Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান

Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান and select needs one.

Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। “ ভাৰতীয় সংস্কৃতি হৈছে এক সংমিশ্রণ সংস্কৃতি ” এই উক্তিটোৰ সমৰ্থনত কাৰণ দর্শোৱা । নাইবা , সংমিশ্ৰণৰ অর্থ প্রকাশ কৰা আৰু ইয়াক সংহতিৰ এটা প্রক্রিয়া হিচাপে আলােচনা কৰা । নাইবা , ভাৰতীয় সংস্কৃতিত একতা কেনেদৰে বৰ্তি আছে ? উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ এটা বিশেষ উল্লেখযােগ্য বৈশিষ্ট্য হ’ল ‘ সংমিশ্রণ আৰু সংযােজন । ভাৰতীয় সংস্কৃতি যদিও মূলতঃ ভাৰততে উদ্ভুত তথাপি ইয়াত বহুতো বিদেশী সংস্কৃতিৰ উপাদান সংমিশ্রণ হৈ আছে । ভাৰত ভূমিত বিভিন্ন জনগােষ্ঠীৰ মানুহৰ মিলন হৈ বিশাল ভাৰতীয় জাতিৰ সৃষ্টি হৈছে । খ্রীষ্ট জন্মৰ আগৰে পৰাই ভাৰতলৈ বেপাৰ – বাণিজ্য , ভ্রমণ , জ্ঞান – অন্বেষণ অথবা ৰাজ্য জয় আদি উদ্দেশ্য লৈ বহুতাে বিদেশী লােক সময়ে সময়ে আহিছিল । বিশেষকৈ ৰাজ্য জয়ৰ বাবে অহা বিদেশী শক্তিবােৰৰ নিজ নিজ দেশৰ মূলগত সাংস্কৃতিক উপাদানবােৰ ভাৰতীয় সংস্কৃতিৰ লগত মিলি গৈছে । সেই বিদেশী উপাদানবােৰক ভাৰতীয় সংস্কৃতিয়ে সম্পূর্ণৰূপে গ্রহণ কৰিছে । আর্য – অনার্য , শক , হুণ , মােগল – পাঠান , গ্রীক , ইৰাণী , পাৰ্চী আৰু ইউৰােপীয় জাতিবােৰে নিজ দেশৰ ভাষা , সাহিত্য , দর্শন , শিল্পকলা আদি সংস্কৃতিৰ কিছুমান উপাদান তেওঁলােকে বহন কৰি আনিছিল আৰু সেই উপাদানবােৰ পুৰণি ভাৰতীয় সংস্কৃতিৰ লগত এনেদৰে মিলি গৈছিল যে আজি সেইবােৰক পৃথক কৰি উলিওৱা । টান । সকলােবােৰে সম্পূর্ণ এক ভাৰতীয় ৰূপত মিলিত হৈ পৰিছে । 

ভাৰতীয় সংস্কৃতি হ’ল এক সংমিশ্রিত সংস্কৃতি । সেইবাবেই ভাবত ভূমি সকলােৰে বাবে পুণ্যমিলন ভূমি । ভাৰতীয় সংস্কৃতিত মিলিত হৈছে বিভিন্ন জনগােষ্ঠী , প্রজাতি , ধর্ম , ভাষা সাহিত্য , দর্শন , শিল্পকলা , দেশাচাৰ প্রথা ইত্যাদি । নানা ভাষা , ধর্ম , সাজ – পাৰ , জাতি – গােষ্ঠীৰ লােক সকলাে একেলগে বসবাস কৰা দেশখনেই হ’ল বিশাল ভাৰতবৰ্ষ । ই হ’ল ‘ বৈচিত্র্য মাজত ঐক্য ’ থকা এখন দেশ । বৈচিত্র্যৰ মাজত ঐক্য ‘ মানে বিচিত্রতাবােৰ নাশ কৰি স্থাপন কৰা ঐক্যৰ কথা নুবুজায় । ই ভাৰতত থকা সকলােবােৰ বিচিত্ৰতাৰ মাজত সমন্বয় স্থাপন কৰি গঢ়ি উঠা ঐক্যক হে বুজায় । যি ঐক্যত নিজৰ নিজৰ বৈশিষ্ট্যবোৰ সুৰক্ষিত হৈ থাকে । নিজৰ নিজৰ বৈশিষ্ট্যবােৰ সুৰক্ষিত কৰি ঐক্য স্থাপন কৰিবলৈ হ’লে সকলাে নাগৰিকৰ মাজত বুজাপৰাৰ মনােভাব , পৰস্পৰে পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা , সম্মান আৰু সহনশীলতাৰ মনােভাব পােষণ কৰিব লাগিব । নিজৰ নিজস্ব ধর্ম , ভাষা , সংস্কৃতি , কলা – কৃষ্টি আদিৰ ৰক্ষণাবেক্ষণৰ বাবে আৰু উৎকর্ষ সাধনৰ কাৰণে সকলাে ভাৰতীয়কে ভাৰতীয় সংবিধানত কিছুমান অধিকাৰ প্ৰদান কৰা হৈছে । এইদৰেই সৃষ্টি হৈছে ভাৰতৰ সংমিশ্রিত সংস্কৃতি ।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

 

প্রশ্ন ২। অনৈক্যৰ মাজত ঐক্য ই হ’ল ভাৰতীয় সমাজৰ মূল বৈশিষ্ট্য— উক্তিটোৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰত এখন বিশাল দেশ । ইয়াৰ বিভিন্ন অঞ্চলৰ জলবায়ু , উচ্চতা , তাপমাত্রা প্রভৃতি বেলেগ বেলেগ । বিভিন্ন জাতি – উপজাতি লগ লাগি ভাৰতবাসী গঠিত হৈছে । প্ৰতিটো সম্প্রদায়ৰ লােকৰ শাৰীৰিক গঠন সুকীয়া বিভিন্ন অঞ্চলৰ পােছাক – পৰিচ্ছদ , আচাৰ – ব্যৱহাৰ আদিও বেলেগ বেলেগ । ভাৰতত প্রায় সকলাে ধৰ্মাৱলম্বী লােকেই বাস কৰে । হিন্দু , মুছলমান , বৌদ্ধ , জৈন , শিখ , খ্রীষ্টান প্রভৃতি সকলাে ধৰ্মৰ লােকে ভাৰতত বাস কৰে । ভাৰতত বিভিন্ন ভাষা – ভাষী লােকে বাস কৰে । ১৪ টা সংবিধান স্বীকৃত ভাষাৰ উপৰি আৰু বহুতাে আঞ্চলিক ভাষা ভাৰতত প্ৰচলিত হৈ আছে । ভাৰতত বিভিন্ন অঞ্চলত উদ্ভিদ আৰু জীৱ – জন্তুৰ ক্ষেত্ৰতাে বিভিন্ন বিচিত্রতা দেখিবলৈ পােৱা যায় ।

কিন্তু ইমানবিলাক বিচিত্ৰতা আৰু বিভিন্নতাৰ মাজতাে সমগ্র ভাৰতবাসীক এক উমৈহতীয়া  সংস্কৃতিৰ দোলে একত্রিত কৰি ৰাখিছে । প্রাচীন কালৰে পৰা ভাৰতত এই ঐক্য আৰু সংহতিৰ ভাব বিৰাজ কৰি আহিছে । আদিম অধিবাসীসকলেই ভাৰতীয় সংস্কৃতিৰ মূল ভেঁটি স্থাপন কৰিছিল । এই ভেটিত আৰ্যসকলে আৰু পিছলৈ মােগলসলে নতুন নতুন উপাদান সংযােগ কৰিছে । কিন্তু ভাৰতলৈ যিয়েই স্থায়ীভাৱে বাস কৰিবলৈ আহিছে তাৰেই স্বকীয়তা বিশাল ভাৰতীয় সংস্কৃতিত বিলীন হৈ গৈছে । ভাৰতীয় সংস্কৃতি যেনিবা এখন সাগৰহে তাত সংস্কৃতিৰ নানা নৈ পৰি নিজৰ স্বকীয় অস্তিত্ব বিলীন কৰিছে । অতীজৰে পৰা হিমালয়ৰ পৰা কন্যাকুমাৰিকা অন্তৰীপ আৰু কচ্ছৰ বাণ অঞ্চলৰ পৰা অসমলৈ ব্যাপি থকা অঞ্চলটো ভাৰতবর্ষ ‘ নামে জনাজাত । তাৰাে আগতে ইয়াৰ পুৰণি নাম আছিল ‘জম্বুদ্বীপ’ । এটা নামেৰে এই বৈচিত্র্যপূর্ণ অঞ্চলবােৰক সাঙুৰি লােৱাটোৱেই ভৌগােলিক একাত্মবােধ প্রকাশ কৰিছে । বৈচিত্র্যময় ভাৰতৰ বিভিন্ন দিশৰ অনৈক্যৰ মাজত একতা তলত সুকীয়াকৈ আলােচনা কৰা হ’ল— 

