Class 11 Business Chapter 8 ব্যৱসায় বিত্তৰ উৎসসমূহ

Class 11 Business Chapter 8 ব্যৱসায় বিত্তৰ উৎসসমূহ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Business Chapter 8 ব্যৱসায় বিত্তৰ উৎসসমূহ and select needs one.

Class 11 Business Chapter 8 ব্যৱসায় বিত্তৰ উৎসসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Business Chapter 8 ব্যৱসায় বিত্তৰ উৎসসমূহ Solutions for All Subject, You can practice these here.

ব্যৱসায় বিত্তৰ উৎসসমূহ

Chapter : 8

দ্বিতীয় খণ্ড

বহুমুখী পছন্দৰ প্ৰশ্নৱালী

১।সাধাৰণ অংশ ধাৰকক কোৱা হয়  –

(ক) কোম্পানীৰ মালিক 

(খ) কোম্পানীৰ অংশীদাৰ 

(গ) কোম্পানীৰ কাৰ্যবাহী 

(ঘ) কোম্পানীৰ অভিভাৱক 

উত্তৰ :- (ক) কোম্পানীৰ মালিক ।

২। পৰিবৰ্তনীয় শব্দৰ অৰ্থ ব্যৱহাৰ হ’ল –

(ক) অগ্ৰাধিকাৰ অংশ 

(খ) বাণিজ্যিক পত্ৰ 

(গ) সাধাৰণ অংশ 

(ঘ) ৰাজহুৱা জমা 

উত্তৰ :- (ক) অগ্ৰাধিকাৰ অংশ । 

৩।চলিত সম্পত্তি ক্ৰয় কৰাৰ বাবে প্ৰয়োজনীয় পুঁজিৰ এটা উদাহৰণ হ’ল – 

(ক) স্থায়ী সম্পত্তিৰ আৱশ্যক 

(খ) লাভৰ পুনৰ বিনিয়োগ 

(গ) কাৰ্যবাহী মূলধন 

(ঘ) লিজস্বত্বৰ বিত্ত 

উত্তৰ :- (গ) কাৰ্যবাহী মূলধন ।

৪।ADR  বিলি কৰা হয়  

(ক) কানাডাত 

(খ) চীনত 

(গ) ভাৰতও 

(ঘ) আমেৰিকাত 

উত্তৰ :- (ঘ) আমেৰিকাত  ।

৫। ৰাজহুৱা জমা হ’ল প্ৰত্যক্ষভাৱে ঋণ সংগ্ৰহৰ জমা নিধি 

(ক) জনসাধাৰণৰ পৰা 

(খ) সঞ্চালক পৰিষদৰ পৰা 

(গ) হিচাপ পৰীক্ষকৰ পৰা 

(ঘ) মালিকৰ পৰা 

উত্তৰ :- (ক)  জনসাধাৰণৰ পৰা ।

৬।লিজ চুক্তিৰ ভিতৰত মহলদাৰে লাভ কৰা অধিকাৰ হ’ল – 

(ক) পট্টাদেৰে লাভকৰা আয়ত ভাগলোৱা 

(খ) সংগঠনৰ ব্যৱস্থাপনাত অংশ গ্ৰহণ 

(গ) নিৰ্দিষ্ট সময়ৰ বাবে সম্পত্তিৰ ব্যৱহাৰ 

(ঘ) সম্পত্তি বিক্ৰয়ৰ অধিকাৰ  

উত্তৰ :- (গ) নিৰ্দিষ্ট সময়ৰ বাবে সম্পত্তিৰ অধিকাৰ  ।

৭।ঋণ পত্ৰই প্ৰতিনিধিত্ব কৰে  –  

(ক) কোম্পানীৰ স্থায়ী মূলধনক 

(খ) কোম্পানীৰ ঋণগত মূলধনত 

(গ) কোম্পানীৰ প্ৰবাহমান মূলধনক 

(ঘ) কোনোটোৱে নহয় । 

উত্তৰ :- (খ) কোম্পানীৰ ঋণগত মূলধনক ।

