Class 12 Sociology Chapter 9 সাংস্কৃতিক পৰিবর্তন

Class 12 Sociology Chapter 9 সাংস্কৃতিক পৰিবর্তন Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 9 সাংস্কৃতিক পৰিবর্তন and select needs one.

Class 12 Sociology Chapter 9 সাংস্কৃতিক পৰিবর্তন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 9 সাংস্কৃতিক পৰিবর্তন Solutions for All Subject, You can practice these here…

সাংস্কৃতিক পৰিবর্তন

পাঠ: ২

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। সমাজ সংস্কাৰ আন্দোলনৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ বৈশিষ্ট্যসমূহ :-

( ১ ) সামাজিক আন্দোলন প্রায় সকলাে সময়তে সমাজ বিৰােধী হয় । 

( ২ ) সমাজ সংস্কাৰ আন্দোলন সদায়ে পৰিকল্পিত আৰু ইচ্ছাকৃত আন্দোলন । 

( ৩ ) ইয়াৰ মূল উদ্দেশ্য হ’ল সমাজ সংস্কাৰ সাধন কৰা । 

( ৪ ) এই আন্দোলত এক উমৈহতীয়া প্রচেষ্টাৰ আৱশ্যক হয় । 

প্রশ্ন ২। ভাৰতৰ কেইটিমান সমাজ সংস্কাৰ সংগঠনৰ নাম লিখা । 

উত্তৰঃ ( i ) আর্য সমাজ । 

( ii ) ব্রাহ্ম সমাজ । 

( iii ) প্রার্থনা সমাজ ।

( iv ) হৰিজন সেৱক সমাজ ।

( v ) ৰামকৃষ্ণ মিছন ।

( vi ) ভাৰত সেৱক সমাজ ।

প্রশ্ন ৩। ৰাজা ৰামমােহন ৰায়ৰ কেইটিমান বৰঙণি উল্লেখ কৰা । 

উত্তৰঃ ৰাজা ৰামমােহন ৰায়ক আধুনিক ভাৰতৰ পিতৃ বুলি জ্ঞান কৰা হয় । তেওঁৱেই ভাৰতত পোন প্রথমে সামাজিক সংস্কাৰ আন্দোলন আৰম্ভ কৰিছিল । 

( ১ ) ৰাজা ৰামমােহন ৰায়ৰ প্ৰচেষ্টাতে প্রথমে ব্রিটিছ চৰকাৰে আটাইতকৈ সাংঘাটিক সামাজিক কুসংস্কাৰ ‘সতীদাহ প্রথা’ ভাৰতত নিষিদ্ধ কৰি ১৮২৯ চনত আইন প্রণয়ন কৰিছিল । 

( ২ ) তেওঁৱেই ১৮২৮ চনত ভাৰতৰ পৰা বিভিন্ন কুসংস্কাৰ নিবাৰণ কৰিবলৈ ব্ৰহ্ম সমাজ প্রতিষ্ঠা কৰিছিল । 

( ৩ ) ৰাজা ৰামমােহন ৰায়ৰ চেষ্টাতে ভাৰতত পাশ্চাত্যৰ শিক্ষাৰ প্রবর্তন কৰা হৈছিল । তেওঁৰ উদ্যোগতে কলিকতাত বহুতাে ভাৰতীয়ই ইংৰাজীতে শিক্ষা – দীক্ষা লৈছিল ।

( ৪ ) তেওঁৱেই প্রথমে হিন্দু জাতি ভেদ প্রথাৰ বিৰুদ্ধে মাত মাতিছিল । তেওঁ হিন্দুসকলৰ মাজত থকা বাল্য বিবাহ , সতীদাহ প্রথাৰ বিৰােধিতা কৰিছিল আৰু বিধবা বিবাহ প্রচলন পৃষ্ঠপষকতা কৰিছিল । 

প্রশ্ন ৪। তিনি জন সংস্কাৰকৰ নাম লিখা ।

উত্তৰঃ ( ১ ) ৰাজা ৰামমােহন ৰায় ।

( ২ ) স্বামী দয়ানন্দ সৰস্বতী ।

( ৩ ) মহাদেৱ গােবিন্দ বানাড়ে । 

প্রশ্ন ৫। ধর্ম নিৰপেক্ষ দেশ / ৰাষ্ট্ৰ বুলিলে কি বুজা ?

