Class 12 Sociology Chapter 11 গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ

Class 12 Sociology Chapter 11 গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 11 গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ and select needs one.

Class 12 Sociology Chapter 11 গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 11 গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ Solutions for All Subject, You can practice these here…

চমুপ্রশ্নোত্তৰ 

প্রশ্ন ১। সেউজ বিপ্লৱ বুলিলে কি বুজা ? 

উত্তৰঃ ভাৰতত ১৯৬০ দশকত পৰিকল্পনা কৰি কৃষিৰ উৎপাদন যথেষ্ট বৃদ্ধি কৰা হৈছিল । কিছুমান আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহযােগত আৰু প্রযুক্তিবিদ্যাৰ উদ্ভাৱনে ভাৰতৰ কিছুমান ঠাইৰ কৃষকলৈ অভূতপূর্ব সফলতা আনি দিলে । সফল খেতিয়কসকলে নিজৰ মাটি , মূলধন , নতুন । উচ্চ প্রযুক্তিবিদ্যা , নতুন প্রজাতিৰ বীজ আৰু আধুনিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি , নিজৰ মাটিত অত্যাধিক কৃষিজাত শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল । এই কৃষিজাত খাদ্যশস্যৰ অত্যধিক উৎপাদন ব্যৱস্থাটোকে সেউজ বিপ্লব বুলি জনা যায় । এই বিপ্লৱক কৃষিৰ আধুনিকীকৰণৰ এক চৰকাৰী কাৰ্যসূচী বুলিও জনা যায় । 

প্রশ্ন ২। জমিদাৰী পদ্ধতি কি ? 

উত্তৰঃ স্বাধীনতাৰ আগতে ভাতৰৰ কৃষি ব্যৱস্থাত জমিদাৰী পদ্ধতি প্রচলন আছিল । মুঠ কৃষিভূমিৰ প্ৰায় চাৰিভাগৰ এক ভাগ মাটি জমিদাৰসকলৰ হাতত আছিল । এই ব্যৱস্থা ইষ্ট ইণ্ডিয়া – কোম্পানীৰ গৱৰ্ণৰ লর্ড কর্ণৱালিছে ১৭৭৩ চনত প্ৰৱৰ্তন কৰিছিল । এই ব্যৱস্থাত জমিদাৰীসকল মাটিৰ সালিক আছিল । কিন্তু তেওঁ মাটি ব্যৱহাৰ নকৰিছিল । তেওঁ মাটিবােৰে খেতিয়কক খেতি কৰিবলৈ দিব পাৰিছিল । তেওঁ খেতিয়কসকলৰ পৰা খেতি কৰাৰ বাবে খাজনা আদায় কৰিছিল এই খাজনাৰ এটা নির্ধাৰিত পৰিমাণ চৰকাৰক নিয়মীয়াকৈ পৰিশােধ কৰিব লাগিছিল । এইব্যৱস্থাৰ জনপ্রিয় আছিল বিশেষকৈ বংগদেশ , বিহাৰ , উৰিষ্যা , উত্তৰপ্ৰদেশ , মাদ্রাজ আদি প্ৰদেশত । 

প্রশ্ন ৩। ৰায়তবাৰী পদ্ধতি কি আছিল ?

