Class 11 Business Chapter 10 আভ্যন্তৰীণ বেহা-বেপাৰ

Class 11 Business Chapter 10 আভ্যন্তৰীণ বেহা-বেপাৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board Class 11 Business Chapter 10 আভ্যন্তৰীণ বেহা-বেপাৰ and select needs one.

Class 11 Business Chapter 10 আভ্যন্তৰীণ বেহা-বেপাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Business Chapter 10 আভ্যন্তৰীণ বেহা-বেপাৰ Solutions for All Subject, You can practice these here.

আভ্যন্তৰীণ বেহা-বেপাৰ

Chapter : 10

দ্বিতীয় খণ্ড

চমু উত্তৰৰ প্ৰশ্নৱালী

১। আভ্যন্তৰীণ বেহা – বেপাৰ মানে কি  ? 

উত্তৰ :- এখন দেশৰ ভিতৰতে পণ্য সামগ্ৰী আৰু সেৱাৰ লেন – দেন  বা হস্তান্তৰ সংঘটিত হ’লে – ইয়াক আভ্যন্তৰীণ  বেহা – বেপাৰ বোলা হয় । দেশৰ চাৰিসীমাৰ ভিতৰতে লেন – দেন সীমিত থাকে বাবে ইয়াক দেশীয় বাণিজ্য বুলিও কোৱা হয় । 

২। আভ্যন্তৰীণ বেহা – বেপাৰ কেই প্ৰকাৰৰ আৰু কি কি  ?

উত্তৰ :- আভ্যন্তৰীণ বেহা – বেপাৰ দুই প্ৰকাৰৰ । যেনে  –

(ক) পাইকাৰী  ব্যৱসায় , 

(খ) খুচুৰা ব্যৱসায় 

৩।আভ্যন্তৰীণ বেহা বেপাৰৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা । 

উত্তৰ :- আভ্যন্তৰীণ বেহা বেপাৰৰ বৈশিষ্ট্য সমূহ হ’ল – 

(ক) পণ্য আৰু সেৱাৰ ক্ৰয় বিক্ৰয় দেশৰ ভিতৰত সম্পন্ন হয় ।

(খ) পণ্য আৰু সেৱাৰ বাবে পৰিশোধ দেশীয় মুদ্ৰাৰ দ্বাৰা কৰা হয় । 

(গ) পণ্য বস্তুৰ হস্তান্তৰৰ ক্ষেত্ৰত সাধাৰণতে কোনো বাধা নাথাকে ।

(ঘ) যিকোনো বিষয়ত বিবাদৰ সৃষ্টি হল দেশৰ আইন প্ৰয়োগ কৰা হয় । 

৪।পাইকাৰী বিক্রেতা মানে কি বুজা   ?

উত্তৰ :- উত্পাদনকাৰীৰ পৰা পণ্য সামগ্ৰী বৃহৎ পৰিমানে ক্ৰয় কৰি বিভিন্ন স্থানৰ খুচুৰা বিক্রেতা সকললৈ তুলনামূলকভাৱে সেই বোৰৰ কম মাত্ৰাত যোগান ধৰা মধ্যস্থকাৰীক পাইকাৰী বিক্রেতা বোলা হয় । পণ্য সামগ্ৰী বিতৰণ ব্যৱস্থাত পাইকাৰী বিক্রেতা সকল হৈছে উত্পাদনকাৰী আৰু খুচুৰা বিক্রেতা সকলৰ মাজত গুৰুত্বপূৰ্ণ যুগসূত্ৰ ।

৫।পাইকাৰী বিক্রেতাৰ কাৰ্যাৱলী বৰ্ণনা কৰা । 

উত্তৰ :- পাইকাৰী বিক্রেতাৰ কাম কাজ সমূহ হ’ল – 

(ক) ক্ৰয় আৰু সংলগনকৰণ :- পাইকাৰী ব্যৱসায়ী সকলে দূৰ দুৰনিত অৱস্থিত উত্পাদনকাৰীৰ পৰা পণ্য সামগ্ৰী ক্ৰয় আৰু সংগ্ৰহ কৰি সেইবোৰ নিৰ্দিষ্ট স্থানত বিশেষকৈ তেওঁলোকৰ গুদামত গোট খুৱায় ।

