Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি

Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি and select needs one.

Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি Solutions for All Subject, You can practice these here…

সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি

পাঠ: ৫

প্ৰথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। টোটেম ( Totem ) কি ? 

উত্তৰঃ বহুতাে জনজাতীয় লােকে বিশ্বাস কৰে যে তেওঁলােক জীবজন্তু বা আন প্ৰাণীৰ পৰা উৎপত্তি হােৱা বুলি ভাবে । আন কিছুমানে ভাবে বা বিশ্বাস কৰে যে তেওঁলােক গছ-গছনিৰ পৰাহে উৎপত্তি হৈছে । গতিকে যি জনজাতিয়ে যিটো বস্তুৰ পৰা উৎপত্তি হৈছে বুলি বিশ্বাস কৰে সেই নির্দিষ্ট বস্তুটোক নিজৰ ধৰ্মৰ প্রতীক হিচাবে পূজা পাতল কৰে । ইয়াকে টোটেম বা প্রতীক পূজাবাদ ( totemism ) বােলে । 

প্রশ্ন ২। সামাজিক সংস্থাৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ উদাহৰণ –পৰিয়াল । 

প্রশ্ন ৩। হৰিজন শব্দটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ মহাত্মা গান্ধীয়ে । 

প্রশ্ন ৪। ব্রাহ্ম সমাজ কোনে – প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ ৰাজা ৰামমােহন ৰায়ে ১৮২৮ চনত ব্রাহ্ম সমাজ প্রতিষ্ঠা কৰিছিল । 

প্রশ্ন ৫। গ্রাম্য অর্থনীতিৰ মূল আধাৰ কি ? 

উত্তৰঃ গ্রাম্য অর্থনীতিৰ মূল আধাৰ হ’ল— কৃষি উদ্যোগ । 

প্রশ্ন ৬। কিহৰ ভিত্তিত এজন ব্যক্তিৰ জাতি নির্ণয় কৰা হয় । 

উত্তৰঃ এজন ব্যক্তিৰ জন্মসূত্রে জাতি নির্ণয় কৰা হয় । 

প্রশ্ন ৭৷ ভাৰতীয় সংবিধানৰ খচৰা প্রস্তুত সমিতিৰ সভাপতি কোন আছিল ?

উত্তৰঃ ড° বি.আৰ.আম্বেদকাৰ । 

প্রশ্ন ৮। ভাৰতত হােৱা এটা পাৰিপাৰ্ষিক আন্দোলনৰ উদাহৰণ দিয়া । 

উত্তৰঃ চিকো আন্দোলন । 

প্রশ্ন ৯। ‘সংস্কৃতকৰণ’ অবধাৰণাটো কোনে আগবঢ়াইছিল ? 

উত্তৰঃ এম , এন , শ্রীনিবাসনে । 

প্রশ্ন ১০। দলিত শব্দটোৰ উদ্ভাৱক ড° আম্বেদকাৰ । ( সত্য নে অসত্য ) 

উত্তৰঃ সত্য ।

প্রশ্ন ১১। ভাৰতত হােৱা দুটা জাতিভিত্তিক আন্দোলনৰ নাম লিখা । 

উত্তৰঃ ( ১ ) অসমৰ ভাষা আন্দোলন ।

( ২ ) পাঞ্জাৱীসকলৰ খালীস্তানৰ আন্দোলন ।

  চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। সামাজিক অসমতা কিদৰে ব্যক্তিগত অসমতাৰ পৰা পৃথক লিখা । 