উত্তৰঃ যি দেশে সকলাে ধর্মকে সমান জ্ঞান কৰে আৰু সমানে সম্মান কৰে আৰু যি দেশৰ নিজা কোনাে ৰাষ্ট্ৰীয় ধর্ম নাথাকে তাকে ধর্ম নিৰপেক্ষ দেশ বােলে । এনে ৰাষ্ট্ৰৰ মানত সকলাে ধর্ম সমান । 

প্রশ্ন ৬। আর্য সমাজৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ আর্য সমাজৰ বৈশিষ্ট্য দুটা :-

( ১ ) স্বামী দয়ানন্দ সৰস্বতীয়ে হিন্দু ধৰ্মৰ বেদ শাস্ত্ৰৰ ভিত্তিৰে হিন্দু সমাজৰ কু – প্রথাবােৰ দূৰ কৰিবলৈ যত্ন কৰিছিল আর্য সমাজ প্রতিষ্ঠা কৰি । 

( ২ ) তেওঁ স্ত্রী শিক্ষা , বিধবা – বিবাহ আৰু শুদ্ধি আন্দোলনৰ দ্বাৰা আন ধৰ্মৰ মানুহকো আকৃষ্ট কৰিছিল । 

প্রশ্ন ৭। মহিলাৰ বাবে জটিবা ফুলে ক’ত প্রথমে স্কুল প্রতিষ্ঠা কৰিছিল ?

উত্তৰঃ জটিবা ফুলে প্রথমে ১৮৫১ চনত , পুনেত এখন ছােৱালী স্কুল প্রতিষ্ঠা কৰিছিল । 

প্রশ্ন ৮ । দলিত সকল কোন ?

উত্তৰঃ দলিতসকল ভাৰতীয় সমাজৰ একেবাৰে নিম্ন প্ৰস্থিতিৰ এটা শ্রেণী । তেওঁলােক যুগ যুগ ধৰি শােষিত হৈ অহা এটা শ্রেণী । তেওঁলােকৰ জীৱন অতি অসন্মানিত , দুখ – কষ্টৰে ভৰা জীৱন , এক নির্যাতিত আৰু অৱহেলিত জীৱন । 

প্রশ্ন ৯। কাৰ নেতৃত্বত , ক’ত ভাৰতৰ নৱজাগৰণ আৰম্ভ হৈছিল ? 

উত্তৰঃ বংগদেশত , প্রখ্যাত মনীষী ৰাজা ৰামমােহন ৰায়ৰ নেতৃত্বত নৱজাগৰণ আৰম্ভ হৈছিল । 

প্রশ্ন ১০। কি উদ্দেশ্যক সাৰোগত কৰি ১৮২৮ চনত ব্রাহ্মসমাজ প্রতিষ্ঠা কৰা হৈছিল ? 

উত্তৰঃ আধুনিক ভাৰতৰ পিতৃস্বৰূপ , বংগদেশৰ মনীষী ৰাজা ৰামমােহন ৰায়ে হিন্দু ধর্ম সংস্কামুক্ত কৰি বেদ আৰু উপনিষদৰ ভিত্তিত জাতি বর্ণ নির্বিশেষে এক ঈশ্বৰক বিশ্বাস কৰিবলৈ আৰু লগতে ৰাজনীতি আৰু সমাজ সংস্কাৰ কৰাৰ উদ্দেশ্য সাৰােগত কৰি ১৮২৮ চনত ব্রাহ্মসভা প্রতিষ্ঠা কৰিছিল পাছত এই সভা ব্রাহ্ম সমাজ নামেৰে জনাজাত হৈছিল । 

প্রশ্ন ১১। কি উদ্দেশ্য সাৰোগত কৰি , কেতিয়া , কোনে ব্রাহ্ম সভা ‘ বা ‘ ব্রাহ্ম সমাজ প্রতিষ্ঠা কৰিছিল ? নাইবা , ব্রাহ্ম সমাজৰ তিনিটা লক্ষ্য ৰা আদর্শ ( নীতি ) লিখা । 

উত্তৰঃ ( ক ) ব্রাহ্ম সমাজ প্রতিষ্ঠাৰ উদ্দেশ্য আছিল— 

( ১ ) হিন্দু ধর্মক সংস্কাৰ কৰা । 

( ২ ) এক জাতি এক ধর্ম প্রতিষ্ঠা কৰা । 

( ৩ ) বেদ উপনিষদৰ ভিত্তিত জাতি – বর্ণ – নির্বিশেষে এক ঈশ্বৰক বিশ্বাস কৰা ।

( ৪ ) ১৮২৮ চনত , বংগদেশৰ মনীষী ৰাজা ৰামমােহন ৰায়ে এই সভা প্রতিষ্ঠা কৰিছিল । 

প্রশ্ন ১২। ৰাজা ৰামমােহন ৰায়ৰ মৃত্যুৰ পিছত ব্রাহ্ম সমাজৰ দায়িত্বভাৰ গ্ৰহণ কৰা ব্যক্তি দুজনৰ নাম লিখা । 