(খ) মজুত কৰণ,মান ,তালিটোপোলা কৰণ :- বিভিন্ন ঠাইৰ সংগৃহীত পণ্য সামগ্ৰী পাইকাৰী বিক্রেতাসকল সংগ্ৰহ কৰি তেওঁলোকৰ গুদামত জমা কৰে আৰু খুচুৰা বিক্রেতালৈ সেইবোৰ যোগান ধৰে ।এনেদৰে মজুত কৰোতে পণ্য ৰ গুণগত মান অনুসৰি ভাগ ভাগ কৰা হয় আৰু নিৰপদে সেইবোৰ সংৰক্ষণ কৰিবলৈ উপযুক্ত ভাবে টালি টোপোলা বান্ধে ।

(গ) বিত্তৰ যোগান :- পাইকাৰী ব্যৱসায়ীয়ে উত্পাদনকাৰী আৰু খুচুৰা বিক্রেতা উভয়তে বিত্তীয় দিশৰ সহায় আগবঢ়ায় । তেওঁলোকৰ ফৰমাচ অনুসৰি উৎপাদন কৰাৰ আৱশ্যকতাত কোনো কোনো উত্পাদনকাৰীলৈ আগতীয়া কৈ বিত্ত যোগান ধৰে । সেইদৰে খুচুৰা বিক্রেতাই।সেইদৰে খুচুৰা বিক্রেতাৰ ভাণ্ডাৰত বিভিন্ন সামগ্ৰীৰ মজুত কৰাৰ প্ৰয়োজনত বিভিন্ন পাইকাৰী বিক্রেতাই বাকীত ক্ৰয়ৰ সুবিধা আগবঢ়ায় ।

(ঘ) পৰিবহনৰ সুবিধা আগবঢ়ায় :- উৎপাদনকাৰীৰ পৰা পাইকাৰী ব্যৱসায়ীৰ গুদামলৈ আৰু গুদামৰ পৰা খুচুৰা বিক্রেতাৰ ভাণ্ডাৰলৈ পণ্য সামগ্ৰী কঢ়িওৱাত  পাইকাৰী ব্যৱহায়ীয়ে সুবিধা আগবঢ়ায় । 

(ঙ) বজাৰ তথ্যৰ বিনিময় :- পাইকাৰী ব্যৱসায়ীয়ে এহাতে উৎপাদনকাৰী আৰু আনহাতে খুচুৰা বিক্রেতাৰ মাজত বজাৰ তথ্য অৰ্থাৎ কোনো উৎপাদনৰ নতুনত্ব, ভোক্তাৰ ৰুচিৰ পৰিবৰ্তন,বিকল্পৰ দ্ৰব্য সৰবৰাহ,দৰ পৰিৱৰ্তন আদি বিষয়ক তথ্য বিনিময় কৰে । 

(চ) বিপদ বহন :- পাইকাৰী বিক্রেতা সকলৰ অধিক মাত্ৰাৰ ক্ৰয় আৰু মজুত কৰা ,মান অনুসৰি ভাগ বিভাগ কৰা,চিহ্নিত কৰা,নিৰ্দিষ্ট জোখ আৰু আকাৰত তালিটোপোলা বন্ধা আদি কাৰ্যত অধিক বিপদ জড়িত হয় । এইবোৰৰ অৱনতি,চুৰি ডকাইতি আদিৰো বিপদ বহন কৰিব লগাত পৰে । 

(ছ) বিজ্ঞাপন :- উৎপাদন কৰাৰ পণ্য সম্পৰ্কে  ভোক্তাক অৱগত কৰাত তেওঁলোকৰ লগতে পাইকাৰী বিক্রেতায়ো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে  । 

(জ) দৰ  নিৰূপন আৰু উত্থান পতন নিয়ন্ত্ৰণ :- পাইকাৰী বিক্রেতা সকলেই মূলত : পণ্য সামগ্ৰীৰ দৰ নিৰূপন কৰে । ইয়াৰোপৰি ভৱিষ্যত দৰৰ উত্থান পতনতো এওঁলোকৰ নিয়ন্ত্ৰণ থাকে ।বজাৰ দৰ কম হৈ গলে পণ্যৰ গোপন ভাণ্ডাৰৰ ব্যৱস্থাৰে দৰ বৃদ্ধি কৰে আৰু উৰ্ধগামী হলে সেইবোৰ মুকলি কৰিবলৈ লয় ।অৰ্থাৎ পণ্যৰ দৰৰ উত্থান পতন পাইকাৰী বিক্রেতা সকলৰ গুৰুত্বপূৰ্ণ ভূমিকা পৰিলক্ষিত হয় । 

৬।পাইকাৰী ব্যৱসায়ীয়ে  উৎপাদন আৰু খুচুৰা ব্যৱসায়ীৰ প্ৰতি আগবঢ়োৱা সেৱা ব্যাখ্যা কৰা । 

