Class 11 Business Chapter 9 ক্ষুদ্ৰ ব্যৱসায়

Class 11 Business Chapter 9 ক্ষুদ্ৰ ব্যৱসায় Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Business Chapter 9 ক্ষুদ্ৰ ব্যৱসায় and select needs one.

Class 11 Business Chapter 9 ক্ষুদ্ৰ ব্যৱসায়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Business Chapter 9 ক্ষুদ্ৰ ব্যৱসায় Solutions for All Subject, You can practice these here.

ক্ষুদ্ৰ ব্যৱসায়

Chapter : 9

দ্বিতীয় খণ্ড

চমু উত্তৰৰ প্ৰশ্নৱালী

১। ব্যৱসায়ৰ আকাৰ জুখিবলৈ কেনে ধৰণৰ বিভিন্ন পৰিমাপক ব্যৱহাৰ কৰা হয়  ?

উত্তৰ :- ব্যৱসায় প্ৰতিষ্ঠান এটাৰ আকাৰ পৰিমাপ কৰাৰ কোনো সঠিক মাপকাঠি নাই । ইয়াৰ প্ৰকৃতি , উৎপাদন পদ্ধতি , উৎপাদনৰ বাবে ব্যৱহৃত যন্ত্ৰপাতি আৰু উৎপাদিত পণ্যৰ বৈশিষ্ট্য তদুপৰি পৰিমাপৰ মান নিৰ্দ্ধাৰণ কৰা হয় ।

তলত উল্লেখ কৰা উপাদান সমূহক ব্যৱসায়ত সংস্থাৰ আকাৰ পৰিমাপৰ মাপকাঠি হিচাপে ধার্য কৰা হয় । 

(ক) মূলধন বিনিয়োগৰ পৰিমাণ :- মূলধন বিনিয়োগৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ব্যৱসায় প্ৰতিষ্ঠান এটাৰ আকাৰ নিৰ্দ্ধাৰণ কৰা হয়  । সাধাৰণতে অধিক পৰিমাণৰ বিনিয়োগ মানেই ব্যৱসায় সংস্থান আকাৰ বৃহৎ বুলি ধৰা হয়  ।

(খ) উৎপন্ন দ্ৰব্যৰ পৰিমাণ :- শিল্প  উদ্যোগত যেতিয়া নির্দিষ্ট মানৰ সমজাতীয় পণ্য দ্ৰব্য উৎপাদন হয় , তেতিয়া উৎপন্ন পণ্যৰ পৰিমাণ চাই ব্যৱসায় সংস্থাৰ আকাৰ নিৰ্ণয় কৰা যায় । কিন্তু যিবোৰ উদ্যোগত বিভিন্ন মানৰ বিভিন্ন পণ্য দ্ৰব্য উৎপাদন হয়, তেনে ক্ষেত্ৰত উৎপাদিত পণ্য সামগ্ৰীৰ পৰিমাণৰ দ্বাৰা ব্যৱসায়ৰ আকাৰ নিৰ্দ্ধাৰণ কৰা নাযায়  । 

(গ) উৎপন্ন দ্ৰব্যৰ মূল্য :- কোনো কোনো উদ্যোগৰ ক্ষেত্ৰত সমজাতীয় দ্ৰব্যৰ পৰিমাণ আৰু উৎপাদিত দ্ৰব্যৰ পৰিমাণৰ লগত সাদৃশ্য নথকা হেতুকে ইয়াক তুলনা কৰিব নোৱাৰি । সেয়ে উৎপন্ন দ্ৰব্যৰ মূল্য নিৰূপন কৰি ব্যৱসায় প্ৰতিষ্ঠান এটাৰ আকাৰ নিৰ্দ্ধাৰণ কৰা হয় ।কিন্তু যেতিয়া বজাৰত বাণিজ্য চক্ৰৰ বাবে পণ্য দ্ৰব্যৰ দাম হ্ৰাস বৃদ্ধি হয় তেতিয়া ই প্ৰযোজ্য নহয় । 

(ঘ) শ্ৰমিকৰ নিযুক্তি সংখ্যা :- কোনো কোনো ক্ষেত্ৰত শিল্প বাণিজ্যৰ নিযুক্ত মুঠ শ্ৰমিকৰ সংখ্যাৰ দ্বাৰা ব্যৱসায় প্ৰতিষ্ঠান এটাৰ আকাৰ নিৰূপন কৰা হয় । যদিহে সংস্থা সমূহে এক কাৰিকৰী পৰ্যায়ত  একেজাতীয় পণ্য দ্ৰব্যৰ  উৎপাদন কৰে । কিন্তু যিবিলাক উদ্যোগ প্ৰতিষ্ঠানৰ উৎপাদন কৌশল পৃথক আৰু উৎপাদিত সামগ্ৰীৰ সাদৃশ্য নাথাকে তেনে ক্ষেত্ৰত ই প্ৰযোজ্য ।

(ঙ) মুঠ কেঁচামালৰ ব্যৱহাৰ :- উদ্যোগ প্ৰতিষ্ঠান এটাই ব্যৱহাৰ কৰা কেঁচা সামগ্ৰীৰ বাৰ্ষিক পৰিমাণৰ দ্বাৰা ব্যৱসায় প্ৰতিষ্ঠান এটাই আকাৰ নিৰূপন কৰা হয় । কিন্তু এই পৰিমাণ সম জাতীয় উদ্যোগৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয় । 

