Class 11 Business Chapter 11 আন্তৰ্জাতিক ব্যৱসায়

Class 11 Business Chapter 11 আন্তৰ্জাতিক ব্যৱসায় Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Business Chapter 11 আন্তৰ্জাতিক ব্যৱসায় and select needs one.

Class 11 Business Chapter 11 আন্তৰ্জাতিক ব্যৱসায়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Business Chapter 11 আন্তৰ্জাতিক ব্যৱসায় Solutions for All Subject, You can practice these here.

আন্তৰ্জাতিক ব্যৱসায়

Chapter : 11

দ্বিতীয় খণ্ড

বহুমুখী পছন্দৰ প্ৰশ্নৱালী

১। তলৰ কোনটো প্ৰৱেশ পদ্ধতিৰ দ্বাৰা ঘৰুৱা উৎপাদন কাৰীয়ে বুদ্ধিজীৱী সম্পত্তি অধিকাৰ যেনে স্বত্বাধিকাৰ আৰু বাণিজ্য চিহ্ন বিদেশৰ এজন উৎপাদন কাৰীক ৰাজকাৰীৰ বিনিময়ত ব্যৱহাৰ কৰাত অধিকাৰ প্ৰদান কৰে   । 

(ক) অনুজ্ঞাপত্ৰ প্ৰদান 

(খ) চুক্তিবদ্ধ উৎপাদন কাৰী 

(গ) যৌথ অংশীদাৰী 

(ঘ) ইয়াৰ এটাও নহয়  ।

উত্তৰ :- (ক) অনুজ্ঞাপত্ৰ প্ৰদান  ।

২। উৎপাদনৰ এটা অংশ বা সম্পূৰ্ণ খিনি বহুমূলীয়া ব্যৱস্থাধীন কৰা আৰু আন্তৰ্জাতিক বজাৰত বজাৰকৰণ কাৰ্যৰ ওপৰত মনোনিবেশ কৰাক জনা যায় ।

(ক) অনুজ্ঞাপত্ৰ প্ৰদান  

(খ) স্বত্বাধিকাৰ প্ৰদান 

(গ) চুক্তিবদ্ধ উৎপাদন 

(ঘ) যৌথ অংশীদাৰীত্ব 

উত্তৰ :- (গ) চুক্তিবদ্ধ উৎপাদন  । 

৩।যেতিয়া দুই বা ততোধিক প্ৰতিষ্ঠানে ইয়াৰ অভিভাৱকৰ পৰা অংগতভাৱে পৃথক আৰু সুকীয়া এটা ব্যৱসায়িক সত্বা সৃষ্টিৰ বাবে একলগ হয় তাক জনা যায়  – 

(ক) চুক্তিবদ্ধ উৎপাদন 

(খ) স্বত্বাধিকাৰ প্ৰদান 

(গ) যৌথ মালিকীস্বত্ব 

(ঘ) অনুজ্ঞাপত্ৰ প্ৰদান  ।

উত্তৰ :- (গ) যৌথ মালিকীস্বত্ব  । 

৪।তলৰ কোনটো ৰপ্তানি এটা সুবিধা নহয়  – 

(ক) আন্তৰ্জাতিক বজাৰত প্ৰৱেশ কৰাৰ সহজ উপায়  

(খ) তুলনামূলকভাৱে কম বিপদাংশকা

(গ) বিদেশৰ বজাৰত সীমিত উপস্থিতি 

(ঘ) কম বিনিয়োগৰ আৱশ্যকতা 

উত্তৰ :- (গ) বিদেশৰ বজাৰত সীমিত উপস্থিতি  । 

৫। তলৰ কোন প্ৰকাৰৰ প্ৰৱেশ পদ্ধতিত অধিক বিপদশঙ্কা গ্ৰহণৰ আৱশ্যক  ?

(ক) অনুজ্ঞাপত্ৰ প্ৰদান 

(খ) স্বত্বাধিকাৰ প্ৰদান

(গ) চুক্তিবদ্ধ উৎপাদন 

(ঘ) যৌথ অংশীদাৰীত্ব 

উত্তৰ :- (ঘ) যৌথ অংশীদাৰীত্ব  । 

৬। তলৰ কোন প্ৰকাৰৰ প্ৰৱেশ পদ্ধতিয়ে বৈদেশিক কাম কাজত অধিক মাত্ৰাত নিয়ন্ত্ৰণ ৰক্ষাত সহায়  কৰে  ?

(ক) অনুজ্ঞাপত্ৰ / স্বত্বাধিকাৰ প্ৰদান 

(খ) সম্পূৰ্ণ মালিকানাৰ অধীন কোম্পানী 

(গ) চুক্তিবদ্ধ উৎপাদন 

(ঘ) যৌথ অংশীদাৰীত্ব 

উত্তৰ :- (খ) সম্পূৰ্ণ মালিকানাৰ অধীন কোম্পানী  ।

৭।তলৰ কোন প্ৰকাৰৰ প্ৰৱেশ পদ্ধতিয়ে প্ৰতিষ্ঠান সমূহক আন্তৰ্জাতিক বজাৰৰ কাষ চপাই নিয়ে  ?

(ক) অনুজ্ঞাপত্ৰ প্ৰদান 

(খ) স্বত্বাধিকাৰ প্ৰদান 

(গ) চুক্তিবদ্ধ উৎপাদন  

(ঘ) যৌথ অংশীদাৰীত্ব 

উত্তৰ :- (ঘ) যৌথ অংশীদাৰীত্ব  । 

৮। তলৰ কোনবিধ ভাৰতবৰ্ষৰ ৰপ্তানিৰ প্ৰধান সামগ্ৰী নহয়  ?

(ক) বস্ত্ৰ আৰু সাজপোছাক

(খ) হীৰা আৰু আ – অলংকাৰ

(গ) তেল আৰু পেট্ৰ’লজাত সামগ্ৰী 

(ঘ) বাছমতি চাউল 

উত্তৰ :- (গ) তেল আৰু পেট্ৰ’লজাত সামগ্ৰী  । 

৯। তলৰ কোনবিধ ভাৰতবৰ্ষৰ আমদানিৰ প্ৰধান সামগ্ৰী নহয়  ।

(ক) আয়ুৰ্বেদিক ঔষধ 

(খ) তেল আৰু পেট্ৰল জাত সামগ্ৰী 

(গ) মুক্তা আৰু বহুমূল্যবান পাথৰ 

(ঘ) যন্ত্ৰপাতি 

উত্তৰ :- (ক) আয়ুৰ্বেদিক ঔষধ  । 

১০। তলৰ কোনখন দেশ ভাৰতবৰ্ষৰ প্ৰধান বেহা বেপাৰৰ অংশীদাৰ নহয়  ।

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ 

(খ) যুজঁৰাজ্য (ইংলেণ্ড)

(গ) জাৰ্মান 

(ঘ) নিউজিলেণ্ড 

উত্তৰ :- (ঘ) নিউজিলেণ্ড   ।

চমু উত্তৰৰ প্ৰশ্নৱালী : 

প্ৰশ্ন ১। আন্তৰ্জাতিক ব্যৱসায় কাক বোলে  ?