উত্তৰ :- পাইকাৰী ব্যৱসায়ীৰ উৎপাদকৰ  প্ৰতি সেৱা : 

(ক) ক্রেতাৰ আচৰণ সম্পৰ্কে তথ্য যোগান ধৰা :- পাইকাৰী বিক্রেতাই খুচুৰা বিক্রেতাৰ যোগেদি গ্ৰাহকৰ আচৰণ অৰ্থাৎ তেওঁলোকৰ ৰুচি , পছন্দ,বেশভূষণ আদিৰ পৰিৱৰ্তনৰ বিষয়ে তথ্য সংগ্ৰহ কৰি এইবোৰ উৎপাদন কাৰীক জানিবলৈ দিয়ে  । 

(খ) বিক্ৰী সমস্যাৰ পৰা ৰেহাই দিয়া :-পাইকাৰী বিক্রেতাৰ বৃহৎ ক্রয়ৰ   ফলত উৎপাদন কাৰীয়ে উৎপাদিত সামগ্ৰী বিক্রীত সমস্যাৰ সন্মুখীন হব লগা নহয়  । 

(গ) বৃহৎ উৎপাদনত সহায় কৰা :-পাইকাৰী বিক্রেতাৰ বৃহৎপৰিমাণৰ ক্ৰয়ে উত্পাদনকাৰীৰ বৃহৎ উৎপাদনত সহায় কৰে । 

(ঘ) বিত্তীয় সাহাৰ্য্য আগবঢ়োৱা :- অগ্ৰীম ফৰমাচৰ বাবে অগ্ৰীম নগদ ধন আদায় দিয়া  , দীৰ্ঘম্যাদী সহজ ঋণ যোগান ধৰা আদিৰো পাইকাৰী বিক্রেতাই উৎপাদন কাৰীক বিত্তীয় সাহাৰ্য আগবঢ়ায় ।

(ঙ) মজুত কৰণৰ পৰা ৰেহাই :- পাইকাৰী বিক্রেতাৰ অগ্ৰীম ফৰমাচৰ  বাবে উৎপাদনকাৰীৰ পণ্য মজুতৰ সমস্যা নাথাকে ।সাধাৰণতে পাইকাৰী বিক্রেতা সকলেহে মজুত কৰন আৰু ইয়াৰ লগত  জড়িত আনুসংগিক সকলো কাৰ্য সম্পাদন কৰাত উৎপাদন কাৰীয়ে এনেবোৰ কাৰ্যৰ পৰা ৰেহাই পায় ।

(চ) বজাৰ বিপদৰ পৰা মুক্ত কৰা : উৎপাদনকাৰীৰ পণ্য সামগ্ৰী মজুত কৰণ আৰু বিক্ৰয় জড়িত সমস্যা পাইকাৰী বিক্রেতা সকলে মূৰ পাতি লোৱা বাবে বজাৰ বিপদৰ পৰা মুক্ত হৈ পৰে । 

খুচুৰা ব্যৱসায়ীৰ প্ৰতিসেৱা    :

(ক) অধিক মজুতৰ পৰা ৰেহাই :- আৱশ্যক মাত্ৰেই পাইকাৰী বিক্রেতাৰ পৰা পণ্য ক্রয়ৰ সুবিধা লাভ কৰাৰ বাবে খুচুৰা বিক্রেতাই অধিক পৰিমাণৰ পণ্য মজুত কৰিব নালাগে । 

(খ) বিত্তীয় সাহাৰ্য্য :- পাইকাৰী ব্যৱসায়ী সকলে খুচুৰা বিক্রেতালৈ বাকীত পণ্য সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা প্ৰদানেৰে পৰোক্ষভাৱে তেওঁলোকলৈ বিত্তীয় সাহাৰ্য্য আগবঢ়ায় ।  

(গ) পণ্য সম্পৰ্কে তথ্য যোগান :-পাইকাৰী ব্যৱসায়ী সকলে উৎপাদিত সামগ্ৰীৰ গুণগত কাৰিকৰীক সুবিধা , ধৰণ , দৰদাম আদি তথ্যৰ বিষয়ে খুচুৰা বিক্রেতাক যোগান ধৰি তেওঁলোকৰ বিক্ৰী কাৰ্য সফল কৰাত সহায় কৰে । 

(ঘ) সহজ প্ৰাপ্তি :- উত্পাদনকাৰীৰ পৰা ফৰমাচ দি ক্ৰয় কৰাতকৈ পাইকাৰী ব্যৱসায়ী ৰ পৰা অতি সহজতে প্ৰয়োজনীয় সা – সুবিধাৰে খুচুৰা বিক্রেতাসকলে পণ্য ক্ৰয় কৰিব পাৰে । 

