Class 11 Business Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Business Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ and select needs one.
Class 11 Business Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Business Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ Solutions for All Subject, You can practice these here.
ব্যৱসায় সংগঠনৰ প্ৰকাৰ
Chapter : 2
অতি চমু প্ৰশ্নোত্তৰ
১। যি গাথঁনিত মালিক আৰু ব্যৱস্থাপনা পৃথক হয় তাক কোৱা হয় –
(ক) ব্যক্তিগত কোম্পানী
(খ) অংশীদাৰ
(গ) কোম্পানী
(ঘ) সকাম ব্যৱসায় সংগঠন ।
উত্তৰ :- (গ) কোম্পানী ।
২। যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়ত কৰ্তাই বহন কৰে –
(ক) সীমিত দেনা দায়িত্ব
(খ) অপৰিসীম দেনা দায়িত্ব
(গ) ঋণৰ বাবে কোনো দেনা দায়িত্ব নাই
(ঘ) যৌথ দেনা দায়িত্ব ।
উত্তৰ :- (খ) অপৰিসীম ।
৩। সমবায় সমিতিৰ মূলমন্ত্ৰ হৈছে –
(ক) এটা অংশ এটা ভোট
(খ) এজন ব্যক্তি এটা ভোট
(গ) অংশধাৰক সকলে
(ঘ) কৰ্মচাৰী
উত্তৰ :- (খ) এজন ব্যক্তি এটা ভোট ।
৪। যৌথ মূলধনী কোম্পানীত পৰিচালক মণ্ডলীক নিৰ্বাচিত কৰে –
(ক) সৰ্বসাধাৰণ ৰাইজে
(খ) চৰকাৰী বিভাগে
(গ) অংশধাৰক সকলে
(ঘ) কৰ্মচাৰী সকলে ।
উত্তৰ :- (গ) অংশধাৰক সকলে ।
৫। বেংকিং ব্যৱসায়ত অনুমতি লাভ কৰা সৰ্বোচ্চ সংখ্যক অংশীদাৰ হ’ল –
(ক) বিশজন
(খ) দহ জন
(গ) সীমা নাই
(ঘ) দুজন
উত্তৰ :- দহজন
৬। লাভৰ অংশ বিতৰণ নহয় । এই উক্তিটোৱে কাক উনুকিয়াই ?
(ক) অংশীদাৰ ব্যৱসায়
(খ) যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়
(গ) ব্যক্তিগত মালিকীস্বত্ব
(ঘ) কোম্পানী
উত্তৰ :- (গ)ব্যক্তিগত মালিকীস্বত্ব ।
৭। কোম্পানীৰ মূলধন বিভক্ত হয় অংশত,ইয়াৰ প্ৰত্যেক অংশক কি বুলি কোৱা হয় –
(ক) লাভাংশ
(খ) লাভ
(গ) সুদ
(ঘ) অংশ পত্ৰ
উত্তৰ :- (ঘ) অংশ পত্ৰ
৮। যৌথ হিন্দু পৰিয়ালৰ মূৰ্ব্বীজনক কোৱা হয় –
(ক) মালিক
(খ) সঞ্চালক
(গ)কৰ্তা
(ঘ) মেনেজাৰ – নিবন্ধক
উত্তৰ :- কৰ্তা
৯। যুক্তিসঙ্গত হাৰত আবাহিক গৃহত সদস্য সকলক থাকিবলৈ দিয়া ব্যৱস্থা কৰাটো উদ্দেশ্য হ’ল –
(ক) উৎপাদন কাৰী সমবায়
(খ) গ্ৰাহক সমবায় ভাণ্ডাৰৰ
(গ) গৃহনিৰ্মান সমবায়ৰ
(ঘ) ঋণ দান সমবায় ।
উত্তৰ :- গৃহ নিৰ্মাণ সমবায় ।
১০।এজন অংশীদাৰ যাৰ অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ লগত সহযোগ থকা বুলি সাধাৰণ ৰাইজে নাজানে তেওঁক কোৱা হয় –
(ক) সক্ৰিয় অংশীদাৰ
(খ) সুপ্ত অংশীদাৰ
(গ) নামমাত্ৰ অংশীদাৰ
(ঘ) গোপনীয় অংশীদাৰ ।
উত্তৰ :- (ঘ) গোপনীয় অংশীদাৰ ।
চমু উত্তৰৰ প্ৰশ্নৱালী :
১। প্ৰশ্ন : কি কাৰণত তলত দিয়া ব্যৱসায় সমূহ ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায় সংগঠন হিচাপে সুবিধাজনক হ’ব বুলি ভাবা ?
