Class 11 Business Chapter 6 ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ

Class 11 Business Chapter 6 ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Business Chapter 6 ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ and select needs one.

Class 11 Business Chapter 6 ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Business Chapter 6 ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ Solutions for All Subject, You can practice these here.

ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ

Chapter : 6

বহুমুখী পছন্দৰ প্ৰশ্নৱালী

১। সামাজিক দায়বদ্ধতা হ’ল  –

(ক) আইনগত দায়বদ্ধতাৰ লগত একে ,

(খ) আইনগত দায়বদ্ধতাতকৈ বহল ,

(গ) আইনগত দায়বদ্ধতাতকৈ ঠেক আৰু 

(ঘ ) ওপৰোক্ত এটাও নহয়  ।

উত্তৰ :- (খ) আইনগত দায়বদ্ধতাতকৈ বহল ।

২। ভিন্নমূখী আৰু জটিল সমস্যাৰে জৰ্জৰিত সমাজ এখনত ব্যৱসায় পৰিচালনা কৰিলে  –

(ক) সফল হোৱাৰ সুযোগ কম , 

(খ) সফল হোৱাৰ সুযোগ বেছি ,

(গ) বিফল হোৱাৰ সুযোগ বেছি ,

(ঘ) সফলতা নাইবা বিফলতাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই  

উত্তৰ :- (ক)  সফল হোৱাৰ সুযোগ কম  ।

৩। ব্যৱসায়ীসকল তলত উল্লেখিত কোনটো সমস্যা সমাধানৰ ক্ষেত্ৰত দক্ষ – 

(ক) কোনো সামাজিক সমস্যা , 

(খ) কিছুমান সামাজিক সমস্যা , 

(গ) সামাজিক সমস্যা সমাধানৰ ক্ষেত্ৰত ,

(ঘ) সকলো অৰ্থনৈতিক সমস্যা অযোগ্য 

উত্তৰ :- (খ) কিছুমান সামাজিক সমস্যা ।

৪।এটা  ব্যৱসায় প্ৰতিষ্ঠণে তলত উল্লেখিত কোনটো পক্ষৰ প্ৰতি দায়বদ্ধতা পালন কৰিলে এজন সুনাগৰিকৰদায়িত্ব পালন কৰাটো সূচায়- 

(ক) মালিক ,

(খ) বনুৱা ,

(গ) ভোক্তা, 

(ঘ) জাতি

উত্তৰ :- (ঘ) জাতি 

৫। তলত  উল্লেখিত কোনটো পক্ষৰ প্ৰচেষ্টাৰে পাৰিপাৰ্শ্বিক সুৰক্ষা ভালকৈ কৰিব পাৰি  – 

(ক) ব্যৱসায়ী , 

(খ) চৰকাৰ , 

(গ) বিজ্ঞানী , 

(ঘ) সকলো মানুহ 

উত্তৰ :- (ঘ) সকলো মানুহ 

৬। তলত উল্লেখিত কোনটো উপাদানে সমাজত আটাইতকৈ কল্যাণ সাধন কৰে  – 

(ক) ব্যৱসায়ৰ সফলতা , 

(খ) আইন আৰু নীতি নিয়ম ,

(গ) নীতিশাস্ত্ৰ ,

(ঘ) পেছাদাৰী  পৰিচালনা

উত্তৰ :- (খ) আইন আৰু নীতি নিয়ম ।

৭।তলত উল্লেখিত কোনটোৰ বাবে নীতিশাস্ত্ৰ প্ৰয়োজনীয় – 

(ক) শীৰ্ষ পৰিচালনাৰ বাবে , 

(খ) মাধ্যম স্তৰৰ পৰিচালনাৰ বাবে , 

(গ) পৰিচালনা সংক্ৰান্তীয় কাম কাজত ,

(ঘ) ওপৰৰ উল্লেখিত আটাইকেইটা ভাগ  নোলোৱা কৰ্মচাৰীসকলৰ বাবে 

উত্তৰ :- (ঘ) ওপৰৰ উল্লেখিত আটাইকেইটা ।

৮। তলত উল্লেখিত কোনটো প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তাৰ লগত জড়িত – 

(ক) ব্যয় সংকোচন ,

(খ) দেনা – দায়িত্বৰ বিপদ হ্ৰাস ,

(গ) স্বাস্থ্যৰ প্ৰতি ভাবুকি হ্ৰাস ,

(ঘ) ওপৰৰ আটাইকেইটা 

উত্তৰ :- (ঘ) ওপৰৰ আটাইকেইটা  ।

চমু উত্তৰৰ প্ৰশ্নৱালী :

১। প্ৰশ্ন : ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা বুলিলে কি বুজা ? ই আইনগত দায়বদ্ধতাতকৈ কি কি দিশত পৃথক ? 

