Class 11 Business Chapter 4 ব্যৱসায়িক সেৱা

Class 11 Business Chapter 4 ব্যৱসায়িক সেৱা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Business Chapter 4 ব্যৱসায়িক সেৱা and select needs one.

Class 11 Business Chapter 4 ব্যৱসায়িক সেৱা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Business Chapter 4 ব্যৱসায়িক সেৱা Solutions for All Subject, You can practice these here.

ব্যৱসায়িক সেৱা

Chapter : 4

বহুমুখী পছন্দৰ প্ৰশ্নৱালী

১। DTH : সেৱা প্ৰদান কৰা হয় ।

(ক)   পৰিবহণ কোম্পানী  

(খ)    বেংক

(গ)     চেলুলাৰ কোম্পানী 

(ঘ)    কোনোটোৱে নহয় ।

উত্তৰ :- (ঘ)   কোনোটোৱে নহয়  ।

২। ৰাজহুৱা পন্যাগাৰৰ সুবিধা উপলব্ধ 

(ক)   নিয়ন্ত্ৰণ 

(খ)   পৰিৱৰ্তনশীল 

(গ)   যুগানকাৰীৰ সম্পৰ্কিত 

(ঘ)   কোনোটোৱে নহয়  ।

উত্তৰ :-  (গ)  যোগানকাৰীৰৰ সম্পৰ্কিত ।

৩। তলৰ কোনটো বীমাৰ কাৰ্য নহয় ?

(ক)  বিপদসম্ভবনাৰ বিতৰণ 

(খ)   মূলধন গঠন সহায়ক 

(গ)   পুঁজি ধাৰে দিয়া 

(ঘ) কোনোটোৱে নহয় 

উত্তৰ :-  (গ) পুঁজি ধাৰে দিয়া । 

৪। তলৰ কোনটো জীৱন বীমাৰ ক্ষেত্ৰত প্ৰযুজ্য নহয়  ?

(ক)   চতুৰ্থ চুক্তি 

(খ)   একপক্ষীয় চুক্তি 

(গ)   ক্ষতিপূৰণৰ চুক্তি 

(ঘ)   কোনোটোৱে নহয় ।

উত্তৰ :- (গ)  কোনোটোৱে নহয় ।

৫। CWC য়ে বুজায় –

(ক)কেন্দ্ৰীয় জল আয়োগ 

(খ)   কেন্দ্ৰীয় পন্যাগাৰ আয়োগ 

(গ)   কেন্দ্ৰীয় পন্যাগাৰ নিগম 

(ঘ)   কেন্দ্ৰীয় জল নিগম  ।

উত্তৰ :- (গ)  কেন্দ্ৰীয় পন্যাগাৰ নিগম  ।

চমু উত্তৰৰ প্ৰশ্নৱালী :

১। প্ৰশ্ন :  সেৱা আৰু বস্তুৰ সংজ্ঞা দিয়া ।

উত্তৰ :- সেৱা  : সেৱা এনেকুৱা এবিধ বস্তু যাৰ স্থিতি সহজে অনুভূত নহয় অথচ ই এনে এটা বস্তু দিওঁতা আৰু গ্ৰহণ কৰোতাৰ মাজত এটা ক্ৰিয়াৰ উপলব্ধি হয় । উদাহৰণ স্বৰূপে ক’ব পাৰি যে ডাঙৰ এগৰাকীৰ পৰা উপদেশ গ্ৰহণ কৰিব পাৰি কিন্তু তেওঁক ক্ৰয় কৰিব নোৱাৰি  ।

বস্তু :- সাধাৰণতে “বস্তু” বুলি কওঁতে সকলো ৰকমৰ অবয়ব ধাৰণ কৰা বস্তুকে বুজায় কিন্তু ব্যৱসায়ত ব্যৱহৃত সেৱাক নুবুজায় । বস্তুৰ এটা অবয়ব থাকে যাক কিনতাক দিব পাৰি আৰু তাৰ মালিকত্ব উৎপাদকে বা বিলোতাই কিনোতাক অৰ্পণ কৰিব পাৰে  । 