উত্তৰঃ সামাজিক সম্পদবােৰৰ অসমান ওচৰ চপাৰ ধৰণকে সাধাৰণতে সামাজিক অসমতা বুলি জনা যায় । কিছুমান সামাজিক অসমতাই মানুহৰ মাজৰ পাৰ্থক্যবােৰ দেখুৱায় যেনে তেওঁলােকৰ সক্ষমতা আৰু প্ৰচেষ্টাৰ পার্থক্যবােৰ । কিছুমান ঈশ্বৰ প্রদত্ত শক্তি আৰু বুদ্ধিমত্তাও আছে । আন কিছুমানে অতি কষ্টকৰ টান কাম কৰিব পাৰিছে । তাৰে ফলস্বৰূপে যথেষ্ট সা সম্পত্তি বা সামাজিক প্রস্থিতি অর্জন কৰিব পাৰিছে । এইদৰে আমি কব পাৰে যে সামাজিক অসমতাৰ ফলতে মানুহৰ মাজত প্রাকৃতিক অসমতা প্রতিস্থিত নহয় । বৰং সামাজিক ভাবেই মানুহৰ মাজৰ অসমতা থাকে । 

প্রশ্ন ২। জাতিৰ প্রতি পক্ষপাতমূলক মনােভাব ( Prejudice ) বুলিলে কি বুজা ? 

উত্তৰঃ জাতি প্রতি থকা পূর্বৰ মনােভাবক ( prejudice ) এটা গােটে আন এটা গােটৰ বাবে পূর্বৰে পৰা লৈ থকা নেতিবাচক ভাবক বুজায় । এই ভাব বা মত কোনাে প্রত্যক্ষ সাক্ষী প্রমাণৰ ওপৰত লােৱা ভাব নহয় । এই ভাব সাধাৰণতে কাৰবাৰ পৰা শুনি বা জানি লােৱা ভাব হে। ইয়াৰ কোনাে প্রত্যক্ষ সাক্ষী বা প্রমাণ নাথাকে । এনে মনােভাবৰ কোনাে ভিত্তি নাই , এনে মনােভাব সাধাৰণতে নেতিবাচক বিষয়তে ব্যৱহাৰ কৰা হয় । 

প্রশ্ন ৩। জাতি আৰু আর্থিক অসমতাৰ মাজত সম্পর্ক কি ? 

উত্তৰঃ আগৰ কালত জাতি আৰু আর্থিক অসমতা পৰস্পৰ এক গভীৰ সম্পৰ্কত জড়িত আছিল । সামাজিক প্রস্থিতি আৰু আর্থিক প্রস্থিতি এই দুয়ােটাৰ মতে কোনাে এজন ব্যক্তিৰ প্রস্থিতি নির্ণয় হয় । উচ্চ জাতিৰ আর্থিক অৱস্থা সাধাৰণতে ভাল আৰু নিম্ন জাতিৰ আর্থিক অবস্থা সাধাৰণতে বেয়া বা নিম্ন হােৱা দেখা যায় । কিন্তু আধুনিক যুগত বিশেষকৈ ১৯ শতিকাৰ পৰা , জাতি আৰু বৃত্তিৰ সম্পৰ্ক বহুতাে পৰিবর্তন হােৱা দেখা যায় । আজি কালি জাতি আৰু ধৰ্মৰ বাধা – নিষেধ বলবৎ কৰা নহয় । আজি কালি বৃত্তি ধৰণৰ ক্ষেত্ৰত জাতি – ধৰ্মৰ কোনাে হকা-বাধা নাই । যিকোনাে ব্যক্তিয়ে নিজৰ ইচ্ছা মতে বৃত্তি ধাৰণ কৰিব পাৰে । আজিকালিৰ দিনত জাতি আৰু আর্থিক অৱস্থাৰ লগত সম্পর্ক আগৰ দৰে কঠোৰ নহয় । আজি কালি সকলাে জাতিৰে ধনী দুখীয়া লােক থকা দেখা যায় । জাতি আৰু আর্থিক অৱস্থাৰ কোনাে সম্পর্ক নাই । কিন্তু জাতি আৰু শ্রেণীৰ পৰম্পৰ সম্পৰ্ক থকা দেখা যায় । আগৰ দৰে কোনাে ব্যক্তিৰ সামাজিক আৰু আর্থিক ভিত্তি জাতিৰ লগত সম্পর্কিত নহয় । অৱশ্যে কোনাে কোনাে আর্থ – সামাজিক গােটৰ ক্ষেত্ৰত এই পার্থক্য এতিয়াও আছে । 

প্রশ্ন ৪। সামাজিক ৰদকৰণ ( Social Exclusion ) কি ?

