বহুসংস্কৃতিবাদ কি? সংজ্ঞা, বৈশিষ্ট্য, বিকাশ, উত্থান, তত্ত্ব, বৰ্ণসংকৰতা, সাংবিধানিক বিচিত্রতা

বহুসংস্কৃতিবাদ কি? সংজ্ঞা, বৈশিষ্ট্য, বিকাশ, উত্থান, তত্ত্ব, বৰ্ণসংকৰতা, সাংবিধানিক বিচিত্রতা | What is Multiculturalism? – Definition, Features, Evolution, Emergence, Theories, Racial Hybridity, and Constitutional Diversity

Join Telegram channel

পৰিচয় (Introduction)

বহুসংস্কৃতিবাদ (Multiculturalism) হৈছে এখন সমাজ বা ৰাষ্ট্ৰত বিভিন্ন জাতি, ভাষা, ধৰ্ম, সংস্কৃতিৰ সহঅস্তিত্বক স্বীকৃতি আৰু সন্মান প্ৰদান কৰাৰ এক নীতি। ই গণতান্ত্রিক সমাজত সমতা আৰু সাংস্কৃতিক বহুত্ববাদক উৎসাহিত কৰে।

বহুসংস্কৃতিবাদত দুটা শব্দ সংযোজন হৈ আছে- ‘বহু’ আৰু ‘সংস্কৃতি’। এই দুটা শব্দৰ সংযোজন হৈ বহুসংস্কৃতিবাদ শব্দটোৰ সৃষ্টি হৈছে। অর্থাৎ বহুসংস্কৃতিবাদ হৈছে একাধিক সংস্কৃতিৰ উপস্থিতি। বহুসংস্কৃতিবাদী সমাজে বৈচিত্র্যপূর্ণ সাংস্কৃতিক সমাজ এখন সূচায়। বহুসংস্কৃতিবাদী সমাজ এখনে সাংস্কৃতিক বৈচিত্র্যক স্বীকৃতি দিয়ে, গ্রহণ কৰে, সন্মান কৰে আৰু উদ্যাপন কৰে। ভাষা, ধর্ম, বর্ণ বা আন সাংস্কৃতিক বিচিত্রতাই বহুসংস্কৃতিবাদী সমাজ গঠন কৰাত সহায় কৰে। বহুসংস্কৃতিবাদে বিভিন্ন সংস্কৃতি বহন কৰা জনসমষ্টি থকা এখন সমাজ, ৰাজ্য, ৰাষ্ট্ৰ বা অঞ্চলক বুজায়।

বহুসংস্কৃতিবাদ কি? সংজ্ঞা, বৈশিষ্ট্য, বিকাশ, উত্থান, তত্ত্ব, বৰ্ণসংকৰতা, সাংবিধানিক বিচিত্রতা

বহুসংস্কৃতিবাদৰ সংজ্ঞা (Definition of Multiculturalism)

Table of Contents

১। কানাডাৰ বহুসংস্কৃতিবাদ আইন ১৯৮৫৩ উল্লেখ কৰিছে যে, “Multiculturalism reflects the cultural and racial diversity of Canadian society and acknowledges the freedom of all members of Canadian society to preserve, enhance and share their cultural heritage.”

২। Stanford Dictionary of Philosophy ৰ মতে, “Multiculturalism is a body of thought in political philosophy about the proper way to respond to cultural and religious diversity.”

৩। গুৰপ্ৰীত মহাজন (Gurpreet Mahajan) এ কৈছে যে, “The concept of multiculturalism endorses the idea of difference and heterogeneity that is embodied in the concept of diversity.”।

বহুসংস্কৃতিবাদৰ বৈশিষ্ট্য (Characteristics of Multiculturalism)

বহুসংস্কৃতিবাদৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

১। সাংস্কৃতিক বৈচিত্ৰ্য: বহুসাংস্কৃতিকতাই এখন সমাজত বিভিন্ন সংস্কৃতি, জাতি আৰু জাতীয়তাৰ উপস্থিতি স্বীকৃতি দিয়ে আৰু উদযাপন কৰে।

২। সহঅস্তিত্ব আৰু সহনশীলতা: ই বিভিন্ন সাংস্কৃতিক গোটৰ মাজত শান্তিপূৰ্ণ সহঅস্তিত্ব আৰু বেছি সহনশীলতাৰ ওপৰত গুৰুত্ব দিয়ে, যিয়ে বোঝাপৰা আৰু সন্মান বৃদ্ধি কৰে।

৩। সাংস্কৃতিক পৰিচয়ৰ সংৰক্ষণ: বহুসাংস্কৃতিকতাই ব্যক্তিসকলক বৃহৎ সমাজৰ অংশ হৈ থকা অৱস্থাত নিজৰ সাংস্কৃতিক পৰিচয় আৰু প্ৰথাসমূহ সংৰক্ষণ কৰাৰ সুযোগ দিয়ে।

৪। সামাজিক সংযোগ আৰু দৃষ্টিভংগী: ই সামাজিক আন্তঃক্রিয়াক সমৃদ্ধ কৰে আৰু অধিক বিস্তৃত দৃষ্টিভংগী প্ৰদান কৰে, যিয়ে বিভিন্ন পটভূমিৰ মানুহৰ মাজত সহঅস্তিত্ব আৰু শিকিব পৰাৰ সুযোগ সৃষ্টি কৰে।

৫। বহুসাংস্কৃতিক শিক্ষা: বহুসাংস্কৃতিকতাৰ উদ্দেশ্য হৈছে এনে শিক্ষা প্ৰসাৰ কৰা, যিয়ে সাংস্কৃতিক পাৰ্থক্যসমূহক স্বীকৃতি দিয়ে আৰু বিশ্ব নাগৰিকতাৰ বোধ বিকাশ কৰে।

৬। পৰিচয়ৰ স্বীকৃতি: বহুসাংস্কৃতিকতাই ব্যক্তি আৰু গোট পৰিচয়ৰ গুৰুত্ব স্বীকৃতি দিয়ে, যিয়ে লোকসকলক তেওঁলোকৰ সাংস্কৃতিক বৈশিষ্ট্য অটুট ৰাখিবলৈ সহায় কৰে।

৭। সমানতা আৰু ন্যায়: ই সকলো সাংস্কৃতিক গোটৰ বাবে সমান অধিকাৰ, সম্পদ, আৰু সুযোগ নিশ্চিত কৰিবলৈ উৎসাহিত কৰে।

৮। অভিযোজনশীলতা আৰু নমনীয়তা: বহুসাংস্কৃতিক সমাজত লোকসকলে বিভিন্ন নীতি আৰু পৰম্পৰাৰ সৈতে পৰিচিত হোৱাত অধিক অভিযোজনশীল আৰু নমনীয় হোৱাৰ সুযোগ লাভ কৰে।

৯। সামাজিক একতা: বহুসাংস্কৃতিকতাই বিভিন্ন গোটৰ মাজত একতা আৰু ঐক্যৰ অনুভৱ গঢ়ি তুলিবলৈ সহায় কৰে।

১০। সামাজিক ন্যায়: বহুসাংস্কৃতিকতাত সামাজিক ন্যায় অৰ্থ হৈছে সকলো জাতি, ধৰ্ম, আৰু সংস্কৃতিক সমান অধিকাৰ, সুযোগ, আৰু সন্মান দিয়াৰ প্ৰয়াস। ই বৈষম্য দূৰ কৰি, সামাজিক অন্তৰ্ভুক্তি, সমতা, আৰু ন্যায় নিশ্চিত কৰে।

১১। গণতান্ত্ৰিক ভাবাদর্শ: গণতান্ত্ৰিক ভাবাদৰ্শ হৈছে এনে এক নীতি, য’ত জনগণৰ মতামত, স্বাধিকাৰ, আৰু সমান অধিকাৰক গুৰুত্ব দিয়া হয়। ই স্বাধীনতা, ন্যায়, সমানতা, আৰু আইনৰ শাসনৰ ওপৰত ভিত্তি কৰি, চৰকাৰ গঠনত জনগণৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰে।

বহুসংস্কৃতিবাদৰ বিকাশ (Evolution of Multiculturalism)

বহুসংস্কৃতিবাদ হৈছে এখন সমাজত বিভিন্ন সাংস্কৃতিক গোটৰ সহঅস্তিত্ব, য’ত পৰস্পৰৰ প্ৰতি সন্মান, গ্ৰহণযোগ্যতা, আৰু বিভিন্ন সংস্কৃতিক সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। কিন্তু আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাই আৰম্ভণিৰে পৰা সাংস্কৃতিক বৈচিত্র্যক চৰকাৰী নীতি হিচাপে স্বীকৃতি দিয়া নাছিল। তাৰ পৰিৱৰ্তে, জাতি-ৰাষ্ট্ৰৰ (Nation-State) ধাৰণাই প্ৰতিষ্ঠা লাভ কৰিছিল, য’ত এটা জাতি বা সংস্কৃতিক কেন্দ্ৰ কৰি ৰাষ্ট্ৰ গঠনৰ প্ৰচেষ্টা কৰা হৈছিল।

প্ৰাৰম্ভিক বিকাশ আৰু জাতি-ৰাষ্ট্ৰ ব্যৱস্থা (Early Development and Nation-State System)