২। ই বেংকিং কি ? ইয়াৰ সুবিধা সমূহ উল্লেখ কৰা  ।

উত্তৰ :- ইলেকট্ৰনিক প্ৰযুক্তি বিদ্যাই বাণিজ্যত প্ৰৱেশ হোৱাৰ লগে লগে বেংকিং কাৰ্যতো ইয়াৰ প্ৰয়োগ অনিবাৰ্য হৈ পৰে বেংকিং ব্যৱসায়ত ইলেকট্ৰনিক তথ্যৰ যোগাযোগ প্ৰযুক্তি বিদ্যাৰ প্ৰয়োজনৰ ফলত  ই বেংকিং আৰম্ভ হৈছে । এই ব্যৱস্থাৰ অধীনত মানুহে নগদ ধন বা চেকৰ পৰিবৰ্তে ধন জমা ব্যক্তিগত যমকাৰীয়ে সুদ লাভ কৰাৰ উদ্দেশ্যে স্থায়ী আৰু সঞ্জয় হিচাপত জমা ৰাখে কিন্তু ব্যৱসায়ী য়ে দৈনন্দিন একাধিক ধন লেন দেনত বেংকৰ সুবিধা লাভ কৰিবলৈ চলিত হিচাপত হে ধন জমা ৰাখে  । আৰু সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত ইলেকট্ৰনিক সংকেতৰ সহায়ত লেন – দেন সম্পন্ন কৰিব পাৰে । প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ কাৰণে ইলেকট্ৰনিক যোগে ট্ৰেন্সফাৰ (EFT ) পুঁজিৰ স্থানান্তৰ অতি শীঘ্ৰে সম্পন্ন হৈছে ।  এ , টি ,এম ব্যবস্থাৰ ফলত ইয়াৰ কাৰ্ডৰ ধাৰকে কোনো বেংকৰ এই ব্যৱস্থা থকা যিকোনো ঠাইত আৰু যিকোনো সময়ত জমাৰ টকা উলিয়াই ল’ব পৰা হৈছে । ই বেংকিংৰ প্ৰচলনৰ ফলত সুবিধাজনক ভাবে অতি শীঘ্ৰে ইচ্ছানুযায়ী বেংক সেৱাৰ আদান প্ৰদান হৈছে । আনহাতে ই বেংকিং হৈছে ইলেকট্ৰনিক ইণ্টাৰনেট বেংকিং । ইণ্টাৰনেট ব্যৱস্থা অবিহনে ই সম্ভৱ নহয় ।

সুবিধা সমূহ :- 

(i) ই বেংকিঙে বেংকৰ গ্ৰাহক সকলৰ ২৪ ঘণ্টাই সেৱা আগবঢ়ায় ।

(ii) গ্ৰহকসকলে অনুমতি প্ৰাপ্ত আদান প্ৰদান কিছুমান অফিচৰ পৰা,ঘৰৰ পৰা অথবা মবাইল ফোনৰ জৰিয়তে ভ্ৰমণ কৰি থকা সময়তো ই বেংকিংৰ সেৱা গ্ৰহণ কৰিব পাৰে ।

(iii) প্ৰতিটো আদান প্ৰদান লিপিবদ্ধ কৰিব পৰা বাবে এইটোৱে অৰ্থনীতিক ক্ষেত্ৰ শৃংখলাৰ অনুপ্ৰেৰণা প্ৰদান কৰে  ।

(iv) শাখা সমূহৰ বাধ্য বাধকতাৰ বিপৰীতে ই বেংকতে অসীম সুবিধা প্ৰদান কৰি গ্ৰাহক সকলক বেছি সুবিধা প্ৰদান কৰাৰ লগতে গ্ৰাহক সকলে নগদ ধন লৈ যাব লগা হোৱাৰ কাৰণে থকা সম্ভাব্য বিপদৰ পৰা নিৰাপত্তা লাভ কৰে । বেংকেও ই বেংকিংৰ জড়িয়তেN নিজৰ লাভ বঢ়াব পাৰে ।