উত্তৰঃ বহল ভিত্তিৰ সমাজ একোখনৰ পৰা যি ব্যৱস্থাৰে এজন ব্যক্তিক সম্পূর্ণ জড়িত হােৱাৰ পৰা বিচ্ছিন্ন কৰিব পৰা যায় তাকে সামাজিক ৰদকৰণ বুলি জনা যায় । সামাজিক ৰদকৰণে বহুতাে উপাদানৰ ওপৰত মনােযােগ দিয়ে ; যিবােৰে কোনাে ব্যক্তি বা গােটক আন সংখ্যাগৰিষ্ঠ সদস্যক দিয়া সা – সুবিধাৰ পৰা বিৰত ৰাখিব পাৰে । এটা সক্রিয় জীৱন যাপন কৰিবলৈ হ’লে , ব্যক্তিয়ে নিজকে কেৱল খােৱা , পিন্ধা , আৰু আবাসিক ব্যৱস্থাতে সন্তুষ্ট থাকিলে নহ’ব , অত্যাৱশ্যকীয় সেৱা আৰু সামগ্ৰীৰ যেনে– স্বাস্থ্য , শিক্ষা , সামাজিক ৰক্ষণাবেক্ষণ জীৱন বীমা , পৰিবহণ , বেংকিং , আৰক্ষী , ন্যায়ালয় আদিৰ প্ৰতিও ধ্যান ৰাখিব লাগিব । সামাজিক ৰদকৰণ বৰ শৃংখলাবদ্ধ আৰু ই হ’ল সমাজৰ সংৰচনাত্মক বৈশিষ্ট্যৰ ফলস্বৰূপ । 

এইক্ষেত্ৰত এটা কথা বৰ গুৰুত্বপূর্ণ যে সামাজিক ৰদকৰণ নিজে কৰি লােৱা নহয় অর্থাৎ ৰদকৰণ ৰদকৰা ব্যক্তিজনৰ ইচ্ছাৰ বিৰুদ্ধে কৰা হয় । উদাহৰণ স্বৰূপে , আমি কেতিয়াও দেখা নাই যে ধনী মানুহ এজনে পদপথত শুই থকা ; নাইবা নগৰৰ উৰণীয়া দলঙৰ তলত বাস কৰা আন দুখীয়া শ,শ মানুহৰ দৰে । আনহাতে ই এইটো নুবুজায় যে ধনী মানুহ পদপথত শুই থকাৰ পৰা ৰদকৃত , তেওঁলােকেও তেনে কৰিব পাৰে কিন্তু তেওঁলােকে তেনে কৰে । গতিকে দেখা যায় কেতিয়াবা সামাজিক বহিস্কাৰ ভুল – ভাৱে কৰা হয় । কিন্তু বহিস্কাৰ সাধাৰণতে কেতিয়াও অবাঞ্ছিতভাৱে কৰা নহয় । 