উত্তৰ :- ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা বুলিলে ব্যৱসায় প্ৰতিষ্ঠানবোৰৰ এনেবোৰ সিদ্ধান্ত আৰু কার্যব্যৱস্থা গ্ৰহণৰ দায়িত্বক বুজায় যিয়ে সমাজৰ আকাংক্ষিত উদ্দেশ্য আৰু মূল্যবোধ মানি চলাত গুৰুত্ব আৰোপ কৰে । K . K . Andrew ৰ মতে ব্যৱসায় প্ৰতিষ্ঠানৰ   “সামাজিক দায়িত্বই সমাজৰ কল্যাণৰ অৰ্থে বুদ্ধিমান আৰু উদ্দেশ্যধৰ্মী বিষয় বুজায়  ।”

সামাজিক দায়বদ্ধতা আৰু আইনগত দায়বদ্ধতাৰ মাজৰ পাৰ্থক্য :-

(ক) ব্যৱসায়ৰ সামাজিক দায়বদ্ধতাৰ পৰিসৰ বহল । আনহাতে আইনগত দায়বদ্ধতাৰ পৰিসৰ তুলনামূলকভাৱে ঠেক ।

(খ) সামাজিক দায়বদ্ধতা হৈছে ব্যৱহায় প্ৰতিষ্ঠানৰ সামাজিক দায়িত্বৰ স্বীকৃতি কিন্তু আইনগত দায়িত্ব কেৱল আইনৰ আদেশ পালন ক্ৰিলয়েই পূৰণ কৰিব পাৰি ।

(গ) সামাজিক কল্যাণৰ বাবে ব্যৱহায়ীয়ে গ্ৰহণ কৰা বিভিন্ন স্বেচ্ছামূলক কার্যব্যৱস্থাকেই ব্যৱসায়ৰ সামাজিক দায়বদ্ধতাৰ লগত সাঙুৰি লোৱা হয় । আনহাতে আইনগত দায়িত্বৰ কেৱল আইনৰ গণ্ডীবদ্ধ বিষয় সমূহহে সাঙুৰি লয়  ।

২। প্ৰশ্ন : পাৰিপাৰ্শ্বিক অৱস্থা কি ? পাৰিপাৰ্শ্বিক জনীত প্ৰদূষণ কি  ?

উত্তৰ :- পাৰিপাৰ্শ্বিক ব্যুত্পত্তিগত অৰ্থ হৈছে পৰিবেষ্টিত বা আগুৰি থকা অৱস্থা । অৰ্থাৎ আমাৰ চাৰিওকাষে থকা প্ৰাকৃতিক আৰু মানৱ সৃষ্টি সামগ্ৰীক অৱস্থাটোকেই পৰিৱেশ বুলি কোৱা হয় । তদুপৰি ই নির্দিষ্ট কৈ কোনো ক্ষেত্ৰ বিশেষৰ চৌপাশে আগুৰি থকা ভিন্ন উপাদানৰ সুক্ষ্ম আৰু পাৰস্পৰিক সম্পর্কৰ দ্বাৰা উদ্ভৱ হোৱা এক জটিল অৱস্থাকে বুজায়  ।

পাৰিপাৰ্শ্বিক জনীত প্ৰদূষণ হৈছে পৰিবেশৰ দ্বাৰা উদ্ভৱ হোৱা প্ৰদূষণ । যেনে  আমাৰ চাৰিওকাষে অৱস্থিত বিভিন্ন উদ্যোগ বা কাৰখানাৰ বিভিন্ন কাম কাজৰ বাবে পৰিবেশ প্ৰদূষিত হৈছে ।  বিভিন্ন সামগ্ৰী উৎপাদনৰ বাবে প্ৰদূষণৰ পৰিমাণ দিনে দিনে বৃদ্ধি হৈছে । এই প্ৰদূষণে মাটি , অন্যায় সাধন কৰি এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । এই ধৰণৰ প্ৰদূষণে পৰিবেশৰ গুণগত মান , মানুহৰ স্বাস্থ্য আৰু প্ৰাকৃতিক তথা মানৱ  সৃষ্ট সম্পদসমূহৰ বাবে বিপদ কঢ়িয়াই আনি আমাৰ অস্তিত্বৰ বাবে এক অশুভ লক্ষণ হিচাপে দেখা যায় । 