( ১ ) ভৌগােলিক অৱস্থান :- কোনাে এখন দেশৰ ভৌগােলিক অৱস্থানে বাসিন্দাসকলৰ ওপৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে । ভাৰতৰ ভৌগােলিক অৱস্থানৰ বিচিত্রতাই বিভিন্ন অঞ্চলৰ ভাৰতবাসীৰ মাজতাে বৈচিত্র্যময় জীৱন প্রতিফলিত কৰিছে । সেইবাবেই ভাৰতবাসীৰ জীৱন নির্বাহৰ প্রণালী , সাজ – পােছাক , খােৱা – বােৱা , ঘৰ – দুৱাৰ , জীৱিকাৰ উপায় আদি সকলাে দিশতে বিভিন্নতা দেখা যায় । এই বৈচিত্র্যতাসমূহ থকা সত্ত্বেও ৰাষ্ট্ৰীয় সংকটৰ সময়ত সকলাে ভাৰতবাসীয়ে একগােট হৈ এক পৰিয়ালৰ দৰে থিয় দিয়া দেখা যায় । চীন ভাৰত যুদ্ধৰ সময়ত বা ভাৰত – পাকিস্তানৰ বিবাদৰ সময়ত সকলাে ভাৰতবাসী একত্ৰিত হৈ সহায়ৰ হাত আগবঢ়াইছিল । 

( ২ ) ঐতিহাসিক :- ভাৰতীয় সংস্কৃতিয়ে এটা যুগতে বৰ্তমানৰ অৱস্থা পােৱা নাই । সুদূৰ অতীতৰে পৰা বিভিন্ন জনগােষ্ঠীৰ লােকৰ ভাৰতলৈ প্ৰব্ৰজন ঘটি আহিছে । আদিম অধিবাসীসকলেই ভাৰতীয় সংস্কৃতিৰ মূল ভেঁটি স্থাপন কৰিছিল । এই ভেটিত আৰ্যসকলে আৰু পাছলৈ শক , হুন , গ্রীক , মােগলসকলে নতুন নতুন উপাদান সংযােগ কৰিছে । কিন্তু এই সকলােবােৰ জাতিৰে স্বকীয়তা বিশাল ভাৰতীয় সংস্কৃতিত বিলীন হৈ গৈছে আৰু বৈদেশিক আদান – প্রদানে ভাৰতীয় সংস্কৃতিৰ যথেষ্ট অৰিহণা যােগাইছে । সর্বশেষত ইংৰাজসকলে পশ্চিমীয়া সমাজৰ লগত ভাৰতীয় সমাজৰ যথেষ্ট সমন্বয় ঘটায় , পশ্চিমীয়া সভ্যতাৰ প্ৰভাৱে ভাৰতৰ এক আমূল পৰিৱৰ্তন আনে । ভাৰতীয় সংস্কৃতি যেনিবা এখন সাগৰহে তাত সংস্কৃতিৰ নানা নৈ পৰি নিজৰ স্বকীয় অস্তিত্ব বিলীন কৰিছে । 

( ৩ ) ধর্মীয় বিচিত্ৰতা আৰু ঐক্য :- ভাৰতবৰ্ষ এখন বিভিন্ন ধর্মাবলম্বীলােকৰ দেশ । ইয়াত পৃথিৱীৰ প্ৰায় সকলাে ধৰ্মাৱলম্বী লােকেই বাস কৰে । হিন্দু , মুছলমান , বৌদ্ধ , জৈন , শিখ , খ্রীষ্টান আদি সকলাে ধৰ্মৰ লােক ভাৰতত আছে । প্রতিটো ধর্মৰে ধর্মীয় আচৰণ সুকীয়া হ’লেও , বিভিন্ন ধর্মাবলম্বী লােকৰ মাজত ঐক্য – সম্প্রীতি বর্তি আছে । সকলাে ধৰ্মৰ লােকে প্রদর্শন কৰা , সহ – অৱস্থান আৰু সহনশীলতাৰ দ্বাৰা ভাৰতবাসীৰ মাজত ঐক্য – সম্প্রীতিৰ বান্ধোন আজিও অটুট আছে । স্বাধীন ভাৰতৰ সংবিধানত ভাৰতক এখন ধর্মনিৰপেক্ষ ৰাষ্ট্র হিচাপে ঘােষণা কৰিছে । ভাৰতত সকলাে ধৰ্মৰে সমান মর্যাদা , সমান অধিকাৰ আছে । ভাৰতবাসীয়ে নিজৰ ইচ্ছা , ৰুচি – অভিৰুচি অনুযায়ী যিকোনাে ধর্মকে গ্রহণ কৰিব পাৰে । বিভিন্ন ধৰ্মৰ মূল বাণীসমূহ মনােমােহা লােকগীত হিচাপে জাতি ধর্ম নির্বিশেষে সকলােৱে উপভােগ কৰে । তীর্থ – ভ্ৰমণৰ বাবে দেশৰ বিভিন্ন ঠাইলৈ যােৱা যাত্রীসকলক সকলাে ধৰ্মৰে মানুহে সমাদৰ কৰে । এই আদর্শতে ভাৰতীয় ঐক্যৰ ভেটি স্থাপিত হৈছে । 

( ৪ ) ৰাজনৈতিক বিচিত্ৰতা আৰু ঐক্য প্রাচীন কালৰে পৰা ভাৰতৰ বিভিন্ন অঞ্চল বিভিন্ন ৰজা – মহাৰজাই শাসন কৰি আহিছে । বিভিন্ন জাতি – উপজাতিৰ শাসনকর্তাই শাসন কৰি আহিছে যদিও এইসকলৰ মাজত ৰাজনৈতিক সংঘর্ষ আৰু বিভাজন মধ্যযুগলৈকে প্রকট আছিল । প্রাচীন কালৰে পৰা ৰাজনৈতিক ঐক্য স্থাপনৰ কাৰণে হিন্দু ৰজা – মহাৰজাসকলে সময়ে সময়ে চেষ্টা কৰি আহিছিল । বৈদিক যুগৰ অধিৰজা , ৰাজাধিৰাজ , সম্রাট আদি শব্দৰ প্রয়ােগে অতীজ ভাৰতত যে ৰাজনৈতিক একতা স্থাপনৰ প্রচেষ্টা চলিছিল এইটোৱে সূচায় । অশ্বমেধ যজ্ঞ , বাজসূয় যজ্ঞ সমাপন কৰি অতীজৰ ৰজা – মহাৰজাসকলে মহাৰ জাধিৰাজ ’ আদি উপাধি গ্রহণৰ যােগেদিও ৰাজনৈতিক ঐক্য স্থাপনত গুৰুত্ব দিছিল । এই ক্ষেত্ৰত সম্রাট সমুদ্রগুপ্ত আৰু আকবৰৰ নাম উল্লেখ কৰিব পাৰি । শেষত ইংৰাজসকলে যেতিয়া ভাৰতৰ বেছিভাগ অঞ্চলকে নিজৰ দখললৈ আনিছিল তেতিয়া ভাৰতৰ ৰাজনৈতিক ঐক্য প্রায় স্থাপিত হৈছিল বুলি কব পাৰি । সর্বশেষত ‘ সমগ্ৰ ভাৰতবৰ্ষত সম্পূর্ণ ৰাজনৈতিক ঐক্য স্থাপিত হৈছিল বৃটিছ শাসনৰ নির্মম ’ শােষণ আৰু আঘাতৰ প্ৰতিবাদত হােৱা স্বাধীনতা সংগ্রাম । দ্বাৰাহে যি সংগ্রামে ভাৰতক এখন সার্বভৌম ৰাষ্ট্ৰত পৰিণত কৰছিল । যাৰফলত সমগ্র দেশৰ জনসাধাৰণে আজি সমানে ৰাজনৈতিক অধিকাৰ উপভােগ কৰিছে । 