প্রশ্ন ৫। অস্পৃশ্যতা কি চমুকৈ লিখা । 

উত্তৰঃ অস্পৃশ্যতা ভাৰতীয় হিন্দু সমাজৰ এটা অতি অমানৱীয় প্রথা । হিন্দুসকলৰ মাজত বৈদিক যুগত স্পৃশ্য আৰু অস্পৃশ্য ভাবৰ সৃষ্টি হৈছিল । সেই যুগত কিছুমান নিম্নমান বৃত্তিধাৰী লােকক অস্পৃশ্য জাতৰ বুলি গণ্য কৰা হৈছিল । সাধাৰণতে উচ্চ জাতৰ ব্ৰাহ্মণ শ্ৰেণীৰ লােকে নিম্ন জাতৰ নিকৃষ্ট কর্ম কৰা লোকসকলক অস্পৃশ্য বুলি ঘিণ কৰিছিল । পাছলৈ শ্মশানত কাম কৰা , মল – মূত্র চাফা কৰা , জন্তুৰ চামৰাৰ কাম কৰা , ৰাস্তা – ঘাট চফা কৰা কামক মর্যদাহীন কাম বুলি ধৰি , এই কাম কৰা লােকসকলক অস্পৃশ্য জাতৰ লােক বুলি ধৰিছিল আৰু সমাজত স্থান নিদিছিল । ৰাজহুৱা স্থানত এই শ্রেণীৰ লােকসকলক সমান মর্যাদা নিদিছিল । সাধাৰণতে সেই সময়ত চণ্ডাল , হৰিজন , চমাৰ , আদি জাতৰ লােকক অস্পৃশ্য বুলি গণ্য কৰিছিল । এটা সময়ত এই লােকৰ ছা’, গছকিলেও গা ধুব লাগিছিল । মুঠতে কিছুমান বৃত্তিধাৰী লােক অস্পৃশ্য অপৱিত্ৰ বুলি ঘিণ কৰিছিল আৰু সমাজত অৱজ্ঞাৰ চকুৰে চাইছিল । অৱশ্যে আধুনিক যুগত এই কুপ্রথা , অবৈধ বুলি ঘােষণা কৰি, বে আইনী বুলি ঘােষণা কৰি “ অস্পৃশ্যতা বিৰােধী আইন ১৯৫৫ গ্ৰহণ কৰি ইয়াক নিষেধ কৰা হৈছে । আধুনিক সমাজত কোনাে কামেই কম মর্যাদাৰ নহয় । সকলাে কাম সমাজত অপৰিহার্য । সমাজত মূল্যবােধৰ পৰিৱৰ্তন হােৱাটো আৱশ্যক । হিন্দু সমাজৰ বাহিৰে আন কোনাে সমাজতে এই অমানৱীয় প্রথাৰ প্ৰচলন নাই । শিক্ষা – দীক্ষাৰ উন্নতিয়ে এই ব্যৱস্থাৰ কিছু পৰিৱৰ্তন আনিছে । যদিও ই এতিয়াও নিমূল হােৱা নাই । 

প্রশ্ন ৬। অন্যান্য পিছপৰা জাতি বুলিলে কি বুজা ? 

উত্তৰঃ যি সকল লােকক পিছ পৰা শ্রেণী বুলি কোৱা হয় , এই লােকসকলে দৈহিক শ্রম কৰি জীৱন নির্বাহ কৰি আছে আৰু দুবেলা দুমুঠি খাই জীয়াই আছে তেনে নিম্ন শ্রেণী বা জাতিৰ লােককে পিছপৰা শ্রেণী বুলি কোৱা হয় । অনুসূচীত জাতি , অনুসূচীত জনজাতি ক্ষুদ্র খেতিয়ক , ভূমিহীন খেতিয়কসকলেই এই শ্রেণীভুক্ত লােক । 

প্রশ্ন ৭। জনজাতি মানে কি ? 

উত্তৰঃ জনজাতিসকল এনে কিছুমান মানুহৰ সমস্তি , যিসকলে এক প্রাচীন কালৰ অৱস্থাত বসবাস কৰে । সাধাৰণতে বনাঞ্চলৰ মাজত , পাহাৰীয়া অঞ্চলত , নাইবা উপত্যকা অঞ্চলত নদীৰ পাৰত বসবাস কৰে । সাধাৰণতে তেওঁলােকে নগৰ – চহৰৰ পৰা দূৰ – দূৰণীত গাওপাতি , চাৰিও ফালে , সৰু , গাহৰি , কুকুৰা চৰাই আৰু নানা ঘৰচীয়া জীবজন্তু পােহ – পালন কৰি বসবাস কৰে । তেওঁলােকৰ নিজা নিজা দোৱান , ভাষা সংস্কৃতি , জীৱন যাপনৰ সুকীয়া পন্থা আছে । তেওঁলােকৰ খাওন – দাওন , পিন্ধন – উৰণৰ সুকীয়া বৈশিষ্ট্য আছে । মদ্যপান কৰা তেওঁলােকৰ এটা বিশেষ বৈশিষ্ট্য । 

