Class 12 Sociology Chapter 11 গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ

Class 12 Sociology Chapter 11 গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 11 গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ and select needs one.

Class 12 Sociology Chapter 11 গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 11 গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ Solutions for All Subject, You can practice these here…

গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ

পাঠ: ৪

দ্বিতীয় খণ্ড

পাঠ্যপুথি অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। ছাত্র – ছাত্রীসকল , তােমালােকে তলত দিয়া কথাখিনি পঢ়া আৰু তাৰ পৰাই তলত উল্লেখ কৰা প্রশ্ন দুটিৰ উত্তৰ লিখা । 

আঘান বিঘা ( Aghambigha ) নামৰ ঠাইত শ্ৰমিক সকলে কাম বা শ্ৰম কৰাৰ এক বিষম বা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছিল । আৰু এই অনাকাংক্ষিত বা বিষম পৰিস্থিতিটো সৃষ্টিৰ মূলতে আছিল মালিক শ্রেণীয়ে পােৱা অর্থনৈতিক ক্ষমতা ( economic power ) আৰু এটা প্রতিপত্তিশীল জাতিৰ সদস্য হিচাপে পােৱা অধিক ক্ষমতা । এই প্রতিপত্তিশীল জাতিৰ মালিক শ্রেণীটোৱে এনেধৰণে পােৱা ক্ষমতাক শ্ৰমিকসকলৰ বিবিন্ন দিশৰ ওপৰত অনাকাংক্ষিত ভাৱে খটুৱাৰ ফলত শ্রমিক সকলৰ বাবে এক অনাকাংক্ষিত বা বিষম পৰিস্থিতিৰ সৃষ্টি হৈছিল । এই মালিক শ্রেণীয়ে পােৱা সামাজিক ক্ষমতাৰ এক উল্লেখনীয় দিশ হ’ল যে , তেওঁলােকে সেই সময়ৰ ৰাজ্যৰ প্ৰতিৰক্ষাৰ সশস্ত্র শক্তি ( armis ) কো তেওঁলােকৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰিছিল । এনেধৰণৰ কাৰকৰ ফলতেই শ্রমিক আৰু প্রতিপত্তিশীল শ্রেণীৰ মাজৰ ব্যৱধান ক্রমশঃ বাঢ়ি গৈছিল । 

( ক ) মালিকসকলে তেওঁলােকৰ স্বাৰ্থৰ বাবে ৰাষ্ট্ৰৰ সশস্ত্র শক্তিকো ব্যৱহাৰ কৰিব , পৰাৰ কাৰণ তােমালােকে কি বুলি ভাবা ? 

( খ ) শ্ৰমিকসকলে শ্রম বা কাম কৰাৰ ক্ষেত্ৰত এক বিষম বা অনাকাংক্ষিত পৰিস্থিতিৰ কিয় সৃষ্টি হৈছিল । 

উত্তৰঃ ( ক ) গৰাকী বা মহিলাসকলে তেওঁলােকৰ নিজৰ স্বাৰ্থজড়িত কামবােৰ কৰাৰ বাবে ৰাষ্ট্রযন্ত্রৰ শক্তি ব্যৱহাৰ কৰাৰ ক্ষমতা তেওঁলােকৰ আছে কাৰণ ইয়াৰ আটাইতকৈ গুৰুত্বপূর্ণ উপাদান হ’ল— তেওঁলােকৰ অর্থনৈতিক ক্ষমতা আৰু এটা প্রতিপত্তিশালী জাতিৰ সদস্য হিচাপে পােৱা অধিক ক্ষমতা । 

( খ ) আঘান বিঘাৰ মালিক শ্রেণীটোৱে সেই ঠাইত অর্থনৈতিক ক্ষমতা আৰু এটা প্রগতিশীল জাতিৰ সদস্য হিচাপে পােৱা অধিক ক্ষমতাৰ বাবে মালিক শ্ৰেণীটোৱে শ্ৰমিকসকলক বিভিন্ন দিশৰ ওপৰত অনাকাংক্ষিতভাৱে খটুৱাৰ ফলত শ্ৰমিকসকলে এক বিষম পৰিস্থিতিৰ সৃষ্টি হৈছিল । 

প্রশ্ন ২। ভূমিহীন কৃষি শ্রমিক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ভাবা ? 