উত্তৰঃ আমাৰ ভাৰতৰ প্ৰায় তিনিভাগৰ এভাগ কৃষি ভূমি স্বাধীনতাৰ সময়ত ৰায়তৱাৰী পদ্ধতিৰে চলিছিল । সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল লর্ড উইলিয়াম বেন্টিঙ্কে জমিদাৰী প্ৰথাৰ ক্রটিবােৰ কমাবৰ বাবে এই পদ্ধতি প্রচলন কৰিছিল । এই ব্যৱস্থামতে যিসকল ব্যক্তি বা পৰিয়ালে মাটি বা ভূমিত কৃষিকার্য কৰিব তেওঁচৰকাৰক কৰ দিব লাগিব । এইদৰে চৰকাৰে এক সময়ত প্রত্যক্ষভাৱে ভূমিত প্রশাসন চলাইছিল । ‘ৰায়ত’ শব্দটো তেলেগু ভাষাৰ ‘ ৰায়ত ’ মানে কৃষক শব্দৰপৰা আহিছে । এই ৰায়তসকলে চৰকাৰৰ মাটি খাজনা দিব লাগিছিল । সেই এই ৰায়তসকলেই মাটিৰ প্রকৃত মালিক হৈছিল । এই ৰায়তসকল প্রকৃততে নিজে হাতে কামে খেতি কৰা কৃষক নাছিল । তেওঁ গৰাকী হিচাপে খেতি কৰিবলৈ আন খেতিয়কক মাটি ভাৰাও দিব পাৰিছিল । 

প্রশ্ন ৪। মহলবাৰী পদ্ধতি কি আছিল ? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ মহলৱাৰী পদ্ধতি হ’ল আন এক ভূমি প্রশাসন ব্যৱস্থা । এই ব্যৱস্থা মাটিৰ মালিকী ব্যৱস্থাটো আছিল সমগ্র এখন গাঁও হিচাপে । এখন গাঁৱৰ ভূমিৰ নিয়ন্ত্রণ আছিল গাঁওখনৰ ওপৰত , ইয়াকে সাধাৰণতে ‘চেমলেট’ বুলি জনা যায় । গাঁৱৰ এই মাটি গাৱৰ পৰিয়ালৰ মাজত ভাগ কৰি দিয়া হয় যিসকলে ইয়াৰ বাবে ‘কৰ’ দিব লাগে । লম্বৰদাৰ পদৰীৰ এজন কৰ সংগ্রাহক থাকে তেওঁ গাঁৱবাসীৰ পৰা নিৰ্ধাৰিত কৰ সংগ্ৰহ কৰে আৰু তাৰ বাবে সংগ্রাহক জনে বা লম্বৰদাৰ জনে শতকৰা ৫ ভাগ কমিছন লাভ কৰে । মুঠতে গাঁওবাসীয়ে এটা নির্ধাৰিত পৰিমাণৰ ‘কৰ’ চৰকাৰক দিব লাগে । এই ব্যৱস্থাত খেতিয়কসকলৰ চৰকাৰৰ লগত কোনাে প্রত্যক্ষ সম্পর্ক নাথাকে । 

প্রশ্ন ৫। বিশ্বায়ন বুলিলে কি বুজা ?

উত্তৰঃ বিশ্বায়ন এনে এক পদ্ধতি যাৰ দ্বাৰা এখন দেশৰ অৰ্থনীতিৰ লগত আন এখন । দেশৰ অৰ্থনীতিৰ সংহতি স্থাপন কৰিব পৰা যায় । ইয়ে এইটোকে বুজায় যে যেতিয়া এখন দেশে আন দেশবােৰৰ লগত অবাধ গতিৰে সামগ্রী , সেৱা , মূলধন আৰু শ্রম বিনিময় কৰে । তাকে বিশায়ন বুলি জনা যায় । 

প্রশ্ন ৬। উদাৰীকৰণ বুলিলে কি বুজা ? 

উত্তৰঃ উদাৰীকৰণে নিয়ন্ত্রিত অর্থনীতিৰ অপ্রয়ােজনীয় বাধা – নিষেধবােৰ উচ্ছেদ কৰা বা উঠাই দিয়াক বুজায় । সেই কাৰণে উদ্যোগ বা বাণিজ্যিক ব্যৱস্থাত থকা অপ্রয়ােজনীয় বাধানিষেধবােৰ উঠাই বা উচ্ছেদ কৰা হয় যাতে দেশৰ অৰ্থনীতিত মুক্ত আৰু বেছি প্রতিদ্বন্দ্বিতা আৰু প্ৰগতিশালী হ’ব পাৰে তাকেই উদাৰীকৰণ বােলে । 

প্রশ্ন ৭। উদাৰীকৰণৰ প্রধান উদ্দেশ্যবােৰ কি কি ? 