(চ) প্ৰকল্পৰ শক্তি :- বিভিন্ন উদ্যোগত  স্থাপন কৰা প্ৰকল্পৰ পৰিমাণ আৰু ইয়াৰ উৎপাদন ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিও ইয়াৰ আকাৰ নিৰূপন কৰা হয় । 

(ছ) শক্তি সম্পদৰ ব্যৱহাৰ :- কোনো কোনো ক্ষেত্ৰত শিল্প উদ্যোগে ব্যৱহাৰ কৰা শক্তিৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱসায় প্ৰতিষ্ঠান এটাৰ আকাৰ নিৰূপন কৰা হয় । 

(জ) পৰিচালনা পদ্ধতি :- শিল্প বাণিজ্যত অৱলম্বন কৰা পৰিচালনা পদ্ধতিৰ দ্বাৰাও ইয়াৰ আকাৰ  নিৰ্দ্ধাৰণ কৰা হয় । কাৰণ উন্নত আৰু জটিল পৰিচালনা পদ্ধতি কেৱল প্ৰভাৱশালী ব্যৱসায় প্ৰতিষ্ঠানেহে প্ৰয়োগ কৰিব পাৰে । 

২। ভাৰত চৰকাৰে ক্ষুদ্ৰ শিল্প উদ্যোগ বুজাবলৈ কি সূত্ৰ ব্যৱহাৰ কৰে  ? 

উত্তৰ :- প্ৰতিষ্ঠান এটাই কিমান পৰিমাণৰ মূলধন বিনিয়োগ কৰিছে  , সা – সৰঞ্জাম আৰু যন্ত্ৰপাতি নিয়োজিত কৰিছে তাৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ক্ষুদ্ৰ উদ্যোগ সম্পৰ্কে ভাৰত চৰকাৰে সূত্ৰ আগবঢ়াইছে । এই পৰিমাণটো বিবেচনা কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ আৰ্থ সামাজিক মাপকাঠি,য’ত  মূলধনৰ পৰিমাণ তেনেই তাকৰ অথচ শ্ৰমিকৰ সংখ্যা অধিক ইত্যাদি ৱিষ্যসমূহত গুৰুত্ব দিয়া হয় । ইয়াৰোপৰি এই সূত্ৰ টো কেৱল ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ সমষ্টিৰ ক্ষেত্ৰতহে প্ৰযোজ্য,বৃহৎ বা মজলীয়া আকাৰৰ উদ্যোগৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় । 

যি উদ্যোগত স্থায়ী সম্পত্তি আৰু যন্ত্ৰপাতিত নিয়োজিত মূলধনৰ পৰিমাণ এক কোটি টকাত কৈ বেছি নহয় তেনে উদ্যোগ ক্ষুদ্ৰ উদ্যোগ হয় ।  অৱশ্যে ৰপ্তানি বাণিজ্যৰ লগত জড়িত উদ্যোগৰ ক্ষেত্ৰত মুঠ নিয়োজিত মূলধনৰ পৰিমাণ ৫ (পাঁচ) কোটি টকালৈকে বৃদ্ধি কৰা হৈছে । 

৩।এটা সহায়ক গোট আৰু অতি ক্ষুদ্ৰ গোটৰ মাজত পার্থক্য কি দৰে নিৰ্ণয় কৰিবা  ?  

উত্তৰ :- সহায় কাৰী ক্ষুদ্ৰ উদ্যোগ আৰু অতি ক্ষুদ্ৰ গোটৰ মাজত থকা পাৰ্থক্য হ’ল –  যি ক্ষুদ্ৰ উদ্যোগে মূল উদ্যোগলৈ উৎপাদনৰ কমেও  ৫০ শতাংশ  যোগান ধৰে তাক সহায়কাৰী ক্ষুদ্ৰ উদ্যোগ বোলে  ।  এনেকুৱা সহায়ক উদ্যোগে মূল উদ্যোগটোৰ কাৰণে ক্ষুদ্র অংশ সংযোগী মূল অংশ ,  সৰুসুৰা সংযোগ ব্যৱস্থা অথবা আৱশ্যকীয় সা – সৰঞ্জাম মূল উদ্যোগটোৰ বাবে সাজি উলিয়াব পাৰে ।

আনহাতে যিবোৰ ক্ষুদ্ৰ উদ্যোগত সা – সৰঞ্জাম আৰু যন্ত্ৰপাতত বিনিয়োগৰ পৰিমাণ ২৫ লাভ টকাত কৈ বেছি নহয় , তেনে উদ্যোগক ক্ষুদ্রতম উদ্যোগ হিচাপে ধৰা হয় । 

৪।কুটিৰ শিল্পৰ লক্ষণ সমূহ কি কি  ?