১৬৪৮ চনৰ ৱেষ্টফেলিয়া শান্তি চুক্তিৰ (Westphalia treaty) ফলত আধুনিক সাৰ্বভৌম ৰাষ্ট্ৰ ব্যৱস্থাৰ জন্ম হয়। বিশেষকৈ ১৮ আৰু ১৯ শতিকাত, পাশ্চাত্য দেশসমূহে জাতি-ৰাষ্ট্ৰৰ ধাৰণা গ্ৰহণ কৰি জাতীয় একতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এই ব্যৱস্থাই সৰ্বাধিক শক্তিশালী জাতিক কেন্দ্ৰ কৰি ৰাষ্ট্ৰ গঠনৰ চেষ্টা কৰিছিল, যাৰ ফলত ক্ষুদ্ৰ জাতিসমূহৰ সংস্কৃতি বহু সময়তে উপেক্ষিত হৈছিল। সেয়ে, বিংশ শতিকাৰ আগলৈকে পাশ্চাত্য দেশসমূহত বহুসংস্কৃতিবাদৰ বিকাশ হোৱা নাছিল।

বিংশ শতিকাত বহুসংস্কৃতিবাদৰ উত্থান (Rise of Multiculturalism)

বিংশ শতিকাৰ অন্তিম তিনিটা দশকত বহুসংস্কৃতিবাদী নীতিসমূহ জনপ্রিয়তা লাভ কৰে। অভিবাসন বৃদ্ধি, গোলকীকৰণ, আৰু সামাজিক দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ ফলত এই ধাৰণাই প্ৰসাৰ লাভ কৰে। কানাডা আৰু অষ্ট্ৰেলিয়াই ১৯৭০ ৰ দশকত বহুসংস্কৃতিবাদক চৰকাৰী নীতি হিচাপে স্বীকৃতি দিয়ে, যি এই ধাৰণাৰ বিকাশৰ বাবে এক গুৰুত্বপূর্ণ পৰিৱৰ্তন হিচাপে গণ্য কৰা হয়।

বহুসংস্কৃতিবাদৰ জনক বিশেষকৈ কানাডাক বহুসংস্কৃতিবাদী আদৰ্শৰ জনক বুলি গণ্য কৰা হয়। 

ইয়াৰ মূল কাৰণ হ’ল—

১। প্ৰথম চৰকাৰী নীতি: ১৯৭১ চনত কানাডাই আনুষ্ঠানিকভাৱে বহুসংস্কৃতিবাদক চৰকাৰী নীতি হিচাপে স্বীকৃতি দিয়ে, য’ত সকলো জাতিসত্তা আৰু সংস্কৃতিক সমান অধিকাৰ দিয়া হয়।

২। আইনী স্বীকৃতি: ১৯৮২ চনত কানাডিয়ান চাৰ্টাৰ অৱ ৰাইটছ এণ্ড ফ্ৰীডমছ (Canadian Charter of Rights and Freedoms) অন্তৰ্ভুক্ত কৰা হয়, য’ত সাংস্কৃতিক বৈচিত্র্যৰ সুৰক্ষা নিশ্চিত কৰা হয়।

৩। নীতি আৰু অনুষ্ঠান: কানাডাই বিভিন্ন জাতিসত্তাৰ ভাষা, পৰম্পৰা, আৰু ধৰ্ম সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে চৰকাৰী স্তৰত নীতি আৰু অনুষ্ঠান স্থাপন কৰে।

৪। অভিবাসী-বান্ধৱ দৃষ্টিভংগী: কানাডাই অভিবাসীক স্বাগতম জনাই তেওঁলোকক নিজৰ সংস্কৃতি অটুট ৰাখিবলৈ অনুমতি দিয়ে, যাৰ ফলত এটা সত্যিকাৰ বহুসংস্কৃতিবাদী সমাজ গঠিত হয়। আজিৰ বিশ্বত বহুসংস্কৃতিবাদ কেৱল এখন বিশেষ দেশৰ সীমাবদ্ধ নহয়; ই এখন বৈশ্বিক ধাৰণালৈ পৰিণত হৈছে। আধুনিক বিশ্বত অভিবাসন, আন্তঃসংযোগ, আৰু সাংস্কৃতিক সহঅস্তিত্বৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। যদিও কিছুমান ৰাষ্ট্ৰত একক জাতীয়তা আৰু সংস্কৃতিক অধিক প্ৰাধান্য দিয়া হয়, তথাপিও বিশ্বৰ বহু দেশত বহুসংস্কৃতিবাদী নীতি গ্ৰহণ কৰি সাংস্কৃতিক বৈচিত্ৰ্যক উৎসাহিত কৰা দেখা গৈছে।

AS Per UGC Syllabus Notes

Sl. No.Syllabus
1ৰাষ্ট্ৰ কি? সংজ্ঞা, উপাদান, বৈশিষ্ট্য, বিৱৰ্তন, ৰাষ্ট্ৰৰ উৎপত্তি আৰু সামাজিক চুক্তিসমূহ (What is a State? Definition, Elements, Features, Evolution, Origin of the State, and Social Contract Theories)
2উত্তৰ আধুনিকতাবাদ কি? সংজ্ঞা, বিকাশ, সমালোচনা (What is Postmodernism? Definition, Development, Criticism)
3ৰাজনৈতিক তত্ত্ব কি? ৰাজনীতিৰ অৰ্থ, উৎপতি, প্ৰকাৰ, বৈশিষ্ট্য, বিকাশ, পৰিসৰ, প্ৰকৃতি (What is Political Theory? – Meaning of Politics, Origin, Types, Features, Development, Scope, and Nature)
4বহুসংস্কৃতিবাদ কি? সংজ্ঞা, বৈশিষ্ট্য, বিকাশ, উত্থান, তত্ত্ব, বৰ্ণসংকৰতা, সাংবিধানিক বিচিত্রতা (Definition, Features, Evolution, Emergence, Theories, Racial Hybridity, and Constitutional Diversity)
5মার্ক্সবাদ কি?- নীতি, মার্ক্সবাদী দৃষ্টিভংগীৰ  অৰ্থ আৰু পৰিসৰ, মার্ক্সবাদী দৃষ্টিভংগী আৰু ভাৰতৰ ৰাজনীতি (What is Marxism? – Principles, Meaning and Scope of the Marxist Perspective, and Marxist Perspective and Indian Politics)
6গণতন্ত্ৰ কি? সংজ্ঞা, বৈশিষ্ট্য, বিকাশ, প্ৰকাৰ, ধাৰণা, চৰ্তসমূহ (What is Democracy? Features, Evolution, Types, Concepts, Conditions)
7নাগৰিকত্ব কি? ইয়াৰ সংজ্ঞা, বৈশিষ্ট্য, প্ৰকাৰ, বিকাশ, উদাৰবাদী, পদ্ধতিসমূহ, কাৰণ, বৈশিষ্ট্যসমূহ আৰু উপাদানসমূহ (What is Citizenship? Its Definition, Features, Types, Development, Liberal Views, Methods, Causes, Characteristics, and Elements)

ৰাজনীতি তত্ত্বৰ বোধগম্যতা

Sl. No.CONTENTS
Unit – 1ৰাজনীতি কিঃ তাত্ত্বিক ৰাজনৈতিক
Unit – 2ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য, মার্ক্সবাদী ঐতিহ্য, বহুসংস্কৃতিবাদ
Unit – 3ৰাজনৈতিক তত্ত্বৰ সমালোচনা আৰু সমকালীন দৃষ্টিভঙ্গী
Unit – 4ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – I
Unit – 5ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – II

AS Per UGC Old Syllabus ৰাজনীতি তত্ত্বৰ বোধগম্যতা

Sl. No.CONTENTS
Unit – 1ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ
Unit – 2ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ
Unit – 3ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি
Unit – 4ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ১
Unit – 5ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ২

বহুসংস্কৃতিবাদৰ তত্ত্বসমূহ (Theory of Multiculturalism)

বহুসংস্কৃতিবাদৰ বিভিন্ন তত্ত্ব বিদ্যায়তনিক মহলত ব্যাপকভাৱে আলোচনা কৰা হয় আৰু বিভিন্ন বিতৰ্কৰো সন্মুখীন হয়। এই তত্ত্বসমূহৰ পদ্ধতিগত ব্যাখ্যায় বহুসংস্কৃতিবাদৰ সঠিক ধাৰণা 

উপলব্ধি কৰাত সহায়ক হয়। সেই তত্ত্বসমূহ হ’ল-

১। ডহল কিমলিকাৰ বহুসংস্কৃতিবাদ তত্ত্ব (Will Kymlicka’s Multiculturalism): উইল কিমলিকা এজন কানাডাৰ ৰাজনৈতিক দার্শনিক। তেওঁ Liberalism, Community, Culture নামৰ গ্ৰন্থখনত বহুসংস্কৃতিবাদৰ এক তাত্ত্বিক বিশ্লেষণ দাঙি ধৰিছিল। তেওঁৰ মতে, প্রতিজন ব্যক্তিৰেই সাংস্কৃতিক গোষ্ঠীৰ সদস্যপদৰ অধিকাৰ থাকিব লাগে। কিমলিকাৰ মতে এজন ব্যক্তিৰ অধিকাৰ, আন এজন ব্যক্তিৰ আপেক্ষিকতাত থকা সুবিধা। অর্থাৎ অধিকাৰসমূহ আপেক্ষিক। কিমলিকাই বহুসংস্কৃতিবাদ ধাৰণাটো ব্যাখ্যা কৰোঁতে তিনিটা অধিকাৰৰ প্ৰসংগ উল্লেখ কৰিছে। সেই অধিকাৰসমূহ হ’ল-