(ক) গেলামালৰ দোকান
(খ) দাৱাইখানা
(গ) আইনৰ পৰামৰ্শ দিয়া প্ৰতিষ্ঠান
(ঘ) শিল্পবিদ্যাৰ কেন্দ্ৰ
(ঙ) এণ্টাৰনেট
(চ) চাৰ্টাড একাউণ্টেন্সি প্ৰতিষ্ঠান
উত্তৰ :- যিবোৰ ব্যৱসায় এজন ব্যক্তিয়ে নিয়ন্ত্ৰণ কৰিব পাৰে , মূলধনৰ যোগানৰ পৰিমাণ তুলনামূলকভাৱে লঘু হয় , পণ্যৰ চাহিদা থলুৱা হয় , গ্ৰাহক বা ভোক্তাৰ বাবে বব্যৱসায়িৰ ব্যক্তিগত মনোযোগৰ আৱশ্যক হয় আৰু আইনগত প্ৰয়োজনীয়তা পূৰণৰ মাত্ৰা সামান্য হয় তেনে ক্ষেত্ৰত ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায় সংগঠন সুবিধাজনক হয় । এই ক্ষেত্ৰত গেলামালৰ দোকান , দাৱাইখানা , আইনৰ পৰামৰ্শ দিয়া প্ৰতিষ্ঠান , শিল্প বিদ্যাৰ কেন্দ্র , ইণ্টাৰনেট , চাৰ্টাড একাউণ্টেন্সি প্ৰতিষ্ঠান ইত্যাদি ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত উক্ত সুবিধাসমূহ বিদ্যমান । সেয়ে ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায়ৰ বাবে সুবিধা জনক হয় ।
২। প্ৰশ্ন : কি কাৰণত তলত দিয়া ব্যৱসায় সমূহ অংশীদাৰী ব্যৱসায় সংগঠন হিচাপে সুবিধাজনক হ’ব বুলি ভবা ?
(ক) গেলামালৰ দোকান
(খ) আইনৰ পৰামৰ্শ দিয়া প্ৰতিষ্ঠান
(গ) দাৱাইখানা
(ঘ) শিল্পবিদ্যাৰ কেন্দ্র
(ঙ) ইন্টাৰনেট
(চ) চাৰ্টাড একাউণ্টেন্সি প্ৰতিষ্ঠান ।
উত্তৰ :- অংশীদাৰ ব্যৱসায় প্ৰতিষ্ঠানত থকা সুবিধা সমূহ যেনে গঠনৰ সুবিধা , মূলধনৰ সুবিধা , ঋণ লাভৰ ক্ষমতা বৃদ্ধি , পৰিচালনাৰ সুবিধা, নমনীয়তাৰ সুবিধা ,বিকাশ আৰু সম্প্ৰসাৰণৰ সুবিধা ,লাভৰ সৰ্বাধিকৰণ আৰু বিপাদসৰ্বনিম্নকৰণ , ব্যৱসায়িক গোপনিয়তা ৰখা , সহজ বিলুপ্তিকৰণ ইত্যাদি সুবিধা সমূহ গেলামালৰ দোকান ,আইনৰ পৰামৰ্শ দিয়া প্ৰতিষ্ঠান , দাৱাইখানা , শিল্পবিদ্যাৰ কেন্দ্ৰ ,ইণ্টাৰনেট কেফি , চাৰ্টাড একাউণ্টেন্সি প্ৰতিষ্ঠানত বিদ্যমান । সেয়ে অংশীদাৰী ব্যৱসায় সংগঠন হিচাপে সুবিধাজনক হ’ব ।
৩। প্ৰশ্ন : তলত দিয়া শব্দবোৰৰ চমু ব্যখ্যা দিয়া ।
(ক) চিৰন্তন অস্তিত্ব বাসনা
(খ) সাধাৰণ ছীলমোহৰ
(গ) কৰ্তা
(ঘ) কৃত্ৰিম ব্যক্তি
