Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন and select needs one.
Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন Solutions for All Subject, You can practice these here…
ৰচনাধর্মী প্রশ্নোত্তৰ
প্রশ্ন ১। জাতি বুলিলে কি বুজা ? জাতিৰ প্রধান চৰিত্ৰ বা বৈশিষ্ট্যবিলাক লিখা । নাইবা , জাতিৰ অর্থ ব্যাখ্যা কৰা । নাইবা , জাতিৰ লগত সম্পর্কিত বাধানিষেধবােৰ কি ?
উত্তৰঃ পর্তুগীজ কাষ্টা ’ ( Casta ) শব্দৰ পৰা ইংৰাজী Caste শব্দটিৰ উৎপত্তি । ইয়াৰ অর্থ বংশ বা গােষ্ঠী । একে বৃত্তিধাৰী তেজৰ সম্পৰ্ক থকা লােকৰ সমষ্টিকে সাধাৰণতে একোটা জাতি বুলি ক’ব পাৰি । তলত জাতিৰ কেইটিমান সংজ্ঞা দিয়া হৈছে ।
১। হার্বাট ৰিজলি ( Herbert Risley ) ৰ মতে, জাতি হৈছে কিছুমান পৰিয়ালৰ সমষ্টি , যি সকলৰ এটা সাধাৰণ নাম থাকে , কোনােৱে মানুহ বা কাল্পনিক দেৱতাৰূপী উপৰিপুৰুষৰ বংশধৰ বুলি চিনাকি দিয়ে । এওঁলােক একে বংশগত বৃত্তিধাৰী লােক আৰু স্বজাতীয় সমুদায়ৰ সংগঠন বুলি এওঁলােকৰ দাবী কৰিব পৰা ক্ষমতা থাকে ।
২। ৰৱার্ট বায়ৰষ্টোড ( Robert Bierstode ) – ৰ মতে, যি শ্রেণী সংৰচনাৰ একাধিক ক্ষেত্ৰত বন্ধৰ নিচিনা তেনে শ্রেণী সংৰচনাই হৈছে জাতি ।
৩। ই , এ . গেইট ( E. A , Gait ) – ৰ মতে ‘ জাতি হৈছে অন্তর্বিবাহী সমূহ বা এনে এক সমূহৰ সমষ্টি যাৰ সাধাৰণ এটা নাম থকাৰ ওপৰিও এটা পৰম্পৰাগত বৃত্তি থাকে । এই সকল একে বৃত্তিধাৰী আৰু এওঁলােকৰ স্বজাতীয় সমুদায় বুলি দাবী কৰাৰ ক্ষমতা থাকে ওপৰােক্ত সংজ্ঞাবিলাক স্বয়ংসম্পূর্ণ বুলি ধৰিব নােৱাৰি আৰু বিভিন্ন কাৰণত সমালোচনা কৰিব পাৰি । উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ সমগ্র ব্রাহ্মণসমাজ একে বংশধৰ বা বৃত্তিধাৰী নহয় । তদুপৰি কৃষিজীৱী সমাজত বিভিন্ন জাতি – উপজাতি আছে । মুঠতে জাতি ব্যৱস্থা হৈছে । জটিল সামাজিক প্রথা । নানা কাৰণত এই ব্যৱস্থাৰ সৃষ্টি হৈছে ।
জাতিৰ বৈশিষ্ট্যসমূহঃ
( ক ) N. K. Dutta- ৰ মতে ভাৰতীয় জাতি ব্যৱস্থাৰ ছটা মূল বৈশিষ্ট্য দেখা যায় —
১ । জাতিৰ সদস্যবিলাকৰ নিজ জাতিৰ বাহিৰত বিবাহ কৰাত নিষিদ্ধ থাকে ।
২। খােৱা – বােৱা , আদান – প্রদানৰ ক্ষেত্ৰত প্রত্যেক জাতিৰে কিছুমান বাধা – নিষেধ থাকে ।
৩। প্রত্যেক জাতিৰে একোটাকৈ নির্দিষ্ট বৃত্তি থাকে ।
৪। জন্মই ব্যক্তিৰ জাতি নির্ণয় কৰে । জাতি প্রথাৰ ৰীতি – নীতি ভংগ কৰিলে জাতিচ্যুৎ কৰাৰ ব্যৱস্থা আছে ।
৫। ব্রাহ্মণৰ প্ৰস্থিতি সর্বমান্য হিচাপে ধৰি বাকীসকলৰ স্থান উচ্চ – নীচ হিচাপে সংস্তৰণ কৰা থাকে ।
৬। সমগ্র জাতি ব্যৱস্থাটোৱেই ব্রাহ্মণৰ সামাজিক প্রতিষ্ঠাৰ ওপৰত লক্ষ্য ৰাখি ৰচনা কৰা ।
( খ ) ডাঃ ঘােৰীয়ে ( Dr. Ghurey ) তলত উল্লেখ কৰা ধৰণেৰে জাতিপ্ৰথাৰ বৈশিষ্ট্যবিলাক দেখুৱাইছে ।
১। সমাজৰ খণ্ড বিভাজন :- জাতি প্রথাই সমগ্ৰ সমাজখনক কিছুমান খণ্ড – উপখণ্ডত ভাগ কৰিছে । প্রত্যেক সামাজিক গােটৰ প্ৰস্থিতি , কর্তব্য আৰু অধিকাৰ বেলেগ । ব্যক্তিসকলৰ জাতিৰ প্রতি আনুগত্য আৰু নৈতিক দায়বদ্ধতা থকাতাে প্রত্যেক জাতিৰে কাম্য ।
২। সংস্তৰণ :- ব্রাহ্মণ সকলক উৰ্দ্ধত ৰাখি সমাজবিলাক ক্রম অনুসৰি সজোৱা থাকে । সংস্তৰণ ব্যৱস্থাত উর্ধতম জাতি ব্রাহ্মণৰ পিছতে ক্রমে ক্ষত্রিয় , বৈশ্য আৰু শূদ্ৰৰ স্থান । অৱশ্যে ব্রাহ্মণ আৰু অস্পৃশ্যসকলৰ স্থান অপৰিৱৰ্তিত থাকিলেও বাকী সকলৰ স্থান সদায় একে নেথাকে । বর্তমান সময়ত নগৰ সমূহত জাতি প্ৰথাৰ এই কঠোৰতা হ্রাস পাইছে ।