৮।গোমোস্তা  বন্দবস্তৰ অধীনত গমস্তাই  – 

(ক) পণ্যৰ বা সেৱাৰ উৎপাদন আৰু বিতৰণ কৰে 

(খ) মক্কেলৰ হৈ ধন আদায় দিয়ে 

(গ) মক্কেলৰ হৈ প্ৰাপ্যধন আদায় কৰে 

(ঘ) এখন ঠাইৰ পৰা এখন ঠাইলৈ পণ্যৰ হস্তান্তৰ কৰে  

উত্তৰ :- (গ) মক্কেলৰ হৈ প্ৰাপ্যধন আদায় কৰে । 

৯।বাণিজ্যিক পত্ৰৰ ম্যাদৰ সময়  – 

(ক) ২০ ৰ পৰা ৪০ দিনলৈ 

(খ) ৬০ ৰ পৰা ৯০ দিনলৈ 

(গ) ১২০ ৰ পৰা ৩৬৫ দিনলৈ 

(ঘ) ৯০ ৰ পৰা  ৩৬৪ দিনলৈ 

উত্তৰ :- (ঘ ) ৯০ দিনৰ পৰা ৩৬৮৪ দিনলৈ ।

১০।মূলধনৰ আভ্যন্তৰীণ উৎসবোৰৰ ভিতৰত   – 

(ক ) বাহিৰৰ পৰা বিশেষকৈ যোগানকাৰীৰ পৰা উৎপত্তি হয়  

(খ) বাণিজ্যিক বেংকৰ ঋণৰ পৰা উৎপত্তি হয়  

(গ) অংশ বিলিৰ পৰা উৎপত্তি হয়  

(ঘ) ব্যৱসায়ৰ ভিতৰৰ পৰা উৎপত্তি হয় 

উত্তৰ :- (ঘ) ব্যৱসায়ৰ ভিতৰৰ পৰা উৎপত্তি হয় । 

চমু  উত্তৰৰ প্ৰশ্নৱালী :  

১।ব্যৱসায়িক বিত্ত কি  ?  ব্যৱসায়ত কিয় বিত্তৰ প্রয়োজন হয় ব্যাখ্যা কৰা ।

উত্তৰ :- ব্যৱসায়ত বিভিন্ন কাৰ্য চলাই নিবলৈ যি ধনৰ আৱশ্যক হয় তাকে  ব্যৱসায় বিত্ত বোলা হয় । ই প্ৰতিষ্ঠানৰ পুঁজিৰ সংগ্ৰহ , পুঁজিৰ ব্যৱহাৰ আৰু লাভ বিতৰনৰ লগত জড়িত এটা পদ্ধতি বা প্ৰক্ৰিয়া।  

ব্যৱসায়ত বিত্তৰ প্ৰয়োজন অপৰিহাৰ্য্য । কিয়নো উপযুক্ত পৰিমাণৰ বিত্ত অবিহনে ব্যৱসায় প্ৰতিষ্ঠান এটা বিকাশ বা সম্প্ৰসাৰণ কৰা দূৰৰ কথা প্ৰতিষ্ঠানটো তিষ্ঠিয়ে থাকিব নোৱাৰে । সেয়েহে বিত্তক যিকোনো ব্যৱসায়ত চালিকা শক্তি বুলি কোৱা হয় । ব্যৱসায়ত বিত্তৰ প্ৰয়োজনীয়তা বহল ভিত্তিত মূলক দুটা বিষয়ৰ কাৰণে প্ৰয়োজন । যেনে  –

(ক) স্থায়ীমূলধনৰ কাৰণে :- ব্যৱসায় আৰম্ভ কৰিবলৈ কিছুমান স্থায়ী সম্পত্তিৰ ক্ৰয় কৰাৰ প্ৰয়োজন হয়  , সেইবোৰ হৈছে ভূমি  , ভৱন , যন্ত্ৰপাতি ,  আচবাব পত্ৰ ইত্যাদি ।এইবোৰৰ বাবে উদ্যোগক দীৰ্ঘকালীন সময়ৰ বাবে মূলধনৰ প্ৰয়োজন হয় । ব্যৱসায়ৰ প্ৰকৃতি আৰু প্ৰকাৰ ভেদে এই স্থায়ী সম্পত্তিৰ আৱশ্যকতা নিৰ্ভৰ কৰে । অৰ্থাৎ সৰু ব্যৱসায়ীৰ প্ৰতিষ্ঠানৰ বাবে কম মূলধনৰ আৱশ্যক হয় আৰু ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠানৰ বাবে অধিক মূলধনৰ আৱশ্যক হয় । 