৩।প্ৰশ্ন : ব্যৱসায়ৰ সহায়ক বিভিন্ন প্ৰকাৰৰ টেলিক’ম সেৱাসমূহৰ এটি চমুটোকা লিখা ।

উত্তৰ :- বিভিন্ন ধৰণৰ টেলিকম সেৱা সমূহ হ’ল –

(i) চেলুলাৰ ম’বাইল সেৱা :- এই সেৱাবোৰ সকলো ধৰণৰ গতিশীল সেৱাৰ অন্তৰ্ভুক্ত এইবোৰৰ কিছুমানত মাত কথা শুনিব পৰা বিধৰ আৰু কিছুমানত সংকেত গ্ৰাহ্যহে । এই সেৱাৰ অন্তৰ্গত হৈছে পি,চি,ও । ইয়াৰোপৰি এই তথ্য সেয়াই অইন ধৰণৰ ডাকসেৱাৰ লগতে সংযোগ স্থাপনৰ ব্যৱস্থা কৰে  ।

(ii) ৰেডিঅ’ পেজিং সেৱা :- যেতিয়া কোনো এজন ব্যক্তি চলমান হৈ থাকে তেতিয়াও সেই ব্যক্তিজনলৈ এই সেৱাৰ জৰিয়তে কম খৰচতে খা- খবৰ পঠিয়াব পৰা যায় । এই ব্যৱস্থাটো অমুলীয়া খবৰ পঠোৱাৰ ব্যৱস্থা  । ইয়াৰ প্ৰথাৰ অতীব বিস্তৃত । এই সেৱা কেৱল শব্দৰ দ্বাৰাও উপলব্ধ । 

(iii) স্থিৰ ৰৈখিক সেৱা :- দূৰ – দূৰণিৰ লগত সংযোগ স্থাপনৰ উদ্দেশ্যে স্থিৰভাৱে বহুওৱা ৰেখাৰ দ্বাৰা সেৱা আগবঢ়োৱা হয় । ই কথা বতৰা পাতিব পৰা সুবিধাও প্ৰদান বা সংকেতৰ দ্বাৰাও দূৰ সংযোগ ব্যৱস্থা কৰে ।

(IV) পানীৰ মাজেৰে পঠোৱা তাঁৰ সেৱা :- এই সেৱাৰ জৰিয়তে পানীৰ তলেৰে প্ৰেৰণ কৰিব পৰা যায় । অনুমতি প্ৰাপ্ত এলেকাৰ ভিতৰত স্থাপিত এই সেৱা এফালৰ পৰাহে ইয়াৰ সেৱা উপলব্ধ হয় । এনে ধৰণৰ ‘কেৱল সেৱা’মান স্থিৰ সেৱাৰ দৰে । 

(v) VSAT (very small apertune terminal)  অতি ক্ষুদ্ৰ শেষমুৰিৱা সেৱা :- এইটো এটা উপগ্ৰহৰ ভিত্তিত কৰা যোগাযোগ সেৱা  । গাঁৱলীয়া আৰু নগৰীয়া অঞ্চলত চৰকাৰৰ এজেন্সি আৰু ব্যৱসায়িক প্ৰতিষ্ঠানক নমনীয় অথচ বিশ্বাসযোগ্য যোগাযোগ ব্যৱস্থা প্ৰদান কৰে । ভূমি যোগাযোগ ব্যৱস্থাৰ তুলনাত এইবিধ সেৱাই নিৰ্ভৰযোগ্য আৰু বাধাহীন সেৱা আগবঢ়ায় । এইবিধ সেৱাই অ’নলাইন বাতৰি কাকত , বজাৰৰ হাৰ আৰু দূৰ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত দেশৰ আভ্যন্তৰীণ ক্ষেত্ৰ সমূহতো সেৱা আগবঢ়ায় ।

(vi) DTH ঘৰলৈ প্ৰত্যক্ষ সেৱা :- চেলুলাৰ কোম্পানীয়ে উপগ্ৰহৰ জৰিয়তে সংবাদ সেৱা আদি আগবঢ়ায় । উপগ্ৰহৰ জৰিয়তে সংবাদ সেৱা লাভ কৰিব পাৰে । এই সেৱা প্ৰদান কৰোতে বহুতো সূত্ৰৰ জৰিয়তে সেৱা আগবঢ়ায় ।

৪। উপযুক্ত উদাহৰণৰ সহায়েৰে বীমাৰ নীতিসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা   ।

উত্তৰ :- বৈধ বীমাচুক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নীতিবোৰ তলত চমুকৈ উল্লেখ কৰা হ’ল – 

