Class 12 Sociology Chapter 7 প্রকল্প আঁচনিৰ বাবে পৰামর্শ

Class 12 Sociology Chapter 7 প্রকল্প আঁচনিৰ বাবে পৰামর্শ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 7 প্রকল্প আঁচনিৰ বাবে পৰামর্শ and select needs one.

Class 12 Sociology Chapter 7 প্রকল্প আঁচনিৰ বাবে পৰামর্শ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 7 প্রকল্প আঁচনিৰ বাবে পৰামর্শ Solutions for All Subject, You can practice these here…

প্রকল্প আঁচনিৰ বাবে পৰামর্শ

পাঠ: ৭

প্ৰথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

 প্রশ্ন ১। প্রকল্প কার্য মানে কি বুজা ? 

উত্তৰঃ প্রকল্প কার্য হ’ল নতুন অভিজ্ঞতা আৰু জ্ঞান পােৱাৰ এটা পদ্ধতি আৰু ইয়াৰ সম্পর্ক থাকে পৰিকল্পনা আৰু প্ৰণালীৰ লগত । 

প্রশ্ন ২। প্রকল্প কার্যৰ প্রধান উদ্দেশ্য কি ? 

উত্তৰঃ প্রধান উদ্দেশ্য বা লক্ষ্য হল জ্ঞান আহৰণ কৰা । 

প্রশ্ন ৩। প্রকল্প কার্য পদ্ধতি কোনে প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ ডব্লিউ , এইচ কিলপাত্রিক ( W.H. Kilpatric ) প্রকল্প কার্য পদ্ধতিৰ প্ৰতিষ্ঠাপক বুলি জনা যায় । 

প্রশ্ন ৪। প্রকল্প কার্য পদ্ধতি বুলিলে কি বুজা ? 

উত্তৰঃ সমাজ শাস্ত্ৰৰ গবেষণাৰ কামত বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয় । এই পদ্ধতিৰ জৰিয়তে তথ্য – পাতি আৰু সিদ্ধান্তসমূহ লােৱা হয় । এই কাৰণতে সমাজ শাস্ত্ৰৰ ক্ষেত্র অধ্যয়ন কার্যত প্রকল্প কার্যৰ পদ্ধতি অতি দৰকাৰী । যিকোনাে সামাজিক সমস্যার প্রকৃতি জানিবলৈ গৱেষকসকলে নিজেই অধ্যয়ন ক্ষেত্রলৈ যাব লগা হয় । এই অধ্যয়ন কার্যত বিভিন্ন পদ্ধতি থাকে । এই পদ্ধতিত গৱেষকে বৈজ্ঞানিক পদ্ধতিৰে তথ্যপাতি সংগ্রহ , সেইবােৰ চোৱা বা লক্ষ্য কৰা , শ্রেণী বিভাজন কৰা , পুনৰীক্ষণ কৰা , যাতে এটা সিদ্ধান্তত উপনীত হ’ব পৰা যায় । এই কার্যকে পদ্ধতি বােলা হয় । এই পদ্ধতি কেবা প্ৰকাৰৰ থাকে যেনে— জৰীপ পদ্ধতি , সাক্ষাৎকাৰ পদ্ধতি , নিৰীক্ষণ পদ্ধতি আদি । 

প্রশ্ন ৫। প্রকল্প কার্যৰ বাবে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ সাধাৰণতে প্রকল্প কার্যত সামাজিক জৰীপ পদ্ধতি ব্যৱহাৰ কৰা হয় । 

প্রশ্ন ৬। প্রকল্প কার্যৰ পদ্ধতি প্রতিবেদন প্রস্তুত কোনে কৰে ?

উত্তৰঃ ছাত্ৰ – ছাত্ৰীসকলেই প্রকল্প কার্য পদ্ধতি প্রতিবেদন প্রস্তুত কৰে । 

প্রশ্ন ৭৷ কিমান পর্যায় প্রকল্প কার্য থাকে ? 

উত্তৰঃ চাৰিটা পর্যায় প্রকল্প কার্য পদ্ধতি থাকে । 

প্রশ্ন ৮। প্রকল্প কার্যৰ প্রথম পর্যায়টো কি ?  

উত্তৰঃ প্রকল্প কার্যৰ প্রথম পর্যায়টো হ’ল প্রকল্প কার্য ঠিক কৰা বা নির্ধাৰণ কৰা । 

প্রশ্ন ৯। প্রকল্প কার্যৰ শেষ পর্যায়টো কোনটো ? 