প্রশ্ন ৮। জনজাতিৰ চাৰিটা বিশেষ বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ বিশেষ বৈশিষ্ট্য চাৰিটা হ’ল–

( ১ ) জনজাতীয় লােকসকল নিজা ভৌগােলিক অঞ্চলত পাহাৰীয়া , বনাঞ্চলৰ কাষত বসবাস কৰে । 

( ২ ) তেওঁলােকে অস্থায়ীভাৱে কোৰ , কোডালেৰে , ঠাই সলাই সলাই , ঝুম খেতি কৰে । 

( ৩ ) জনজাতিসকল নিজা সুকীয়া দোৱান , ভাষা , সংস্কৃতি আছে । 

( ৪ ) প্রত্যেক জনজাতিৰে নিজা নাম আছে- যেনে বড়াে , গাৰাে , খাছীয়া আদি । 

প্রশ্ন ৯। জনজাতি সকলৰ চাৰিটা সমস্যা উল্লেখ কৰা ।

উত্তৰঃ সমস্যা চাৰিটা হ’ল— 

( ১ ) জনজাতীয় লােকসকলৰ বেছি ভাগ মানুহৰ দুখীয়া । 

( ২ ) জনজাতীয় লােকসকল নিৰক্ষৰ , অতি কম সংখ্যক লােক শিক্ষিত । 

( ৩ ) জনজাতীয় লােকসকল অদৃষ্টবাদী , ভূতপ্রেত বিশ্বাসী । 

( ৪ ) জনজাতীয় লােকসকলক আন জাতিৰ লােকে শােষণ কৰে । এই জাতীয় লােকসকল বৰ সুৰা প্রিয় দেখা যায় । 

প্রশ্ন ১০। সামাজিক অক্ষমতা বা প্রতিবন্ধী ( disability ) বুলিলে কি বুজা ?

উত্তৰঃ সমাজত উচ্চ জাতি আৰু নিম্নজাতিৰ মাজত বহুতাে বাধা নিষেধ থকা দেখা যায় । সামাজিক আন্তঃক্রিয়াৰ মাজত এই বাধাবােৰৰ বাবে নিম্ন জাতৰ লােকে বহুতাে কামকাজত পিছ পৰি থাকে । যেনে নিম্নজাতৰ মানুহে ধর্ম পুথি পঢ়িব নােৱাৰে উচ্চ জাতিৰ লগত মিলামিছা কৰিব নােৱাৰে আদি । এনে বাধা নিষেধকে সামাজিক অক্ষমতা বােলে । 

প্রশ্ন ১১। জনসংখ্যা বৃদ্ধিৰ যিকোনাে দুটা কুফল লিখা । 

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ কুফল দুটা হ’ল–

( ১ ) মূলধন সঞ্চয় নহয় । 

( ২ ) জনসাধাৰণৰ জীৱনধাৰণৰ মান অৱনমিত হয় । 

প্রশ্ন ১২। হৰিজনসকলক কিদৰে উন্নীত কৰিব পৰা যাব ? 

উত্তৰঃ ( ১ ) জাতি ব্যৱস্থা সমাজৰ পৰা লােপ কৰিব লাগিব । 

( ২ ) নিম্ন পর্যায়ৰ বৃত্তিবােৰ লােপ কৰি তাৰ মান উন্নত কৰিব লাগিব । 

( ৩ ) অস্পৃশ্যতা সমাজৰ পৰা সমূলি নাইকিয়া কৰিব লাগিব । 

( ৪ ) হৰিজনসকলৰ মাজত শিক্ষাৰ প্ৰসাৰণ হ’ব লাগিব । 

প্রশ্ন ১৩। সংস্কাৰ আন্দোলন বুলিলে কি বুজা ? 

