Class 11 Business Chapter 7 কোম্পানীৰ গঠন

Class 11 Business Chapter 7 কোম্পানীৰ গঠন Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Business Chapter 7 কোম্পানীৰ গঠন and select needs one.

Class 11 Business Chapter 7 কোম্পানীৰ গঠন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Business Chapter 7 কোম্পানীৰ গঠন Solutions for All Subject, You can practice these here.

কোম্পানীৰ গঠন

Chapter : 7

দ্বিতীয় খণ্ড

বহুমুখী পছন্দৰ প্ৰশ্নৱালী

১। প্ৰাইভেট কোম্পানীৰ সৰ্বনিম্ন সদস্য 

(ক)   ২    (খ)   ৩   (গ)    ৫    (ঘ)   ৭ 

উত্তৰ :-   (ক)   ২

২। পাব্লিক কোম্পানীৰ সৰ্বনিম্ন সদস্য 

(ক)   ৫    (খ)   ৭   (গ)   ১২    (ঘ)    ২১

উত্তৰ :-     ৭ 

৩। কোম্পানীৰ নামৰ অনুমোদন দিব  

(ক)  ছেবি 

(খ)  কোম্পানীৰ পঞ্জীয়কে 

(গ)  ভাৰত চৰকাৰে 

(ঘ)  ৰাজ্য চৰকাৰে যত কোম্পানী পঞ্জীভুক্ত কৰা হয় 

উত্তৰ :- (ঘ) ৰাজ্য চৰকাৰে য’ত  কোম্পানী পঞ্জীভূক্ত কৰা হয় ।

৪।কোম্পানীৰ প্ৰস্তাৱিত নাম অবাঞ্চনীয়  বুলি বিবেচিত হয় যদি   –

(ক) বৰ্তমান চলি থকা কোম্পানীৰ নামৰ লগত প্ৰস্তাৱিত কোম্পানীৰ নামৰ সামঞ্জস্য থাকে 

(খ) বৰ্তমান চলি থকা কোম্পানীৰ নামৰ অনুৰূপ হয় 

(গ) ভাৰত চৰকাৰে , ৰাষ্ট্ৰসংঘ আদিৰ প্ৰতীক হয় 

(ঘ) উপৰোক্ত যিকোনো এটা  

উত্তৰ :- (ঘ) ওপৰোক্ত যিকোনো এটা ।

৫ । অনুষ্ঠান পত্ৰ বিলি কৰে 

(ক) প্ৰাইভেট কোম্পানীয়ে 

(খ) ৰাইজৰ বিনিয়োগ বিচৰা পাব্লিক কোম্পানীয়ে 

(গ) ৰাজহুৱা প্ৰতিষ্ঠানে 

(ঘ) পাব্লিক কোম্পানীয়ে 

উত্তৰ :- (ঘ) পাব্লিক কোম্পানীয়ে ।

৬।নিম্নলিখিত পৰ্যায়ৰ ক্ৰমেৰে পাব্লিক কোম্পানী গঠিত হয় ।

(ক) প্ৰৱৰ্তন , ব্যৱসায়ৰ আৰম্ভণি নিবন্ধন , মূলধনৰ বৰঙণি

(খ) নিবন্ধন  , মূলধনৰ বৰঙণি ব্যৱসায়ৰ আৰম্ভণি প্ৰবৰ্তন 

(গ) প্ৰবৰ্তন , নিবন্ধন ,  মূলধনৰ বৰঙণি , ব্যৱসায়ৰ আৰম্ভণি

উত্তৰ :- (গ) প্ৰৱৰ্তন , নিবন্ধন , মূলধনৰ বৰঙণি , ব্যৱসায়ৰ আৰম্ভণি  । 

৭।প্ৰাৰম্ভিক চুক্তিসমূহ স্বাক্ষৰ কৰে 

(ক) নিবন্ধনৰ পূৰ্বে 

(খ) নিবন্ধনৰ পিছত কিন্তু মূলধন বৰঙণিৰ পূৰ্বে 

(গ) নিবন্ধনৰ পাচত কিন্তু ব্যৱসায় আৰম্ভণিৰ পূৰ্বে 

(ঘ) ব্যৱসায় আৰম্ভণিৰ পাছত 

উত্তৰ :- (ক)  নিবন্ধনৰ পূৰ্বে  ।