৩। খােৱা – বােৱা সামাজিক চাল – চলনৰ ওপৰত নিষেধ :- প্রত্যেক জাতিতে খােৱা – বােৱা সামাজিক চাল – চলনৰ ওপৰত কিছুমান বাধা নিষেধ আৰোপ কৰা দেখা যায় । কোনে কাৰ পৰা কেনে ধৰণৰ আহাৰ আদি গ্ৰহণ কৰিব পাৰে তাৰো কিছুমান নিয়ম থাকে । উদাহৰণস্বৰূপে ব্রাহ্মণসকলে নিম্ন জাতি সমূহৰ পৰা সিদ্ধ অন্ন গ্রহণ কৰাটো নিষেধ ।
৪। বিবাহ সম্বন্ধীয় নিষেধ :- বিবাহৰ ক্ষেত্ৰত জাতি সমূহৰ ওপৰত কঠোৰভাবে বাধা নিষেধ আৰােপ কৰা থাকে । নিজৰ জাতি বা উপজাতিৰ মাজত বিবাহ কৰাৰ অনুমােদন থাকিলেও নিজ এলেকাৰ বাহিৰত বিবাহ কৰাত নিষেধ থাকে । অন্তর্বিবাহ প্রথা জাতিৰ এটা প্রধান লক্ষণ ।
৫। সামাজিক আৰু ধার্মিক নির্যোগ্যতা :- সামাজিকভাৱে প্রত্যেক জাতিৰেই সদস্যবিলাকে পৰম্পৰাগত বৃত্তি বা জীৱিকালৈ জীৱন নির্বাহ কৰাতাে আশা কৰে । বৃত্তিৰ পৱিত্ৰতা বা অপৱিত্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি বৃত্তি ধাৰণ কৰাত বাধা – নিষেধ থাকে । যেনে , ব্রাহ্মণসকলে পুৰােহিতৰ কাম কৰা , চমাৰে চমাৰৰ কাম কৰা ইত্যাদি । ধৰ্মৰ দৃষ্টিকোণৰ পৰা সকলাে বৃত্তি সমান মর্যাদাৰ নহয় । গতিকে বিভিন্ন বৃত্তিধাৰীৰ স্থান সমাজত বিভিন্ন ।
প্রশ্ন ২। জাতিৰ সংজ্ঞা লিখা । এন . কে , দত্তই দেখুওৱা মতে জাতিৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ ১ । জাতিৰ সদস্যবিলাকৰ নিজ জাতিৰ বাহিৰত বিবাহ কৰাত নিষিদ্ধ থাকে ।
২। খােৱা – বােৱা , আদান – প্রদানৰ ক্ষেত্ৰত প্রত্যেক জাতিৰে কিছুমান বাধা – নিষেধ থাকে ।
৩। প্রত্যেক জাতিৰে একোটাকৈ নির্দিষ্ট বৃত্তি থাকে ।
৪। জন্মই ব্যক্তিৰ জাতি নির্ণয় কৰে । জাতি প্রথাৰ ৰীতি – নীতি ভংগ কৰিলে জাতিচ্যুৎ কৰাৰ ব্যৱস্থা আছে ।
৫। ব্রাহ্মণৰ প্ৰস্থিতি সর্বমান্য হিচাপে ধৰি বাকীসকলৰ স্থান উচ্চ – নীচ হিচাপে সংস্তৰণ কৰা থাকে ।
৬। সমগ্র জাতি ব্যৱস্থাটোৱেই ব্রাহ্মণৰ সামাজিক প্রতিষ্ঠাৰ ওপৰত লক্ষ্য ৰাখি ৰচনা কৰা ।
প্রশ্ন ৩। জাতি আৰু শ্ৰেণীৰ মাজত থকা পার্থক্যসমূহ বাছি উলিওৱা ।
উত্তৰঃ জাতি আৰু শ্ৰেণীৰ পাৰ্থক্যঃ সমাজতত্ত্বত জাতি আৰু সামাজিক শ্রেণী দুয়ােটাই সামাজিক স্তৰীকৰণৰ স্বৰূপ হিচাপে স্বীকৃত হৈছে । জাতিয়ে ৰুদ্ধ স্তৰীকৰণ আৰু শ্রেণীয়ে মুক্ত স্তৰীকৰণক প্রতিনিধিত্ব কৰে । দুয়ােটা অৱধাৰণা যিহেতু ভিন্ন স্বৰূপমুখী সেয়ে উভয়ৰ মাজত পার্থক্য পৰিলক্ষিত হয় ।
১। জাতি এটি জন্মগত সামাজিক গােট । ব্যক্তিজনৰ জাতি জন্মগতভাৱে নিৰ্ধাৰিত হয় । সাধাৰণতঃ এজন ব্যক্তি গুণ বা কার্যৰ দ্বাৰা অন্য জাতিলৈ ৰূপান্তৰিত হ’ব নােৱাৰে ।
আনহাতে , শ্রেণী বিভাজনৰ ক্ষেত্ৰত জন্মস্বত্ব নৰজে । এই ক্ষেত্ৰত ব্যক্তিজনৰ গুণ , কর্ম আৰু প্ৰচেষ্টাৰ ওপৰতহে গুৰুত্ব আৰােপ কৰা হয় । নিম্ন জাতিৰ ব্যক্তিও নিজ প্রচেষ্টাৰ ফলত উচ্চ শ্রেণীত অধিষ্ঠিত হ’ব পাৰে ।
২। আকৌ , জাতি অন্তর্বিবাহী সামাজিক গােট কিন্তু শ্রেণী অন্তর্বিবাহী গােট নহয় । সাধাৰণতে নিজৰ শ্ৰেণীৰ মাজতে বৈবাহিক সম্পর্ক স্থাপন কৰাৰ অভিপ্রায় থাকিলেও জাতিৰ দৰে জটিল নিষেধ বা নিয়ম দেখা নাযায় ।
৩। প্ৰায়বােৰ জাতিৰে স্বকীয় পৰম্পৰাগত বৃত্তি দেখা যায় কিন্তু বৃত্তিৰ আধাৰত শ্রেণীক ভাগ কৰিব পাৰিলেও শ্রেণী ব্যৱস্থাত কোনাে নির্দিষ্ট বৃত্তি নাই ।
৪। জাতি ব্যৱস্থা একপ্রকাৰ স্থায়ী , কিন্তু শ্রেণী ব্যৱস্থা পৰিৱৰ্তনশীল । সেয়ে জাতিক স্থিতিশীল আৰু শ্রেণীক গতিশীল আখ্যা দিয়া যায় ।
প্রশ্ন ৪। জাতিপ্ৰথাৰ উৎপত্তি বা ক্রমবিকাশ সম্পর্কে আলােচনা কৰা । নাইবা , জাতিৰ উৎপত্তি সম্বন্ধে থকা তিনিটা সিদ্ধান্ত সম্বন্ধে আলােচনা কৰা ।
উত্তৰঃ জাতিৰ উৎপত্তি সম্বন্ধে তিনিটা সিদ্ধান্তৰ বিষয়ে তলত চমুকৈ আলােচনা কৰা হৈছে ।
