Class 12 Sociology Chapter 8 সংৰচনাত্মক পৰিৱর্তন

Class 12 Sociology Chapter 8 সংৰচনাত্মক পৰিৱর্তন Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 8 সংৰচনাত্মক পৰিৱর্তন and select needs one.

Class 12 Sociology Chapter 8 সংৰচনাত্মক পৰিৱর্তন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 8 সংৰচনাত্মক পৰিৱর্তন Solutions for All Subject, You can practice these here…

সংৰচনাত্মক পৰিৱর্তন

পাঠ: ১

দ্বিতীয় খণ্ড

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। উপনিবেশবাদ বুলিলে কি বুজা ?

উত্তৰঃ উপনিবেশবাদ পদ্ধতিটো ইউৰােপত শিল্প বিপ্লৱ আৰম্ভ হােৱাৰ সময়তে ১৮ শতিকাত যেতিয়া পাশ্চাত্যৰ দেশবােৰত উৎপাদিত সম্পদ আৰু সামগ্রী অপর্যাপ্ত হৈ পৰিছিল , তেতিয়াই আৰম্ভ হৈছিল । পাশ্চাত্যৰ দেশবােৰে যেতিয়া এছিয়া আৰু আফ্রিকাৰ দেশবােৰ ক্রমান্বয়ে জয়লাভ কৰি , নিগাজীকৈ নিজৰ দেশৰ শাসন প্রতিষ্ঠা কৰি লৈছিল এই পদ্ধতিটোকে উপনিবেশবাদ বুলি জনা যায় । ইউৰােপৰ সাম্রাজ্যবাদী দেশবােৰে আফ্রিকা আৰু এছিয়াৰ দেশবােৰত ঔপনিবেশিক শাসন চলাইছিল । এই ঔপনিবেশিক শাসন ১৮ শতিকাৰ পৰা ২০ শতিকালৈকে চলিছিল । এই দেশবােৰৰ ভিতৰত আছিল ইংলেণ্ড , ফ্রান্স , স্পেইন , পর্তুগাল , জার্মানী , ইটালী , জাপান , বাছীয়া , আমেৰিকা আদি । 

প্রশ্ন ২। উপনিবেশবাদ মানে কি ? উপনিবেশিকতাকৰণ কি ? নাইবা উপনিবেশতাৰ সাংস্কৃতিক আৰু ৰাজনৈতিক প্রভাৱ ভাৰতত কিদৰে পৰিছে ? এটি আভাস দিয়া ।  নাইবা , ঔপনিবেশিকতাবাদৰ পৰিণতি বােৰ কি কি ? 

উত্তৰঃ উপনিবেশবাদৰ সৰল অর্থ হ’ল এখন দেশে ‘ আন এখন দেশৰ ওপৰত শাসন প্রতিষ্ঠা কৰাক বুজায় । পাশ্চাত্যৰ সাম্রাজ্যবাদী দেশবােৰে ভাৰতত বেহাবেপাৰ কৰিবলৈ আহি দেশখনত নিগাজীকৈ শাসন কৰিছিল প্রায় দুশ বছৰৰাে অধিক কাল । ভাৰতত ঔপনিবেশিক শাসনৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী , এই শাসনে ভাৰতত কিছুমান সুদূৰপ্ৰসাৰী পৰিৱৰ্তন আনিছে । এই নিগাজী সামাজিক – সাংস্কৃতিক পৰিৱৰ্তনকে ঔপনিবেশীকৰণ বুলিও ক’ব পাৰি । 