৮।প্ৰাৰম্ভিক চুক্তিসমূহ হৈছে  – 

(ক) কোম্পানীৰ ওপৰত বাধ্যবাধকতা 

(খ) কোম্পানীৰ ওপৰত বাধ্যবাধকতা যদিহে নিবন্ধনৰ পাচত অনুমোদিত হয় ।

(গ) নিবন্ধনৰ পাচত কোম্পানীৰ বাধ্যবাধকতা 

(ঘ) কোম্পানীৰ ওপৰত কোনো বাধ্যবাধকতা নাই 

উত্তৰ :- (ঘ) কোম্পানীৰ ওপৰত কোনো বাধ্যবাধকতা নাই  ।

প্ৰশ্নসমূহৰ শুদ্ধ / অশুদ্ধ উত্তৰ দিয়া :

১।প্ৰাইভেট অথবা পাব্লিক প্ৰত্যেক কোম্পানী নিবন্ধন কৰাতো প্ৰয়োজনীয় নে ?

উত্তৰ :- ( প্ৰয়োজনীয় ) শুদ্ধ  ।

২।পাব্লিক কোম্পানীয়ে অনুষ্ঠান পত্ৰৰ পৰিবৰ্তে ৰাইজক অংশপত্ৰ বিলিৰ বাবে এটা বিবৃতি দাখিল কৰিব পাৰে।

উত্তৰ :- শুদ্ধ 

৩। যিকোনো বিশেষজ্ঞই কোম্পানী প্ৰবৰ্তনৰ বাবে প্ৰবৰ্তক সকলক সহায় কৰে  তেওঁলোককো প্ৰবৰ্তক কোৱা হয়।

উত্তৰ :- অশুদ্ধ ।

৫।নিবন্ধনৰ পাচত প্ৰাৰম্ভিক চুক্তিসমূহৰ অনুমোদন কোম্পানীয়ে দিব পাৰে ।

উত্তৰ :- অশুদ্ধ ।

৬। যদি কোম্পানীয়ে কাল্পনিক নামৰ ভিত্তিত পঞ্জীভূক্ত কৰে কোম্পানীৰ পঞ্জীভূক্তকৰণ অবৈধ ।

উত্তৰ :- শুদ্ধ ।

৭।আভ্যন্তৰীণ নিয়মাৱলী কোম্পানীৰ মুখ্য নথি  

উত্তৰ :- অশুদ্ধ। 

৮।প্ৰত্যেক  কোম্পানীয়ে আভ্যন্তৰীণ নিয়মাৱলী দাখিল কৰিব লাগিব  ।

উত্তৰ :- অশুদ্ধ । 

৯।সাময়িক চুক্তি কোম্পানী নিবন্ধনৰ  পূৰ্বে প্ৰবৰ্তক সকলে স্বাক্ষৰ কৰে   ।

উত্তৰ :- অশুদ্ধ ।

১০।যদি কোম্পানীয়ে বেছিকৈ দেনা দিবলগীয়া হয় আৰু  কোম্পানীৰ সম্পত্তি দেনা পৰিশোধ কৰিবৰ বাবে যথেষ্ট নহয় তেনেহ’লে সদস্যসকলৰ ব্যক্তিগত সম্পত্তিৰ পৰা আদায় দিব লাগিব  ।

উত্তৰ :- অশুদ্ধ ।

চমু উত্তৰৰ প্ৰশ্নৱালী

১। কোম্পানী গঠনৰ পৰ্যায় সমূহৰ নাম লিখা  ।

উত্তৰ :- কোম্পানী গঠনৰ পৰ্যায় সমূহ হ’ল –

(ক) প্ৰৱৰ্তন ‘ 

(খ)   নিবন্ধন ,

(গ) মূলধনৰ বৰঙণি,

(ঘ) ব্যৱসায়ৰ আৰম্ভণি ।

২। কোম্পানী নিবন্ধনৰ বাবে প্ৰয়োজনীয় নথিসমূহৰ নাম লিখা ।

উত্তৰ :- কোম্পানী এটা পঞ্জীয়ন কৰাৰ কাৰণে প্ৰবৰ্তকে মাচুলসহ কিছুমান নথিপত্ৰ প্ৰস্তুত কৰি দাখিল কৰিব লাগে । যেন  –  

(ক) স্মৰকলিপি ,

(খ) অন্তলিপি ,

(গ) সঞ্চালকৰ তালিকা ,

(ঘ) সঞ্চালকৰ সন্মত পত্ৰ ,

(ঙ) অনুমোদিত মূলধনৰ বিবৃতি ,

(চ) বিধিবদ্ধ ঘোষণা ।

৩।অনুষ্ঠান পত্ৰ মানে কি  ?  প্ৰত্যেক কোম্পানীয়ে অনুষ্ঠানপত্ৰ দাখিল কৰাটো আৱশ্যকীয় নে  ?