উত্তৰ :- যিবোৰ ব্যৱসায়িক কাম কাজ দেশৰ পৰিসীমাৰ বাহিৰত সংঘটিত হয় সেইবোৰকে আন্তৰ্জাতিক বা বহিঃ ব্যৱসায় বুলি কোৱা হয়। ই কেৱল পণ্য আৰু সেৱাৰ আন্তৰ্জাতিক চলাচলৰ সৈতেই নহয় , মূলধন , ব্যক্তি , প্ৰযুক্তি বিদ্যা আৰু বৌদ্ধিক সা – সম্পত্তি যেনে পেটেণ্ট , ট্ৰেডমাৰ্ক , প্ৰযুক্তি জ্ঞান আৰু কপিৰাইটৰ সৈতেও জড়িত  । 

প্ৰশ্ন ২।আন্তৰ্জাতিক ব্যৱসায়ৰ প্ৰকৃতি বা বৈশিষ্ট্য সমূহ উল্লেখ কৰা  । 

উত্তৰ :- আন্তৰ্জাতিক ব্যৱসায়ৰ প্ৰকৃতি বা বৈশিষ্ট্য সমূহ হ’ল – 

(ক) পণ্যৰ বিনিময় :- বৈদেশিক বাণিজ্যত পণ্য সামগ্ৰী এখন দেশৰ পৰা ক্ৰয় কৰা হয় আৰু অন্য কোনো  পণ্য সামগ্ৰী অইন দেশলৈ বিক্ৰী কৰা হয়  ।  অৰ্থাৎ পণ্য সামগ্ৰীৰ আমদানি আৰু ৰপ্তানি হয়  । 

(খ) বৈদেশিক মুদ্ৰা :- আমদানিকৃত আৰু ৰপ্তানিকৃত পণ্য সামগ্ৰীৰ বাবে বৈদেশিক মুদ্ৰা প্ৰদান আৰু গ্ৰহণ কৰা হয়  । 

(গ) বহুতো নথিপত্ৰৰ ব্যৱহাৰ :- বৈদেশিক বাণিজ্যত বহুতো গুৰুত্বপূৰ্ণ নথি পত্ৰৰ ব্যৱহাৰ কৰা হয় ।  যেনে জাহাজৰ বহন পত্ৰ , বহন চুক্তি , মেটছ ৰচিদ ইত্যাদি । 

(ঘ) বাধা আভ্যন্তৰীণ ব্যৱসায়ৰ :- বৈদেশিক বাণিজ্য মুক্তভাৱেই চলাই নিব নোৱাৰি । পণ্য সামগ্ৰীৰ আমদানি ৰপ্তানিৰ ক্ষেত্ৰত চৰকাৰে বহুতো বাধা আৰোপ কৰা দেখা যায়  । 

(ঙ) পাইকাৰী ব্যৱসায় :-  আন্তৰ্জাতিক ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰায় ক্ষেত্ৰতে পাইকাৰী ব্যৱহায় ফলপ্ৰসু হয়  ।

প্ৰশ্ন ৩। আন্তৰ্জাতিক ব্যৱসায়ৰ গুৰুত্ব / প্ৰয়োজনীয়তা / সুবিধা সমূহ আলোচনা কৰা ।

উত্তৰ :- বৈদেশিক বাণিজ্যৰ গুৰুত্বসমূহ তলত আলোচনা কৰা হ’ল –

(ক) প্ৰাকৃতিক সম্পদৰ  প্ৰকাম্য ব্যৱহাৰ :- বৈদেশিক বাণিজ্যৰ সুবিধা গ্ৰহণ কৰিবৰ কাৰণে প্ৰতিখন দেশে নিজৰ দেশৰ প্ৰাকৃতিক সম্পদ ৰাজিৰ প্ৰকাম্য ব্যৱহাৰ কৰে  ।  প্ৰতিখন দেশেই নিজৰ দেশৰ প্ৰাকৃতিক সম্পদৰ ভিত্তিত দেশীয় ব্যৱহাৰৰ উপৰিও ৰপ্তানী যোগ্য সামগ্ৰী উৎপাদনত মনোনিবেশ কৰে  ।  

(খ) বৃহৎ মাত্ৰাৰ উৎপাদনৰ সুবিধা :- বৈদেশিক বাণিজ্যই বৃহৎ মাত্ৰাত উৎপাদনৰ মিতব্যয়ীতাৰ সুবিধা গ্ৰহণ কৰে । কিছুমান দেশে নিজৰ চাহিদা পূৰণৰ উপৰিও বিশেষকৈ পণ্য ৰপ্তানিৰ অৰ্থে বৃহৎ মাত্ৰাত প্ৰয়োজনীয় সামগ্ৰীৰ উৎপাদন কৰে  । 

(গ) আন্তৰাষ্ট্ৰীয় শান্তিৰ উন্নীতকৰণ :- বৈদেশিক বাণিজ্যই বিশ্বৰ বিভিন্ন দেশৰ মাজত বুজা পৰা আৰু সহযোগ বৃদ্ধি কৰি অন্ত ৰাষ্ট্ৰীয় শান্তি স্থাপনত সহায় কৰে  ।

(ঘ) পৰিবহন আৰু যোগাযোগৰ উন্নতি :- বৈদেশিক বাণিজ্যক ফলতে দেশে দেশে  পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটে    ।

(ঙ) দূৰৰ সুস্থিৰতা :- আন্তৰ্জাতিক বাণিজ্য বিশ্বজুৰি পণ্যৰ অস্বাভাৱিক দৰৰ উত্থান পতনত বাধা প্ৰদান কৰে  ।  কোনো এখন দেশৰ দ্ৰব্য বিশেষৰ দৰ অস্বাভাৱিক ভাবে উচ্চ হ’লে আন কোনো দেশৰ বিকল্প আৰু সস্তীয়া দ্ৰব্য ভোক্তা সমাজে ক্ৰয় কৰিবলৈ লয়  । ইয়াৰ ফলত পণ্য দ্ৰব্যৰ দৰ সুস্থিৰ হয়  । 

