Class 11 Business Chapter 5 ব্যৱসায়ৰ নতুন নতুন ধৰণ

Class 11 Business Chapter 5 ব্যৱসায়ৰ নতুন নতুন ধৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Business Chapter 5 ব্যৱসায়ৰ নতুন নতুন ধৰণ and select needs one.

Class 11 Business Chapter 5 ব্যৱসায়ৰ নতুন নতুন ধৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Business Chapter 5 ব্যৱসায়ৰ নতুন নতুন ধৰণ Solutions for All Subject, You can practice these here.

ব্যৱসায়ৰ নতুন নতুন ধৰণ

Chapter : 5

বহুমুখী পছন্দৰ প্ৰশ্নৱালী

তলত দিয়া প্ৰশ্নবোৰৰ আটাইতকৈ উপযুক্ত উত্তৰটোত এই চিন (√) দিয়া ।

১ । ই ব্যৱসায়ৰ অন্তৰ্ভূক্ত নহয় – 

(ক) এখন ব্যৱসায় প্ৰতিষ্ঠানৰ যোগান  দাতাৰ সৈতে আদান প্ৰদান  ।

(খ) এখন ব্যৱসায় প্ৰতিষ্ঠানৰ গ্ৰাহকৰ সৈতে আদান প্ৰদান ।

(গ) প্ৰতিষ্ঠানটোৰ বিভিন্ন বিভাগ সমূহৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক ।

(ঘ) প্ৰতিষ্ঠান এটাত ভৌগোলিক ভাবে বিচ্ছিন্ন হৈ থকা বিভিন্ন গোটৰ মাজৰ সম্পৰ্ক ।

উত্তৰ :-  (ঘ) √ 

২। আউটছাছিং – 

(ক) কেৱল তথ্য প্ৰযুক্তি নিৰ্ভৰ সেৱা সমূহ ঠিকা ভিত্তিক স্থানান্তৰ কৰাটোতেই সীমাবদ্ধ ।

(খ) কেৱল গুৰুত্বহীন ব্যৱসায়িক প্ৰক্ৰিয়াসমূহ ঠিকা ভিত্তিক স্থানান্তৰ কৰাতেই সীমাবদ্ধ ।

(গ) বস্তু প্ৰস্তুতকৰন আৰু গবেষণা আৰু উন্নয়ন আৰু সেৱাৰ প্ৰক্ৰিয়া মূল আৰু গুৰুত্বহীন দুয়োটাই , এই সকলো অন্তৰ্ভুক্ত মাথোন নিজৰ দেশতে সীমাবদ্ধ । 

(ঘ) বিদেশতো আউটছছিং  কৰিব পাৰি ।

উত্তৰ :- (ঘ) √ 

৩। ই ব্যৱসায়ৰ বহুল প্ৰচলিত দাম আদায় পদ্ধতিটো হৈছে – 

(ক) বস্তু পোৱাৰ পাছত নগদ দাম আদায় ।

(খ) চেক 

(গ) ক্ৰেডিট আৰু ডেবিদ কাৰ্ড 

(ঘ) ই নগদ 

উত্তৰ :- (গ) √ 

৪।কেৱল আন্তঃগামী (বাহীৰৰপৰা ভিতৰলৈ অহা ) কণ্ঠ ভিত্তিক ব্যৱসায় ।

(খ) কেৱল বহিঃগামী (ভিতৰৰ পৰা বাহিৰলৈ যোৱা ) কণ্ঠ ভিত্তিক ব্যৱসায় ।

(গ) কণ্ঠস্বৰ ভিত্তিক আৰু অনাকণ্ঠস্বৰ ভিত্তিক –  এই উভয় প্ৰকাৰৰ ব্যৱসায় ।

(ঘ) গ্ৰাহকৰ সমূখাসমুখী আৰু পশ্চাদপট  ব্যৱসায়ৰ দুয়োবিধেই ।

উত্তৰ :- (গ) √ 

৫। তলত দিয়া বোৰৰ কোনটো ই ব্যৱসায়ৰ প্ৰয়োগ নহয় ।

(ক) অনলাইন বিডিং 

(খ) অনলাইন সংগ্ৰহ 

(গ) অনলাইন ট্রেডিং 

(ঘ) গৱেষণা আৰু উন্নয়ন ঠিকা 

উত্তৰ :- (গ) √ 

চমু উত্তৰৰ প্ৰশ্নৱালী :

১। প্ৰশ্ন : ই ব্যৱসায় আৰু পৰম্পৰাগত ব্যৱসায়ৰ মাজত পার্থক্য দেখুওৱা-

উত্তৰ :- 

২। প্ৰশ্ন : ই ব্যৱসায় কি ?   ই ব্যৱসায় আৰু ই – বাণিজ্যিকৰ মাজত পাৰ্থক্য কি ? 