উত্তৰ :- অনুষ্ঠান পত্ৰ হৈছে এনে এক বিজ্ঞাপন , জাননী অথবা পৰিপত্ৰ  জাৰদ্বাৰা জনসাধাৰণক কোম্পানীৰ অংশ  বা ঋণ পত্ৰ ক্ৰয় কৰিবলৈ আহ্বান জনোৱা হয় । ভাৰতীয় কোম্পানী আইনৰ 2[36]  ধৰা মতে ,  “অনুষ্ঠান পত্ৰ মানে অনুষ্ঠানপত্ৰ হিচাপে বৰ্ণনা বা বিলি কৰা যিকোনো নথি আৰু ই যিকোনো জাননী , চাৰ্কুলাৰ , প্ৰচাৰ পত্ৰ , বিজ্ঞাপন আৰু নিগমবদ্ধ প্ৰতিষ্ঠানৰ অংশপত্ৰ বা ঋণ পত্ৰ ক্ৰয় কৰিবলৈ অথবা ইয়ালৈ বৰঙনি আগবঢ়াবলৈ জনসাধাৰণক আহ্বান জনোৱা অন্যান্য নথিক অন্তৰ্ভুক্ত কৰে  । ” প্ৰত্যেক কোম্পানীয়ে অনুষ্ঠান পত্ৰ দাখিল কৰাটো আৱশ্যকীয় নহয়  ।

৪।নূন্যতম বৰঙণি শব্দৰ ব্যাখ্যা কৰা  । 

উত্তৰ :- কোম্পানীয়ে মূলধন গঠনৰ বাবে অংশপত্ৰ আৰু ঋণ পত্ৰ বিলি কৰে ।  কোম্পানী ব্যৱসায় আৰম্ভ কৰিবলৈ বিলীকৃত মূলধনৰ বিপৰীতে যি সৰ্বনিম সংখ্যক আবেদন গ্ৰহণ কৰে তাক কোম্পানী আইনত নূন্যতম বৰঙনি বুলি কোৱা হয় । নূন্যতম বৰঙণিৰ সীমা বিলিকৰণ মূলধনৰ শতকৰা ৭০ (৯০) ভাগ হব লাগিব  ।

৫।প্ৰাৰম্ভিক চুক্তি আৰু সাময়িক চুক্তিৰ মাজত পাৰ্থক্য কি  ?   

উত্তৰ :- কোম্পানীৰ প্ৰবৰ্তনৰ সময়চোৱাত প্ৰবৰ্তক সকলে কোম্পানীৰ হৈ তৃতীয় পক্ষৰ সৈতে কিছুমান চুক্তি কৰে । এই চুক্তিবোৰকেই প্ৰাৰম্ভিক চুক্তি অথবা নিবন্ধন হোৱাৰ পূৰ্ব্বৰ চুক্তি পত্ৰ বুলি কোৱা হয় । আনহাতে সাময়িক চুক্তি হৈছে যিবোৰ নিবন্ধন হোৱাৰ পাছত কিন্তু ব্যৱসায় আৰম্ভ হোৱাৰ আগেয়ে স্বাক্ষৰিত হোৱা এক চুক্তি ।

প্ৰাৰম্ভিক চুক্তিপত্ৰ সমূহক মানিবলগীয় বা প্ৰয়োগ কৰিবলৈ কোম্পানীক বাধ্য কৰিব নোৱাৰে  ।