উত্তৰঃ উদ্দেশ্যবােৰ হ’ল–

( ক ) উদাৰীকৰণৰ প্রধান উদ্দেশ্য হ’ল নিয়োগ ব্যৱস্থাৰ সৃষ্টি কৰা । 

( খ ) বৈদেশিক বিনিয়ােগ আকর্ষণ কৰা যাতে নিয়ােগ ব্যৱস্থাৰ সৃষ্টি কৰিব পৰা যায় । 

( গ ) ভাৰতীয় কোম্পানীবােৰক ভাৰতৰ বজাৰত প্রতিদ্বন্দ্বী কৰিব পৰা যায় ।

( ঘ ) ব্যক্তিগত খণ্ডক যাতে বেছিতে বেছি মুক্ত বা স্বাধীনতা দিব পৰা যায় । 

( ঙ ) দেশখনৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা ।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ৮। বিশ্বায়ন অথবা গােলকীকৰণৰ চাৰিটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা ? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উন্নয়নৰ আঁচনি মতে বিশ্বায়নৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰিছে । 

( ক ) বিশ্বায়নে জনসাধাৰণৰ বাবে নতুন নতুন যন্ত্রপাতি বা কাম কৰাৰ সা – সঁজুলি আমদানি কৰিছে কাৰণ পৃথিৱীৰ সকলাে দেশতে কোম্পানীবােৰ প্ৰসাৰিত হৈছে । 

( খ ) কোম্পানীবােৰৰ বাবে নতুন নতুন বজাৰ খােলা হৈছে কাৰণ বিশ্বায়নৰ ফলত কোম্পানীবােৰে সকলাে দেশতে মুক্ত বাণিজ্য চলাব পৰা হৈছে । 

( গ ) নতুন নতুন সংগঠনবােৰে বিশ্বায়নৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে , যেনে— ৰেডক্ৰছ , বিশ্ব বাণিজ্যিক সংস্থা আদি । 

( ঘ ) বিশ্বায়নৰ বাবেই নতুন নতুন আইন – কানুন , নীতি – নিয়মৰ সৃষ্টি হৈছে । যেনে— ঠিকাভিত্তিক নিয়ােগ ব্যৱস্থাৰ স্থায়ী ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছে । 

প্রশ্ন ৯। মাটি বা ভূমিৰ পৰিমাণ সীমা নির্ধাৰণ ( Ceiling of land ) বুলিলে কি বুজা ?

উত্তৰঃ মাটিৰ সীমা নির্ধাৰণ মানে এজন মানুহৰ খেতিৰ উপযােগী মাটি এটা নির্ধাৰিত পৰিমাণত থকা উচিত তাতকৈ বেছি থকা উচিত নহয় । এই সীমা নথকাৰ ফলত আগেয়ে । এজন মানুহৰ হেজাৰ , হেজাৰ এক ’ বা ‘ বিঘা মাটিৰ গৰাকী হ’ব পাৰে আনহাতে বহুতাে মানুহৰ মাটিয়ে থাকে । সেই কাৰণে সকলােৰে বাবে যাতে কৃষিৰ উপযােগী মাটি থাকে তাৰ বাবে চৰকাৰে মাটিৰ মালিকীস্বত্বৰ এটা সীমা নির্ধাৰণ ( Ceiling of land ) কৰি দিয়ে । এই উদ্দেশ্যে বহুতাে আইন প্রণয়ন কৰা হৈছে । ১৯৯৩ চনত , হাৰিয়ানাত এই সীমা নির্ধাৰণ কৰা হৈছিল ১৮ এক মাটি , পাঞ্জাৱত কৰা হৈছিল ২৭ একৰ । যদি কোনাে ব্যক্তিয়ে এই সীমাতকৈ অধিক মাটি দখলত ৰাখে তেওঁৰ অতিৰিক্ত মাটি চৰকাৰে অধিগ্রহণ কৰি , ভূমিহীন খেতিয়কৰ মাজত বিতৰণ কৰি দিব পাৰে । 

প্রশ্ন ১০। স্বাধীনতাৰ পাচত ভাৰতৰ কি কি ভূমিসংস্কাৰ কৰা হৈছে ? 