উত্তৰ :- বৈদ্যুতিক মাধ্যমত বা কম্পিউটাৰ নেটৱৰ্কছত ব্যৱহাৰৰ যোগেদি উদ্যোগ , বাণিজ্য আৰু বেপাৰ পৰিচালনা কৰাকে ই ব্যৱসায় বোলে ।   ই ব্যৱসায় আৰু ই বাণিজ্য যদিও এটা আনটোৰ পৰিপূৰক হিচাপে ব্যবহৃত হয় তথাপিতো দুয়োটাৰ মাজত কিছু পাৰ্থক্য দেখা যায় । ব্যৱসায়ৰ পৰিসৰ যিহেতু বাণিজ্যৰ পৰিসৰত কৈ বহল সেয়ে ই ব্যৱসায় শব্দটোও এটা ব্যাপক পৰিসৰৰ শব্দ আৰু এই শব্দটোৱে ইলেকট্ৰনিক মাধ্যমত পৰিচালিত বিভিন্ন ধৰণৰ ব্যৱহায়মূলক লেন দেন আৰু কাৰ্যাৱলীক সামৰি লয় । ই ব্যৱসায়ে ই বাণিজ্যই সামৰি লোৱা বিষয়বোৰৰ উপৰিও ইলেকট্ৰনিক মাধ্যমত পৰিচালিত অন্যান্য ব্যৱহায়মূলক কাম কাজ যেনে উৎপাদন , ভঁৰাল হিচাপৰক্ষণ বিত্ত আৰু মানৱ সম্পদ পৰিচালনা ইত্যাদি ।

আনহাতে ই বাণিজ্যৰ পৰিসৰ ই ব্যৱহায়তকৈ ঠেক প্ৰকৃতি হয় । ই বাণিজ্যই সাধাৰণতে ব্যৱসায় প্ৰতিষ্ঠান এটাই ইণ্টাৰনেটৰ যোগেদি গ্ৰাহক আৰু যোগানকাৰীসকলৰ সৈতে যি সম্পৰ্ক স্থাপন কৰে তাকে বুজায় ।

৩।প্ৰশ্ন : ই ব্যৱসায়ৰ যিকোনো দুটা প্ৰয়োগ চমুকৈ বৰ্ণনা কৰা । 

উত্তৰ :- ই ব্যৱসায়ৰ যিকোনো দুটা প্ৰয়োগ হ’ল –

(ক) ই – প্রকিউৰমেণ্ট :- ই প্ৰকিউৰমেণ্টৰ ক্ষেত্ৰত ব্যৱসায় প্ৰতিষ্ঠান সমূহৰ মাজৰ ইণ্টাৰনেট ভিত্তিক বিক্ৰিমূলক লেন দেন সমূহ পৰে । এইবোৰৰ ভিতৰত  আছে  ” উলোটা নিলাম ” যাৰ ফলত এজন ক্ৰেতা ব্যৱসায়ী আৰু বহুতো বিক্রেতাৰ মাজত অনলাইন ব্যৱসায় সম্ভৱ হয়  ।

(খ) ই – কমিউনিকেশ্বন / ই – প্ৰমোচন :- ই মেইলৰ পৰা আৰম্ভ কৰি অনলাইন কেটেলগ প্ৰকাশ য’ত বস্তুৰ ছবি থাকে , বেনাৰৰ দ্বাৰা বিজ্ঞাপন  ,পপ- আপছ , মতামত সমীক্ষা আৰু গ্ৰাহক জৰীপ জৰীপ আদি সকলোবোৰ এই ব্যৱস্থাই সামৰি লয়  ।

৪। প্ৰশ্ন : আউছছিংৰ সৈতে জড়িত হৈ নৈতিক উদ্বেগৰ বিষয়সমূহ কি কি  ? 

