Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান

Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান and select needs one.

Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান Solutions for All Subject, You can practice these here…

সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান

পাঠ: ৬

প্ৰথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। অসমীয়া ভাষাটো কোন ভাষাগােষ্ঠীৰ অন্তৰ্গত ? 

উত্তৰঃ অসমীয়া ভাষাটো ‘ইণ্ডো এৰিয়ান’ ভাষাগােষ্ঠীৰ অন্তর্গত । 

প্রশ্ন ২। ‘আৰ্য সমাজ’ কোনে প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতীয়ে । 

প্রশ্ন ৩। ভাৰতীয় ভাষাসমূহক কেইটা ভাগত ভাগ কৰা হৈছে ? 

উত্তৰঃ তিনিটা ভাগত ভাগ কৰা হৈছে । 

প্রশ্ন ৪। ভাৰতীয় সমাজৰ যিকোনাে দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ ভাৰতীয় সমাজৰ বৈশিষ্ট্য দুটা হ’ল –

১। অনৈক্যৰ মাজত ঐক্য । আৰু

২। ধর্ম নিৰপেক্ষ সমাজ । 

প্রশ্ন ৫। ভাৰতৰ অনৈক্যৰ মাজত থকা ঐক্যৰ দুটা দিশা দাঙি ধৰা ।

উত্তৰঃ ১। ধর্মীয় বিচিত্ৰতা আৰু ঐক্য । আৰু

২। সাংস্কৃতিক বিচিত্ৰতা আৰু ঐক্য । 

প্রশ্ন ৬। সমাজত ঔদ্যোগীকৰণৰ দুটা প্রভাব আলােচনা কৰা । 

উত্তৰঃ সাধাৰণতে , কলকাৰখানাৰ প্রতিষ্ঠা , যন্ত্রপাতি ব্যৱহাৰ আৰু উদ্যোগৰ সম্প্ৰসাৰণকে ঔদ্যোগীকৰণ বুলি জনা যায় । সমাজত ঔদ্যোগীকৰণে বিভিন্ন প্ৰভাৱ পেলাব পাৰে । যেনে – 

১। ঔদ্যোগীকৰণৰ ফলত গাঁৱৰ পৰা মানুহে নগৰলৈ প্ৰব্ৰজন হয় । উদ্যোগত বিভিন্ন কামৰ বাবে বিভিন্ন প্রকাৰৰ বহুতাে শ্ৰমিকৰ আৱশ্যক হয় । কর্ম সংস্থানৰ বাবে গাঁওবােৰৰ পৰা মানুহ ঔদ্যোগিক স্থানলৈ প্ৰব্ৰজন হয় । ফলত কেঁচা সামগ্ৰী আৰু উৎপাদিত সামগ্রী পৰিবহনৰ বাবে  বাট – পথ উন্নত হয় । ফলত নগৰ – চহৰ গঢ়ি উঠে ।

২। নগৰীকৰণ সৃষ্টি :- ঔদ্যোগীকৰণৰ ফলত ঔদ্যোগিক স্থানত বা অঞ্চলত জনসংখ্যা বৃদ্ধি পাই নগৰ – চহৰ গঢ়লৈ উঠে । সামগ্রী কঢ়িওৱাৰ বাবে বাট – পথ গঢ়ি উঠে , গাড়ী – মটৰ , নানা যান বাহন চলাচল কৰে । নানা সামগ্রী যােগানৰ বাবে দোকান – পােহাৰ গঢ়ি উঠিনগৰৰ সৃষ্টি কৰে । 

প্রশ্ন ৭। ব্রাহ্ম সমাজৰ প্রতিষ্ঠাতা কোন ? 

উত্তৰঃ ব্রাহ্ম সমাজৰ প্রতিষ্ঠাতা হ’ল ৰাজা ৰাম মােহন ৰায় ।

প্রশ্ন ৮। সংস্কৃতিৰ ওপৰত বিশ্বায়নৰ দুটা প্রভাৱ লিখা । 

উত্তৰঃ বিশ্বায়নৰ প্ৰভাৱ দুটা :-

( ক ) পৰিয়ালৰ সংগঠনিক পৰিৱৰ্তন — একক পৰিয়ালৰ সৃষ্টি । 

( খ ) খাদ্যাভ্যাসৰ পৰিৱর্তন— ফাষ্ট ফুডৰ প্ৰচলন আৰু সাজ – পােছাকৰ পৰিৱৰ্তন । 

প্রশ্ন ৯। ভাৰতত প্রচলিত প্রধান ধর্মবােৰ কি কি ? 