উত্তৰঃ ভাৰতত স্বাধীনতাৰ পাচত তলত দিয়া সংস্কাৰসমূহ কৰা হৈছিল—

( ক ) লর্ড কর্ণৱালিছে প্ৰৱৰ্তন কৰা জমিদাৰী প্রথা— আমাৰ ভাৰত চৰকাৰে ১৯৫৫ চনত এই প্রথা উচ্ছেদ কৰিছিল । 

( খ ) ভাৰত চৰকাৰে ব্যক্তিৰ অসীম পৰিমাণৰ মাটিৰ মালিকীস্বত্বৰ উচ্চতম সীমা ১৯৭৩ চনত বান্ধি দিয়ে । 

( গ ) ব্যক্তিৰ ভূমিৰ মালিকী স্বত্ব থকা মাটিৰ পৰিমাণ একত্ৰীকৰণ কৰা হৈছে । 

( ঘ ) ৰায়ত প্ৰথাৰ বহুতাে সংস্কাৰ সাধন কৰা হৈছে । 

( ঙ ) মাটি পৰিমাণ নতুন নথি – পত্ৰ কৰা হৈছে আৰু সমবায় পদ্ধতি কৃষি ব্যৱস্থাৰ প্রৱর্তন কৰা হৈছে ।

প্রশ্ন ১১। ভূমি একত্ৰীকৰণ ( Consolidation ) মানে কি ? 

উত্তৰঃ যদি কোনাে এজন খেতিয়কৰ কোনাে এখন গাঁৱত মাটি থাকে তেতিয়া চৰকাৰে তেওঁক একে ঠাইতে সমান পৰিমাণৰ মাটি দি নাইবা তেওঁৰ মাটি সংগঠিত কৰি একত্ৰীকৰণ কৰিব । ইয়াকে ভূমি একত্ৰিকৰণ বােলে । 

প্রশ্ন ১২। সমবায় পদ্ধতিৰ কৃষিপাম কি ? 

উত্তৰঃ যেতিয়া কম কম মাটি থকা সৰু সৰু খেতিয়কসকলে এক লগ হৈ সংগঠিত ভাৱে কৃষি কার্য কৰিবলৈ সন্মত হৈ সমবায় পদ্ধতিত খেতি কৰে তাকে সমবায় কৃষি পাম বােলে । তেওঁলােকে মাটিৰ পৰা হােৱা লাভাংশ নিজৰ অংশে অনুপাতে পােৱাৰ উপৰি শ্ৰমিকৰ বাবে হােৱা খৰচৰ ভাগাে মাটিৰ অনুপাতত খৰচ কৰিব লাগে । তেওঁলােকৰ মাটিৰ মালিকীস্বত্ব একেদৰে থাকে । 

প্রশ্ন ১৩। কেতিয়াৰ পৰা মাটিৰ জমিদাৰী প্রথা উচ্ছেদ হৈছিল ? 

উত্তৰঃ জমিদাৰী প্রথা ব্রিটিছ শাসক লর্ড কর্ণলৱালিছে প্রৱৰ্তন কৰিছিল । কিন্তু স্বাধীনতাৰ পাছত , ভাৰত চৰকাৰে এই নীতি উচ্ছেদ সাধন কৰে । ভাৰত যুক্ত ৰাজ্যবােৰে ক্রমান্বয়ে এই নীতিৰ উচ্ছেদ সাধন কৰে । ১৯৪৪ চনৰ ভিতৰতে এই নীতি উচ্ছেদ হৈছিল । 

প্রশ্ন ১৪। ভূমি সংস্কাৰৰ প্ৰধান কাৰণ দুটা লিখা । 

উত্তৰঃ কাৰণ দুটা হ’ল— 

( ক ) কৃষি খণ্ডৰ উৎপাদন বৃদ্ধি কৰা । 

( খ ) কৃষকক শােষণকৰা নীতি বন্ধ কৰাৰ বাবে মধ্যভােগী শ্রেণীটোৰ অৱসান ঘটোৱাৰ বাবে । 

প্রশ্ন ১৪ ( ক ) স্বাধীনতাৰ পাছত প্ৰৱৰ্তন কৰা ভূমি সংস্কাৰ নীতিবােৰ কি কি ?