উত্তৰঃ প্রকল্প কার্য শেষ পর্যায়টো হ’ল— ঘটনাটো প্রকাশ কৰা আৰু প্রতিবেদন লিখা । 

প্রশ্ন ১০। পৰিকল্পনা কি ? 

উত্তৰঃ যেতিয়া কোনাে এজন ব্যক্তিয়ে কোনাে এটা উদ্দেশ্য সাধনৰ বাবে তেওঁৰ সা সম্পদবােৰ যােগাৰ কৰে তেতিয়াই তাক পৰিকল্পনা কৰা বুলি কোৱা হয় । 

প্রশ্ন ১১। পৰিকল্পনা কেইপ্রকাৰৰ হ’ব পাৰে ? 

উত্তৰঃ পৰিকল্পনা দুই প্রকাৰৰ হ’ব পাৰে– 

( ১ ) সামাজিক পৰিকল্পনা । আৰু 

( ২ ) অর্থনৈতিক পৰিকল্পনা । 

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। প্রকল্প কার্য পদ্ধতি প্রধান উদ্দেশ্যসমূহ কি ?

 উত্তৰঃউদ্দেশ্যসমূহঃ 

( ১ ) সমাজ সম্পর্কে জ্ঞান আৰু অভিজ্ঞতা অর্জন কৰা । 

( ২ ) ছাত্র – ছাত্রীৰ ব্যৱহাৰিক জ্ঞানৰ বিকাশ সাধন কৰা । 

( ৩ ) ছাত্র – ছাত্রীক সামাজিক সমস্যাৰ আৰু মানুহৰ মানসিক মনােভাব সম্পর্কে জ্ঞান দিয়া । 

( ৪ ) ছাত্ৰ – ছাত্ৰীক সমাজৰ সদস্যৰ লগত সম্পর্ক স্থাপনৰ বাবে তেওঁলােকক সহায় কৰা । 

প্রশ্ন ২। প্রকল্প কার্য পদ্ধতি পর্যায় কেইটা , কি কি ? 

উত্তৰঃ প্রকল্প কার্য পদ্ধতি পর্যায় সাধাৰণতে চাবিটা –

( ১ ) প্রকল্প কার্যৰ পৰিকল্পনা । 

( ২ ) তথ্য আৰু ঘটনাৰাজিৰ সংগ্ৰহ কৰা । 

( ৩ ) ঘটনা আৰু তথ্য – পাতিব বিশ্লেষণ আৰু ব্যাখ্যা কৰা । 

( ৪ ) তথ্য – পাতিৰ উপস্থাপন কৰা ।

প্রশ্ন ৩। প্রকল্প কার্য পদ্ধতি প্রকাৰ কি হ’ব পাৰে ? 

উত্তৰঃ প্রকল্প কার্য পদ্ধতিৰ প্ৰকাৰ –

( ১ ) জৰীপ পদ্ধতি ( Survey Methods ) 

( ২ ) সাক্ষাৎকাৰ পদ্ধতি ( Interview Methods )

( ১ ) গাঁও বা নগৰখনৰ নাম : …………………………….।

( ২ ) গাঁও বা নগৰখনৰ চাৰি সীমা : ……………………..।

( ৩ ) মুঠ জনসংখ্যা ( লােকপিয়লৰ সহায় ল’বা ) , শ্রেণীবিভাজন সংখ্যা : …………………………………।

( ৪ ) কিমান ঘৰ বা পৰিয়াল আছে সংখ্যা নির্ধাৰণ কৰা : …………………………………………। 

( ৫ ) অধিবাসীসকলৰ প্রধান জীৱিকা কি কি শতকৰা হিচাপ এটা উলিওৱা : …………………………………..।

( ৬ ) কি কি শিক্ষানুষ্ঠান আছে –মহাবিদ্যালয় , স্কুল , সংঙ্গীত অন্যান্য অনুষ্ঠান । খেল পথাৰ , পুখুৰী , হাট – বজাৰ , দোকান – পােহাৰ আদি উল্লেখ কৰিবা যদি আছে : ………………………………………।

( ৭ ) হস্ত শিল্পৰ অনুষ্ঠান আছে নে নাই : ………………………….। 

( ৮ ) গাঁও বানগৰখনৰ লগত সংলগ্ন ৰাষ্ট্ৰীয় ( হাইৱে ) আলি বা ৰাজ্যিক আলিবাট আছেনে ? পকী বা কেঁচা আলিবাটৰ শ্রেণী বিভাজন : ………………………………।  