অৱশ্যে প্ৰবৰ্তক সকলে তেওঁলোকে কৰা তৃতীয় পক্ষৰ লগত চুক্তিৰ বাবে ব্যক্তিগত ভাবে দায়বদ্ধ  ।। আনহাতে সাময়িক চুক্তিবোৰৰ প্ৰয়োগ হয়  কোম্পানীয়ে ব্যৱসায় আৰম্ভ কৰিব পৰা প্ৰমান পত্ৰ পোৱাৰ পাছৰ  ।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডব্যৱসায়ৰ বুনিয়াদ
Chapter 1ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য ।
Chapter 2ব্যৱসায় সংগঠনৰ প্ৰকাৰ ।
Chapter 3ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ ।
Chapter 4ব্যৱসায় সেৱা ।
Chapter 5ব্যৱসায়ৰ নতুন নতুন ধৰণ ।
Chapter 6ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ ।
দ্বিতীয় খণ্ডকোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ
Chapter 7কোম্পানীৰ গঠন ।
Chapter 8ব্যৱসায় বিত্তৰ উৎসসমূহ ।
Chapter 9ক্ষুদ্ৰ ব্যৱসায় ।
Chapter 10আভ্যন্তৰীণ বেহা–বেপাৰ ।
Chapter 11আন্তৰ্জাতিক ব্যৱসায় – ১

দীঘলীয়া উত্তৰৰ প্ৰশ্নৱালী

১।প্ৰৱৰ্তন মানে কি  বুজা  ? কোম্পানীৰ প্ৰবৰ্তনৰ সম্পৰ্কত প্ৰবৰ্তকৰ আইনগত স্থিতি আলোচনা কৰা । 

উত্তৰ :- কোম্পানী আৰ্হিৰ ব্যৱসায় সংগঠন গঢ়ি তোলাৰ উদ্দেশ্যে ব্যৱসায়িক প্ৰস্তাৱনাৰ আৱশ্যকীয় অনুসন্ধান , পৰীক্ষা নিৰীক্ষা আৰু ইয়াৰ ভিত্তিত আৱশ্যকীয় উপাদান একত্ৰিত কৰাৰ ব্যৱস্থাকে প্ৰৱৰ্তন বুলি কোৱা হয়  ।

চি , ডব্লিউ গেষ্টনবাৰ্গৰ মতে , ”  প্ৰৱৰ্তনে ব্যৱসায়িক সুযোগ আবিষ্কাৰ কৰা আৰু তাৰ পৰা লাভ অর্জনৰ উদ্দেশ্যে পুঁজি সম্পত্তি আৰু পৰিচালনা সমৰ্থকে ব্যৱ্হায় প্ৰতিষ্ঠান সংগঠিত কৰক বুজায় । ” প্ৰবৰ্তক সকলৰ প্ৰকৃত স্থান সম্পৰ্কে কোনো বিধিবদ্ধ ব্যৱস্থা নাই । প্ৰবৰ্তক সকলে কোম্পানী পঞ্জীভূক্তকৰণৰ বাবে বিভিন্ন ধৰণৰ কাম কাজৰ ভাৰ লয় আৰু কোম্পানীত তেওঁলোকৰ স্থিতি ব্যৱসায় আৰম্ভ হোৱালৈকে হে   ।    প্ৰবৰ্তক সকল কোম্পানীৰ এজেন্টো  নহয় নতুবা ন্যাসৰক্ষীও নহয় । গতিকে কোম্পানী প্ৰৱৰ্তন হোৱাৰ আগেয়ে তেওঁলোকে কৰা চুক্তিবোৰৰ বাবে ব্যক্তিগত ভাবে দায়বদ্ধ যদিহে কোম্পানী প্ৰৱৰ্তনৰ পাছত এই চুক্তি সমূহৰ অনুমোদন নিদিয়ে ।  প্ৰবৰ্তক সকলে সকলো কথা জনাই লাভ উপাৰ্জন কৰিব পাৰে কিন্তু গোপন কোনো লাভ লব নোৱাৰিব ।   প্ৰবৰ্তকে কৰা চুক্তি কোম্পানীয়ে বাতিল কৰিব পাৰে আৰু গোপন ৰখা আৱশ্যকীয় তথ্যৰ বাবে যদি কোম্পানীৰ লোকচান হয়  তেতিয়া কোম্পানীয়ে  প্ৰবৰ্তকৰ ওচৰত ক্ষতিপূৰণ দাবী কৰিব পাৰে ।