(ঙ) খৰতকীয়া পণ্যৰ যোগান :- পাইকাৰী বিক্রেতাৰ উন্নত পৰিবহণৰ সুবিধা, অধিক  মূলধন , পন্যাগাৰত মজুত সুবিধাৰে সংগৃহীত পণ্য সামগ্ৰী খুচুৰা বিক্রেতাৰ প্ৰয়োজন অনুসৰি খৰটকীয়া যোগান ধৰিব পাৰে । 

(চ) নতুন উৎপাদনৰ তথ্য যোগান :- পাইকাৰী বিক্রেতাই খুচুৰা বিক্রেতালৈ ভ্ৰাম্যমাণ বিক্রেতা , প্ৰতিনিধি আদিৰ জৰিয়তে নতুনকৈ উৎপাদিত সামগ্ৰীৰ বিতং তথ্যৰ যোগান ধৰে । 

৭।পাইকাৰী ব্যৱসায়ীয়ে ভোক্তা আৰু সমাজৰ প্ৰতি কেনেদৰে সেৱা আগবঢ়ায়  ?

উত্তৰ :- পাইকাৰী ব্যৱসায়ী য়ে ভোক্তা আৰু সমাজৰ প্ৰতি তলত দিয়া ধৰণে সেৱা আগবঢ়ায় । 

(ক) পণ্য ৰ সৰবৰাহ ঘটোৱা :- ভোক্তাৰ ৰুচি , পছন্দ চাহিদা অনুসৰি উপযুক্ত সময় আৰু স্থানত পণ্য যোগান ধৰি অভাৱ দূৰ কৰে । গ্ৰাহক বা ভোক্তাৰ আচৰণ আদিৰ তথ্য সংগ্ৰহ কৰি এওঁলোকে সেইমতে পণ্যৰ সৰবৰাহ ঘটায় । 

(খ) সদৃশ মূল্যৰ মান ৰক্ষা কৰা :- পাইকাৰী বিক্রেতা সকলে উপযুক্ত মজুত  আৰু বিতৰনেৰে বিভিন্ন ঠাইৰ বজাৰত পণ্যৰ সদৃশ মূল্য নিৰ্ধাৰণ কৰি ভোক্তা সমাজক সেৱা কৰে । 

(গ) দৰ সুস্থিৰকৰণ কৰা :- চাহিদা আৰু যোগান ৰ মাজত উপযুক্ত ভাৰসাম্য ৰক্ষাৰ দৰ সুস্থিৰ কৰে । ইয়াৰ ফলত দৰৰ  উত্থান পতনৰ দ্বাৰা উদ্ভৱ হব পৰা অসন্তষ্টি আঁতৰ হয় । 

(ঘ) বৃহৎ উৎপাদনৰ মিতব্যয়ীতা অর্জন :- উৎপাদন কাৰীৰ পৰা এওঁলোকে বৃহৎ ক্ৰয় কৰি নিজাববীয়াকৈ মজুত আৰু বিক্ৰীৰ ব্যৱস্থা কৰে বাবে উৎপাদনকৰি সকলৰ বৃহৎ উৎপাদন সম্ভৱ হয় ।  উৎপাদনৰ মাত্ৰা বৃহৎ হোৱাৰ ফলত ব্যয় কমি যায় ফলত মিতব্যয়ীতা অর্জন সম্ভৱ হয়। 

(ঙ) বজাৰ গৱেষণাৰ ফলাফল দিয়া :- পাইকাৰী বিক্রেতাই চলোৱা বজাৰ গৱেষণাৰ ভিত্তিত উৎপাদন বিতৰণ কাৰ্যকৰী হয়  । গবেষণাৰ ফলস্বৰূপে ভোক্তাৰ পছন্দ অনুসৰি উপযুক্ত দৰত পণ্য লাভ সহজ হয়  ।  

(চ) উন্নত মানৰ উৎপাদন দিয়া : বিক্ৰী আৰু বিতৰণৰ ক্ষেত্ৰত উৎপাদন কাৰী সকলক পাইকাৰী বিক্রেতা সকলে সুনিশ্চয়ত কৰা বাবে উৎপাদন কাৰী সকলে গৱেষণা আদিৰে উন্নত উৎপাদনৰ প্ৰতি মনোনিবেশ কৰিব পাৰে । ইয়াৰ ফলস্বৰূপে পণ্য সামগ্ৰীৰ গুণগত মান উন্নীত হৈ ভোক্তা উপকৃত হয় ।

৮।মজুত কৰণৰ সুবিধা প্ৰদান কৰি পাইকাৰী বিক্রেতা সকলে কি উদ্দেশ্য সাধন কৰে   ?