(ক) অতিশয় বিশ্বাস :- বীমা চুক্তিটোৰ প্ৰতি ইঞ্চুৰৰ অৰ্থাৎ বীমা কাৰোতাজন আৰু ইঞ্চুৰাৰ অৰ্থাৎ যাৰ ওচৰত বীমা কৰা হয় দুয়োজনৰ মাজত ইজনে সিজনৰ প্ৰতি অতিশয় বিশ্বাস দেখুৱাব লাগিব  ।

(খ) বীমাযোগ্য স্বাৰ্থ :- বীমাকৰ্তাই বীমা কৰিব বিচাৰিলে সংশ্লিষ্ট সম্পত্তি যেনে  – ঘৰ , জাহাজ ,যন্ত্ৰপাতি আদিও আৰ্থিক স্বাৰ্থ থাকিব লাগিব  ।

(গ) ক্ষতিপূৰণ :- বীমাগ্ৰহন কাৰীয়ে বীমাকৃত সা – সম্পত্তিৰ বিপৰীতে হোৱা ক্ষতিপূৰণ বীমা কৰোঁতা গৰাকীক দিয়ে । ক্ষতিপূৰণ দিব লগা হ’লে ধনৰ হিচাপত দিয়া হয় । জীৱন বীমাৰ ক্ষেত্ৰৰ ক্ষতিপূৰণ স্বৰ্ত্ত নকৰে  । 

(ঘ) অতিশয় :- বীমা কৰা ব্যক্তিজনৰ এইটো এটা কৰ্তব্য যে তেওঁ বীমা কৰা সম্পত্তিৰ যিমান দূৰ পৰা যায় লোকচানৰ মাত্ৰা কমোৱাৰ বাবে সম্ভৱপৰ ব্যবস্থা লব লাগে ।

৫। প্ৰশ্ন : পন্যাগাৰ আৰু ইয়াৰ কাৰ্যসমূহৰ বৰ্ণনা কৰা  । অথবা 

পন্যাগাৰ সেৱাসমূহ বহলাই আলোচনা কৰা ।

উত্তৰ :- আদিতে পন্যাগাৰ মানে বিজ্ঞানসন্মত ভাবে আৰু পৰিপাতিভাৱে বস্তুৰ প্ৰকৃত গুণ আৰু উপকাৰিতা অটুত ৰখা এবিধ স্থায়ী ইউনিট হিচাপে ভবা হৈছিল ।

আজিকালিৰ পন্যাগাৰ মানে সাধাৰণ ভঁৰাল হিচাপে পৰিগণিত হৈছে আৰু প্ৰকৃততে কাৰ্যক্ষম পদ্ধতিৰে খৰচৰ বিনিময়ত ৰখা বস্তুৰ ভঁৰাল হৈছে  ।

পন্যাগাৰৰ কাৰ্যসমূহ সাধাৰণতে তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি –

(ক) একগোটকৰণ :- পন্যাগাৰৰ এই কামত বিভিন্ন উদ্যোগীকৰণ ঠাইৰ পৰা অহা বস্তু বাহানিবোৰ একগোট কৰি লগ লগাই এখন বাহনৰ দ্বাৰা একেজন গ্ৰাহকলৈ প্ৰেৰণ কৰা হয় । 

(খ) বিচ্ছেদকৰণ প্ৰক্ৰিয়া :- এটা নিৰ্দিষ্ট উদ্যোগত উৎপাদিত সমগ্ৰীবোৰ ভাগ ভাগ কৰি বিভিন্ন গ্ৰাহকলৈ একেটা পন্যাগাৰৰ পৰা প্ৰেৰণ কৰা হয়  ।

(গ) মজুতকৰণ  পন্যাগাৰ :- পন্যাগাৰৰ দ্বিতীয় পৰ্যায়ৰ কাম হ’ল বতৰ অনুযায়ী বস্তু মজুত ৰাখি ব্যৱসায় বাচি লোৱা গ্ৰাহকৰ প্ৰয়োজন অনুসৰি সেইবোৰ বস্তু ব্যৱসায়ী বোৰক চাহিদা অনুযায়ী যোগান ধৰা হয়  ।

(ঘ) মূল্যাংকন সেৱা :- পন্যাগাৰবোৰৰ দ্বাৰা এনে কিছুমান কাম কৰা হয় যিবোৰ কামৰ সেৱাৰ বাবে বস্তুবোৰৰ মূল্যৰ লগত সংযোজিত হৈ থাকে । যেনে বস্তু স্থানান্তৰ মূল্য বস্তু মিহলি কৰা কামৰ মূল্য , বস্তু পিকিং কৰা মূল্য আদি ।