প্ৰবৰ্তকসকলে কোম্পানী প্ৰবৰ্তনৰ সময়ত হোৱা খৰচ আইনত: দাবী কৰিব নোৱাৰে ।অৱশ্যে কোম্পানীয়ে ইচ্ছা কৰিলে প্ৰাক নিবন্ধনৰ বাবে হোৱা খৰছ তেওঁলোকক ঘূৰাই দিব পাৰে । কোম্পানীয়ে প্ৰবৰ্তক সকলক তেওঁলোকৰ কামৰ বাবে মুঠ টকা অথবা কমিছন সম্পত্তিৰ কিনা মূল্যত অথবা অংশপত্ৰ বিক্ৰীৰ বাবদ পৰিশ্ৰমিক দিব পাৰে ।

২। স্মাৰক লিপি কি  ?  স্মাৰক লিপিৰ দফা সমূহৰ ব্যাখ্যা দিয়া ।

উত্তৰ :- স্মাৰক লিপি হৈছে এনে এখন দলিল বা চনদ  যি কোম্পানীৰ উদ্দেশ্য , মূলধন , দেনা দায়িত্ব , ক্ষমতা আদি সংজ্ঞাবদ্ধ কৰে  আৰু বাহিৰা লোকৰ লগত ইয়াৰ সম্পৰ্ক সম্বন্ধে উল্লেখ কৰে  । ই হৈছে কোম্পানীৰ এক গুৰুত্বপূৰ্ণ দলিল  ।

স্মাৰক লিপিৰ দফা সমূহ হ’ল – 

(ক) নামকৰণ দফা :- কোম্পানীয়ে নাম এটা বাচি লব লাগে । ৰাজহুৱা কোম্পানীয়ে নামৰ  শেষত  ‘সীমিত ‘ আৰু ঘৰুৱা কোম্পানীয়ে ‘ব্যক্তিগত সীমিত ‘  পদ আৰু আদাৱলী সংযোগ কৰিব লাগে  । কিন্তু কোম্পানীৰ নাম বাছনি কৰোতে কোম্পানী আইন আৰু চৰকাৰী অন্যান্য আইনৰ নিৰ্দেশনা , বাধা নিষেধ উলংঘা কৰিব নোৱাৰে । অৰ্থাৎ কোম্পানীৰ নামকৰণত কোনো ৰজা  , ৰাণী ,  চৰকাৰী সংস্থা , প্ৰচলিত কোনো কোম্পানীৰ সদৃশ নাম ব্যৱহাৰ কৰিব নোৱাৰে । 

(খ) পঞ্জীয়ন দফা :- এই দফাত যিখন ৰাজ্যত পঞ্জীয়ন কাৰ্যালয় অৱস্থিত তাৰ নাম বিশেষীত কৰা হয় । কোম্পানীয়ে নিগমবদ্ধকৰণ অথবা ব্যৱসায়ৰ আৰম্ভণিৰ প্ৰমাণ পত্ৰৰ লাভৰ  ৩০ দিনৰ ভিতৰত ইয়াৰ কাৰ্যালয়ৰ অৱস্থিতিৰ বিষয়ে জনাব লাগিব ।

(গ) উদ্দেশ্যৰ দফা :- স্মাৰক লিপিৰ এই দফাটো অতি গুৰুত্বপূৰ্ণ দফা । কোম্পানীৰ উদ্দেশ্য কার্যক্ষেত্ৰত পৰিসৰ কাম কাজৰ অধিকাৰ ক্ষমতা আদিৰ স্পষ্ট বিৱৰণ এই উদ্দেশ্য দফাত সন্নিবিষ্ট কৰা হয় ।

(ঘ) দেনাৰ দফা :- এই  দফাত অংশ ধাৰক সকলৰ দেনা দায়িত্বৰ বিষয়ে উল্লেখ থাকে  । তেওঁলোকৰ অংশৰ লিখিত মূল্য অনুপাতে দেনা সীমিত নে অপৰিসীম তাক দেনা দফাৰ পৰা জানিব পাৰি ।

(ঙ) মূলধন দফা :- স্মাৰক লিপিৰ মূলধন দফাই কোম্পানীৰ মুঠ প্ৰস্তাৱিত মূলধনৰ পৰিমাণ উল্লেখ কৰে । ইয়াৰ মুঠ মূলধনৰ বিপৰীতে অংশ মূলধনৰ শ্ৰেণী বিভাগ সেইবোৰৰ অধিকাৰ আদিৰ বৰ্ণনা কৰা হয় । যদি কোনো অংশৰ বিপৰীতে বিশেষ অধিকাৰৰ সুবিধা প্ৰদান কৰা হয়  তাক এই দফাত উল্লেখ কৰা হয় ।