৩।প্ৰশ্ন : ব্যৱসায়ৰ নীতি শাস্ত্ৰ কি ?  ইয়াৰ মূল উপাদান সমূহৰ উল্লেখ কৰা  । 

উত্তৰ :- নীতিশাস্ত্ৰ শব্দটো গ্ৰীক শব্দ (Ethies)  ৰ পৰা উৎপত্তি হৈছে । এটা গোট বা এখন  সমাজত প্ৰচলিত আদৰ্শ , ধাৰণা ,নীতি ইত্যাদিকে নীতিশাস্ত্ৰ বুলি কোৱা হয়  । কোনো এক  নিৰ্দিষ্ট কাম কাজৰ ক্ষেত্ৰত মানুহে কিদৰে আচৰণ কৰে আৰু তেওঁলোকৰ বাবে কি শুদ্ধ কি অশুদ্ধ তাক এটা নিৰ্দিষ্ট মানদণ্ডৰে বিবেচনা কৰাকে নীতিশাস্ত্ৰ বুলি কোৱা হয় ।  সমাজৰ দ্বাৰা  নিৰ্দ্ধাৰিত যিবোৰ নীতি নিৰ্দেশনাই ব্যৱসায়ৰ কাম কাজ সমূহ পৰিচালনা কৰে সেইবোৰকে ব্যৱসায়ৰ নীতিশাস্ত্ৰ বুলি কব পাৰি  । 

ব্যৱসায়ৰ নীতিশাস্ত্ৰৰ উপাদান সমুহ হ’ল – 

(ক) শীৰ্ষ পৰিচালনাৰ প্ৰতিশ্ৰুতি :- ব্যৱসায় প্ৰতিষ্ঠানে নৈতিকতা মানি চলাৰ ক্ষেত্ৰত সংগঠনটোৰ শীৰ্ষ পৰিচালনাই এক বিশেষ ভূমিকা গ্ৰহণ কৰে । ব্যৱসায় প্ৰতিষ্ঠান এটাই ইয়াৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অন্যান্য উচ্চ পৰ্যায়ৰ বিষয়া সকলে নৈতিকতা বজাই ৰাখি কামত অগ্ৰহৰ হব লাগে   ।

(খ) আচৰণ  বিধিৰ প্ৰকাশ :- যিবিলাক ব্যৱসায় প্ৰতিষ্ঠানে নীতিশাস্ত্ৰ অনুসৰি কাৰ্যসূচী যুগুত কৰে , সেইবিলাকে ব্যৱসায় পৰিচালনা কৰিবলৈ কিছুমান আচৰণ বিধি লিখিত নথি আকাৰত প্ৰকাশ কৰি উলিয়ায় । মৌলিক সাধুতা আৰু আইনৰ প্ৰতি আনুগত্য প্ৰকাশৰ দ্ৰব্য সামগ্ৰীৰ গুণগত মান , কৰ্মস্থলীত কৰ্মচাৰীসকলৰ স্বাস্থ্য জনিত সুৰক্ষা , বিক্ৰী বা বিপনন প্ৰণালীত উচিত কাৰ্যপন্থা গ্ৰহণ , বিত্তীয় খতিয়ান প্ৰদান ইত্যাদি বোৰকেই এই আচৰণবিধিয়ে সামৰি লয় । 

(গ) আজ্ঞাপালনৰ বিশেষ পদ্ধতি স্থাপন :- ব্যৱসায় প্ৰতিষ্ঠান এটাই নিৰ্দিষ্ট কৰা নৈতিক মানদণ্ড অনুযায়ী ইয়াৰ সিদ্ধান্ত আৰু কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে নে নাই তাক নিশ্চিত কৰিবলৈ এটা উপযুক্ত পদ্ধতি গ্ৰহণ কৰা উচিত  । যেনে কৰ্মচাৰী সকলৰ ক্ষেত্ৰত নিৰ্দিষ্ট মূল্যবোধ আৰু নৈতিকতাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা , কৰ্মচাৰী প্ৰশিক্ষণৰ ক্ষেত্ৰত নীতিশাস্ত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান ইত্যাদি  । 

(ঘ) সকলো স্তৰতে কৰ্মচাৰীসকলক জড়িত কৰা :- ব্যৱসায়ৰ নৈতিকতাক প্ৰকৃত ৰূপ দিবলৈ সকলো স্তৰতে কৰ্মচাৰী সকলক নীতিশাস্ত্ৰ বিষয়ক কাম কাজ সম্পৰ্কে সচেতন কৰা দৰকাৰ । কাৰণ ব্যৱসায়ৰ কাম কাজ সমূহৰ লগত ইয়াৰ কৰ্মচাৰী সকলেহে ওতপোত ভাবে জড়িত হৈ থাকে  ।  গতিকে এওঁলোকৰ পূৰ্ণ সহযোগিতা অবিহনে ব্যৱসায় প্ৰতিষ্ঠানৰ নৈতিকতাৰ দিশটোত সফলতা সম্ভৱ নহয়  ।