ৰাজনীতি আৰু সংস্কৃতিৰ ওপৰত উপনিবেশবাদৰ প্ৰভাৱ :- আধুনিক যুগত ৰাজনীতিৰ ক্ষেত্ৰত দেখা যায় যে আমাৰ দেশৰ শাসন ব্যৱস্থাত সংসদীয় বা পার্সিয়ামেণ্টৰী শাসন ব্যৱস্থা প্রবর্তন কৰা হৈছে । আইনৰ বৈধ ব্যবস্থা নাইবা পুলিচৰ প্রশাসনিক ব্যৱস্থা , এনেকি শৈক্ষিক ব্যৱস্থাত ইংৰাজসকলৰ ব্যৱস্থাৰ অনুকৰণতে প্রবর্তন কৰা হৈছে । আমাৰ সংস্কৃতিৰ ক্ষেত্ৰতাে আমি বহুতাে কথা বা অভ্যাস ব্রিটিছৰ লগত মিলপােৱা যায় । যেনে — ৰাস্তাৰ বাওফালে খােজ কঢ়া বা গাড়ী চলােৱা, ইংৰাজসকলে ব্যৱহাৰ কৰা ব্রিটনীয়া বিস্কুট ব্যৱহাৰ কৰা , আমাৰ স্কুলৰ ল’ৰা – ছােৱালীক সাজ – পােছাকৰ লগত নেক্টাই ব্যৱহাৰ কৰা । কেনটিনত ব্রেড – অমলেট খােৱা , টেবুলত ভাত – খােৱা আদি অভ্যাস ঔপনিবেশিক প্ৰভাৱ বুলিয়ে কোৱা হয় । 

ভাৰতীয় সমাজত আন এটা স্পষ্ট আৰু চকুত পৰা কথা হ’ল — বর্তমান ইংৰাজী ভাষাই আমাৰ ভাৰতীয় প্রশাসনীয় , শৈক্ষিক আৰু বাণিজ্যিক ক্ষেত্ৰৰ সকলাে কাম কাজ ইংৰাজীতে চলে । ইংৰাজী নজনা মানুহে ভাৰতৰ ৰাজবােৰ কথােপকথনত বহুত অসুবিধা পাব লগা হয় । কাৰণ ভাৰতৰ বিভিন্ন ঠাইৰ ভাষা বিভিন্ন । উচ্চশিক্ষাৰ ক্ষেত্ৰতে ইংৰাজী ভাষাৰ প্রাধান্য বেছি । ইংৰাজী নাজানিলে বর্তমান চাকৰি বাকৰি পােৱাও টান । গতিকে ঔপনিবেশিক প্রভাৱে আমাৰ ভাৰতীয় সমাজখনক সকেলা ফালৰ পৰাই প্রভাবিত কৰিছে । 

প্রশ্ন ৩। উপনিবেশবাদে আমাৰ জীৱনক কিদৰে প্ৰভাৱিত কৰিছে ? 

উত্তৰঃ ( ১ ) ভাৰতত প্রতিষ্ঠিত ব্রিটিছ উপনিবেশবাদৰ মূল ভিত্তি হৈছে পুঁজিবাদী ব্যবস্থা । ব্রিটিছ পুঁজিবাদী ব্যৱস্থাৰ সর্বোচ্চ মুনাফা আদায় কৰা আৰু উপকৃত কৰাই হ’ল ইয়াৰ মূল উদেশ্য ।

( ২ ) ব্রিটিছ উপনিবেশবাদে ভাৰতৰ সমস্ত আইন – কানুনৰ পৰিৱৰ্তন আনে । এই ব্যৱস্থা ভাৰতৰ সমস্ত কৃষি ভিত্তিক পটভূমিকে পৰিৱৰ্তন কৰিছে । ভূমি মালিকীস্বত্ব আইনৰ পৰিৱর্তন আনিছে । কি মাটিত কৃষকে কি খেতি কৰিব লাগে তাকে ব্রিটিছ চৰকাৰে নিৰ্ধাৰণ কৰি দিছিল । 

( ৩ ) ঔপনিবেশিক শাসকসকলে বন নীতিৰৰ বহুতাে পৰিৱৰ্তন কৰিছিল যাৰ বাবে পশুপালকসকলে তেওঁলােকৰ জীৱন ধাৰণ পদ্ধতিকে পৰি এৰ্তন কৰিব লগা হৈছিল । 

