Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন

Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন and select needs one.

Join Telegram channel

Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন Solutions for All Subject, You can practice these here…

 

স্বজন – পদ্ধতি

প্রশ্ন ১। স্বজন – পদ্ধতি কি ? ই কেই প্রকাৰৰ এটি চমু আভাস দিয়া । নাইবা , স্বজন – পদ্ধতিৰ এটা চমুটোকা লিখা ।

উত্তৰঃ স্বজন – পদ্ধতিঃ বিবাহৰ জৰিয়তে সমাজত মানুহৰ পাৰস্পৰিক সম্পর্ক বা আত্মীয়তা গঢ়ি উঠে । বিবাহ প্রথাৰ জৰিয়তেই কেৱল যে এজন পুৰুষৰ লগত এজনী নাৰীৰ চিৰদিনৰ বাবে সম্পর্ক বা আত্মীয়তা গঢ়ি উঠে তেনে নহয় । বিবাহৰ পিছত দৰা – কন্যাৰ পিতৃ – মাতৃ , ভাই ভনী আৰু আন আত্মীয় – কুটুম্বৰ লগত এক চিৰদিনীয়া আত্মীয়তা গঢ়ি উঠে । আনহাতে এই 

সম্বন্ধৰ লগতে জন্মৰ জৰিয়তে গঢ়ি উঠা সম্পর্কও জড়িত হৈ থাকে । জন্মৰ সম্বন্ধ , তেজ মঙহৰ সম্বন্ধ । এইদৰে বিবাহ আৰু জন্মৰ জৰিয়তে ব্যক্তিৰ মাজত যি এক আত্মীয়তা গঢ়ি উঠে , আৰু তাৰ দ্বাৰা যি এক সমূহৰ সৃষ্টি হয় তাকে স্বজন – পদ্ধতি বােলে । বিভিন্ন সমাজ ব্যৱস্থাত বিভিন্ন প্ৰকাৰৰ স্বজন – পদ্ধতি দেখা যায় । সাধাৰণতে স্বজন পদ্ধতিক দুই ভাগত ভগাব পাৰি । 

( ১ ) এক – পক্ষীয় স্বজন – পদ্ধতি । আৰু 

( ২ ) দ্বি – পাক্ষিক স্বজন – পদ্ধতি । 

১। এক – পক্ষীয় স্বজন – পদ্ধতি :- এই পদ্ধতিৰ ভিতৰত পিতৃ বা মাতৃ যিকোনাে এক পক্ষৰ ব্যক্তিসকলক ধৰা হয় । পিতৃ – পক্ষ হ’লে পিতৃৰ ভাই – ভনী , তেওঁলােকৰ ল’ৰা – ছােৱালীক আৰু মাতৃ – পক্ষ হ’লে পিতৃৰ ভাই – ভনী আৰু তেওঁলােকৰ ল’ৰা – ছােৱালীক স্বজন বুলি ধৰা হয় । ইয়াৰ যি কোনাে এটা পক্ষকহে এক – পক্ষীয় স্বজন বুলি ধৰা হয় । এই প্রত্যক্ষ সম্পর্ক মুর্দকৰ মতে ৮ প্রকাৰ থাকে । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। দ্বি – পাক্ষিক স্বজন পদ্ধতি :- এই পদ্ধতিৰ ভিতৰত পিতৃপক্ষ আৰু মাতৃ – পক্ষৰ দুয়ােটাৰে ভাই – ভনী আৰু তেওঁলােকৰ ল’ৰা – ছােৱালীক লৈ ধৰা হয় । স্বজন গােষ্ঠী এটাত বা সমূহ এটাত কিমান ব্যক্তি থাকিব বা ধৰা হ’ব এই লৈ বিভিন্ন জনৰ বিভিন্ন মত পােৱা যায় । মুঠতে সামাজিক পদ্ধতি মতে স্বজন পদ্ধতি সৰু ডাঙৰ হােৱা দেখা যায় । এই দ্বিপাক্ষিক সম্পর্ক মুকৰ মতে ৩৩ প্ৰকাৰৰ হ’ব পাৰে । 