(ঙ) মূল্য সুস্থিৰতা :- বস্তুৰ প্ৰয়োজন আৰু ব্যৱস্থা অনুযায়ী পন্যাগাৰ বোৰ বস্তুৰ যোগান ঠিক ৰাখি বস্তুবোৰৰ দাম নিৰূপন কৰে  ।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডব্যৱসায়ৰ বুনিয়াদ
Chapter 1ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য ।
Chapter 2ব্যৱসায় সংগঠনৰ প্ৰকাৰ ।
Chapter 3ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ ।
Chapter 4ব্যৱসায় সেৱা ।
Chapter 5ব্যৱসায়ৰ নতুন নতুন ধৰণ ।
Chapter 6ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ ।
দ্বিতীয় খণ্ডকোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ
Chapter 7কোম্পানীৰ গঠন ।
Chapter 8ব্যৱসায় বিত্তৰ উৎসসমূহ ।
Chapter 9ক্ষুদ্ৰ ব্যৱসায় ।
Chapter 10আভ্যন্তৰীণ বেহা–বেপাৰ ।
Chapter 11আন্তৰ্জাতিক ব্যৱসায় – ১

দীঘলীয়া উত্তৰৰ প্ৰশ্নৱালী :

১। প্ৰশ্ন : সেৱা কি ?  ইয়াৰ বৈশিষ্ট্য সমূহ ব্যাখ্যা কৰা ।

উত্তৰ :- সেৱা এনেকুৱা এবিধ বস্তু যাৰ স্থিতি সহজে অনুভূত নহয়  অথচ ই এনে এটা বস্তু দিওঁতা আৰু গ্ৰহণ কৰোতাৰ মাজত এটা ক্ৰিয়াৰ উপলব্ধি হয় । উদাহৰণ স্বৰূপে ক’ব পাৰি যে ডাঙৰ এগৰাকীৰ পৰা উপদেশ গ্ৰহণ কৰিব পাৰি কিন্তু তেওঁক ক্ৰয় কৰিব নোৱাৰি ।

সেৱাৰ মূলত পাঁচটা বৈশিষ্ট্য আছে । এই পাঁচটা বৈশিষ্ট্যক সাধাৰণতে five is of services বুলি কোৱা হয় ।

(i) অপস্পশনীয়তা (intangilibility) :- সেৱা স্পর্শ কৰি চাব নোৱাৰি । ইয়াক কেৱল উপলব্ধি কৰিব পাৰি । সেৱাৰ অপস্পনীয়তাৰ বাবে ইয়াৰ গুণগত মান সেৱাৰ গ্ৰহণৰ আগেয়ে নিৰ্ণয় কৰিব নোৱাৰী  ।

(ii) স্থায়িত্বহীনতা (Inconsistency) :- সেৱাৰ দ্বিতীয় বৈশিষ্ট্য হৈছে একে ধৰণৰ ধাৰাবাহিক স্থায়িত্বহীনতা । যিহেতু সেৱাৰ স্পৰ্শৰ দ্বাৰা অনুভূত কৰিব পৰা ধৰাবন্ধা কোনো নিৰ্দিষ্ট মান নাই , সেয়ে প্ৰতিবাৰতে সেৱাৰ পৰিবৰ্তন হয় । 

(iii) অভিন্ন (Inseparability ) :- সেৱা সমূহৰ আন এটা প্ৰধান বৈশিষ্ট্য হৈছে যে সেৱা উৎপাদন আৰু গ্ৰহণ একেলগে সম্পন্ন কৰিব লগা হয় । এই বৈশিষ্ট্যই উৎপাদক  আৰু গ্ৰহনীয়তাৰ যেন অভিন্ন কৰি তোলে । উদাহৰণস্বৰূপে এখন মটৰ গাড়ী তৈয়াৰ কৰাৰ এমাহ পিচত বিক্ৰী কৰিব পাৰি । সেৱাৰ ক্ষেত্ৰত কিন্তু এই নিয়মটো প্ৰযোজ্য নহয় । কিয়নো  ” সেৱাৰ “উৎপাদনৰ লগে লগে ইয়াৰ বিতৰণ আৰু গ্ৰহণ কাৰ্য সম্পন্ন হ’ব লাগিছে  ।