(খ) কাৰ্যকৰী মুলধনৰ প্ৰয়োজন :- ডাঙৰ সৰু সকলোবোৰ প্ৰতিষ্ঠানৰ বাবে দৈনন্দিন পৰিচালনাৰ বাবে বিত্তৰ অতি প্ৰয়োজন । ইয়াকে ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰ্যকৰী মূলধন বুলি কোৱা হয় ।এই সম্পত্তিয়ে চলিত মূলধনৰ প্ৰয়োজন  পূৰণ কৰে । ইয়াৰ ভিতৰত পণ্যৰ মজুত কৰণ,প্ৰাপ্য বিল,আৰু দৈনন্দিন ব্যৱহৃত খৰছ যেনে কৰ্মচাৰীৰ দৰমহা , শ্ৰমিকৰ মজুৰি , কৰ আৰু ঘৰ ভাড়া ইত্যাদি । কাৰ্যকৰী মূলধনৰ পৰিমাণ ব্যৱসায়ৰ আকাৰ প্ৰকাৰ আদিৰ ওপৰত নিৰ্ভৰ কৰে ।

২। দীৰ্ঘকালীনত আৰু হ্ৰস্বকালীন বিত্তৰ উৎসৱ এখন তালিকা প্ৰস্তুত কৰা । 

উত্তৰ :- দীৰ্ঘকালীন আৰু হ্ৰস্বকালীন বিত্তৰ উৎস সমূহ হ’ল – 

(ক) সাধাৰণ অংশ পত্ৰ  

(খ) সঞ্চিতলাভ

(গ) অগ্ৰাধিকাৰ অংশ পত্ৰ 

(ঘ) ঋণ পত্ৰ 

(ঙ) বিত্তীয় অনুষ্ঠানৰ ঋণ 

(চ) বেংক ঋণ 

হ্ৰস্বকালীন বিত্তৰ উৎস  : 

(ক) ব্যৱসায়িক ঋণ 

(খ) গোমস্তা বা প্ৰতিনিধি 

(গ) বেংক ঋণ 

(ঘ) বাণিজ্যিক পত্ৰ 

(ঙ) ৰাজহুৱা জমা ইত্যাদি ।

৩।অগ্ৰাধিকাৰীসকলে কি কি অগ্ৰাধিকাৰ ভিত্তিত অধিকাৰ ভোগ কৰে  ?

উত্তৰ :- সাধাৰণ অংশ ধাৰকতকৈ অগ্ৰাধিকাৰ অংশ ধাৰকে মূলত : দুটা অগ্ৰাধিকাৰ ভিত্তিত অধিকাৰ ভোগ কৰে ।

(ক) কোম্পানীৰ সাধাৰণ অংশ ধাৰক লাভ কৰাৰ আগতে প্ৰকৃত লাভৰ ওপৰত স্থায়ী হাৰত লাভাংশ পায় ।

(খ) কোম্পানী অৱসায়নৰ সময়ৰ পাওনাদাৰ  সকলৰ দেনা নিষ্পত্তিৰ পিছনে মূলধন উভতাই পায় । অৰ্থাৎ সাধাৰণ অংশ ধাৰকৰ তুলনাত অংশ ধাৰকে লভ্যশং আৰু মূলধন অগ্ৰাধিকাৰ ভিত্তিত আগধৰি লাভ কৰে ।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডব্যৱসায়ৰ বুনিয়াদ
Chapter 1ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য ।
Chapter 2ব্যৱসায় সংগঠনৰ প্ৰকাৰ ।
Chapter 3ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ ।
Chapter 4ব্যৱসায় সেৱা ।
Chapter 5ব্যৱসায়ৰ নতুন নতুন ধৰণ ।
Chapter 6ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ ।
দ্বিতীয় খণ্ডকোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ
Chapter 7কোম্পানীৰ গঠন ।
Chapter 8ব্যৱসায় বিত্তৰ উৎসসমূহ ।
Chapter 9ক্ষুদ্ৰ ব্যৱসায় ।
Chapter 10আভ্যন্তৰীণ বেহা–বেপাৰ ।
Chapter 11আন্তৰ্জাতিক ব্যৱসায় – ১