(চ) সন্মিলিত দফা :- স্মাৰক লিপিৰ এই দফাত ইয়াৰ স্বাক্ষৰকাৰীসকলৰ নাম উল্লেখ কৰে । ৰাজহুৱা কোম্পানীৰ ক্ষেত্ৰত সৰ্বনিম্ন ৭জন আৰু ঘৰুৱা কোম্পানীৰ ক্ষেত্ৰত সৰ্বনিম্ন ২ জন ব্যক্তিয়ে ইয়াত স্বাক্ষৰ কৰে । স্বাক্ষৰ কাৰীসকল গ্ৰহণ কৰা অংশৰ বিৱৰণ আৰু তাত সন্মতি জনাই স্মাৰক লিপিও স্বাক্ষৰ কৰে ।এই কাৰ্য্যত স্বাক্ষৰকাৰী সকলে সম্পূৰ্ণ নাম , ঠিকনা , পেচা আদিৰ উল্লেখ কৰি একজনকৈ সাক্ষীৰ বিষয়ে সন্মলিত দফাত উল্লেখ কৰে ।

৩।স্মাৰক লিপি আৰু আভ্যন্তৰীণ নিয়মাৱলীৰ মাজত পার্থক্য দেখুওৱা  ।

উত্তৰ :-  

Business Study Chapter 7 Chart

৪।ৰাজহুৱা কোম্পানীয়ে  ব্যৱসায়ৰ আৰম্ভণি প্ৰমাণ পত্ৰ লাভ কৰিবৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন  ?

উত্তৰ :- কোম্পানীয়ে ব্যৱসায় আৰম্ভণি পত্ৰৰ বাবে তলত উল্লেখিত নথি পত্ৰ সহ কোম্পানীৰ পঞ্জীয়কলৈ আবেদন কৰিব লাগে  । 

(ক) নূন্যতম বৰঙণি আৱশ্যকতা পূৰণৰ বিষয়ে এখন ঘোষণা পত্ৰ  ।

(খ) সঞ্চালক সকললৈ দিয়া অবন্টনৰ সবিশেষ জনাই এখন ঘোষণা পত্ৰ  ।

(গ) আবেদনকাৰীক কোনো ধন আদায় দিবলগীয়া নাই সেই বিষয়ে এখন ঘোষণা পত্ৰ । 

(ঘ) এখন বিধিবদ্ধ ঘোষণা পত্ৰ ।

৫। ৰাজহুৱা কোম্পানীয়ে ৰাইজৰ পৰা মূলধন সংগ্ৰহৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা আৱশ্যক  ?

উত্তৰ :- ৰাজহুৱা কোম্পানীয়ে ৰাইজৰ পৰা মূলধন সংগ্ৰহৰ বাবে নিম্নলিখিত ব্যৱস্থাসমূহ গ্ৰহন  কৰা আৱশ্যক ।

(ক) ছেবীৰ ( SEBI) ৰ  অনুমোদন

(খ) অনুষ্ঠান পত্ৰৰ প্ৰতিলিপি কোম্পানী পঞ্জীয়নৰ ওচৰত দাখিল কৰিব লাগিব ।

(গ) দালাল , বেংকাৰ আৰু অবলেখনকাৰী ইত্যাদিৰ নিয়োগ ।

(ঘ) সৰ্বনিম্ন বৰঙণি সংগ্রহ নিশ্চিত কৰা 

(ঙ) কোম্পানীৰ প্ৰতিভূতি তালিকভুক্তকৰণ আবেদন পত্ৰ  

(চ) অতিৰিক্ত ভাবে পোৱা আবেদন পত্ৰৰ ধন উভোতাই দিয়া নাইবা মিলাই লোৱা । 

(ছ) সফল আবেদনকাৰী সকললৈ অবন্টন পত্ৰ বিলি কৰা ।

(জ) অবন্টনৰ প্ৰতিবেদন কোম্পানীৰ পঞ্জীয়কৰ ওচৰত দাখিল কৰা।

৬। কোম্পানীৰ আভ্যন্তৰীণ নিয়মাৱলী কি   ?