উত্তৰঃ স্বাধীনতাৰ আগেয়ে ভূমিহীন কৃষি – শ্রমিক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ অৱস্থা বৰ দুখ লগা আছিল । সেইকাৰণে স্বাধীনতাৰ পাছত , চৰকাৰে তেওঁলােকৰ ব্যৱস্থা আৰু প্ৰস্থিতি উন্নত কৰাৰ বাবে আৰু তেওঁলােকৰ স্বাৰ্থ ৰক্ষাৰ বাবে কিছুমান ব্যৱস্থা হাতত লয় । এই কাৰণে চৰকাৰে কিছু ভূমিসংস্কাৰ আঁচনি আৰম্ভ কৰিছিল । তাৰে কিছুমান তলত উল্লেখ কৰা হ’ল— 

( ক ) যিসকল ভূমিহীন শ্রমিকে যি মাটিত খেতি বাতি কৰিছিল সেইবােৰ মাটিৰ মালিকীস্বত্ব । তেওঁলােকক গৰাকী হিচাপে দি দিয়া হৈছিল । 

( খ ) জমিদাৰী ব্যৱস্থাৰ উচ্ছেদ সাধন কৰা হৈছিল আৰু জমিদাৰৰ অতিৰিক্ত ভূমি চৰকাৰে হস্তগত কৰিছিল । অতিৰিক্ত ভূমিবােৰ ভূমিহীন কৃষকৰ মাজত বিতৰণ কৰা হৈছিল । 

( গ ) খেতিয়কসকলৰ সমাজত থকা মধ্যস্থতাকাৰীসকলক আঁতৰােৱা হৈছিল । 

( ঘ ) ভূমিসমূহ একত্রীকৰণ কৰি , খেতিক মাটিৰ পৰিমাণ সীমা বান্ধি দিয়া হৈছিল । 

( ঙ ) ভূমি সম্পর্কীয় নথি – পত্র সাম্প্রতিকৰণ কৰা হয় , আৰু উপযুক্ত ব্যৱস্থা কৰি সংৰক্ষিত কৰা হয় । 

( চ ) এইদৰে চৰকাৰে ভূমিহীন শ্ৰমিকসকলৰ আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ স্বাৰ্থ ৰক্ষণাবেক্ষণৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল ।

প্রশ্ন ৩। কৃষি শ্রমিকসকলৰ পৰিস্থিতি বা অৱস্থা আৰু তেওঁলােকৰ ঊর্ধ্বমুখী আর্থ সামাজিক গতিশীলতাৰ অভাৱৰ মাজত প্রত্যক্ষ সম্পর্ক আছে এই বিষয়ে লিখা । 

উত্তৰঃ কৃষি – শ্ৰমিকসকলৰ পৰিস্থিতিৰ বা অৱস্থাৰ বাবে দায়ী বা অভাৱবোৰৰ কিছুমান তলত উল্লেখ কৰা হ’ল— 

যেনেঃ দৰিদ্ৰতা , নিবনুৱা অৱস্থা , ঋণগ্রস্ততা , প্রব্রজনিত অৱস্থা , খেতি কৰাৰ বাবে মাটিৰ অভাৱ , চৰকাৰী নীতি – নির্দেশনাৰ জ্ঞানৰ অভাৱ, নতুন কাৰিকৰী জ্ঞানৰ অভাৱ আদিয়ে হ’ল কিছুমান কাৰক যিবােৰৰ বাধা গ্রস্ততাই কৃষি – শ্ৰমিকসকলৰ ঊর্ধ্বমুখী আর্থসামাজিক গতিশীলতাত বাধা প্রদান কৰি থাকে । 

প্রশ্ন ৪। কি কি প্রধান কাৰকে কিছুসংখ্যক সমূহক নতুন সম্পদশালী , উদ্যোগী বাঁ প্রতিপত্তিশীল শ্রেণীলৈ পৰিৱর্তিত হােৱাত সহায় কৰে ? এনে সমূহৰ বিষয়ে উদাহৰণ দাঙি ধৰা । 