৩। অন্যান্য বা তৃতীয় পক্ষীয় স্বজন পদ্ধতি :- এই তৃতীয় পক্ষীয় সম্পর্ক হ’ল সেইবােৰ সম্পর্ক যিবােৰ প্রাথমিক সম্পর্ক দ্বিপাক্ষিক সম্পর্ক । যেনে— দেউতাৰ ভাইৰ পুত্র , মাতৃৰ ভাইৰ পত্নী , দেউতাৰ ভাইৰ পত্নী আদি । এই ত্রিপাক্ষিক সম্পর্ক মুর্দকৰ মতে ১৫১ প্রকাৰৰ হ’ব পাৰে । 

প্রশ্ন ২। স্বজন পদ্ধতি বুলিলে কি বুজা সংক্ষেপে বুজাই লিখা । 

উত্তৰঃ স্বজন পদ্ধতি :- প্রায় সকলাে প্ৰকাৰৰ সমাজতে ‘ স্বজনীয়তাই’সামাজিক সম্পর্ক সংগঠনকো বুজায় । স্বজনীয়তাৰ বান্ধোনে , তেজৰ বংশগত সম্বন্ধৰ বান্ধোন , বৈবাহিক সূত্রে হােৱা সম্বন্ধৰ বান্ধোন আৰু তােলনীয় সূত্রে গঢ়ি উঠা বান্ধোনৰ সম্বন্ধক বুজায় । পৰিয়াল , বিবাহ আৰু স্বজনীয়তা অতি নিবিড়ভাৱে পৰস্পৰে পৰস্পৰৰ লগত জড়িত । এই সম্বন্ধবােৰক সাধাৰণতে ককাদেউতা , দেউতা , মা , ভাই – ভনী , খুড়া , মামা ইত্যাদিৰে জনা যায় । এই সম্বন্ধৰ বান্ধোন আৰু স্থায়ীত্বই হ’ল স্বজনীয়তাৰ ভেটি । এই সম্বন্ধৰ বান্ধোনত কিছুমান অধিকাৰ আৰু বাধা নিষেধ জড়িত হৈ আছে ; যিবােৰে ইয়াক স্থায়ী আৰু নিশ্চিত কৰিছে । স্বজনীয়তা সংস্কৃতিৰে এটা অংশ , য’ত জন্ম আৰু বৈবাহিক বান্ধোনৰ দ্বাৰা , সম্পর্ক বা সম্বন্ধৰ ভাবাবেগ জড়িত হৈ থাকে । স্বজনীয়া এনে এক জনসমষ্টিৰ সংগঠন যাক তেজৰ বংশগত সম্বন্ধৰ দ্বাৰা নাইবা বৈবাহিক সম্বন্ধৰ দ্বাৰা স্বীকৃতি দিয়া হয় । 

সংজ্ঞা :- জি ডানকান মিটচেপৰ মতে- ‘ আমি স্বজনীয় শব্দটো তেজৰ সম্বন্ধৰ দ্বাৰা আৰু অতি ওচৰ সম্পৰ্কৰ দ্বাৰা সম্বন্ধীয় লােকৰ সম্বন্ধক বুজা বলৈহে ব্যৱহাৰ কৰোঁ । ( Where we use the term Kinship we are refferring to people who are related by consanguinity and affinity ‘ ) । তেজৰ সম্বন্ধই একে বংশােদ্ভৱ লােকৰ সমষ্টিক বুজায় । তেজোদ্ভৰ সম্বন্ধই একে পৰিয়ালত জন্ম পােৱা নাইবা পৰিয়ালত তােলনীয়া কৰি ৰখা লােককে বুজায় । আনহাতে ওচৰ সম্বন্ধ অন্তৰংগ সম্বন্ধই বৈবাহিক সূত্রে গঢ়ি উঠা সম্বন্ধক বুজায় । উদাহৰণস্বৰূপে পিতা – পুত্র সম্বন্ধ হ’ল তেজৰ সম্বন্ধ আৰু স্বামী – স্ত্রীৰ সম্বন্ধ হ’ল ওচৰ সম্পর্ক বা অন্তৰংগ সম্বন্ধ । এই ক্ষেত্ৰত মার্ডকে ( Murdlock ) মত পােষণ কৰে যে সকলাে সমাজতে প্রত্যেকজন প্রাপ্তবয়স্ক ব্যক্তিৰ সাধাৰণতে দুটা একক পৰিয়ালৰ লগতে সম্বন্ধ গঢ়ি উঠে । 