উত্তৰঃ ( ১ ) হিন্দু ধর্ম , ( ২ ) ইছলাম ধৰ্ম , ( ৩ ) খ্রীষ্টান ধর্ম , ( ৪ ) জৈন ধর্ম , ( ৫ ) বৌদ্ধ ধর্ম , ( ৬ ) শিখ ধৰ্মৰ উপৰি বহুতাে জনগােষ্ঠীয় ধর্ম আছে । 

প্রশ্ন ১০। বৈচিত্র্যৰ মাজত ঐক্য বুলিলে কি বুজা ? 

উত্তৰঃ দেশবাসীয়ে জাতি – ধর্ম – ভাষা আদি বিভেদ পৰিহাৰ কৰি যি একতাৰ ভাব অন্তত পােষণ কৰে তাকে বৈচিত্রৰ মাজত ঐক্যক বুজায় । 

প্রশ্ন ১১। ৰাষ্ট্ৰীয় ঐক্যৰ পথত আঞ্চলিকতাবাদে কিদৰে বাধা ৰূপে দেখা দিছে । 

উত্তৰঃ আঞ্চলিকতাবাদে কোনাে এখন ৰাষ্ট্ৰ বা ৰাজ্যক নশকতিয়া বা দুর্বল কৰি তােলে , শক্তিহীন কৰি তােলে । আঞ্চলিক দলে সংকীর্ণ মনােভাবেৰে জনসাধাৰণ বিভাজিত কৰে , ভাষা , ধর্ম , সংস্কৃতিৰ নামত বা কোনাে অঞ্চলৰ নামত বিভাজিত কৰি শক্তিশালী ডাঙৰ ৰাজক শক্তিহীন , দুর্বল ৰাজ্যত পৰিণত কৰে । এইদৰে ৰাষ্ট্ৰীয় ঐক্যৰ পথত আঞ্চলিকতাবাদে বাধাৰ সৃষ্টি কৰে ।

প্রশ্ন ১২। সংবিধান প্রণেতাসকলে কিয় ভাৰতক এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ়িব বিচাৰিছিল ? 

উত্তৰঃ ভাৰতবর্ষ এখন বিভিন্ন ধৰ্মৰ অধিবাসীৰ ৰাষ্ট্ৰ হিচাপে তেওঁলােকৰ মাজত দৃঢ় ঐক্যতা গঢ়ি তুলিবৰ কাৰণে ভাৰতক এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ় দিব বিচাৰিছিল যাতে বিভিন্ন ধর্মৰ জনসাধাৰণৰ মাজত একতা গঢ়ি তুলিব পৰা যায় । 

প্রশ্ন ১৩। আমাৰ ভাৰতীয় সমাজত জাতিবাদৰ দুটা প্ৰভাৱ লিখা । 

উত্তৰঃ জাতিবাদী মনােভাবৰ বাবেই ভাৰতৰ বিশেষকৈ হিন্দু সমাজত অনেক প্রভাৱ পৰা দেখা যায় । 

( ১ ) ভাৰতত হিন্দু সমাজত বৈবাহিক কাজ – কর্মত জাতি – ধর্ম বাছ – বিচাৰ কৰা হয় । সকলাে হিন্দু জাতি বিচাৰ কৰে । 

( ২ ) প্ৰায়ভাগ হিন্দু মানুহে মুছলমান নিম্ন জাতৰ লােকক অস্পৃশ্য বুলি ভাবে আৰু তেওঁলােকৰ লগত খােৱা – বােৱা নকৰে । এইদৰে হিন্দুসকলৰ মাজত জাতিবাদৰ নীতি – নিয়ম প্রচলিত আছে ।

প্রশ্ন ১৪। জন্ম প্রদত্ত পৰিচয় বুলিলে কি বুজা ? 

