Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন

Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন and select needs one.

Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন

Join Telegram channel

Table of Contents

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন Solutions for All Subject, You can practice these here…

সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন

পাঠ: ৩

প্ৰথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। সামাজিক সংস্থা বুলিলে কি বুজা ? নাইবা , সামাজিক সংস্থাৰ সংজ্ঞা দিয়া ।

উত্তৰঃ সামাজিক সংস্থা সম্পর্কে বিভিন্ন চিন্তাবিদে বিভিন্ন ধাৰণা আগবঢ়াইছে । মে আইভাৰ আৰু পেজৰ মতে , “ সংস্থা পদ্ধতিৰ সংস্থাপিত ৰূপ । ই এবিধ প্রচলিত সামাজিক faszti faffi ” ( The established forms or conditions of procedure characteristic of Group activities . ) । 

আনহাতে কিংছলি ডেভিচৰ মতে , কোনাে এটা বা তাতকৈ বেছি সামাজিক কার্যকলাপ সমাপন কৰিবৰ বাবে যি এলানি দেশাচাৰ জনৰীতি আৰু নীতি – নিয়মৰ সম্পর্ক সংগঠিত হয় তাকেই সংস্থা বােলে । মুঠতে সাধাৰণভাৱে সংস্থা হ’ল নিয়ম – নীতিৰ দ্বাৰা সৃষ্টি কৰা এক সংগঠিত পদ্ধতি । এই পদ্ধতিৰ সহায়ত কোনাে এক সামাজিক ক্রিয়া সম্পাদন কৰা হয় । এনে পদ্ধতিৰ ভিতৰত আমি আমাৰ পাঠ্যক্ৰমৰ পৰা ( ১ ) বিবাহ পদ্ধতি , ( ২ ) পৰিয়াল পদ্ধতি , ধর্ম পদ্ধতি বা স্বজন পদ্ধতিৰ উদাহৰণ দিব পাৰোঁ । এইবােৰকে সামাজিক সংস্থা বােলা হয় । তলত আমি এই সংস্থাবােৰৰ বিষয়ে চমুকৈ আলােচনা কৰা হ’ল । 

জাতি প্রথা

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। জাতিৰ অর্থ লিখা । 

উত্তৰঃ জাতি হৈছে এক প্রাচীন সামাজিক সংস্থা । জাতি এটা বর্গীয় অর্থব্যঞ্জক শব্দ , যিটোৱে প্রজাতি বা যি কোনাে প্রকাৰৰ নিৰ্জীৱ বস্তু , উদ্ভিদ , প্রাণী আৰু মানুহক বুজায় । জাতি  শুব্দটো ভাৰতীয় ভাষাবােৰত সাধাৰণতে জাতি – সংস্থাক বুজাবলৈ ব্যৱহৃত হয় । জাতি শব্দটো  ইংৰাজীৰ কাষ্ট ’ শব্দৰ পৰা লােৱা হৈছে । ইংৰাজীৰ কাষ্ট শব্দটো পর্তুগীজ ভাষাৰ কাষ্ট’ৰ পৰা । আহিছে । ইয়াৰ অৰ্থ হ’ল— ‘ বিশুদ্ধ জাতি’ । 

প্রশ্ন ২। জাতিৰ সংজ্ঞা দিয়া ।

উত্তৰঃ জাতি হৈছে অন্তর্বিবাহী সমূহ বা এনে এক সমূহৰ সমষ্টি যাৰ সাধাৰণ এটা নাম থকাৰ উপৰিও এটা পৰম্পৰাগত বৃত্তি থাকে । এই সকল একে বৃত্তিধাৰী আৰু এওঁলােকৰ স্বজাতীয় সমুদায় বুলি দাবী কৰাৰ ক্ষমতা থাকে ।

প্রশ্ন ৩। জনজাতি কি ? অথবা , জনজাতিৰ সংজ্ঞা দিয়া ।

উত্তৰঃ জনজাতি হ’ল এক নির্দিষ্ট অর্থ বহনকাৰী আধুনিক শব্দ । এই শব্দটোৱে আদিম অধিবাসীসকলৰ মাজৰে অতি পুৰণি সম্প্রদায়বােৰক বুজায় । জনজাতিৰ কোনাে লিখিত ধর্ম নাই । ৰাজ্য বা ৰাজনৈতিক ৰূপ নাছিল । তেওঁলােকৰ কোনাে জাতি নাই । তেওঁ হিন্দু অথবা খেতিয়ক নহয় । ঔপনিবেশিক কালত এই শব্দটো প্রচলন কৰা হৈছে । 

প্রশ্ন ৪। পৰিয়াল কি ? 

উত্তৰঃ স্বজন সম্পৰ্কৰ জৰিয়তে যােগসূত্র ধৰি ৰখা কোনাে ব্যক্তি গােট বা সমূহ ( group ) । যত বয়সস্থ লােকসকলে তেওঁলােকৰ পৰা ল’ৰা – ছােৱালীৰ প্ৰতিপালনৰ দায়িত্ব লয় । 

প্রশ্ন ৫। স্বজনতা কি ? 