উত্তৰ :- আউটছছিওং সৈতে জড়িত হৈ নৈতিক উদ্বেগৰ বিষয়সমূহৰ হ’ল – 

(ক) গোলপীয়া :- যদি আউটছিছং য’ৰ  পৰা হয় । সেই পক্ষটোৰ গোপনিয়তা ৰক্ষা নকৰে তেন্তে মূল প্ৰতিষ্ঠানটোৰ ক্ষতি হোৱাৰ আশংকা আহি পৰে  ।

(খ) ছোয়েট শ্বপিং :- আউটজছিং কৰা প্ৰতিষ্ঠান সমূহে খৰচ কম কৰাৰ স্বাৰ্থত কম মূল্যৰ শ্ৰম শক্তিক ব্যৱহাৰ কৰিব খোজা  , ফলৰস্বৰূপে মূল্য প্ৰতিষ্ঠানটোৰ ক্ষতিৰ সম্ভাৱনা অধিক হোৱা দেখা যায় ।

৫। প্ৰশ্ন : ই ব্যৱসায়ত ডাটা মজুতকৰণ আৰু প্ৰেৰণ অনিশ্চয়তাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা । 

উত্তৰ :- ই  ব্যৱসায় সুচাৰুৰূপে পৰিচালনা কৰাবলৈ তথ্যসমূহ ভালদৰে চিষ্টেমছত মজুত কৰি ৰখা হয় । চিষ্টেমছত তথ্য মজুত কৰি ৰখা আৰু আন নিয়া কৰা কাৰ্য্য টো বহুতো অনিশ্চয়তাৰে পূৰ্ণ । নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে তথ্য সমূহ চুৰি কৰা হ’ব পাৰে । ভাইৰাছ আৰু হেকিংৰ জৰিয়তে ই দুষ্কাৰ্য সমূহ কৰা হয় ।। সেইবোৰ ডাটা ফাইলছ ,  ফালদাৰ্চ আৰু চিষ্টেমছক ভাইৰাছৰ আক্ৰমণৰ পৰা বচাই ৰাখিবলৈ হ’লে ইনষ্টলিং সময়মতে ভাইৰাছ প্ৰতিৰোধ প্ৰগ্ৰাম সমূহৰ সময়োপযোগী কৰা আৰু ফাইলছ ততা ডিষ্ক সমূহ স্কেনিং কৰাটো প্ৰয়োজনীয় ।

প্ৰেৰণ কৰা অৱস্থাতে তথ্য এটা আঁতৰাই লৈ যোৱা হ’ব  পাৰে । ইয়াৰ বাবে ক্ৰিপেন্টা গ্ৰাফী ব্যৱহাৰ কৰিব পাৰে । এই ব্যৱস্থাৰ দ্বাৰা তথ্যসমূহক “চাইবেৰটেক্স ” নামৰ এবিধ পঢ়িব নোৱাৰা সংকেতলৈ ৰূপান্তৰিত কৰি সুৰক্ষিত কৰি ৰখা হয় ।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডব্যৱসায়ৰ বুনিয়াদ
Chapter 1ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য ।
Chapter 2ব্যৱসায় সংগঠনৰ প্ৰকাৰ ।
Chapter 3ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ ।
Chapter 4ব্যৱসায় সেৱা ।
Chapter 5ব্যৱসায়ৰ নতুন নতুন ধৰণ ।
Chapter 6ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ ।
দ্বিতীয় খণ্ডকোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ
Chapter 7কোম্পানীৰ গঠন ।
Chapter 8ব্যৱসায় বিত্তৰ উৎসসমূহ ।
Chapter 9ক্ষুদ্ৰ ব্যৱসায় ।
Chapter 10আভ্যন্তৰীণ বেহা–বেপাৰ ।
Chapter 11আন্তৰ্জাতিক ব্যৱসায় – ১

দীঘলীয়া উত্তৰৰ প্ৰশ্নৱালী : 