৪।তিনিটা বিশেষ বিত্তীয় অনুষ্ঠানৰ নাম লিখা । আৰু সেইবোৰৰ উদ্দেশ্যে ব্যাখ্যা কৰা ।

উত্তৰ :- (ক) ভাৰতীয় উদ্যোগিক বিত্ত নিগম (IFCI) :- স্বাধীন ভাৰতত প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম অনা বেংক বিত্তীয় অনুষ্ঠান হৈছে ভাৰতীয় উদ্যোগিক বিত্ত নিগম । ইয়াক ১৯৪৮ চনৰ প্ৰতিষ্ঠা কৰা হৈছিল । এই নিগমৰ অনুমোদিত মূলধন আছিল ১০ কোটি টকা ।  ১৯৭২ চনত এই চৰকাৰী নিগমৰ অনুমোদিত পুঁজি ২০ কোটিলৈ বৃদ্ধি কৰে । ১৯৯৩ চনত কোম্পানী আইনৰ অধীনত সাধাৰণ কোম্পানীলৈ ইয়াক ৰূপান্তৰ কৰা হয় । বৰ্তমান বিত্ত নিগমৰ মূলধনৰ ৫০% ভাৰতীয় উদ্যোগিক উন্নয়ন বেংকে যোগান ধৰে আৰু বাকী ৫০% মূলধন বাণিজ্যিক বেংক আৰু সমবায়  বেংকে বৰঙণি দিয়ে । উদ্দেশ্য ভাৰতীয় উদ্যোগিক বিত্ত নিগম প্ৰতিষ্ঠানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিখণ্ডৰ উদ্যোগক ম্যাদী ঋণ দিয়া ।পিছত ই সমবায় খণ্ড ,চৰকাৰী খণ্ড আৰু যৌথ খণ্ডৰ উদ্যোগকো মধ্যকালীন আৰু দীৰ্ঘকালীন ঋণ দিয়ে  । নতুন উদ্যোগক প্ৰতিষ্ঠা , পুৰণি উদ্যোগৰ স্প্ৰাসাৰণ ,আধুনিকীকৰণ আদিৰ কাৰণেও ই ম্যাদী ঋণ দিয়ে । 

(খ) ভাৰতীয় উদ্যোগিক বিকাশ বেংক (IDBI):- ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সম্পূৰ্ণ অধীনস্থ অনুষ্ঠান হিচাপে ১৯৬৪ চনত ভাৰতীয় উদ্যোগিক উন্নয়ন বেংক স্থাপন কৰা হয় । এই বেংকবোৰৰ কাম কাজলৈ অধিক স্বতন্ত্ৰতা আৰু নামনীয়তা প্ৰদানৰ বাবে পৰোক্ষভাৱে উদ্যোগিক বিত্ত যোগান অধিক উন্নত কৰিবলৈ ১৯৭৬ চনৰ  ১৬ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰিজাৰ্ভ বেংকে ভাৰত চৰকাৰলৈ ইয়াৰ অংশ স্থানান্তৰ কৰে আৰু উন্নয়ন বেংকটো এক স্বতন্ত্ৰ নিগমলৈ ৰূপান্তৰিত হয় । ই দেশৰ অন্যান্য ম্যাদী ঋণ প্ৰদানৰ প্ৰতিষ্ঠানবোৰৰ মাজত সমন্ধয়ৰক্ষা কৰে । উদ্যোগিক বিকাশ বেংকে দেশৰ পুঁজি বজাৰত অদ্বিতীয় স্থান দখল কৰে ।

উদ্দেশ্য :- উদ্যোগিক বিকাশ বেংক  প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য হৈছে উদ্যোগৰ উন্নয়নৰ মুখ্য প্ৰতিষ্ঠান হিচাপে ঋণ দানৰ উপৰিও অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ দীৰ্ঘম্যাদী ঋণ দান কাৰ্যৰ সমন্বয় সাধন কৰা । বৃহৎ উদ্যোগৰ উপৰিও মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগৰ উন্নয়নৰ হকে অন্যান্য বেংক আৰু ৰাজ্যিক বিত্তীয় প্ৰতিষ্ঠানৰ যোগেদি সহায় কৰা । দেশৰ উদ্যোগিকৰণ  ত্বৰান্বিত কৰিবলৈ বিকাশ বেংক বিত্ত আৰু বিত্তীয় সেৱা , কাৰিকৰী আৰু প্ৰযুক্তি বিষয়ক সহায় আগবঢ়ায় নতুন উদ্যোগৰ উপৰিও পুৰণি উদ্যোগৰ সম্প্ৰসাৰণ,আধুনিকীকৰণ,নবীকৰণ, সংযোজন আদি কাৰ্যতো সেৱা আগবঢ়ায় ।