উত্তৰ :- কুটিৰ শিল্পৰ লক্ষণ সমূহ হ’ল – 

(ক) এই উদ্যোগ সমূহ নিজাববীয়াকৈ ধন খটুৱাই ব্যক্তিগত ভাবে স্থাপন  কৰা হয় । 

(খ) এই উদ্যোগ সমূহ সাধাৰণতে নিজ ঘৰৰ লোকৰ দ্বাৰাই অথবা  স্থানীয় ভাবে নিযুক্ত লোকৰ দ্বাৰাইহে পৰিচালিত হয় । 

(গ) এই শিল্প ব্যৱস্থাত সা – সৰঞ্জাম সমূহ একেবাৰে সাধাৰণ বিধৰ ।

(ঘ) নিয়োজিত ধনৰ পৰিমাণ তেনেই কম ।

(ঙ) নিজৰ ঘৰতে সাধাৰণ সামগ্ৰীৰ সমূহ এই শিল্পত তৈয়াৰ কৰা হয় ।

(চ) উৎপাদন কাৰ্যত সাধাৰণতে থলুৱা সা –  সৰঞ্জামহে ব্যৱহাৰ কৰা হয় ।

দীঘলীয়া উত্তৰৰ প্ৰশ্নৱালী : 

১। ক্ষুদ্ৰ শিল্প উদ্যোগসমূহে ভাৰতৰ আৰ্থি সামাজিক উন্নয়নৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰে । 

উত্তৰ :- ভাৰতৰ আৰ্থ সামাজিক উন্নয়নৰ ক্ষুদ্ৰ উদ্যোগ সমূহৰ বৰঙণি তলত উল্লেখ কৰা হ’ল  –  

(ক) ভাৰতৰ উদ্যোগিক গোট সমূহৰ প্ৰায় ৯৫%  ক্ষুদ্ৰ উদ্যোগ ।এই উদ্যোগ সমূহে মুঠ  উদ্যোগিক মূল্যৰ প্ৰায় ৪০% আৰু মুঠ ৰপ্তানিৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে প্ৰায় ৪৫% বৰঙণি যোগাই আহিছে । 

(খ) মানৱ সম্পদৰ সংস্থাপনৰ ক্ষেত্ৰৰ ক্ষুদ্ৰ উদ্যোগে কৃষিৰ পাছতে দ্বিতীয় স্থান দখল কৰিছে ।বৃহৎ উদ্যোগত বিনিয়োজিত মূলধনৰ তুলনাত ক্ষুদ্ৰ উদ্যোগবোৰে বেছি কর্মসংস্থানৰ সুবিধা  প্ৰদান কৰে ।   ভাৰতৰ দৰে শ্ৰমিক প্ৰধান দেশত ক্ষুদ্ৰ উদ্যোগৰ এইটো এটা গুৰুত্বপূৰ্ণ বৰঙণি ।

(গ) ভাৰতবৰ্ষৰ ক্ষুদ্ৰ উদ্যোগসমূহে যথেষ্ট সংখ্যক সামগ্ৰীৰ যোগান ধৰে  । এই সামগ্ৰী সমূহৰ ভিতৰত খোৱা খাদ্য ,পোচাক , মনোহাৰী দ্ৰব্য, ঘৰুৱা ভাবে ব্যৱহাৰ কৰা কাঁহী ,বাটি,চামৰা, প্লাষ্টিক, কাঠ আৰু লোহাৰ  সা – সৰঞ্জাম ইত্যাদি চৌখিন বস্তু যেনে টি, ভি, কাপোৰ ধোঁৱা মেচিন, ঔষধ আৰু চিকিৎসা সামগ্ৰী, কৃষিৰ সা – সঁজুলি, হস্তশিল্পৰ নিৰ্মিত বিভিন্ন সা  – সামগ্ৰী ইত্যাদি । 

(ঘ) দেশৰ ভাৰসাম্য আঞ্চলিক উন্নয়নৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগৰ অৰিহণা অপৰিসীম । ক্ষুদ্ৰ উদ্যোগবোৰত ব্যৱহৃত সাধাৰণ কৌশল আৰু স্থায়ী ভাবে উপলব্ধ কেঁচামাল আৰু শ্ৰমিকৰ যোগান দেশৰ যিকোনো ঠাইতে ক্ষুদ্ৰ উদ্যোগৰ স্থাপন কৰিব পাৰি । সেই কাৰণে দেশৰ কোনো অঞ্চলেই পিছ পৰি থাকিব নালাগে । ফলত দেশৰ  সকলো অঞ্চলৰেই ঔদ্যোগিক উন্নয়নৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰি । 

(ঙ) ক্ষুদ্র উদ্যোগ সমূহে উদ্যোগী ব্যক্তি গঢ়াত প্ৰভূত অৰিহণা যোগান । উদ্যোগী ব্যক্তিৰ প্ৰতিভা আৰু কৌশল সমূহ ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে বিকাশ ঘটাই কম মূলধনেৰে বাধাহীন ভাবে উদ্যোগ গঢ়াত সহায়ক হয়    । 

(চ) ক্ষুদ্ৰ উদ্যোগসমূহে কম খৰচতে সামগ্ৰী উৎপাদন কৰিব পাৰে । স্থানীয় ভাবে উপলব্ধ কেঁচা সামগ্ৰী আৰু শ্ৰমিকৰ যোগান উদ্যোগ স্থাপনৰ খৰচ বহুলাংশে হ্ৰাস পায় । 

(ছ) বৃহৎ উদ্যোগৰ ক্ষেত্ৰত কিবা সিদ্ধান্ত লব লগা হলে কেইবাজনো ব্যক্তিৰ মতামতৰ প্ৰয়োজন হয় । ফলত সিদ্ধান্ত গ্ৰহনত বিলম্ব হয় ।   ক্ষুদ্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত কম লোকৰ সিদ্ধান্ত অতি জৰুৰী  ভাবে গ্ৰহণ কৰিব পাৰে । 