১। প্ৰশ্ন : বি ২ বি B2B ৰ মূল বিষয় বস্তুসমূহ আলোচনা কৰা । 

উত্তৰ :- ই বাণিজ্যিক লেন দেনত আৱদ্ধ হোৱা পক্ষ দুটা হৈছে দুটা ভিন্ন ভিন্ন ব্যৱসায় প্ৰতিষ্ঠান আৰু সেইকাৰণে এই বিধ বাণিজ্যিক কোৱা হৈছে বি 2 বি বা ব্যৱসায় আৰু ব্যৱসায় বাণিজ্য ।  উপযোগিতা সৃষ্টি অথবা মূল্য প্ৰদানে এটা ব্যৱসায়ক অন্যান্য  বহুতো ব্যৱসায় প্ৰতিষ্ঠানৰ সংস্পৰ্শলৈ লৈ আহে । এনেবোৰ প্ৰতিষ্ঠান বস্তু যোগানকাৰী অথবা বিভিন্ন ধৰণৰ আনুষংগিক যোগান ধৰোতা দোকানী ইত্যাদি অথবা সেইবোৰ প্ৰতিষ্ঠান এনে এক প্ৰক্ৰিয়াৰ অংশ হ’ব  পাৰে যি প্ৰক্ৰিয়াৰ জৰিয়তে এটা ব্যৱসায় প্ৰতিষ্ঠানে উপভোক্তালৈ নিজৰ উৎপন্ন বস্তু বিতৰণ কৰে । উদাহৰণ স্বৰূপে এখন  অ’টোমোবাইল বাহন প্ৰস্তুত কৰিব বিচাৰিলে এনেকুৱা বহুতো উপাদান একত্ৰিত কৰাৰ প্ৰয়োজন হয় যিবোৰ উপাদান আকৌ বিভিন্ন ঠাইত উৎপন্ন হয় ।

একচেতিয়া যোগানকাৰীৰৰ ওপৰত নিৰ্ভৰশিলতা হ্ৰাস কৰিবলৈ অ’টো মোবাইল কাৰখানা এটাই প্ৰতিটো যন্ত্ৰাংশৰ যোগান ধৰা আৰু মূল্য আদায় দিয়া আদি সকলো ধৰণৰ কম্পিউটাৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰি ।  ঠিক তেনেদৰে প্ৰতিষ্ঠান এখনে বিভিন্ন স্থানত থকা মধ্যস্থতাকাৰীসকলৰ ওপৰত আৰু ‘ষ্টক ইন ট্ৰেনজিত ৰ ওপৰত প্ৰকৃত সময়ত নিয়ন্ত্ৰণ বৃদ্ধি কৰি নিজৰ বিতৰণ প্ৰণালী অধিকতৰ শক্তিশালী আৰু উন্নত কৰিব পাৰে ।

২। প্ৰশ্ন : বি 2 বি চিৰ অৰ্থ কি?

উত্তৰ :- বি 2 বি চিৰ অৰ্থ হ’ল ব্যৱসায়ৰ পৰা গ্ৰাহকলৈ  । এই ব্যৱসায়ে সেইবোৰ বাণিজ্যিক লেন দেনক বুজায় । যিবোৰৰ এমুৰত থাকে ব্যৱসায় প্ৰতিষ্ঠান সমূহ আৰু আনটো মূৰত থাকে গ্ৰহকসকল । এই ক্ষেত্ৰত ‘অনলাইন শ্বপিং ‘হৈছে ইয়াৰ এটা মূল দিশ । B2C বাণিজ্যই বহুতো বজাৰ কৰণ কাৰ্যক সাঙুৰি লয় , যেনে চিনাক্তকৰণৰ কাৰ্যাৱলী, উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ আৰু কেতিয়াবা বাহিৰলৈ উলিয়াই দিয়া কাৰ্য যিবোৰ সাধাৰণতে অনলাইন কৰা হয় । ই বাণিজ্যই এই কাম কাজবাৰ খুব কম খৰচত কিন্তু অত্যন্ত দ্রুতভাৱে  সম্পাদন কৰাৰ সুযোগ কৰি দিয়ে । উদাহৰণ স্বৰূপে এ , টি ,এম ( ATM)  য়ে টকা উলিওৱাৰ ক্ষেত্ৰত ক্ষিপ্ৰতা আনি দিয়ে । বৰ্তমান পৰিৱৰ্তিত পৰিস্থিতিত গ্ৰাহকে বিচৰা  ধৰণে প্ৰয়োজন মতে , তেওঁলোকৰ সুবিধা মতে বস্তু পোৱাটো আৰু দশম আদায় দিয়াটো বিচাৰে । এই ক্ষেত্ৰত ই – বাণিজ্যই ইয়াক বাস্তৱত পৰিণত কৰিছে । ইয়াৰোপৰি  b2b য়ে  ব্যৱহায়টোক ছব্বিশ ঘণ্টাই গ্ৰাহকৰ সৈতে সংলগ্ন কৰি ৰাখে । কোম্পানীসমূহে কোনে কি বস্তু ক্ৰয় কৰিছে আৰু গ্ৰাহকৰ সন্তষ্টিৰ পৰ্যায়টো কেনেকুৱা সেই সম্পৰ্কে অনলাইন সমীক্ষা চলাব পাৰে ।