উত্তৰঃ বিবাহ অথবা তেজৰ সম্পর্কৰে একে বংশৰ বান্ধোনেৰে গঢ়ি উঠা ব্যক্তিসকলৰ মাজৰ সম্বন্ধ যেনে— মাক – দেউতাক আৰু তেওঁলােকৰ সতি – সন্ততিবােৰ । 

প্রশ্ন ৬। অসবর্ণ বিবাহ বুলিলে কি বুজা ? 

উত্তৰঃ একে জাতি বা বর্ণ পুৰুষ আৰু নাৰীৰ মাজত নােহােৱা বিবাহক অসবর্ণ বিবাহ বােলে । 

প্রশ্ন ৭। ‘সত্য সন্ধানী সমাজ ’ কোনে প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ জ্যোতিৰাও গােবিন্দৰাও ফুলে । 

প্রশ্ন ৮। দলিতসকলৰ এজন নেতাৰ নাম লিখা । 

উত্তৰঃ আয়ান কালি ( ১৮৬৩-১৯১৪ ) । তেওঁ নিম্ন জাতি আৰু দলিতসকলৰ নেতা আছিল । তেওঁৰ জন্ম হৈছিল কেৰেলাত । তেওঁৰ প্রচেষ্টাতে দলিতসকলে ৰাজহুৱা পথত চলা ফুৰা কৰাৰ স্বাধীনতা পাইছিল আৰু দলিতসকলৰ শিশুসকলে পঢ়াশালিলৈ যােৱাৰ অনুমতি পাইছিল । 

প্রশ্ন ৯। সাবিত্রী বাই ফুলে কোন আছিল ? 

উত্তৰঃ সাবিত্রী বাই ফুলে আছিল পুনেত অৱস্থিত দেশৰ ভিতৰতে প্ৰথমখন ছােৱালী বিদ্যালয়ৰ প্ৰথম গৰাকী প্রথম শিক্ষয়িত্রী । তেওঁ কৃষক – শ্রমিকসকলৰ বাবে এখন নৈশ বিদ্যালয় পাতিছিল । তেওঁ শূদ্ৰসকলক শিক্ষা দিয়া কামত নিজকে ব্ৰতী কৰিছিল । 

প্রশ্ন ১০। নাৰায়ণ গুৰু কোন আছিল ? 

উত্তৰঃ শ্ৰীনাৰায়ণ গুৰু ( ১৫৫৬-১৯১৮ ) কেৰেলাত জন্মগ্রহণ কৰিছিল । তেওঁ জাতি প্রথা আৰু তাৰ কুপ্রভাৱৰ বিৰুদ্ধে যুঁজ দিছিল । তেওঁ ‘ এক জাতি , এক ধর্ম , সকলােৰে বাবে এক ঈশ্বৰত বিশ্বাসী আছিল । 

প্রশ্ন ১১। যজমানী ব্যবস্থা কি ? 

উত্তৰঃ যজমানী ব্যৱস্থা জাতি ব্যৱস্থাৰে এক গতানুগতিক সামাজিক বিনিময় প্রথা । উত্তৰ ভাৰতত প্রচলিত প্রথা । এই ব্যৱস্থাত উৎপাদিত বয় – বস্তু আৰু সেৱা আদিৰ মাজত বিনিময় কৰা হয় । এই প্রথাত টকা – পইচাৰ লেন – দেন নাথাকে । ই বজাৰ ব্যৱস্থাৰ বাহিৰত ধৰা হয় । মুঠতে মধ্যবিত্ত উচ্চ জাতৰ , আঢ্যবস্ত লােকৰ ঘৰত নিম্ন জাতৰ লােকে নিয়মীয়াকৈ বয় বস্তুৰ বিনিময়ত বছৰি সেৱা আগবঢ়োৱা প্ৰথা । যেনে– চুলি কটা , দা কটাৰী তৈয়াৰ কৰি দিয়া , মাটিপাত্র সাজি দিয়া , সৰু – সৰু কাম কৰি দিয়া আদি । 

প্রশ্ন ১১। সৰ্বভাৰতীয় অনুসূচীত জাতি পৰিষদ কোনে গঠন কৰিছিল ?

উত্তৰঃ ১৯৩৫ চনত ভাৰত চৰকাৰৰ অধিনিয়ম মতে গঠন কৰা হৈছিল । 

প্রশ্ন ১২। পৰিয়ালক কোনটো সমূহৰ ভিতৰত ধৰা হয় ?

উত্তৰঃ প্রাথমিক সমূহত ধৰা হয় । 

প্রশ্ন ১৩। বিবাহ কি ? 