উত্তৰ :- (ক) চিৰন্তন অস্তিত্ব :- নিগমবদ্ধকৰণৰ পিছত আইনৰ ব্যবস্তানুসৰি অবলোপন নকৰাকৈ কোম্পানী চলি থাকে । সেয়েহে ইয়াৰ অস্তিত্ব চিৰন্তন বুলি কোৱা হয় । ইয়াৰ অংশ হস্তান্তৰযোগ্য হোৱা বাবে কোনো সভ্যৰ মৃত্যু , দেউলিয়া আদি পৰিস্থিতিত কোম্পানীৰ বিলোপ নঘটে ।
(খ) সাধাৰণ ছিলমোহৰ :- কোম্পানীৰ সাধাৰণ ছিলমোহৰ থাকে । ইয়াত কোম্পানীৰ নাম ঠিকনা খোদিত হয় আৰু গুৰুত্বপূৰ্ণ দলিলত ইয়াক ব্যৱহাৰ কৰা হয় ।কৃত্ৰিম ব্যক্তিৰ অস্তিত্বৰে কোম্পানীৰ ছিলমোহৰ যুক্ত নথিৰে ই ব্যৱসায় কাম কাজ সম্পাদন কৰে ।
(গ) কৰ্তা :- যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়ৰ সকলো ধৰণৰ কাম কাজ এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত আৰু অনিয়ন্ত্ৰিত হয় । পৰিয়ালৰ জ্যেষ্ঠ জনক এই দায়িত্ব অৰ্পণ কৰা হয় । এই ব্যক্তিজনকেই কৰ্তা বুলি কোৱা হয় ।
(ঘ) কৃত্ৰিম ব্যক্তি :- আইনৰ দ্বাৰা সৃষ্টি হোৱা ব্যক্তিক কৃত্ৰিম ব্যক্তি বুলি কোৱা হয় । কোম্পানী আইনৰ দ্বাৰা সৃষ্টি কৰা ব্যক্তিজনে অৰ্থাৎ কোম্পানীয়ে পৃথক নামত সম্পত্তি কিনিব পাৰে আৰু ঋণ ল’ব পাৰে , তৃতীয় ব্যক্তিৰ লগত স্বাভাৱিক চুক্তি কৰিব পাৰে আদালতত গোচৰ তৰিব পাৰে ।
৪। প্ৰশ্ন : যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায় আৰু অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ মাজত থকা নাবালকৰ মৰ্যাদা তুলনা কৰা ।
উত্তৰ :- যৌথ হিন্দু পাৰিবাৰিক ব্যৱসায়ত জন্মসূত্ৰে সদস্য হযে গতিকে নাবালক এজনো ব্যৱসায়ৰ সদস্য হ’ব পাৰে । আনহাতে অংশীদাৰী ব্যৱসায়ত যিহেতু আইনগত চুক্তি অনুসৰি হয় আৰু নাবালকৰ আইনগত বৈধ চুক্তি কৰিবলৈ যোগ্যতা নাই সেয়ে নাবালক অংশীদাৰী ব্যৱসায়ৰ অংশীদাৰ হ’ব নোৱাৰে কিন্তু নাবালক অংশীদাৰী ব্যৱসায়ত লাভ ভোগ কৰিবৰ বাবে ভৰ্তি কৰা হয় আন অংশীদাৰ সকলৰ পাৰস্পৰিক মত সাপেক্ষে । এই ক্ষেত্ৰত নাবালকৰ দেনা দায়িত্ব সীমিত থাকিব । নাবালকে ব্যৱসায়ৰ লাভত অংশ গ্ৰহণ কৰিব পাৰে কিন্তু লোকচান বহন নকৰে ।