(ঙ) ফলাফলৰ জোখমাখ :- ই যদিও এক জটিল বিষয় তথাপিও ব্যৱসায়ৰ কাম কাজসমূহ নৈতিকতাৰে পালন কৰা হয় নে নাই তাক নিৰীক্ষণ ব্যৱস্থা ,  ব্যৱসায় প্ৰতিষ্ঠান সমূহে কৰিব পাৰে । ইয়াৰ উপৰিও শীৰ্ষ পৰিচালনাৰ লগত জড়িত ব্যক্তিসকল আৰু অন্যান্য কৰ্মচাৰী সকলে ব্যৱসায়ৰ নৈতিক দিশটোৰ ফলাফল সম্পৰ্কে আলোচনা কৰি এই বিষয়ে ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণ কৰা উচিত  । 

৪।প্ৰশ্ন : তলত দিয়াবোৰৰ চমু বৰ্ণনা দিয়া-

উত্তৰ :- বায়ু প্ৰদূষণ :- কিছুমান বিশেষ উপাদানৰ সংযোজনেই হৈছে বায়ু প্ৰদূষণ , যিয়ে আমি বাস কৰা পৃথিৱীখনৰ বায়ুৰ গুণগত মান নিম্নগামী কৰে । গাড়ীমটৰৰ পৰা নিৰ্গত কাৰ্বন মন  – ক্সাইডৰ পৰাই মূলত বায়ু আৰু ব্যৱসায়িক পদাৰ্থৰ বাবেই আমি বাহ কৰা পৃথিৱীখনৰ বায়ু প্ৰদূষিত হয় । এই বায়ু প্ৰদূষণৰ বাবেই অজ’ন স্তৰৰ কিছুমান বিন্ধাৰ সৃষ্টি হৈছে আৰু ইয়াৰ পৰাই পৃথিৱীখন ক্ৰমে ভয়াবহ গৰম হবলৈ আৰম্ভ কৰিছে  ।

জলপ্ৰদূষণ :- ব্যৱসায়িক আৰু কিছুমান পেলনীয়া সামগ্ৰিৰ বাবেই পানী প্ৰদূষিত হৈ আহিছে । বহুবছৰৰ পৰা ব্যৱসায় প্ৰতিষ্ঠান সমূহে ইয়াৰ পেলনীয়া সমগ্ৰীসমূহ নদী ,  হ্ৰদ ইত্যাদিত পেলাই অহাৰ বাবে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই জল প্ৰদূষণৰ বাবেই বিভিন্ন জীৱজন্তুৰ মৃত্যু হৈছে আৰু ই মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি এক ভয়াবহ শংকা কঢ়িয়াই আনিছে  । 

মাটি প্ৰদূষণ :- কল কাৰখানা আদিৰ পৰা যিবিলাক বিষাক্ত আৱৰ্জনা নিৰ্গত হয় । সেইবোৰ মাটিত পেলোৱাৰ বাবে মাটি প্ৰদূষিত হয় । এই প্ৰদূষিত মাটি খেতি বাতি আদিৰ বাবে অনুপযোগী কৰাটো অতি কঠিন কাম  । 

শব্দ প্ৰদূষণ :- বৰ্তমান সময়ত বৰ্দ্ধিত কল কাৰখানা আৰু যানবাহন সমূহ শব্দ প্ৰদূষণৰ অন্যতম কাৰক  হৈ পৰিছে । কল কাৰখানা আৰু যান বাহনে সৃষ্টি কৰা শব্দবোৰ মানুহৰ বাবে অকল বিৰক্তি দায়কেই নহয় ই সমগ্ৰ মানৱ জাতিৰ সু – স্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ । কাণেৰে নুশুনা , মানসিক বিকাৰ গ্ৰস্থতা আৰু হৃদযন্ত্ৰৰ অস্বাভাৱিক ক্ৰিয়া আদি বেমাৰৰ বাবে এই দিশ প্ৰদূষণ বহু পৰিমাণে দায়ী  ।

৫। প্ৰশ্ন : ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা সপক্ষে আৰু বিপক্ষে উত্থাপিত যুক্তিসমূহ দাঙি ধৰা  । 

উত্তৰ :- ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা সপক্ষে যুক্তি –

(ক) ব্যৱসায়ৰ অস্তিত্ব আৰু সমৃদ্ধিৰ ক্ষেত্ৰত নায্যতা :- দ্ৰব্য আৰু সেৱাৰ যোগান ধৰি মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ মাজতেই ব্যৱসায় প্ৰতিষ্ঠান সমূহ বাছি থাকে  । সমাজৰ প্ৰতি নিয়মিত ভাবে আগবঢ়োৱা সেৱাৰ ওপৰতেই ব্যৱসায়ৰ উন্নতি আৰু সমৃদ্ধি নিহিত হৈ থাকে । যেয়ে ব্যৱসায় পপ্ৰতিষ্ঠান সমূহে সামাজিক দায়বদ্ধতাৰ ধাৰণাটো গ্ৰহণ কৰা কাৰ্যই ইয়াৰ অস্তিত্ব আৰু সমৃদ্ধিৰ ক্ষেত্ৰত নায্যতা প্ৰদান কৰে  । 