উত্তৰঃ ভূমিসংস্কাৰ নীতি– 

( ১ ) জমিদাৰী পদ্ধতিৰ উচ্ছেদ সাধন নীতি । 

( ২ ) ৰায়তী Ceiling Act ) স্বত্ব আইন আৰু বিনিময় আইন । 

( ৩ ) মাটিৰ পৰিমাণৰ উচ্চতম সীমা নিৰ্দ্ধাৰণ আইন ( Land Ceiling Act) ।

প্রশ্ন ১৫। ধনী কৃষকসকল সেউজ বিপ্লৱৰ পৰা কিদৰে লাভান্বিত হৈছিল ? 

উত্তৰঃ ভাৰতৰ কিছুমান ৰাজ্যত নতুন কাৰিকৰী প্রযুক্তি যন্ত্র–পাতি আৰু কৃষিৰ সা সঁজুলিৰ ব্যৱহাৰ , উন্নতবীজ , ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি এক শ্রেণীৰ বিশেষকৈ ধনী কৃষকসকলে কৃষি উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি কৰি , যথেষ্ট লাভান্বিত হৈছিল । কাৰণ ধনী কৃষকসকলেহে এই দামী সামগ্রীবােৰ কিনিব পাৰিছিল । 

প্রশ্ন ১৬। সেউজ বিপ্লৱৰ দুটা দোষ উল্লেখ কৰা । নাইবা , সেউজ বিপ্লৱৰ এটা ঋণাত্মক ফলাফল উল্লেখ কৰা ।

উত্তৰঃ সেউজ বিপ্লৱৰ দোষ– 

( ক ) উন্নত – কাৰিকৰী বিজ্ঞানৰ সুবিধাবোৰ সাধাৰণ দুখীয়া খেতিয়ক বা কৃষি শ্রমিকে ভােগ কৰিব নােৱাৰে কাৰণ সেইবােৰত খৰচ কৰাৰ সক্ষমতা নাই । 

( খ ) সেউজ বিপ্লৱে কৃষকৰ মাজত বিভাজন অনাৰ উপৰিও আর্থিক বৈষম্য আনে কাৰণ ধনী  কৃষক ক্রমে ধনী হৈ গৈ থাকে আৰু দুখীয়া কৃষকসকল দুখীয়া হৈ গৈ আছে । 

( গ ) সেউজ বিপ্লৱে এক শ্রেণী ৰাজনৈতিকভাৱে প্ৰভাৱশালী কৃষকৰ সৃষ্টি কৰে । ভূমি সংস্কাৰ নীতি কার্যকৰীকৰণত এই শ্রেণীৰ কৃষকে যথেষ্ট বাধাৰ সৃষ্টি কৰে । 

প্রশ্ন ১৭৷ বিশ্বায়নৰ চাৰিটা নীতি উল্লেখ কৰা । 

উত্তৰঃ বিশ্বায়নৰ নীতি চাৰিটা –

( ক ) বৈদেশিক মুদ্রা বিনিয়ােগৰ বাবে কোনাে দেশৰ অৰ্থনীতিৰ দুৱাৰ মুক্ত ৰখা । 

( খ ) দেশখনৰ বাণিজ্যিক কৰ সৰ্বোচ্চ পৰিমাণলৈ ৰেহাই দিয়ে । 

( গ ) ৰাজহুৱা ঔদ্যোগিক প্রতিষ্ঠানবােৰ বিনিয়োগ বিমুখ হয় । 

( ঘ ) ব্যক্তিগত খণ্ডৰ উদ্যোগবােৰৰ বিনিয়ােগত উৎসাহ প্রদান কৰা হয় । 

প্রশ্ন ১৮ । জমিদাৰী প্ৰথাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ বৈশিষ্ট্য চাৰিটা হল— 

