই ।

(খ)  চৰকাৰী কোম্পানীবোৰৰ সুকীয়া আইনগত সত্বা আছে ।

(গ)  পৰিচালনা সংক্ৰান্তীয় সিদ্ধান্ত লোৱা স্বতন্ত্ৰতা লাভ ।

(ঘ)  উচিত মূল্যত দ্ৰব্য তথা সেৱা বিতৰণ ফলত বজাৰ আৰু আস্বাস্থকৰ ব্যৱসায়িক অভ্যাসবোৰ নিয়ন্ত্ৰণ  ।

৫। প্ৰশ্ন : দেশৰ আঞ্চলিক ভাৰসাম্য চৰকাৰে কেনেকৈ ৰক্ষা কৰে  ?

উত্তৰ :- পিছপৰা বা অনুন্নত অঞ্চলবোৰৰ উন্নত সাধী দেশৰ আঞ্চলিক ভাৰসাম্যতা নিশ্চিত কৰাটো চৰকাৰৰ প্ৰধান লক্ষ্য । চৰকাৰে সেইবাবে একেসময়তে পিছপৰা অঞ্চলবোৰত নতুন উদ্যোগ স্থাপন কৰি আৰু উন্নত অঞ্চলবোৰত ব্যক্তিগত খণ্ডৰ গোটবোৰক বাঢ়ি অহাত বাধা আৰোপ কৰি আঞ্চলিক ভাৰসাম্য ৰক্ষা কৰে।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডব্যৱসায়ৰ বুনিয়াদ
Chapter 1ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য ।
Chapter 2ব্যৱসায় সংগঠনৰ প্ৰকাৰ ।
Chapter 3ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ ।
Chapter 4ব্যৱসায় সেৱা ।
Chapter 5ব্যৱসায়ৰ নতুন নতুন ধৰণ ।
Chapter 6ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ ।
দ্বিতীয় খণ্ডকোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ
Chapter 7কোম্পানীৰ গঠন ।
Chapter 8ব্যৱসায় বিত্তৰ উৎসসমূহ ।
Chapter 9ক্ষুদ্ৰ ব্যৱসায় ।
Chapter 10আভ্যন্তৰীণ বেহা–বেপাৰ ।
Chapter 11আন্তৰ্জাতিক ব্যৱসায় – ১

দীঘলীয়া উত্তৰৰ প্ৰশ্নৱালী : 

১। প্ৰশ্ন :  ৰাজহুৱা খণ্ডৰ প্ৰতি ১১৯৯১ চনৰ পৰা অৱলম্বন কৰা চৰকাৰী নীতি ব্যখ্যা কৰা ।

উত্তৰ :- ১৯৯১ চনৰ নতুন  ঔদ্যোগিক নীতিয়ে ভাৰত চৰকাৰে ৰাজহুৱা খণ্ডত চাৰিটা প্ৰধান সংস্কাৰ সূচনা কৰে 

(i) বাচি থকাৰ সম্ভাৱনা থকা ৰাজহুৱা খণ্ডৰ গোটবোৰৰ পুনৰ গঠন আৰু পুনৰুজ্জীৱিত কৰা ।

(ii) পুনৰুজ্জীৱিত কৰিব নোৱাৰা ৰাজহুৱা খণ্ডৰ গোটবোৰ বন্ধ কৰি দিয়া ।

(iii) প্ৰয়োজন সাপেক্ষে অ- কৌশলী ৰাজহুৱা খণ্ডৰ গোটবোৰত থকা চৰকাৰী অংশৰ পৰিমাণ ২৬% বা তাতকৈয়ো তললৈ হ্ৰাস কৰা ।

(iv) শ্ৰমিক স্বাৰ্থ সম্পূৰ্ণভাৱে ৰক্ষা কৰা  ।

১৯৯১ চনৰ পাছত ভাৰত চৰকাৰে সূচনা কৰা প্ৰধান সংস্কাৰ সমূহ হ’ল-

(ক) ৰাজহুৱা খণ্ডৰ বাবে সংৰক্ষিত উদয়গিক সংখ্যা ১৭টাৰ পৰা ৩টা লৈ হ্রাস কৰা :-   

১৯৯১ চনৰ উদ্যোগিক নীতিৰ প্ৰস্তাৱত ৰাজহুৱা খণ্ডৰ বাবে ১৭টা উদ্যোগ সংৰক্ষণ কৰা হৈছিল । ১৯৯১ চনৰ ভাৰত চৰকাৰৰ সংস্কাৰ মতে ২০০১চনৰ ৰাজহুৱা খণ্ডৰ বাবে কেৱল তিনিটা উদ্যোগহে আছুতীয়া কৈ সংৰক্ষণ কৰা হৈছে । সেইকেইটা হৈছে আণৱিক শক্তি , অস্ত্ৰ আৰু ৰেল পৰিবহন । অৰ্থাৎ ব্যক্তিগত খণ্ডই উক্ত তিনিটা উদ্যোগৰ বাহিৰে প্ৰৱেশ কৰিব আৰু ৰাজহুৱা খণ্ডই সিবিলাকৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব   ।