(iv) অমূহৰ পুণ্যতা (Instorbility ) :- সেৱাৰ স্পৰ্শ কৰিব নোৱাৰা কোনো উপাদান নথকা হেতুকে ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে ইয়াক সাঁচি থ’ব নোৱাৰি । যেতিয়া সেৱা গ্ৰাহকে বিচাৰে তেতিয়াই সেৱা যোগানকাৰীয়ে তৎক্ষণিকভাৱে যোগান ধৰিব পাৰে । ‘সেৱাক আগতীয়াকৈ গ্ৰহণ কৰি পিছত ব্যৱহাৰ কৰিবলৈ থ’ব নোৱাৰি ।

(v) সম্বন্ধতা (Involvement) :- সেৱাৰ এটি আৱশ্যকীয় বৈচিত্ৰ্য হৈছে যে সেৱা দানৰ ক্ষেত্ৰত গ্ৰহীতাই পুৰামাত্ৰাই সহযোগিতা আগবঢ়াব । সেৱা গ্ৰহীতাই তেওঁৰ আৱশ্যক অনুযায়ী যেনেকৈ বিচাৰে তেনে ধৰণে সেৱা লাভ কৰিব পাৰে ।

২।প্ৰশ্ন : বাণিজ্যিক বেংকৰ কাৰ্যৱলী ব্যাখ্যা কৰা ।

উত্তৰ :- বাণিজ্যিক বেংকৰ কাৰ্যাৱলী সমূহ হৈছে :- 

(ক) জমা গ্ৰহণ :- বেংকৰ প্ৰাথমিক কাৰ্যাৱলীৰ ভিতৰত অন্যতম হৈছে জনসাধাৰণৰ পৰা জমা গ্ৰহণ কৰা । বিভিন্ন লোকে বিভিন্ন উদ্দেশ্যত তেওঁলোকৰ ব্যৱহাৰৰ অতিৰিক্ত ধন বেংকত জমা ৰাখে । এওঁলোকৰ কোনোৱে নিৰাপদ তত্বাৱধানৰ উদ্দেশ্য কোনোৱে সুদ লাভৰ উদ্দেশ্যে আন কোনোৱে আকৌ সঞ্চয়ৰ অভ্যাস গঠনৰ উদ্দেশ্যে বেংকত ধন জমা ৰাখে । স্থায়ী জমা , সঞ্চয় জমা আৰু চলিত এই তিনিটা হিচাপত বেংকে ধন জমা ৰাখিবলৈ জনসাধাৰণক সুবিধা দিয়ে । আনহাতে ব্যৱসায় প্ৰতিষ্ঠানে বেংকৰ বিভিন্ন সেৱা , যেনে অধিবিকৰ্ষ , হ্ৰস্বম্যাদী ঋণ লাভ, বিলৰ বাট্টাকৰণ, পাওনা আদায় আৰু দেনা পৰিশোধৰ সুবিধা লাভ কৰিবলৈ ধন জমা ৰাখে । ব্যক্তিগত জমকাৰীয়ে সূদ লাভ কৰাৰ উদ্দেশ্যে স্থায়ী আৰু সঞ্চয় হিচাপত জমা ৰাখে কিন্তু ব্যৱহায়িয়ে দৈনন্দিন একাধিক ধন লেন দেনত বেংকৰ সুবিধা লাভ কৰিবলৈ চলিত হিচাপতহে ধন জমা ৰাখে ।