(চ) নিয়োগ :- আন্তৰ্জাতিক ব্যৱসায়ে ৰপ্তানিমুখী উদ্যোগসমূহত নিয়োগৰ সুযোগ বৃদ্ধি কৰাও সহায় কৰে । 

(ছ) বৈদেশিক মুদ্ৰা অর্জন :- আন্তৰ্জাতিক ব্যৱসায়ে এখন দেশৰ বৈদেশিক মুদ্ৰা অর্জনত সহায় কৰে যাক মূলধনী সামগ্ৰী , প্ৰযুক্তি বিদ্যা , পেট্ৰল জাতীয় সামগ্ৰী আৰু সাৰ  ,  চিকিৎসা সম্বন্ধীয় সামগ্ৰী আৰু বহুতো ভোক্তাৰ সামগ্ৰী আমদানি কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি ।  

প্ৰশ্ন ৪।ঘৰুৱা আৰু আন্তৰ্জাতিক ব্যৱসায়ৰ মাজত পাৰ্থক্য দেখুওৱা । 

উত্তৰ :-    

প্ৰশ্ন ৫। আন্তৰ্জাতিক ব্যৱসায়ৰ পৰিসৰ ব্যাখ্যা কৰা ।

উত্তৰ :- আন্তৰ্জাতিক ব্যৱসায়ৰ পৰিসৰ ব্যাপক । এই ব্যৱসায় গঠিত হোৱা প্ৰধান ব্যৱসায়িক কাৰ্যকলাপ সমূহ হ’ল – 

(ক) দৃশ্যমান পণ্যৰ ৰপ্তানি আৰু আমদানি :- আন্তৰ্জাতিক ব্যৱসায়ৰ এই কাৰ্যকলাপত কেৱল মাৰ্কণ্ডাইজ অৰ্থাৎ দৃশ্যমান বাণিজ্য দ্ৰব্য পণ্যৰহে আমদানি ৰপ্তানি কৰা হয় ।  ইয়াত কোনো সেৱাৰ বেহা বেপাৰ কৰা নহয়  ।  

(খ) সেৱাৰ ৰপ্তানি আৰু আমদানি :- সেৱাৰ ৰপ্তানি আৰু আমদানিয়ে অদৃশ্য মান বস্তুৰ বেহাবেপাৰক সামৰি লয়  ।  সেৱা অদৃশ্য মান হোৱা বাবে সেৱাৰ বেহা বেপার্ক অদৃশ্য মান বেহাবেপাৰ হিচাপে জনা যায়  ।  আন্তৰ্জাতিক ভাবে বিভিন্ন প্ৰকাৰৰ সেৱাৰ বেহা বেপাৰৰ অন্তৰ্ভুক্ত সেৱা সমূহ হ’ল  ,  পৰ্যটন আৰু ভ্ৰমণ হোটেল আৰু ৰেষ্টুৰেণ্ট  , আমোদ -প্ৰমোদ আৰু বিশ্ৰাম , পৰিবহন যোগাযোগ , নিৰ্মাণ আৰু কাৰিকৰী বজাৰকৰণ, বেংকিং বীমা ইত্যাদি   । 

(গ) অনুজ্ঞাপত্ৰ আৰু অধিকাৰ প্ৰদান :- বিদেশৰ কোনো কোম্পানীক  ঘৰুৱা দেশৰ কোনো বাণিজ্য চিহ্ন , পেটেণ্ট , কপিৰাইট আদি মাছুলৰ বিনিময়ত উৎপাদন আৰু বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰাটো বৈদেশিক ব্যৱসায়ত প্ৰৱেশ কৰাৰ আন এক উপায়  । এই পদ্ধতিৰ অধীনত গোটেই বিশ্বজুৰি বিদেশত স্থানীয় বটলাৰছবোৰে পেপচি আৰু কোকাকোলা উৎপাদন আৰু বিক্ৰী কৰে । আনহাতে অধিকাৰ প্ৰদান ব্যৱহৃত হয় সেৱা যোগানৰ ক্ষেত্ৰত । উদাহৰণ স্বত্বাধিকাৰ প্ৰদান পদ্ধতিৰ জৰিয়তে মেকডোনাল্ড বিশ্বজুৰি ফাষ্টফুডৰ ৰেষ্টুৰেণ্ট পৰিচালিত কৰে । 

(ঘ) বৈদেশিক বিনিয়োগ :- বৈদেশিক বিনিয়োগ আন্তৰ্জাতিক ব্যৱসায়ৰ আন এক গুৰুত্বপূৰ্ণ প্ৰকাৰ । ইয়াৰ দ্বাৰা বিত্তীয় প্ৰতিদানৰ বিনিময়ত বিদেশত পুঁজি বিনিয়োগ কৰা হয় । বৈদেশিক বিনিয়োগ দুই প্ৰকাৰৰ হব পাৰে যেনে প্ৰত্যক্ষ আৰু প্ৰতিভূতিত বিনিয়োগ ।প্ৰত্যক্ষ বিনিয়োগে বিনিয়োগকাৰীক বিদেশী কোম্পানীত নিয়ন্ত্ৰণ স্বাৰ্থ – প্ৰদান কৰে  ।  অন্য অৰ্থত ইয়াক প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ বুলিও জনা যায় । আনহাতে প্ৰতিভূতিত বিনিয়োগ হ’ল এনে যাক এটা কোম্পানীয়ে আন এটা কোম্পানীৰ অংশ পত্ৰ ক্ৰয় কৰি বা ঋণ প্ৰদানৰ দ্বাৰা কৰে আৰু লভ্যাংশ বা ঋণৰ ওপৰত সুদ উপাৰ্জন কৰে  । প্ৰতিভূতিত বিনিয়োগকীৰীয়েউৎপাদন আৰু বজাৰকৰণ কাৰ্যত প্ৰত্যক্ষ ভাবে জড়িত নহয়।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডব্যৱসায়ৰ বুনিয়াদ
Chapter 1ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য ।
Chapter 2ব্যৱসায় সংগঠনৰ প্ৰকাৰ ।
Chapter 3ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ ।
Chapter 4ব্যৱসায় সেৱা ।
Chapter 5ব্যৱসায়ৰ নতুন নতুন ধৰণ ।
Chapter 6ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ ।
দ্বিতীয় খণ্ডকোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ
Chapter 7কোম্পানীৰ গঠন ।
Chapter 8ব্যৱসায় বিত্তৰ উৎসসমূহ ।
Chapter 9ক্ষুদ্ৰ ব্যৱসায় ।
Chapter 10আভ্যন্তৰীণ বেহা–বেপাৰ ।
Chapter 11আন্তৰ্জাতিক ব্যৱসায় – ১