( ৫ ) আর্থিক বিচিত্ৰতা আৰু ঐক্য :- ভৌগােলিক অৱস্থানৰ বৈচিত্র্যতাৰ বাবে , জলবায়ু আৰু মাটি উর্বৰতাৰ তাৰতম্যৰ বাবে ভাৰতৰ সকলাে ঠাইৰ উৎপাদন ক্ষমতা একে নহয় । উৎপাদনৰ প্ৰণালী , জীৱিকা নির্বাহৰ উপায় আৰু শিল্পোদ্যোগত তাৰতম্য দেখা যায় । ভাৰতৰ বিভিন্ন অঞ্চল অর্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল নহয় । এটা অঞ্চলে বিভিন্ন বস্তুৰ বাবে আন এটা অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় । সেইবাবে ভাৰতবাসীৰ মাজত পৰম্পৰ নিৰ্ভৰশীলতাৰ নিদর্শন অতীত কালৰে পৰা চলি আহিছে । এই অর্থনৈতিক নিৰ্ভৰশীলতাই ভাৰতীয় ঐক্য আৰু সম্প্রীতি অটুট ৰখাত যথেষ্ট অৰিহণা যােগাই আহিছে । 

( ৬ ) সাংস্কৃতিক বিচিত্ৰতা আৰু ঐক্য :- ভাৰতীয় সংস্কৃতি বিভিন্নতা আৰু বিচিত্ৰতাৰ এক উজুল চানেকি । অতীত কালৰে পৰা ভাৰতলৈ অহা বিভিন্ন জাতি – উপজাতিবােৰৰ সাংস্কৃতিক উপাদানবােৰ ভাৰতীয় সংস্কৃতিৰ লগত খাজে – খাপে মিলি গৈছে । প্রাচীন কালৰে পৰা বিৰাজ কৰি থকা হিন্দুধর্মই পাছত ভাৰতলৈ অহা আন ধৰ্মৰ প্ৰতি কেতিয়াও অসহিষ্ণু ভাৱ দেখুওৱা নাই বৰং সেইবােৰক সহনশীলতা আৰু উদাৰ দৃষ্টিভংগীৰে সন্মানহে জনাই আহিছে । 

ভাৰতীয় সংস্কৃতিৰ আন এটা আকর্ষণীয় দিশ হ’ল এই যে অঞ্চল বিশেষে এই সংস্কৃতিৰ সুকীয়া ৰূপ আছে । কিন্তু সকলাে অঞ্চলৰ লােকৰ সংস্কৃতিৰ মাজত এটা উমৈহতীয়া ভাৰতীয় বৈশিষ্ট্য দেখিবলৈ পােৱা যায় । বিভিন্নতা আৰু বিচিত্ৰতাৰ মাজতেই ভাৰতীয় ঐক্য বিৰাজ কৰি আছে । বিচিত্রতাবােৰক পৰিহাৰ কৰাৰ প্রয়ােজন হােৱা নাই । 

ভাৰতীয় সংস্কৃতিয়ে নিজৰ অন্তর্নিহিত উপাদানবােৰৰ লগতে আন দেশৰ সংস্কৃতিৰ উপাদানসমূহ সামৰি লৈ বর্তমান অৱস্থাত উপনীত হৈছে । 

ওপৰৰ আলােচনাটিৰ পৰা এইটো প্রতিপন্ন হয় যে ভাৰতৰ বিভিন্নতা আৰু বিচিত্ৰতাৰ মাজতে ঐক্য সম্প্রীতি ভাৱ অতীত কালৰে পৰা অটুট আছে । সকলাে দিশতে বিচিত্রতা থাকিলেও দৃঢ় ঐক্য গঢ়ি উঠিছে । দেশৰ আৰু ৰাষ্ট্ৰীয় ঐক্যৰ সংকট মুহূর্তত সমগ্ৰ ভাৰতবাসী । এক হৈ থিয় দিয়া নিদর্শনে বৃহৎ সংহতি আৰু ঐক্যৰ পৰিচায়ক । 

প্রশ্ন ৩। ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা । নাইবা , ভাৰতীয় সংস্কৃতি হৈছে এক সংমিশ্র সংস্কৃতি’— এই উক্তিটোৰ সমর্থন কাৰণ দর্শাৱা । 

উত্তৰঃ ভাৰতীয় সংস্কৃতি এক সংমিশ্রিত সংস্কৃতি । ভাৰতীয় সংস্কৃতিত জাতি , ভাষা , ধর্ম , ৰীতি – নীতি , সাজ – পােছাক আহাৰ পানী আদি বিভিন্ন দিশত বিচিত্রতা দেখিবলৈ পােৱা যায় । এই সকলােবােৰ বিচিত্ৰতাৰ মাজতে প্রাচীন কালৰে পৰা ভাৰতবাসীৰ মাজত উমৈহতীয়া কেতবােৰ দিশ নিবিড়ভাৱে জড়িত হৈ থকা দেখা যায় । ভাৰতীয় সংস্কৃতিৰ মূল বৈশিষ্ট্যসমূহ তল উল্লেখ কৰা হ’ল । 

( ১ ) গতিশীল সংস্কৃতি :- ভাৰতবৰ্ষৰ সংস্কৃতি অতি প্রাচীন । এটা যুগতে বৰ্তমানৰ অৱস্থা পােৱা নাই । আর্যসকল ভাৰতলৈ অহাৰ আগৰ পৰাই ভাৰতত এটা উচ্চ সভ্যতা গঢ়ি উঠিছিল । আদিম অধিবাসীসকলেই ভাৰতীয় সংস্কৃতিৰ মূল ভেটি স্থাপন কৰিছিল । এই সংস্কৃতিৰ মূল ভেটিত আৰ্যসকলকে আদি কৰি বিভিন্ন জাতি – উপজাতিয়ে নতুন নতুন উপাদান সংযােগ কৰিছে । কিন্তু ভাৰতলৈ যিয়েই স্থায়ীভাৱে বাস কৰিবলৈ আহিছে তাৰেই স্বকীয়তা বিশাল ভাৰতীয় সংস্কৃতিত বিলীন হৈ গৈছে । অতীত কালৰে পৰা ভাৰতীয় সংস্কৃতিয়ে বিভিন্ন ভাব ধাৰাৰে পুষ্ট হৈ সময়ৰ লগত খােজ মিলাই আগবাঢ়ি আছে । 

( ২ ) সংমিশ্ৰণ আৰু সংযােজন :- ভাৰতীয় সংস্কৃতি বহুতাে বিদেশী সংস্কৃতিৰ উপাদান এক সংমিশ্রণ আৰু সংযােজন । অতীত কালৰে পৰা বিভিন্ন কাৰণত ভাৰতলৈ অহা বিদেশী লােকসকলে নিজ নিজ দেশৰ পৰা কঢ়িয়াই অনা সাংস্কৃতিক উপাদানবােৰ ভাৰতীয় সংস্কৃতিৰ লগত খাজে – খাপে মিলি গৈছে । গ্রীক , শক , হুণ , ইৰাণী , পাৰ্চী , আৰৱ , মােগল আৰু ইউৰােপীয় জাতিবােৰ যেতিয়াই ভাৰতলৈ আহিছিল তেওঁলােকৰ লগত নিজৰ দেশৰ ভাষা , সাহিত্য , দর্শন , শিল্পকলা আদি সংস্কৃতিৰ কিছুমান উপাদান তেওঁলােকে বহন কৰি আনিছিল । এই উপাদানবােৰ পুৰণি ভাৰতীয় সংস্কৃতিৰ লগত এনেদৰে মিলি গৈছিল যে আজি সেইবােৰক পৃথক কৰি উলিওৱা টান । 

( ৩ ) মৌলিক ভাবাদর্শ :- মৌলিক ভাবাদর্শ ভাৰতীয় সাংস্কৃতিক ঐক্যৰ এটা গুৰুত্বপূর্ণ দিশ । বিভিন্ন বিচিত্ৰতাৰ মাজতে এই মৌলিক একতাৰ ভাবাদর্শ সংস্কৃত ভাষা – সাহিত্য জৰিয়তে বিকাশ লাভ কৰিছে । সংস্কৃত ভাষাই ভাৰতীয় সংস্কৃতিৰ মুখ্য বাহক হৈ আহিছে । এই ভাষাই ভাৰতীয়সকলক একগােট কৰি ৰখাত যথেষ্ট সহায় কৰিছিল । হিন্দুসকলৰ মূল্যবান গ্রন্থৰাজি এই ভাষাতে ৰচিত । সংস্কৃত ভাষাই সমূহ ভাৰতবাসীৰ পৰা আজিও সমানে শ্রদ্ধা আৰু সন্মান লাভ কৰে । 