উত্তৰ :- উত্পাদনকাৰী সকলে পণ্য দ্ৰব্য উৎপাদন কৰাৰ লগে লগে পাইকাৰী ব্যৱসায়ী সকলে সেইবোৰ সংগ্ৰহ কৰি  আনুষংগিক কামকাজৰ পৰা ৰেহাই দিয়ে । ইয়াৰোপৰি মজুতকৰণৰ দায়িত্ব বহন কৰি পাইকাৰী ব্যৱসায়ীয়ে খুচুৰা বিক্রেতা সকলকো সকাহ দিয়ে ।  কিয়নো পাইকাৰী ব্যৱসায়ীয়ে পণ্য মজুত কৰি ৰখাৰ ফলত খুচুৰা ব্যৱসায়ীয়ে  বৃহৎ পৰিমাণৰ পণ্য ক্ৰয় কৰি মজুতকৰণৰ অযথা দায়িত্ব বহন কৰিব লগা নহয় । সেইদৰে পণ্য মজুতকৰণ কৰি পাইকাৰী ব্যৱসায়ী য়ে গ্ৰাহকক দৰৰ সুস্থিৰতাৰ নিশ্চিতি প্ৰদান কৰে । 

৯।বৃহৎ মাত্ৰাৰ মিতব্যয়ীতা লাভ কৰাৰ ক্ষেত্ৰত কিদৰে পাইকাৰী ব্যৱসায়ীয়ে উত্পাদনকাৰীক সহায় কৰে । 

উত্তৰ :- পাইকাৰী বিক্রেতাই বৃহৎ সংখ্যক খুচুৰা বিক্রেতাৰ পৰা অগ্ৰীম ফৰমাচ সংগ্ৰহ কৰি সেইবোৰৰ বিষয়ে উৎপাদনকাৰী সকলক জানিবলৈ দিয়ে আৰু তেওঁলোকৰ পৰা বেছি মাত্ৰাত পণ্য সামগ্ৰী ক্ৰয় কৰি উৎপাদন কাৰীক বৃহৎ  পৰিমাণৰ উৎপাদনত সহায় কৰে । বৃহৎ উৎপাদনে আকৌ উত্পাদনকাৰীৰ কেঁচামাল আৰু ইন্ধন ক্ৰয় আৰু পৰিবহন পৰিচালনা আদি দিশত মিতব্যয়ীতা আনে ।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডব্যৱসায়ৰ বুনিয়াদ
Chapter 1ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য ।
Chapter 2ব্যৱসায় সংগঠনৰ প্ৰকাৰ ।
Chapter 3ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ ।
Chapter 4ব্যৱসায় সেৱা ।
Chapter 5ব্যৱসায়ৰ নতুন নতুন ধৰণ ।
Chapter 6ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ ।
দ্বিতীয় খণ্ডকোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ
Chapter 7কোম্পানীৰ গঠন ।
Chapter 8ব্যৱসায় বিত্তৰ উৎসসমূহ ।
Chapter 9ক্ষুদ্ৰ ব্যৱসায় ।
Chapter 10আভ্যন্তৰীণ বেহা–বেপাৰ ।
Chapter 11আন্তৰ্জাতিক ব্যৱসায় – ১

১০।খুচুৰা বিক্রেতা কি  ?

উত্তৰ :- খুচুৰা বিক্রেতা বা খুচুৰা ব্যৱসায়ী হৈছে এজন ব্যক্তি বা প্ৰতিষ্ঠান যিয়ে পাইকাৰী ব্যৱসায়ীৰ পৰা সৰহ পৰিমানে পণ্য সংগ্ৰহ কৰি কম কমকৈ বিভিন্ন গ্ৰাহকক বিক্ৰীকৰে তাকে খুচুৰা বিক্রেতা বোলে । আভ্যন্তৰীণ বেহাবেপাৰৰ বিতৰণ প্ৰণালীত উত্পাদনকাৰীৰ পৰা আৰু পাইকাৰী ব্যৱসায়ীৰ পৰা গ্ৰাহকলৈ বিত্ৰণকাৰী হিচাপে খুচুৰা বিক্রেতাৰ স্থান শেষ স্তৰত ।

১১।খুচুৰা বিক্রেতাৰ বৈশিষ্ট্য সমূহ কি কি  ?