(গ) ভাৰতীয় উদ্যোগিক আৰু বিনিয়োগ নিগম :- ( ICICI ) ভাৰত চৰকাৰ, বিশ্ববেংক আৰু আমেৰিকান বিত্ত যোগনিয়াৰ বিশেষৰ মাজত অনুষ্ঠিত আলোচনাৰ ফলশ্ৰুতি হিচাপে ভাৰতীয় উদ্যোগিক ঋণ আৰু বিনিয়োগ নিগম গঠন কৰা হয় । 

উদ্দেশ্য :- (ক) ভাৰতৰ ব্যক্তিগত খণ্ডত উদ্যোগিক প্ৰতিষ্ঠানৰ সৃষ্টি সম্প্ৰসাৰণ আৰু আধুনিকীকৰণত সহায় কৰা ।

(খ) এই খণ্ডৰ প্ৰতিষ্ঠানত ব্যক্তিগত মূলধনৰ অংশ গ্ৰহণ উৎসাহিত আৰু উন্নীত কৰা ।

(গ) উদ্যোগিক বিনিয়োগৰ ব্যক্তিগত মালিকীস্বত্ব উৎসাহিত আৰু উন্নীত কৰা আৰু বিনিয়োগ বজাৰৰ সম্প্ৰসাৰণ ঘটোৱা । 

৫। GDR আৰু  ADR ৰ পাৰ্থক্য বোৰ কি কি  ? 

উত্তৰ :- GDR হৈছে গlobal Depository Recieiots অৰ্থাৎ গোলকীয় জমা ৰচিদ । আন্তৰ্জাতিক মূলধন বজাৰৰ ই হ’ল এটা উল্লেখযোগ্য বিত্তীয় আহিলা । কোম্পানীৰ আঞ্চলিক অংশৰ মুদ্ৰাবোৰ সাধাৰণতে ডিপজিটোৰি বেংকে যোগান ধৰে ।এই অংশবোৰৰ বিপৰীতে এই বেংকে জমা ৰচিদ বিলি কৰে । এই জমাবোৰ আমেৰিকান ডলাৰলৈ চিহ্নিত কৰা বাবে ইয়াক GDR বোলা হয় । এই GDR বোৰ হস্তান্তৰ যোগ্য দলিল সেয়ে অন্য প্ৰতিভূমি পত্ৰৰ দৰে বজাৰত মুক্তভাৱে বিচৰণ কৰিব পাৰি ।

আনহাতে ADR হৈছে American Despository Recieipt অৰ্থাৎ আমেৰিকান জমা ৰচিদ  । ইয়ো আন্তৰ্জাতিক মূলধনী বজাৰৰ এটা বিত্তীয় আহিলা । আমেৰিকাযুক্ত ৰাষ্ট্ৰৰ কোম্পানীবোৰে ADR বিলি কৰাকে আমেৰিকান ৰচিদ বোলা হয় । নিয়মিত ষ্টক বজাৰৰ দৰে ADR বোৰ আমেৰিকাৰ বজাৰবোৰত ক্ৰয় – বিক্ৰয় কৰা হয় । এইবোৰ ADR ৰ দৰে কেৱল আমেৰিকাৰ নাগৰিকৰ বাবে বিলি কৰা হয় আৰু আমেৰিকাৰ ষ্টক বজাৰৰ বাবেহে বাচনি কৰা হয় । 

দীঘলীয়া উত্তৰৰ প্ৰশ্ন : 