দীঘলীয়া উত্তৰৰ প্ৰশ্ন

প্ৰশ্ন ১।চুক্তিবদ্ধ উৎপাদন কি ? ইয়াৰ সুবিধা আৰু অসুবিধা সমূহ আলোচনা কৰা  । 

উত্তৰ :- চুক্তিবদ্ধ উৎপাদনে এক প্ৰকাৰৰ আন্তৰ্জাতিক ব্যৱসায়ক বুজায় য’ত এটা প্ৰতিষ্ঠানে ইয়াৰ মানদণ্ড অনুসৰি উৎপাদন কৰা কেতবোৰ আহিলা পাতি বা পণ্য সামগ্ৰী লাভ কৰিবলৈ বিদেশৰ এখন বাবিপদ কিছুসংখ্যক স্থানীয় উৎপাদন কাৰীৰ সৈতে চুক্তিবদ্ধ হয় । চুক্তিবদ্ধ উৎপাদনক বহিঃ  মুলীয় ব্যৱস্থা হিচাপেও জনা যায়  । 

সুবিধা :- 

(ক) উৎপাদনৰ সা :- সুবিধাত বিনিয়োগৰ প্ৰয়োজনীয়তা নথকাকৈ চুক্তিবদ্ধ উৎপাদনে আন্তৰ্জাতিক প্রতিষ্ঠাক বৃহৎ পৰিমাণৰ সামগ্ৰী উৎপাদন কৰিবলৈ অনুমতি দিয়ে  । 

(খ) যিহেতু বিদেশত বিনিয়োগ নাথাকে বা একেবাৰে কম পৰিমাণে থাকে , বিদেশত বিনিয়োগৰ বিপদ শংকা নাথাকেই বুলি কব পাৰি  । 

(গ) চুক্তিবদ্ধ উৎপাদনে আন্তৰ্জাতিক কোম্পানীক কম ব্যৱসায়ত পণ্য উৎপাদন বা একত্ৰিত সুবিধা প্ৰদান কৰে যদিহে স্থানীয় উৎপাদনকাৰী সকল সেইবোৰ দেশত অৱস্থিত হয় য’ত কেঁচামাল আৰু শ্ৰমিকৰ ব্যয় নিম্ন হয়   ।

(ঘ) স্থানীয় উৎপাদন কাৰীয়ে আন্তৰ্জাতিক ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ সুযোগ লাভ কৰে আৰু ৰপ্তানি প্ৰতিষ্ঠানৰ বাবে থকা উদগনি মূলক সুবিধা বোৰ উপভোগ কৰিব পাৰে   । 

অসুবিধা :-  

(ক) স্থানীয় প্ৰতিষ্ঠান বোৰ উৎপাদনৰ আৰ্হি আৰু গুণগত মানদণ্ড মানি নচলিব পাৰে যিয়ে আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ বাবে পণ্যৰ গুণাগুণৰ গুৰুত্বৰ সমস্যা সৃষ্টি কৰিব পাৰে 

(খ) বিদেশৰ স্থানীয় উৎপাদন কাৰীয়ে উৎপাদন প্ৰক্ৰিয়াৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায় কিয়নো পণ্য সামগ্ৰী সমূহ চুক্তিৰ চৰ্ত আৰু বিশেষভাৱে উল্লেখ কৰা ধৰণে নিখুঁতভাৱে উৎপাদন কৰিব লাগে   ।  

(গ) চুক্তিবদ্ধ উৎপাদনৰ অধীনত উৎপাদন কৰা স্থানীয় প্ৰতিষ্ঠান টোৱে ইয়াৰ ইচ্ছা অনুসৰি চুক্তিমৰ্মে উৎপাদিত সামগ্ৰীবোৰ  বিক্ৰীৰ স্বাধীনতা নাপায়  । ইয়াৰ পূৰ্ব নিৰ্ধাৰণ মূল্যত আন্তৰ্জাতিক কোম্পানীক পণ্য সামগ্ৰী বিক্ৰী কৰিব লাগে  । 

প্ৰশ্ন ২।অনুজ্ঞাপত্ৰ আৰু অধিকাৰ প্ৰদান কি  ? ইয়াৰ সুবিধা আৰু সীমাবদ্ধতা সমূহ উল্লেখ কৰা  ।

উত্তৰ :- অনুজ্ঞাপত্ৰ প্ৰদান হ’ল চুক্তিবদ্ধ ব্যৱস্থা যাৰ দ্বাৰা এটা প্ৰতিষ্ঠানে ইয়াৰ স্বত্ব অধিকাৰ  , বাণিজ্য গোপনিয়তা বা প্ৰযুক্তিবিদ্যা ৰাজকৰৰ বিনিময়ত বিদেশৰ আন এটা প্ৰতিষ্ঠানক ব্যৱহাৰ কৰিবলৈ সুবিধা প্ৰদান কৰে  ।  যিটো প্ৰতিষ্ঠানে অন্য প্ৰতিষ্ঠানক এনেধৰণৰ অনুমতি প্ৰদান কৰে তাক অনুজ্ঞাপত্ৰ প্ৰদানকাৰী আৰু প্ৰযুক্তিবিদ্যা বা স্বত্ব অধিকাৰ ব্যৱহাৰ কৰিবলৈ কৰ্তৃত্ব পোৱা বিদেশৰ আনটো প্ৰতিষ্ঠান ক অনুজ্ঞাপত্ৰ গ্ৰহণকাৰী বুলি কোৱা হয়  । 

অধিকাৰ প্ৰদান বা ফ্ৰেনচাইজিং শব্দটো সেৱাৰ ব্যৱহায়ত প্ৰয়োগ কৰা হয় ।  অনুজ্ঞাপত্ৰৰ প্ৰদানৰ দৰে স্বত্ব প্ৰদানৰ বন্দবস্ততো এক নিৰ্দিষ্ট স্ময়সীমাৰ বাবে চুক্তিবদ্ধ পৰিশোধৰ বিনিময়ত একটা পক্ষই আন এটা পক্ষক প্ৰযুক্তিবদ্ধ পৰিশোধৰ বিনিময়ত এটা পক্ষই আন অভিভাৱক বা মূল কোম্পানীটোক স্বত্ব প্ৰদানকাৰী আৰু বন্দবস্তৰ আনটো পক্ষৰ স্বত্বগ্ৰহনকাৰী বুলি কোৱা হয়   । 