উত্তৰঃ আমাৰ ভাৰতত সেউজ বিপ্লৱৰ প্ৰৱৰ্তন হৈছিল ১৯৬০ দশকত , যাৰ পৰিণাম আছিল সুদূৰ প্ৰসাৰী । সেউজ বিপ্লৱৰ বাবে যে কেৱল কৃষিজাত দানা শস্যৰ উৎপাদনহে বৃদ্ধি হৈছিল তেনে নহয় ই আন কিছুমান পৰিৱৰ্তনো আনিছিল ৷ ভাৰতৰ গ্রাম্য সামজত অর্থনৈতিক বৈষম্যও ( অসমতা ) বৃদ্ধি পাইছিল সেউজ বিপ্লৱৰ বাবে । 

নতুন যন্ত্রপাতি , নতুন কাৰিকৰী , নতুনবীজ , সাৰ , জলসিঞ্চনৰ উপায়সমূহ , কীটনাশক , ঔষধ – পাতি আদি সেউজ বিপ্লৱৰ বাবেই পাবলৈ সম্ভৱ হৈছিল কিন্তু এইবােৰ , ক্ষুদ্র – নিম্ন পর্যায়ৰ উপান্ত কৃষকসকলে নাপাইছিল । ধনী কৃষকসকলে এইবােৰ সহজে কিনিব পাৰিছিল কিন্তু দুখীয়া উপান্তৰ খেতিয়কে কিনিব নােৱাৰিছিল । সেই কাৰণে অর্থনৈতিক অসমতা বৃদ্ধি পাইছিল । ধনী কৃষক আৰু উপাস্ত কৃষকসকলৰ মাজত । 

ধনী কৃষকসকলে জানিব পাৰিছিল কেনেকৈ উন্নত কাৰিকৰী ব্যৱস্থা অবলম্বন কৰি লাভ বেছি কৰিব পাৰি আৰু এই কাৰণতে অর্থনৈতিক অসমতা বৃদ্ধি হৈছিল আৰু গ্ৰাম্যাঞ্চলত অসহনীয় অৱস্থা বৃদ্ধি হৈছিল । সেইকাৰণেই হয়তাে সংঘৰ্ষৰ সৃষ্টি হৈছিল গ্রামাঞ্চলত । এই অসন্তুষ্টিৰ বাবেই হয়তাে কৃষি কাৰ্যৰ নতুন ব্যৱস্থাৰ সৃষ্টি হৈছিল । দুখীয়া কৃষকসকল ভূমিহীন কৃষি শ্রমিকসকলে সেউজ বিপ্লবৰ সুবিধাবােৰ ল’ব পৰা নাছিল । এইদৰে সমাজখনে উন্নতি কৰিব পৰা নাছিল যেতিয়ালৈকে গ্রাম্য সমাজৰ বৃহৎসংখ্যকে সেউজ বিপ্লবৰ সুবিধাসমূহ পাবলৈ সক্ষম নহ’ব । 

এইটো ঠিক আৰু সত্য যে শস্যৰ উৎপাদন দেশখনত বৃদ্ধি পাইছে যথেষ্ট পৰিমাণে কিন্তু এই বৃদ্ধি দেশখনৰ সকলাে ঠাইতে হােৱা নাই । ই যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে— পঞ্জাৱ , হাৰিয়ানা , উত্তৰ – প্রদেশ , মহাৰাষ্ট্ৰ আদি ৰাজ্যতহে । কিন্তু ভাৰতৰ আন ৰাজ্যবােৰে এই বিপ্লবৰ দ্বাৰা বেছি কার্যকৰী প্রভাব নাপালে । সেই কাৰণে ৰাজ্যবােৰৰ মাজততা অর্থনৈতিক অসমতা বৃদ্ধিহে পাইছিল ।নগৰীয়া অঞ্চলত এক শ্রেণীৰ পুঁজিপতি কৃষকৰ সৃষ্টিহে হৈছিল । এই শ্রেণীৰ পুঁজিপতি কৃষসকলে কৃষিকার্যত বেছি টকা বিনিয়ােগ কৰি আৰু বেছি লাভ বা মুনাফা আদায়হে কৰিছিল । সেউজবিপ্লবৰ পৰা লাভান্বিত হােৱা ৰাজ্যবােৰত লিংগৰ হাৰো পৰিৱৰ্তন হৈছিল । গ্রামাঞ্চলত সামাজিক পৰিবৰ্তনে এক নতুন দিশে অগ্রগতি লাভ কৰে যদিও তাত বিভিন্নতা দেখা যায় । 