১। ৰাজনৈতিক সিদ্ধান্ত ( Political Theory ) :- এই সিদ্ধান্তৰ অগ্ৰণী লােক হৈছে আবে ডুবয় ( Abbe Dubois ) । তেওঁৰ মতে জাতি ব্যৱস্থা ব্রাহ্মণসকলৰ চতুৰালিৰে সংগঠিত ৰাজনৈতিক আঁচনিৰ পৰিণতি । তেওঁৰ মতে সমাজত নিজৰ স্বাৰ্থ প্রভুত্ব সুৰক্ষিত কৰিবৰ কাৰণে ব্রাহ্মণসকলে জাতি ব্যৱস্থাৰ সৃষ্টি কৰে । ইউৰােপীয় সকলৰ মতে ব্রাহ্মণসকলে প্রকৃত সত্য ঢাকি ৰাখি ধৰ্মৰ দোহাই দি সামাজিক সংস্তৰণ ব্যৱস্থাত তেওঁলােকৰ স্থান ওপৰত প্রতিষ্ঠিতি কৰে । সেই কাৰণে ধৰ্মৰ সকলাে ক্রিয়াকাণ্ডৰ অধিকাৰ তেওঁলােকৰ হাতত ৰাখে , আৰু যিসকলে ব্রাহ্মণসকলৰ প্ৰস্থিতি সংৰক্ষণত সহায় কৰিবলৈ আগবাঢ়ি আহে তেওঁলােকৰ স্থান তেওঁলােকৰ অৱদান অনুসৰি ব্ৰাহ্মণসকলৰ পিছতে ক্রম অনুসৰি নির্ণয় কৰা হ’ল । আবে ডুবয়ে পশ্চিমীয়া দেশ গ্ৰীচ , মিচৰ, প্রভৃতি দেশৰ সামাজিক ব্যৱস্থাৰ উদাহৰণ দাঙি ধৰি ভাৰততো তেনেদৰে ব্ৰাহ্মণসকলৰ দ্বাৰা যে জাতি ব্যৱস্থাৰ সৃষ্টি হৈছে তাক প্রতিপন্ন কৰিবলৈ চেষ্টা কৰিছে । ডুবয়ৰ দৰে ইবেটচন ( Ibbetson ) , ঘুৰি আদিয়েও আংশিকভাবে জাতিব্যৱস্থাৰ উৎপত্তিত ব্রাহ্মণৰ ভূমিকাৰ কথা উল্লেখ কৰিছে । ঘুৰিৰ মতে জাতি ব্যৱস্থা হৈছে ইন্দো – আর্য । সংস্কৃতিৰ ব্ৰাহ্মণৰ সন্তান— যাক গংগা – যমুনাৰ সমভূমি অঞ্চলত লালন পালন কৰা হৈছিল । আৰু সেই ঠাইৰ পৰা দেশৰ বিভিন্ন অংশলৈ ইয়াক সম্প্রসাৰিত কৰা হয় ।
জাতি ব্যৱস্থাত ব্রাহ্মণৰ প্রভুত্ব সর্বাধিক যদিও সমগ্ৰ ব্যৱস্থাতাে একপক্ষীয়ভাৱে ব্রাহ্মণসকলৰ দ্বাৰা সৃষ্টি হ’ল বুলি ধৰি ল’ব নােৱাৰি । আনহাতে , জাতি ব্যৱস্থা ক্রমিবিকাশৰ ফলত সৃষ্টি হােৱা এটা জটিল সামাজিক সংস্থা । গতিকে কোনাে এটা নির্দিষ্ট গােষ্ঠীক সৃষ্টিকাৰক বুলি ধৰাটো যুক্তিযুক্ত নহব ।
২। বৃক্তিগত সিদ্ধান্ত ( Occupational Theory ) :- এই সিদ্ধান্ত প্রধান পৃষ্ঠপােষক হৈছে নেছফিলড় ( Nesfield ) । তেওঁৰ মতে বৃত্তিৰ বাহিৰে আন একোৱেই জাতি ব্যৱস্থাৰ উৎপত্তিৰ কাৰণ হ’ব নােৱাৰে । কার্যক্ষেত্ৰত বৃত্তিবিলাকৰ মাজত যি উচ্চ – নীচ বা পবিত্র – অপবিত্রতা পার্থক্য থকা দেখা যায় তাৰেই পৰিণামস্বৰূপে জাতি ব্যৱস্থাৰ সৃষ্টি হৈছে । তেওঁৰ মতে পৃথিৱীৰ বিভিন্ন দেশত যেনেদৰে সংস্তৰণ ব্যৱস্থা আছে ভাৰততো বৃত্তিৰ তেনে সংস্তৰণ ব্যৱস্থাৰ দ্বাৰা জাতিৰ উচ্চ – নীচৰ সংস্তৰণ কৰা হৈছে । তেওঁ প্ৰজাতীয় ভিন্নতা বা ধৰ্মৰ ওপৰত সিমান গুৰুত্ব দিয়া নাই কিন্তু বৃত্তি আৰু জীৱিকাৰ সম্পর্ক যে অতি গাঢ় তাক স্বীকাৰ কৰি লৈছে । গতিকে বৃত্তিৰ সামাজিক মূল্যবােধেই জাতি ব্যৱস্থাৰ উৎপত্তিৰ কাৰক ।
নেছফিল সিদ্ধান্তত বৃত্তিৰ ওপৰত অধিক গুৰুত্ব আৰােপ কৰা হৈছে আনহাতে , ধর্ম বা প্রজাতীয় ইন্ধনৰ কথা স্বীকাৰ কৰিছে । গতিকে এই সিদ্ধান্তৰ যথেষ্ট ত্রুটি আছে । যেনে—
( ১ ) ভাৰতবৰ্ষত প্রায় শতকৰা ৭০ % ভাগে কৃষিকার্য কৰিলেও কৃষিক কেন্দ্ৰ কৰি এটা জাতি গঢ়ি উঠা নাই । কৃষিজীৱী সমাজতে বিভিন্ন প্ৰস্থিতিৰ সামাজিক সংস্তৰণ আছে ।
( ২ ) তদুপৰি ধৰ্মৰ যদি এই ক্ষেত্ৰত অৱতাৰণা কৰা নাযায় তেন্তে ব্রাহ্মণৰ প্ৰস্থিতি সমাজত কিয় ইমান উচ্চ হ’ল তাৰ সম্যক ব্যাখ্যা দিয়াটো সহজ নহয় ।
( ৩ ) আকৌ বৃত্তিৰ মাজত থকা পৱিত্ৰতা বা অপৱিত্ৰতাৰ ধাৰণা কিহে আনিছে এই ক্ষেত্ৰত সিদ্ধান্তটোৰ পৰা একো ইঙ্গিত পােৱা নাযায় ।