সুবিধা :-

(ক) অনুজ্ঞাপত্ৰ /  স্বত্ব প্ৰদান পদ্ধতিত প্ৰদানকাৰীয়ে ব্যৱসায়িক গোটটো স্থাপন কৰে আৰু তেওঁৰ ব্যৱসায়ত নিজৰ টকা পইচা বিনিয়োগ কৰে  । সেইবোৰ অনুজ্ঞাপত্ৰ /  স্বত্ব প্ৰদানকাৰীয়ে ফলদায়ক ভাবে বিদেশত বিনিয়োগ কৰিব নালাগে । গতিকে অনুজ্ঞাপত্ৰ / স্বত্ব প্ৰদান পদ্ধতি আন্তৰ্জাতিক ব্যৱসায়ত প্ৰৱেশ ৰ এক সম খৰচি উপায় । 

(খ) যিহেতু বিদেশী বিনিয়োগ নাথাকে বা কম পৰিমানে থাকে , বৈদেশিক ব্যৱসায়ত কোনোধৰণৰ ক্ষতি হলে অনুজ্ঞাপ্ৰদান / স্বত্ব প্ৰদানকাৰী তাৰ ভাগদাৰী নহয় ।  

(গ) যিহেতু বিদেশত অনুজ্ঞাপত্ৰ / স্বত্ব গ্ৰহণকাৰী জনে , যি এগৰাকী স্থানীয় লোকে ব্যৱসায় ব্যৱস্থাপনা কৰে সেয়ে ব্যৱসায় অধিগ্ৰহণ বা চৰকাৰী হস্তক্ষেপৰ বিপদ শংকা কম থাকে  । 

(ঘ) অনুজ্ঞাপত্ৰ / স্বত্ব গ্ৰহনকাৰী জন স্থানীয় লোক হোৱা বাবে অধিক বজাৰজ্ঞান আৰু সান্নিধ্য থাকে যাৰ অনুজ্ঞাপত্ৰ /  স্বত্ব প্ৰদানকাৰী জনৰ সফলতাৰে বজাৰ কাৰ্য চলোৱাৰ যথেষ্ট সহায় হয়  । 

অসুবিধা :-   

(ক) যেতিয়া এগৰাকী অনুজ্ঞাপত্ৰ / স্বত্ব গ্ৰহনকাৰীয়ে অনুজ্ঞাপত্ৰ / স্বত্ব প্ৰদান কৰা পণ্যৰ উৎপাদন আৰু বজাৰ কৰণত দক্ষ হৈ উঠে ,  অনুজ্ঞাপত্ৰ গ্ৰহনকাৰীয়ে সামান্য পৃথক নামচিহ্ন সামঞ্জস্য থকা পণ্যৰ বজাৰকৰণ আৰম্ভ কৰি দিব পাৰে । ইয়ে  অনুজ্ঞাপত্ৰ প্ৰদানকাৰী / স্বত্ব প্ৰদানকাৰীৰ বাবে তীব্ৰ প্ৰতিযোগিতাৰ সৃষ্টি কৰিব পাৰে । 

(খ) ভাল দৰে চোৱাচিতা নকৰিলে বিদেশৰ বজাৰত ব্যৱসায়িক গোপনিয়তা আন ওচৰত প্ৰকাশ পাব পাৰে । ইয়াত ফলত অনুজ্ঞাপত্ৰ/ স্বত্ব প্ৰদানকাৰীৰ যথেষ্ট ক্ষতি সাধন কৰিব পাৰে ।   

(গ) সঠিক সময়ত হিচাপপত্ৰ ৰখা , ৰাজকৰ পৰিশোধ আৰু পণ্যৰ উৎপাদন তথা গুণাগুণৰ সম্পৰ্কীয় নীতিনিয়ম মানি নচলা আদি কাৰণত অনুজ্ঞাপত্ৰ / স্বত্ব প্ৰদানকাৰী আৰু অনুজ্ঞাপত্ৰ / স্বত্ব গ্ৰহনকাৰীৰ মাজত বিবাদৰ সৃষ্টি কৰে ।

৩।চমুটোকা লিখা :-   

উত্তৰ :- ১।যৌথ অংশীদাৰীত্ব :- যৌথ অংশীদাৰীত্বৰ  অৰ্থ হ’ল  দুটা বা ততোধিক স্থানীয় প্ৰতিষ্ঠানে যৌথ মালিকীস্বত্বৰ এক প্ৰতিষ্ঠান স্থাপন কৰা । ই হৈছে বিদেশৰ  বজাৰত অনুপ্ৰৱেশৰ এক সাধাৰণ কৌশল বহল অৰ্থত ইয়াৰ এটাতকৈ অধিক অস্থায়ী সয়সীমাৰ বাবে সহযোগিতা কৰা যিকোনো প্ৰকাৰৰ সংস্থা হিচাপে ব্যাখ্যা দিব পাৰি । ইয়াত তিনি প্ৰকাৰে স্থাপন কৰিব পাৰি । 

(i) বিদেশী বিনিয়োগকাৰীয়ে এটা স্থানীয় কোম্পানীৰ অংশ ক্ৰয় কৰি   ।

(ii) বিদেশী প্ৰতিষ্ঠানে এটা চলিত অৱস্থাত থকা বিদেশী প্ৰতিষ্ঠানৰ অংশ আহৰণ কৰি । 

(iii) বিদেশী আৰু উদ্যোগী উভয়ে যুটীয়াভাৱে এটা নতুন প্ৰতিষ্ঠান স্থাপন কৰি । 

সুবিধা :-   

(i) যিহেতু স্থানীয় অংশীদাৰ  জনে এনে প্ৰতিষ্ঠানত সাধাৰণ অংশ মূলধনৰ বৰঙনি আগবঢ়ায় , আন্তৰ্জাতিক প্ৰতিষ্ঠানটো বিশ্বব্যাপী সম্প্ৰসাৰণৰ  বাবে বিত্তীয় বোজা কম হয় ।

(ii) বৃহৎ পৰিমাণৰ মূলধনী ব্যয় আৰু মানবশক্তিৰ প্ৰয়োজন হোৱা বৃহৎ প্ৰকল্প কাৰ্যকৰী কৰাটো যৌধ অংশীদাৰীত্বই সম্ভৱ কৰি তোলে ।  

(গ) বিদেশৰ ব্যৱসায়িক প্ৰতিষ্ঠান টোৰ স্থানীয় অংশীদাৰ জনৰ পৰা প্ৰতিযোগিতা মূলক অংস্থা , সংস্কৃতি , ভাষা ৰাজনৈতিক প্ৰথা আৰু ব্যৱসায়িক প্ৰথা সম্পৰ্কে থকা জ্ঞানৰ দ্বাৰা উপকৃত হয় । 