(iii) ঋণ আৰু আগধন প্ৰদান :- বেংকৰ প্ৰাথমিক আৰু মৌলিক কাৰ্যৰ ভিতৰত ঋণ আৰু আগধন মঞ্জুৰো উল্লেখ যোগ্য । এই কাৰ্য হৈছে বেংকৰ লাভ অর্জনৰ উদ্দেশ্যেৰে কাৰ্য । গ্ৰাহকৰ দাবী মাত্ৰকে পৰিশোধ কৰিব পৰা ধনৰ পৰিমান মজুত ৰাখি বাকী পৰিমাণ ঘাইকৈ ব্যৱসায় প্ৰতিষ্ঠানলৈ ঋণ আৰু আগধন হিচাপে আগবঢ়ায় । জমাৰ বিপৰীতে ঋণ আৰু আগধন মঞ্জুৰীৰ পৰিমানে বেংকৰ বিত্তীয় বা ব্যৱসায়িক সামৰ্থ নিৰ্ণয় কৰে । এই ক্ষেত্ৰত বেংকে জনসাধাৰণৰ পৰা সঞ্চয় সংগ্ৰহ কৰা আৰু বেংক উদ্যোগ প্ৰতিষ্ঠানলৈ বিত্ত যোগান ধৰাও মধ্যস্থকাৰীৰ ভূমিকা পালন কৰে । বেংকে ঋণ আৰু আগধন প্ৰদান কৰাৰ পদ্ধতি সমূহ হৈছে ঋণ , নগদ ঋণ ,অধিবিকৰ্ষ আৰু বিলৰ বাট্টাকৰণ ।

(iii) চেক প্ৰদান সুবিধা :- আইন বেংকলৈ দিয়া চেক গ্ৰহণ কৰি গ্ৰাহকক বিশেষ সুবিধা প্ৰদান কৰে । চেক হৈছে ঋণৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা অতি উন্নত ব্যৱস্থা  । জমা ধন মোকলাবৰ কাৰণে সুবিধাজনক আৰু খৰছহীন ব্যৱস্থাটোৱেই হৈছে চেক  । চেক প্ৰধানত দুই প্ৰকাৰৰ যেনে –

(ক) গ্ৰহীতাই তাৎক্ষণিক ভাৱে বেংক কাউণ্টাৰৰ পৰা টকা উলিয়াব পৰা বিধৰ বাহক চেক  বুলি কোৱা হয় ।

(খ) আনবিধক ক্ৰচ চেক বোলা হয় যি চেকৰ ধন কেৱল মাত্ৰ গ্ৰহীতাৰ হিচাপত জমা হয় ।

(iv) দূৰলৈ ধন পঠোৱাৰ ব্যৱস্থা :- বেংকৰ শাখা বোৰৰ মাজত পাৰস্পৰিক সংযোগ থকা কাৰণে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ধন সৰবৰাহ কৰে বাণিজ্যিক বেংকসমূহৰ এটা লেখত ল’বলগীয়া বিশেষত্ব । বেংক ড্ৰাফট্, পে অৰ্ডাৰ , মেইন ট্ৰেন্সফাৰ আদিৰ জৰিয়তে সামান্য মাচুলৰ বিনিময়ত বাণিজ্যিক বেংকে এই ধন পঠোৱাৰ কাৰ্য সম্পন্ন কৰে । অইন ঠাইত থকা নিজৰ শাখালৈ নাইবা সেই ঠাইতে থকা আন বেংকলৈ ড্ৰাফট্ দিয়ে ।  গ্ৰহীতাই ড্ৰাফট্ আদায় পাবলগীয়া বেংকত জমা দি ধন সংগ্ৰহ কৰিব পাৰে  ।

(v) সহযোগী :- বাণিজ্যিক বেংকে অন্যান্য কিছুমান সহযোগী কাৰ্য সম্পাদন কৰে । আদায় , লকাৰৰ সুবিধা , অন্যান্য সেৱাৰ বিষয়তো সুবিধা আগবঢ়ায় । ইয়াৰোপৰি অংশ পত্ৰ কিনা – বেচা আৰু অন্যান্য ঋণ পত্ৰ জাতীয় কাজৰ নিৰ্দেশনা যায়ী সৰবৰাহৰ সেৱা আগবঢ়ায় ।  আকৌ ঋণৰ কিস্তি ধন আদায় দিয়া  , লভ্যশংক সংগ্ৰহ কৰা আদিৰ কামো নিৰ্দেশানুযায়ী পালন কৰে ।