( ৪ ) ঔপনিবেশিক শাসনে জনসাধাৰণৰ মাজত আন্দোলনৰ মনােভাব গঢ়ি তুলিছিল । মাটিৰ খাজানা বা কৰ বৃদ্ধি কৰি সাধাৰণ প্ৰজাৰ মাজত এক প্রতিবাদী মনােভাব গঢ়ি উঠে আৰু ঠায়ে ঠায়ে কৃষক বিদ্রোহে দেখা দিছিল । অৱশেষত ভাৰতবাসীৰ মাজত জাতীয়তাবাদী মনােভাবে গঢ়লৈ উঠে আৰু উপনিবেশবাদ বিৰােধী মনােভাব গঢ়লৈ উঠে । 

প্রশ্ন ৪। “ ঔদ্যোগীকৰণ আৰু নগৰীকৰণ এক সংলগ্নিত পদ্ধতি আলােচনা কৰা ।  নাইবা , ঔপনিবেশিকতাবাদে সাধন কৰা যিকোনাে দুটা গাঁথনিগত পৰিবর্তন উল্লেখ কৰা । 

উত্তৰঃ ( ১ ) ঔদ্যোগীকৰণ পদ্ধতিয়ে কল কাৰখানাত যান্ত্রিকভাৱে বৈদ্যুতিক আৰু ভাপ ইঞ্জিন শক্তিৰ দ্বাৰা উৎপাদিত সামগ্রী আদিৰ উদ্ভাৱন আদিকে বুজায় । 

( ২ ) ব্রিটিছৰ শাসন কালত ঔদ্যোগীকৰণে কিছুমান ঠাইৰ উদ্যোগীকৰণ ধ্বংসহে কৰিছিল । গ্রামাঞ্চলৰ কুটীৰ শিল্পৰ উদ্যোগবােৰ পতন হৈছিল । 

( ৩ ) ব্রিটিছৰ শাসন কালৰ উদ্যোগীকৰণৰ প্ৰভাৱ নেতিবাচক আছিল । ঔপনিবেশিক উদ্যোগীকৰণে বহুতাে লােকক কৃষি কার্যত জড়িত হ’বলৈহে উৎসাহিত কৰিছিল । 

( ৪ ) ঔপনিবেশিক শাসন কালত নগৰীকৰণ পদ্ধতিয়ে আগৰ কালৰ শিল্পকলা বা শৈক্ষিক কেন্দ্ৰৰ কিছুমান নগৰ – চহৰ অধঃপতনহে আনিছিল আৰু আনহাতে নতুন ঔপনিবেশিক নগৰ চহৰহে গঢ়ি তুলিছিল । এটা সময়ৰ নালন্দা , উজ্জয়িনি নগৰ ধ্বংস হােৱাৰ সময়ত , কলিকতা , বােম্বে , মাদ্রাজ গঢ়ি উঠিছিল । 

( ৫ ) স্বাধীনােত্তৰ কালত ভাৰত চৰকাৰে এক সক্রিয় ভূমিকা গ্রহণ কৰিছিল বিশেষকৈ দ্বিতীয় পৰিকল্পনাই বহুতাে বৃহৎ উদ্যোগ গঢ়ি তুলিছিল । 

( ৬ ) ভাৰত চৰকাৰৰ সাম্প্রতিক নীতিয়ে উদাৰীকৰণ আৰু বিশ্বায়ন পদ্ধতিয়ে নগৰ চহৰৰ ক্ষিপ্র সম্প্রসাৰণ আৰু পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে । 

প্রশ্ন ৫। ঔদ্যোগীকৰণ বুলিলে কি বুজা ? 