(জ) ক্ষুদ্ৰ উদ্যোগ সমূহে গ্ৰাহকৰ ৰুচি অনুযায়ী সামগ্ৰী উৎপাদন কৰিব পাৰে । কিয়নো  তাৎক্ষণিক ভাৱে গ্ৰহকে যেনে ধৰণে সমগ্রী বিচাৰে তেনে ধৰণৰ পছন্দৰ বস্তু প্ৰস্তুত   কৰা হয় । 

(ঝ) ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত উদ্যোগ আৰু গ্ৰাহকৰ মাজত সহজে বুজা পৰা কৰিব পৰা সুবিধা বহুত বেছি । ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানৰ আকৃতি সৰু হোৱা বাবে ক্ষিপ্ৰতাৰে সিদ্ধান্ত লব পৰা যায় । 

৩।গ্ৰাম্য ভাৰতৰ বাবে ক্ষুদ্ৰ ব্যৱসায় কেনেকুৱা ভূমিকা গ্ৰহণ কৰে । 

উত্তৰ :- ভাৰতবৰ্ষৰ জনসংখ্যাৰ বহুত বেছি অংশ গাঁও অঞ্চলত বাস কৰে আৰু ইয়াৰ অধিকাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল । ইয়াৰোপৰি গাঁও অঞ্চলৰ জনগণে বিভিন্ন ধৰণৰ আয়ৰ পথ যেনে দৈনিক মজুৰি  অৰ্জা , সৰু – সুৰা ব্যৱসায়ত লগা,সৰুসুৰা বস্তু বাহিনী প্ৰস্তুত কৰাৰ লগতে পৰম্পৰাগত কৃষি বিষয়ত শ্ৰমদান কৰা ইত্যাদি জীৱিকা নিৰ্বাহৰ উপায় হিচাপে বাচি লৈছে । ভাৰতৰ উদ্যোগিক বিকাশৰ  গ্ৰামীণ আৰু ক্ষুদ্ৰ উদ্যোগত যথেষ্ট গুৰুত্ব দি থকা হৈছে । সেয়ে গ্ৰাম্য ভাৰতত এই উদ্যোগ সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । কুটিৰ শিল্প আৰু গ্ৰামীণ উদ্যোগ গ্ৰামাঞ্চলত কর্মসংস্থাপনত ব্যৱস্থা কৰাত যথেষ্ট সহায়ক হয় , বিশেষকৈ বাঢ়ৈ  তাতি আদি শিল্পসকলৰ বাবে । গ্ৰাম্য আৰু ক্ষুদ্ৰ উদ্যোগৰ বিকাশে গ্ৰামাঞ্চলৰ পৰা কাম বিচাৰি চহৰলৈ অহা লোকৰ সমস্যাও হ্ৰাস কৰিব পাৰে । 

গ্ৰামীণ আৰু ক্ষুদ্ৰ উদ্যোগে খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে ৰাহী হোৱা শ্ৰমিকৰ সমস্যাও বহু কমাব পাৰে । গতিকে দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাও লাঘৱ কৰে । এনেকুৱা উদ্যোগে আইন , আৰ্থসমাজিক  ক্ষেত্ৰত যথেষ্ট অৰিহনা যোগাব পাৰে ।এনেধৰণৰ কাৰ্য্যই আয়ৰ বৈষম্য কমোৱাৰ লগতে অৰ্থনৈতিক দিশত উদ্যোগৰ উন্নয়ন সাধিব পাৰে । সেয়েহে ভাৰত চৰকাৰে ক্ষুদ্ৰ উদ্যোগ আৰু গ্ৰামীণ উদ্যোগক খৰ গতিত উদ্যোগ বন্ধন আৰু সৃজনী মূলক শ্ৰম বৰ্দ্ধনৰ যুগ্ম আহিলা বুলি বিবেচনা কৰে; কিয়নো এনেকুৱা প্ৰচেষ্টাই পিছ পৰি থকা অঞ্চল আৰু গ্ৰাম্যাঞ্চলত নিবনুৱা সমস্যা দূৰীকৰণত যথেষ্ট সহায়ক হয় । 

৩।ক্ষুদ্ৰ শিল্প সমূহে সন্মুখীন হোৱা সমস্যাবোৰ হ’ল – 

(ক) বিত্তৰ সমস্যা :- ক্ষুদ্ৰ উদ্যোগৰ প্ৰধান সমস্যাবোৰৰ ভিতৰত আৰ্থিক অনাটনেই প্ৰধান । সাধাৰণতে ক্ষুদ্ৰ উদ্যোগত নিয়োজিত ধনৰ পৰিমাণ তেনেই তাকৰিয়া । মূলধন সংগ্ৰহ ৰ ক্ষেত্ৰত বহুতো ক্ষুদ্ৰ উদ্যোগ অপাৰগ । বেংক  সমূহেও উপযুক্ত জামিনদাৰ নোপোৱাৰ কাৰণে আৰু আৱশ্যকীয় আগধন দিব নোৱাৰাৰ কাৰণে ঋণ দিব নোখোজে  । 