৩। ধর্মীয় সিদ্ধান্ত ( Religious Theory ) :- ধর্মীয় সিদ্ধান্ত যি সকল লােকে আগবঢ়াইছে । সেই সকলৰ ভিতৰত হােকার্ট ( Hocart ) আৰু চেনাৰ্টৰ নাম উল্লেখযােগ্য । হােকাৰ্টৰ মতে সমাজৰ বিভাজন ধর্মীয় বিচাৰ আৰু প্ৰথাৰ ওপৰত আধাৰিত । প্রাচীনকালত ধৰ্মৰ মহত্ব অধিক আছিল আৰু বলিদান , যাগ – যজ্ঞৰ প্ৰথা অত্যধিক আছিল । বলিদান আদি কার্যত সকলােৰে সমানে ৰাপ নাছিল । ই ধর্মীয় কাৰণ হ’লেও এনে কাম নিকৃষ্ট বুলি বিবেচিত হৈছিল । যিসকল লােকে সেই কার্য কৰিবলৈ আগবাঢ়ি আহিছিল নাইবা বাধ্য কৰােৱা হৈছিল । তেওঁলােকে সংস্তৰণ ব্যৱস্থাত নিম্নস্থান পালে । আনহাতে পূজা – পাতল কৰা , যাগ – যজ্ঞ কৰা ইত্যাদি কামত যিসকলে বিভিন্ন দায়িত্ব বহন কৰিলে সেইসকলৰ কাম অনুসৰি বিভিন্ন প্রস্থিতি দিয়া হ’ল । এইদৰেই পুৰােহিত , মালি , ধােবা , নাপিত , কঁহাৰ , কমাৰ আদি জাতিবােৰৰ জন্ম । এই জাতি ৰচনাত প্রধান ভেটি হ’ল ধর্মীয় পৱিত্ৰতা আৰু অপৱিত্ৰতা ।
হােকাৰ্টৰ সিদ্ধান্তৰ মূল আধাৰ হৈছে ধর্ম । কিন্তু তেওঁ বিবাহ , খােৱা – বােৱাত থকা বাধা নিষেধৰ কথা উল্লেখ কৰা নাই । কিন্তু জাতি প্রথা এটা সামাজিক সংস্থাহে , ই ধর্মীয় নহয় ।
চেনার্টেও জাতি প্রথাত ধৰ্মৰ প্ৰভাৱ স্বীকাৰ কৰিছে । অৱশ্যে তেওঁ খােৱা – বােৱা সম্বন্ধীয় নিষেধ বিলাকত উৎপত্তিৰ প্ৰধান কাৰণ হিচাপে পাৰিবাৰিক পূজা আৰু কুলদেৱতাৰ ভিন্নতাৰ
বাবে হােৱা বুলি উল্লেখ কৰিছে । তেওঁৰ মতে প্রত্যেক পৰিয়ালৰ নিজৰ বংশগত কুলদেৱতা থাকে যাৰ বাবে পূজা – অর্ঘ্য আদি সমাপন কৰা হয় । গতিকে একোজন দেৱতাক পূজা কৰা লােকসকল আন এজন দেৱতাক পূজা কৰা লােকৰ পৰা পৃথক হবলৈ ধৰে । আৰ্য আৰু অনার্য বিলাকৰ মাজত থকা পার্থক্যবােৰে কালক্ৰমত বিভিন্ন সামাজিক গােটবােৰৰ মাজত শুচি অশুচি , পৱিত্ৰ – অপবিত্ৰৰ ধাৰণা কঢ়িয়াই আনে বুলি তেওঁ মত পােষণ কৰে ।
চেনার্টেও অত্যধিক পৰিমাণে ধৰ্মৰ ওপৰত গুৰুত্ব আৰােপ কৰাত সিদ্ধান্তৰ একপক্ষীয় বুলি ধাৰণা হয় । দুয়ােজনেই জাতি প্ৰথাক সামাজিক সংস্থা বুলি আলােচনা নকৰি ধৰ্মীয় সচ , দিবলৈহে যত্ন কৰা দেখা যায় ।
প্রশ্ন ৫। ভাৰতৰ জাতি প্ৰথাৰ উৎপত্তিৰ বিষয়ে যি কোনাে এটি সিদ্ধান্ত আলােচনা কৰা ।
উত্তৰঃ ভাৰতৰ জাতিভেদ প্রথাৰ উৎপত্তি সম্পর্কে বিভিন্ন সিদ্ধান্ত পােৱা যায় । পৌৰাণিক সিদ্ধান্ত , বৃত্তিমূলক সিদ্ধান্ত , ধর্মীয় সিদ্ধান্ত আদিয়েই প্রধান । তলত বৃত্তিমূলক সিদ্ধান্তটো , আলােচনা কৰা হ’ল ।
বৃত্তিমূলক সিদ্ধান্ত :- বিখ্যাত সমাজ বিজ্ঞানী নেছফিল্ড হ’ল বৃত্তিমূলক সিদ্ধান্ত মূল প্রবক্তা । তেওঁৰ মতে কৰ্মৰ বিভিন্ন ভাগৰ ওপৰত ভিত্তি কৰি সৃষ্টি হােৱা সমাজ ব্যৱস্থাক কেন্দ্ৰ কৰিয়েই এই মতবাদৰ সৃষ্টি হয় । এই মতবাদ অনুসৰি জাতি প্রথা উৎপত্তিৰ ক্ষেত্ৰত ধৰ্মৰ কোনাে ভূমিকা নাই ; ই মানুহৰ দ্বাৰা সৃষ্টি হােৱা এক সামাজিক প্রথা । প্রত্যেক সমাজতে বিভিন্ন ধৰণৰ জনসমষ্টি বিভিন্ন ধৰণৰ কামৰ সৈতে জড়িত হােৱা দেখা যায় । এই কর্ম গুণৰ ওপৰতেই মানুহৰ বিভাজন কৰা হৈছিল । যিবােৰ কামে সমাজ এখনত উচ্চ স্থান লাভ কৰে সেইবােৰ কামৰ বৃত্তিধাৰী লােকসকলেও সমাজত উচ্চস্থান লাভ কৰিছিল । উদাহৰণস্বৰূপে ব্রাহ্মণসকলে সমাজত জ্ঞানৰ শিক্ষা প্রদান কৰি আৰু যাগ – যজ্ঞৰ মাধ্যমেৰে আধ্যাত্মিক শক্তিৰ , উৎকর্ষ সাধন কৰি সমাজত উচ্চস্থান লাভ কৰি উচ্চ জাতিৰূপে পৰিগণিত হৈছিল । আনহাতে শূদ্র সম্প্রদায়ৰ লােকসকলে সমাজৰ অতি প্রয়ােজনীয় অথচ লেতেৰা আৰু সামাজিক মর্যাদা বিহীন বিভিন্ন কামক জীৱিকাৰ বৃত্তি হিচাপে গ্ৰহণ কৰা কাৰণে সামাজিক মূল্যবােধত তেওঁলােকক নিম্ন শ্রেণীৰ লােক হিচাপে গণ্য কৰা হয় । গতিকে নেছফিল্ডৰ এই সিদ্ধান্ত অনুসৰি প্রত্যেক জাতিৰ নামৰ লগত সেই জাতিটোৰ ব্যৱসায়ৰ সম্পর্ক থাকে । উদাহৰণস্বৰূপে টেলী , নাপিত , সােণাৰ , লােহাৰ , কঁহাৰ , কুমাৰ আদি জাতিবােৰ কৰ্মৰ ভিত্তিতেই সৃষ্টি হৈছিল আৰু কেৱল কাম আৰু কামৰ দ্বাৰা হােৱা সামাজিক স্থানেই জাতিবােৰৰ সামাজিক স্থান নির্ণয় কৰে ।