প্রশ্ন ৫। হিন্দী আৰু আঞ্চলিক ভাষাৰ বােলছবিৰােৰৰ বেছি ভাগেই গ্রাম্য জীৱনক লৈ  প্রস্তুত কৰা । তােমালােকে এখন বােলছবিৰ কথা ভাবা , যিখন ভাৰতৰ গ্রাম্য জীৱন বা গ্রাম্য সমাজক লৈ প্ৰস্তুত কৰা হৈছে আৰু গ্রাম্য কৃষি সমাজৰ সংস্কৃতি সেই বােলছবিত উপস্থাপন কৰা হৈছে । তােমাললাকে মূল্যাংকন কৰাৰ প্ৰয়াস কৰা যে কেনেকৈ এই সমাজৰ বাস্তৱতা তাত দেখুওৱা হৈছেনে এনে ধৰণৰ গ্ৰাম্য সমাজৰ ওপৰত সদ্যহতে মুক্তিপ্রাপ্ত কিবা বােলছবি তুমি চাইছানে ? যদি নাই চোৱা , কিয় চাব পৰা নাই ব্যাখ্যা কৰা । 

উত্তৰঃ আমাৰ ভাৰতীয় সমাজখন গাঁৱৰ দ্বাৰাই গঠিত বুলি ক’ব পাৰি । অধিক সংখাক লােক গাঁৱতে বসবাস কৰে । সেই কাৰণে ভাৰতৰ বিভিন্ন ভাষাৰ বােলছবি কিছুমান গাঁৱৰ পটভূমিতে , গাঁৱৰ জীৱনক লৈয়ে নির্মাণ কৰা দেখা যায় । মই এই প্রশ্নৰ উত্তৰত তেনে এখন ছবিৰ কথা উল্লেখ কৰিম । আজি প্রায় কেবা বছৰ ধৰি আগতে ‘ দো বিঘা জমিন ’ নামৰ এখন বােলছবি চাইছিলোঁ । ছবিখনত এটা সৰু পৰিয়াল আদবয়সীয়া লােকজনে অতি সুন্দৰভাৱে দুইবিঘা মাটিতে নিয়াৰিকৈ সময়মতে কেবাটাও খেতি কৰি সৰু পৰিয়ালটো কিদৰে বিভিন্ন সামাজিক সমস্যাৰ মাজেৰে উৎসৱ – পূজা পার্বণ কৰি বজাৰ সমাৰত বস্তু কিনা – বেচা কৰি , অতি শ্ৰম কৰি , গাঁৱলীয়া পৰিৱেশ এটাৰ মাজত জীৱন – যাপন কৰিছিল তাকে ফুটাই তুলিছিল । 

ছবিখন গাঁৱৰ বাসিন্দাসকলে কিদৰে আনন্দৰ মাজেৰে খেতিৰ সময়ত লগ লাগি পৰস্পৰে পৰম্পৰক সহায় কৰি খেতিবাতি কৰে , টান কামত সকলােৱে সহযােগী মনােভাবেৰে কাম কৰে তাকে ফুটাই তুলিছে । বজাৰত অঞ্চলটোৰ প্রত্যেকে বিভিন্ন কৃষিজাত বস্তু কিনা – বেচা কৰি, আদান – প্রদানৰ মাজেৰে এটা উন্নত সামাজিক ব্যৱস্থাৰ আভাস দাঙি ধৰিছে । ছবিখনত তাৰ মাজত গাঁৱৰ বিবাহ – উৎসৱৰ নীতি – নিয়ম , পূজা – পার্বণ , কৃষিৰ লগত জড়িত উৎসৱ আদিৰাে উপস্থাপন দেখুৱাইছে । 