১।ব্যৱসায় বিত্ত কেইপ্ৰকাৰৰ আৰু কি কি ?  ব্যাখ্যা কৰা ।

উত্তৰ :- ব্যৱসায় বিত্ত তিনি প্ৰকাৰৰ । যেনে – 

(ক) হ্ৰস্বকালীন বিত্ত :- হ্ৰস্বকালীন বিত্ত ব্যৱসায়ৰ দৈনন্দিন কাম কাজ সম্পাদনৰ অৰ্থে প্ৰয়োজন হয় । দৈনন্দিন কাম কাজ অবিৰতভাৱে সম্পাদন কৰিবলৈ ব্যৱসায়ৰ কেঁচা সামগ্ৰী ক্ৰয় , মজুৰি আৰু দৰমহা প্ৰদান , কাৰখানা আৰু কাৰ্যালয়ৰ সা – সৰঞ্জাম  ক্ৰয় আৰু ভাড়া পৰিশোধ নগদ হাতে জমা আৰু বেংকত জমা আদি কাৰণত এনেধৰণৰ বিত্তৰ ব্যৱহাৰ হয় । অৰ্থাৎ হ্ৰস্বকালীন বিত্তই ব্যৱসায়ৰ কাৰ্যকৰী মূলধনক প্ৰতিনিধিত্ব কৰে । সাধাৰণতে এটা আৰ্থিক বছৰ বা তাতকৈ কম কালৰ বাবে এই বিত্তৰ ব্যৱহাৰ হয় । 

(খ) মধ্যকালীন বিত্ত :- ব্যৱসায়ৰ মধ্যকালীন বিত্তই হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন প্ৰয়োজনৰ মাজতে প্ৰয়োজন হোৱা বিত্তক বুজায় ।  সাধাৰণতে এবছৰৰ বেছি কিন্তু দহ বছৰৰ কম সময়ৰ বাবে এই বিত্তৰ আৱশ্যক হয় । ই ব্যৱসায়ৰ কাৰ্যকৰী মূলধনত বিত্ত যোগান ধৰা , স্থায়ী সম্পত্তিত কৰা অতিৰিক্ত ব্যয় , পুনৰ সংস্থাপনত কৰা ব্যয় , সম্প্ৰসাৰণৰ নিৰ্দিষ্ট আঁচনিৰ বাবে যোগান ধৰা বিত্তক বুজায় । 

(গ) দীৰ্ঘকালীন বিত্ত :- ব্যৱসায় প্ৰতিষ্ঠানৰ সুদূৰ প্ৰসাৰি প্ৰয়োজন হোৱা বিত্তক দীৰ্ঘকালীন বিত্ত বোলা হয়  । দীৰ্ঘম্যাদী আঁচনি ৰূপায়ন কৰিবলৈ ব্যৱসায়ৰ আৰম্ভণিৰ পৰা শেষলৈকে এই পৰিমাণৰ বিত্তৰ ব্যৱহাৰ হয়  । সাধাৰণতে একেৰাহে দহবছৰৰ  অধিক কালৰ বাবে প্ৰয়োজন হোৱা বিত্ত দীৰ্ঘকালীন বিত্ত হিচাপে বিবেচিত হয় । বিভিন্ন স্থায়ী সম্পত্তি যেনে কলকব্জা , সুনাম , কোম্পানীত বিনিয়োগ আৰু আগধন আদিৰ প্ৰয়োজনত ব্যৱহাৰ কৰা স্থায়ী মূলধন হৈছে দীৰ্ঘকালীন বিত্ত ।

২।সাধাৰণ অংশ কি  ? ইয়াৰ সুবিধা আৰু অসুবিধা সমূহ উল্লেখ কৰা । 

উত্তৰ :- কোম্পানী আইন ১৯৫৬ চনৰ ধাৰা ৮৫( ২) মতে সাধাৰণ অংশ বা সমাংশ হৈছে সেই শ্ৰেণীৰ অংশ যি অগ্ৰাধিকাৰ অংশ নহয় ।  অৰ্থাৎ একে আইনৰ ধাৰা ৮৫ ৰ অধীনত কোম্পানীয়ে বিলি কৰা অগ্ৰাধিকাৰ অংশৰ বাহিৰে আনটো অংশ হৈছে এই সাধাৰণ অংশ ।