প্রথম , পৰিয়ালটো হ’ল যিটোত তেওঁ নিজে জন্মগ্রহণ কৰে আৰু য’ত তেওঁৰ পিতৃ – মাতৃ , ভাই – ভনী থাকে । 

দ্বিতীয় , পৰিয়ালটো হ’ল যিটো তেওঁ নিজে বিবাহৰ জৰিয়তে গঢ় দিয়ে । আৰু য’ত পতি – পত্নী আৰু তেওঁলােকৰ ল’ৰা – ছােৱালী থাকে । এই দুটা পৰিয়াল আৰু পূর্বপুৰুষসকল , সতি – সন্ততি , উত্তৰাধিকাৰীসকলৰ মাজত গঢ়ি উঠা সম্বন্ধকে স্বজন পদ্ধতি বুলি জনা যায় । 

স্বজনীয়তাই দুটা গুৰুত্বপূৰ্ণ আৰু সম্পর্ক থকা উদ্দেশ্য পূৰণৰ কাম কৰে । 

( ক ) ই এটা বংশৰ পৰা পৰৱর্তী বংশলৈ প্ৰস্থিতি আৰু সম্পত্তি হস্তান্তৰিত কৰা উপায় দিয়ে । 

( খ ) কোনাে কোনাে সমাজত স্বজনীয়তাই একোটা কার্যকৰী সামাজিক সমূহ প্রতিষ্ঠা আৰু পৰিচালনা কৰাতাে সেৱা আগবঢ়ায় । স্বজনীয়তা দুটা অতি ওচৰ সম্পৰ্কীত সংস্থাৰ দ্বাৰা উৎপাদিত এটা সংস্থা , পৰিয়াল আৰু বিবাহ আৰু ইয়ে সমাজত মানুহৰ জন্ম , স্ত্রী – পুৰুষৰ দৈহিক মিলন , মৃত্যু আদি আচৰণ পৰিচালনা কৰে । স্বজনীয়তাই তেওঁলােকৰ মাজৰ আশা – আকাংক্ষা , অধিকাৰ , কর্তব্য পৰম্পৰৰ মাজত পৰিচালনা কৰে । 

প্রশ্ন ৩। ভাৰতৰ স্বজন পদ্ধতি সম্পর্কে এটি আভাস দিয়া । 

উত্তৰঃ ভাৰতৰ স্বজন পদ্ধতিয়ে দেশখনৰ বিভিন্ন জাতি , উপজাতিৰ বিভিন্ন বিবাহ পদ্ধতিক আৰু প্ৰথাক প্রতিনিধিত্ব কৰে । সমগ্ৰ ভাৰতৰ এক স্বজন পদ্ধতিৰ বিষয়ে বিৱৰণ দিয়াটো সম্ভৱ নহয় । স্বজনীয়তা এটা সংস্থা হিচাপে ইয়াক আঞ্চলিক সংস্কৃতি হিচাপেহে বর্ণনা কৰিব পাৰি । প্রখ্যাত সমাজশাস্ত্রবিদ ইৰাবতী কাৰ্ভেৰ মতে, ভাৰতৰ স্বজনীয়তাক চাৰিটা আঞ্চলিক , ভিত্তিত বর্ণনা কৰিব পাৰি । যেনে— উত্তৰাঞ্চল , দক্ষিণাঞ্চল ; পূর্বাঞ্চল আৰু পশ্চিমাঞ্চলৰ স্বজনীয়তা । আন কিছুমান সমাজশাস্ত্রবিদে দুই প্রকাৰৰ স্বজনীয়তাৰ কথাহে উল্লেখ কৰে । উত্তৰাঞ্চলৰ স্বজনীয়তা আৰু দাক্ষিণাত্যৰ স্বজনীয়তা । এই দুই পদ্ধতিকে আকৌ আৰ্য আৰু দ্রাবিজৰীয়ান স্বজনীয়তা পদ্ধতি বুলিও জনা যায় । 

উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ স্বজনীয়তা :  

দক্ষিণ ভাৰতৰ স্বজনীয়তা :- সাধাৰণতে ওচৰ সম্পৰ্কীয় স্বজাতীয় বা স্বজনীয়তাৰ মাজত বৈবাহিক সম্পর্ক কৰাতহে বেছি পছন্দ কৰে । বিশেষকৈ দুই ধৰণৰ ভতিজা – ভতিজীৰ মাজত পৰস্পৰৰ বিবাহ হয় ; কিন্তু সমান্তৰাল ভতিজা ভতিজী নাইবা ডাঙৰ বাইদেৱেকৰ ছােৱালীৰ লগত হ’ব নােৱাৰে । মুঠতে আন্তঃবৈবাহিক সমূহৰ মাজত তুলনামূলক প্রষ্ঠিতি থাকিব লাগে । যিবােৰ সমূহ সাধাৰণতে ভৌগােলিকভাৱে ওচৰা উচৰি এনেকি একেখন গাঁৱৰে তেনে সমূহকহে বৈবাহিকভাৱে জড়িত হােৱা দেখা যায় আৰু যিবােৰ ক্ষেত্ৰত কইনাই সম্পর্কীয় পাত্ৰজনক আগে চিনি পায় । দক্ষিণ ভাৰতত স্বজনীয়সমূহৰ মাজত প্ৰচলিত সম্বন্ধই স্বজনীয়তা শক্তিশালী কৰি তােলে যদিও স্বজনীয়তা বান্ধোন সম্প্রসাৰিত নহয় । সংকীৰ্ণ হৈ থাকে । 

উত্তৰ ভাৰতৰ স্বজনীয়তা :- ভাৰতৰ উত্তৰাঞ্চলত , দক্ষিণাঞ্চলৰ স্বজনীয়তা পদ্ধতিৰ সম্পর্ক বিপৰীত পদ্ধতিৰ প্ৰচলন । উত্তৰ ভাৰতত ভাগিন – ভতিজাৰ মাজত পাৰস্পৰিক বিবাহ হ’ব নােৱাৰে , সম্পূর্ণ নিষেধ । এনেকি উত্তৰ ভাৰতত ওচৰ সম্বন্ধীয় ল’ৰা – ছােৱালীৰ মাজত বৈবাহিক সম্পর্ক হ’ব নােৱাৰে । কিছুমান গাঁৱত গ্রাম্য আত্মঃবিবাহ নিষেধ কৰাও দেখা যায় । গাঁৱৰ বাহিৰৰ ল’ৰা বা ছােৱালীৰ মাজতহে বিবাহ হ’ব পাৰে । ইয়াৰ ফলত দূৰ – দূৰণিৰ গাঁৱৰ পৰাহে বিবাহ কৰাব বা বিয়া দিব পৰা যায় । এনে ব্যৱস্থাৰ দ্বাৰা স্বজনীয়তাৰ বৃত্তৰ পৰিধি সম্প্ৰসাৰণ কৰাত গুৰুত্ব দিয়া হয় সংকীর্ণ কৰা নহয় । উত্তৰ ভৰতৰ স্বজনীয় প্রথাকেই নাজনীক স্বামীৰ পৰিয়াললৈ এজনী অচিনাকি ব্যক্তি হিচাপেহে অনা হয় । এনে এক পৰিস্থিতিত কইনা অপৰিচিত পৰিয়ালৰ লােকৰ মাজত নানা নির্দয় ব্যৱহাৰৰ মাজত চলিব লগা হয় । উত্তৰ ভাৰতত বহুতাে লােকে দৰা – কইনাৰ ঘৰ দুখনৰ সামাজিক প্রস্থিতি অসমান হােৱাটো বিচাৰে । দৰাঘৰে সাধাৰণতে নিম্ন সামাজিক প্ৰস্থিতিৰ লােকৰ পৰাহে কইনা অনাটো পছন্দ কৰে ৷ উত্তৰ ভাৰতত প্রায় ভাগ সমাজতে যৌতুক প্রথাৰ ওপৰতে নিৰ্ভৰ কৰি বিবাহ কার্য সম্পন্ন হােৱা দেখা যায় । ই এক মাৰাত্মক কু – প্রথা , এই প্রথাৰ দ্বাৰা কইনাজনীয়ে দৰাৰ ঘৰত নানা সমস্যাৰ সন্মুখীন হােৱা দেখা যায় । 