( ৪ ) সহনশীলতা আৰু উদাৰ দৃষ্টিভঙ্গী :- ভাৰতীয় সংস্কৃতিৰ আন এটা বৈশিষ্ট্য হ’ল সহনশীলতা । অতীত কালৰে পৰা ভাৰতলৈ অহা বিভিন্ন জাতিৰ পৃথক সংস্কৃতিবােৰৰ স্বকীয় বৈশিষ্ট্যবােৰক উদাৰ দৃষ্টিভঙ্গীৰে চালি – জাৰি চাই ভাৰতীয় সংস্কৃতিয়ে গ্রহণ কৰিছিল । কোনাে জাতিৰ সংস্কৃতি , ধর্ম বা ভাষাৰ প্রতি অসহিষ্ণু ভাব দেখুৱা নাছিল । বৰং হিন্দুধর্মই আন ধৰ্মাৱলম্বী লােকসকলক উদাৰ দৃষ্টিৰে গ্ৰহণ কৰিছিল । আজিও ভাৰতীয় সংস্কৃতিয়ে অন্য ধর্ম বা জাতিৰ প্রতি শত্রুতা নকৰে ; বৰং সহনশীলতা আৰু উদাৰ দৃষ্টিভংগীৰে সন্মানহে জনায় । 

( ৫ ) সংস্কৃতিৰ বিচিত্ৰতা আৰু ঐক্য :- ভাৰতীয় সংস্কৃতিৰ আন এটা আকর্ষণীয় দিশ হ’ল এই যে অঞ্চল বিশেষে এই সংস্কৃতিৰ সুকীয়া সুকীয়া ৰূপ আছে । ভাৰতৰ প্রত্যেক অঞ্চলৰ মানুহৰ ভাষা , ধর্ম , সাজ – পােছাক , আহাৰ – পানী , চলন – ফুৰণ , পিন্ধন – উৰণ সুকীয়া সুকীয়া । কিন্তু এইটো ঠিক যে সকলাে অঞ্চলৰ লােকৰ সংস্কৃতিৰ মাজত এটা উমৈহতীয়া ভাৰতীয় বৈশিষ্ট্য দেখিবলৈ পােৱা যায় । এই বিভিন্নতা আৰু বিচিত্ৰতাৰ মাজতেই ভাৰতীয় ঐক্যই বিৰাজ কৰি আছে । 

ভাৰতীয় সংস্কৃতিয়ে নিজৰ অন্তর্নিহিত উপাদানবােৰব লগত আন দেশৰ সংস্কৃতিৰ উপাদানসমূহ সামৰি লৈ বৰ্তমানৰ অৱস্থাত উপনীত হৈছে । 

প্রশ্ন ৪। জাতীয় সংহতি মানে কি বুজায় ? 

উত্তৰঃ দেশবাসীয়ে জাতি – ধর্ম – ভাষা আদি বিভেদ পৰিহাৰ কৰি যি একতাৰ ভাব অন্তৰত পােষণ কৰে আৰু তাৰ ফলত যিটো সংহতিৰ মনােভাব জাগ্রত হয় তাকে জাতীয় সংহতি বােলে । মুঠতে সমগ্র দেশৰ নাগৰিকৰ মাজত সহনশীলতা , সহায় – সহানুভূতি , বুজা – পৰা আৰু এৰা – ধৰাৰ মাজতে আত্মপ্রত্যয় , আত্মবিশ্বাসৰ ভেটিত সম্প্রীতি – সদ্ভাৱ গঢ়ি তুলিব পৰা সামগ্রিক পৰিৱেশকে ৰাষ্ট্ৰীয় সংহতি বোলে । ডঃ সর্বপল্লী ৰাধাকৃষ্ণণৰ মতে ৰাষ্ট্ৰীয় সংহতি হ’ল— ‘ দেশৰ সামূহিক স্বার্থ ৰক্ষার্থে সর্বসাধাৰণক ব্যক্তি স্বার্থৰ ওপৰলৈ উন্নিত কৰা এক চেতনা । 

প্রশ্ন ৫৷ ভাৰতৰ ৰাষ্ট্ৰীয় সংহতিৰ প্ৰধান প্রত্যাহ্বান বা কুফলসমূহ কি কি আলােচনা কৰা । নাইবা , ধর্মীয় বৈচিত্ৰৰ কুফলসমূহ কি কি ? নাইবা , ভাৰতৰ ৰাষ্ট্ৰীয় সংহতিত বাধা সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ভাৰত এখন বৈচিত্র্যময় দেশ । ইয়াত নানা জাতি , ভাষা সংস্কৃতি , ধর্ম , সাজ – পাৰ , আচাৰ – ব্যৱহাৰৰ লােক বসবাস কৰে । এই লােকসকলৰ মাজত জাতীয় ঐক্য সংহতি অনাটো বা স্থাপন কৰাৰ ক্ষেত্ৰত বহুতাে বিভেদকানী শক্তিয়ে বাধা বা সমস্যাৰ সৃষ্টি কৰে । এই সমস্যাসমূহ তলত আলােচনা কৰা হ’ল— 

১। প্রাকৃতিক বিভিন্নতা :- ভাৰতৰ প্ৰকৃতিৰ বুকুত নানা ধৰণৰ বৈচিত্র্য বিৰাজ কৰিছে । যেনে – এফালে সুউচ্চ পর্বত – পাহাৰ আৰু আনফালে গভীৰ মহাসাগুৰ , এফালে খৰাং মৰুভূমি আনফালে অতিপাত বৃষ্টিপাত হােৱা ঠাই । অতি উষ্ম থৰমৰুভূমিৰ বিপৰীতে অতি শীতল চেৰাপুঞ্জী । দার্জিলিঙৰ নিচিনা ঠাই ভাৰতৰ প্রাকৃতিক বৈচিত্র্য অনুপম অৱদান । এই বৈচিত্র্যতাই বাসিন্দাসকলক বিভিন্ন আচাৰ – ব্যৱহাৰ , খাওন – দাওন , সাজ – পাৰ , স্বাভাৱিক চৰিত্ৰৰ কৰি গঢ়ি তুলিছে । এঠাইৰ মানুহৰ লগত আন এঠাইৰ মানুহৰ মিল নাই । ই ঐক্য সংহতিৰ এক গুৰুত্বপূর্ণ অন্তৰায় । 

২। জাতিভেদ প্রথা :- জাতিভেদ প্রথা হিন্দু – প্রধান’ভাৰতীয় সমাজৰ এক জটিল সামাজিক সমস্যা । ভাৰতবৰ্ষ অতীজৰে পৰা দ্রাবিড় , আর্য , গ্রীক , পাৰ্চী , শক , হুণ , কুশান , তুর্কী , আফগান , মােগল , পর্তুগীজ , ফৰাচী , ইংৰাজ আদি জাতিৰ মিলন ভূমি । এই জাতিবােৰৰ ভাষা , ধর্ম , সংস্কৃতি , সাজ – পাৰ , আচাৰ – ব্যৱহাৰ বিভিন্ন । যুগ – যুগ ধৰি একে লগে বসবাস কৰিলেও তেওঁলােকৰ মাজত বিয়া – বাৰু , সামাজিকভাৱে মিল – মিছা কৰা , খােৱা – লােৱা কৰা আদি নিষিদ্ধ । এই বিভিন্নতাবােৰৰ বাবেই ভাৰতৰ জনসাধাৰণৰ মাজত ঐক্য , সংহতি গঢ়ি তােলাত এক অলঙঘনীয় বাধাৰ সৃষ্টি কৰিছে । 