মুঠতে ছবিখনত সীমিত ভূমিতে এটা পৰিয়ালে উন্নত পদ্ধতিৰে খেতি কৰিলে , শ্রম কৰিলে কি দৰে এটা পৰিয়াল খুব নিয়াৰিকৈ জীৱন – যাপন কৰিব পাৰি তাকে ছবিখনত দাডি ধৰিছে । লগতে ছবিখনৰ গ্ৰাম্য সমাজখনৰ বাসিন্দাসকলৰ মাজৰ মিলাপ্রীতি , সহযােগিতা , উন্নয়নৰ কাম – কাজৰ দেখুৱাইছে । তাৰ মাজত গ্রাম্য সমাজখনৰ স্থানীয় উৎসৱ , কৃষিৰ লগত জড়িত উৎসৱ – পূজা আদিৰাে একোটি আভাস পােৱা যায় । ছবিখনৰ এয়ে থুল – মূল আভাস । অৱশ্যে বর্তমান দুবছৰ মান চিনেমা হলত গৈ চিনেমা চোৱা বন্ধৰ নিচিনা হৈছে , ঘৰতে কেতিয়াবা সময় পালে দুই এখন চিনেমা টিভিতে চাওঁ । 

প্রশ্ন ৬। তােমালােকে বাস কৰা ঠাইৰ ওচৰে – পাজৰে এনে কোনাে ঠাইৰ ইটাৰ ভাটা বা এনে কোনাে কাম দেখিছানে , য’ত কিছুমান প্ৰব্ৰজনকাৰী বনুৱাই কাম কৰে ? এতিয়া , এই শ্ৰমিকসকলক’ৰ পৰা আহিছে আৰু তেওঁলােকৰ নিজা গাঁৱৰ পৰা কেনেকৈ এই কামবােৰত তেওঁলােকক নিয়ােগ কৰা হ’ল সেই বিষয়ে গম লােৱা লগতে নিজা ঠাইত তেওঁলােকৰ জীৱন শৈলী কেনেকুৱা আৰু এই কর্মথলীলৈ কিয় প্ৰব্ৰজন কৰিবলগীয়া হ’ল জানিবলৈ চেষ্টা কৰা । 

উত্তৰঃ ( এই প্রশ্নৰ উত্তৰৰ বাবে তথ্যপাতিখিনি তুমি নিজে যােগাৰ কৰিবলৈ চেষ্টা কৰা তুমি এটা ইটাৰ ভাটাৰ কথাকে লােৱা । এই ফেক্টোৰিত বহুতাে শ্রমিক লাগে । এই শ্ৰমিকসকলক সাধাৰণতে বিহাৰ , উৰিষ্যাৰ পৰা অনা হয় । এই শ্ৰমিকসকলক সেই স্থানতে গৈ কোনাে মুখিয়ালক আগতীয়াকৈ কৈ টকা – পইচা দি নির্ধাৰিত সময়ৰ বাবে শ্ৰমিকসকলক মকৰল কৰা হয় । তেওঁলােক থকা – খােৱাৰ সকলাে ব্যৱস্থা উদ্যোগী ব্যৱসায়ীগৰাকীজনে ব্যৱস্থা কৰি দিব লাগে । এতিয়া তুমি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ চেষ্টা কৰা ।

১। এই প্রব্রজিত শ্ৰমিকসকল ক’ৰ পৰা , কোনে , কেনেকৈ আনিলে ৰাজ্যখনৰ গাঁওখনৰ , মুখিয়ালজনৰ নাম কোন ঠাইলৈ আহিলে তেওঁলােকক কিমান টকা আগধন দিয়া হৈছে ইত্যাদি তথ্য সংগ্রহ কৰা । 

২। দ্বিতীয়তে শ্রমিকসকলৰ নিজ গাঁওখনৰ সামাজিক আৰু অর্থনৈতিক কথা বুজ ল’বলৈ তেওঁলােকৰ জীৱিকা কি , খেতি , নে উদ্যোগ শ্রমিক , নে বেপাৰ – বাণিজ্য , নে কিবা বাহন আদি চালক গম ল’বা , গাঁওৰ মানুহৰ ঘৰ বাৰী কেনে , আলি – পদূলি কেনে এইবােৰ জানিবলৈ চেষ্টা কৰা নগৰ – চহৰ কিমান দূৰত , বজাৰ – সমাৰ আছেনে নাই ইত্যাদিৰ খবৰ ল’বা । তাত শ্ৰমিকৰ মজুৰি আৰু ইয়াত মজুৰিৰ পার্থক্য কি কিয় ইমান দূৰলৈ আহিব লগা হ’ল , কোনে এই খবৰ দিলে আদি ল’বা ।