উত্তৰঃ যেতিয়া কোনাে এখন সমাজত উদ্যোগৰ প্ৰভাৱত পৰি সামাজিক পৰিৱৰ্তন হােৱা দেখা যায় — তাকে ঔদ্যোগীকৰণৰ বাবে হােৱা পৰিৱৰ্তন বুলি কোৱা হয় । সাধাৰণতে , যন্ত্রপাতিৰ ব্যৱহাৰ আৰু উদ্যোগৰ ( Industry ) সম্প্রসাৰণকে উদ্যোগীকৰণ হিচাপে জনা যায় । ঔদ্যোগীকৰণৰ ফলত গাঁৱৰ পৰা নগৰলৈ প্ৰব্ৰজন , বৃহৎ উদ্যোগ স্থাপিত কেন্দ্ৰবােৰত জনসংখ্যা কেন্দ্রীভূত হােৱা পৰিলক্ষিত হয় । ফলস্বৰূপে , বনুৱা – শ্রমিকৰ  সৃষ্টি , পৃথকীকৰণ , শ্রমবিভাজন , নতুন বৃত্তি বা জীৱিকা নির্বাহৰ পদ্ধতিৰ উদ্ভাৱন ইত্যাদি বৈশিষ্ট্যবােৰ সমাজত আবির্ভাৱ হয় । 

প্রশ্ন ৬। নগৰীকৰণ বুলিলে কি বুজা ? বা , আধুনিকীকৰণ কি ? 

উত্তৰঃ নগৰীকৰণ এনে এটি সামাজিক প্রক্রিয়া যাৰ লগত সমাজখনৰ অর্থনৈতিক , সামাজিক আৰু সাংস্কৃতিক দিশৰ সম্পর্ক আছে । মিটচেলৰ মতে , নগৰ গঠন প্রক্রিয়া , চহৰলৈ গতিশীলতা , কৃষি ক্ষেত্ৰৰ পৰা নগৰৰ আন আন ক্ষেত্রলৈ ৰূপান্তৰ আৰু আচাৰ – ব্যৱহাৰৰ পৰিৱর্তনেই হৈছে নগৰীকৰণ । 

নগৰীকৰণৰ ক্ষেত্ৰত জনসংখ্যা এটি উল্লেখযােগ্য বৈশিষ্ট্য । কাৰণ জনসংখ্যাৰ বসতিৰ ঘনত্ব , বৃত্তি , সামাজিক জীৱন ধাৰণ প্রণালী দিক ভিত্তি কৰিহে একোটা অঞ্চলক নগৰ বা গাঁও বুলি চিনাক্ত কৰা হয় । সেয়েহে ভাৰতীয় দৃষ্টিভংগীৰে জাতি ব্যৱস্থাৰ শ্ৰেণী ব্যৱস্থালৈ ৰূপান্তৰ , যৌথ পৰিয়ালৰ একক পৰিয়াললৈ ৰূপান্তৰ , কৃষি ভিত্তিক বৃত্তিৰ পৰা বিভিন্ন নগৰীয়া বৃত্তিলৈ ৰূপান্তৰ আৰু গ্রামাঞ্চলৰ পৰা নগৰীয়া অঞ্চললৈ জনসাধাৰণৰ প্ৰব্ৰজন , পৰম্পৰাগত আচাৰ – ব্যৱহাৰৰ পৰিৱৰ্তন আদিকে নগৰীকৰণৰ প্রভাৱ বােলা হয় । 

প্রশ্ন ৭। সংস্কৃতকৰণ মানে কি বুজা ?

উত্তৰঃ সমাজতাত্ত্বিক শ্রীনিবাসৰ মতে সংস্কৃতকৰণ’ভাৰতীয় সমাজৰ আধুনিকীকৰণৰ এটা প্রক্রিয়া । নিম্ন জাতিৰ মানুহে উচ্চ জাতিৰ সামাজিক আচাৰ – ব্যৱহাৰ , ৰীতি – নীতি , ধর্ম আদি গ্রহণ কৰি নিজৰ সামাজিক স্থান উন্নত কৰিবলৈ চলােৱা প্রচেষ্টাই শ্রীনিবাসৰ মতে সংস্কৃতকৰণ ৷ তেওঁৰ মতে সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ দুয়ােটা প্রক্রিয়াই ভাৰতৰ জাতিপ্ৰথাৰ পৰিৱৰ্তন আনিছে । সংস্কৃতকৰণে ভাৰতীয় জাতি কাঠামােৰ ভিতৰত পৰিৱৰ্তন সাধে । অর্থাৎ সংস্কৃতকৰণৰ ফলত জাতিপ্ৰথাৰ ভিতৰত থকা ৰীতি – নীতিহে উচ্চ জাতিৰ পৰা নিম্ন জাতিয়ে গ্রহণ কৰে । 

প্রশ্ন ৮। পাশ্চাত্যকৰণ মানে কি ? 