অসুবিধা :-   

(i) যৌথ অংশীদাৰীত্বত লিপ্ত হোৱা বিদেশী প্ৰতিষ্ঠানে বিদেশত থকা স্থানীয় প্ৰতিষ্ঠানৰ সৈতে প্ৰযুক্তিবিদ্যা আৰু ব্যৱসায়িক গোপনিয়তাৰ অংশীদাৰ হয়  , যাৰ ফলত এনে প্ৰযুক্তিবিদ্যা আৰু গোপনিয়তা প্ৰকাশ পোৱাৰ বিপদাংশকা সদায় থাকে । 

(ii) যুটীয়া মালিকীস্বত্বৰ ব্যৱস্থাই বিবাদৰ জন্ম দিব পাৰে যাৰ ফলত বিনিয়োগকাৰী প্ৰতিষ্ঠানবোৰৰ মাজত নিয়ন্ত্ৰণক লৈ কাজিয়াৰ সৃষ্টি হয়  ।

২।সম্পূৰ্ণ মালিকানাৰ অধীনত কোম্পানী :- যিবিলাক কোম্পানীয়ে তেওঁলোকৰ বৈদেশিক কাম কাজৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব খোজে তেনে বিলাক আন্তৰ্জাতিক ব্যৱসায় প্ৰতিষ্ঠানে এই ধৰণৰ কোম্পানী গঠনৰ অগ্ৰাধিকাৰ দিয়ে । 

সুবিধা :-

(i) মূল বা অভিভাৱক কোম্পানীয়ে বিদেশত ইয়াৰ কামকাজৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰোপ কৰিব পাৰে । 

(ii) যিহেতু অভিভাৱক কোম্পানীটোৱে নিজাববীয়াকৈ বিদেশৰ অধীনত কোম্পানীটোৰ সকলো কাম কাজ চোৱাচিতা কৰে , ইয়াৰ প্ৰযুক্তিবিদ্যাৰ আৰু ব্যৱসায়িক গোপনিয়তা আনৰ ওচৰত প্ৰকাশ কৰাৰ প্ৰয়োজন নহয় । 

অসুবিধা :-    

(i) অভিভাৱক কোম্পানীটোৰ বিদেশৰ অধীনত কোম্পানীটোত ১০০% সাধাৰণ অংশ মূলধন বিনিয়োগ কৰিব লাগে । গতিকে যিবোৰ ক্ষুদ্ৰ আৰু মজলীয়া আকাৰত প্ৰতিষ্ঠানৰ বিদেশত বিনিয়োগ কৰিবলৈ পৰ্যাপ্ত পুঁজি নাথাকে , তেনে প্ৰতিষ্ঠানৰ বাবে এই প্ৰকাৰৰ আন্তৰ্জাতিক ব্যৱসায় সুবিধা জনক নহয় । 

(ii) যিহেতু অভিভাৱক কোম্পানীটোৱে বিদেশৰ কোম্পানীটোৰ ১০০%সাধাৰণ অংশৰ মালিক হয়  , বিদেশৰ কাম কাজৰ পৰা উদ্ভৱ হোৱা সকলো ক্ষয় ক্ষতি ই অকলে বহন কৰিব লাগে ।

৪।ৰপ্তানি বাণিজ্যৰ পদ্ধতি সমূহ ব্যখ্যা কৰা । 

উত্তৰ :- ৰপ্তানি বাণিজ্যৰ পদ্ধতি সমূহ হ’ল    – 

(ক) অনুসন্ধান আৰু প্ৰত্যুত্তৰ :- প্ৰথমতে ৰপ্তানিকাৰকে আমদানিকাৰীৰ পৰা পণ্য ৰ অনুসন্ধান পত্ৰ লাভ কৰে । আৰু ইয়াৰ প্ৰত্যুত্তৰত সম্ভাব্য , দৰ ক্ৰয়ৰ চৰ্ত, মূল্য পৰিশোধৰ উপায় আদি জানিবলৈ দিয়ে ।  সাধাৰণতে নমুনা চালান বা মূল্য উদ্ধৃতি পঠিয়াই আমদানীকাৰীক তথ্য যোগান ধৰে ।  

(ii) ফৰমাচ লাভ :- আমদানীকাৰীলৈ পঠোৱা নমুনা চালান মূল্য উদ্ধৃতি আদি পৰীক্ষা কৰি চাই তেওঁ সন্তুষ্ট হলে প্ৰত্যক্ষভাৱে বা কোনো বিশেষ সংস্থাৰ সহায়ত ফৰমাচ প্ৰেৰণ কৰে । 

এনে ফৰমাচত পণ্য পৰিমাণৰ গুণাগুণ , পিকিং চালান প্ৰেৰণ , মূল্য পৰিশোধৰ পদ্ধতি আদিৰ বিষয়ে পৰামৰ্শ দিয়া হয় । 

(iii) ঋণৰ প্ৰত্যয় পত্ৰ লাভ :- ৰপ্তানিকাৰীয়ে ফৰমাচ লাভ কৰাৰ পিছত আমদানীকাৰীৰ মূল্য পৰিশোধৰ সমৰ্থ পৰীক্ষা কৰে । সাধাৰণতে আমদানীকাৰীৰ বেংকৰ পৰা আকলন বা প্ৰত্যয় পত্ৰ বিচাৰি মূল্য প্ৰাপ্তি সম্পৰ্কত নিশ্চিত হব বিচাৰে ।

(iv) ৰপ্তানি অনুজ্ঞাপত্ৰ লাভ :- যিহেতুকে ভাৰতবৰ্ষৰ আমদানি ৰপ্তানি বাণিজ্য আমদানী ৰপ্তানী আইন ১৯৪৭ ৰ ৰপ্তানি আমদানি ৰপ্তানি আইন ১৯৪৭ৰ অধীনত নিয়ন্ত্ৰণ কৰা হয় , গতিকে ৰপ্তানিকাৰীয়ে সামগ্ৰীৰ ৰপ্তানি কৰিবলৈ ভাৰত চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰিব লাগিব   ।  

(v) বৈদেশিক বাণিজ্যৰ বিনিময়ৰ নীতি নিয়ম পালন :- ৰপ্তানি বাণিজ্যত ৰপ্তানিকাৰীয়ে বৈদেশিক বিনিময় নিয়ন্ত্ৰণ আইন ১৯৪৭ চনৰ বিধিবিধান মানি চলিব লাগে । ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিৰ্দেশিত ব্যৱস্থা অনুমতি ৰপ্তানি সামগ্ৰীৰ বিৱৰণ শুল্ক বিভাগৰ নিয়ন্ত্ৰকৰ ওচৰত দাখিল কৰা নিৰ্দিষ্ট সময়ৰ বৈদেশিক বিনিময় বেংক আদিলৈ দাখিল কৰা ৰপ্তানিকাৰীৰ বাবে উল্লেখযোগ্য কাম । 