প্রশ্ন ৭। তােমালােকৰ স্থানীয় ফল – মূল বিক্রেতা এজনক সােধা যে— তেওঁলােকে কি কি ফলমূলৰ ব্যৱসায় কৰে তথা এই ফল – মূলবােৰ কোন ঠাইৰ পৰা অনা হৈছে আৰু এইবােৰৰ মূল্য কেনে ধৰণৰ ? 

এতিয়া তােমালােকে জানিবলৈ যত্ন কৰা যে ভাতৰত বাহিৰৰ পৰা ফলমূল ( যেনে অষ্ট্ৰেলিয়াৰ পৰা অহা আপেল ) আমদানি কৰাৰ দেশত পৰিণামত স্থানীয়ভাৱে উৎপাদিত ফল – মূলবোৰৰ বিক্ৰী মূল্যৰ ক্ষেত্ৰত কিবা পৰিৱৰ্তন হৈছে নেকি ? লগতে জানিবলৈ চেষ্টা কৰা যে — এনে কোনাে আমদানি কৰা ফল – মূল আছেনে , যিবােৰৰ মূল্য ভাৰতত উৎপন্ন হােৱা ফল – মূলতকৈ কম । 

উত্তৰঃ ( তলত দিয়া ইংগিতমতে উত্তৰটো তুমি নিজে প্রস্তুত কৰা । ) 

সংকেটঃ প্রথমে —

( ক ) ব্যৱসায়ীজনে কি কি ফল – মূল বেচে ? 

( খ ) সেইবােৰ ক’ৰ পৰা আমদানি কৰে ? 

( গ ) সেইবােৰৰ প্ৰত্যেকটোৰে দাম কি কি ? 

দ্বিতীয়তে —

( ক ) বাহিৰৰ পৰা আমদানিকৃত ফলমূল আৰু স্থানীয় ( ভাৰতৰ ) ফলমূলৰ দামৰ পার্থক্য কি ? গ্রাহকে কোনটো বেছি বিচাৰে বা কিনে ? স্থানীয় ফলমূলৰ বজাৰত ইয়াৰ প্রতিক্রিয়া কি ?

( খ ) তেওঁৰ দোকানত স্থানীয় ফল – মূলৰ দামতকৈ কম মূল্যৰ কিবা ফল – মূল আছেনে ? যদি আছে তাৰ নাম কি ? ভাৰতৰ ক’ৰ পৰা আহে এই ফল – মূল ? 

প্রশ্ন ৮। তােমালােকে ভাৰতবৰ্ষৰ গ্ৰাম্য অঞ্চলবােৰৰ পৰিৱেশৰ ওপৰত তথ্য সংগ্রহ কৰি এখন প্রতিবেদন প্রস্তুত কৰা । লগতে এই প্রতিবেদন প্রস্তুত কৰােতে তলৰ দিশ বা বিষয়কেইটা সাঙুৰি ল’বা । 

( ক ) গ্রাম্য অঞ্চল ৰাইজে কৃষি পথাৰত ব্যৱহাৰ কৰা কীটনাশক দ্রব্য , ৰাসায়নিক সাৰৰ ব্যৱহাৰ । 

( খ ) জল পৃষ্ঠৰ হ্রাস ।

( গ ) সাগৰৰ কাষৰীয়া ঠাইত ব্যৱসায়িক ভিত্তিত মিছা মাছ পােহাৰ ফলত পৰিবেশৰ ওপৰত পৰা প্ৰভাৱ । 

( ঘ ) কৃত্রিমভাৱে জলসিঞ্চন ব্যৱস্থা কৰা ঠাইবােৰত বৃহৎ পৰিমাণৰ পানী জমা হৈ পৰা আৰু সেই ঠাইবােৰত মাটি লৱনযুক্ত বা লােণযুক্ত হৈ পৰা । 

( ঙ ) জৈৱ বৈচিত্র্যৰ বিপর্যয় ইত্যাদি । এই প্রতিবেদন প্রস্তুত কৰােতে তলৰ উৎস সমূহৰ পৰা প্রতিবেদন সমূহৰ সহায় ল’ব পাৰিবা । 

( ক ) State of India’s Environmental Reports . 