(খ) ব্যৱসায় প্ৰতিষ্ঠানৰ দীৰ্ঘকালীন স্বাৰ্থ ৰক্ষা :- সমাজলৈ সেৱা আগবঢ়োৱাৰ জৰিয়তে ব্যৱসায় প্ৰতিষ্ঠানসমূহে ভোক্তা আৰু জনসাধাৰণৰ মাজত এটা সুস্থ ভাৱমূৰ্তি গঢ়ি তুলিব পাৰে । ব্যৱসায়ৰ এই ভাৱমূৰ্তি য়ে দীৰ্ঘকালীন সময়ত সৰ্বাধিক লাভ অর্জনৰ পথো মুকলি কৰি দিয়ে  ।

(গ) চৰকাৰী বিধি এৰাই চলা :- চৰকাৰী বিধি বিধান সমূহে ব্যৱসায় প্ৰতিষ্ঠানৰ স্বাধীনতাত হস্তক্ষেপ কৰে । গতিকে চৰকাৰী বিধি বিধান সমূহ এৰাই চলিবলৈ ব্যৱসায় প্ৰতিষ্ঠান সমূহে স্বেচ্ছাই সামাজিক দায়বদ্ধতা পালন কৰিবলৈ আগ্ৰহী । 

(ঘ) সমাজৰ সুস্থতা ৰক্ষা :- ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা সম্পৰ্কে যিবিলাক মানুহ সন্তুষ্ট নহয় তেওঁলোকে সমাজ বিৰোধীকামত লিপ্তও হোৱাৰ থল থাকে । যিহেতু এই আটাইবোৰ বিষয় আইনৰ দ্বাৰা সমাধাও কৰিব নোৱাৰি সেয়ে ব্যৱসায় প্ৰতিষ্ঠান সমূহত দেখা দিব পৰা সম্ভাব্য অনিষ্ট সাধনৰ পৰা ৰক্ষা পাবলৈ ব্যৱসায় প্ৰতিষ্ঠান সমূহে নিজ ইচ্চতেই সামাজিক দায়বদ্ধতা পালন কৰাটো উচিত  ।

(ঙ) সামাজিক সমস্যাৰ বাবে ব্যৱসায়িক দায়বদ্ধকৰণ :- সমাজৰ কিছু সমস্যা যেনে প্ৰদূষণ  , অসুৰক্ষিত প্ৰতিষ্ঠানবোৰ সৃষ্টি কৰে আৰু ই চিৰস্থায়ী হৈ সমাজৰ অন্যায় কৰে  । গতিকে এই সমস্যাবোৰ ব্যৱসায় প্ৰতিষ্ঠান বোৰে স্বেচ্ছাই আগবাঢ়ি আহি সমাধানৰ সূত্ৰ উলিওৱাটো ব্যৱসায়ৰ পক্ষে এটা নৈতিক দায়িত্ব   । 

ব্যৱসায়ৰ সামাজিক দায়বদ্ধতাৰ বিপক্ষে যুক্তি –  

(ক) সৰ্বোচ্চ লাভৰ উদ্দেশ্যে ভংগ :- ব্যৱসায়ৰ প্ৰধান আৰু সৰ্বজন স্বীকৃত উদ্দেশ্যে হৈছে লাভ অর্জন কৰা  । এই লাভ অর্জনৰ উদ্দেশ্যেতেই ইয়াৰ অস্তিত্ব নিহিত হৈ থাকে । গতিকে যিকোনো সামাজিক দায়বদ্ধতাৰ ধাৰণা ব্যৱসায়ৰ লাভ অর্জন উদ্দেশ্যেৰ পৰিপন্থী  ।

( খ) ভোক্তাৰ ওপৰত বোজা :- ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা সমূহৰ ভিতৰত পৰিবেশ সুৰক্ষা আৰু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো অতি ব্যয়বহুল আৰু ইয়াৰ বাবে যথেষ্ট ধন বিনিয়োগৰ প্ৰয়োজন  । এই ধন ব্যৱসায়ী সকলে নিজে বহন নকৰি সামাজিক দায়বদ্ধতাৰ নামতে দ্ৰব্যমূল বৃদ্ধি কৰি ইয়াৰ বোজা গ্ৰহকসকলক জাপি দিয়াটো পৰিলক্ষিত হয় । গতিকে সামাজিক দায়বদ্ধতাৰ নামত ভোক্তাৰ ওপৰত কেনেকৈ অধিক বোজা জাপি দিয়াটো কেতিয়াও যুক্তিসংগত হব নোৱাৰে  । 