( ৯ ) ৰেলৱে ষ্টেচন ওচৰত আছে নে নাই যদি আছে কিমান দূৰত আছে : ………………………………….।  

( ১০ ) ৰাস্তা বা আলিবাটেৰে অহা যােৱা কৰিবলৈ কি কি যান – বাহন আছে লিখা— ( বিমান বন্দৰ , ৰেলষ্টেচন , বাছ আস্থান কিমান দূৰত আছে , দূৰত্ব উল্লেখ কৰা ) : ………………………………….। 

( ১১ ) অধিবাসীসকলৰ বাসস্থানৰ শ্রেণী বিভাজন — পকী ঘৰ, কাঠ টিনপাতৰ ঘৰ , খেৰী বাঁহৰ ঘৰ , অন্যান্য শ্রেণীৰ ঘৰৰ সংখ্যা আৰু পৰিয়ালৰ সংখ্যা : ………………………………………………।এনেবােৰ তথ্য – পাতি গাও বা নগৰখনৰ এটা স্পষ্ট ছবি দাঙি ধৰি গাঁওখন উন্নত নে অনুন্নত তাক নির্ধাৰণ কৰা উচিত । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ২। তােমাৰ নিজৰ গাঁও বা নগৰখনত মহিলা প্রস্থিতি কি ? তাকে পৰীক্ষা কৰিবলৈ এটা সাক্ষাত্তাৰ প্রকল্প কার্য ছাত্রছাত্রীয়ে কৰিব পাৰে । 

( ১ ) গাঁও বা নগৰৰ নাম : – 

( ২ ) গাঁও বা নগৰখনৰ মুঠ জনসংখ্যা :–

( ৩ ) পুৰুষ মহিলাৰ শতকৰা হিচাপ : – 

( ৪ ) কমেও গাঁও বা নগৰখনৰ ২০০-৩০০ মহিলাৰ ভিতৰত সাক্ষাৎকাৰ সমীক্ষা চলাই প্রথমে মহিলাৰ এটা প্ৰস্থিতি জানিবলৈ চেষ্টা কৰা । এই কামৰ বাবে তলত দিয়া তথ্যসমূহ সংগ্ৰহ কৰা । 

( ১ ) মহিলা জনীৰ নাম :

( ২ ) ঠিকনা :

( ৩ ) বয়স :

( ৪ ) ধর্ম :

( ৫ ) জাতি :

( ৬ ) বিবাহিত / অবিবাহিত / বিধৱা : 

( ৭ ) বৃত্তি :

( ৮ ) শিক্ষা :

( ৯ ) গিৰীয়েকৰ শিক্ষা আৰু বৃত্তি :

( ১০ ) আয় প্রতি মাহে :

( ১১ ) পৰিয়ালৰ আয় :

( ১২ ) পঞ্চায়তৰ সদস্য নেকি –হয়/নহয় : 

( ১৩ ) কোনাে অনুষ্ঠান / প্রতিষ্ঠানৰ সদস্য নেকি– হয়/নহয় :

( ১৪ ) প্রস্থিতি উচ্চ / নীচ / মধ্য পর্যায়ৰ :

প্রশ্ন ৩। তুমি অধ্যয়ন কৰা স্কুলখনৰ এটি প্রকল্প কার্য হাতত লৈ তােমাৰ স্কুলখনৰ এটা প্রস্থিতি নির্ণয় কৰা । ( প্ৰস্থিতি নির্ণয় কৰিবলৈ তলত দিয়া তথ্যবােৰ সংগ্ৰহ কৰি তাৰ নিৰীক্ষণ ব্যাখ্যা কৰি তাৰ এটা প্রতিবেদন প্রস্তুত কৰা । ) 

( ১ ) তােমাৰ স্কুলখনৰ নাম :

( ২ ) কোন পর্যায়ৰ স্কুল–প্রাথমিক / মাধ্যমিক / হাইস্কুল :

( ৩ ) স্কুলঘৰৰ এটি চিত্র আঁকা / চাৰিসীমা দিয়া : 

( ৪ ) শ্রেণী কোঠাৰ সংখ্যা , কিমান / শ্রেণী কিমানটা :

( ৫ ) শ্ৰেণীৰ নামবােৰ : 

( ৬ ) মুঠ ছাত্র – ছাত্রী –সংখ্যা :

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top