উত্তৰ :- কোম্পানীৰ আইনৰ ২ ধাৰা অনুসৰি আভ্যন্তৰীণ নিয়মাৱলী হৈছে কোম্পানী আইনৰ নীতি নিয়ম অনুসৰি তৈয়াৰ কৰা আভ্যন্তৰীণ কাৰ্য পৰিচালনাৰ নিয়মাৱলী ।

৭।প্ৰবৰ্তকৰ কাৰ্যাৱলী ব্যাখ্যা কৰা । 

উত্তৰ :- প্ৰবৰ্তকৰ প্ৰধান কাৰ্য সমূহ হ’ল – 

(ক) ব্যৱসায়ৰ সুযোগ চিহ্নিত কৰণ :- প্ৰবৰ্তকৰ প্ৰথম আৰু মুখ্য কাম হ’ল – ব্যৱসায়িক  সুযোগবোৰ যেনে নতুন দ্ৰব্য বা সামগ্ৰীৰ উৎপাদন  , সেৱা  কাৰ্য  , বিভিন্ন উৎপাদিত সামগ্ৰীৰ বিতৰণ ব্যৱস্থা ইত্যাদি সমূহ বিশ্লেষণ কৰা।

(খ) সম্ভাৱনীয় সম্পৰ্কৰ অধ্যয়ন :- চিহ্নিত কিছুমান ব্যৱসায়ৰ সুযোগ প্ৰতিষ্ঠানৰ বাবে সম্ভপৰ নহবও পাৰে । সেইকাৰণে প্ৰবৰ্তকে সম্ভাৱনীয় সকলো দিশৰ অনুসন্ধান পুংখানুপুংখ ভাবে অধ্যয়ন কৰিব লাগিব ।  ব্যৱসায়ৰ প্ৰকল্পৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি কাৰিকৰী প্ৰযুক্তিবিদ্যাৰ সম্ভাৱনীয়তা , বিত্তীয় সম্ভাৱনীয়তা , মিতব্যয়ৰ সম্ভাৱনীয়তা ইত্যাদি কাৰকসমূহ বিশেষজ্ঞ সকলৰ দ্বাৰা পৰীক্ষা কৰাব লাগে ।

(গ) নামকৰণৰ অনুমোদন :- কোম্পানী প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত প্ৰবৰ্তকসকলে কোম্পানীৰ নাম বাছনি কৰি নিৰ্দিষ্ট প্ৰপত্ৰ পূৰণ কৰি অনুমোদনৰ বাবে ৰাজ্যত অৱস্থিত কোম্পানীৰ পঞ্জীয়কৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব । পঞ্জীয়কে সঠিক ভাবে পৰীক্ষা নিৰীক্ষা কৰি নামাকৰণৰ অনুমোদন জনাব । 

(ঘ) স্মাৰক লিপিৰ স্বাক্ষৰকাৰী সকলৰ বান্দোৱস্ত  কৰা :- প্ৰস্তাৱিত কোম্পানীৰ কোন সকল সদস্যই স্মাৰক লিপিত স্বাক্ষৰ দিব তাৰ সিদ্ধান্ত প্ৰবৰ্তক সকলে লব লাগিব ।

(ঙ) পেচাদাৰী সকলৰ নিয়োগ :-কিছুমান প্ৰয়োজনীয় নথিপত্ৰ প্ৰস্তুতকৰণৰ বাবে প্ৰবৰ্তক সকলে সদাগৰী বেংকাৰ  , হিচাপে পৰীক্ষক আদি পেচাদাৰী সকলক নিয়োগ কৰিব লাগিব আৰু এইবোৰ কোম্পানীৰ নিবন্ধনৰ বাবে পঞ্জীয়কৰ তাত দিব লাগিব ।

(চ ) প্ৰয়োজনীয় নথিপত্ৰ প্ৰস্তুতকৰণ :- প্ৰবৰ্তকে কিছুমান আইনত আৱশ্যক হোৱা নথিপত্ৰ প্ৰস্তুত কৰে যিবোৰ নথিপত্ৰ কোম্পানী পঞ্জীয়কৰ বাবে আৱশ্যক । এই নথিপত্ৰ সমূহ হ’ল  স্মৰকলিপি , আভ্যন্তৰীণ  নিয়মাৱলী ,  সঞ্চালক সকলৰ সন্মতি পত্ৰ ইত্যাদি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top