উত্তৰঃ দুজন প্রাপ্তবয়স্ক পুৰুষ – মহিলাৰ মাজত সামাজিকভাৱে স্বীকৃতিপ্রাপ্ত যৌন মিলন কার্য । বিবাহপাশত আবদ্ধ হােৱাৰ পাছত তেওঁলােক এজন আনজনৰ স্বজন হৈ পৰে । 

প্রশ্ন ১৪। বন্ধস্তৰীকৰণৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ ভাৰতৰ জাতি ব্যবস্থা । 

প্রশ্ন ১৫। সংস্কৃতিকৰণ অবধাৰণাটো প্রথমে কোনে আগবঢ়াইছিল ? 

উত্তৰঃ এম , এন , শ্রীনিবাচনে । ( M , N. Srinivas ) 

প্রশ্ন ১৬। এম এন শ্রীনিবাস কোন ?

উত্তৰঃ এম এন শ্রীনিবাস হ’ল সংস্কৃতিকৰণ অৱধাৰণাটোৰ প্রবক্তা । 

প্রশ্ন ১৭। ” Marriage and family in India ” নামৰ কিতাপখনৰ লিখক কোন ? 

উত্তৰঃ কে , এম , কাপাদিয়া ( K. M. Kappadia ) ।

প্রশ্ন ১৮। যুটীয়া পৰিয়ালৰ মুখ্য দুটা কার্য উল্লেখ কৰা । 

উত্তৰঃ মুখ্য দুটা কার্য হল— 

( ১ ) ব্যয় সংকোচন কার্যঃ যুটীয়া পৰিয়ালৰ উপার্জন সাধাৰণতে এটা পুঁজিতে জমাৰখা হয় । কম খৰছতে অধিক সংখ্যক লােকৰ ভৰণ – পােষণ চলাবলৈ যত্ন কৰা হয় । 

( ২ ) যুটীয়া পৰিয়ালৰ লােকে সা – সম্পদৰ অধিকাৰ কোনাে ব্যক্তিৰ হাততে নাথাকে । সদস্যসকলে সম্পদ অধিকাৰ সমভাৱে উপভােগ কৰে । 

( ৩ ) যুটীয়া পৰিয়ালৰ কৃষিক্ষেত্র অবিভক্ত হৈ থকা বাবে সকলাে সদস্য উমৈহতীয়াকৈ শ্ৰম কৰি শস্য উৎপাদন কৰে আৰু তাৰ ফল ভােগ কৰে । 

প্রশ্ন ১৯। উত্তৰ – পূব ভাৰতৰ এটা জনজাতিৰ নাম উল্লেখ কৰা ।

উত্তৰঃ বড়াে জনজাতি । 

প্রশ্ন ২০। ‘ প্রভাৱশালী জাতি ’ মানে কি ? 

উত্তৰঃ এই অৱধাৰণাটো আগবঢ়াইছে বিখ্যাত সমাজতত্ত্ববিদ এম , এন শ্রীনিবাসে । প্রভাবশালী জাতি শব্দটোৱে বৃহৎ জনসংখ্যাৰ জাতিবােৰক বুজাইছে । স্বাধীনােত্তৰ কালত এইবােৰ জাতিক ভূমিস্বত্ব প্রদান কৰা হৈছিল । এওঁলােকেই আছিল ভূমিসংস্কাৰৰ প্ৰাক্তন দাবীদাৰ , অর্থাৎ উচ্চ জাতিৰ অনুপস্থিতিত জমিদাৰসকলেই ভূমিৰ অধিকাৰী হৈছিল আৰু কৃষিভিত্তিক অর্থনীতিত তেওঁলােকৰ কোনাে ভূমিকা নাছিল । তেওঁলােক নিজে কৃষক নাছিল । কৃষকৰ পৰা মাটিৰ ভাড়াহে লৈছিল । তেওঁলােক নগৰ – চহৰতহে বাস কৰিছিল । 

প্রশ্ন ২১। সামাজিক স্তৰীকৰণৰ সংজ্ঞা , আৰু সামাজিক স্তৰীকৰণৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ সামাজিক স্তৰীকৰণৰ সংজ্ঞা :- সামাজিক স্তৰীকৰণ এনে এটি সামাজিক প্রক্রিয়া যাৰ দ্বাৰা সমাজৰ ব্যক্তিসমূহক পদানুক্রমে উচ্চ , নিম্ন আদি কেইটামান সামাজিক স্থানত বিভক্ত কৰা হয় আৰু ফলস্বৰূপে পদানুযায়ী কিছুমান ব্যক্তিয়ে আনসকলৰ তুলনাত অধিক ক্ষমতা , সুবিধা , সন্মান লাভ কৰে আৰু আন কিছুমানে তেনে ক্ষমতা , সুবিধা , সন্মানৰ পৰা বঞ্চিত হয় । উদাহৰণ— জাতি , সামাজিক শ্রেণী , সামন্ত প্রথা আদি হ’ল স্তৰীকৰণৰ স্বৰূপ ।

See Next Page…

1 thought on “Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top