উত্তৰঃ ভাৰতীয় সংস্কৃতিত জন্মৰে পৰা যি পৰিচয় পায় তাকে জন্ম প্রদত্ত পৰিচয় বুলি কোৱা হয় । তেনে প্ৰস্থিতিকে জন্ম প্রদত্ত প্রস্থিতি বােলে । যেনে জাতি , ধর্ম , ভাষা , সংস্কৃতি জন্মৰ লগত আজীৱন জড়িত থাকে । মুঠতে জন্মৰে পৰা অৰ্জন কৰা পৰিচয়কে জন্ম প্রদত্ত পৰিচয় বুলি জনা যায় । 

প্রশ্ন ১৫৷ ৰাষ্ট্র কি ? 

উত্তৰঃ ৰাষ্ট্ৰ হ’ল কোনাে নির্দিষ্ট চাৰিসীমাৰ ভিতৰত আইন – কানুনৰ উদ্দেশ্যে সংগঠিত হােৱা জনসমষ্টি । ৰাষ্ট্রপ্রধান উপাদান হ’ল — জনসমষ্টি , নির্দিষ্ট ভূখণ্ড , চৰকাৰ আৰু সার্বভৌমত্ব । 

প্রশ্ন ১৬। ড° বি আৰ আম্বেদকাৰে কি ধর্ম গ্রহণ কৰিছিল আৰু কিয় কৰিছিল ? 

উত্তৰঃ ড ° আম্বেদকাৰে বৌদ্ধ ধর্ম গ্রহণ কৰিছিল । তেওঁ হিন্দু ধর্মৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাবে আৰু উপযুক্ত সমাদৰ নােপােৱা বাবে বৌদ্ধ ধর্ম প্রতি আকৃষ্ট হৈছিল । 

প্রশ্ন ১৭। সংখ্যালঘুৰ সমাজতাত্ত্বিক অর্থ কি ? 

উত্তৰঃ সংখ্যালঘু ধাৰণাটো সমাজতত্ত্বৰ এক বিশেষ গুৰুত্বপূর্ণ ধাৰণা । সাধাৰণতে কম জনসংখ্যাৰে গঠিত এক শ্রেণীৰ লােকক বুজায় । যিসকল লােক প্রায়েই কিছুমান সুবিধা আৰু অধিকাৰৰ পৰা বঞ্চিত হৈ থাকে সেই সকলকে সংখ্যালঘু বুলি কোৱা হয় । 

প্রশ্ন ১৮। সর্বভাৰতীয় ‘অনুসূচীত জাতি পৰিষদ’ কোনে জন্ম দিছিল ?

উত্তৰঃ ড ° ভীমৰাও ৰামজী আম্বেদকাৰ ।

প্রশ্ন ১৯। সুবিধাবাদী সংখ্যালঘু কি ? 

উত্তৰঃ সংখ্যালঘুসকলৰ ভিতৰতে থকা কিছুমান অতি ধনী আৰু আঢ্যৱস্ত লােকো থাকে , তেওঁলােকক প্রকৃততে সংখ্যালঘু লােকৰ ভিতৰত ধৰিব নােৱাৰি । সংখ্যালঘুৰ মাজৰ এনেকুৱা লােককে সুবিধাবাদী সংখ্যালঘু বুলি কোৱা হয় । 

প্রশ্ন ২০। ভাৰতৰ কেইটামান সংখ্যালঘু গােটৰ নাম লিখা । 

উত্তৰঃ সংখ্যালঘু গােটসমূহ হ’ল– 

( ১ ) ভাৰতৰ মুছলমানসকল ( মুঠ জনসংখ্যাৰ ১৩,৪ শতাংশ ) 

( ২ ) ভাৰতৰ খ্রীষ্টানসকল ( মুঠ জনসংখ্যাৰ ২.৩ শতাংশ ) 

( ৩ ) ভাৰতৰ শিখসকল ( মুঠ জনসংখ্যাৰ ১.৯ শতাংশ ) 

( ৪ ) জৈনসকল ( মুঠ জনসংখ্যাৰ ০.৪ শতাংশ ) , 

( ৫ ) ভাৰতৰ মুছলমানসকল ( মুঠ জনসংখ্যাৰ ০.৮ শতাংশ ) 

প্রশ্ন ২১। আশ্রম ব্যৱস্থাই কি বুজায় ? 