(গ) সমাজ সম্পৰ্কে দক্ষতাৰ অভাৱ :- ব্যৱসায়ৰ সমস্যা সমূহ সমাধান কৰাৰ দৰে সকলো সামাজিক সমস্যা সমাধান কৰিব নোৱাৰি  । সেয়ে সামাজিক সমস্যাসমূহ সমাজৰ অইন কোনো বিশেষ প্ৰতিনিধিৰ দ্বাৰা সমাধান কৰাটো উচিত   । 

(ঘ) জনসাধাৰণৰ সমূহীয়া সমৰ্থনৰ অভাৱ :- সমাজৰ কৰ্মসূচীত ব্যৱসায়ৰ অংশ গ্ৰহন বা হস্তক্ষেপ সাধাৰণতে জনসাধাৰনতে নিবিচাৰিবও পাৰে । সেয়েহে সামাজিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত সমাজৰ আস্থা আৰু সহযোগিতাৰে অভাৱৰ বাবে ব্যৱসায় প্ৰতিষ্ঠানসমূহে কৃতকাৰ্যতাৰে এই দিশত আগবাঢ়িব নোৱাৰে   । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডব্যৱসায়ৰ বুনিয়াদ
Chapter 1ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য ।
Chapter 2ব্যৱসায় সংগঠনৰ প্ৰকাৰ ।
Chapter 3ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ ।
Chapter 4ব্যৱসায় সেৱা ।
Chapter 5ব্যৱসায়ৰ নতুন নতুন ধৰণ ।
Chapter 6ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ ।
দ্বিতীয় খণ্ডকোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ
Chapter 7কোম্পানীৰ গঠন ।
Chapter 8ব্যৱসায় বিত্তৰ উৎসসমূহ ।
Chapter 9ক্ষুদ্ৰ ব্যৱসায় ।
Chapter 10আভ্যন্তৰীণ বেহা–বেপাৰ ।
Chapter 11আন্তৰ্জাতিক ব্যৱসায় – ১

দীঘলীয়া উত্তৰৰ প্ৰশ্নৱালী : 

১।প্ৰশ্ন : বিভিন্ন স্বাৰ্থ জড়িত পক্ষৰ  প্ৰতি ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা ব্যখ্যা কৰা  । 

উত্তৰ :- ব্যৱসায় প্ৰতিষ্ঠানৰ সামাজিক দায়বদ্ধতা থকা বিভিন্ন স্বাৰ্থজড়িত পক্ষ সমূহ হ’ল –  

(ক) অংশধাৰক নাইবা মালিকৰ প্ৰতি দায়বদ্ধতা :- সকলো অংশধাৰক নাইবা মালিকে তেওঁলোকৰ বিনিয়োগৰ পৰা এটা যুক্তি সংগত আয় লাভ কৰিব বুলি আশা কৰে  । এই আশা পূৰণ কৰাটো ব্যৱসায় প্ৰতিষ্ঠানবোৰৰ অন্যতম দায়িত্ব । ইয়াৰ উপৰিও ব্যৱসায়ত যি মূলধন বিনিয়োগ কৰা হয় তাৰ সুৰক্ষাৰ দায়িত্বও ব্যৱসায় প্ৰতিষ্ঠানবোৰে লব লাগে  । আনহাতে কোম্পানীৰ প্ৰকৃত মালিক হিচাপে অংশ ধাৰক সকললৈ কাম কাজৰ নিয়মিত খতিয়ান দাঙি ধৰাৰ লগতে শুদ্ধ আৰু সম্পূৰ্ণ বিত্তীয় তথ্য যোগান ধাৰটোও ব্যৱসায় প্ৰতিষ্ঠানবোৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব  । 

(খ) শ্ৰমিক সকলৰ প্ৰতি দায়বদ্ধতা :- ব্যৱসায় প্ৰতিষ্ঠানৰ সফল কাৰ্য সম্পাদনৰ এটা প্ৰধান অংগ হৈছে ইয়াৰ শ্ৰমিকসকল । সেয়েহে শ্ৰমিক সকলৰ প্ৰতি ব্যৱহায়ৰ কিছুমান গুৰুত্ব দায়িত্ব আছে আৰু সেইবোৰ ব্যৱসায়ী নাইবা পৰিচালক সকলে গুৰুত্ব সহকাৰে পালন কৰা উচিত  । এনেবোৰ দায়িত্ব হৈছে  – 