(খ) ৰাজহুৱা খণ্ডৰ শুনিৰ্বাচিত উদ্যোগত অংশৰ নির্বিয়োজন :-   নির্বিনিয়োজন হৈছে ব্যক্তিগত খণ্ড আৰু ৰাইজৰ মাজত সাধাৰণ অংশ বিক্ৰী কৰা । ইয়াৰ উদ্দেশ্য হৈছে সম্পদ আহৰণ আৰু উদ্যোগবোৰৰ মালিকীস্বত্ব ও সৰ্বসাধাৰণ ৰাইজৰ তথা শ্ৰমিকক মুকলি অংশ গ্ৰহণক উৎসাহিত কৰা । চৰকাৰে উদ্যোগিক খণ্ডৰ পৰা ওলাই অহা আৰু সকলো সংস্থাতে নিজৰ সাধাৰণ অংশ হ্রাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

(গ) ৰুগ্ন  গোটৰ সন্দৰ্ভত থকা নীতি ব্যক্তিগত খণ্ডৰ দৰেই হ’ব :- ৰুগ্ন উদ্যোগ পুনৰ গঠন অথবা বন্ধ কৰি দিয়া দন্দৰ্ভত সিদ্ধান্ত ল’বলৈ ৰাজহুৱা খণ্ডৰ গোটবোৰক উদ্যোগিক আৰু বিত্তীয় পুনৰ গঠন বৰ্ড লৈ প্ৰেৰণ কৰা হ’ব  । এই ক্ষেত্ৰত বন্ধ কৰি দিবা লগা হোৱা উদ্যোগিক গোটবোৰৰ বিতাৰিত শ্ৰমিকৰ পুনৰ প্ৰশিক্ষণ বা পুনৰ নিয়োগ আৰু ৰাজহুৱা খণ্ডৰ স্বেচ্ছাই অৱসৰ বিচৰা কৰ্মচাৰী সকলৰ বাবে ৰাষ্ট্ৰীয় নবিনকৰণ পুঁজি গঠন কৰিছে ।

(ঘ) বুজাবুজিৰ চুক্তি :- বুজাবুজি চুক্তি ব্যৱস্থাৰ দ্বাৰা কাৰ্য সম্পাদনৰ উন্নতি ঘটোৱা হয় । এই ব্যৱস্থাত পৰিচালক সকলৰ যথেষ্ট স্বতন্ত্ৰতা দিয়াৰ লগতে নিৰ্দিষ্ট ফলাফলৰ বাবে দায়ীও কৰা হৈছে । এই ব্যৱস্থাত ৰাজহুৱা খণ্ডৰ গোটবোৰক লক্ষ্য বান্ধি দিয়া হৈছে আৰু সেই লক্ষ আহৰণৰ বাবে কাৰ্যকৰী স্বতন্ত্ৰতাও দিয়া হৈছে । বুজাবুজি চুক্তিত নিৰ্দিষ্ট ৰাজহুৱা খণ্ডৰ গোট আৰু সিহঁতৰ প্ৰশাসনিক মন্ত্ৰালয়ৰ মাজত সম্বন্ধ তথা স্বতন্ত্ৰতাৰ বিষয়  সন্নিবিষ্ট হয় ।

২। ১৯৯১ চনৰ আগতে ৰাজহুৱা খণ্ডৰ ভূমিকা কেনে আছিল ব্যাখ্যা কৰা  ।

উত্তৰ :- স্বাধীনতাৰ সময়ত ভবা হৈছিল যে ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰে ব্যৱসায় বাণিজ্যত প্ৰত্যক্ষভাৱে অংশ গ্ৰহণ কৰি বা অনুঘটকৰ দৰে কাম কৰি অৰ্থনীতিৰ লক্ষ্য  কিছুমান  আহৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । ভাৰতীয় অৰ্থনীতি যেহেতু পৰিবৰ্তনৰ স্তৰতে আছে সেয়ে পৰিৱৰ্তিত পৰিস্থিতিত অৰ্থনৈতিক নীতি সমূহত উদাৰিকৰন ,ব্যক্তিগত কৰণৰ আৰু গোলকীকৰণৰ ওপৰত জোৰ দিয়া হৈছে । ইয়াৰ লগে লগে ৰাজহুৱা খণ্ডৰ ভূমিকাক নতুনকৈ ব্যখ্যা কৰাৰ প্ৰয়োজন হৈছে । যেনে – 