উত্তৰঃ আশ্রম ব্যৱস্থাৰ জৰিয়তে হিন্দুসকলে আধ্যাত্মিক আৰু ব্যৱহাৰিক জীৱনক অস্বীকাৰ নকৰাকৈ সাংসাৰিক আৰু বাস্তৱ পৰিস্থিতিৰ মাজেদিয়ে পৰমব্রহ্ম উপলব্ধি তথা লাভৰ প্রচেষ্টা চলাইছিল । আশ্রম ব্যৱস্থাত জীৱনটোক চাৰিটা ভাগত ভাগ কৰা হয় । ব্রহ্মচর্যাশ্রম , গৃহাশ্রম , বাণপ্রস্থাশ্রম আৰু সন্ন্যাসাশ্রম । হিন্দুসকলে মানৱ জীৱনটোক ১০০ বছৰ বুলি গণ্য কৰি প্রত্যেক আশ্ৰমত ২৫ বছৰকৈ কাল কটাই জ্ঞানার্জন , মানসিক আৰু শাৰীৰিক বিকাশ সাধন কৰি সাংসাৰিক দায়িত্ব পালন কৰি জীৱনৰ ৰহস্যভেদ কৰি ইহসংসাৰৰ সকলাে বান্ধোন, মায়া মােহৰ পৰা মুক্ত হােৱাৰ তপস্যাত লিপ্ত হ’ব লাগে আৰু পৰম ব্ৰহ্মৰ লগত একাত্ম হ’ব লাগে । ইয়াকে জীৱনৰ চাৰি আশ্ৰম বুলি হিন্দুসকলে মানি চলিব লাগে । 

 চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতৰ ‘জাতি ব্যৱস্থা’ বুলিলে কি বুজা ? 

উত্তৰঃ জাতি ব্যৱস্থা হিন্দু ধৰ্মৰ এটা অতি প্রাচীন সংস্থা । ই এক বন্ধ শ্রেণী ব্যৱস্থা । জাতি ব্যৱস্থা ভাৰতীয় সমাজৰ এক বিভাজন ব্যৱস্থা যি ব্যৱস্থাত কিছুমান নীতি – নিয়ম , বৃত্তিৰ লগত সম্পর্কিত , খােৱা – লােৱা , সামাজিক আন্তঃক্রিয়াৰ লগতে জড়িত থাকে । জাতি ব্যৱস্থাত চাৰিটা প্রধান জাতি আছে । সমাজত এজন ব্যক্তিয়ে জন্মৰ পাছতহে জাতিৰ অন্তর্ভুক্ত হ’ব পাৰে । কোনাে প্রকাৰে এজন লােকে নিজৰ জাতি পৰিৱৰ্তন কৰিব নােৱাৰে । 

প্রশ্ন ২। জাতীয়তাবাদ কি ? 

উত্তৰঃ কেতিয়াবা ৰাজনৈতিক কাৰণত কিছুমান ৰাজনীতিকাৰী বা ৰাজনৈতিক নেতাই জাতীয় সচেতনতাক ৰাজনৈতিক মুনাফা আদায়ৰ উদ্দেশ্যে নির্বাচন কামত ব্যৱহাৰ কৰে । গতিকে জাতীয় সচেতনতাক যেতিয়া ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হয় তাকে জাতীয়তাবাদ বুলি জনা জায় । সাধাৰণতে ৰাজনৈতিক নেতাসকলে আৱশ্যক মতে ভােট যুদ্ধত জাতীয়তাবাদক এক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা দেখা যায় । ইয়াকে জাতীয়তাবাদ বুলিও জনা যায় । 

প্রশ্ন ৩। জাতীয়তাবাদৰ দুটা অনিষ্টকাৰী ফল উল্লেখ কৰা ।

উত্তৰঃ অনিষ্টকাৰী ফলাফল দুটা হ’ল– 

( ১ ) জাতীয়তাবাদী ভাবধাৰাই ধর্মনিৰপেক্ষতা নীতি উন্নয়নত এক দুর্ভেদ্য বাধাৰ সৃষ্টি কৰে । 