৩। ভাষা – সংস্কৃতিৰ বিভিন্নতা ভাৰত এখন বিভিন্ন ভাষা – সাহিত্য – সংস্কৃতিৰ দেশ । ইয়াৰ অধিবাসীকলে নানা ভাষা , উপভাষা কয় । এই লােকসকলৰ আচাৰ – ব্যৱহাৰ , সাজ – পাৰ , খাদ্যাভ্যাস , জীৱন নির্বাহৰ প্ৰণালী সকলাে সুকীয়া সুকীয়া । এটা অঞ্চলৰ মানুহে আন এটা অঞ্চলৰ মানুহৰ ভাষা বুজি নাপায় , সাজ – পাৰ , খাদ্যাভ্যাসৰ কোনাে মিল নাই । অজ্ঞতা আৰু সংকীর্ণতাৰ বাবে বহুতাে ক্ষেত্রত ভাষাক লৈয়ে ভাৰতবাসীৰ মাজত নানান বিভেদ সৃষ্টি হােৱা দেখা যায় । এই অনৈক্যই ৰাষ্ট্ৰীয় সংহতি স্থাপনত এক হেঙাৰ স্বৰূপে বাধা দিয়ে । 

৪। ধর্মীয় বিভিন্নতা :- ভাৰত এখন বিভিন্ন ধর্মাবলম্বীলােক দেশ । ভাৰতত হিন্দু , মুছলমান , খ্রীষ্টিয়ান , বৌদ্ধ , শিখ আদি নানা ধৰ্মৰ লােক বসবাস কৰে । ধর্মীয় আচাৰ – ব্যৱহাৰে ভাৰতবাসীৰ মাজত নানা বিভেদ সৃষ্টি কৰে । ধর্মীয় সংকীর্ণতাৰ বাবে ভাৰতবাসীৰ মাজত নানা সাম্প্রদায়িক বিভেদ সৃষ্টি হােৱা দেখা যায় । গতিকে ভাবতৰ জাতীয় সংহতিৰ ক্ষেত্ৰত ধর্ম এটা ডাঙৰ অন্তৰায় । 

৫। আঞ্চলিকতাবাদ :- আঞ্চলিকতাবাদ ভাৰতৰ এটা ডাঙৰ সমস্যা । বর্তমান ভাৰতৰ প্রায়বিলাক ৰাজ্যত আঞ্চলিক কিছুমান সমস্যাৰ ওপৰত ভিত্তি কৰি উগ্র আঞ্চলিকতাবাদে গা কৰি উঠিছে । এনেকি এখন ৰাজ্যৰ মানুহেই আঞ্চলিক ভিত্তিত সংগঠিত হৈ নানা সমস্যাৰ সৃষ্টি কৰিছে । এই আঞ্চলিকতাবাদে সুকীয়া ৰাজ্য বা প্রশাসনীয় গােটৰ দাবী আদিও উত্থাপন কৰি আহিছে । মুঠতে এই অঞ্চলভিত্তিক ধাৰণাটোৱে ভাৰতবাসীৰ মাজত বিভেদ সৃষ্টি কৰিছে । আৰু জাতীয় সংহতিৰ ই এক জটিল বাধা । 

৬। ৰাজনৈতিক বিভিন্নতা :- অতীত কালৰে পৰা ভাৰতৰ বিভিন্ন অঞ্চল , বিভিন্ন বজা মহাৰজাৰ দ্বাৰা শাসিত আছিল । এই সুকীয়া ঐতিহাই প্রত্যেক অঞ্চলৰ মানুহক স্বাধীনতাৰ পিছতাে এটা সুকীয়া ভাৰত উদ্বুদ্ধ কৰি ৰাখিছে । আধুনিক যুগৰ বৰ্দ্ধিত ৰাজনৈতিক চেতনাই অঞ্চলগতভাৱে , নতুন ৰাজনৈতিক দল বা মতবাদৰ দ্বাৰা উদ্বুদ্ধ কৰি এটা বিভেদৰ ভাৱ জগাই তােলে । এই সুকীয়া ৰাজনৈতিক চেতনাই বিভিন্ন অঞ্চলত , জাতীয় ঐক্য বা ৰাষ্ট্ৰীয় সংহতিৰ পৰিপন্থী সংগঠনৰ সৃষ্টি কৰিছে । 

৭। আর্থিক বৈষম্য :- আধুনিক সমাজবাদী ধাৰণা মতে আর্থিক বৈষম্যই হ’ল সকলাে বৈষম্য বা বিভেদৰ মূল । ধনী – দুখীয়া , শিক্ষিত – অশিক্ষিত , উচ্চশ্রেণী – নীচশ্রেণী , আগবঢ়া পিছপৰা শ্রেণীৰ মূলতে হ’ল আর্থিক বৈষম্য । আমাৰ ভাৰতৰ শিক্ষা – দীক্ষা , কৃষি – শিল্প , বেপাৰ বাণিজ্য আদিৰ ক্ষেত্ৰত উন্নত অঞ্চলসমূহ ক্রমে উন্নত হৈ গৈছে , আনহাতে অনুন্নত অঞ্চল । অৰ্থৰ অভাৱত ক্রমে অনুন্নত হৈ গৈছে । মুঠতে ব্যক্তি , শ্রেণী আৰু অঞ্চলগত আর্থিক বৈষম্যই ব্যক্তি , শ্রেণী আৰু অঞ্চলৰ মাজত অলঙ্ঘনীয় প্রাচীৰৰ সৃষ্টি কৰিব পাৰে । ভাৰত চৰকাৰৰ অর্থনৈতিক বৈষম্য দূৰীকৰণৰ নানা চেষ্টা পৰিকল্পনা ব্যর্থ হােৱা দেখা যায় । আর্থিক বিভিন্নতাই আন বৈষম্যবােৰকো প্রকট কৰি এক জটিল সমস্যাৰ সৃষ্টি কৰিছে । যাৰ বাবে ৰাষ্ট্ৰীয় সংহতি গঢ় দিয়া এটা দুৰুহ কাম হৈ পৰিছে । 

প্রশ্ন ৬। আঞ্চলিকতাবাদে ভাৰতীয় সমাজত ৰাষ্ট্ৰীয় সংহতি স্থাপনৰ ক্ষেত্ৰত কেনেদৰে ব্যাঘাত জন্মাইছে সেই বিষয়ে আলােচনা আগবঢ়োৱা । নাইবা , আঞ্চলিকতাবাদ ভাৰতৰ ৰাষ্ট্ৰীয় সংহতি এটা ডাঙৰ বাধা ব্যাখ্যা কৰা । 

উত্তৰঃ আঞ্চলিকতাবাদ :- প্রাচীনকালতে সুপ্রতিষ্ঠিত হােৱা অঞ্চলসমূহৰ ( ৰাজ্যসমূহৰ ) মাজত সংহতি স্থাপন কৰি এখন কার্যক্ষম যুক্ত ৰাষ্ট্ৰীয় ৰাষ্ট্র গঠন কৰাটোৱেই হ’ল ভাৰতৰ প্রধান আৰু মূল সমস্যা । ভাৰতৰ অঞ্চল আৰু উপ – অঞ্চলসমূহ সামাজিক তথা সাংস্কৃতিক উপাদানৰ ওপৰত প্রতিষ্ঠিত । ভাৰতৰ নিচিনা সুবিশাল আৰু বিস্তৃত দেশ এখনত আঞ্চলিকতাবাদ আৰু উপআঞ্চলিকতাবাদ এক এৰাব নােৱাৰা বৈশিষ্ট্য । ভাৰতত যুক্তৰাষ্ট্ৰীয়বাদতকৈ আঞ্চলিকতাবাদ বা উপ – আঞ্চলিকতাবাদ বেছি গুৰুত্বপূর্ণ বিষয় । বৃটিছৰ বিৰুদ্ধে কৰা ভাৰতবাসীৰ সন্মিলিত স্বাধীনতা সংগ্ৰামৰ পাছত ইংৰাজসকলে সৃষ্টি কৰা ৰাজ্যসমূহক লৈ গঠিত হােৱা স্বাধীন যুক্তৰাষ্ট্রকে সকলাে অঞ্চলৰ লােকে মানি লৈছিল যদিও নিজ নিজ অঞ্চলৰ প্ৰতি থকা গভীৰ ভালপােৱা আৰু আঞ্চলিকতাবাদী মনােভাৱ সকলােৰে মনত দকৈ শিপাই আছিল । এনে মনােভাৱক নিজ নিজ অঞ্চলৰ লােকে সমর্থন জনােৱা , ৰক্ষণাবেক্ষণ দিয়া কাৰ্যক বহুতে বিভেদকামী প্রাদেশিকতাবাদী সংকীর্ণ আঞ্চলিক প্রেম বুলি অভিহিত কৰিব বিচাৰে । কিন্তু ভাৰতৰ নিচিনা নানা ভাষা , নানা ধর্ম , নানা সাজ – পাৰৰ প্রচলন থকা , বিভিন্ন জাতি – গােষ্ঠীৰ লােকে বসবাস কৰা বৈচিত্র্যময় দেশ এখনত ‘ ঐক্য আৰু সংহতি ’ মানে এই বিচিত্রতাবােৰ নাশ কৰি স্থাপন কৰা ঐক্য আৰু সংহতিক নুবুজায় । আমাৰ দেশে ঐক্য আৰু সংহতিয়ে সকলােবােৰ বিচিত্ৰতাৰ মাজত সমন্বয় স্থাপন কৰা কথাকহে বুজায় , য’ত প্রত্যেকু অঞ্চলৰ নিজৰ নিজৰ স্বকীয় বৈশিষ্ট্যবােৰ সুৰক্ষিত হৈ থাকে । গতিকে ভাৰতৰ বিভিন্ন অঞ্চল আৰু উপ – অঞ্চলসমূহৰ স্বকীয় পৰিচয় থকা বৈশিষ্ট্যসমূহক স্বীকৃতি প্রদান কৰিহে ৰাষ্ট্ৰীয় সংহতি গঢ়ি তুলিব পৰা যাব । ভাৰতীয় হ’বলৈ হ’লে যে এজন নাগৰিক অসমীয়া , উড়িয়া , বঙালী নাইবা মাদ্রাজী হৈ থাকিব নােৱাৰিব তেনে নহয় ।  