৫। প্ৰশ্ন : যদিও অংশীদাৰী ব্যৱসায়ৰ পঞ্জীভূক্তকৰন ঐচ্ছিক তথাপিও অংশীদাৰী ব্যৱসায় আইনৰ নিয়ম কানুনৰ দ্বাৰা কিয় পঞ্জীভূক্ত কৰা ব্যখ্যা কৰা ।
উত্তৰ :- অংশীদাৰী ব্যৱসায় পঞ্জীভূকৰণ ঐচ্ছিক যদিও আইনৰ দ্বাৰা পঞ্জীভূক্ত কৰিলে তলত উল্লেখ কৰা সুবিধা সমূহ ভোগ কৰিব পাৰে ।
(ক) প্ৰতিষ্ঠানৰ প্ৰতি :- পঞ্জীভূক্ত কোনো প্ৰতিষ্ঠানে ইয়াৰ অধিকাৰ সব্যস্ত কৰিবলৈ তৃতীয় পক্ষৰ বিৰুদ্ধে গোচৰ তৰিব পাৰে ।
(খ) অংশীদাৰৰ প্ৰতি :- অংশীদাৰ সকলে তেওঁলোকৰ মাজত বিবাদ সৃষ্টি হ’লে নিষ্পত্তিৰ বাবে আদালতৰ ওচৰ চাপিব পাৰে । সেইদৰে তৃতীয় পক্ষৰ পৰা ৰাওনা আদায় কৰাৰ ক্ষেত্ৰতো আদালতৰ ওচৰ চাপিব পাৰে ।
(গ) নৱাগত আৰু বিদায়ী অংশীদাৰৰ প্ৰতি :- পঞ্জীভূক্ত প্ৰতিষ্ঠানৰ নৱাগত অংশীদাৰে তেওঁৰ অধিকাৰৰ বাবে আৰু একেদৰে বিদায়ী অংশীদাৰৰ ক্ষেত্ৰতো অৱসৰজনিত সুবিধা লাভৰ বাবে উচিত বিবেচনা আশা কৰিব পাৰে । বিদায়ী অংশীদাৰ অৱসৰত ৰাজহুৱা জাননী প্ৰকাশ নোপোৱালৈকে অংশীদাৰ এজন দায়বদ্ধ হয় । মৃত্যু জনিত কাৰণত অংশীদাৰৰ উত্তৰাধিকাৰী কিন্তু দেনাৰ পৰা দায়মুক্ত নহয় ।
৬ । প্ৰশ্ন : প্ৰাইভেট কোম্পানীয়ে পোৱা কিছুমান বিশেষ অধিকাৰ বৰ্ণনা কৰা ।
উত্তৰ :- প্ৰাইভেট কোম্পানীয়ে পোৱা কিছুমান বিশেষ অধিকাৰ সমূহ হ’ল –
(ক) প্ৰাইভেট কোম্পানী গঠন কৰিবলৈ দুজন ব্যক্তি হ’লেই হয় কিন্তু পাব্লিক কোম্পানীৰ ক্ষেত্ৰত সাত জন ব্যক্তি লাগিব ।
(খ) প্ৰাইভেট কোম্পানীয়ে ৰাইজৰ মাজত অনুষ্ঠান পত্ৰ বিক্ৰী কৰিব নালাগে কিয়নো প্ৰাইভেট কোম্পানীৰ মূলধনত অংশ গ্ৰহণ কৰিবৰ বাবে ৰাইজক আমন্ত্ৰণ নজনায় ।
(গ) সৰ্বনিম্ন মূলধানৰ বৰঙণি নোপোৱাকৈ অংশ পত্ৰত আৱন্টন কৰিব পাৰে ।
(ঘ) যেতিয়াই কোম্পানীয়ে নিবন্ধৰ প্ৰমাণ পত্ৰ পায় প্ৰাইভেট কোম্পানীয়ে ব্যৱসায় আৰম্ভ কৰিব পাৰে , কিন্তু পাব্লিক কোম্পানীযে নিবন্ধৰ প্ৰমাণ পত্ৰ পোৱাৰ উপৰিও ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আৰম্ভণি প্ৰমাণ পত্ৰ পাব লাগিব ।