(খ) কেঁচা সামগ্ৰীৰ যোগান :- ক্ষুদ্ৰ উদ্যোগৰ উৎপাদনৰ চাহিদা অনুপাতে উৎপাদন বৃদ্ধি কৰাত কেঁচা সামগ্ৰীৰ অভাৱ এক সমস্যা হৈ পৰে । বহুত কেঁচা সামগ্ৰীৰ যোগান লাভ কৰা হলেও দৰ উচ্চ হোৱা  , সঠিক ঋণ বা সময়ত যোগান লাভ নকৰা , মধ্য ভোগীৰ দ্বাৰা দৰ বৃদ্ধিৰ অনুশীলন কৰা আদি সমস্যাও বাবেও উৎপাদনৰ মাত্ৰা হ্ৰাস পোৱা পৰিলক্ষিত হয় । 

(গ) পৰিচালনা সামৰ্থৰ অভাৱ :- ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ সমস্যাৱলীৰ ভিতৰত সেইবোৰৰ দুৰ্বল পৰিচালনা সামৰ্থ এক উল্লেখযোগ্য সমস্যা। বহুতো ক্ষেত্ৰত একক ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি উঠা ক্ষুদ্ৰ উদ্যোগ তথা ব্যক্তিগত বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰিচালনা এজনীয়া ব্যক্তিৰ দ্বাৰাই কৰা হয় ।পুঁজিৰ অভাৱৰ বাবে এনে ব্যক্তিয়ে বিশেষ জ্ঞানৰ বা অৰ্হতাৰ পৰিচালক নিয়োগ কৰাৰ পৰাও ক্ষুদ্ৰ উদ্যোগখণ্ড বঞ্চিত হয় । ইয়াৰ ফলত ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ পৰিচালনা ক্ৰুটিপূৰ্ণ হোৱা দেখা যায় । 

(ঘ) শ্ৰম :- ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান  সমূহে কামত নিয়োজিত শ্ৰমিক সকলক উচ্চ হাৰত দৰমহা দিব নোৱাৰে । সেই কাৰণে নিয়োজিত ব্যক্তিসকলে বেছি পৰিমাণত উৎপাদন কাৰ্যত মনোনিবেশ নকৰে । সেয়ে নিয়োজিত ব্যক্তিৰ জনমূৰী উৎপাদন কম হোৱা কাৰণে মুঠ উৎপাদনত ক্ষতিগ্ৰস্ত হয় । কম মজুৰি দিয়া বাবে প্ৰতিভাবান ব্যক্তি পোৱাতো এনেকুৱা উদ্যোগৰ বাবে কঠিন হৈ পৰে । অপৈনত শ্ৰমিক কম  মজুৰিতে নিয়োজিত কৰিব লগা হয় । 

(ঙ) বজাৰকৰণ :- সামগ্ৰীৰ বজাৰকৰণ ব্যৱসায়ী প্ৰতিষ্ঠানৰ বাবে এটা আৱশ্যকীয় উপাদান ,  কিয়নো বজাৰৰ জড়িয়তেহে ব্যৱসায় ৰ অৰ্থ উপাৰ্জন হয় ।সামগ্রীৰ চাহিদা আৰু সামগ্ৰীৰ মানদণ্ডৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দৰকাৰ । সকলো ক্ষেত্ৰতেই ক্ষুদ্ৰ নিৰ্ভৰ কৰিব লগাত পৰে আৰু সেইবাবেই মধ্যভোগী সকলে সময়ে সময়ে শোষণ কৰাৰ সুবিধা লয় আৰু ধন আদায়ত বিলম্ব কৰে । 

(চ) সামগ্ৰীৰ মানদণ্ড :- বহুতো ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানে আকাংক্ষিত গুণৰ ওপৰত বিশেষ ধ্যান নিদিয়ে । তাৰ পৰিৱৰ্তে এনেকুৱা ব্যৱসায় গোটে উৎপাদিত সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ চেষ্টা  কৰে যাতে কম দামতে বস্তু দিব পাৰে । গুণাগুণ বৃদ্ধিৰ ক্ষেত্ৰত আৱশ্যকীয় গৱেষণাৰ বাবে খৰচ কৰিবৰ সুবিধাও নাথাকে । তাৰোপৰি কাৰিকৰী বিষয়ত  উন্নয়ন সাধন কৰাত ব্যৰ্থ হয় ।

(ছ) উৎপাদন ক্ষমতা প্ৰয়োগ :- বজাৰকৰণ ব্যৱস্থাৰ দুৰ্বলতাৰ বাবেই উৎপাদিত সামগ্ৰীৰ চাহিদা কমি যায় । ফলত উদ্যোগ গোট সমূহে সক্ষমতা থকা স্বত্বেও পৰ্যাপ্ত পৰিমানে উৎপাদন কৰিব নোৱাৰে । ফলত সামগ্ৰীৰ উৎপাদন খৰচ বাঢ়ি যায় আৰু লাভৰ পৰিমাণ কমি যায় ।  ফলত উৎপাদন গোট সমূহ বন্ধ কৰিবলগীয়াত পৰে ।