প্রশ্ন ৭। আঞ্চলিকতাবাদৰ চৰিত্ৰবিলাক চমুকৈ লিখা আৰু উত্তৰ – পূব ভাৰতৰ কোন কোন জনগােষ্ঠীৰ মাজত আঞ্চলিকতাবাদ প্রবল উল্লেখ কৰা । 

উত্তৰঃ ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ এটা বিশেষ বৈশিষ্ট্য হল ৰাজনৈতিক দলৰ সৃষ্টি । বিশাল ভাৰতীয় সংস্কৃতিৰ বৈচিত্র্যময় বৈশিষ্ট্যই ইয়াৰ প্রধান কাৰণ বুলি ক’ব পাৰি যদিও স্বাধীনতাৰ পৰৱৰ্তী কালত বর্ধিত ৰাজনৈতিক তথা অর্থনৈতিক সমস্যা আৰু ৰাজনৈতিক সচেতনতাই ইয়াৰ মূল কাৰণ । আঞ্চলিক ৰাজনৈতিক দলসমূহৰ কিছুমান বৈশিষ্ট্য আছে । এইবােৰ তলত আলােচনা কৰা হ’ল- 

১। আঞ্চলিক ৰাজনৈতিক দলবােৰে নিজৰ অঞ্চলৰ সামাজিক , অর্থনৈতিক , ৰাজনৈতিক আৰু সাংস্কৃতিক সমস্যাৰ লগত হে জড়িত থাকে । আঞ্চলিক দলসমূহ অনেক সময়ত ধর্মীয় কাৰণতাে সুকীয়া ৰাজনৈতিক অস্তিত্বৰ স্বাৰ্থত গঢ়ি উঠা দেখা যায় । 

২। আঞ্চলিক ৰাজনৈতিক দলবােৰৰ সদস্যসকল এটা সীমিত অঞ্চলৰ লােকৰ মাজতে আবদ্ধ থাকে । এটা নির্দিষ্ট সীমা ৰেখাৰ মাজৰ একোটা অঞ্চলৰ সমস্যাৰ লগতহে জড়িত আৰু সেই সমস্যা সমাধানৰ বাবেহেই গঢ়ি উঠে। ই কোনাে সর্বভাৰতীয় সমস্যাৰ লগত জড়িত নাথাকে । 

৩। এই দলসমূহে সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ কার্যকলাপৰ সমালােচনা কৰে । এই দলবােৰ কেন্দ্ৰৰ চৰকাৰৰ প্রতি সহানুভূতিশীল নহয় । 

৪। আঞ্চলিক দলবােৰ ৰাজ্য চৰকাৰসমূহক অধিক ক্ষমতা প্রদানৰ পক্ষপাতী কেন্দ্র আৰু ৰাজ্যচৰকাৰৰ সাংবিধানিক ক্ষমতা বিতৰণৰ নীতিসমূহ পুনৰ বিচাৰ কৰি সাংবিধান সংশােধনৰ দাবী উত্থাপন কৰাৰ পক্ষপাতী ।

৫ । আঞ্চলিক দলসমূহে বিশেষকৈ কেন্দ্রীয় চৰকাৰৰ অবজ্ঞাসূচক বা আওকণীয়া মনােভাবৰ সমালােচনা কৰে আৰু মনােভাৱৰ প্রতি সদায় সজাগ সচেতন হৈ থাকে । 

৬। আঞ্চলিক ৰাজনৈতিক দলসমূহে ৰাষ্ট্ৰীয় সমস্যাতকৈ স্থানীয় বা আঞ্চলিক সমস্যাৰাজিৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে । 

৭। এই দলবােৰ নিজৰ নিজৰ অঞ্চলৰ জনপ্রিয় হৈ উঠি তৃণমূল পর্যায়ত বেছি শক্তিশালী হৈ উঠে । স্থানীয় জনসাধাৰণৰ ওপৰত ইয়াৰ প্ৰভাৱ বৰ বেছি হােৱা দেখা যায় । 

৮। আঞ্চলিক দলসমূহ অনেক ক্ষেত্রতে সাম্প্রদায়িক , এনেকি ধর্মীয়ভাৱৰ বশৱৰ্তী হৈ অতি সংকীর্ণ মনােভাৱৰ পৰিচায়ক হৈ পৰাও দেখা যায় । 

৯ । বহুতাে আঞ্চলিক দলৰ নীতি – নিয়মবােৰ কিছুমান আবেগিক কাৰণতে বান্ধিলােৱা হয় বাবে প্রকৃত ৰাজনৈতিক লক্ষ্যত উপনীত হ’ব নােৱাৰে । এনে দলবােৰত সুদক্ষ ৰাজনৈতিক নেতাৰ অভাৱ দেখা যায় । 

স্বাধীনতাৰ পাছত অসমৰ ৰাজনীতিতে সময়ে সময়ে বহুতাে আঞ্চলিক ৰাজনৈতিক দল গঢ়ি উঠা দেখা যায় । স্বাধীনতাৰ পাছত সর্বসাধাৰণ প্ৰজাই অবাধ ৰাজনৈতিক স্বাধীনতা লাভ কৰাৰ ফলত সকলাে জনগােষ্ঠীয়ে নিজৰ নিজৰ অর্থনৈতিক সমস্যাৰ প্রতি সজাগ সচেতন হৈ পৰে। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ অৱজ্ঞা আৰু বঞ্চনাৰ মনােভাৱত বহুতাে অঞ্চলত অর্থাৎ ৰাজ্যত অনেক আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছে । বর্তমান অসমত বিভিন্ন জনগােষ্ঠীৰ মাজত ৰাজনৈতিক মনােভাৱ তীব্র হৈ আঞ্চলিকতাবাদী মনােভাৱ গঢ়ি উঠা দেখা গৈছে । এই জনগােষ্ঠীবােৰৰ ভিতৰত কোকৰাঝাৰ অঞ্চলত বড়ােসকলে , কার্বিআংলং অঞ্চলত কার্বিসকলে ইতিমধ্যে PTC,ASDC আদিৰ নিচিনা সৰু সৰু ৰাজনৈতিক দল গঠন কৰিছে । মেঘালয়ৰ খাছীয়াসকলে , লুচাই পাহাৰৰ মিজোসকলে , অৰুণাচলৰ জনজাতিবােৰে ইতিমধ্যে অসম ৰাজ্যৰ পৰা ফালৰি কাটি গৈ নতুন নতুন ৰাজ্য গঠন কৰিবলৈ সক্ষম হৈছে । 

প্রশ্ন ৮ । ‘ভাৰতৰ জাতীয় সংহতি ৰক্ষাৰ বাবে কি কি উপায় অবলম্বন কৰা হৈছে ? নাইবা , ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ বা বিকাশৰ বাবে সাংবিধানিক উপায়সমূহ কি কি ? 