উত্তৰঃ সমাজৰ পৰা কুসংস্কাৰ , কু প্রথা , অন্ধবিশ্বাস আঁতৰাই , নিম্নশ্রেণী , নিম্ন জাতি মানুহৰ উন্নতি সাধন কৰিবলৈ সমাজৰ নাৰী জাতিক শিক্ষা – দীক্ষা আৰু দমন নীতিৰ পৰা মুক্ত কৰিবলৈ সমাজত আন্দোলন গঢ়ি তুলিবলৈ কৰা চেষ্টাকে সংস্কাৰ আন্দোলন বােলে । 

প্রশ্ন ১৪। কিদৰে হৰিজন সকলৰ শিক্ষা দীক্ষা লবৰ বাবে আকৃষ্ট কৰিব পৰা যাব ? 

উত্তৰঃ সমাজত হৰিজন সকলক উন্নত কৰিবলৈ শিক্ষা দিবৰ বাৰে তলত দিয়া উপায় অবলম্বন কৰিব পৰা যায় –

( ১ ) হৰিজনসকলৰ ল’ৰা – ছােৱালীক বিনামূলীয়া শিক্ষা দিব লাগে । 

( ২ ) তেওঁলােকৰ মেধাৱী ছাত্রক বৃত্তি বা স্কোলাৰশ্বিপ দি বৰদিং স্কুলত ৰাখি ভাল শিক্ষা দীক্ষা দিব লাগে । 

( ৩ ) তেনে ছাত্র – ছাত্রীক সাজ – পাৰ কিতাপ কাগজ বিনামূলীয়াকৈ দিব লাগে । 

( ৪ ) হৰিজনসকলৰ ল’ৰা – ছােৱালী যাতে সৰুতে বিয়া নিদিয়ে বা কামকাজত নিযুক্ত নকৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিব লাগে । 

প্রশ্ন ১৫। সমাজত পিছ পৰা শ্রেণী কি ভিত্তিত নিৰ্ধাৰণ কৰা উচিত ? 

উত্তৰঃ পিছপৰা শ্রেণী জাতিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা উচিত নহয় । আর্থিক বা ধন – সম্পদৰ ওপৰত নিৰ্ভৰ কৰিহে পিছপৰা শ্রেণী নির্ধাৰণ কৰা উচিত । কাৰণ সকলাে জাতিৰে সম্পদশালী লােক থাকে । ধন সম্পদহে পিছপৰা শ্ৰেণীৰ ভিত্তি হােৱা উচিত । 

প্রশ্ন ১৬। যৌতুক প্রথা কিদৰে উৎপত্তি হৈছিল ? 

উত্তৰঃ সমাজত উচ্চ জাতি লােকে সদায়ে নিজৰ কন্যাক উচ্চ জাতিৰ লােকক বিয়া দিব বিচাৰে আৰু উচ্চ জাতৰ ল’ৰাক বহুত টকা বা যৌতুক দি হলেও নিজৰ ছােৱালী উচ্চ জাতৰ ল’ৰাক বিয়া দিয়ে । উচ্চ জাতিৰ ল’ৰাই সমাজত নিজৰ দাম বঢ়াৰলৈ গৈ এই প্রথা সৃষ্টি কৰে । উচ্চ জাতিয়ে নিম্ন জাতত বিয়া দিয়াটো সন্মান হানি হােৱা কথা । সেইকাৰণে ধন সম্পদ দি হলেও ছােৱালীক বিয়া দিছিল , গতিকে উচ্চ জাতৰ এই মনােভাবক পাছলৈ যৌতুক বা গাধন আদি প্ৰথাৰ সৃষ্টি হ’ল । 

প্রশ্ন ১৭। যৌতুক নিষিদ্ধ আইন ১৯৮৬ ৰ চৰ্তাৱলী কি ? 