(জ) কাৰিকৰী দিশ :- পুৰণি কাৰিকৰী প্ৰযুক্তি যিবোৰ প্ৰায় অচল  , তেনে প্ৰযুক্তি ব্যৱহাৰ ক্ষুদ্ৰ উদ্যোগৰ দুৰ্বলতাৰ কাৰণ হৈ পৰে ।এনে ব্যৱস্থাই উৎপাদনৰ পৰিমাণ হ্ৰাস কৰাৰ উপৰিও উৎপাদনত ক্ষতি কৰে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডব্যৱসায়ৰ বুনিয়াদ
Chapter 1ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য ।
Chapter 2ব্যৱসায় সংগঠনৰ প্ৰকাৰ ।
Chapter 3ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ ।
Chapter 4ব্যৱসায় সেৱা ।
Chapter 5ব্যৱসায়ৰ নতুন নতুন ধৰণ ।
Chapter 6ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ ।
দ্বিতীয় খণ্ডকোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ
Chapter 7কোম্পানীৰ গঠন ।
Chapter 8ব্যৱসায় বিত্তৰ উৎসসমূহ ।
Chapter 9ক্ষুদ্ৰ ব্যৱসায় ।
Chapter 10আভ্যন্তৰীণ বেহা–বেপাৰ ।
Chapter 11আন্তৰ্জাতিক ব্যৱসায় – ১

৪। পিছপৰা অঞ্চল আৰু পাহাৰীয়া অঞ্চলৰ শিল্প উদ্যোগ সমূহক কেনে ধৰণৰ উৎসাহ উদ্দীপনা চৰকাৰে যোগায় ?

উত্তৰ :- অধিক নিয়োগৰ সুবিধা , দেশৰ আঞ্চলিক উন্নয়নত ভাৰসাম্যতা ৰক্ষা কৰা আৰু ৰপ্তানি বৃদ্ধি কৰিবলৈ ভাৰত চৰকাৰে ক্ষুদ্ৰ উদ্যোগ , ক্ষুদ্ৰ ব্যৱসায় আৰু গ্ৰামীণ উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ কৈ পিছপৰা অঞ্চল আৰু পাহাৰীয়া অঞ্চলত অৱস্থিত উদ্যোগ সমূহৰ ক্ষেত্ৰত অধিক মনোনিবেশ কৰিছে । ক্ষুদ্ৰ উদ্যোগ আৰু গ্ৰাম্য উদ্যোগ উন্নয়নৰ বিষয়ত লোৱা ব্যৱস্থা সমূহ হ’ল – 

(ক) অনুষ্ঠানৰ পৰা পোৱা সুবিধা :- ( i ) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য বিকাশ বেংক  (NABARD):- গ্ৰাম্য উন্নয়ন বৃদ্ধিৰ লক্ষ্যৰে ১৯৮২ চনত ইয়াক স্থাপন কৰা হৈছিল । এই বেংক বহুমুখী আৰু বহুধা বিভক্ত গ্ৰাম্য উদ্যোগ প্ৰতিষ্ঠানৰ উন্নয়নৰ বাবে কাম কৰি আহিছে । কৃষিৰ ওপৰত এই বেংকে ক্ষুদ্ৰ উদ্যোগ , ঘৰুৱা শিল্প , গ্ৰামীণ শিল্প  আৰু বাঢ়ৈ  , তাঁতী , মিস্ত্রী আদিকো সহায় কৰি আহিছে । ইয়াৰোপৰি গ্ৰামীণ উদ্যোগী ব্যক্তিক বিভিন্ন পৰামৰ্শৰ লগতে প্ৰশিক্ষণ কাৰ্যসূচী আদিৰো ব্যৱস্থা কৰি আহিছে । 

(ii) গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগ ব্যৱসায় উন্নয়ন কেন্দ্ৰ (RSBPC) :- বিশ্বৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সংস্থাৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰথম অনুষ্ঠান আৰু ইয়াক নাবাৰ্ড পৃষ্ঠপোষকতা কৰে । সামাজিক আৰু অৰ্থনৈতিক ভাৱে পিছপৰা ব্যক্তি আৰু তেনেকুৱা শ্ৰেণীৰ উন্নয়নৰ বাবে কাম কৰে । গ্ৰাম্যাঞ্চলৰ ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগ ব্যক্তি সকলৰ পৰিচালনা আৰু কাৰিকৰী বিষয়ত বিভিন্ন প্ৰকাৰে সহায় কৰে । 

(iii) ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগম (NSIC) :- ক্ষুদ্ৰ আকাৰৰ উদ্যোগ সমূহক সহায় কৰিবলৈ ১৯৫৫ চনৰ ফেব্ৰুৱাৰী মাহত (NSIC) স্থাপন কৰা হয় । ইয়াৰ মুখ্য কাৰ্যকলাপ সমূহ হ’ল – 

(ক) ক্ষুদ্র আকাৰৰ গোট সমূহৰ কাৰণে চৰকাৰী আদেশ লাভ কৰা।

(খ) ভাড়া ক্ৰয় ভিত্তিত ক্ষুদ্ৰ গোট সমূহক যন্ত্ৰপাতিৰ যোগান ধৰা ।

(গ) বিভিন্ন ধৰণৰ বজাৰকৰণৰ সুবিধা ব্যৱস্থা কৰা ইত্যাদি । 

(iv) ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (SIDBI) :- ক্ষুদ্ৰ উদ্যোগ সমূহলৈ বিত্তীয় আৰু অনাবিত্তীয় সাহাৰ্য্যৰ প্ৰবাহ নিশ্চিত কৰাৰ উদ্দেশ্যে ১৯৯০ চনৰ ২ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হোৱাকৈ এই বেংক স্থাপন কৰা হয় । বিভিন্ন আঁচনিৰ বাবে ক্ষুদ্ৰ উদ্যোগ সমূহক প্ৰত্যক্ষ বা পৰোক্ষভাৱে আৰ্থিক ঋণ সাহাৰ্য্য প্ৰদান কৰিবলৈ মূল বেংক হিচাপে ইবোৰক প্ৰতিষ্ঠা কৰা হৈছে । ইয়াৰোপৰি এনে ধৰণৰ কাম কাজত জড়িত অনুষ্ঠান সমূহৰ মাজৰ এই বেংকে সমন্বয় সাধন কৰে ।