সুবিধা :- (ক) উচ্চ লাভৰ আকাংক্ষিত  বিনিয়োগকাৰীৰ বাবে সাধাৰণ অংশ বিলি উপযুক্ত । 

(খ) সাধাৰণ অংশ ধাৰক সকলক লভ্যাশং বিতনৰ বাধ্যতামূলক নহয় । সেয়েহে কোম্পানীয়ে এই বিষয়ত কোনো বোজা বহন কৰিব নালাগে । 

(গ) সাধাৰণ অংশ ধাৰকৰ মূলধনক স্থায়ী মূলধন হিচাপে ধৰা হয় যিহেতু ইয়াক কোম্পানী অৱসায়নৰ সময়তে উভতাই দিয়া হয় ।

(ঘ) সাধাৰণ মূলধন অংশ কোম্পানীৰ ঋণৰ ক্ষেত্ৰত উপযুক্ত আৰু দূৰদৰ্শী ঋণ দাতাসকলৰ বাবে উপযুক্ত । 

(ঙ) কোম্পানীৰ কোনো সম্পত্তিৰ মূল্যধার্য নকৰাকৈয়ে সাধাৰণ অংশৰ মূলধন সংগ্ৰহ কৰিব পাৰি । 

(চ) সাধাৰণ অংশ ধাৰকৰ ভোটাধিকাৰ থকাৰ বাবে কোম্পানী ব্যৱস্থাপনাত অংশ গ্ৰহণ কৰিব পাৰি ।

অসুবিধা :- (ক) যিহেতু সাধাৰণ অংশৰ দ্বাৰা নমনীয় আয় হয় সেই কাৰণে  স্ৰতগতিত  আয় বিচৰা বিনিয়োগকাৰীৰ বাবে ই উপযুক্ত নহয়  । 

(খ) অন্যান্য উৎসৰ তুলনাত ধন সংগ্ৰহৰ ক্ষেত্ৰত সাধাৰণ অংশ  বিলিৰ ব্যয়ৰ মাত্ৰা অধিক হয় ।

(গ) অতিৰিক্ত সাধৰণ অংশ বিলিৰ ফলত বৰ্তমান অংশধাৰক সকল ভোটাধিকাৰৰ ক্ষমতা আৰু আয়ৰ ক্ষেত্ৰত বিলুপ্ত হয় । 

(ঘ) কোম্পানী আইন অনুসৰি বহুতো নীতি নিয়ম পালনৰ ফলত অংশ বিলিৰ অযথা পলম হয় । 

৩। অগ্ৰাধিকাৰ অংশ কি ? ইয়াৰ সুবিধা আৰু অসুবিধা সমূহ কি কি  ?

উত্তৰ :- ভাৰতীয় কোম্পানী আইন ১৯৫৬ চনৰ ধাৰা ৮৫ মতে অগ্ৰাধিকাৰ অংশ হৈছে কোম্পানীৰ মূলধন গাথঁনিৰ সেই পৰিমাণৰ অংশ , যাৰ ধাৰক সকলে নিৰ্দিষ্ট  লভ্যাংশ প্ৰাপ্তি আৰু অৱসায়ন বা আন পৰিস্থিতিত মূলধন ফিৰতৰ সময়ত সাধাৰণ অংশ ধাৰকতকৈ আগধৰি অধিকাৰ লাভ কৰে । 

সুবিধা :- (ক) প্ৰত্যাপৰ্ণত আগ্ৰহী বিনিয়োগকাৰীৰ পৰা এই অংশৰ দ্বাৰা পুঁজি সংগ্ৰহ কৰিব পাৰি ।

(খ) বিনিয়োগৰ ওপৰত উচ্চ আৰু স্থিৰ প্ৰত্যাপৰ্ণ লাভ কৰাৰ লগতে মূলধন ঘূৰাই পাবলৈ বিচৰা , অৰ্থাৎ বিনিয়োগৰ ওপৰত  সৱধানী দৃষ্টি ৰখা সকলৰ আকৰ্ষিত কৰে ।

(গ) অগ্ৰাধিকাৰ অংশ ধাৰক ভোটাধিকাৰ নথকা স্বত্বেও ব্যৱস্থাপনাত অংশ গ্ৰহনত সাধাৰণ অংশ ধাৰকক বাধা আৰোপ নকৰে ।