(ক) স্ব-শাসনৰ অধিকাৰ।

(খ) বহুগোষ্টীয় অধিকাৰ।

(গ) বিশেষ প্ৰতিনিধিত্বৰ অধিকাৰ।

কিমলিকাৰ মতে এই তিনিওটা অধিকাৰৰ বাস্তৱ প্রয়োগৰ মাজেৰে বহুসংস্কৃতিবাদৰ আধাৰ গঢ়ি উঠে। তেওঁৰ মতে, সংখ্যালঘু গোষ্ঠীসমূহৰ মাজৰ বৈষম্য দূৰ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ সহায়ৰ প্রয়োজন হয়। ৰাষ্ট্ৰৰ বিভিন্ন নীতিৰ জৰিয়তেহে বহুসংস্কৃতিবাদী সমাজ প্রতিষ্ঠা কৰিব পৰা যায়। কিমলিকাই বহুসংস্কৃতিবাদৰ আলোচনা কৰি এখন সমাজত সংখ্যালঘু সমুদায়ে সম্মুখীন হোৱা সমস্যাসমূহৰ কথা উল্লেখ কৰিছে। তেওঁৰ মতে যদিহে সংখ্যাগৰিষ্ঠসকলৰ সংস্কৃতি সংখ্যালঘুৰ ওপৰত জাপি দিয়া হয়, তেন্তে সংখ্যালঘুসকল এক গভীৰ সমস্যাৰ সন্মুখীন হ’ব। এনে পৰিস্থিতিত সংখ্যালঘুসকল একাষৰীয়া বা প্রান্তীয় হৈ পৰে।

কিমলিকাই সংখ্যালঘুসকল এনে বিপদৰ সন্মুখীন নহ’বৰ বাবে কিছুমান পৰামৰ্শ দিছে। তেওঁৰ মতে বহুসংস্কৃতিবাদী নীতি বা আঁচনি, স্ব-শাসন, ভাষাৰ অধিকাৰ, ভূমিৰ অধিকাৰ আদিৰ জৰিয়তে সংখ্যালঘুক বিপদমুক্ত কৰিব পৰা যায়। অৱশ্যে তাৰ বাবে ৰাষ্ট্ৰৰ সহায়-সহযোগৰ প্ৰয়োজন আছে। ৰাষ্ট্ৰই বিভিন্ন ব্যৱস্থা ল’লেহে সংখ্যালঘুৰ সুৰক্ষা সম্ভৱপৰ হ’ব। এনে ব্যৱস্থাসমূহৰ অন্যতম বহুসংস্কৃতিবাদ। কিমলিকাই বহুসংস্কৃতিবাদ তত্ত্বটো আগবঢ়াওঁতে সংখ্যালঘুৰ ৫ টা ভাগত বিভাজন কৰিছিল। তেওঁৰ মতে পাশ্চাত্য গণতান্ত্রিক ৰাষ্ট্ৰসমূহত এই পাঁচ প্ৰকাৰৰ সংখ্যালঘু আছে। যেনে-

(ক) জাতীয় সংখ্যালঘু।

(খ) প্ৰব্ৰজনকাৰী গোষ্ঠী।

(গ) নৃ-ধর্মীয় গোষ্ঠী।

(ঘ) অবৈধ প্ৰব্ৰজনকাৰী।

(ঙ) আফ্রিকীয় মার্কিন।

(ক) জাতীয় সংখ্যালঘু: কিমলিকাই জাতীয় মর্যাদা পাবলৈ সংগ্রাম কৰি থকা সংখ্যালঘু জাতীয় গোষ্ঠীবোৰক জাতীয় সংখ্যালঘু বুলি কৈছে। সাধাৰণতে এখন ডাঙৰ ৰাষ্ট্ৰৰ শাসনৰ বলি হৈ এই গোষ্ঠীসমূহে নিজৰ ৰাষ্ট্ৰীয়তা হেৰুৱাব লগা হৈছে। তেওঁ লগতে বিদেশী প্ৰব্ৰজনকাৰীৰ হাতত নিজৰ ভূমি হেৰুওৱা লোকসকলকো জাতীয় সংখ্যালঘু আখ্যা দিছে। কিমলিকাৰ মতে, প্রায় সকলোবোৰ সমাজ ব্যৱস্থাতে, য’ত ভিন্নতা আছে, তাত এনেধৰণৰ সংখ্যালঘু দেখা পোৱা যায়।

(খ) প্ৰব্রজনকাৰী গোষ্টী: প্ৰব্রজনকাৰী গোষ্ঠী হৈছে সেই জনগোষ্ঠী, যি জীৱন-জীৱিকাৰ অনুসন্ধান, উন্নত জীৱনযাত্ৰা, ৰাজনৈতিক সুৰক্ষা, বা প্ৰাকৃতিক বিপৰ্যয়ৰ দৰে বিভিন্ন কাৰণত নিজৰ মূল বাসস্থান এৰি নতুন ঠাইলৈ স্থানান্তৰিত হয়। প্ৰব্রজন (Migration) মানুহৰ ইতিহাসৰ এক গুৰুত্বপূর্ণ অংগ আৰু সমাজত ইয়াৰ বহুমুখী প্ৰভাৱ পৰে।

(গ) নৃ-ধৰ্মীয় গোষ্টী: নৃ-ধৰ্মীয় গোষ্ঠী হৈছে এনে এক জনগোষ্ঠী, যি নিৰ্দিষ্ট জাতিগত (Ethnic) আৰু ধৰ্মীয় (Religious) পৰিচয়ৰ আধাৰত গঠিত হয়। এনে গোষ্ঠীবোৰৰ নিজৰ স্বতন্ত্র ভাষা, সংস্কৃতি, ধৰ্মীয় বিশ্বাস, আৰু পৰম্পৰা থাকে, যি তেওঁলোকৰ পৰিচয় নিৰ্ধাৰণ কৰে।

(ঘ) অবৈধ প্ৰব্ৰজনকাৰী: বিশ্বজুৰি অভিবাসন (Migration) হৈছে এটা সাধাৰণ প্ৰক্ৰিয়া, কিন্তু যেতিয়া কোনো ব্যক্তি বৈধ অনুমতি নোলোৱাকৈ আন দেশত প্ৰৱেশ কৰে বা বসবাস কৰে, তেতিয়া তেওঁ অবৈধ প্ৰব্ৰজনকাৰী (Illegal Immigrant) ৰূপে গণ্য হয়। এই সমস্যা বিশ্বৰ প্ৰায় সকলো দেশতে বিদ্যমান, আৰু ইয়াৰ ৰাজনৈতিক, অৰ্থনৈতিক, আৰু সামাজিক প্ৰভাৱ গভীৰ।

(ঙ) আফ্ৰিকীয় মাৰ্কিন: আফ্রিকাৰ পৰা যোৱা দাসসকলক ১৭ শতিকাৰ পৰা ১৯ শতিকাত আমেৰিকাত দাস বনুৱা হিচাপে গণ্য কৰা হৈছিল। যিহেতু তেওঁলোক দাস আছিল, সেয়ে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ চেষ্টা কৰা নাছিল। এই কৃতদাসসকলৰ বংশধৰকেই আফ্ৰিকীয় মার্কিন বুলি কোৱা হয়। ১৮৬০ চনত আমেৰিকাত এই দাসসকলক নাগৰিকত্ব প্রদান কৰা হয়। এই আফ্রিকীয় মার্কিনসকলে ব্যাপক গণআন্দোলনৰ মাধ্যমেৰে নিজৰ অধিকাৰৰ দাবী কৰিছিল। কিমলিকাই এনে সংখ্যালঘুৰ কথাও বহুসংস্কৃতিবাদ ধাৰণাত অন্তর্ভুক্ত কৰিছিল।

গতিকে কিমলিকাৰ বহুসংস্কৃতিবাদ ধাৰণা অনুসৰি সংখ্যাগৰিষ্ঠ ভিত্তিত গণতন্ত্রত বিভিন্ন ক্ষুদ্র জনগোষ্ঠীসমূহৰ প্ৰতি অন্যায় হয়। ৰাষ্ট্ৰীয় নীতিৰ জৰিয়তে এনে অন্যায়ৰ অন্ত পেলাব লাগে বুলি বহুসংস্কৃতিবাদে বিশ্বাস কৰে।

২। জেৰেমি ওৱালড্ৰনৰ তত্ত্ব (Theory of Jeremy Waldron): বহুসংস্কৃতিবাদৰ আন এটা গুৰুত্বপূৰ্ণ তত্ত্ব আগবঢ়াইছে জেৰেমি ওৱালড্রনে। তেওঁ চলমান ৰুচদিৰ বহু বিতর্কিত গ্রন্থ ‘The Satanic Verses’ ক ভিত্তি হিচাপে লৈ এই তত্ত্ব আগবঢ়াইছে। তেওঁৰ মতে বহুসংস্কৃতিবাদ নীতি উদাৰবাদ আৰু সামূহিকবাদৰ বিৰোধী। বহুসংস্কৃতিবাদে উদাৰবাদৰ এক বিকল্প ধাৰণা আগবঢ়াইছে। ওৱালড্ৰনৰ ধাৰণাই বহুত্ববাদক সমর্থন কৰে। তেওঁৰ মতে বহল অৰ্থত মানুহৰ সংস্কৃতিৰ প্ৰয়োজন আছে যদিও কেৱল এটা সংস্কৃতিৰ মাজতে আবদ্ধ থকাটো অপ্রয়োজনীয়। বহুবোৰ সংস্কৃতিৰ সংযোজনে সৃষ্টি কৰা এক বহুমাত্ৰীয় সংস্কৃতিও মানুহৰ জীৱন- যাপনৰ বাবে অতি প্ৰয়োজনীয়।