(ক) আন্তঃগাঁঠনি উন্নয়ন :- এখন দেশৰ উদ্যোগকৰণৰ পূৰ্বস্বত্ব হৈছে আন্তঃগাঁথনি উন্নয়ন ।

পৰিবহন আৰু পৰ্যাপ্ত সুবিধা । ইন্ধন তথা শক্তি আৰু  মৌলিক তথা গুৰু উদ্যোগৰ অবিহনে উদ্যোগকৰন প্ৰক্ৰিয়াটো চলাই ৰাখিব নোৱাৰি । চৰকাৰে হে কেৱল বৃহৎ হাৰে মূলধন সংগ্ৰহ কৰিব পাৰে । সুসংবদ্ধ ঔদ্যোগিক নিৰ্মাণ কৰিব পাৰে আৰু কাৰিকৰী তথা শ্ৰমিক শক্তিৰ প্ৰশিক্ষণ দিব পাৰে   ।

(খ) আঞ্চলিক ভাৰসাম্য :- সকলো অঞ্চল তথা ৰাজ্যৰ সমানে উন্নয়ন সাধন আৰু আঞ্চলিক বৈষম্য সমূহ দূৰ কৰাটো চৰকাৰৰ দায়িত্ব  । পিছপৰা অঞ্চলবোৰৰ উন্নয়ন সাধন কৰি দেশৰ আঞ্চলিক ভাৰসাম্য নিশ্চিত কৰাটো পৰিকল্পিত উন্নয়নৰ প্ৰধান লক্ষ্য । ১৯৯১ চনৰ পাছত চৰকাৰে পঞ্চবাৰ্ষিক পৰিকল্পনাবোৰত পিছ পৰি থকা অঞ্চলবীৰত যাতে বিশেষ মনোযোগ দিব পাৰে সেই উদ্দেশ্যে ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ স্থাপন কৰে  । অৰ্থনৈতিক উন্নয়নৰ গতি বৃদ্ধি ,শ্ৰমিকক কৰ্ম সংস্থান আৰু আনুষংগিক উদ্যোগৰ উন্নয়নৰ বাবে চাৰিটা  প্ৰধান লৌহ উদ্যোগ  পিছপৰা অঞ্চলবোৰত স্থাপন কৰে  ।

ইয়াৰ লগে লগে আগবঢ়া অঞ্চলবোৰত ব্যক্তিগত খণ্ডৰ গোটবোৰক কাঠফুলাৰ দৰে বাঢ়ি অহাত বাধা দিয়া প্ৰয়োজন ।

(গ) উৎপাদনৰ মিতব্যয়ীতা :- য’ত মূলধনী ব্যয়েৰে বৃহৎ উদ্যোগ মিতব্যয়ীতাৰ সুযোগ ল’ব পাৰে । বৈদ্যুতিক শক্তি প্ৰকল্প , প্ৰাকৃতিক গেছ , পেট্ৰলিয়াম আৰু টেলিফোন উদ্যোগ হৈছে ৰাজহুৱা খণ্ডই স্থাপন কৰা কিছুমান বৃহৎ আকাৰৰ গোটৰ উদাহৰণ  ।  এই গোটবোৰক মিতব্যয়ীতাৰে কাম চলাবলৈ বৃহৎ বিনিয়াদৰ প্ৰয়োজন যিটো কেৱল চৰকাৰী সম্পদ আৰু বৃহৎ আকাৰৰ উৎপাদিত হে সম্ভৱ । 