(ঘ) কোম্পানী অৱসায়নৰ সময়ত অগ্ৰাধিকাৰ অংশ ৰ ওপৰত লাভাংশ পৰিশোধৰ অংশধাৰক অগ্ৰাধিকাৰী অধিকাৰ থাকে ।

(ঙ) অগ্ৰাধিকাৰ অংশ মূলধনে কোম্পানী সম্পত্তিৰ ওপৰত কোনো ধৰণৰ চাৰ্য আৰোপ নকৰে । 

অসুবিধা :- (ক) উচ্চ হাৰৰ প্রত্যাৰ্পণ আশা কৰা বিনিয়োগকাৰীৰ বাবে অগ্ৰাধিকাৰী অংশ উপযুক্ত নহয় । 

(খ) অগ্ৰাধিকাৰী মূলধনে সাধাৰণ অংশ ধাৰকৰ মূলধনৰ ওপৰত থকা অধিকাৰ খৰ্ব কৰে । 

(গ) ঋণ পত্ৰ ধাৰকৰ সুতৰ হাৰতকৈ অগ্ৰাধিকাৰ অংশ পত্ৰ ধাৰকৰ লভ্যাংশৰ হাৰ বেছি হয় ।

(ঘ) এই শ্ৰেণীৰ অংশই বিনিয়োগকাৰীক প্রত্যাৰ্পণ অনিশ্চয়তা বিৰাজ কৰে । সেই কাৰণে ই বিনিয়োগকাৰীক আকৰ্ষণ কৰে দেখা নাযায় । 

(ঙ) প্ৰদেয় লভ্যাংশ বিতৰণত কোম্পানীৰ লাভৰ পৰা খৰছ কৰ্ত্তন কৰা নহয় । ফলত ঋণৰ ওপৰত প্ৰদত্ত সুতৰ পৰা পোৱা কৰে সুবিধা ইয়াত পোৱা নাযায় ।

৪। সঞ্চিত লাভ বুলিলে কি বুজা ? ইয়াৰ তিনিটা সুবিধা আৰু তিনিটা অসুবিধা লিখা ।

উত্তৰ :- কোম্পানীৰ মূলধনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আৰ্জিত লাভৰ বিতৰণ পূৰ্বে নিৰ্দিষ্ট পৰিমাণ বা শতাংশত সঞ্চিত পুঁজিলৈ স্থানান্তৰ কৰি বিভিন্ন সঞ্চয় পুঁজি গঠন কৰা হয় । ইয়ে হৈছে সঞ্চিত লাভ ।লাভৰ পৰা উৎপত্তি হোৱা পুঁজি বিনিয়োগ কৰা হয় বাবে ইয়াক লাভৰ পুনৰ বিনিয়োগ কৰা হয় বাবে ইয়াক লাভৰ পুনৰ বিনিয়োগ বুলিও কোৱা হয়  । ইয়াক স্ব  বিতায়ন , আভ্যন্তৰীণ বিত্তায়ন ইত্যাদি বুলিও কোৱা হয় । 

সুবিধা : (ক ) সঞ্চিত লাভৰ পুনৰ বিনিয়োগ কোম্পানীৰ ব্যৱসায়িক উত্থান পতন প্ৰতিৰোধ কৰে ।

(খ) অৱক্ষয় পুঁজিৰ ঘাটি পূৰণ কৰি সম্পত্তিৰ পুনৰ পুনৰ স্থাপন সহজ কৰি তোলে ।

(গ) অনিশ্চিত ৰাজহুৱা বিত্ত যোগানলৈ অপেক্ষা কৰাৰ পৰা কোম্পানীক ৰেহাই দিয়ে ।

অসুবিধা :- (ক) অধিক মাত্ৰাত সঞ্চিত লাভৰ পুনৰ বিনিয়োগ ব্যৱসায়ক একেছেতিয়া ব্যৱসায় গঢ়ি তোলাত উৎসাহিত কৰে ।

(খ) চৰকাৰী কৰ ফাঁকিৰ উদ্দেশ্যে অধিক সঞ্চয় কৰোতে চৰকাৰী ৰাজহ হ্রাসৰ কাৰণ হয় । 

(গ) মূলধন বজাৰৰ স্বাভাৱিক গতিত  সঞ্চিত লাভৰ পুনৰ বিনিয়োগে ব্যাঘাত জন্মায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top