( ২ ) জাতীয়তাবাদে ৰাষ্ট্ৰীয় ঐক্য সাধনৰ এক ডাঙৰ দুর্বলতা আনি দিয়ে । কাৰণ জাতীয়তাবাদী ভাবধাৰাই ভাৰতৰ বিভিন্ন জাতিৰ লােকৰ মাজত বিভেদ সৃষ্টি কৰে । 

প্রশ্ন ৪। ভাৰতত জাতি ব্যৱস্থা কিদৰে সমাজৰ পৰা আঁতৰ কৰিব পৰা যাব কেইটিমান পৰামৰ্শ দিয়া ।

উত্তৰঃ ( ১ ) আমাৰ দেশত জাতি সম্বন্ধীয় যিবােৰ আইন আছে তাক সঠিকভাৱে বলৱৎ কৰিব লাগে । 

( ২ ) ৰাজনীতিকাৰী নেতা বা ৰাজনৈতিক দালাল শ্ৰেণীয়ে জাতীয় চেতনাক ৰাজনৈতিক উদ্দেশ্যে জাতিক ব্যৱহাৰ কৰাটো সম্পূর্ণ আইন বিৰুদ্ধ কৰিব লাগে । 

( ৩ ) যিসকলে জাতীয় চেতনাক ৰাজনৈতিক বা আন কোনাে অনিষ্টকাৰী উদ্দেশ্যেৰে ব্যৱহাৰ কৰে তেনে লােকক কঠোৰ শাস্তি বিহিব লাগে । 

( ৪ ) আন্তর্জাতিক বিবাহ সম্পন্ন কৰা ব্যক্তিসকল উৎসাহ প্রদান কৰিব লাগে । তেনে লােকক চৰকাৰে ভালদৰে পুৰস্কৃত কৰা উচিত । অসৱর্ণ বিবাহ কৰা দম্পতীৰ ল’ৰা – ছােৱালীক বিনামূল্যে উচ্চ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে । 

প্রশ্ন ৫। জাতি ব্যৱস্থাৰ প্রধান বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ বৈশিষ্ট্যসমূহ :- 

( ১ ) জাতিৰ সদস্য পদসমূহ জন্মৰ লগত জড়িত । জন্ম সূত্রেই সকলাে জাতিলােকে জাতি লাভ কৰেই অপৰিহাৰ্য বৈশিষ্ট্য । 

( ২ ) জাতি এটা অন্তঃবিবাহী গােট । জাতি ব্যৱস্থাত নিজৰ জাতি গােষ্ঠীৰ ভিতৰতহে বিবাহ সম্পন্ন হ’ব পাৰে । 

( ৩ ) জাতি ব্যৱস্থাত কিছুমান বাধা নিষেধ থাকে , আন জাতিৰ লগত আন্তঃক্রিয়া সম্পন্ন কৰাৰ ক্ষেত্ৰত । খােৱা – লােৱা বা বিবাহ আদিৰ ক্ষেত্ৰত । 

( ৪ ) জাতি ব্যৱস্থাত কিছুমান বস্তু খােৱা নিষেধ । 

( ৫ ) জাতি ব্যৱস্থাত বৃত্তি বা কর্ম জাতিগতভাৱে , উত্তৰাধীকাৰী সূত্রে লাভ কৰে , যেনে— সােণাৰীৰ , কমাৰ , মেত , মুচিয়াৰ আদিৰ কৰ্ম সাধাৰণতে বংশানুক্রমিক হােৱা দেখা যায় । 