(vi) পণ্য সংগ্ৰহ , পেকিং আৰু চিহ্নিত কৰণ :- উৎপাদন কাৰী নিজে যদি উৎপাদক হয় , তেনেহলে পণ্য সমূহ উৎপাদন হোৱাৰ পিছত আৰু যদি পণ্য সমূহ আন উৎপাদকৰ পৰা সংগ্ৰহ কৰিব লগীয়া হয় , তেনেহলে সমগ্ৰীবোৰ সংগ্ৰহ কৰাৰ পিছত ৰপ্তানিকাৰীয়ে আমদানীকাৰী বা তেওঁৰ আধিকতাই আগতীয়াকৈ দিয়া নিৰ্দেশ অনুসৰি সমগ্ৰীসমূহ পেকিং আৰু বিশেষ চিহ্নৰে চিহ্নিত কৰে । সামগ্ৰীসমূহ   নিৰ্দিষ্ট ধৰণে পেকিং আৰু চিহ্নিত কৰাৰ পিছতহে জাহাজ কোম্পানীৰ জৰিয়তে আমদানি কাৰীলৈ পঠিয়াব পাৰি । 

(vii) জাহাজত পণ্য উঠোৱাৰ আদেশ লাভ :- নিশ্চিত ফৰমাচ লাভ মূল্যপৰিশোধ নিশ্চয়তা লাভৰ পাছত ৰপ্তানিকাৰীয়ে সংগৃহীত বা উৎপাদিত পণ্য সমূহ প্ৰেৰণ কৰিবলৈ জাহাজৰ বন্দবস্ত কৰে । এই ক্ষেত্ৰত জাহাজ কোম্পানীৰ লগত পণ্যৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি সম্পূৰ্ণ জাহাজ বা অংশ বিশেষ ভাড়া কৰাৰ বন্দবস্ত কৰে । জাহাজ কোম্পানীয়ে বন্দবস্ত হৈ যোৱাৰ পিছত জাহাজত পণ্য উঠাবলৈ আদেশ পত্ৰ প্ৰদান কৰে । যাৰ দ্বাৰা ৰজা জাহাজৰ কেপ্টেইনক পণ্য গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হয় । ৰপ্তানিকাৰীয়ে এনে আদেশ পত্ৰলাভ কৰি পণ্য সাজু কৰাৰ পিছত কেপ্টেইনৰ ওচৰত আদেশ পত্ৰ আৰু পণ্য জমা দিয়ে । 

(viii) বন্দবস্ত নীতিনিয়ম পালন :- পণ্য জাহাজত উঠোৱাৰ আদেশ লাভ কৰাৰ পিছত সেইবোৰ সাজু কৰি বন্দৰত পালন কৰিব লগা নীতি নিয়ম , যেনে শুল্ক বিভাগৰ সামগ্ৰীৰ শুল্ক আদায় দিয়া আৰু অনুমতি পত্ৰ লাভ কৰা বন্দৰৰ পণ্য ৰখা বাবদ ভাড়া আদায় দি ৰচিদ সংগ্ৰহ কৰা ৰপ্তানিকাৰীৰ দেশৰ বাণিজ্যিক উপদেষ্টাৰ পৰা পণ্য সঠিককৈ সম্পৰ্কে প্ৰমাণ পত্ৰ লাভ কৰা আদি কাৰ্য সমাপ্ত কৰিব লাগে । 

(ix) চালান প্ৰস্তুত কৰা :- ৰপ্তানিকাৰীয়ে চালান অভিকৰ্তা বা নিযুক্তিকৰ পৰা চালান কাৰ্য বা ৰপ্তানিৰ বাবে সাজু কৰাত লাভ কৰা অগ্ৰগতিৰ বিষয়ে জানি লৈ চালান প্ৰস্তুত কৰে  । 

(x) শুল্ক বিভাগৰ অনুমতি লাভ :- ৰপ্তানিকাৰীয়ে শুল্ক বিভাগৰ পৰা অনুমতি বিচাৰি আবেদন জনাব লাগে । শুল্ক বিভাগে নিৰ্দ্ধাৰিত শুল্ক আদায় পোৱাৰ পাছত ৰপ্তানি অনুমতি পত্ৰ প্ৰদান কৰে ।  

(xi) জাহাজত পণ্য উঠোৱা :- শুল্ক বিভাগৰ পৰা অনুমতি লাভ কৰাৰ পিছত চালানত উল্লেখ কৰা পণ্য প্ৰেৰণ কৰিবলৈ বন্দৰলৈ অথবা প্ৰত্যক্ষভাবে জাহাজলৈ কঢ়িয়াই আনে ।জাহাজত পণ্য উঠোৱাৰ সময়ত শুল্ক বিভাগে সেইবোৰ পৰীক্ষা কৰে । জাহাজৰ অধ্যক্ষই শুল্ক বিভাগৰ পৰা পোৱা জাহাজ বিল আৰু জাহাজ কৰ্তৃপক্ষৰ পৰা প্ৰদান কৰা জাহাজী হুকুম পৰীক্ষা কৰি সামগ্ৰী জাহাজত বজাই কৰে । 

(xii) মেটছ ৰচিদ লাভ :- জাহাজত পণ্য বোজাই  কৰাৰ পিছত প্ৰাপ্তি স্বীকাৰ কৰি জাহাজৰ অধ্যক্ষ বা তেওঁৰ সহায়ক অৰ্থাৎ মত জনে ৰপ্তানিকাৰীলৈ এখন ৰচিদ প্ৰদান কৰে ।এই ৰচিদক মেটছ ৰচিদ বোলে । 

(xiii) জাহাজৰ বহন পত্ৰ :- নিৰ্দিষ্ট জাহাজত পণ্য বোজাই কৰোতে অধ্যক্ষজনে জাহাজত লাভ কৰা পণ্য ৰ বিৱৰণ সহ মেটছ ৰচিদ প্ৰদান কৰাৰ উপৰিও জাহাজ কোম্পানী বা জাহাজৰ গৰাকীয়েও এখন ৰচিদ দিয়ে ।এই ৰচিদক জাহাজৰ বহন পত্ৰ বোলা হয় । 

(xiv) মূল্য প্ৰাপ্তি :-পণ্য সমূহ জাহাজত বিদেশলৈ পঠিওৱাৰ পিছত ৰপ্তানিকাৰীয়ে সেইবোৰৰ মূল্য আদায় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব । আমদানীকাৰী আৰু ৰপ্তানি কাৰীৰ মাজত  আগতীয়াকৈ বন্দবস্ত পদ্ধতি অনুসৰি মূল্য আদায় কৰা হয় । 