(v) অসংগঠিত খণ্ডৰ প্ৰতিষ্ঠানৰ ৰাষ্ট্ৰীয় আয়োগ (NCEUS) :-এই আয়োগে ২০০৪ চনৰ ছেপ্টেম্বৰ মাহত প্ৰতিষ্ঠা কৰা হয় । এই আয়োগে   বিবেচনা কৰা বিষয় তথা উদ্দেশ্য  সমূহ হ’ল –  

(ক) অনানুষ্ঠানিক খণ্ডৰ ক্ষুদ্ৰ উদ্যোগ সমূহৰ উৎপাদিকা শক্তি বৃদ্ধিৰ বাবে লবলগীয়া ব্যৱস্থাৰ তদাৰক কৰা ।

(খ) বিশেষকৈ গ্ৰাম্যাঞ্চলত শ্ৰমিকৰ নিশ্চিত নিয়োগ ব্যৱস্থাৰ উন্নতি সাধন কৰা । 

(গ) গোলকীয় পৰিবেশৰ লগত  ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতাৰ বাবে উদ্যোগ খণ্ড সমূহক প্ৰস্তুত কৰা ।

(ঘ) অনানুষ্ঠানিক খণ্ডৰ উদ্যোগ সমূহলৈ ক্ষুদ্ৰ আৰ্থিক সাহাৰ্য্য আৰু সেৱা আগবঢ়োৱা ব্যৱস্থা কৰা । 

(ঙ) অনিয়মীয়া ক্ষেত্ৰ সমূহত শ্ৰমিক সকলৰ সামাজিক নিৰাপত্তা প্ৰদান কৰা ইত্যাদি । 

(Vi) গ্ৰামীণ আৰু মহিলা উদ্যমীতাৰ উন্নয়ন (RWED) :- মানৱ সম্পদ উন্নত কৰি গ্ৰাম্যাঞ্চল আৰু মহিলা উদ্যোগী সৃষ্টিৰ লক্ষ্যৰে এই আঁচনি হাতত লোৱা হৈছে ।এই ব্যৱস্থাই তলত উল্লেখ কৰা ক্ষেত্ৰত সেৱা আগবঢ়ায়  –  

(ক) গ্ৰাম্যাঞ্চলৰ যুৱক আৰু মহিলা সকলৰ মাজত ব্যৱসায়িক পৰিৱেশ সৃষ্টি কৰি সেই উদ্যোগীসকলৰ মাজত উদ্যমীতা সৃষ্টিৰ বাবে উদগনি দিয়া । 

(খ) মহিলা উদ্যোগীৰ প্ৰশিক্ষণৰ বাবে হাত পুথিৰ ব্যৱস্থা কৰা আৰু প্ৰশিক্ষণ দিয়া । 

(গ) পৰিবৰ্তনমুখী উন্নতমানৰ কৌশল প্ৰয়োগ  কাৰিকৰী উন্নয়ন সাধন আৰু চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰ সৃষ্টি কৰি বজাৰ সুবিধা সৃষ্টি কৰাৰ লগতে মুনাফাৰ মাত্ৰা বৃদ্ধি কৰা ইত্যাদি  । 

(ঘ) জিলা উদ্যোগ কেন্দ্ৰৰ স্থাপন ( DIC ) :- ক্ষুদ্ৰ আকাৰৰ আৰু কুটিৰ ঔদ্যোগৰ উন্নতিৰ কাৰণে পশ্চাদপদ জিলা সমূহত এই কেন্দ্ৰ সমূহ  স্থাপন কৰা হৈছিল ।এই কেন্দ্র সমূহে ক্ষুদ্ৰ আকাৰৰ উদ্যোগী সমূহক সকলো ক্ষেত্ৰতে সহায়ৰ হাত আগবঢ়ায় । ইয়াৰোপৰি জিলা উদ্যোগ কেন্দ্ৰ সমূহে অৱহেলিত গ্ৰামীণ বাঢ়ৈ , মিস্ত্রী আৰু ক্ষুদ্ৰ উদ্যোগী সকলৰ উদগনি দিয়া , দক্ষ শিল্পী আৰু তাঁতশালৰ বোৱনীৰ উন্নতি সাধনৰ বাবে জাতীয় আঁচনিৰ জৰিয়তে উপকৃত কৰিব পাৰে ।  

উৎসাহ বা অনুপ্ৰেৰণা :- পিছপৰা অঞ্চল , জনজাতীয় আৰু পাহাৰীয়া অঞ্চলৰ উদ্যোগিক উন্নয়নৰ বাবে কেন্দ্ৰিয় চৰকাৰে যথেষ্ট গুৰুত্ব দিয়া দেখা যায় । কেন্দ্ৰিয় চৰকাৰে গুৰুত্ব প্ৰদান কৰা ক্ষেত্ৰ কিছুমান তলত উল্লেখ কৰা হ’ল – 

(ক) মাটি :- প্ৰত্যেক ৰাজ্যই বিভিন্ন চৰ্ত ভিত্তিক ক্ষুদ্র উদ্যোগ প্ৰতিষ্ঠানৰ বাবে মাটি আগবঢ়ায়   ।