( খ ) Reports from Centre for Science and Development , 

( গ ) ‘ Down to Earth ‘ নামৰ এখন আলােচনী ইত্যাদি । 

উত্তৰ ( এই প্রশ্নটো দিয়া মতে প্রতিবেদন খন নিজে লিখি উলিয়াবলৈ চেষ্টা কৰা । ) 

অতি চমু প্রশ্নোত্তৰ 

প্ৰশ্ন ১। গ্ৰাম্যঅঞ্চলত কৃষিৰ উপৰিও আন কি কি জীবন – নির্বাহৰ পথ আছে উল্লেখ কৰা ।

উত্তৰঃ গাঁৱৰ আন জীৱন নির্বাহৰ উপায়–

( ক ) বাঢ়ৈ ,

( খ ) কুমাৰ ,

( গ ) , কমাৰ ,

( ঘ ) বনিয়া বা সােণাৰী ,

( ঙ ) তেলি ,

( চ ) মৎস্যজীৱী ,

( ছ ) তাতী ,

( জ ) ধােৱা আদি । 

প্রশ্ন ২। গ্রাম্য জীৱনৰ একমাত্র সম্পত্তিবিধ কি ? 

উত্তৰঃ মাটি সম্পত্তি । 

প্রশ্ন ৩। ভাৰতৰ বিভিন্ন ৰাজ্যৰ চাৰিটা কৃষি উৎসৱৰ নাম লিখা । 

উত্তৰঃ কৃষি উৎসৱ চাৰিটা– 

( ক ) অসমৰ — বিহু উৎসৱ ।

( খ ) পাঞ্জাৱৰ – বৈশাখী উৎসৱ ।

( গ ) তামিনাডুৰ –পংগাল উৎসৱ । 

( ঘ ) কর্নাটকৰ — ওগাৰী উৎসৱ । 

প্রশ্ন ৪। গ্রামাঞ্চলৰ কৃষিৰ অনুষংগিক বৃত্তি দুটাৰ নাম লিখা । 

উত্তৰঃ কৃষিৰ আনুষংগিক বৃত্তি দুটা–

( ক ) পশুপালন বা হাঁহ – কুকুৰা পালন । 

( খ ) কুটীৰ শিল্প । 

প্রশ্ন ৫। উৎপাদনৰ আহিলা ’ তিনিবিধৰ নাম লিখা । 

উত্তৰঃ উৎপাদনৰ আহিলা তিনিবিধ– 

( ক ) মাটি , ( খ ) মূলধন , ( গ ) শ্রম । 

প্রশ্ন ৬। গ্রামাঞ্চলত থকা চাৰিবিধ চাকৰিৰ নাম লিখা । 

উত্তৰঃ ( ক ) শিক্ষা বিভাগৰ –শিক্ষক ।

( গ ) বিদ্যুৎ বিভাগৰ – বিদ্যুৎ কর্মী । 

( খ ) ডাক বিভাগৰ – পােষ্টমাষ্টাৰ । 

( ঘ ) সৈন্য বাহিনীৰ — সৈনিক । 

প্রশ্ন ৭। বন্ধা শ্রমিক ( Bonded labour ) পদ্ধতি কি ? 

উত্তৰঃ ভাৰতৰ কিছুমান ৰাজ্যত বহু নিম্ন শ্ৰেণীৰ ভূমিহীন লােকসকলে তেওঁলােকৰ অভাৱৰ কাৰণে অর্থনৈতিক , সামাজিক আৰু ৰাজনৈতিক সহায়ৰ বাবে মাটিৰ মালিক শ্ৰেণীৰ ওপৰত সম্পূর্ণ নির্ভৰশীল আছিল । তেনে জাতিৰ লােকসকলে বংশানুক্রমিকভাৱে মাটিৰ মালিকৰ ঘৰত বছৰ বছৰ ধৰি কাম কৰিছিল । ইয়াকে বন্ধাশ্রমিক বুলি কোৱা হয় । 

প্রশ্ন ৮। জীতা পদ্ধতি বুলিলে কি বুজা ?