৩। জেমচ টুলিৰ তত্ত্ব(Theory of James Tully): জেমচ টুলি কানাডাৰ এজন খ্যাতনামা ৰাজনৈতিক দাৰ্শনিক আছিল, যিয়ে বহুসংস্কৃতিবাদ বিশেষকৈ সাংবিধানিকতা আৰু সাংস্কৃতিক ভিন্নতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তত্ত্ব আগবঢ়াইছিল। তেওঁৰ চিন্তাধাৰা নৃ-তত্ত্ববিদ ক্লিফৰ্ড গীটজ আৰু দাৰ্শনিক লুডুইজ উইটগেনষ্ট্ৰেইনৰ তত্ত্বৰ প্ৰভাৱত গঢ় লৈ উঠে। টুলিয়ে আধুনিক সাংবিধানিকতাৰ সমালোচনা কৰি কয় যে ই সাংস্কৃতিক ভিন্নতাক প্ৰশ্ৰয় নিদিয়ে, যাৰ ফলত সমাজত বিভিন্ন সংঘাত সৃষ্টি হয়।

টুলিৰ তত্ত্বৰ মূল ভাৱনাটো হৈছে যে আধুনিক সাংবিধানিক ব্যৱস্থাই ৰাজ্যৰ সার্বভৌমত্ব, আইনী নিয়ম-শৃংখলা আৰু ৰাষ্ট্ৰীয় একতাৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ ফলত বিভিন্ন জাতি-গোষ্ঠী তথা আদিবাসীসকলৰ সংস্কৃতি আৰু পৰিচয় উপেক্ষিত হৈ পৰে। তেওঁ যুক্তি দিয়ে যে সাংবিধানিক প্ৰণালীত সংস্কৃতিক বিভিন্নতা স্বীকৃতি নিদিয়াৰ ফলত আদিবাসী আৰু সংখ্যালঘু গোষ্ঠীসমূহৰ অধিকাৰ ক্ষুণ্ণ হয়। সেইবাবে, তেওঁ সাংবিধানিক একতাৰ সলনি অধিক নমনীয় আৰু অন্তৰ্ভুক্তিমূলক সাংবিধানিক ব্যৱস্থাৰ প্ৰয়োজনীয়তা উল্লেখ কৰে।

টুলিয়ে ঔপনিৱেশিকতাৰ প্ৰভাৱৰ সমালোচনা কৰি কয় যে ঔপনিৱেশিক শক্তিবোৰে প্ৰাচীন সাংবিধানিক পৰম্পৰা আৰু আধুনিক সাংবিধানিকতাৰ মাজত সংঘাত সৃষ্টি কৰিছে। ঔপনিৱেশিক শক্তিয়ে স্থানীয় শাসন প্ৰণালী আৰু সাংস্কৃতিক ধাৰণা উপেক্ষা কৰি বিদেশী আইন আৰু ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল, যাৰ ফলত সাংস্কৃতিক সংগ্ৰাম আৰু ৰাজনৈতিক বিবাদ বৃদ্ধি পাইছিল।

আধুনিক বহুসাংস্কৃতিক সমাজত টুলিৰ তত্ত্ব বিশেষভাৱে প্ৰাসংগিক। বৰ্তমান বিশ্বত জাতি, ধৰ্ম, ভাষা আৰু সংস্কৃতিক লৈ বিভিন্নতা বৃদ্ধি পাইছে, আৰু টুলিৰ চিন্তাধাৰাই দেখুৱাই যে সাংবিধানিক ব্যৱস্থাই কেৱল নিয়ম-শৃংখলা আৰু একতাৰ ওপৰত গুৰুত্ব নিবনা, সাংস্কৃতিক পৰিচয় আৰু অধিকাৰো সুৰক্ষিত কৰিব লাগিব। তেওঁ সাংস্কৃতিক ভিন্নতাৰ সমাদৰ কৰি সংগঠিত সংলাপ আৰু স্বীকৃতিৰ জৰিয়তে গণতান্ত্রিক সাংবিধানিকতা গঢ়ি তুলিবলৈ আহ্বান জনায়। টুলিৰ চিন্তাধাৰা কিমলিকা, জেৰেমি ওৱালড্ৰন আদিৰ বহুসংস্কৃতিবাদ তত্ত্বৰ লগত সংলগ্ন। লগতে এডৱাৰ্ড চেইডেও Orientalism (১৯৭৮) আৰু Culture and Imperialism (১৯৯৩) গ্ৰন্থত দেখুৱাইছে যে পশ্চিমা বিশ্বৰ দৃষ্টিভংগীয়ে কেনেদৰে ৰাজনৈতিক আৰু সাংস্কৃতিক পৰম্পৰাক প্ৰভাৱিত কৰে। টুলিৰ বহুসংস্কৃতিবাদ তত্ত্ব আধুনিক গণতান্ত্ৰিক সমাজত সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰাত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

বহুসংস্কৃতিবাদৰ প্ৰকাৰসমূহ (Types of Multiculturalism)

বহুসংস্কৃতিবাদৰ কমলিকা, পাৰেখ, গুৰপ্ৰীত মহাজন, জন ৰাউলচ্, টুলি, ওৱালড্রন আদিৰ ধাৰণাসমূহৰ ভিত্তিত বহুসংস্কৃতিবাদক তিনিটা প্ৰকাৰত বিভক্ত কৰিব পাৰি। সেই প্ৰকাৰসমূহ হ’ল-

(ক) ৰক্ষণশীল বহুসংস্কৃতিবাদ (Conservative Multiculturalism)।

(খ) উদাৰ বহুসংস্কৃতিবাদ (Liberal Multiculturalism)।

(গ) বামপন্থী উদাৰ বহুসংস্কৃতিবাদ (Left-Liberal Multiculturalism)।

উক্ত বসুসংস্কৃতিবাদৰ প্ৰকাৰসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল-

(ক) ৰক্ষণশীল বহুসংস্কৃতিবাদ (Conservative Multiculturalism)

বহুসংস্কৃতিবাদ এক গুৰুত্বপূৰ্ণ সামাজিক আৰু দাৰ্শনিক ধাৰণা, যিয়ে বিভিন্ন সংস্কৃতি, জাতি, ভাষা আৰু ধৰ্মৰ লোকসকলক একে সমাজত একত্ৰিত হোৱাৰ সুযোগ প্ৰদান কৰে। বহুসংস্কৃতিবাদৰ বিভিন্ন প্ৰকাৰসমূহৰ ভিতৰত ৰক্ষণশীল বহুসংস্কৃতিবাদ অন্যতম। এই ধাৰণাটোৱে মূলত সংস্কৃতিৰ সংৰক্ষণ আৰু সমন্বয়ক গুৰুত্ব দিয়ে। ৰক্ষণশীল বহুসংস্কৃতিবাদ অনুসৰি, সমাজৰ মূল সংস্কৃতি বা প্ৰচলিত সমাজব্যৱস্থাত কোনো মৌলিক পৰিৱৰ্তন আনি অন্য সংস্কৃতিসমূহৰ বাবে বিশেষ স্থান সৃষ্টি নকৰিলে বেছিকৈ ভাল হয়। তাৰ অৰ্থ, কোনো গোষ্ঠীয়ে নিজৰ নিজস্ব সংস্কৃতি মানি চলিব পাৰে, কিন্তু সমাজৰ মূল ধাৰাৰ সৈতে মিশ্ৰিত হোৱাৰ চেষ্টা কৰিব লাগিব। এই ধাৰণাৰ অধীনত, সংস্কৃতিৰ সৰ্বোচ্চতা স্বীকাৰ কৰা হয় আৰু ইয়াক পৰিৱৰ্তনশীলতা অথবা নতুন সংস্কৃতিৰ সৈতে মিশ্রণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা হয়।

ৰক্ষণশীল বহুসংস্কৃতিবাদৰ অন্যতম লক্ষ্য হ’ল বিভিন্ন সংস্কৃতিক একে সমাজত সংহত কৰাৰ চেষ্টা কৰাতকৈ মূল সংস্কৃতিক অক্ষুণ্ণ ৰখা। ইয়াৰ ফলত, সমাজৰ বিভিন্ন জনগোষ্ঠী নিজৰ নিজস্ব পৰিচয় বজাই ৰাখিব পাৰে, কিন্তু মূল সংস্কৃতিৰ ওপৰত কোনো ধৰণৰ প্রভাৱ নেপেলায়। যদি কোনো সংস্কৃতি মূল সংস্কৃতিৰ লগত সহজে মিশ্রিত হ’ব পাৰে, তেন্তে সেই মিশ্ৰণক স্বীকাৰ কৰা হয়, কিন্তু যদি মিশ্ৰণ সম্ভৱ নহয়, তেন্তে এক বহুৰঙী আৰু গতিশীল সংস্কৃতিৰ সৃষ্টি হয়, য’ত মূল সংস্কৃতি সদায় প্ৰাধান্য লাভ কৰে।

ৰক্ষণশীল বহুসংস্কৃতিবাদৰ বৈশিষ্ট্যসমূহ (Characteristics of conservative multiculturalism)