প্রশ্ন ৪। সমসাময়িক ভাৰতত স্বজনীয় পদ্ধতিৰ গুৰুত্বৰ বিষয়ে সংক্ষেপে আলােচনা কৰা ।

উত্তৰঃ আধুনিক ভাৰতৰ সমসাময়িক লােকৰ মাজতাে স্বজনীয় বান্ধোনৰ গুৰুত্ব কোনাে প্রকাৰে কম নহয় । কোনাে পৰিয়ালৰ বিভিন্ন সমস্যা আৰু সংকটৰ সময়ত বেছিভাগ ভাৰতীয় লােকেই নিজৰ স্বজনীয় লােকৰ ওপৰতহে নিৰ্ভৰশীল হােৱা দেখা যায় । কোনাে এজন স্বজনীয় লােকৰ মৃত্যু হলে সকলাে স্বজনীয় পুৰুষ – মহিলাই মৃত লােকজনৰ পৰিয়ালক সমবেদনা জনায় আৰু ব্যথিত হয় । কোনাে এজন ব্যক্তি বিদেশলৈ যাব লগা হ’লে তেওঁ নিজৰ বা কৰা আত্মীয় – স্বজনক যােগাযােগ কৰে আৰু মৰম – চেনেহ জনায় । কোনাে লােক নতুন এখন ঠাইলৈ গ’লে তেওঁ সেই নতুন ঠাইত প্রথমে নিজৰ স্বজনী লােকৰ ঘৰতহে থাকিবলৈ লয় বা তেনে লােকহে সহায় – সহযােগ বিচাৰে । কোনাে পৰিয়ালত বিবাহযােগ্য ল’ৰা বা ছােৱালী থাকিলে , বিবাহৰ প্ৰস্তাৱ নিজৰ আত্মীয় বা স্বজনীয় লােকৰ জৰিয়তেহে অহা বা দিয়া দেখা যায় । মুঠতে স্বজনীয় যােগসূত্ৰৰ গুৰুত্ব পৰিয়ালসমূহৰ মাজত অতি প্রয়ােজনীয় । কোনাে পৰিয়ালত বিবাহ উৎসৱ আদি অনুষ্ঠিত হলে , সকলাে প্ৰকাৰৰ সহায় – সহযােগ স্বজনীয় লােকৰ জৰিয়তে হােৱা দেখা যায় । দৰা – কইনাক উপহাৰ – উৎসর্গা আদি দিয়াৰ ক্ষেত্ৰতাে নিজৰ আত্মীয় – স্বজনেই সহযােগ কৰে । মুঠতে সৰহ ভাগ ভাৰতীয় লােকৰ জীৱনৰ সামাজিক আৰু সাংস্কৃতিক আন্তঃগাঁথনি স্বজনীয় লােকৰ দ্বাৰাই গঠিত হয় । জাতি , শ্রেণী , গােষ্ঠী , খেল , ওচৰ – চুবুৰীয়াৰ ভূমিকাও অতি গুৰুত্বপূর্ণ । কাৰণ তেনে সমূহবােৰাে ব্যক্তিৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত অতি প্রয়ােজন । অৱশ্যে এইবােৰৰ আগতে ভাৰতীয়সকলে সকলােৰে আগতে সংকট মুহূর্তত নিজৰ স্বজনীয় আত্মীয়সকলকহে বিচাৰে । 

প্রশ্ন ৫। স্বজনীয়তাৰ মূল ভিত্তিসমূহ কি কি ? 