৩। চমুকৈ লিখা  : 

(ক) অন্ত ‘বি ‘ বাণিজ্য (Intra B commerce ) :- এইবিধ বাণিজ্যত ইলেকট্ৰনিক আদান প্ৰদানত জড়িত সকলোবোৰ পক্ষই কোনো এক নিৰ্দিষ্ট ব্যৱসায় প্ৰতিষ্ঠানৰ অন্তৰ্গত  । এই ব্যৱসায় প্ৰতিষ্ঠান এটাৰ ভিতৰত বিভিন্ন বিভাগ আৰু ব্যক্তিৰ মাজৰ লেন – দেন তথা পৰিচালনা পৰ্যায়ৰ আদান প্ৰদানসমূহত ইণ্টাৰনেট ব্যৱহাৰৰ বিষয়টোকো সাঙুৰি লয় । এনেকুৱা ব্যৱসায়ৰ ফলতেই প্ৰতিষ্ঠানসমূহৰ নমনীয় উৎপাদন সম্ভৱ হৈছে । কম্পিউটাৰ নেটৱৰ্কৰ ব্যৱহাৰ ফলত বজাৰকৰণ বিভাগে অচিৰত উৎপাদন বিভাগৰ সৈতে যোগাযোগ ৰাখিব পাৰে  আৰু সেইমতে গাইগুটিয়া গ্ৰাহকসকলৰ চাহিদা অনুসৰি গ্ৰাহকে বিচৰা সামগ্ৰী প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰি দিব পাৰে । সেইদৰে অন্যান্য বিভাগসমূহৰ মাজত ঘনিষ্ঠ কম্পিউটাৰ ভিত্তিক আদান প্ৰদানে প্ৰতিষ্ঠান এখনক কিছুমান সুবিধা প্ৰদান কৰে । যেনে দক্ষতাপূৰ্ণ ভঁৰাল আৰু নগদ পৰিচালনা, প্ৰকল্প আৰু যন্ত্ৰপাতিৰ অধিক ব্যৱহাৰ , গ্ৰাহকৰ অৰ্ডাৰ সমূহৰ কাৰ্যকৰী মোকাবিলা আৰু কাৰ্যকৰী মানৱসমাদৰ পৰিচালনা ইত্যাদি  ।

(খ) চি 2 চি বাণিজ্য (C2C commerce) :- এইবিধ বাণিজ্যত ব্যৱসায়ৰ আৰম্ভণি হয় উপভোক্তাৰ পৰা আৰু শেষ লক্ষও উপভোক্তাই । সেইকাৰণে এই বাণিজ্যৰ নাম C2C । এবিধ বাণিজ্য সেইবোৰ সামগ্ৰীৰ ব্যৱসায় কৰাৰ কাৰণে আটাইতকৈ উপযুক্ত যিবোৰ সামগ্ৰীৰ বাবে কোনো প্ৰতিষ্ঠিত বজাৰ ব্যৱস্থা নাই । উদাহৰণস্বৰূপে পুৰণি কিতাপ বা কাপোৰৰ নগদ  ভিত্তিক বা বিনিময় ভিত্তিক বিক্ৰী । ইণ্টাৰনেটৰ বিশাল জগতখনে বিক্রেতা সকলক সমগ্ৰ বিশ্বতে সম্ভাব্য ক্রেতাৰ সন্ধান কৰাৰ সুযোগ কৰি দিছে । ক্ৰেতা বিক্রেতা সকলে  ইজনে সিজনক নজনাকৈ লেন -দেন কৰাৰ ক্ষেত্ৰত ই বাণিজ্য প্ৰযুক্তিয়ে সেইবোৰ লেন দিনক বজাৰ ব্যৱস্থাৰ নিৰাপত্তা প্ৰদান কৰিছে । ইয়াৰ এটা উৎকৃষ্ট উদাহৰ হৈছে ই বেই (e bay) । ইয়াত উপভোক্তাসকলে তেওঁলোকৰ বস্তু আৰু সেৱা আন উপভোক্তাৰ ওচৰত বিক্ৰী কৰে  । চি2চি কাৰ্যাৱলীক সমৰ্থন কৰিবলৈ সৃষ্টি হোৱা আন এক প্ৰযুক্তি হ’ল দাম আদায়ৰ মধ্যস্থকাৰী ‘পেইপ’ল’  হৈছে এনে ধৰণৰ এটা উদাহৰণ । এগৰাকী অচিনাকী , অবিশ্বাসযোগ্য বিক্রেতাৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰাৰ পৰিবৰ্তে ক্ৰেতা এগৰাকীয়ে টকাখিনি পেইপ’লৰ ওচৰলৈ পঠিয়াই দিব পাৰে  । পেইপল বিক্রেতাক জনাই দিব যে ক্রেতাই বস্তুখিনি গ্ৰহণ নকৰাকৈ য়ে তেওঁলোকেই টকাখিনি ৰাখি থব । আদান প্ৰদান মূলক বাণিজ্যত  চি2চি ৰ এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে উপভোক্তা ফোৰাম আৰু প্ৰভাৱ গোষ্ঠীৰ গঠন  ।