ৰক্ষণশীল বহুসংস্কৃতিবাদত কেইটামান বিশেষ বৈশিষ্ট্য দেখা যায়। সেইবোৰ হ’ল—

১। ক্ষমতাৰ পৰা পৃথক নোহোৱাকৈ বর্ণবাদক অস্বীকাৰ কৰা: ৰক্ষণশীল বহুসংস্কৃতিবাদত বৰ্ণবাদ (Racism)ক খণ্ডন কৰা হয়, কিন্তু সমাজত ক্ষমতাৰ ধাৰণাটোক প্ৰশ্ন কৰা নহয়। অন্যথাতে ক’লে, সংস্কৃতিৰ আধাৰত কোনো প্ৰান্তিকীকৰণ বা বঞ্চনা নহ’ব বুলি কোৱা হয়, কিন্তু ক্ষমতাৰ কেন্দ্ৰীয় ধাৰণাত কোনো পৰিৱৰ্তন আনি নিদিয়া হয়। মূল সমাজৰ শক্তি কাঠামো আগৰ দৰে অক্ষুণ্ণ থাকে আৰু সংখ্যালঘু সংস্কৃতিসমূহক মূল সমাজৰ নিয়ম-কানুন অনুসৰণ কৰিবলৈ উৎসাহিত কৰা হয়।

২। বিচিত্ৰতাৰ এক পাতল আৱৰণ: এই ধাৰণাত বিচিত্ৰতা বা বৈচিত্ৰ্যক স্বীকৃতি দিয়া হয়, কিন্তু সমাজৰ গুৰিৰে পৰা কোনো গভীৰ পৰিৱৰ্তন আনি নেদিয়া হয়। বহুসংস্কৃতিবাদৰ এনে ৰূপত, বহুজাতিক অথবা বহুধাৰ্মিক সমাজক স্বীকাৰ কৰা হয়, কিন্তু সমাজৰ নিয়ন্ত্ৰণ মূল সংস্কৃতিকেন্দ্ৰিক হৈ থাকে। আনকি যদি কোনো নতুন সংস্কৃতি মূল সমাজত অন্তৰ্ভুক্ত হ’ব খোজে, তেন্তে সেই অন্তৰ্ভুক্তি সাময়িক বা উজ্জ্বলতাহীন হৈ থাকিব পাৰে।

৩। বিচিত্রতাক প্রান্তিকভাৱে সন্মান কৰা: ৰক্ষণশীল বহুসংস্কৃতিবাদত অন্যান্য সংস্কৃতিক মূল সমাজৰ অংশ হিচাপে গ্ৰহণ কৰা হয়, কিন্তু ইহঁতৰ মূল সংস্কৃতিৰ সমান অধিকাৰ নাই। আনহাতে, মূল সংস্কৃতিক কোনো ধৰণৰ সংকট বা প্ৰভাৱৰ পৰা বচাবলৈ চেষ্টা কৰা হয়। এই ধাৰণাৰ অধীনত, সংখ্যালঘু সংস্কৃতিসমূহ মূল সমাজৰ অংশ হ’ব পাৰে, কিন্তু মূল সংস্কৃতিক পৰিবৰ্তন নকৰি, কেৱল সীমিত পৰিসৰত সন্মান দিয়া হয়।

(খ) উদাৰ বহুসংস্কৃতিবাদ (Liberal Multiculturalism)

উদাৰ বহুসংস্কৃতিবাদৰ মতে, সকলো জাতি, গোষ্ঠী বা বৰ্ণ জন্মগতভাৱে সমান। মানৱীয় গুণ বা বৌদ্ধিক ক্ষমতাৰ ক্ষেত্ৰত কোনো জাতি বা গোষ্ঠীৰ প্ৰাকৃতিকভাৱে কোনো শ্ৰেষ্ঠতা নাই। কিন্তু সমাজৰ পৰিৱেশ, শিক্ষা, অৰ্থনৈতিক সুযোগ-সুবিধা আৰু বিভিন্ন অভিজ্ঞতাই জনগোষ্ঠীসমূহৰ মাজত পাৰ্থক্য সৃষ্টি কৰে। সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰত সহযোগ আৰু সমান সুযোগৰ অভাৱৰ ফলত এই বিচিত্ৰতা অধিক বৃদ্ধি পায়।

উদাৰ বহুসংস্কৃতিবাদৰ মূল উদ্দেশ্য হ’ল– সমাজত সকলো জনগোষ্ঠী আৰু ব্যক্তিৰ সাংস্কৃতিক বিকাশৰ বাবে সমান সুযোগ প্ৰদান কৰা আৰু সংখ্যালঘু জনগোষ্ঠী বা পিছপৰা গোষ্ঠীসমূহক বিশেষ অধিকাৰৰ জৰিয়তে সামাজিক ন্যায় আৰু সাম্য নিশ্চিত কৰা।

উদাৰ বহুসংস্কৃতিবাদৰ প্রধান বৈশিষ্ট্যসমূহ (Main characteristics of liberal multiculturalism)

১। বৌদ্ধিক সমতা: উদাৰ বহুসংস্কৃতিবাদৰ মতে, সকলো জাতি বা জনগোষ্ঠী বৌদ্ধিক দিশত সমান। কোনো গোষ্ঠী জন্মগতভাৱে শ্ৰেষ্ঠ বা অধম নহয়। জনগোষ্ঠীৰ মাজত দেখা যোৱা পাৰ্থক্যসমূহ মূলত সামাজিক, ঐতিহাসিক আৰু পৰিৱেশগত কাৰণৰ ফলশ্ৰুতি।

২। ব্যক্তিৰ সাংস্কৃতিক বিকাশ: ব্যক্তিৰ পূৰ্ণ স্বাধীনতাৰ বাবে তেওঁৰ নিজস্ব সংস্কৃতিক বিকাশৰ সুযোগ থকাটো অতি প্ৰয়োজনীয়। সংস্কৃতি, ভাষা, পৰম্পৰা আদি ব্যক্তিৰ আত্ম পৰিচয়ৰ অংশ, আৰু ই তেওঁৰ মুক্ত বিকাশত সহায়ক হয়। সেয়ে, উদাৰ বহুসংস্কৃতিবাদ ব্যক্তিগত তথা গোষ্ঠীগত সাংস্কৃতিক স্বতন্ত্রতা ৰক্ষা কৰাৰ পক্ষপাতী।

৩। সংখ্যালঘুৰ বিশেষ অধিকাৰ: যিসকলে সংখ্যাগতভাৱে সংখ্যালঘু অথবা ঐতিহাসিকভাৱে পিছপৰা গোষ্ঠীৰ অন্তৰ্গত, তেওঁলোকৰ সাংস্কৃতিক আৰু সামাজিক উন্নয়নৰ বাবে বিশেষ অধিকাৰ প্ৰদান কৰাৰ প্রয়োজনীয়তা এই ধাৰণাই স্বীকাৰ কৰে। উদাহৰণস্বৰূপ, ভাষাগত সংখ্যালঘুৰ মাতৃভাষাৰ শিক্ষা, আদিবাসী জনগোষ্ঠীৰ ভূমি অধিকাৰ, আৰু পিছপৰা জনগোষ্ঠীৰ বাবে শিক্ষাত সংৰক্ষণ আদি ব্যৱস্থা উদাৰ বহুসংস্কৃতিবাদৰ মূল লক্ষ্যৰ অংশ।

গতিকে, উদাৰ বহুসংস্কৃতিবাদ, এনে ধাৰণা, যিয়ে বৌদ্ধিক সমতা, সাংস্কৃতিক বিকাশ, আৰু সংখ্যালঘুৰ অধিকাৰ সুনিশ্চিত কৰি সমাজত সাম্য আৰু ন্যায়ৰ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে।

(গ) বামপন্থী উদাৰ বহুসংস্কৃতিবাদ (Left-Liberal Multiculturalism)

বহুসংস্কৃতিবাদৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰকাৰ হ’ল বাওঁপন্থী উদাৰ বহুসংস্কৃতিবাদ। এই বাওঁপন্থী উদাৰ বহুসংস্কৃতিবাদে সংস্কৃতিক ভিন্নতাত বিশ্বাস কৰে। এই ধাৰণাই ‘আন জনগোষ্ঠীসমূহ’ সংস্কৃতিক স্বাভাৱিক হিচাপে গ্ৰহণ কৰাৰ কথা কয়। 

বাওঁপন্থী উদাৰ বহুসংস্কৃতিবাদৰ বৈশিষ্ট্যসমূহ (Characteristics of Left Liberal Multiculturalism)

১। সাংস্কৃতিক ভিন্নতাৰ গুৰুত্ব: এই বহুসংস্কৃতিবাদে সংস্কৃতিক এক ৰূপৰীতি হিচাপে নলয়; বৰঞ্চ সমাজত থকা বিভিন্ন সংস্কৃতিৰ স্বীকৃতি দিয়ে আৰু তাত গুৰুত্ব আৰোপ কৰে।

২। সংস্কৃতিৰ সংকীৰ্ণ ব্যাখ্যা: বাওঁপন্থী বহুসংস্কৃতিবাদে সংস্কৃতিক বিশেষ সীমিত দৃষ্টিভঙ্গীৰে ব্যাখ্যা কৰে, যাৰ ফলত সংস্কৃতিক অধিক সুসংগত আৰু স্থিৰ ৰূপত বিবেচনা কৰা হয়।

৩। ভিন্নতাৰ স্বীকৃতিৰ অভাৱ: এই ধাৰণাই এটা বিশেষ সংস্কৃতিৰ অভ্যন্তৰত থকা ভিন্নতা অথবা বহুমুখিতা প্ৰায় গুৰুত্ব নিদিয়ে; তাৰ পৰিৱর্তে, সংস্কৃতিক এটা একক গঠন হিচাপে বিবেচনা কৰা হয়।