উত্তৰ :- খুচুৰা বিক্রেতাৰ বৈশিষ্ট্য সমূহ হ’ল   –   

(ক) পাইকাৰী ব্যৱসায়ী বা উত্পাদনকাৰীৰ অভিকতা আৰু সৰ্বশেষ ভোক্তাৰ মাজত খুচুৰা বিক্রেতা সকল যুগসূত্ৰ স্বৰূপ আৰু পণ্য বিতৰণ প্ৰণালীত শেষ স্তৰত মধ্যস্থতাকাৰীৰ ।    

(খ) পাইকাৰী ব্যৱসায়ীৰ পৰা অধিক পৰিমাণত পণ্য ক্ৰয় কৰি কম কমকৈ গ্ৰাহকৰ প্ৰয়োজন মতে বিক্ৰী কৰে ।

(গ) ভোক্তা ৰ প্ৰয়োজনীয় সামগ্ৰী খুচুৰা বিক্রেতাৰ ভাণ্ডাৰ চকুত লগাকৈ সজাই থোৱা হয় ।যাতে ভোক্তা সকলক সহজতে আকৰ্ষিত কৰিব পাৰে  । 

(ঘ) খুচুৰা বিক্রেতা সকলে গ্ৰাহকৰ লগত ব্যক্তিগত সম্পৰ্ক স্থাপন কৰে । 

(ঙ) খুচুৰা বিক্রেতা সকলে সেৱাৰ মনোবৃত্তিৰে সীমিত অঞ্চলৰ ভোক্তাক সৰ্বাধিক সন্তুষ্টি প্ৰদান কৰিবলৈ চেষ্টা কৰে ।  

(চ) খুচুৰা বিক্রেতাই ব্যক্তিগত বাবে পৰিচিত গ্ৰাহকলৈ বাকী পদ্ধতিতো পণ্য যোগান ধৰে । 

দীঘলীয়া উত্তৰৰ প্ৰশ্নৱালী

১।খুচুৰা বিক্রেতাৰ কাৰ্যৱলী ব্যাখ্যা কৰা ।

উত্তৰ :- খুচুৰা বিক্রেতাৰ কাৰ্যাৱলী সমূহ হ’ল  –  

(ক) ক্ৰয় আৰু সংলগকৰণ :- ভোক্তাৰ চাহিদা পূৰণ কৰিবলৈ খুচুৰা বিক্রেতাই বিভিন্ন দ্ৰব্যৰ মজুত ৰাখিব লাগে ।এনে মজুতৰ বাবে ভিন ভিন উৎস বা উৎপাদন কাৰীৰ পৰা পণ্য ক্ৰয় কৰে আৰু তেওঁৰ ভাণ্ডাৰত জমা কৰে ।

(খ) মজুতকৰণ :- বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি গোট খুওৱা পণ্য সামগ্ৰী তৎক্ষণাত গ্ৰাহকৰ দ্বাৰা ক্ৰয় কৰা নহয় ।গতিকে পণ্য সামগ্ৰী মজুতকৰণ খুচুৰা বিক্রেতাৰ দৰকাৰী কাৰ্য হৈ উঠে ।মজুতকৰণত পণ্য সমূহৰ গুণগত মান অক্ষুন্ন ৰখাৰ যত্ন লয় আৰু পণ্য বিশেষৰ মজুত ৰাখি ভোক্তাৰ চাহিদা পুৰণত গুৰুত্ব দিয়ে । 

(গ) বিক্ৰী :- খুচুৰা বিক্রেতাই যিবোৰ সামগ্ৰী ক্ৰয় কৰে সেইবোৰ গ্ৰাহকলৈ বিক্ৰী কৰাই হ’ল  মূল  উদ্দেশ্য । ইয়াৰ বাবে খৰতকীয়া বিক্ৰীৰ উদ্দেশ্যে উপযুক্ত পদ্ধতি অৱলম্বন কৰে ।

(ঘ) বিপদ গ্ৰহণ :- চাহিদাৰ আশাৰে খুচুৰা বিক্রেতাৰ মজুতকৰণ কাৰ্যত কিছুমান আনুষংগিক দায়িত্বৰ সৃষ্টি হয় ।এই দায়িত্ব খুচুৰা বিক্রেতাই বহন কৰে । 

(ঙ) বাছনি আৰু তালিটোপোলা কৰণ :- যিবিলাক পণ্য মানদণ্ড অনুসৰি পাইকাৰী বিক্রেতাই বাছনি নকৰে তেনে পণ্য সামগ্ৰী খুচুৰা বিক্রেতাই বাছনি কৰি সেইবোৰ ভাগ ভাগ কৰে আৰু তালিটোপোলা কৰণ ব্যৱস্থা কৰে । 