বর্তমান যুগতাে বিভিন্ন জাতি আৰু বিভিন্ন উপজাতি বিশেষ বিশেষ কামৰ লগত জড়িত হৈ আছে আৰু এই কামৰ ভিত্তিতেই তেওঁলােকৰ জাত নির্ণয় হয় ।
বৃত্তিমূলক সিদ্ধান্ত অতি পুৰণি মতবাদ । মনুৰ লিখনিতাে এই সিদ্ধান্তৰ উল্লেখ পােৱা যায় । তেওঁৰ মতে কৰ্মৰ বিভাজন অনুসৰিয়ে জাতিৰ সৃষ্টি হৈছিল । আনহাতে সর্বপল্লী বাধাকৃষ্ণণৰ মতেও প্রথমে কর্ম অনুসৰিয়েই বৰ্ণৰ সৃষ্টি হৈছিল ।
প্রশ্ন ৬। জাতি আৰু বৰ্ণৰ সংজ্ঞা দিয়া । দুয়ােটাৰ পার্থক্য দেখুওৱা ।
উত্তৰঃ জাতিৰ সংজ্ঞা বিভিন্ন লিখকে বিভিন্ন ধৰণে আগবঢ়াইছে যদিও এই সম্পর্কত অধ্যাপক বার্গেছৰ সংজ্ঞাটোৱে এটা জাতিৰ সকলাে দিশ সাঙুৰি লৈছে । তেওঁৰ মতে জাতি হ’ল উমৈহতীয়া ভাষা , সাহিত্য , সংস্কৃতি আৰু ৰীতি – নীতি আদিৰ জৰিয়তে ঐক্যবদ্ধ হােৱা কিছুমান জনসাধাৰণৰ সমষ্টি ।’ আনহাতে ‘ বর্ণ ‘ শব্দৰ প্রকৃত অর্থ হৈছে শৰীৰৰ বৰণ বা ৰং ।
যি সকল লােকৰ শৰীৰৰ বৰণ বগা সেই সকলক দেৱ বর্ণ ( উচ্চবর্ণ ) বােলা হৈছিল আৰু এনে বৰণৰ মানুহৰ পৰাই শেষলৈ ব্রাহ্মণ , ক্ষত্রিয় আৰু বৈশ্য জাতিৰ সৃষ্টি হয় ।
আনহাতে যিসকল লােকৰ গাৰ বৰণ ক’লা সেইসকল লােকক দাস্য বৰ্ণৰ মানুহ বােলা হৈছিল আৰু তেওঁলােকৰ দ্বাৰাই শূদ্ৰ বৰ্ণৰ মানুহৰ সৃষ্টি হৈছিল ।
আনহাতে , বর্ণ শব্দৰ আন এটা অৰ্থ হ’ল বাছি লােৱা । কোনাে জনসমষ্টিয়ে যেতিয়া নিজৰ সুবিধা অনুসৰি কোনাে এটা বিশেষ বৃত্তি বাছি লৈ কিছুমান সামাজিক ৰীতি – নীতিৰ মাধ্যমেৰে সেই বৃত্তিক জীৱিকা হিচাপে গ্ৰহণ কৰি সামাজিক জীৱন যাপন কৰে তেতিয়াই বর্ণৰ সৃষ্টি হয় । প্রত্যেক বৰ্ণৰ লােকৰ বাবে থকা নির্ধাৰিত কাম তেওঁলােকে সম্পাদন কৰিব লাগে ।
সাধাৰণ অৰ্থত বৰ্ণ আৰু জাতিৰ মাজত সামঞ্জস্য থকা যেন লাগিলেও প্রকৃত অর্থত বর্ণ আৰু জাতি একে নহয় । বৰ্ণ আৰু জাতিৰ মাজৰ পাৰ্থক্যসমূহ তলত দাঙি ধৰা হ’ল ।
১। বর্ণ বুলিলে সাধাৰণতে উচ্চবর্ণ আৰু নিম্নবর্ণক বুজায় । আনহাতে , জাতি বুলিলে বৰ্ণৰ অন্তৰ্গত ব্রাহ্মণ , ক্ষত্রিয় , বৈশ্য আৰু শূদ্র এই চাৰিজাতিক বুজায় ।
২। জন্মৰ ওপৰত ভিত্তি কৰি জাতিৰ সৃষ্টি হয় কিন্তু কর্মৰ ওপৰত ভিত্তি কৰি বৰ্ণৰ সৃষ্টি হয় ।
৩। বর্ণ ব্যবস্থা পৰিৱৰ্তনশীল । উদাহৰণস্বৰূপে গৌতম বুদ্ধ জন্মত ক্ষত্রিয় হৈয়াে কৰ্মৰ ফলত তেওঁ ধর্ম প্রবর্তক হৈছিল । কৰ্মৰ ফলত এজন ব্রাহ্মণৰাে ব্ৰহ্মগুণৰ অবসান ঘটিব পাৰে । সেয়ে বর্ণ ব্যবস্থা পৰিৱৰ্তনশীল কিন্তু জাতি ব্যৱস্থা ৰক্ষণশীল । জাতি সলনি সঘনাই পৰিলক্ষিত নহয় আনহাতে কৰ্মৰ সলনি সমাজত অতি সঘনাই পৰিলক্ষিত হয় ।
৪। জাতি প্রথাত কিছুমান ধৰা – বন্ধা নিয়ম থাকে আৰু সেইবােৰ জাতিগতভাৱে মানি চলা দেখা যায় । আনহাতে বর্ণ ব্যৱস্থাত তেনে কোনাে ধৰা – বন্ধা ব্যৱস্থা নাই ।
৫। বর্ণ ব্যৱস্থাত মূল চাৰিটা বর্ণ— ব্রাহ্মণ , ক্ষত্রিয় , বৈশ্য আৰু শূদ্ৰ থকাৰ উপৰিও অস্পৃশ্য নামে এটা বর্ণও দেখা যায় । এই বর্ণটোক , অস্পৃশ্য’, ‘তাঞ্চম’ আদি নামেৰে জনাজাত । ভাৰতবৰ্ষত শ শ জাতি উপজাতি থকা দেখিবলৈ পােৱা যায় ।