উত্তৰঃস্বজনীয় ব্যৱস্থাৰ কিছুমান মূল ভিত্তি আছে । চিন্তাবিদ হেৰী এম জনৰ ( Harry . M. Johnson ) মতে স্বজনীয়তাৰ প্রধান ভিত্তি ছয়টা । সেইবােৰ হ’ল— 

( ক ) যৌনতা ( sex ) :- ভাই আৰু ভনী— এই দুই শব্দই যি তেজৰ সম্বন্ধক বুজায় ই যৌনতা সম্বন্ধৰে সম্পৰ্কীত । গতিকে এই সম্বন্ধৰ মূল ভেটি হ’ল যৌনতা । 

( খ ) বংশ ( Generation ) :- পিতা আৰু পুত্র এই দুই শব্দই দুটা বংশক বুজায় । এই সম্বন্ধৰ মূল ভেটি হ’ল তেজৰেই সম্বন্ধ । 

( গ ) অতি আত্মীয়তা ( Closeness ) :- জোঁৱাই ( son – in – law ) আৰু পিতৃৰ ভগ্নীৰ স্বামীৰ লগত থকা সম্বন্ধ তেজৰ সম্বন্ধ নহয় । 

( ঘ ) তেজৰ সম্বন্ধ ( Blood relation ) :- তেজৰ সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰা স্বজন পদ্ধতিক পুৰুষানুক্রম বা বংশানুক্রমত ভাগ কৰিব পাৰি । যেনে – ককাদেউতা , দেউতা , পুত্র , নাতি ল’ৰা ইত্যাদি । আনহাতে খুড়া আৰু তেওঁৰ ল’ৰা – ছােৱালী আদি ।

( ঙ ) বিভাগসমূহ ( Division ) সকলাে প্ৰকাৰৰ স্বজনীয়তাকে দুটা ভাগত ভাগ কৰিব পাৰি- 

( i ) ( ক ) দেউতাৰ দেউতা ( পিতৃ বংশীয় ) ককা । 

( খ ) মাৰ দেউতা ( মাতৃ বংশীয় ) ককা ।

( ii ) ( ক ) ভাইৰ ছােৱালী ( ভতিজী ) ।

( খ ) ভনীৰ ছােৱালী ( ভাগিনী ) ।

( iii ) ( ক ) পুত্ৰৰ পুত্র ( নাতি ল’ৰা ) ।

( খ ) পূত্ৰীৰ ল’ৰা ছােৱালীৰ নাতি ল’ৰা ) আদি । 

( চ ) বন্ধন সূত্র ( Binding Tread ) :- ওপৰৰ উল্লিখিত বিভাগসমূহৰ গুৰুত্ব নির্ভৰ স্বজনীয় লােকৰ আত্মীয়তাৰ ওপৰত । এই আত্মীয়তাৰ যােগসূত্ৰ নিৰ্ভৰ কৰে অতি আত্মীয়তা নাইবা তেজৰ সম্বন্ধৰ ওপৰত । উদাহৰণস্বৰূপে শহুৰৰ লগত থকা সম্বন্ধ নিৰ্ভৰ কৰে । আত্মীয়তাৰ যােগসূত্ৰ ওপৰত স্বামীৰ ক্ষেত্ৰতে হওক বা স্ত্রীৰ ক্ষেত্ৰতে হওক । মুঠতে স্বজনীয়তাৰ মূল ভেটি হ’ল পৰিয়াল বৃক্ষ বংশানুক্রমিক বা পুৰুষানুক্রমিক ।

1 thought on “Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top