উত্তৰঃ  ভাৰতীয় সমাজৰ পৰিৱর্তনৰ এটি প্রক্রিয়া হিচাপে পাশ্চাত্যকৰণক সমাজতাত্ত্বিক শ্রীনিবাসে উল্লেখ কৰিছে । শ্রীনিবাসৰ মতে ভাৰতীয় সমাজত থকা জাতিপ্ৰথাৰ পৰিৱর্তনৰ ক্ষেত্রত সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ প্রক্রিয়া জড়িত । তেওঁৰ মতে যেতিয়া উচ্চ জাতিৰ ব্যক্তিয়ে পশ্চিমীয়া জীৱন প্রণালী অনুকৰণ কৰি পশ্চিমীয়া সমাজৰ দৰে জীৱন যাপন কৰিবলৈ চেষ্টা চলায় তাকে পাশ্চাত্যকৰণ বােলে । অৱশ্যে পাশ্চাত্যকৰণ নিম্ন জাতিৰ ক্ষেত্ৰতাে দেখা যায় । শ্রীনিবাসৰ ধাৰণামতে পাশ্চাত্যকৰণে ভাৰতীয় জাতি কাঠামােৰ বাহিৰত পৰিৱর্তন সাধে । অর্থাৎ পাশ্চাত্যকৰণৰ ফলত জাতিসমূহৰ আচৰণ প্ৰণালীত যিবােৰ ৰীতি – নীতি অন্তনিহিত হয় সেইবােৰ জাতিপ্ৰথাৰ অন্তৰ্গত বা ভাৰতীয় ৰীতি – নীতি নহয় । 

প্রশ্ন ৯। পাশ্চাত্যকৰণৰ তিনিটা প্রধান বৈশিষ্ট্য লিখা । 

উত্তৰঃ পাশ্চাত্যকৰণৰ তিনিটা প্রধান বৈশিষ্ট্য : 

( ১ ) পশ্চিমীয়া শিক্ষা – দীক্ষাৰ সম্প্রসাৰণ , ভাষা শিক্ষাৰ জৰিয়তে জ্ঞান – বিজ্ঞানৰ দৃষ্টিভংগীৰ পৰিৱর্ত হয় ।

( ২ ) উচ্চ জাতৰ লােকসকলে খােৱা-লােৱা , পিন্ধন – উৰণ , বিভিন্ন আচাৰ – ব্যৱহাৰ অনুকৰণ কৰি নিজকে উচ্চ , জাতৰ বুলি পৰিগণিত কৰিব বিচাৰে । 

( ৩ ) নিম্ন জাতিয়ে উচ্চ জাতিৰ আচাৰ – ব্যৱহাৰ , শিক্ষা – দীক্ষাৰ জৰিয়তে উচ্চ আৰু . নিম্ন জাতিৰ ব্যৱধান কমাই আনি এক শ্রেণীৰ হীন সমাজৰ সৃষ্টি কৰিব পাৰে । 

প্রশ্ন ১০। নগৰীয়া সমাজৰ তিনিটা চৰিত্ৰ লিখা । 

উত্তৰঃ ( ১ ) নগৰৰ মানুহৰ ঘনত্ব , গাঁৱৰ মানুহৰ ঘনত্বতকৈ বেছি । গাঁৱৰ পৰা নগৰলৈ জনসংখ্যাৰ প্ৰব্ৰার্জন হয় । 

( ২ ) নগৰীয়া মানুহৰ জীৱিকাৰ পথ হ’ল চাকৰি ৷ বেছিভাগ মানুহে অফিচ – কাছাৰী , স্কুল কলেজ , কল – কাৰখানাত বেপাৰ – বাণিজ্যৰ লগত জড়িত । 