(১) সুস্থ কৰ্ম পৰিবেশৰ নিশ্চয়তা প্ৰধান কৰি শ্ৰমিক সকলৰ সহযোগিতা আদায় কৰা  । 

(২) শ্ৰমিক সকলক শ্ৰমিক সংগঠন গঠন কৰিব পৰাটো গণতান্ত্ৰিক অধিকাৰ দিয়া  । 

৩।শ্ৰমিক সকললৈ নিয়মিতভাৱে উপযুক্ত মাজুৰি আগবঢ়োৱা ইত্যাদি ।

(গ) ভোক্তাৰ প্ৰতি দায়বদ্ধতা :- আধুনিক বজাৰ ব্যৱস্থাত গ্ৰাহকক ৰজা বুলি গণ্য কৰা হয়  । ভোক্তা সকলে কি বিচাৰে আৰু তাৰ দ্বাৰা তেওঁলোক কেনেকৈ সৰ্বাধিক ভাবে উপকৃত হয় ,   ইত্যাদি ভোক্তাৰ আচৰণ জানিবলৈ ল’লে ব্যৱসায় প্ৰতিষ্ঠানে সংগঠিত ভাবে প্ৰচেষ্টা চলাব  লাগে ।  সঠিক সময়ত  ,  সঠিক ঠাইত সঠিক দৰত ভোক্তাক পণ্য আৰু সেৱাৰ যোগান ধৰাটো ব্যৱসায়ীসকলৰ এটা দায়িত্ব । ইয়াৰ লগে লগে পণ্যৰ গুণগত মান  ; পণ্যৰ চাহিদা , পণ্যৰ যোগান , কলা বজাৰ বা অবৈধ মজুত কৰণ নোহোৱা কৰা ইত্যাদি দায়িত্ব সমূহো ব্যৱসায় প্ৰতিষ্ঠান সমূহে পালন কৰিব লাগে  । 

(ঘ) চৰকাৰ বা সমাজৰ প্ৰতি দায়বদ্ধতা :- এটা ব্যৱসায় প্ৰতিষ্ঠানে দেশখনৰ আইন ব্যৱস্থাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ লগতে চৰকাৰে ধার্য কৰা কৰ কাটল নিয়মিত ভাৱে আৰু সাধুতাৰে পৰিশোধ কৰা উচিত   ।  ব্যৱসায় প্ৰতিষ্ঠানবোৰ এজন সুনাগৰিকৰ দৰে আচৰণ কৰি সমাজে বান্ধি দিয়া মূল্যবোধ অনুসৰি কাম কাজ পৰিচালনা কৰা উচিত । ব্যৱসায়ৰ কল – কাৰখানাই সৃষ্টি কৰা প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাৰ জৰিয়তে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাটোও ইয়াৰ আন এটা সামাজিক দায়িত্ব । ইয়াৰ উপৰিও সমাজৰ বিভিন্ন পক্ষৰ লগত সুস্থ সম্পৰ্ক ৰক্ষা কৰি ব্যৱসায় প্ৰতিষ্ঠানবোৰে ইয়াৰ নিজা ভাৱমূৰ্তি অক্ষুন্ন ৰাখিব পাৰে    ।

২। প্ৰশ্ন : ব্যৱসায়ৰ সামাজিক দায়বদ্ধতাই সামৰি লোৱা মূল এলেকাবোৰ কি কি  ?  

উত্তৰ :- ব্যৱসায়ৰ সামাজিক দায়বদ্ধতাই সামৰি লোৱা মূল এলেকাবোৰ হ’ল মালিক বা অংশ ধাৰক সকল ,  বিনিয়োগকাৰী সকল , কৰ্মচাৰীও শ্ৰমিক সকল  ,  গ্ৰাহক সকল , চৰকাৰ  , সম্প্ৰদায় আৰু জনসাধাৰণ ইত্যাদি  । 

৩।প্ৰশ্ন : ব্যৱসায় প্ৰতিষ্ঠানবোৰে কিয় প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে  ? ব্যাখ্যা কৰা  । 

উত্তৰ :- ব্যৱসায় প্ৰতিষ্ঠান বোৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰাৰ বিভিন্ন কাৰণ বা যুক্তিযুক্ততা সমূহ হ’ল – 

(ক) স্বাস্থ্যৰ প্ৰতি বিপদৰ আশংকা হ্ৰাস :- প্ৰদূষিত পৰিবেশৰ কাৰণে বিভিন্ন ধৰণৰ ৰোগ যেনে কৰ্কট ৰোগ  , হৃদক্ৰিয়া বন্ধ , হাওঁফাওঁৰ জটিলতা আদি ৰোগ সমূহ হৈছে  । পৰিৱেশ নিয়ন্ত্ৰণৰ কাৰণে লোৱা ব্যৱস্থা সমূহে এই ৰোগসমূহৰ ভয়াবহতাক দমন কৰাৰ লগতে মানুহৰ স্বাস্থক সুৰক্ষা প্ৰদান কৰে   । 