বহুসংস্কৃতি বাদৰ আৰ্হিসমূহ (Models of Multiculturalism)

বহুসংস্কৃতিবাদৰ আৰ্হিসমূহ বিভিন্ন চিন্তাবিদ আৰু ৰাষ্ট্ৰৰ নীতি অনুসৰি পৰিৱৰ্তনশীল। ১৯৭০ৰ দশকত অষ্ট্ৰেলিয়া আৰু কানাডাই যি বহুসংস্কৃতিবাদী নীতি গ্ৰহণ কৰিছিল, সেয়ে ফ্ৰান্স বা উত্তৰ আমেৰিকাৰ মডেলৰ সৈতে একে নহয়। চিন্তাবিদ কিমলিকাৰ সংখ্যালঘু সংস্কৃতিৰ বিভাজন গুৰপ্ৰীত মহাজন বা ভিক্ষু পাৰেখৰ চিন্তাধাৰাৰ সৈতে ভিন্ন। এই পৰিৱৰ্তনশীল আৰু দেশভেদে বেলেগ হওতাৰ ফলতে উমৈহতীয়া বহুসংস্কৃতিবাদৰ আৰ্হি নাই। বহুসংস্কৃতিবাদৰ আৰ্হিসমূহক দুটা ভাগত বিভক্ত কৰিব পাৰো। যেনে-

১। বহুসংস্কৃতিবাদৰ  প্ৰাচীন আৰ্হি আৰু

২। বহুসংস্কৃতিবাদৰ নতুন আৰ্হি।

উক্ত আৰ্হি দুটা তলত চমুকৈ আলোচনা কৰা হ’ল-

১। বহুসংস্কৃতিবাদৰ প্ৰাচীন আৰ্হি (Old Model of Multiculturalism): বহুসংস্কৃতিবাদৰ প্ৰাচীন আর্হিয়ে বহুসংস্কৃতিবাদৰ এক দুৰ্বল ধাৰণাৰ সমৰ্থন কৰে। এই ধাৰণাই প্রকৃতাৰ্থত সম্পূর্ণভাৱে এক বহুসংস্কৃতিবাদৰ প্ৰাচীন আৰ্হি অনুসৰি এখন বহুসাংস্কৃতিক সমাজত বাজহুৱা জীৱনত এটা গোষ্ঠীৰ সংস্কৃতি সংখ্যাগৰিষ্ঠ গোষ্ঠীৰ সংস্কৃতিত মিহলি হৈ যায়। অৱশ্যে ব্যক্তিগত জীৱনত জনগোষ্ঠীটোৱে নিজৰ সংস্কৃতি সুৰক্ষিত কৰিব পাৰে। অর্থাৎ প্রাচীন বহুসংস্কৃতিবাদী আৰ্হি অনুসৰি ব্যক্তিৰ ব্যক্তিগত বিষয়সমূহত ব্যক্তিয়ে নিজৰ সংস্কৃতি ত্যাগ কৰিব নালাগে, কিন্তু ৰাজহুৱা বিষয়সমূহত ব্যক্তিয়ে নিজৰ সংস্কৃতি ত্যাগ কৰি এক সংমিশ্রিত সংস্কৃতিৰ সদস্য হৈ পৰিব।

প্রাচীন বহুসংস্কৃতিবাদ কেৱল একমাত্রিক। অর্থাৎ প্রাচীন বহুসংস্কৃতিবাদে সংস্কৃতিৰ বিভিন্ন দিশবোৰক একেলগে গুৰুত্ব নিদিয়ে। সকলোবোৰ সংস্কৃতিৰ সকলোবোৰ দিশ সমান বুলি এই ধাৰণাই গণ্য নকৰে। গতিকে সমাজ বা ৰাষ্ট্ৰই সকলোবোৰ দিশক গ্রহণ নকৰে। প্রাচীন বহুসংস্কৃতিবাদ একমাত্রিক হোৱাৰ বাবে এটা জনগোষ্ঠীৰ যিকোনো এটা দিশত বহুসংস্কৃতিক স্বীকৃত প্রদান কৰাটোৱে পর্যাপ্ত বুলি জ্ঞান কৰে। প্রাচীন বহুসংস্কৃতিবাদে বর্ণ, শ্রেণী বা লিংগ, এই তিনিওটাৰ যিকোনো এটা দিশতহে গুৰুত্ব দিয়ে। অর্থাৎ, এখন বহুসংস্কৃতিবাদী সমাজ বর্ণ, শ্রেণী অথবা লিংগৰ দিশতহে বহুসাংস্কৃতিক হ’ব পাৰে। যিহেতু প্রাচীন বহুসংস্কৃতিবাদ একমাত্রিক, গতিকে এই তিনিওটা গোটে একেলগে এখন বহুসাংস্কৃতিক সমাজ গঠন কৰিব নোৱাৰে।

প্রাচীন বহুসংস্কৃতিবাদক পাত্র আর্হি (Container model) বুলিও ক’ব পৰা যায়। প্রাচীন বহুসংস্কৃতিবাদ ভৌগোলিকভাৱে সীমাবদ্ধ। ইয়াত সংস্কৃতি এটা ভৌগোলিক চাৰিসীমাৰ ভিতৰতে আবদ্ধ হৈ থাকে। অর্থাৎ, নির্দিষ্ট ভূ-খণ্ডৰ বাহিৰৰ সংস্কৃতিক প্রাচীন বহুসংস্কৃতিবাদী আর্হিয়ে স্বীকৃতি প্রদান নকৰে। এখন সমাজ বা ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূ-খণ্ডত থকা গোষ্ঠীসমূহৰ সংস্কৃতিৰ বাহিৰে বাহিৰৰ সংস্কৃতিক ৰাষ্ট্ৰই গ্ৰহণ নকৰে। সেয়ে এই আৰ্হিকে আবদ্ধ বাকচৰ আৰ্হিৰ বহুসংস্কৃতিবাদ বুলিও কোৱা হয়।

২। নতুন বহুসংস্কৃতিবাদ (New Multiculturalism): বহুসংস্কৃতিবাদৰ দ্বিতীয়টো আর্হি হ’ল নতুন বহুসংস্কৃতিবাদ। এই আর্হিক বহুসংস্কৃতিবাদৰ এটা শক্তিশালী আৰ্হি বুলি গণ্য কৰা হয়। বহুসংস্কৃতিবাদৰ নতুন আর্হিয়ে প্রকৃতার্থত সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতিক ৰাষ্ট্ৰ বা সমাজে গ্ৰহণ কৰাৰ কথা কয়। অর্থাৎ, এই আৰ্হি অনুসৰি ব্যক্তিগত জীৱন আৰু সামাজিক জীৱন, দুয়ো ক্ষেত্রতে ৰাষ্ট্ৰ বা সমাজে ব্যক্তিৰ সাংস্কৃতিক মান্যতা প্ৰদান কৰিব লাগিব। নতুন বহুসংস্কৃতিবাদৰ আৰ্হি বহুমাত্ৰিক, যিয়ে কেৱল এটা দিশৰ ওপৰত নিৰ্ভৰ নকৰি, সকলো সাংস্কৃতিক দিশক অন্তৰ্ভুক্ত কৰি এখন সত্যিকাৰ অন্তর্ভুক্তিমূলক সমাজ গঠন কৰিবলৈ চেষ্টা কৰে। এই আর্হিয়ে সকলো বৰ্ণ, শ্ৰেণী আৰু লিংগৰ সভ্যতা সমানভাৱে সুৰক্ষিত আৰু স্বীকৃত হোৱাৰ কথা কয়, য’ত কোনোও কোনো আন সংস্কৃতিক দমন কৰিব নোৱাৰিব। প্ৰাচীন আৰ্হিৰ বিপৰীতে, এই নতুন বহুসংস্কৃতিবাদ খোলা আৰু সীমাবদ্ধ নোহোৱা, যিয়ে কেৱল ৰাষ্ট্ৰীয় ভূগোলৰ ভিতৰতে সীমিত নাথাকে, বৰঞ্চ নতুনকৈ অভিবাসিত জনগোষ্ঠীৰ সংস্কৃতি আৰু অধিকাৰো সুৰক্ষিত কৰে।

প্রাচীন বহুসংস্কৃতিবাদ আৰু নতুন বহুসংস্কৃতিবাদ, এই দুয়োটা আর্হি অধ্যয়ন কৰিলে দেখা যায় যে প্রাচীন বহুসংস্কৃতিবাদৰ আৰ্হি সংকীর্ণ আর্হি। আনহাতে নতুন বহুসংস্কৃতিবাদৰ আৰ্হি বহল আৰু বহুমাত্রিক। বহুসংস্কৃতিবাদৰ প্ৰাচীন আৰ্হি আৰু নতুন আৰ্হিৰ দুয়োটাই বহুসংস্কৃতিবাদৰ কিছুমান পৰিৱেশৰ কথা কয়। সেইবোৰ তলত আলোচনা কৰা হ’ল-

বৰ্ণসংকৰতা (Hybridity)

বৰ্ণসংকৰতাৰ অৰ্থ হ’ল মিশ্রণ। প্ৰথম অৱস্থাত বৰ্ণসংকৰতা শব্দটো জীৱবিজ্ঞানত ব্যৱহৃত হৈছিল। পৰৱৰ্তী সময়ত ভাষা, নৃতত্ত্ব, সংস্কৃতি অধ্যয়ন আদিতো এই শব্দৰ প্ৰয়োগ আৰম্ভ হ’ল। নিজৰ মূল অৱস্থাৰ পৰা আঁতৰি আহি উন্নত অৱস্থা লাভ কৰাকে চমুকৈ বৰ্ণসংকৰতা বুলি ক’ব পৰা যায়। সংস্কৃতিৰ ক্ষেত্ৰত এটা সমুদায় বা বৰ্ণৰ সংস্কৃতিয়ে মূল অৱস্থা এৰি আন উন্নত সংস্কৃতিৰ পৰশ পাই উন্নত হোৱাই বৰ্ণসংকৰতা।

চিহ্নি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা নাটাল্যা লাচটিয়ে বৰ্ণসংকৰতাৰ বিষয়ে কৈছে যে দুটা বেলেগ বেলেগ বৰ্ণৰ মাজৰ মিশ্রণেই হৈছে বৰ্ণসংকৰতা। তেওঁ কৈছে যে, “Hybridity is a cross between two separate races, plants or culture.” 