প্রশ্ন ৭। বর্ণ বুলিলে কি বুজা ? প্রত্যেক বৰ্ণৰ বৰ্ণ – ধর্মবােৰ কি লিখা । নাইবা , ভাৰতৰ বর্ণ প্রথাৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰঃ ‘বর্ণ’ শব্দৰ সাধাৰণ অৰ্থ হ’ল ‘বৰণ ’ বা ‘ৰং’ ‘ । সংস্কৃত ‘ বৃ ’ শব্দৰ পৰা ‘বর্ণ ’ শব্দৰ উৎপত্তি হৈছে । ব্যৱহাৰিক ক্ষেত্ৰত বৰ্ণক ব্যক্তিৰ নিজৰ গুণানুসাৰে সমাজত নিজৰ স্থান লাভ কৰা কথাকহে বুজায় । ইয়াৰ আন এটা অৰ্থ হ’ল বৰণ কৰা বা বাচি লােৱা । এই ক্ষেত্ৰত কোনাে বিশেষ সামাজিক গােট এটাই বিশেষ ধৰণৰ বৃত্তি বাচি লৈ কিছুমান সামাজিক নীতি নিয়মেৰে সেই জীৱিকাক জাতি বা গােষ্ঠীগত বৃত্তি হিচাপে জীৱন নির্বাহ কৰা কথাকো বুজাব পাৰে । ব্যক্তিসকলে গােটৰ অন্তর্ভুক্ত হৈ নিজ গুণানুসৰি বৃত্তি অৱলম্বন কৰে । ব্যক্তিৰ ত্রিগুণ— সত্বঃ, ৰজঃ , তমঃ ; এইকেইটা গুণ অনুসৰি সমাজক চাৰিটা ভাগত ভাগ কৰা হয় । সত্বঃ অর্থাৎ সাত্বিক গুণৰ অধিকাৰী হ’ল ব্রাহ্মণসকল , সেইদৰে ক্ষত্রিয়সকল হ’ল সত্বঃ আৰু ৰজঃ গুণৰ অধিকাৰী , বৈশ্যসকল ৰজঃ আৰু তমঃ , আৰু শূদ্রসকল হ’ল কেৱল তমঃ গুণৰ অধিকাৰী ।
সাংখ্য দর্শন মতেও ‘ বর্ণ ’ শব্দৰ অৰ্থ ৰং ’ বুলিয়ে বুজাইছে । পুৰাণতাে শুক্ৰ ( বগা ) ৰঙে ব্রাহ্মণক , ৰক্ত ( ৰঙা ) ক্ষত্রিয়ক , পীত ( হালধীয়া ) ৰঙে বৈশ্যক আৰু কৃষ্ণ ( কলা ) ৰঙে শূদ্রক বুজাইছে।বর্ণ ব্যৱস্থাৰ মূল হ’ল সামাজিক সংগঠন । এই ব্যৱস্থাৰ যােগেদি ব্যক্তিৰ নিজ গুণানুসৰি বিশেষ বৃত্তিত আত্মনিয়ােগ কৰি পৰস্পৰ নিৰ্ভৰশীলতাৰ যােগেদি জীৱিকা নির্বাহ কৰি থক । ইয়াকে বর্ণধর্ম বুলি জনা যায় ।
বৰ্ণৰ ধর্ম :- ঝবেদত চাৰি বৰ্ণৰ উল্লেখ আছে — ব্রাহ্মণ , ক্ষত্রিয় , বৈশ্য আৰু শূদ্র । প্রবাদ মতে সৃষ্টিকর্তা ব্ৰহ্মৰ মুখৰ পৰা ‘ ব্রাহ্মণ’ৰ , বাহুৰ পৰা ক্ষত্রিয় , উৰুৰ পৰা বৈশ্যৰ আৰু ভৰিৰ পৰা শূদ্ৰৰ জন্ম হয় বুলি কোৱা হয় ।
( ১ ) ব্রাহ্মণসকলৰ ধৰ্ম :- ব্রাহ্মণসকল ব্ৰহ্মাৰ মুখৰ পৰা জন্ম , মুখ হ’ল বাক – শক্তি প্রতীক । গতিকে ব্রাহ্মণৰ প্রধান কাম হ’ল আনক শিক্ষা প্রদান কৰা । ব্রাহ্মণে সাত্বিক বৃত্তিৰ দ্বাৰা জীৱিকা নির্বাহ কৰিব লাগে । তেওঁলােকে সদায় গ্লানিৰ প্রতি ভয় কৰি চলিব লাগে আৰু আনৰ আদৰক ‘ অমৃত ’ জ্ঞান কৰিব লাগে । “ ব্রাহ্মণসকলৰ মূল কাম হৈছে বেদপাঠ , জ্ঞান অর্জন , যাগ – যজ্ঞ সম্পাদন , দান গ্রহণ কৰা আদি ।
( ২ ) ক্ষত্রিয়সকলৰ ধর্ম :- ক্ষত্রিসকল ব্ৰহ্মৰ বাহুৰ পৰা জন্ম হােৱাৰ বাবে , শক্তিৰ প্রতীক । তেওঁলােকৰ প্ৰধান কাম হ’ল সমাজৰ নিৰাপত্তা ৰক্ষা কৰা । তেওঁলােকে অস্ত্রধাৰণ কৰি মানুহক ৰক্ষণাবেক্ষণ দিব লাগে ।
৩। বৈশ্যসকলৰ ধর্ম :- বৈশ্যসকল ব্ৰহ্মাৰ উৰুৰ পৰা জন্ম , ই আহাৰৰ প্রতীক । তেওঁলােকৰ প্রধান কাম হৈছে সমাজক খাদ্যসম্ভাৰৰ যােগান ধৰা । ব্যৱসায় – বাণিজ্যৰ দ্বাৰা খাদ্যবস্তু যােগান ধৰা , পশুপালন , দান – দক্ষিণা দিয়া , কৃষিকার্য কৰা আদি বৈশ্যসকলৰ কাম ।
৪। শুদ্ৰসকলৰ ধর্ম :- শূদ্রসকল ব্ৰহ্মাৰ ভৰিব পৰা জন্ম হৈছে , ই হ’ল সেৱাৰ প্রতীক । সেৱা কৰাই হ’ল শূদ্ৰসকলৰ প্রধান কর্তব্য । তেওঁলােকে আন বৰ্ণৰ মানুহক সেৱা – শুশ্রুষা কৰিব লাগে । শূদ্ৰই নিজাকৈ সা – সম্পত্তি কৰাটো অনুচিত । তেওঁলােকে আন তিনিটা বৰ্ণৰ অধীনত থাকি জীৱন নির্বাহ কৰিব লাগে । স্মৃতিবােৰত উল্লেখ থকা মতে চাৰি বৰ্ণই পালন কৰিবলগীয়া কিছুমান উমৈহতীয়া কামাে আছে যেনে— ইন্দ্রিয়বােৰৰ সংযম কৰা , ক্ষমা কৰা , পৰোপকাৰ কৰা , দান দিয়া , সত্যৰ সন্ধান কৰা , যাগ – যজ্ঞ কৰা ইত্যাদি । মুঠতে নিজৰ কৰ্তব্য আৰু দায়িত্ববিলাক যথাযথভাৱে পালন কৰাটোৱেই প্রত্যেক বৰ্ণৰ ধর্ম । ব্যক্তিয়ে নিজৰ কৰ্মৰ মাজেৰেই নিজ ধর্ম পালন কৰিব পাৰে । কর্মই ধৰ্মৰ অর্থও এয়েই ।
প্রশ্ন ৮। বৰ্ণৰ উৎপত্তি সম্পৰ্কীয় সিদ্ধান্তসমূহৰ সংক্ষেপে এটা আভাস দিয়া । নাইবা , বর্ণ ব্যৱস্থাত কিহৰ ভিত্তিত হিন্দু সমাজখন ভাগ কৰা হৈছিল ?