( ক ) জমিদাৰী প্রথামতে , জমিদাৰসকল আছিল মাটিৰ মালিক । 

( খ ) জমিদাৰসকলে উপান্ত কৃষক বা ভূমিহীন কৃষকক খেতি কৰিবলৈ মাটি দিছিল । 

( গ ) উপান্ত কৃষকসকলে মাটি খেতি কৰা বাবদ কৰ দিব লাগিছিল । 

( ঘ ) জমিদাৰসকলে মাটি ব্যৱহাৰৰ বাবে কৰ দিব লাগিছিল । 

প্রশ্ন ১৯। ভাৰতত স্বাধীনতাৰ পাচত গ্ৰাম্যাঞ্চলত সামাজিক সম্বন্ধৰ প্ৰকৃতিৰ কি কি পৰিবর্তন ঘটিছিল ? 

উত্তৰঃ সামাজিক সম্বন্ধৰ পৰিবৰ্তন – 

( ক ) অধিক কৃষি শ্রমিকৰ ব্যৱহাৰে কৃষি শস্যৰ উৎপাদন সম্ভৱ কৰি তুলিছিল । 

( খ ) কৃষি শ্রমিক পাৰিশ্রমিক হিচাপে শস্যৰ সলনি নগদ ধন দিয়াৰ ব্যৱস্থা কৰা হয় । 

( গ ) বংশানু ক্রমিকভাৱে বন্ধা শ্রমিক , মাটিৰ মালিকৰ ঘৰত থকা নিয়ম লাহে লাহে কমি আহে ।

( ঘ ) গ্ৰাম্যাঞ্চলতাে দিন হাজিৰা কৰা শ্ৰমিকৰ সৃষ্টি হ’বলৈ ধৰে । 

প্রশ্ন ১৯। সেউজ বিপ্লৱৰ দুটা সুফল উল্লেখ কৰা । 

উত্তৰঃ ( ১ ) নির্বাচিত ৰাজ্যত , নতুন প্রযুক্তিবিদ্যাৰে ধনী কৃষকসকলে নিজৰ মাটিত চৰকাৰী সাহায্যত নতুন প্ৰজাতিৰ বীজ সাৰ ব্যৱহাৰ কৰি অভূতপূর্ব সাফল্য লাভ কৰিব পাৰিছিল । 

( ২ ) জলসিঞ্চন ব্যৱস্থাৰে আৱশ্যক মতে খেতিত পানী দি কৃষিৰ উৎপাদন যথেষ্ট বৃদ্ধি কৰিব পৰা গৈছিল । 

প্রশ্ন ২০। সম্রান্ত শ্ৰেণীৰ ( elite class ) লােক বুলিলে কি বুজা ? 

উত্তৰঃ ভাৰতৰ কিছুমান ৰাজ্যত বিত্তৱান কৃষকসল প্ৰভাৱশালী জাতিৰ লােক । তেওঁলােকে কৃষিৰ পৰা হােৱা লাভাংশ আন ব্যৱসায় – বাণিজ্যত খটুৱাইছিল । এইসকল লােক গাওপৰা

নগৰলৈ প্রব্রজিত হয় ফলত এটা সম্ভ্রান্ত শ্রেণীৰ সৃষ্টি হয় এওঁলােকৰ শিক্ষা-দীক্ষাও থাকে । এওঁলােক ৰাজনৈতিক আৰু অর্থনৈতিকভাৱেও প্রভাৱশালী হয় । এই শ্রেণীটোকে সভ্রান্ত লােক বুলি জনা যায় । 

প্রশ্ন ২১। ‘ভূমি বিষয়ক সংৰচনা’ ( agrarian structure ) কি ? 