প্রশ্ন ৬। “ সামাজিক ঐক্য স্থাপনত জাতি এক দাৰুণ বাধা ” ? কিদৰে ব্যাখ্যা কৰা । 

উত্তৰঃ প্রাচীন কালৰে পৰা নিৰীক্ষণ কৰি দেখা যায় জাতি সামাজিক ঐক্য স্থাপনৰ এক জটিল বাধা স্বৰূপ । জাতীয় চেতনা মানুহৰ এক গভীৰ চেতনা । জাতিয়ে সমাজক বিভিন্ন খণ্ডত খণ্ডিত কৰিব পাৰে । বিভিন্ন জাতিৰ মাজত পৰম্পৰ মিলামিচা কৰাৰ ক্ষেত্ৰত বহুতাে বাধা – বিঘিনি থকা দেখা যায় । এনেবােৰ কাৰণতে বেলেগ বেলেগ জাতিৰ মাজত , ভালপােৱাৰ অনুভৱ , দয়া – মমতা আদি বৰ কম দেখা যায় । প্রত্যেক জাতিয়ে নিজৰ জাতিৰ মানুহৰ কথাহে ভাবে । নিম্ন জাতিৰ মানুহক উচ্চ জাতিৰ মানুহে শােষণ কৰা সুবিধা বিচাৰি থাকে সেই কাৰণে পৰস্পৰৰ মাজত ঘৃণাৰ ভাব জাগি থাকে আনহাতে জাতিগত ভাব আহি থাকে । এনেবােৰ ক্ষুদ্র বিষয় আৰু ভাবৰ কাৰণে জাতি সামাজিক ঐক্য স্থাপনৰ এটা গভীৰ বাধা বুলি কোৱা হয় । 

প্রশ্ন ৭। জাতি ব্যৱস্থাই , ৰাজনীতিত কিদৰে এক গুৰুত্বপূর্ণ ভুমিকা পালন কৰে আলােচনা কৰা । 

নাইবা , ভাৰতবৰ্ষত জাতিবাদ গঢ়ি উঠাৰ কাৰণসমূহ বর্ণনা কৰা আৰু ইয়াৰ দুটা গুণ উল্লেখ কৰা ।

উত্তৰঃ ভাৰতৰ দৰে এক হিন্দু ধর্মীয় প্রধান দেশত , যত নেকি প্রাচীন বৈদিক যুগৰেপৰা জাতি ব্যৱস্থা প্রচলিত হৈ আহিছে তেনে কাৰণতে ভাৰতত জাতি ব্যৱস্থা গভীৰভাৱে শিপাই আছে । জাতি ব্যৱস্থা সেইকাৰণতে ৰাজনীতিৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ এটা অতি উত্তম উপাদান বুলি গণ্য কৰা হয় । আনহাতে বিভিন্ন জাতিৰ লােকসকলাে বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত হৈ থাকে । এই কাৰণতে জাতি ব্যৱস্থাই ৰাজনীতিৰ প্ৰতাপী ভূমিকা ল’ব পাৰে । জাতিৰ গুৰুত্বৰ কাৰণবােৰ–

( ১ ) জাতিৰ নেতাসকলে ৰাজনীতিত প্রতিদ্বন্দ্বীতা কৰে আৰু জয়যুক্ত হ’বৰ বাবে নিজৰ জাতিৰ সদস্যসকলৰ ভােট লাভ কৰিবলৈ চেষ্টা চলায় । 

( ২ ) বেলেগ বেলেগ জাতিৰ নেতাসকলে আন জাতিৰ ভােটাৰ সকলৰ কাষ চাপিলে । ভােটাৰসকলে বিভিন্ন দাবী আৰু বেছি দাবী কৰিবলৈ সুবিধা পায় ।

( ৩ ) বহুতাে ক্ষেত্ৰত এটা জাতিৰ নেতাই আন জাতিৰ নেতাক দোষাৰােপ কৰাৰ ফলত জাতীয়তাবাদী সংঘর্ষ হােৱা সম্ভাৱনাই দেখা দিয়ে । 

প্রশ্ন ৮। ৰাজনীতিত জাতি ব্যৱস্থা , ব্যৱহাৰ কৰাৰ পৰিণামবােৰ কি কি দেখুওৱা । নাইবা , ৰাজনীতিত জাতিয়ে কিদৰে এটা গুৰুত্বপূর্ণ ভূমিকা লয় ? নাইবা , জাতি আৰু ৰাজনীতি সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ যিসকল নেতাই সমাজত ৰাজনৈতিক জাগৰণ এটা সৃষ্টি কৰা উদ্দেশ্য লৈ কোনাে নির্দিষ্ট এটা অঞ্চলৰ বিশেষ জাতীয়লােকক সচেতন কৰিব বিচাৰে তেনে নেতাৰ বাবে জাতি ব্যৱস্থা এটা সুবিধাজনক উপাদান । কিন্তু , সাধাৰণতে ইয়াৰ বহুতাে নেতিবাচক প্রভাৱ থাকে বা বদগুণ থাকে— 