উত্তৰঃ বৰ্ণৰ উৎপত্তি সম্পর্কে প্রাচীন হিন্দুধর্ম গ্রন্থবােৰত বিভিন্ন সিদ্ধান্তৰ কথা পােৱা যায় । কেইটামান সিদ্ধান্ত তলত উল্লেখ কৰা হ’ল—
( ১ ) ঋকবেদৰ সিদ্ধান্ত :- বৰ্ণৰ উৎপত্তিৰ বিষয়ে ঋকবেদত উল্লেখ আছে । ঋবেদৰ মতে বৰ্ণৰ উৎপত্তি হয় ব্রহ্মাৰ শৰীৰৰ বিভিন্ন অংগৰ পৰা । সমাজখনক প্রধান চাৰিটা অগত ভাগ কৰা হৈছে । এই চাৰিটা বর্ণ ভগৱান ব্ৰহ্মাৰ দেহৰ অংগৰপৰা উৎপত্তি হৈছে । ব্রহ্মাৰ মুখৰ পৰা জন্ম পাইছে ব্রাহ্মণ , বাহুৰ পৰা জন্ম পাইছে ক্ষত্রিয় , উৰুৰ পৰা জন্ম পাইছে বৈশ্য আৰু ভৰিৰপৰা জন্ম পাইছে শূদ্র বর্ণই । এইটোৱে হ’ল – ঋকবেদীয় সিদ্ধান্ত ।
( ২ ) বৃহদাৰণ্যক উপনিষদৰ সিদ্ধান্ত :- উপনিষদ এই সিদ্ধান্ত মতে বৰ্ণৰ উৎপত্তিৰ আভাস সুকীয় । এই গ্রন্থমতে ব্রহ্মাই প্রথমে দেৱতাসকলক চাৰিটা ভাগত ভাগ কৰিছিল । পিছত সেইমতে সমাজকো চাৰি বৰ্ণত ভাগ কৰে । ইয়াৰ মতে প্রথমে ব্রাহ্মণৰ সৃষ্টি হয় । পিছত ব্রাহ্মণে সমাজত সকলাে কার্য সম্পাদন কৰিব নােৱাৰা হৈ পৰে , ফলত ক্ষত্রিয়ৰ সৃষ্টি হয় ; কিন্তু এই দুয়ােটা শ্ৰেণীয়ে সমাজত সকলাে কাম স্বয়ংসম্পূর্ণভাৱে কৰিব নােৱাৰাৰ পিছত আৱশ্যক মতে বৈশ্য আৰু শূদ্ৰৰ সৃষ্টি হয় বুলি উক্ত উপনিষদত উল্লেখ কৰা হৈছে ।
( ৩ ) ভূণ্ডমুনি সংহিতাৰ সিদ্ধান্ত :- ভৃগুমুনিয়ে লিখা সংহিতামতে ব্রহ্মাই প্রথমে কেৱল ব্রাহ্মণকুহে সৃষ্টি কৰিছিল । ব্রাহ্মণ স্বয়ংসম্পূর্ণ নহয় কাৰণে ক্রমে ক্ষত্রিয় , বৈশ্য আৰু শূদ্র সৃষ্টি কৰে । শৰীৰৰ ৰঙৰ ফালৰ পৰাও বৰ্ণৰ ভাগ কৰিব পাৰি । ব্রাহ্মণসকল ক্ষেত বা বগা , ক্ষত্রিয়সকল লােহিত্য বা ৰঙা – বগা , বৈশ্যসকল পীত বা হালধীয়া বৰণৰ আৰু শূদ্রসকল শ্যাম বা কলাবৰণৰ ।
এই সিদ্ধান্তমতে গাৰ বৰণৰ ওপৰত বৰ্ণৰ বিভাজন হােৱা নাই । কৰ্মৰ ওপৰত ভিত্তি কৰিহে বর্ণ বিভাজন কৰা হৈছে । কিয়নাে প্রথমে কেৱল ব্রাহ্মণহে সৃষ্টি হৈছিল , কালক্ৰমত গুণ আৰু কৰ্মৰ ভাগ অনুসৰিহে চাৰি বৰ্ণৰ উৎপত্তি হয় ।
( ৪ ) পৰাশৰ মুনিৰ সিদ্ধান্ত :- পৰাশৰ মুনিৰ সিদ্ধান্ত মতে মানৱ জীৱনৰ স্ৰষ্টা পৰম ব্রহ্মা হলেও উৎপত্তিৰ পাৰ্থক্যৰ বাবে মানুহৰ গুণ আৰু প্রকৃতি সুকীয়া । ব্রহ্মাৰ চাৰিটা বেলেগ বেলেগ অংগৰ পৰা চাৰিটা বৰ্ণৰ উৎপত্তি হৈছে । ব্ৰহ্মৰ মুখৰ পৰা জন্ম হৈছে ব্রাহ্মণ , বাহৰ পৰা জন্ম পাইছে ক্ষত্রিয় , উৰুৰ পৰা জন্ম হৈছে বৈশ্য আৰু ভৰিৰ পৰা জন্ম পাইছে শূদ্ৰসকল । তেওঁ অৱশ্যে এই চাৰি বৰ্ণৰ সংমিশ্ৰণত পিছলৈ আন বর্ণ সৃষ্টি হয় বুলি মত পােষণ কৰিছে ।
ওপৰৰ আলােচনাৰ পৰা বৰ্ণৰ উৎপত্তি সম্পর্কে মতভেদ দেখা যায় । কিছুমানৰ মতে বর্ণ নিৰ্ভৰ কৰে জন্মৰ ওপৰত আৰু আন কিছুমানৰ মতে বর্ণ নির্ভৰ কৰে কৰ্ম বা গুণৰ ওপৰতহে ।
প্রশ্ন ৯। বর্তমান ভাৰতৰ জাতি প্ৰথাৰ কি পৰিমাণৰ পৰিৱৰ্তন হৈছে ? এনে পৰিৱর্তনৰ তাৎপর্যপূর্ণ দিশবােৰ বাছি উলিওৱা ৷ নাইবা , ভাৰতৰ জাতি ব্যৱস্থাৰ পৰিৱর্তনৰ মুখ্য কাৰণসমূহৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ভাৰতীয় সমাজ সংৰচনাৰ ভেটিস্বৰূপ ব্যৱস্থাৰ পৰিৱর্তন ঘটাতাে বর্তমান সমাজ ব্যৱস্থাৰ এটা উল্লেখ্যযাগ্য ঘটনা । জাতি প্ৰথাৰ পৰিৱৰ্তনত বহুতাে কাৰকে প্রত্যক্ষ আৰু পৰােক্ষভাবে । ইন্ধন যােগাইছে । তলত তাৰে কিছুমান কাৰকৰ বিষয়ে চমুকৈ আলােচনা কৰা হৈছে ।
১। আধুনিক শিক্ষা :- বৃটিছসকল ভাৰতলৈ অহাৰ আগতে সমগ্র শিক্ষা ব্যৱস্থাটো প্রায় ব্রাহ্মণসকলৰ লগতে জড়িত হৈ আছিল । জাতিগত বৃত্তিৰ বাবে ঘৰতে পােৱা শিক্ষাহে সেই সময়ৰ প্ৰচলিত শিক্ষানীতি আছিল । কিন্তু বৃটিছসকলে পৰম্পৰাগত শিক্ষাৰ পৰিৱর্তে ধর্মনিৰপেক্ষ শিক্ষানীতি – প্রচলন কৰাৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰত থকা বৈষম্য যথেষ্ট পৰিমাণে হ্রাস পালে । আধুনিক শিক্ষা ব্যৱস্থাই অহতাৰ ওপৰত বেছি গুৰুত্ব দিয়াত জাতি প্রথাত থকা অন্ধবিশ্বাস , কু – প্রথা দূৰীকৰণত যথেষ্ট সহায় কৰিছে । যােগ্যতাৰ ওপৰত বেছি প্রাধান্য দিয়াত যেই সেই ব্যক্তিয়েই সমাজত নিজৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।