৩। প্ৰশ্ন : ভাৰতীয় ডাক বিভাগে আগবঢ়োৱা বিভিন্ন সুবিধা সমূহ বহলাই আলোচনা কৰা ।

উত্তৰ :- ডাকঘৰে আগবঢ়োৱা ডাকসেৱা সমূহ হ’লে – 

(ক) চিঠিপত্ৰ :- ডাকসেৱা পোষ্ট কাৰ্ড , অন্তদেশীয় পত্ৰ আৰু লেফাফাৰ জৰিয়তে চিঠি পত্ৰ কঢ়িওৱা হয় । অন্তদেশীয় পত্ৰ আৰু লেফাফাৰ গোপনিয়তা ৰক্ষা কৰে । অন্তদেশীয় পত্ৰৰ লগত কোনো সহপত্ৰ গাঁঠি দিব নোৱাৰি ।

(খ) বুকপোষ্ট :- বুকপোষ্ট হৈছে কোনো ধৰণৰ ছপা কাগজ পত্ৰ যেনে আলোচনী ,বাতৰি কাকত , নিদিবা জাননী , মূল্য তালিকা আদি । চিঠিপত্ৰ সস্তীয়া হাৰত বা সাধাৰণ লেফাফাৰ মূল্যতে ইটাক পঠিয়াব পাৰি । এনে ধৰণৰ বুক পোষ্টৰ লগত সহপত্ৰ পঠাব নোৱাৰি ।

(গ) ৰেচিষ্টাৰ্ড চিঠি :- চিঠিপত্ৰ আৰু বয়বস্তু নিৰাপদে লক্ষ্যস্থানলৈ পঠিওৱাৰ অৰ্থে প্ৰেৰকে সেইবোৰ ৰেজিষ্টাৰ্ড কৰিব পাৰে । ইয়াৰ বাবে অতিৰিক্ত মাচুল আদায় দিব লাগে ইয়াক প্ৰেৰকে প্ৰাপকৰ ঠিকনা স্পষ্টকৈ লিখা হ’ব লাগে   । 

(ঘ) বীমাকৰণ :- চিঠিপত্ৰ বয়বস্তু পাৰ্চেল আদি ৰেজিষ্টাৰ কৰোতে পৰিবহনত সেইবোৰৰ নিৰাপত্তাৰ উদ্দেশ্যে বীমা কৰা হয় । টেংক নোট, সোণৰূপ আৰু আন মূল্যবান ধাতু আদি ডাক যোগে প্ৰেৰণ কৰিবলৈ বীমা কৰা অপৰিহাৰ্য্য  ।

(ঙ) ডাকযোগে মূল্যৰ পৰিশোধৰ পাছলৈ  (VPP) :- ডাকযোগে বিশেষ বিশেষ পণ্যৰ মূল্য আদায় কৰি ব্যৱসায়ীসকলৰ দূৰ দূৰণিৰ ভোক্তালৈ সেইবোৰ বিক্ৰী কৰা সেৱা আগবঢ়ায় । কিছুমান  ব্যৱসায়ী য়ে বিজ্ঞাপন প্ৰচাৰ কৰি গ্ৰাহকৰ পৰা ফৰমাচ আহ্বান কৰে আৰু গ্ৰহকে তেনে বিজ্ঞাপনৰ ভিত্তি তে ফৰমাচ প্ৰেৰণ কৰি পণ্য লাভ কৰে । এই কাৰ্যত পণ্য প্ৰেৰক বা ব্যৱসায়ীয়েডাকযোগে নিৰ্দিষ্ট প্ৰ – পত্ৰ প্ৰাপকৰ নাম ঠিকনাৰ লগতে তেওঁৰ পৰা আদায় কৰিব লগা মূল্যৰ উল্লেখ কৰে । সেইমৰ্মে ডাকঘৰে প্ৰাপকৰ পৰা নিৰ্দ্ধাৰিত মূল্য লাভ কৰাৰ পিছতহে পণ্য বিতৰণ কৰে ।

(চ) ডাক বাকচ বা ডাকবেগ :- ডাকযোগে ইয়াৰ চৌহদতে ডাকবাকচ আৰু ডাকবেগ ভাৰালৈ দিয়ে । সাধাৰণতে বহুসংখ্যক চিঠি পত্ৰ আদায় প্ৰদানৰ  ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠানে এনে ধৰণৰ বাকচ ভৰা লৈ লোৱাৰ সুবিধা গ্ৰহণ কৰে  ।  এনেদৰে ভাৰাৰ বন্দবস্তৰ সময়ৰ নিৰ্দ্ধাৰিত আগধনৰ উপৰি বাৰ্ষিক ভৰা পৰিশোধ কৰা হয়  ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top