উত্তৰঃ ব্যক্তি দুজন হ’ল— 

( ১ ) মহর্ষি দেবেন্দ্র নাথ ঠাকুৰ । আৰু 

( ২ ) কেশৱ চন্দ্র সেন । 

প্রশ্ন ১৩। ৰাজা ৰামমােহন ৰায়ৰ দুটা অৱদান লিখা । 

উত্তৰঃ অৱদান দুটা হ’ল– 

( ১ ) ভাৰতত ইংৰাজী শিক্ষা প্রৱৰ্তনত আগভাগ লৈছিল । 

( ২ ) সমাজ আৰু ধর্মীয় সংস্কাৰৰ বাবে ১৮২৮ চনত ব্রাহ্ম সমাজ প্রতিষ্ঠা কৰে । 

প্রশ্ন ১৪। ৰাজা ৰামমােহন ৰায়ক আধুনিক ভাৰতৰ পিতৃস্বৰূপ আখ্যা দিয়াৰ কাৰণ উল্লেখ কৰা । 

উত্তৰঃ পিতৃস্বৰূপ বুলি আখ্যা দিয়াৰ কাৰণকেইটা হৈছে— 

( ক ) ৰাজা ৰামমােহন ৰায়ৰ নেতৃত্বত ভাৰতত নৱজাগৰণৰ সূচনা হয় ।

( খ ) তেওঁ ভাৰতবৰ্ষত ইংৰাজী শিক্ষা প্রৱর্তন কৰাত আগভাগ লৈছিল ।

( গ ) ৰাজনৈতিক , সামাজিক আৰু ধর্মীয় সংস্কাৰৰ ক্ষেত্ৰতাে তেওঁ আগভাগ লৈছিল ।

( ঘ ) তেওঁ হিন্দু ধর্ম সংস্কামুক্ত কৰি বেদ আৰু উপনিষদৰ ভিত্তিত জাতি বর্ণ – নির্বিশেষে এক ঈশ্বৰক বিশ্বাস কৰিবলৈ প্ৰচাৰ কৰাৰ উদ্দেশ্যে ব্রাহ্ম সমাজ প্রতিষ্ঠা কৰিছিল । 

প্রশ্ন ১৫। ৰাজা ৰামমােহন ৰায়ৰ অৱদানৰ এটি চমু আভাস দিয়া । 

উত্তৰঃ বংগদেশৰ খ্যাতনামা মনীষী ৰাজা ৰামমােহন ৰায় আধুনিক ভাৰতৰ পিতৃস্বৰূপ । তেওঁৰ নেতৃত্বতে ভাৰতত আধুনিক যুগৰ সূচনা হয় , নৱজাগৰণ আৰম্ভ হয় । তেওঁৰ চেষ্টাতে ভাৰতত পাশ্চাত্যৰ আধুনিক জ্ঞান – বিজ্ঞানৰ শিক্ষা প্রৱৰ্তন হৈছিল । ৰাজনীতি , সমাজ আৰু ধর্মীয় সংস্কাৰৰ ক্ষেত্ৰতাে তেওঁ অগ্রণী আছিল । তেওঁ হিন্দু ধর্ম আৰু সমাজৰ কু – সংস্কাৰবােৰ আঁতৰাবৰ বাবে ব্রাহ্ম সমাজ প্রতিষ্ঠা কৰি বেদ – উপনিষদৰ ভিত্তিত জাতি – বর্ণ নির্বিশেষে এক ঈশ্বৰক বিশ্বাস কৰিবলৈ প্ৰচাৰ কার্য চলাইছিল । তেওঁ হিন্দু ধৰ্মৰ অন্ধবিশ্বাস , কুসংস্কাৰবােৰ আঁতৰাবৰ বাবে চৰকাৰী পক্ষৰ সহায় লৈছিল । সমাজত ইংৰাজী ভাষা – সাহিত্য আৰু আধুনিক বিজ্ঞানৰ প্ৰৱৰ্তনত আগভাগ লৈছিল । 

প্রশ্ন ১৬। ব্রাহ্ম সমাজৰ প্রতিষ্ঠাতা কোন ? 

উত্তৰঃ ৰাজা ৰামমােহন ৰায়ে ১৮২৮ চনত প্রতিষ্ঠা কৰিছিল । 

প্রশ্ন ১৭। কোনে কেতিয়া প্রার্থনা সমাজ স্থাপন কৰিছিল ? 

উত্তৰঃ মহাৰাষ্ট্ৰৰ মহাদেৱ গােবিন্দ ৰাণাডে , ১৮৬৭ চনত প্রার্থনা সমাজ স্থাপন কৰিছিল । 

প্রশ্ন ১৮। ভাৰতত থিঅ’ছফিকেল ছ’চাইটিৰ শাখা কোনে মুকলি কৰিছিল ? 