( ৩ ) নগৰৰ মানুহ প্রায় ভাগে শিক্ষিত , আর্থিকভাবে সচ্ছল । 

( ৪ ) নগৰীয়া মানুহৰ পৰিয়াল প্রায়ভাগেই একক পৰিয়াল । 

( ৫ ) নগৰৰ মানুহৰ জীৱনৰ মানদণ্ড গাৱৰ মানুহতকৈ যথেষ্ট উন্নত । 

প্রশ্ন ১১। ধর্মনিৰপেক্ষতা বুলিলে কি বুজা ? 

উত্তৰঃ ধৰ্মনিৰপেক্ষতাৰ ‘ অর্থ হ’ল যে আগৰ দিনত যিবােৰ ধৰ্মীয় বুলি গণ্য কৰা হৈছিল বর্তমান কালত সেইবােৰ ধৰ্মীয় নহয় বুলি জ্ঞান কৰা হয় । বর্তমান সকলাে ধর্ম সমান । কোনাে ধর্ম শ্রেষ্ঠ নহয় বা নিকৃষ্টও নহয় । ধর্ম বর্তমান বিজ্ঞান আৰু বিবেকেৰে ধাৰণা কৰি পৰম্পৰা , ধর্মীয় আদিক ধর্মীয় নিৰপেক্ষতাৰে বুলিয়ে গণ্য কৰা হয় । ধর্মীয় নিৰপেক্ষতা ধর্মীয় প্রভাৱ মানুহৰ জীৱনত কমি আহিছে আৰু তাৰ ঠাইত বিবেক আৰু বিজ্ঞানৰ প্ৰভাৱ বৃদ্ধি পাইছে ।

প্রশ্ন ১২। ধর্মনিৰপেক্ষতাৰ ওপৰত এটি টোকা লিখা ।

( i ) ৰীতি – নীতি আৰু ধৰ্মনিৰপেক্ষতা । 

( ii ) জাতি আৰু ধৰ্মনিৰপেক্ষতা । 

উত্তৰঃ ( i ) আধুনিক যুগত ধর্মনিৰপেক্ষতাই সাধাৰণতে সমাজত কিছুমান ক্ষেত্ৰত ধর্মীয় প্রভাৱৰ পতন হৈ অহা এটা পদ্ধতিক বুজায় । আধুনিক সমাজখন ক্রমান্বয়ে ধর্মনিৰপেক্ষ হৈ আহিছে । সাম্প্রতিক কালত আমি দেখিবলৈ পাইছাে যে ধর্মীয় সজাগতাৰ এক প্ৰখৰ বিকাশ ঘটিছে আৰু লগতে এক সংঘৰ্ষৰ সৃষ্টি হৈছে সমগ্র পৃথিবীতে । বর্তমান আমাৰ দেশত এক উল্লেখনীয় সংখ্যাৰ ৰীতি – নীতি ধর্মনিৰপেক্ষতাৰ লগত এক প্রত্যক্ষ সম্পর্কত জড়িত হৈছে । 

( ii ) আমি সকলােৱে জানাে যে আমাৰ পৰম্পৰাগত ভাৰতত জাতি ব্যৱস্থাটো ধর্মীয় সংগাঠনিক গণ্ডিৰ ভিতৰত প্রচলিত । পবিত্রতা আৰু প্ৰদূষণ এই বিশ্বাস ব্যৱস্থাই হ’ল জাতি ব্যৱস্থাৰ কেন্দ্রীয় ভাবাদর্শন । বর্তমান ভাৰতত আমাৰ জাতীয় সংস্থা গঠন হৈছে জাতীয় ৰাজনৈতিক দল গঠন হৈছে । জাতিৰ এনেকুৱা ধৰণৰ পৰিবৰ্তিত ভূমিকাক জাতিৰ ধর্মনিৰপেক্ষকৰণ বুলি কোৱা হয় ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top