উত্তৰঃ ভূমি বিষয়ক সংৰচনা বা সংগঠন শব্দটো মাটি মালিকসকলৰ সংৰচনাক বুজাবলৈ ব্যৱহাৰ কৰা হয় । এই মাটিৰ মালিক হােৱা সকলৰ দ্বাৰা সমাজত একশ্রেণী লােকৰ এটা । সংগঠনৰ সৃষ্টি হয় । এই শ্রেণীৰ সংগঠনটোকে ভূমি বিষয়ক সংৰচনা ( Agrarian Structure ) বুলি জনা যায় । 

প্রশ্ন ২২। গ্রামাঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি কি ? 

উত্তৰঃ গ্রামাঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি কৃষি কার্যকৃষিৰ ওপৰতে সর্বাধিক মানুহ নিৰ্ভৰশীল । গ্রাম্যাঞ্চলত কৃষি উৎপাদন প্রধান উৎস হ’ল— ‘মাটি’ গ্ৰামাঞ্চলৰ মানুহৰ অতি গুৰুত্বপূর্ণ সম্পত্তি হ’ল মাটি সম্পত্তি । 

প্রশ্ন ২৩। কৃষি পামৰ উৎপাদন বৃদ্ধিৰ বাবে কি লাগে ?

উত্তৰঃ কৃষি পামৰ উৎপাদন বৃদ্ধিৰ বাবে অতি আৱশ্যকীয় সামগ্রী হ’ল— মূলধন আৰু শ্রম । 

প্রশ্ন ২৪। ভূমি সংস্কাৰৰ দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ ভূমি সংস্কাৰৰ কাৰণ দুটা– 

( ১ ) বৃটিছৰ শাসন কালত ৰায়টাৰী ব্যৱস্থা চলি থকা সময়ত জমিদাৰ সকলেই প্রত্যক্ষভাৱে শাসন চলাই । প্রকৃত কৃষকৰ লগত চৰকাৰৰ একো সম্পর্ক নাছিল । ইয়াৰ দ্বাৰা আচল কৃষকসকলৰ ওপৰত অতি শােষণ চলিছিল । 

( ২ ) স্বাধীনতাৰ পাচত , কৃষকসমাজ সংস্কাৰ সাধনৰ বাবে চৰকাৰে মাটি অধিগ্রহণ আৰু বিতৰণৰ ব্যৱস্থা হাতত লবলৈ স্থিৰ কৰে । ফলত আগৰ জমিদাৰী প্রথা উচ্ছেদ কৰি কৃষকৰ লগত প্রত্যক্ষ সম্পর্ক গঢ়ি নতুন নীতি প্ৰৱৰ্তন কৰাৰ আৱশ্যকতা আহি পৰে । ১৯৫০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত কৃষিখণ্ডত আমূল পৰিবর্তন সাধনৰ বাবে বহুবােৰ সংস্কাৰ নীতি গ্রহণ কৰে । এই দুটাই প্রধান কাৰণ আছিল । 

প্রশ্ন ১৫। সেউজ বিপ্লৱৰ ক্ষেত্ৰত কি কাৰণত উত্তৰ ভাৰতৰ ৰাজ্যবােৰে বেছি সুবিধা পহিছিল ? 

উত্তৰঃ সেউজ বিপ্লৱ আছিল কৃষি আধুনিকীকৰণৰ এক চৰকাৰী কাৰ্যসূচী । কাৰণ ইয়াৰ বাবে অর্থ যােগান ধৰিছিল আন্তঃৰাষ্ট্রীয় সংস্থাইহে । সেইবােৰ কৃষিৰ স্থান নির্বাচন চৰকাৰে কৰিছিল আৰু কেবল ধান আৰু ঘেহুৰ খেতিহে কৰিবলৈ ৱেস্থা কৰিছিল । ইয়াৰ উন্নত বীজ , সাৰ , ঔষধ , প্রজাতি বৈজ্ঞানিক সা – সজুলি জলসিঞ্চনৰ ব্যৱস্থা থকা ৰাজ্যহেবাছি লােৱা হৈছিল । এনেবােৰ কাৰণতে উত্তৰ ভাৰতৰ আৰু দক্ষিণাত্যৰ কেইখনমান ৰাজ্যহে বাছি লৈ ধান আৰু ঘেহুৰ উপযােগী জলসিঞ্চনৰ সুবিধা থকা ৰাজ্য কেইখনত এই আঁচনি প্রয়ােগ কৰা হৈছিল ।

প্রশ্ন ১৬। চুক্তিবদ্ধ কৃষি কার্য কি ? 