(ঘ) অৰ্থনৈতিক ক্ষমতাৰ অত্যাধিক কেন্দ্ৰীভূত কৰণ ৰোধ কৰা :-  ৰাজহুৱা খণ্ডই ব্যক্তিগত খণ্ডৰ প্ৰতিবদ্ধক ৰূপে কাম কৰে  । ব্যক্তিগত খণ্ডত অতি কম উদ্যোগিক প্ৰতিষ্ঠানহে আছে যি গুৰু উদ্যোগত বিনিয়োগ কৰিবলৈ ইচ্ছুক যাৰ ফলত এমুঠি মাত্ৰ মানুহৰ হাতত সম্পদ কেন্দ্ৰীভূত হয় আৰু একচতিয়া অভ্যাসবোৰ উৎসাহিত হয় । ৰাজহুৱা খণ্ড বৃহৎ বিনিয়োগৰ প্ৰয়োজন হোৱা বৃহৎ উদ্যোগবোৰ গঢ়ি তুলিবলৈ সক্ষম । সেয়ে উপাৰ্জিত আয় তথা লাভ বৃহৎ সংখ্যক কৰ্মচাৰী আৰু শ্ৰমিকে ভগাই লয়  ।  ই ব্যক্তিগত খণ্ডত সম্পদ তথা অৰ্থনৈতিক ক্ষমতা কেন্দ্ৰীভূত হোৱাত বাধা দিয়ে ।

(ঙ) আমদানী প্ৰতিকল্প :- দ্বিতীয় আৰু তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত ভাৰতবৰ্ষই বহুতো ক্ষেত্ৰত আত্মনির্ভৰশীল হ’বলৈ চেষ্টা কৰিছিল ।  আনহাতে শক্তিশালী উদ্যোগিক বুনিয়াদ এটা গঢ়ি তোলাৰ বাবে প্ৰয়োজন হোৱা গুৰু যন্ত্ৰপাতি আমদানি কৰাটো  অসুবিধাজনক আছিল । সেই সময়ত আমদানি ৰাজহুৱা খণ্ডত কেইবাটাও কোম্পানী স্থাপন কৰা হয় । এনে সময়তে কেইবাটাও ৰাজহুৱা খণ্ডৰ কোম্পানী যেনে এচ , টি , চি আৰু এম, টি , চি য়ে দেশৰ ৰপ্তানি বৃদ্ধিৰ গুৰুত্বৰ ভূমিকা পালন কৰে ।

৪। প্ৰশ্ন : অন্য ব্যৱসায়িক সংগঠনতকৈ গোলকীয় উদ্যোগবোৰক কিয় উৎকৃষ্ট বুলি বিবেচনা কৰা হয়  ?

উত্তৰ গোলকীয় উদ্যোগবোৰৰ যোগাত্মক দিশবোৰ বিবেচনা কৰিলে দেখা যায় যে এই উদ্যোগবোৰ উৎকৃষ্ট ।  বৃহৎ আকৃতি , বহুতো দ্ৰব্য ,উন্নত প্রযুক্তিবিদ্যা , বিপনন কৌশল আৰু সমগ্ৰ বিশ্বজুৰি থকা কৰ্ম সংঘবদ্ধতা হৈছে গোলকীয় উদ্যোগবোৰৰ অন্যতম বৈশিষ্ট্য  ।গোলকীয় উদ্যোগবোৰক উৎকৃষ্ট বুলি বিবেচনা কৰাৰ কাৰণ সমূহ হ’ল- 

(ক) বৃহৎ মূলধন সম্পদ :- বৃহৎ বিত্তীয় সম্পদৰ অধিকাৰী আৰু বিভিন্ন উৎসৰ পৰা বৃহৎ পৰিমাণৰ পুঁজি সংগ্ৰহ কৰিব পৰাটো গোলকীয় উদ্যোগৰ অন্য এক যোগাত্মক দিশ । শক্তিশালী বিত্তীয় শক্তিৰ বাবে সকলো পৰিস্থিতিতে এই উদ্যোগবোৰ জীয়াই থাকিব পাৰে  ।

(খ) উন্নত প্ৰযুক্তিবিদ্যাৰ :- গোলকীয় উদ্যোগবোৰে উৎপাদন পদ্ধতিত প্ৰযুক্তি গত শ্রেষ্ঠতা লাভ কৰে । গতিকে নিৰ্দিষ্ট গুণসম্পন্ন তথা আন্তৰ্জাতিক মানৰ লগত ই সহজে খাপ খাই পৰে ।

(গ) দ্ৰব্যত নতুনত্ব দিশ :- দ্ৰব্যত নতুনত্বৰ সূচনাৰ বাবে গুণাগত গৱেষণাৰ মাধ্যমেৰে বৃহৎ বিনিয়োগ সৃষ্টি কৰি গোলকীয় উদ্যোগবোৰে নতুনত্বৰ দিশ মুকলি কৰি দিছে  ।