( ১ ) যদি ৰাজনীতিত জাতি ব্যৱস্থাক ব্যৱহাৰ কৰা হয় , তেনেহ’লে ৰাজনৈতিক দলবােৰ বিভিন্ন জাতিত বিভক্ত হােৱাৰ সম্ভাৱনা থাকে । এই বিভাজনে ৰাজনৈতিক দলৰ মাজত সংঘৰ্যৰ সৃষ্টি কৰে । 

( ২ ) জাতিৰ ব্যৱহাৰে যে ৰাজনৈতিক সংঘর্যহে আনে তেনে নহয় , জাতিৰ মাজতাে নানা সমস্যাৰ সৃষ্টি কৰে আৰু স্থায়ী ঘৃণা আৰু শত্রুতা আনে । 

( ৩ ) বেলেগ বেলেগ জাতিৰ নেতাসকলে আন নেতাসকলে দোষাৰােপ কৰাৰ ফলত বিভিন্ন জাতিৰ নেতাসকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হােৱা দেখা যায় । জাতিবােৰৰ মাজত উত্তেজনাৰ সৃষ্টি কৰে । এনে সংঘই প্রকৃত সমস্যাৰ পৰা জনসাধাৰণৰ মনােযােগ বিভ্রান্ত কৰে আৰু দৰকাৰী বিষয়বােৰৰ পৰা যেনে— দৰিদ্রতা , নিবনুৱা সমস্যা , শিক্ষাৰ অভাৱ আদিৰ পৰা আঁতৰাই ৰাখে — প্রকৃততে যিবােৰ নেকি সমাজত আচল সমস্যা । 

প্রশ্ন ৯। জাতি ( Nation ) কি ? 

উত্তৰঃ চিন্তাবিদ ব্রাইচিৰ মতে এটা জাতি হ’ল এটা জাতীয়তা , যিয়ে এটা ৰাজনৈতিক গােট হিচাবে নিজকে সংগঠিত কৰে , আৰু স্বাধীন হৈ থাকে বা স্বাধীন হবলৈ প্রয়াস কৰে । গতিকে স্বাধীন বা স্বাধীন হবলৈ ইচ্ছা কৰা সংগঠিত ব্যক্তিৰ সমষ্টিকে জাতি বােলা হয় । ইয়াত ব্যক্তিসকল ধর্ম বিশ্বাস বা সামাজিক ৰীতি নীতিৰ লগত কোনাে সম্পর্ক নাথাকে । অৱশ্যে তেওঁলােকৰ এটা উমৈহতীয়া লক্ষ্য লাগিব যাতে স্বাধীন আৰু সার্বভৌম ক্ষমতা লাভ কৰিব পাৰে । 

প্রশ্ন ১০। আমাৰ দেশৰ ঐক্যতা কিদৰে ৰক্ষা কৰিব পাৰি ? 

উত্তৰঃ কোনাে এখন দেশৰ ঐক্যতা ৰক্ষা কৰিব পাৰি , যদিহে দেশখনৰ নাগৰিকসকলে নিজৰ দেশৰ জাতীয়তাবাদী ভাবৰ দ্বাৰা উবুদ্ধ হয় ; আন হাতে নিজৰ অঞ্চলৰ আঞ্চলিকতাবাদী ভাবধাৰাক ত্যাগ কৰে । যদি আমি আমাৰ অঞ্চলৰ আঞ্চলিকতাবাদী স্বার্থক ৰক্ষণাবেক্ষণ দিওঁ তেতিয়া বৃহত্তৰ জাতীয়তাবাদী স্বার্থ নিশ্চিতভাবে হানি হ’বই আৰু বিপদাপন্নও হ’ব । কিন্তু যদি আমি দেশখনৰ স্বার্থক বৃহত্তৰ বুলি ভাবি আঞ্চলিক স্বার্থ ত্যাগ কৰিব পাৰাে তেনেহলে আমাৰ দেশৰ ঐক্যতা নিশ্চিতভাৱে ৰক্ষা কৰিব পৰা যায় । মুঠতে দেশৰ ঐক্যবদ্ধতা নির্ভৰ কৰে দেশখনৰ নাগৰিকৰ জাতীয়তাবাদী ভাবধাৰাৰ ওপৰত । 

See Next Page…

1 thought on “Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top