উত্তৰঃ ১৮২৮ চনত মেডাম ব্লাভাস্কিয়ে ( Blavatsky ) , মাদ্ৰাজৰ ওচৰত আদিয়াত আৰম্ভ কৰিছিল । ১৮৮৬ চনত এনি বেচান্তে ইয়াৰ গুৰি দৰিছিল । 

প্রশ্ন ১৯। সংস্কৃতি কি ? 

উত্তৰঃ বিখ্যাত সমাজশাস্ত্রবিদ টাইলাৰৰ মতে— “ সংস্কৃতি হ’ল এটা জটিল সংমিশ্রণ যিটোৱে মানুহে সমাজৰ সদস্য হিচাপে আহৰণ কৰা জ্ঞান , বিজ্ঞান , কলা , নৈতিকতা , আইন , সামাজিক প্রথা আৰু অন্যান্য সামর্থ্য আৰু অভ্যাস আদি সামৰি লয় । ” সংস্কৃতি অমূর্ত , মানুহৰ জাতি , ধর্ম , বিশ্বাস , সামাজিক প্রথা , ৰীতি – নীতি , নৈতিকতা আচাৰ – ব্যৱহাৰ আদিৰে যি সংস্কৃতি প্রকাশ পায় ই দৃশ্যমান নহয় । বিভিন্ন যুগত মানৱ জাতিয়ে সৃষ্টি কৰা সামগ্ৰীয়ে সংস্কৃতিৰ পৰিচয় দিয়ে যদিও সামগ্রীবােৰ সংস্কৃতি নহয় ইয়াৰ যােগেদি প্রকাশ পােৱা কলা – কৌশলহে সংস্কৃতি । 

প্রশ্ন ২০। অসমীয়া ল’ৰাৰ মিত্ৰ পুথিখন কোনে লিখিছিল ? 

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে । 

প্রশ্ন ২১। কোনে কলিকতাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছিল ? 

উত্তৰঃ লর্ড উইলিয়াম বেন্টিংকে । 

প্রশ্ন ২২। ভিভিয়ান ডিৰ জিঅ ‘ কোন ? 

উত্তৰঃ ভিভিয়ান ডিৰ জিঅ হিন্দু কলেজৰ এজন – ডেকা অধ্যাপক আছিল । তেওঁ বংগদেশত ইয়ং বেংগল নামৰ এটা প্রগতিবাদী আন্দোলন গঢ়ি তুলিছিল । 

প্রশ্ন ২৩। জ্যোতিবা ফুলে কোন আছিল ? 

উত্তৰঃ জ্যোতিবা ফুলে ( ১৮২৭- ৯০ AD ) মহাৰাষ্ট্রৰ এজন চিৰনমস্য সমাজ সংস্কাৰক আছিল । তেওঁ দলিতসকলৰ বাবে কল্যাণমূলক কাম কৰিছিল । তেওঁ এজন ভাল লেখক আছিল । তেওঁ কেবাখনাে স্কুল স্থাপন কৰিছিল । 

প্রশ্ন ২৪। ৰামকৃষ্ণ মিছন কোনে প্রতিষ্ঠা কৰিছিল ?

উত্তৰঃ ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছ প্রতিষ্ঠা কৰিছিল । 

প্রশ্ন ২৫। আৰ্যসমাজ কোনে প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতীয়ে ।

প্রশ্ন ২৬। ‘পাশ্চাত্যকৰণ ’ অৱধাৰণাটো কোনে আগবঢ়াইছে ? 

উত্তৰঃ এম এন শ্রীনিবাসে । 

প্রশ্ন ২৭৷ ভাৰতত প্ৰকাশ হােৱা প্রথম বাতৰি কাকতখনৰ নাম লিখা । 

উত্তৰঃ বেংগল গেজেট । 

প্রশ্ন ২৮। কোনটো প্রধান ধর্ম ভাৰতত আছে ? 

উত্তৰঃ ভাৰতত থকা প্রধান ধর্ম হ’ল হিন্দু ধর্ম । 

প্রশ্ন ২৯। সংস্কৃতিকৰণ অৱধাৰণাটো এম , এন , শ্রীনিবাসে কেতিয়া আগবঢ়ায় ? 

উত্তৰঃ ১৯ শতিকাত উপনিবেশতাৰ সংস্কাৰ আন্দোলনৰ সময়ত ।

প্রশ্ন ৩০। কেতিয়া RTI আইনখন গৃহীত আৰু বলবৎ হৈছিল ?

উত্তৰঃ RTI আইনখন ২০০২ চনতে গৃহীত হৈছিল যদিও ২০০৫ চনতহে বলবৎ হৈছিল । 

প্রশ্ন ৩১। ভাৰতত কৃষক আন্দোলনৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ ( ১ ) দৰঙৰ পথৰু ঘাটৰ কৃষক বিদ্রোহ বা আন্দোলন । আৰু 

( ২ ) নীলখেতিৰ বাবে হােৱা কৃষক বিদ্রোহ ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top