৪। প্ৰশ্ন : ই ব্যৱসায়ৰ সুবিধা আৰু অসুবিধা সমূহ উল্লেখ কৰা  ।

উত্তৰ :- সুবিধা :  

(ক) সহজগঠন আৰু কম বিনিয়োগৰ প্ৰয়োজন  : ই ব্যৱসায় গঠন কৰাটো অতি সহজ আৰু কম মূলধনৰ প্ৰয়োজন হয় । এনে ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষ কোনো আনুষ্ঠানিক পদ্ধতি অনুসৰণ কৰাৰ প্ৰয়োজন নহয় । ডাঙৰ বা ক্ষুদ্ৰ সকলো ধৰণৰ ব্যৱসায়তে ইণ্টাৰনেট প্ৰযুক্তিৰ সুফল দেখা যায় । অৰ্থাৎ ভাল নেটৱৰ্ক ব্যৱস্থা কৰিলে খুউব বেছি মূলধন নাথাকিলেও ভাল ব্যৱসায় কৰিব পাৰি ।

(খ) সুবিধা :- এনে ব্যৱসায়ত ইণ্টাৰনেট 24 ঘণ্টা × 7 দিন ×365 দিন ৰ সেৱা আগবঢ়ায় । অৰ্থাৎ বছৰটোৰ প্ৰতিদিন  24 ঘণ্টাই ই ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ সুবিধা আছে । ই ব্যৱসায় ইলেকট্ৰনিক ব্যৱস্থাৰে পৰিচালিত হোৱা এনে এক ব্যৱসায় য’ত যিকোনো সময়ত যিকোনো ঠাইত যিকোনো বস্তু পোৱাৰ সুবিধা আছে । 

(গ) দ্ৰুততা :- পণ্য ৰ ক্ৰয় বিক্ৰয়ৰ বেছিখিনি কামেই হৈছে তথ্যৰ আদান প্ৰদান যিটো ইণ্টাৰনেটৰ দ্বাৰা মাউচ এটা ক্লিক কৰিলেই সম্পন্ন হৈ যায় । এই ব্যৱস্থাটো তথ্য প্ৰধান সামগ্ৰী যেনে ছফ্টৱেৰ (softwere ) চিনেমা , সংগীত ইত্যাদি সমূহত বেছি প্ৰযোজ্য হয় । 

(ঘ) বিশ্বজোৰা পৰিসৰ :- ই ব্যৱসায়ৰ পৰিসৰ বিশ্বজোৰা  । ইয়াৰ সহায়ত এহাতে বিক্রেতাই  বিশ্ব বজাৰত প্ৰৱেশ কৰিব পাৰে আৰু আনহাতে দি এই ব্যৱস্থাই ক্রেতাক বিশ্বৰ যিকোনো অংশৰ পৰা নিজৰ পচন্দ অনুযায়ী বস্তু ক্ৰয় কৰাৰ সুবিধা দিছে । 