উত্তৰঃ জীতা পদ্ধতি এক প্রকাৰৰ বন্ধা শ্রমিক পদ্ধতি । ভূমিহীন নিম্ন শ্রেণীৰ লােকে মালিকৰ ঘৰত বন্ধা শ্রমিক ৰূপে কাম কৰে । কর্নাটকত ইয়াকে জীতা পদ্ধতি বুলি কোৱা হয় । 

প্রশ্ন ৯। ‘ৰায়ত’ পদ্ধতি কোন ভাষাৰ পৰা আহিছে ? 

উত্তৰঃ ৰায়ত পদ্ধতি তেলেগু ভাষাৰ পৰা আহিছে । তেলেগু ভাষাত ৰায়ত মানে কৃষকক বুজায় । ৰায়ত শব্দৰ পৰা ৰায়তৰী পদ্ধতি সৃষ্টি হৈছিল । এই পদ্ধতিৰে ব্রিটিছে কিছুমান ঠাইত মাটিৰ ওপৰত প্রত্যক্ষভাৱে প্রশাসন চলাইছিল আৰু খেতিয়ক বা ৰায়তৰ লগত সম্পর্ক বা কৰিছিল । 

প্রশ্ন ১০। কৃষিখণ্ডত স্বাধীন ভাৰতত কেতিয়াৰ পৰা সংস্কাৰ নীতি আৰম্ভ হৈছিল ? 

উত্তৰঃ কৃষি খণ্ডত ১৯৫০ চনৰ পৰা ১৯৭০ চনলৈ আমূল পৰিৱৰ্তন কৰিব বিচৰা হৈছিল । 

প্রশ্ন ১১। ভূমি সংস্কাৰৰ তিনিখন আইনৰ নাম উল্লেখ কৰা । 

উত্তৰঃ ভূমি সংস্কাৰ আইন তিনিখন— 

( ক ) জমিদাৰী প্রথা উচ্ছেদ সাধন আইন । 

( খ ) ৰায়তীস্বত্ব আইন আৰু বিনিময় আইন । 

( গ ) মাটিৰ পৰিমাণৰ উচ্চতম সীমা নির্ধাৰণ আইন ।

প্রশ্ন ১২। সেউজ বিপ্লৱ কোন কোন ৰাজ্যত ফলৱতী হৈছিল ? কি দুটা কাৰণত ফলৱতী হৈছিল ? 

উত্তৰঃ সেউজ বিপ্লৱ ফলৱতী হৈছিল– 

১। পাঞ্জাৱ ।

২। উত্তৰ প্ৰদেশ ।

৩। অন্ধ্রপ্রদেশ । আৰু 

৪। তামিলনাড়ুত ফলৱতী হােৱা কাৰণ— 

১। প্রধানকৈ জলসিঞ্চনৰ অতি সুবিধাৰ বাবে ।

২। বৈদ্যুতিকৰণ সুবিধাৰ বাবে আৰু 

৩। আধুনিক বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ সকলাে সা – সঁজুলি ব্যৱহাৰ কৰা হৈছিল । 

৪। ৰসায়নিক আৰু উন্নত বীজৰ বাবে । 

প্রশ্ন ১৩। উদাৰীকৰণ নীতি ভাৰতত কেতিয়া আৰম্ভ হৈছিল ? 

উত্তৰঃ উদাৰীকৰণ নীতি ভাৰতত আৰম্ভ হয় —১৯৮০ চনৰ পৰা । এই নীতিয়ে ভাৰতক বিশ্ব বাণিজ্যিক সংস্থাৰ লগত যােগ দিবলৈ বাধ্য কৰে । 

প্রশ্ন ১৪। ‘সেউজ বিপ্লব’ৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ পৰিকল্পনা আৰু প্ৰযুক্তিবিদ্যা সেউজ বিপ্লৱৰ মূল বৈশিষ্ট্য । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top