(চ) বিত্তায়ন :- পাইকাৰী বিক্রেতাই আগধন সহ ফৰমাচ দিয়া কাৰ্যকে এহাতে পাইকাৰী বিক্রেতাক আৰু আনহাতে বাকীত পণ্য বিক্ৰীৰ গ্ৰাহকলৈ পণ্য যোগান ধৰি খুচুৰা বিক্রেতা সকলে বিত্তীয় সাহাৰ্য আগবঢ়ায় । 

(ছ) বজাৰ তথ্যৰ যোগান :- খুচুৰা ব্যৱসায়ী সকলে পাইকাৰী ব্যৱসায়ী অথবা উৎপাদন কাৰী সকললৈ আৰু ভোক্তা সকললৈ দৰকাৰী বজাৰ তথ্যৰ যোগান ধৰে । 

(জ) বিজ্ঞাপন আৰু প্ৰচাৰ :- পণ্য বিতৰণৰ পাইকাৰী বিক্রেতা সকলে ব্যয় বহুল বিজ্ঞাপন প্ৰচাৰ কৰাৰ বিপৰীতে খুচুৰা বিক্রেতা সকলে পণ্য প্ৰদৰ্শনৰ জৰিয়তে বিজ্ঞাপন আৰু প্ৰচাৰ কাৰ্য সম্পাদন কৰে ।

২।বিভিন্ন প্ৰকাৰৰ খুচুৰা বিক্রেতাসমূহ কি কি  ?

উত্তৰ :- খুচুৰা ব্যৱসায়িক মূলত দুই ভাগত ভগাব পাৰি । যেনে ভ্ৰাম্যমাণ বা ঘূৰি ফুৰা খুচুৰা দোকান আৰু স্থিৰ খুচুৰা দোকান ।   ভ্ৰাম্যমাণ খুচুৰা দোকানৰ অন্তৰ্গত ব্যৱস্থা সমূহ হৈছে হকাৰ দাঁতিৰ বিক্রেতা । স্থিৰ খুচুৰা দোকানক আকৌ দুই ধৰণে ভাগ কৰা হৈছে ।  যেনে ক্ষুদ্ৰ আকাৰৰ বিক্রেতাৰ ভিতৰত ৰাস্তাৰ কাষত খুচুৰা দোকান বা বিক্ৰী সংগঠন ।ক্ষুদ্ৰ আকাৰৰ খুচুৰা বিক্রেতাৰ ভিতৰত ৰাষ্ট্ৰঃ কাষৰ দোকান , সাধাৰণ দোকান , বিশেষ সামগ্ৰীৰ দোকান , পূৰনা বস্তুৰ দোকান ইত্যাদি । বৃহৎ আকাৰৰ খুচুৰা দোকানৰ ভিতৰত বিভাগীয় ভাণ্ডাৰ, বহু শাখা যুক্ত দোকান,ডাকযোগে কৰা ব্যৱসায়,গ্ৰাহক সমবায় ভাণ্ডাৰ , চুপাৰ বজাৰ ইত্যাদি ।

৩।উৎপাদন কাৰী আৰু পাইকাৰী বিক্রেতাৰ প্ৰতি খুচুৰা ব্যৱসায়ে কেনেদৰে আগবঢ়ায়  ?

উত্তৰ :- উত্পাদনকাৰী আৰু পাইকাৰী বিক্রেতাৰ প্ৰতি খুচুৰা বিক্রেতাসকলে আগবঢ়োৱা গুৰুত্বপূৰ্ণ সেৱা সমূহ হ’ল  –  

(ক) পণ্য দ্ৰব্য বিতৰণৰ সহায় :- খুচুৰা বিক্রেতাৰ সেৱাৰ ফলত বিক্ৰী  বিষয়ক দায়িত্বৰ পৰা উৎপাদনকাৰী সকল মুক্ত হোৱাত আৰু বিতৰণ কাৰ্যত পাইকাৰী বিক্রেতাসকল নিশ্চিত হোৱাৰ উৎপাদন আৰু বৃহৎ বিতৰণ সুবিধা জনক হয় ।  

(খ) ব্যক্তিগত বিক্ৰী :- বেছিভাগ উপভোক্তাৰ সামগ্ৰী বিক্ৰী ক্ষেত্ৰত ব্যক্তিগত বিক্ৰী প্ৰচেষ্টা অতি প্ৰয়োজনীয় ।এই ব্যক্তিগত বিক্ৰী প্ৰচেষ্টা অব্যাহত ৰাখি খুচুৰা বিক্রেতা সকলে উৎপাদন কাৰী সকলক এই বিষয়ৰ চিন্তাৰ পৰা ৰেহাই দি বিক্ৰী কাৰ্য সম্পাদন কৰাত সহায় কৰে ।