প্ৰশ্ন ৫। ভাৰতলৈ পণ্য  আমদানি কৰাৰ পদ্ধতি সমূহ ব্যখ্যা কৰা ।  

উত্তৰ :- আমদানি পদ্ধতি সমূহ হ’ল – 

(ক) পণ্য ৰ অনুসন্ধান বিদেশৰ পৰা পণ্য আমদানি কৰোতে সৰ্বপ্ৰথমে আমদানীকাৰী য়ে ৰপ্তানিকাৰী বা তেওঁৰ অভিকৰ্তলৈ লিখিত অনুৰোধেৰে পণ্য দৰ ,আৰু পণ্য লাভ কৰাৰ অন্যান্য চৰ্ত অনুসন্ধান কৰে ।  আমদানীকাৰীয়ে  আৱশ্যকীয় পণ্য ৰ আকাৰ ,সংখ্যা ,ওজন , পৰিমাণ পেকিং পদ্ধতি , যোগদানৰ সময় , মূল্য পৰিশোধৰ চৰ্ত আদি সঠিক ভাবে অনুসন্ধান কৰিব লাগে ।  

(খ) অনুজ্ঞাপত্ৰ লাভ :- চৰকাৰে সময়ে সময়ে আমদানীযোগ্য সামগ্ৰীৰ তালিকা প্ৰকাশ কৰে । এই তালিকাৰ বৃত্তিত আমদানীকাৰীয়ে তেওৰ দেশৰ বৈদেশিক বাণিজ্য নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ পৰা আমদামি অনুষ্ঠানপত্ৰ লাভ কৰে ।এই অনুজ্ঞাপত্ৰ মুকলি অথবা বিশেষ অনুজ্ঞাপত্ৰ হব পাৰে । 

(গ) বৈদেশিক মুদ্ৰা বিনিময়ৰ নিষ্পত্তি :- আমদানীকাৰীয়ে ৰপ্তানিকাৰীৰ দেশৰ মুদ্রাৰে আমদানি মূল্য পৰিশোধৰ বাবে মুদ্ৰা বিনিময়ৰ ব্যৱস্থা কৰে ।এই ক্ষেত্ৰত ভাৰতৰ ৰিজাৰ্ভ বেংকৰ বিনিময় নিয়ন্ত্ৰণ বিভাগে বৈদেশিক মুদ্ৰা বিনিময় কাৰ্য সম্পাদন কৰে  । 

(ঘ) ফৰমাচ দাখিল :- অনুজ্ঞাপত্ৰ লাভ আৰু বৈদেশিক মুদ্ৰা বিনিময়ৰ পৰ্যায় অতিক্ৰম কৰি আমদানীকাৰীয়ে পণ্য সামগ্ৰীৰ ফৰমাচ দাখিল কৰে ।ইয়াৰ জৰিয়তে আমদানীকাৰী য়ে তেওঁৰ পঠাব লগা পণ্য ৰ বিষয়ে জগোৱাৰ লগতে পণ্য ৰ পৰিমাণ , গুণ , দৰ পঠোৱা পদ্ধতি পেকিং মূল্য , পৰিশোধৰ উপায় আদিৰো উল্লেখ কৰে ।  

(ঙ) ঋণৰ প্ৰত্যয় পত্ৰ প্ৰেৰণ :- পণ্য পঠিওৱা আগতে ৰপ্তানি কাৰীয়ে মূল্য প্ৰাপ্তিৰ অনিশ্চয়তা দূৰ কৰিবলৈ বৈদেশিক বাণিজ্যৰ নিয়ম অনুসৰি আমদানীকাৰীৰ বেংকৰ এৰা আগতীয়াকৈ পৰিশোধৰ দায়িত্ব স্বীকাৰ কৰা হয় । অৰ্থাৎ প্ৰত্যয় পত্ৰ প্ৰেৰণ কৰা হয় ।

(চ) অন্যান্য নথিপত্ৰ সংগ্ৰহ :- ৰপ্তানিকাৰীয়ে আমদানীকাৰীলৈ পঠোৱা বিনিময় পত্ৰ , চালান , জাহাজৰ বহন পত্ৰ , বীমা পলিচী , পণ্য ৰ উৎপত্তি স্থানৰ প্ৰমাণ পত্ৰ ইত্যাদি নথিপত্ৰ সমূহ আমদানীকাৰী বা তেওঁৰ নিযুক্তিকে সংগ্ৰহ কৰিহে পণ্য খালাচ  কৰিব পাৰি ।

(ছ) খালাচি অভিকৰ্তা নিযুক্তি :- ৰপ্তানিকাৰীয়ে পঠোৱা নথিপত্ৰ সংগ্ৰহ কৰা আৰু সেইবোৰ সাজোকৰি  পণ্য সামগ্ৰী জাহাজৰ পৰা খালাচ কৰাৰ দীঘলীয়া পদ্ধতিৰ বাবে আমদানীকাৰীয়ে অভিকৰ্তা নিযুক্তি কৰিব লগা হয় । কৰ্তৃত্ব প্ৰাপ্ত এনে অভিকৰ্তাই বন্দৰৰ সকলো নীতি নিয়ম পালন কৰি পণ্য খালাচ কৰে । 

(জ) পণ্য খালাচ :- খালাচি নিযুক্তিকে পণ্য খালাচৰ আদেশ লাভ কৰি জাহাজ কোম্পানীলৈ দাখিল কৰে । বিলম্ব মাচুল পৰিশোধৰ পৰা হাত মাৰিবলৈ নিযুক্তিকে যথাসম্ভৱ সোনকালে পণ্য খালাচ কৰে ।

(ঝ) মূল্য পৰিশোধ :- পণ্য খালাচৰ আগেয়ে ৰপ্তানিকাৰীলৈ মূল্য পৰিশোধৰ নিস্পত্তি কৰিব লাগে । এই ক্ষেত্ৰত আমদানীকাৰী আৰু ৰপ্তানিকাৰীৰ মাজত চুক্তিৰ চৰ্তমতে মূল্য পৰিশোধৰ ব্যৱস্থা কৰা হয়   । 

(ঞ ) লেনদেন সমাপ্তিকৰণ :- আমদানি পদ্ধতিৰ শেষ স্তৰত এহাতে আমদানীকাৰীৰ ফৰমাচৰ পণ্য প্ৰাপ্তি আৰু আনহাতে ৰপ্তানিকাৰীৰ মূল্য প্রাপ্তিৰে লেনদেনৰ পৰিসমাপ্তি ঘটে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top