(খ) শক্তি :- কিছুমান ৰাজ্যই প্ৰাৰম্ভিক অৱস্থাত বিনামূলীয়া কৈ আৰু কিছুমান ৰাজ্যই ৫০% ৰেহাই হাৰত শক্তিৰ যোগান ধৰে । 

(গ) পানী যোগান   :   লাভ ক্ষতি হীন ভিত্তিত অথবা প্ৰথম ৫ বছৰৰ বাবে বিনামূলীয়া কৈ অথবা ৫০%  ৰেহাই হাৰত পানীৰ যোগান ধৰে  । 

(ঘ) বিক্ৰিকৰ :- ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত বিক্ৰিকৰ ৰেহাইৰ ব্যৱস্থা আছে   । 

(ঙ) আগৰ প্ৰৱেশ কৰ :- উৎপাদিত দ্ৰব্য বিক্ৰীৰ বাবে নগদলৈ আনিলে প্ৰৱেশ কৰ নলয় । 

(চ) আৰ্থসাহাৰ্য্য :- ৰেহাই হাৰত ঋণ প্ৰদান কৰে । 

(ছ) কৰমাফ :- পিছপৰা, পাহাৰীয়া আৰু জনপ্ৰিয় অঞ্চলত স্থাপন কৰা উদ্যোগসমূহক ৫ ৰ পৰা ১০ বছৰলৈ কৰ মাফ দিয়া হয় । 

চমু টোকা লিখা :  

(ক) গ্ৰাম্য উদ্যোগ  

(খ) কুটিৰ শিল্প 

(ক) গ্ৰাম্য উদ্যোগ :- সাধাৰণতে গ্ৰাম্যাঞ্চলত স্থাপিত উদ্যোগ সমূহকে গ্ৰামোদ্যোগ বুলি কোৱা হয় ।এনেকুৱা উদ্যোগসমূহে যিবোৰ বস্তু উৎপাদন কৰে বা যিবোৰ সেৱা আগবঢ়ায়  , সেইবোৰ উৎপাদন কৰাৰ ক্ষেত্ৰ বৈদ্যুতিক বা তেনে কোনো শক্তি ব্যৱহাৰ নকৰে । এনেকুৱা প্ৰতিষ্ঠানত প্ৰতিজন লোকৰ খটুৱা ধনৰ পৰিমাণ ৫০, ০০০,০০টকাতকৈ বেছি হব নোৱাৰিব অথবা কেন্দ্ৰিয় চৰকাৰে ধার্যকৰা ধনৰ পৰিমানতকৈ বেছি হব নোৱাৰিব । 

(খ) কুটিৰ শিল্প :- এনেকুৱা শিল্পবোৰক পৰম্পৰাগত অথবা গ্ৰাম্য উদ্যোগ বুলিও কোৱা হয় । অন্যান্য শিল্পৰ ক্ষেত্ৰত যিদৰে  নিয়োজিত ধনৰ পৰিমাণ নিৰূপিত কৰা হয় ,এনেকুৱা ঘৰুৱা শিল্পৰ ক্ষেত্ৰত নিয়োজিত ধনৰ পৰিমাণ নিৰূপন কৰা নহয় । ইয়াৰ লক্ষণ সমূহ হ’ল  – 

(১) এই উদ্যোগ সমূহ নিজাববীয়াকৈ ধন খটুৱাই ব্যক্তিগত ভাবে স্থাপন কৰা হয় । 

(২) এই উদ্যোগসমূহ সাধাৰণতে নিজ ঘৰৰ লোকৰ দ্বাৰাই অথবা স্থানীয় ভাবে নিযুক্ত লোকৰ দ্বাৰাইহে পৰিচালিত হয় ।

(৩) এই শিল্প ব্যৱস্থাত সা –  সৰঞ্জাম সমূহ একেবাৰে সাধাৰণ বিধৰ ।

(৪) নিয়োজিত ধনৰ পৰিমাণ তেনেই কম । 

(৫) নিজৰ ঘৰতে সাধাৰণ সামগ্ৰী সমূহ এই শিল্পত তৈয়াৰ কৰা হয় । 

৬।তলত দিয়াবোৰৰ পূৰ্ণ ৰূপ দিয়া :

(i) NABARD,(ii) RSBDC,(iii) WASME ,(IV) NSIC ,(v) SIDBI,(vi) NCEUS ,(vii) RWED,(Viii) SFURTI,(ix) DIC 

,(x)IRDP,(xi )TRYSEM,(xii) PMRY

উত্তৰ :- ( I ) NABARD :- National Bank for Agriculture and Rural Development .

(ii) RSBDC :-The Rural Small Business Development Center.

(iii) WASME :- World Association for Small and Medium Enterprises .

(IV) NSIB :- National Small Industries Corporation .

(v) SIDBI :- Small Industries Development Bank of India . 

(vi) NCEUS :- The National Commission for Enterprises in the Unorganized sector .

(vii) RWED : Rural and Woman Entrepreneurship Development .

(viii) SFYRTI :- Scheme of fund for Re -Generation of Traditional Industries .

(ix) DIC :- The District Industries Center . 

(x) IRDP :- Integrated Rural Development Programme .

(xi) TRYSEM :-Training of Rural Youth for Sale Employment .

(xii) PMRY :- Prime Minister Rojgar Yojana 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top