(গ) বৃহৎ কাম কাজৰ প্ৰতি সমৰ্থ হোৱাৰ সুবিধা :- খুচুৰা বিক্রেতা সকলৰ Sইয়াৰ বাবেই উৎপাদন কাৰী আৰু পাইকাৰী বিক্রেতাসকল ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু ব্যাপক বিক্ৰীৰ পৰা ৰেহাই পায় ।ইয়াৰ ফলত খুচুৰা বিক্ৰীৰ জটিল কাৰ্যৰ পৰা মুক্ত হৈ উৎপাদন কাৰী আৰু পাইকাৰী বিক্রেতা সকলে নিজৰ নিজৰ নিৰ্দিষ্ট কাম কাজত  মনোনিবেশ কৰি পাৰদৰ্শিতা লাভ কৰিব পাৰে । 

(ঘ) বিক্ৰী উত্তীৰ্ণকৰণ :- খুচুৰা  বিক্রেতাই গ্ৰাহকলৈ প্ৰত্যক্ষ বিক্ৰী কাৰ্যৰে উৎপাদন কাৰী আৰু পাইকাৰী বিক্রেতাৰ পণ্য সামগ্ৰী বিক্ৰী বৃদ্ধি কৰে । বিভিন্ন ঠাইত খুচুৰা বিক্রেতাৰ সামগ্ৰিক ভূমিকাত এনেদৰে উত্পাদনকাৰীৰ পণ্য বিক্ৰী উত্তীৰ্ণ হয়  । 

(ঙ) বজাৰৰ তথ্য সংগ্ৰহ কৰণ :- গ্ৰাহকৰ লগত প্ৰত্যক্ষ সংস্পৰ্শলৈ তেওঁলোকৰ ৰুচি,অভিৰুচি,ৰীতি নীতি,পছন্দৰ অগ্ৰাধিকাৰ আদিৰ তথ্য সংগ্ৰহ কৰি সেইবোৰ আগতীয়াকৈ উত্পাদনকাৰী আৰু পাইকাৰী বিক্রেতাক যোগান ধৰি খুচুৰা বিক্রেতা সকলে বিশেষ সহায় আগবঢ়ায়  । 

৪।ভোক্তাৰ প্ৰতি খুচুৰা বিক্রেতাই আগবঢ়োৱা সেৱা ব্যাখ্যা কৰা ।  

উত্তৰ :- খুচুৰা বিক্রেতাই ভোক্তাৰ প্ৰতি আগবঢ়োৱা সেৱা সমূহ হ’ল  –  

(ক) বাছনিৰ সুবিধা :- খুচুৰা বিক্রেতাৰ ভাণ্ডাৰত বিভিন্ন প্ৰকাৰৰ আৰু গুণৰ বয় বস্তু মজুত ৰাখি ভোক্তাৰ পছন্দ মতে বাছনি কৰিবলৈ দিয়ে  ।  

(খ) ক্ৰয়ৰ সুবিধা :- খুচুৰা বিক্রেতা অবিহনে ভোক্তাই আৱশ্যকীয় সামগ্ৰী লাভ কৰিব নোৱাৰে ।পণ্য  বিতৰণ ব্যৱস্থাত গ্ৰাহক দৈনন্দিন প্ৰয়োজন সামগ্ৰী ওচৰতে ক্ৰয় কৰাত খুচুৰা বিক্রেতাইহে সুবিধা আগবঢ়ায় ।

(গ) শেহতীয়া দ্ৰব্যৰ তথ্য যোগান :- উৎপাদন কাৰীয়ে কি কি নতুন দ্ৰব্য শেহতীয়া কৈ বজাৰত উলিয়াইছে সেইবোৰৰ ব্যৱসায়িক সুবিধা কেনেধৰণৰ , ভোক্তাৰ মিতব্যয়ীতা কেনেদৰে বৃদ্ধি কৰে ইত্যাদি দিশ খুচুৰা বিক্রেতা সকলে জানিবলৈ দিয়ে । 

(ঘ) বিক্ৰীৰ পিছত সেৱা :- কাৰিকৰী ব্যৱহাৰত বিভিন্ন পণ্য , যেনে বৈদ্যুতিক সা –  সৰঞ্জাম , ৰান্ধনী ঘৰৰ সামগ্ৰী , চিলাই মেচিন , কাপোৰ ধোঁৱা মেচিন আদিৰ ক্ষেত্ৰত খুচুৰা বিক্রেতাই বিক্ৰীৰ পিছত আৱশ্যকীয় সেৱা আগবঢ়ায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top