উত্তৰঃ সমাজত যৌতুক প্রথাৰ বিভিন্ন কু-ফলাফলৰ বাবে সমাজত নানা ব্যভিচাৰ প্রচলন হােৱা বাবে চৰকাৰে প্রথমে ১৯৬১চনত প্রথমে এখন আইন প্রণয়ন কৰিছিল যদিও তাত বহুতাে ত্রুটি ৰৈ যােৱাত পুনৰ ১৯৮৬ চনত আন এখন আইন প্রণয়ন কৰি এই প্রথাক নিষিদ্ধ কৰা হয় । এই আইনৰ চৰ্ত মতে যি লােকে বৈবাহিক কার্যৰ বাবে যৌতুক বিচাৰে নাইবা যিলােকে যৌতুক দিবলৈ মান্তি হয় তেনে লােকক ৫ বছৰলৈ কাৰাদণ্ড নাইবা ১৫ হেজাৰ টকা জৰিমনা কৰা হ’ব নাইবা দুয়ােটা শাক্তিকে প্রদান কৰা হ’ব । 

প্রশ্ন ১৮। চাদা ( Sharda ) বিধেয়ক কি ? 

উত্তৰঃ চাদা বিল বা বিধেয়ক এখন বাল্য বিবাহ নিষিদ্ধ কৰা বিধেয়ক । এই বিধেয়কখন  ১৯২৯ চনতে গৃহিত কৰা হৈছিল । এই আইন খনৰ দ্বাৰা ভাৰতত বাল্য বিবাহ নিষিদ্ধ কৰা হৈছিল । এই আইন মতে বিবাহ যােগ্য বয়স ছােৱালীৰ বাবে ১৪ বছৰ আৰু লৰাৰ বাবে ১৮ বছৰ নিম্নতম ধার্য কৰা হৈছিল । 

প্রশ্ন ১৯। মহিলাৰ বিৰুদ্ধে সংঘটিত কেইটামান অপৰাধ উল্লেখ কৰা । 

উত্তৰঃ মহিলাৰ বিৰুদ্ধে শাৰীৰিক অত্যাচাৰ , যৌতুক , ধর্ষণ , স্ত্রীৰ ওপৰত দমন , অত্যাচাৰ , হত্যা , বিক্ৰীকৰণ আদি অমানুষিক কার্য চলি আহি আছে । কিছুমানৰ বাবে মহিলাসকল পণ্য  দ্রব্যত পৰিণত হৈছে । 

প্রশ্ন ২০। ভাৰতীয় মহিলাৰ ওপৰত পাশ্চাত্য সংস্কৃতিৰ প্রভাব কেনে আছিল ? 

উত্তৰঃ ভাৰতীয় মহিলাসকল পাশ্চাত্য সংস্কৃতিৰ প্ৰতি বৰ সজাগ সচেতন আছিল । বৈদিক যুগৰ মহিলা এনেকি মধ্যযুগতাে মহিলাই পৰিয়ালক লৈয়ে ঘৰৰ চাৰিবেৰৰ মাজতে দিন কটাব লগা হৈছিল , কোনাে স্বাধীনতা নাছিল । কিন্তু আধুনিক যুগত বিশেষকৈ স্বাধীনতাৰ পাচত ভাৰতীয় মহিলাই স্বাধীনতা সংগ্রামতাে যথেষ্ট অৰিহণা যােগাইছে । শিক্ষা – দীক্ষাৰ ক্ষেত্ৰতাে ভাৰতীয় মহিলাই পুৰুষৰ সমানে সমানে আগবাঢ়ি যাবলৈ সক্ষম হৈছে । শিক্ষিত মহিলাই সমাজৰ বহুতাে অনাৱশ্যকীয় বাধানিষেধ নেওচি পুৰুষৰ লগত সমানে আগ বাঢ়িছে । এনেকি ৰাজনীতিৰ ক্ষেত্ৰখনতাে ভাগ ল’ব পাৰিছে । 

See Next Page…

2 thoughts on “Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top