(ঙ) প্ৰাইভেট কোম্পানীৰ ক্ষেত্ৰত দুজন সঞ্চালক হ’লেও হয় কিন্তু পাব্লিক কোম্পানীত সৰ্বনিম্ন তিনিজন সঞ্চালক থাকিব লাগিব ।
(চ) প্ৰাইভেট কোম্পানীয়ে সভ্যসকলৰ সুচাঙক ৰখাৰ প্ৰয়োজন নাই কিন্তু পাব্লিক কোম্পানীয়ে ৰখাৰ প্ৰয়োজন আছে ।
(ছ) প্ৰাইভেট কোম্পানীত সঞ্চালক সকলক ঋণ দানৰ পৰিমাণৰ কোনো বাধা আৰোপ কৰা নাই । সেই কাৰণে ঋণদানৰ বাবে চৰকাৰৰ পৰা কোনো অনুমতি ল’ব নালাগে । কিন্তু পাব্লিক কোম্পানীৰ অনুমতিৰ প্ৰয়োজন ।
৭ । প্ৰশ্ন : সমবায় সমিতিয়ে কেনেকৈ গণতন্ত্ৰ আৰু ধর্ম নিৰপেক্ষতাৰ উদাহৰণ দিয়ে ব্যখ্যা কৰা ।
উত্তৰ :- গণতান্ত্ৰিক পৰিচালনা :- সমবায় সমিতি হৈছে এটা গণতান্ত্ৰিক সংগঠন কাৰণ সকলো সভ্যৰ সমান ভোটাধিকাৰ থাকে । আনহাতে সমিতিৰ নিয়ন্ত্ৰণ দায়িত্ব নিৰ্বাচিত প্ৰতিনিধিৰ ওপৰত ন্যস্ত থাকে । সভ্যসকলৰ দ্বাৰা নিৰ্বাচিত কমিটিৰ পৰিচালনাৰ ব্যৱস্থাত কমিটিয়ে সভ্যৰ সাধাৰণ সভাত গৃহীত নীতি আৰু সিদ্ধান্ত কাৰ্যকৰী কৰে । এজন সভ্যৰ এটা ভোট এই নীতিয়ে সমবায় সমিতিৰ গণতান্ত্ৰিক পৰিচালনা আৰু নিয়ন্ত্ৰণ নিশ্চিত কৰে ।
মুক্ত সভ্যপদ :- সমবায় সভ্যপদ স্বেচ্ছা মূলক অৰ্থাৎ জাতি , ধৰ্ম,ভাষা,বৰ্ণ অথবা লিংগ নিৰ্বিশেষে ইয়াৰ সদস্য পদ লাভ কৰিব পাৰে । সমবায়ত কোনো ধৰ্মীয় বা ৰাজনৈতিক পক্ষপাতিত্ব নাথাকে আৰু সমবায় আদৰ্শেৰে ঐক্যবদ্ধ হ’ব খোজে সকলোৱে ইয়াৰ সভ্যপদ লাভ কৰিব পাৰে । সভ্যপদ মুক্ত হোৱা হেতুকে ইয়াত ধৰ্মনিৰপেক্ষ অটুট থাকে ।
৮। প্ৰশ্ন : প্ৰমানিক অংশীদাৰ মানে কি বুজা ? ব্যখ্যা কৰা ।
উত্তৰ : যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ ব্যৱহাৰ , চলাচল , অভিপ্ৰায়ৰে আনক ভাবিবলৈ বাধ্য কৰাই যে তেওঁ অংশীদাৰ ব্যৱহায়টোৰ অংশীদাৰ তেতিয়া তেনে অংশীদাৰক প্ৰমানিক অংশীদাৰ হিচাপে গণ্য কৰা হয় । প্ৰমানিক অংশীদাৰ ব্যৱসায়ত মূলধনত বৰঙণি নোযোগায় অথবা ব্যৱসায় পৰিচালনাত ভাগ নলয় কিন্তু তেওঁলোক তৃতীয় ব্যক্তিৰ দেনা পৰিশোধৰ বাবে দায়বদ্ধ ।
See Next Page No Below…

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.