বহুসংস্কৃতিবাদ আৰু বৰ্ণসংকৰতাৰ মাজত সম্পৰ্ক আছে। এখন ৰাষ্ট্ৰ বা সমাজত বহুটো জাতি, গোষ্ঠী বা বৰ্ণৰ লোক থাকিলে আৰু সকলো জাতিৰে সভ্যতা সংস্কৃতিক সমমর্যাদা প্রদান কৰিলে এখন বহুসাংস্কৃতিক সমাজৰ সৃষ্টি হয়। এখন বহুসাংস্কৃতিক সমাজত এটা জনগোষ্ঠীয়ে আন জনগোষ্ঠীৰ সংস্কৃতিক সন্মান কৰে। জনগোষ্ঠীসমূহৰ মাজত এক ভাল সামাজিক সম্পর্ক গা কৰি উঠে। এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ সংস্কৃতি সভ্যতাৰ প্ৰতি আকর্ষিত হয়। সমসাময়িকভাৱে আনৰ ভাল সংস্কৃতিসমূহ আঁকোৱালি লয়। অর্থাৎ, এটা জনগোষ্ঠীৰ সংস্কৃতি আন জনগোষ্ঠীলৈ বিয়পি যায় বা প্ৰসাৰিত হৈ যায়। এই প্ৰসাৰণ স্বতঃস্ফূর্ত। এনে ঘটনাত সাধাৰণতে এটা জনগোষ্ঠীৰ ভাল দিশসমূহে আন জনগোষ্ঠীয়ে গ্ৰহণ কৰে। এনেদৰেই দুটা জনগোষ্ঠীৰ সংস্কৃতি মিশ্রিত হৈ বৰ্ণসংকৰ সংস্কৃতিৰ সৃষ্টি হয়। এনে স্বতঃস্ফূর্ত বৰ্ণসংকৰ সংস্কৃতি কেৱল বহুসংস্কৃতিবাদতহে সম্ভৱপৰ হয়। সামাজিক সংস্কাৰ, শিক্ষাৰ প্ৰভাৱ, যোগাযোগ আৰু যাতায়াতৰ উন্নয়নে বৰ্ণসংকৰ সংস্কৃতিৰ সৃষ্টিত অৰিহণা যোগাইছে। গতিকে এখন বহুসংস্কৃতিবাদ সমাজত তাত্ত্বিকভাবে প্রতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ ভাষা-সংস্কৃতি সুৰক্ষিত কৰিবলৈ সক্ষম হয় যদিও বাস্তৱত ই এক বৰ্ণসংকৰ সংস্কৃতিৰ ৰূপ ধাৰণ কৰে। গতিকে বহুতে বৰ্ণসংকৰতাক বহুসংস্কৃতিবাদৰ এটা আৰ্হি বুলিও গণ্য কৰে।

বৰ্ণসংকৰ বহুসংস্কৃতিবাদত দেখা যায় যে এটা জনগোষ্ঠীয়ে নিজৰ সংস্কৃতিসমূহ ত্যাগ কৰি আনৰ সু-সংস্কৃতি গ্রহণ কৰি এক নতুন সংস্কৃতিৰ সৃষ্টি কৰে। এনে কৰাৰ ফলত যদিও সমুদায়টো নিজৰ মূল সংস্কৃতিৰ পৰা আঁতৰি যায় তথাপি তেওঁলোকে নিজকে শোষিত বুলি গণ্য নকৰে। এই বৰ্ণসংকৰ সংস্কৃতি বিশ্বজনীন হ’ব পাৰে। এই নতুন বৰ্ণসংকৰ সংস্কৃতিত সংখ্যালঘু, সংখ্যাগুৰু সংস্কৃতি নাথাকে।

সাংবিধানিক বিচিত্রতা (Constitutional Diversity)

বহুসংস্কৃতিবাদৰ লগত জড়িত আন এটা গুৰুত্বপূর্ণ বিষয় হ’ল সাংবিধানিক বিচিত্রতা। সাংবিধানিক বিচিত্রতা হ’ল এখন দেশৰ সংবিধানৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, আৰু পৰম্পৰাক সুৰক্ষা প্ৰদান কৰাৰ এক ব্যৱস্থা। এই ধাৰণাই এটা বহুসাংস্কৃতিক পৰিৱেশ গঠনৰ বাবে সহায় কৰে, য’ত সকলো জাতি, ধর্ম, আৰু ভাষা-গোষ্ঠীক সমান সন্মান জনোৱা হয়। সংবিধানৰ নীতি-নিয়মবোৰ কোনো একক জনগোষ্ঠীৰ প্ৰতি পক্ষপাতিত্ব নকৰি, সকলো জাতি আৰু সংস্কৃতিক একেদৰে মূল্য দিয়ে। সাধাৰণতে, যিকোনো সমাজত সংখ্যাগুৰু জনগোষ্ঠীৰ সংস্কৃতি আৰু ভাষাই প্ৰভাৱ বিস্তাৰ কৰে, আৰু বহুক্ষেত্ৰত ই সংখ্যালঘু জনগোষ্ঠীৰ সংস্কৃতিক বিপন্ন কৰি তোলে। সাংবিধানিক বিচিত্রতা এই সমস্যাটোৰ সমাধান দিবলৈ চেষ্টা কৰে, য’ত আইনগতভাৱে সকলো জাতি-গোষ্ঠীক সমান অধিকাৰ প্ৰদান কৰা হয়। বহু দেশত, বিশেষকৈ ইতিহাসত এক জাতি, এক ভাষা, আৰু এক সংস্কৃতিক আধাৰত ৰাষ্ট্ৰ গঠন কৰা হৈছিল। কিন্তু সময়ৰ লগে লগে মানুহে উপলব্ধি কৰিলে যে বৈচিত্ৰ্যৰ সংৰক্ষণ সমাজৰ সুস্থ বিকাশৰ বাবে অতি প্রয়োজনীয়।

উদাহৰণস্বৰূপে, কানাডা, অষ্ট্ৰেলিয়া, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশসমূহে সাংবিধানিক বিচিত্রতা নীতি গ্ৰহণ কৰি দেশৰ সংবিধানত বহুসাংস্কৃতিকতা প্রতিষ্ঠা কৰিছে। এই দেশবোৰত সংবিধানে নিশ্চিত কৰিছে যে সংখ্যালঘু জাতি-গোষ্ঠীসমূহৰ ভাষা, সাহিত্য, সংস্কৃতি, আৰু ধৰ্মীয় পৰম্পৰাক সুৰক্ষা প্ৰদান কৰা হয়। এনে ব্যৱস্থাই সকলো জনগোষ্ঠীক সমান অধিকাৰ দিয়াৰ লগতে সমাজখনত আন্তঃসাংস্কৃতিক সম্প্ৰতি গঢ়িবলৈ সহায় কৰে। যদিওবা সাংবিধানিক বিচিত্রতা এক আদৰ্শগত ধাৰণা, এতিয়াও বহু দেশত ই সু-সম্পূর্ণভাৱে ৱাস্তবায়িত হোৱা নাই। বহুসংস্কৃতিক পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহবান থাকে, যেনে— সংখ্যাগুৰু জনগোষ্ঠীৰ প্ৰভাৱ, জাতিগত সংঘাত, আৰু কেতবোৰ ক্ষেত্ৰত চৰকাৰৰ অপ্ৰয়োজনীয় হস্তক্ষেপ। তথাপি, এক সঠিক আইনী কাঠামোৰ অধীনত সাংবিধানিক বিচিত্রতা সমাজৰ একতাৰ লগতে লোকসকলৰ নিজস্ব সংস্কৃতিক ৰক্ষা কৰিবলৈ সহায়ক হৈ উঠে।

সাংবিধানিক বিচিত্রতাৰ মূল উদ্দেশ্য হৈছে সমাজত ন্যায় আৰু সমতাৰ বোধ সৃষ্টি কৰা। ই নিশ্চিত কৰে যে কোনো জাতি-গোষ্ঠী অথবা ভাষা-মূলৰ মানুহ সংখ্যালঘু হোৱাৰ বাবে তেওঁলোকৰ অধিকাৰ হ্ৰাস নহয়। সংবিধানৰ এনে নীতি-নিয়মই এখন দেশক আসলে গণতান্ত্ৰিক আৰু উদাৰনৈতিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত কৰি তোলে।