(ঘ) কাৰ্যক্ষম বিপিনন কৌশল :- গোলকীয় উদ্যোগবোৰ বিপনন কৌশল অধিক কাৰ্যক্ষম  অত্যাধিক নিৰ্ভৰযোগ্য তথা অত্যাধুনিক বিপনন তথ্য পদ্ধতি ব্যৱহাৰেৰে বিশ্বৰ বজাৰ এক আছুতীয়া ঠাই লোৱাত এই উদ্যোগবোৰ সক্ষম হয় । সাধাৰণতে দেখা যায় যে ইয়াৰ বিজ্ঞাপন তথ্য বিক্ৰী বৰ্ধনৰ কৌশলবোৰ অতি ফলপ্ৰসূ ।

(ঙ) বজাৰ এলেকা সম্প্ৰসাৰণ :- গোলকীয় উদ্যোগবোৰে ব্যৱসায়ৰ কাৰ্য কলাপ নিজ দেশতে সীমাবদ্ধ নাৰাখি সীমাৰ বাহিৰলৈ গৈ প্ৰসাৰ ঘটাইছে  । ফলস্বৰূপে এটা সুস্থ ভাৱমূৰ্তি গঢ়ি উঠিছে আৰু বজাৰ এলেকাৰ সম্প্ৰসাৰনে আন্তৰ্জাতিক ব্ৰেণ্ড হোৱাত সহায় কৰিছে  ।

৫। প্ৰশ্ন : যৌথ উদ্যোগত প্ৰৱেশ কৰাৰ উপকাৰ সমূহ কি ? 

যৌথ উদ্যোগত প্ৰৱেশ কৰাৰ উপকাৰ সমূহ তলত দিয়া ধৰণে চমুকৈ উল্লেখ কৰিব পাৰি  ।  যেনে – 

(ক) সম্পদ আৰু সক্ষমতা বৃদ্ধি :- যৌথ উদ্যোগ সমূহে মৰ্চা গঠন কৰি এক নিৰ্দিষ্ট স্তিতিত উপনীত হয় ।  ফলস্বৰূপে দ্ৰুত তথা কাৰ্যকৰী প্ৰসাৰ আৰু বৃদ্ধি সম্ভৱ কৰি তোলে  ।

(খ) প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ :- বেছিভাগ ব্যৱসায়ৰে যৌথ উদ্যোগত প্ৰৱেশৰ প্ৰধান কাৰক হ’ল উন্নত প্ৰযুক্তিবিদ্যা  ।  উন্নত মানৰ প্ৰযুক্তিবিদ্যাই বহুতো সময় , শক্তি আৰু বিনিয়োগ ৰাহি কৰে  ।

(গ) নিম্ন উৎপাদন ব্যয় :-  আন্তৰ্জাতিক বিগমবোৰ ভাৰতবৰ্ষত বিনিয়োগ কৰিলে নিম্ন উৎপাদন ব্যয়ৰ বাবে অপর্যাপ্ত পৰিমাণে লাভৱান হয়  । আন্তৰ্জাতিক অংশীদাৰজনে সেয়ে ঘৰুৱা দেশৰ প্ৰচলিত দামতকৈ কম খৰচতে প্ৰয়োজনীয় মান আৰু বিৱৰণ দ্ৰব্য পায় । 

(ঘ) নতুন বজাৰ তথা বিতৰণ নেটৱৰ্কত প্ৰৱেশ :- অন্য দেশৰ অংশীদাৰ এজনৰ লগত যৌথ উদ্যোগত প্ৰৱেশ কৰিলে ব্যৱহায়টোত বৰ্ধিত বৃহৎ বজাৰ এখন পায় । যিবোৰ দ্ৰব্যই ঘৰুৱা বজাৰত স্থবিৰতা বিন্দু পায় – সেইবোৰ দ্ৰব্য নতুন বজাৰ সহজতে বিক্ৰী কৰিব পাৰি  ।

(ঙ) প্ৰতিষ্ঠিত সুনামৰ সুবিধা :- ব্যৱসায় দুটাই যেতিয়া যৌথ উদ্যোগত প্ৰৱেশ কৰে তেনে পৰিস্থিতিত এটা পক্ষই আনটো পক্ষৰ প্ৰতিষ্ঠিত সুনামৰ যোগেদি বজাৰত লাভৱান হোৱা দেখা যায়  ।

2 thoughts on “Class 11 Business Chapter 3 ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top