(ঙ) কাগজবিহীন সমাজৰ ফালে অগ্ৰসৰ :- ইণ্টাৰনেটৰ ব্যৱসায়ে কাগজৰ ব্যৱহাৰ থকা কাম আৰু তাৰ সৈতে সংশ্লিষ্ট  ‘ ৰঙাফিটাৰ মেৰপাক’ ৰ ওপৰত নিৰ্ভৰশীলতা বহুত পৰিমাণে হ্ৰাস কৰিছে ।

অসুবিধা : 

(ক) ব্যক্তিগত সংস্পৰ্শৰ অভাৱ :- ই ব্যৱসায় উচ্চ প্ৰযুক্তি সম্পন্ন হ’লেও এই ব্যৱস্থাত মানৱীয় সম্পৰ্ক ৰ প্ৰভাৱ বিস্তাৰ নাথাকে  ।  সেয়ে যিবোৰ সামগ্ৰীৰ ক্ষেত্ৰত অতি বেছি ধৰণৰ মানৱীয় সম্পৰ্কৰ প্ৰয়োজন , যেনে পোচাক , টয়লেট সামগ্ৰী আদি সেইবোৰৰ ক্ষেত্ৰত ই ব্যৱসায় কম উপযোগী ।

(খ) অৰ্ডাৰ গ্ৰহণ , প্ৰদান আৰু অৰ্ডাৰ পূৰণৰ গতিবেগৰ মাজত অসমঞ্চস্যতা :- মাউচ টিপি দিলেই তথ্য প্ৰেৰণ কৰিব পাৰে কিন্তু বস্তু এটা বাস্তৱিকতে পঠাই দিবলৈ সময়ৰ প্ৰয়োজন হয় । ইয়াৰোপৰি কেতিয়াবা কাৰিকৰী অসুবিধাৰ কাৰণে  ৱেবচাইট খুলিবলৈ যথেষ্ট সময় লাগে । ইয়াৰ ফলত গ্ৰাহকৰ ধৈৰ্যচ্যুতি হৈ হতাশ হ’ব পাৰে  । 

(গ) অনিশ্চয়তা :- ইণ্টাৰনেটৰ লেন দেন সমূহ সংঘটিত হয় চাইবাৰ ব্যক্তিত্বৰ মাজতহে আৰু সেইবোৰ ইয়াত সংশ্লিষ্ট পক্ষসমূহৰ প্ৰকৃত পৰিচয় প্ৰতিষ্ঠা কৰাটো কঠিন । ইয়াৰোপৰি , কৰ পৰা ব্যৱসায় গোষ্ঠী এটাই কাম কাজবোৰ চলাই আছে সেই স্থান নিৰ্ণয় কৰাও কঠিন । সেইবাবে ইণ্টাৰনেটৰ যোগেদি লেন দেন কৰাটো অনিশ্চয়তাপূৰ্ণ ।

(ঘ) গণ প্ৰতিৰোধ :- নতুন প্ৰযুক্তি আৰু কাম কৰাৰ নতুন পদ্ধতিৰ সৈতে খাপ খুৱাই লোৱাৰ প্ৰক্ৰিয়াই বিভিন্ন ধৰণৰ উদ্বেগ আৰু নিৰপত্তাহীনতাৰ অনুভূতিৰ সৃষ্টি কৰে । তাৰ ফলত সংস্থা এটাই ই ব্যৱসায়ত প্ৰৱেশ কৰিব খুজিলে জনসাধাৰনে প্ৰতিৰোধ কৰিব পাৰে   ।

(ঙ) ই  ব্যৱসায়ত যুক্ত সকলৰ বাবে পাৰদৰ্শিতা আৰু প্ৰযুক্তিবিদ্যাৰ সক্ষমতাৰ প্রয়োজনীয়তা :- ই ব্যৱসায়ৰ বাবে সংশ্লিষ্ট পক্ষই কম্পিউটাৰৰ জগতখনৰ সম্পৰ্কে ভালদৰে পৰিচিত হোৱাটো প্ৰয়োজনীয় আৰু এই প্ৰয়োজনীয়তায়েই সৃষ্টি কৰিছে ডিজিটেল বিভাজন ৰেখা । এই বিভাজন ৰেখাই ডিজিটেল প্ৰযুক্তিৰ সৈতে পৰিচয় থকা আৰু পৰিচয় নথকা মানুহবোৰক দুভাগত ভাগ কৰিছে  ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top