উত্তৰঃ বৈচিত্র্যময় ভাৰতৰ বিভিন্ন জনগােষ্ঠীৰ মাজত জাতীয় সংহতিৰ পুষ্টি সাধনৰ বাবে ৰাষ্ট্ৰীয় চৰকাৰে সাংবিধানিকভাবে নানা উপায়েৰে ঐক্য সাধনৰ চেষ্টা কৰিছে । এই উপায়সমূহৰ কিছুমান তলত উল্লেখ কৰা হ’ল— 

১। নাগৰিকতা :- ভাৰতবর্য এখন যুক্তৰাষ্ট্র যদিও ইয়াৰ নাগৰিকসকলক দুটা নাগৰিকতাৰ পৰিৱর্তে , এটা মাত্র নাগৰিকতাহে প্রদান কৰা হৈছে যাতে এক একতাৰ ভাৱ জগাই তুলিব পাৰে । ভাৰতত বাস কৰা সকলাে নাগৰিকেই ‘ ভাৰতীয়’ । তেওঁলােকৰ অধিকাৰ আৰু কৰ্তব্য একেই  সমান এক দেশৰ এক নাগৰিক হিচাপে কাম কৰিলেহে দেশৰ সংহতি বা হ’ব । 

২। সংবিধান :- ভাৰতত আন যুক্তৰাষ্ট্রৰ দৰে সংযুক্ত ৰাজ্যসমূহৰ নিজা সুকীয়া সংবিধান নাই । গােটেই ভাৰতৰ এখনেই মাত্র সংবিধান । ইয়াত সন্নিবিষ্ট আইন – কানুন ভাৰতৰ সকলাে । ৰাজ্য সকলাে নাগৰিকৰ বাবে প্রযােজ্য । সংবিধানে সকলকে সমানে সুবিধা , ৰক্ষণাবেক্ষণ দিছে । এই সংবিধানৰ জৰিয়তে এটা ঐক্যভাৱ গঢ়ি উঠিছে । 

৩। চৰকাৰী ভাষা :- ভাৰতত ভাষাৰ ভিত্তিত ৰাজ্যসমূহ গঠন কৰি একোটা ভাষাক ৰাজ্যিক ভাষা হিচাপে সাংবিধানিক স্বীকৃতি প্রদান কৰা হৈছে যদিও গােটেই ভাৰতৰ এটা ভাষিক ঐক্য গঢ়ি তােলাৰ বাবে ‘ হিন্দীক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে । এই উমৈহতীয়া চৰকাৰী ভাষাৰ জৰিয়তে ভাৰতীয়সকলৰ মাজত সংহতি গঢ়ি তােলাৰ আশা 

৪। শিক্ষা :- ভাৰতৰ সৰহ সংখ্যক লােক নিৰব আৰু অজ্ঞ হােবা বাবে ধর্মীয় বা ভাষিক সংকীর্ণতাই সহজে প্রভাৱিত কৰি বিভেদ সৃষ্টি কৰে । সেইবাবে , বিনামূলীয়া বাধ্যতামূলক শিক্ষাৰ দ্বাৰা এই সংকীর্ণতা আঁতৰাবৰ চেষ্টা কৰা উচিত । শিক্ষাৰ দ্বাৰা মানুহৰ উদাৰ সহনশীলতা গুণৰ বিকাশ ঘটাব পাৰিলেহে বিভেদৰ বীজ বিয়পাৰ সম্ভাৱনা কমাব পৰা যাব আৰু ৰাষ্ট্ৰীয় সংহতিৰ পথ সুগম হ’ব । 

৫। ৰাষ্ট্ৰীয় প্রতীকসমূহ :- ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকসমূহ , আমাৰ ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতিৰে প্রতীক । ত্রিৰঙ্গা পতাকা , অশােকচক্ৰ আৰু জন – গণ – মন ’ ৰাষ্ট্রীয় সংগীত— এইবােৰ আমাৰ দেশৰ ৰাষ্ট্ৰীয় প্রতীক । এই প্রতীকবােৰক ভাৰতবাসীয়ে সকলাে ঠাইতে , সমানে সম্মান আৰু ভক্তি কৰে । এইবােৰে ভাৰতবাসীৰ মাজত দৃঢ় ঐক্য আৰু বান্ধোন গঢ়ি তুলিছে । ৰাষ্ট্ৰীয় সংগীতটোৱে আমাৰ দেশৰ সকলাে ঠাইৰ প্রাকৃতিক বর্ণনা ৰাজ্যৰ নাম , নদ – নদী আদি সমম্বিতে সকলাে ভাৰতীয়ৰ মন আকর্ষণ কৰি এক সংহতিৰ ভাৱ জাগবিত কৰে । 

৬। ৰাষ্ট্ৰীয় উৎসৱ :- ভাৰতৰ সকলাে লােকে জাতি , ধর্ম , বর্ণ নির্বিশেষে পালন কৰা ৰাষ্ট্ৰীয় উৎসৱসমূহেও ভাৰতবাসীৰ মাজত ৰাষ্ট্ৰীয় ঐক্যৰ ভাৱ জাগ্রত কৰাত সহায় কৰে । স্বাধীনতা দিৱস , গণৰাজ্য দিৱস , শিশু দিবস আদি আমি সকলাে ভাৰতবাসীয়ে চৰকাৰী কাৰ্যসূচীমতে পালন কৰে । এইবােৰে জাতীয় সংহতিৰ বিকাশত সহায় কৰে ।

৭। ধৰ্মনিৰপেক্ষ নীতি :- ভাৰত চৰকাৰৰ ধৰ্মনিৰপেক্ষ নীতি , বিভিন্ন ধৰ্মৰ ভাৰতবাসীৰ মাজত ঐক্য ভাৱ গঢ়ি তােলাত এটা অতি উল্লেখযােগ্য নীতি । ভাৰতৰ কোনাে ৰাষ্ট্ৰীয় ধর্ম নাই । ভাৰতৰ সকলাে ধর্ম সমান , কোনাে ধৰ্মৰ মানুহক ভাৰতত বিশেষ সুবিধা প্রদান কৰা নহয় । এই নীতিয়ে ভাৰতবাসীৰ মাজত ধর্মীয় বিভেদ কমাই এক সহনশীল ভাৱ গঢ়ি তােলাত যথেষ্ট সহায়ক হৈছে । 

৮। সামাজিক ন্যায় :- আমাৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা ’ আৰু ৰাষ্ট্রৰ নিৰ্দেশাত্মক নীতিৰ দ্বাৰা ভাৰতত সামাজিক , অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্রতিষ্ঠা কৰাৰ কথা কোৱা হৈছে । ভাৰতবাসীৰ বাবে এখন কল্যাণকামী দেশ গঢ়ি তুলিবলৈ সাংবিধানিকভাৱে নীতি – নির্দেশনা কৰা হৈছে । সেই মতে চৰকাৰে পিছপৰা জাতি আৰু অঞ্চলৰ অসমতা দূৰ কৰি সংহতি স্থাপনৰ চেষ্টা কৰিছে । 

৯। অর্থনৈতিক উন্নয়ন :- ভাৰতৰ স্বাধীনােত্তৰ কালছােৱাত ভাৰতৰ আর্থিক উন্নতি হৈছে যদিও আঞ্চলিক আর্থিক বৈষম্য দূৰ হােৱা নাই । এই আঞ্চলিক অর্থনৈতিক বৈষম্য দূৰ কৰাৰ বাবে সুষম অর্থনৈতিক উন্নয়নৰ আঁচনিসমূহ সঠিকভাৱে কাৰ্যকৰী কৰি তুলিবলৈ চেষ্টা কৰিব লাগে । ভাৰতৰ সকলাে জাতি আৰু অঞ্চলৰ সমানে আর্থিক উন্নয়ন সাধন কৰিব পাৰিলে ভাৰতীয় ৰাষ্ট্ৰীয় সংহতি সাধনত সহায়ক হ’ব । 

প্রশ্ন ৯। ভাৰতত ৰাষ্ট্ৰীয় সংহতিৰ সমস্যা হিচাপে ভাষাবাদ আৰু সাম্প্রদায়িকতাবাদৰ চমুকৈ আলােচনা কৰা । নাইবা , সাম্প্রদায়িকতাবাদৰ ধাৰণাটো অতি বিপদজনক মন্তব্য দিয়া । 