উত্তৰঃ ভাৰত চৰকাৰে ১৯৮০ চনত গ্ৰহণ কৰা উদাৰীকৰণ নীতিৰ ফলত বিশ্ব বাণিজ্যিক সংস্থা ( WTO ) যােগ দিবলৈ বাধ্য কৰায় । ইয়াৰ ফল বিদেশৰ লগত আমদানি – ৰপ্তানি বজাৰ আৰম্ভ হয় । ফলত বিদেশৰ পৰা আমদানিকৃত ফলমূলেৰে বজাৰ ভৰি পৰে । চৰকাৰে নিজৰ আত্ম নিৰ্ভৰশীল নীতি সলনি কৰি ঘেহু আমদানি কৰিবলৈও সিদ্ধান্ত কৰে । পঞ্জাব আৰু কর্ণাটকৰ বহুতাে কৃষকে Pesico- ৰ দৰে বহু ৰাষ্ট্ৰীয় কোম্পানীৰ লগত চুক্তিবদ্ধ হৈ বিলাহী আৰু আলুৰ দৰে ৰবি শস্য উৎপাদন কৰিছিল । এই উৎপাদিত শস্যাৰ চুক্তিমতে পিচত ৰপ্তানিৰ বাবে কোম্পানীক বিক্রী কৰিব লাগে । কোম্পানীয়ে আৱশ্যক মতে কৃষিৰ সকলাে সা – সঁজুলিৰ যােগান ধৰে । ইয়াকে চুক্তিবদ্ধ কৃষি বুলি জনা যায় ।

প্রশ্ন ১৭। সেউজ বিপ্লৱৰ পৰা ধনী কৃষকসকলে কেনেকৈ বেছি সুবিধা লাভ কৰিছিল ? 

উত্তৰঃ সেউজ বিপ্লৱ সূচনা হােৱা অঞ্চলবােৰত প্ৰধানকৈ মধ্যম আৰু বৃহৎ উৎপাদনকাৰী কৃষকসকলে সেউজ বিপ্লৱত অংশ গ্রহণ কৰি নতুন প্রযুক্তিবিদ্যা আৰু বৈজ্ঞানিক যন্ত্রপাতিৰ ব্যৱহাৰ কৰি বিশেষভাৱে সফলতা লাভ কৰে । মুঠতে চৰকাৰৰ সকলাে সা – সুবিধা লৈ নিজৰ মাটি , মূলধন , নতুন প্রযুক্তিবিদ্যা , নতুন প্রজাতিৰ বীজ আৰু আধুনিক সাৰ ব্যৱহাৰ কৰি , অধিক উৎপাদন লাভ কৰিছিল । আনহাতে উপাত্ত কৃষকৰ অৱস্থা বৰ শােচনীয় হৈ পৰিছিল । সমাজত ধনীসকল ক্রমে ধনী হৈ গৈছিল আৰু দুখীয়াসকল দুখীয়া হৈ গৈছিল । 

প্রশ্ন ১৮। অর্থনৈতিক উন্নয়নৰ দুটা ফলাফল উল্লেখ কৰা । 

উত্তৰঃ অর্থনৈতিক উন্নয়নৰ ফলাফল দুটা–

( ১ ) জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয় । 

( ২ ) দৰিদ্র সীমাৰেখাৰ তলৰ মানুহৰ সংখ্যা হ্রাস পায় ।

1 thought on “Class 12 Sociology Chapter 11 গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top