(খ) দেনা  – দায়িত্বৰ সম্ভাৱনা হ্ৰাস :- ব্যৱসায় প্ৰতিষ্ঠানবোৰৰ পৰা সৃষ্টি হোৱা বিভিন্ন বিষাক্ত গেছীয়  , জুলীয়া আৰু গোটা আৱৰ্জনা বোৰে ইয়াৰ চাৰিওফালে বাস কৰা মানুহবোৰৰ ক্ষতিসাধন কৰাৰ বাবে তেওঁলোকে ব্যৱসায় প্ৰতিষ্ঠানবোৰৰ পৰা ক্ষতিপূৰণ দাবী কৰিব পাৰে  । ব্যৱসায় প্ৰতিষ্ঠানবোৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ সঁজুলি ব্যৱহাৰ কৰি ইয়াক প্ৰতিৰোধ কৰিলে এই সমস্যা বহু পৰিমাণে আঁতৰ হয়  । 

(গ) উজ্বল ৰাজহুৱা ভাৱমূৰ্তি :- পৰিবেশৰ গুণগত মানৰ প্ৰতি জনসাধাৰণৰ সজাগতা ক্ৰমে বৃদ্ধি পোৱাৰ বাবে ব্যৱসায় প্ৰতিষ্ঠানবোৰৰো এই দিশত দায়িত্ব বৃদ্ধি পাইছে । যিবিলাক প্ৰতিষ্ঠান প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কাৰ্যপন্থা হাতত লৈছে সেইবোৰক জনসাধাৰনেও নৈতিক সমৰ্থন আগবঢ়ায়  । ইয়াৰ ফলত ব্যৱসায় প্ৰতিষ্ঠানবোৰৰ ৰাজহুৱা ভাৱমূৰ্তি উজ্বল হয়  । 

(ঘ) অন্যান্য সামাজিক উপকাৰ :- প্ৰদূষণ নিয়ন্ত্ৰনে অন্যান্য কিছুমান সা – সুবিধাও প্ৰদান কৰে  ।  ইয়াৰ ভিতৰত জীৱনৰ গুণগত মানৰ উন্নতি, প্ৰাকৃতিক দ্ৰব্যসমূহ বিশুদ্ধ ৰূপত লাভ কৰা ইত্যাদি য়ে প্ৰধান  । 

৪।প্ৰশ্ন : প্ৰদূষণ সম্পৰ্কীয় বিপদৰ পৰা পৰিবেশক ৰক্ষা কৰিবলৈ ব্যৱসায় প্ৰতিষ্ঠান এটাই কি  কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে  ? আলোচনা কৰা । অথবা পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱসায়ৰ ভূমিকা ব্যখ্যা কৰা  ।

উত্তৰ :- পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত ব্যৱসায় প্ৰতিষ্ঠান বোৰে গ্ৰহণ কৰিব পৰা কিছুমান বিশেষ পদক্ষেপ হ’ল  – 

(ক) পৰিবেশ সুৰক্ষা আৰু প্ৰদূষণ প্ৰতিৰোধৰ এক সুস্থ সংস্কৃতি সৃষ্টি আৰু বিকাশৰ জৰিয়তে ব্যৱসায় প্ৰতিষ্ঠান বোৰৰ শীৰ্ষ পৰিচালনাই এই ক্ষেত্ৰত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰে  । 

(খ) ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ উক্ত পদক্ষেপৰ বিষয়ে প্ৰতিষ্ঠানটোৰ লগত জড়িত আটাইবোৰকে অৱগত কৰি এই বিষয়ে সচেতন কৰিব পাৰি   ।

(গ) ব্যৱসায় প্ৰতিষ্ঠান সমূহে গুণগত কেঁচাসামগ্রী  ক্ৰয় , উচ্চ মানদণ্ডৰ প্ৰযুক্তিৰ ব্যৱহাৰ , আৱৰ্জনা পেলোৱাৰ সময়ত বৈজ্ঞানিক কৌশল অৱলম্বন কৰা  , প্ৰদূষণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে কৰ্মচাৰী সকলৰ দক্ষতা বৃদ্ধি ইত্যাদি সম্পৰ্কে এক স্পষ্ট নীতি আৰু কৰ্মসূচী নিৰ্ধাৰণ কৰিব পাৰে  । 

(ঘ) প্ৰদূষণ প্ৰতিৰোধৰ বাবে চৰকাৰে প্ৰণয়ন কৰা আইন তথা নীতি নিৰ্দেশনা মানি চলি ব্যৱসায় প্ৰতিষ্ঠানসমূহে এই ক্ষেত্ৰত সহায়কৰ হাত আগবঢ়াব পাৰে  ।

(ঙ) চৰকাৰে অনুষ্ঠিত কৰা বিভিন্ন কাৰ্যসূচী যেনে অনিষ্টকাৰী দ্ৰব্যসমূহৰ ব্যৱহাৰত নিয়ন্ত্ৰণ প্ৰদূষিত নদীসমূহৰ চাফাই ইত্যাদিত ব্যৱসায় প্ৰতিষ্ঠান সমূহে অংশ গ্ৰহণ কৰিব পাৰে  ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top