উত্তৰঃ ( ক ) ভাষাবাদ :- ভাৰত এখন বহু ভাষা – ভাষী লােকৰ দেশ । ভাষাৰ “ বৈচিত্র্যতা আৰু ঐক্য ভাৰতৰ সংস্কৃতিৰ এক উল্লেখযােগ্য বৈশিষ্ট্য । ই এক উমৈহতীয়া পৰিচয়ৰ উপৰি সংঘৰ্ষৰৰ প্রতীক । ভাৰতীয় সংবিধানে ১৮ ( ওঠটা ) ভাষাক স্বীকৃতি দিছে । এটা সময়ত ভাষাৰ ভিত্তিতে ৰাজ্যসমূহক ভাগ কৰা হৈছিল । ভাৰতত মুঠতে ১৭৯ টা ভাষা আছে । ইয়াৰ উপৰি ৫৪৪ টা দোৱান আছে । এই ভাষা আৰু দোৱানবােৰ তিনিটা ভাষিক পৰিয়ালত ভাগ কৰা হৈছে । ( ১ ) ইণ্ডো – এৰিয়ান , ( ২ ) দ্রাবিড়ীয়ান আৰু ( ৩ ) মুণ্ডাৰী । 

১। ইণ্ডো – এৰিয়ান পৰিয়ালত থকা ভাষাবােৰ হ’ল— সংস্কৃত , হিন্দী , অসমীয়া , বঙালী , উড়িয়া , মাৰাঠী , গুজৰাটী , পাঞ্জাবী , উর্দু আদি উত্তৰ ভাৰতীয় ভাষাবােৰ ।

২। দ্রাবিড়ীয়ান পৰিয়ালৰ ভাষাবােৰ হ’ল — তামিল , তেলেগু , কানাড়া আৰু মালায়ালম । 

৩। মুণ্ডাৰী পৰিয়ালৰ ভাষাবােৰ সাধাৰণতে জনজাতীয় সম্প্রদায়ৰ লােকৰ মাজত দেৱান হিচাপে পােৱা যায় । মধ্যযুগত অৱশ্যে পাৰ্চীয়ান , আৰবী আৰু উর্দু কিছু জনপ্রিয় হৈ পৰিছিল । উর্দু আৰু হিন্দী ভাষাৰ মিশ্রিত ভাষাক ভাৰতত হিন্দুস্থানী ভাষা বুলি জনা যায় । স্বাধীনতাৰ পিছত হিন্দী ভাষাক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে । 

দাক্ষিণাত্যৰ ক্ষেত্ৰত ইংৰাজী ভাষাকো আনুষংগিক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে । ভাষা ভাৰতীয়সকলৰ মাজত বৈচিত্র্যতা আৰু বিচ্ছিন্নতাৰ এটা উল্লেখযােগ্য উপাদান । ভাষাগত বিচ্ছিন্নতাবাদ ভাৰতীয়সকলৰ মাজত এটা শক্তিশালী আৰু আবেগিক মনােভাব । বিভিন্ন ভাষাগােষ্ঠী লােকৰ মাজত ৰাজনৈতিক কাৰণতে নানা সংঘাতৰ সৃষ্টি হােৱা দেখা যায় । ভাষাৰ ক্ষেত্ৰত সাধাৰণতে তিনিটা কাৰণত সংঘাত হােৱা দেখা যায়— 

( ১ ) ৰাষ্ট্ৰীয় বা ৰাজ্যিক ভাষা কৰাৰ ক্ষেত্ৰত ।

( ২ ) ভাষিক ভিত্তিত বাজ্যৰ পুনৰ গঠন কৰাৰ দাবীত ।

( ৩ ) কোনাে অঞ্চল বা ৰাজ্যত সংখ্যালঘুৰ ভাযাক প্রস্থিতি দানৰ ক্ষেত্ৰত । 

আমি বেছিভাগ লােকেই নিজৰ ভাষাটোক ভাল বুলি ভান কৰোঁ । বহুতাে ক্ষেত্ৰত আনৰ ভাষাৰ প্রতি সহনশীলতাৰ মনােভাব পােষণ কৰিব নােৱাৰো । আমি জনা উচিত ভাষা মানুহৰ মনৰ ভাব প্রকাশৰ এটা মাধ্যমহে । সকলাে মানুহৰে মনৰ ভাব নিজৰ ভাষাৰে প্ৰকাশ কৰাৰ জন্মগত স্বাধীনতা আছে । ভাষাক এটা বিবাদৰ বিষয় কৰা উচিত নহয় । ভাষাগত ঐক্যৰ যােগেদি আমি ভাৰতীয়সকলে ৰাষ্ট্ৰীয় সংহতিৰ গুৰি টনকিয়াল কৰিবলৈ চেষ্টা কৰা উচিত । 

( খ ) সাম্প্রদায়িকতা :- ভাৰতবৰ্ষত বিভিন্ন সম্প্রদায়ৰ লােক বসবাস কৰে । এই সম্প্রদায়সমূহ প্ৰধানকৈ ধৰ্মৰ ওপৰত ভিত্তি কৰিয়ে গঢ়ি উঠা দেখা যায় । সাধাৰণতে একে জাতীয় সমাজতহে ধর্মই এক অখণ্ড ঐক্যৰ পৰিৱেশ গঢ়ি তুলিব পাৰে কিন্তু বহু জাতীয় , বহু ধর্মীয় সমাজত বিশেষকৈ ভাৰতৰ নিচিনা বিশাল – বিচিত্র দেশত ধর্ম এক বিবাদৰ বিষয়হে হােৱাৰ সম্ভাৱনা বেছি দেখা যায় । পৰম্পৰাগতভাৱে ভাৰতত বিভিন্ন ধৰ্মৰ লােকে কম বেছি পৰিমাণে শান্তিপূর্ণভাৱেই চলি আহিছে যদিও বর্তমান সাম্প্রদায়িক ঐক্য বিঘ্নিত হৈছে । 

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়তে ইংৰাজ শাসকৰ বিভেদকামী নীতিয়ে ভাৰতত সাম্প্রদায়িক বিভেদৰ বীজ সিচি দি ভাৰতবাসীৰ মাজত সাম্প্রদায়িক বিদ্বেষ হিন্দু আৰু মুছলমানৰ মাজত গাঢ় কৰি তােলে । এই সাম্প্রদায়িকতাৰ বিদ্বেষতে অবশেষত ভাৰত বিভাজিত হৈ ভাৰত আৰু পাকিস্তান সৃষ্টি হৈছিল । এনেকি স্বাধীনতাৰ পিছতাে সাম্প্রদায়িক সমস্যাই সময়ে সময়ে মূৰ দাঙি উঠা দেখা যায় । সাম্প্রদায়িকতাৰ মনােভাব গঢ়ি তােলে আৰু ইয়াৰ ফলতে মৌলবাদী চিন্তাধাৰাও গঢ়ি উঠে । গােড়া মনােভাৱে সাম্প্রদায়িক সংঘৰ্ষৰ ভাব সৃষ্টি কৰে । ভাৰতত বর্তমান সাম্প্রদায়িকতাৰ ভিত্তিতে ৰাজনৈতিক দলত গঢ়ি উঠিছে । সেইবাবেই সময়ে সময়ে বিভিন্ন কাৰণত সাম্প্রদায়িক সংঘৰ্যৰ সৃষ্টি হােৱা দেখা যায় । ইয়াৰ ফলতে আমাৰ দেশত সামাজিক আৰু অর্থনৈতিক দিশত বিস্তৰ ক্ষতি সাধন হৈছে । ভাৰতৰ সকলাে সম্প্রদায়ৰ ভাৰতবাসীয়ে সহনশীলভাৱে মিলা – প্ৰীতিৰে থাকিলেহে ভাৰতৰ সৰ্বাংগীন উন্নতি হ’ব । স্বাধীন ভাৰতক উন্নতিৰ পথত আগবঢ়াই নিবলৈ আমাৰ মাজত থকা সাম্প্রদায়িক বিভেদ পাহৰি, ঐক্যবদ্ধভাৱে নতুন এখন ভাৰত গঢ়িবলৈ আগবাঢ়ি যাব লাগিব ।

1 thought on “Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top