সেয়েহে, সাংবিধানিক বিচিত্রতা কোনো দেশৰ আইনী আৰু সামাজিক কাঠামোৰ এক গুৰুত্বপূৰ্ণ অংশ। ই দেশৰ ৰাজনৈতিক স্থায়িত্ব, জাতিগত সম্প্ৰীতি, আৰু আন্তঃসাংস্কৃতিক গৱেষণাৰ বাবে সহায়ক। বর্তমান সময়ত, গোলকীকৰণৰ প্রভাৱৰ ফলত, দেশসমূহ অধিক বহুসাংস্কৃতিক হৈ পৰিছে, যাৰ বাবে সাংবিধানিক বিচিত্রতাৰ প্ৰয়োজনীয়তা অধিক বৃদ্ধি পাইছে। সঠিকভাৱে এই নীতি অনুসৰণ কৰিলে, এখন দেশৰ সকলোৱে সমান অধিকাৰ ভোগ কৰিব পাৰে, আৰু সমাজত এক সত্যিকাৰ সাম্যবাদী পৰিৱেশ সৃষ্টি হ’ব।

সাংস্কৃতিক সদস্যতাৰ অধিকাৰ (Right to Cultural Membership)

বিশ্বব্যাপী বহুসংস্কৃতিবাদ (Multiculturalism) এক গুৰুত্বপূর্ণ সমাজ-সাংস্কৃতিক পৰিকাঠামো হিচাপে বিবেচিত হয়। ই বিভিন্ন জাতি, ধৰ্ম, ভাষা, আৰু সংস্কৃতিক একসাথে থাকিবলৈ আৰু বিকাশ লাভ কৰিবলৈ সহায় কৰে। বহুসংস্কৃতিবাদৰ অন্যতম মৌলিক বিষয় হ’ল ‘সাংস্কৃতিক সদস্যতাৰ অধিকাৰ’ (Right to Cultural Membership)। এই অধিকাৰে প্রতিজন ব্যক্তিক নিজৰ সংস্কৃতিৰ অংশ হোৱাৰ স্বীকৃতি দিয়ে আৰু তেওঁক নিজৰ সংস্কৃতি ৰক্ষাৰ অধিকাৰ প্ৰদান কৰে।

সাংস্কৃতিক সদস্যতা এক আনুষ্ঠানিক বা আইনগত সদস্যতা নহয়; ই মূলত ব্যক্তিৰ সংস্কৃতিৰ লগত জড়িত থকা মানসিক আৰু সামাজিক সংযোগক প্ৰতিফলিত কৰে। সমাজত ব্যক্তি বিশেষে নিজৰ জাতি, ভাষা, পৰম্পৰা, ধৰ্মীয় বিশ্বাস, আৰু ৰীতিনীতিৰ ভিত্তিত সংস্কৃতিক অংশ হিচাপে গণ্য হয়। এই সদস্যতাৰ দ্বাৰা ব্যক্তিৰ সামাজিক পৰিচয় গঠিত হয় আৰু তেওঁ বৃহত্তৰ সমাজৰ লগত সম্পৰ্ক স্থাপন কৰে।

বহুসংস্কৃতিবাদে ব্যক্তিৰ সাংস্কৃতিক অধিকাৰক সুৰক্ষিত কৰে আৰু সামাজিক সম্প্রীতি বজাই ৰাখে। একেটা সমাজৰ সকলো জনগোষ্ঠীৰ সংস্কৃতিক একে মূল্য দিয়া বহুসংস্কৃতিবাদৰ মূল লক্ষণ। বহুসংস্কৃতিবাদ অনুসৰি, সমাজখনৰ সংস্কৃতি কেৱল সংখ্যাগৰিষ্ঠ জনগোষ্ঠীৰ সংস্কৃতি নহয়; বৰঞ্চ, সমাজখনত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ সংমিশ্রণে বৃহত্তৰ সংস্কৃতিৰ সৃষ্টি কৰে। এই ধৰণৰ সমাজত প্ৰতিজন ব্যক্তি বৃহত্তৰ সংস্কৃতিৰ সদস্য হৈ থাকে আৰু তেওঁলোকৰ সাংস্কৃতিক সদস্যতাৰ অধিকাৰ সুনিশ্চিত হয়।

জেফ্রে আলেকজেণ্ডাৰৰ দৃষ্টিভংগী (Jeffrey Alexander’s perspective)

আমেৰিকাৰ সমাজবিজ্ঞানী জেফ্রে আলেকজেণ্ডাৰ (Jeffrey C. Alexander)ৰ  মতে, সাংস্কৃতিক সদস্যতা নৈতিক আদৰ্শ আৰু সামাজিক অসমতাৰ লগত জড়িত বিভিন্ন সমস্যাৰ বিশ্লেষণত সহায়ক হয়। এই ধাৰণাৰ মাধ্যমেৰে সমাজৰ ভিতৰত থকা বিশ্বাস, সামাজিক বাধ্যবাধকতা আৰু সামাজিক স্তৰবিন্যাস (Hierarchy) বুজিব পাৰি। সাংস্কৃতিক সদস্যতা আনুষ্ঠানিক নহয়, আৰু ইয়াক আইনগতভাৱে নিৰ্ধাৰণ কৰা নাযায়। ই মূলত এক সামাজিক আৰু সাংস্কৃতিক প্ৰক্ৰিয়া।

সাংস্কৃতিক সদস্যতা ধাৰণাৰ লগত কাল্পনিক সমুদায়ৰ ধাৰণাৰ সম্পৰ্ক দেখা যায় । ‘কাল্পনিক সমুদায়’ (Imagined Community) এক কাল্পনিক ধাৰণা। কোনো জাতি বা সংস্কৃতিৰ অস্তিত্ব বাস্তৱত কেৱল চৰ্তানুযায়ী (Constructed) হয় আৰু সেয়া ব্যক্তিৰ মনস্তাত্ত্বিক আৰু সামাজিক অভিজ্ঞতাৰে গঠিত হয়। ঠিক একেই ধৰণে, সাংস্কৃতিক সদস্যতাও এক কাল্পনিক ধাৰণা। কোনো ব্যক্তি কোনো সংস্কৃতিৰ অংশ হ’ব পাৰেনে নাই, তাক কোনো স্থিৰ নিয়মৰ সহায়ত নিৰ্ধাৰণ কৰিব নোৱাৰি।

সাংস্কৃতিক সদস্যতাৰ অধিকাৰৰ গুৰুত্ব (Importance of Right to Cultural Membership)

১। সাংস্কৃতিক পৰিচয় সংৰক্ষণ: ব্যক্তিজনৰ নিজৰ ভাষা, পৰম্পৰা, ধর্ম, শিল্প-সংস্কৃতি আদি সংৰক্ষণৰ অধিকাৰ থাকে।

২। সামাজিক সাম্যতা: বহুসংস্কৃতিবাদী সমাজত সকলোৱে সমান সাংস্কৃতিক অধিকাৰ ভোগ কৰে, আৰু সংখ্যাগুৰু সংস্কৃতিয়ে সংখ্যালঘু সংস্কৃতিক অগ্রাহ্য নকৰে।

৩। বিশ্বজনীন সহাৱস্থান: পৃথিৱীৰ বহু দেশত বহু সংস্কৃতিৰে লোক একেলগে বসবাস কৰে। সাংস্কৃতিক সদস্যতাৰ অধিকাৰে ইহঁতক শান্তিপূৰ্ণ সহাৱস্থানৰ সুবিধা প্ৰদান কৰে।

৪। সাংস্কৃতিক বিকাশ: ব্যক্তি যদি নিজৰ সংস্কৃতিক সুৰক্ষিত কৰাৰ সুযোগ পায়, তেতিয়া সেই সংস্কৃতিৰ বিকাশও সম্ভৱ হয়।

৫। জোৰজুলুমৰ বাধা: কোনো ব্যক্তিক জোৰপূৰ্বক আন সংস্কৃতি গ্ৰহণ কৰিবলৈ বাধ্য কৰাব নোৱাৰি। সাংস্কৃতিক সদস্যতাৰ অধিকাৰে তেওঁ নিজৰ সংস্কৃতি বজাই ৰাখিব পাৰে।

সামৰণি (Conclusion)

বহুসংস্কৃতিবাদ [1] এখন সমাজৰ বিভিন্ন জাতি, ভাষা, ধৰ্ম আৰু সংস্কৃতিক একেলগে সংগঠিত কৰাৰ এক সৌন্দৰ্যময় দৃষ্টিভংগী। ই বিভিন্ন পৰিচয়ৰ লোকসকলক একে অধিকাৰত গণ্য কৰে আৰু সামাজিক ঐক্য, সহনশীলতা আৰু পাৰস্পৰিক সন্মান বঢ়াই তোলে। যদিও বহুসময়ত ভাষা, ধৰ্ম বা সংস্কৃতিক লৈ সংঘাত বা বিবাদ দেখা যায়, তথাপি বহুসংস্কৃতিবাদৰ লক্ষ্য হ’ল এই বিভেদসমূহ আঁতৰুৱা আৰু একগোট সমাজ গঢ়ি তোলা য’ত সকলো লোক নিজস্ব চিন্তা-চেতনা আৰু সংস্কৃতিক অনুসৰণ কৰিবলৈ স্বাধীন। সমন্বয় আৰু সদ্ভাৱনাই সমাজক আগবঢ়াই নিবলৈ সহায় কৰে, আৰু বহু-সংস্কৃতিক সমাজ এক উদাহৰণ হিচাপে দাঙি ধৰা যায় যি সমৃদ্ধি আৰু একতাৰ প্ৰতীক।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top