২। ধনৰ ওপৰত গুৰুত্ব :- পৰম্পৰাগত সমাজ ব্যৱস্থাত ব্যক্তিৰ নৈতিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ ওপৰত বেছি গুৰুত্ব আৰােপ কৰা হৈছিল । ঐশ্বর্য – বিভূতি আহৰণৰ ক্ষেত্ৰত সমাজ আছিল উদাসীন । কিন্তু সমাজত বর্তমান ধনৰ ওপৰত গুৰুত্ব যথেষ্ট বেছি । সেয়ে নিম্ন জাতি বুলি বিবেচিত লােকেও ধনৰ বলত সমাজত প্রতিপত্তি , প্রভুত্ব খটাব পৰা হৈছে । ই প্রত্যক্ষভাৱেই জাতি প্রথাত আঘাত হানিছে ।
৩। শিল্পজাত উন্নতি :- উদ্যোগিক উন্নতিৰ লগে লগে বিভিন্ন শিল্পই সমাজত গা – কৰি উঠিছে । বর্তমান সময়ত আগৰ দৰে কৃষিকৰ্ম কৰি জীৱিকা নির্বাহ কৰাটো সম্ভৱ নহয় । বিভিন্ন উদ্যোগ প্রতিষ্ঠান গঢ় লৈ উঠাৰ লগে লগে মানুহে অৰ্হতা অনুসৰি বেলেগ বেলেগ বৃত্তি লৈ জীৱিকা উলিয়াইছে । এনে ব্যৱস্থাই জন্মৰ পৰিৱর্তে পাৰদৰ্শিতাৰ ওপৰত গুৰুত্ব দিয়াত জাতি প্ৰথাৰ গােড়ামি হ্রাস পাইছে ।
৪। সঞ্চাৰণ আৰু পৰিবহণৰ উন্নতি :- শিল্পোন্নতিৰ চাবিকাঠি স্বৰূপ যােগাযােগ আৰু পৰিবহণ ব্যৱস্থাই ভৌগােলিক দূৰত্ব হ্রাস কৰাৰ ওপৰিও সামাজিক ব্যৱধান কমাবলৈ সক্ষম হৈছে । এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে একেলগে ভ্ৰমণ কৰোতে জাতি প্রথাত থকা বাধা নিষেধবিলাক মানি চলাটো সম্ভৱ নহয় । এই ব্যৱস্থা অন্ধবিশ্বাস দূৰীকৰণৰ সহায়ক ।
৫। সমাজ সংস্কাৰ আৰু ধর্মীয় আন্দোলন :- জাতি প্রথাৰ কু – সংস্কাৰ , অন্ধবিশ্বাস দূৰীকৰণৰ কাৰণে বহুতাে সামাজিক অনুষ্ঠান , ধর্মীয় আন্দোলন সমাজত মূৰ ডাঙি উঠিছে । জাতি প্রথা যে কু – প্রথা প্রচলনৰ পৰিণাম এই কথা সমাজক অৱগত কৰােৱাত এই আন্দোলনবিলাক সফল কাম হৈছে । প্রার্থনা সমাজ , ব্রাহ্ম সমাজ , আর্য সমাজ আদি ধর্মীয় আন্দোলনে জাতি প্ৰথাৰ পৰিৱৰ্তনত যথেষ্ট অৰিহণা আগবঢ়াইছে ।
৬। নতুন সামাজিক শ্রেণী :- নতুন শিল্প উদ্যোগৰ আগমনৰ লগে লগে জাতিৰ পৰিৱর্তে নতুন নতুন শ্ৰেণীৰ জন্ম হৈছে । বিভিন্ন ধৰণৰ সংগঠন যেনে শ্রমিক সংগঠন , ব্যবসায়ী সংস্থা , ৰাজনৈতিক সংস্থা আদিৰ জন্ম লাভে জাতি প্ৰথাৰ প্ৰতি থকা আনুগত্যতকৈ শ্ৰেণীৰ প্রতিহে মানুহ বেছি আকর্ষিত হােৱা দেখা গৈছে ।
৭। নাৰী আন্দোলন :- পৰম্পৰাগত হিন্দু সমাজত নাৰীৰ স্থান নিম্ন আছিল । প্রায় সকলাে ক্ষেত্ৰত তেওঁলােকৰ স্বাধীনতা সীমিত আছিল । কিন্তু আধুনিক শিক্ষা লাভ কৰাৰ পাছত বিবাহ , চাকৰি আদিত নাৰীৰ স্বতন্ত্রতা আহি পৰিছে । নাৰী মুক্তিৰ বাবে বিভিন্ন ধৰণৰ নাৰী আন্দোলন গঢ়ি উঠিছে । আধুনিক শিক্ষাৰ কাৰণে পশ্চিমীয়া সংস্কৃতি , ভাব – আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হৈ নাৰীয়ে পূর্বৰ দাসত্ব মানি চলিবলৈ কুণ্ঠাবােধ কৰে আৰু স্বাধীনচেতিয়া জীৱন যাপন কৰিবলৈ বিচাৰে । বিবাহ , চাকৰি আদিত নিজৰ স্বতন্ত্রতা দাবী কৰাৰ লগে লগে জাতি প্রথাত ই কুঠাৰ ঘাট কৰিছে ।
৮। বাজনৈতিক আন্দোলন :- গান্ধীজীৰ নেতৃত্বত ৰাজনৈতিক আন্দোলন গঢ়ি উঠাৰ লগে লগে সামাজিক কু – প্রথা , কু – সংস্কাৰবিলাক দূৰীকৰণৰ বাবেও সংগ্রাম আৰম্ভ হ’ল । জাতি – বর্ণ নির্বিশেষে মুক্তি আন্দোলনত যােগ দিবলৈ কৰা গান্ধীজীৰ আহবানত সমগ্র দেশবাসীয়ে সঁহাৰি আগবঢ়ায় । উচ্চ – নীচ ভেদ ভাব পৰিহাৰ কৰাত ৰাজনৈতিক আন্দোলন বহু পৰিমাণে জড়িত ।
৯। নগৰৰ প্ৰভাৱ :- জনসংখ্যা বৃদ্ধিৰ লগে লগে নগৰ – চহৰবিলাকো গঢ়ি উঠে । নগৰবিলাকৰ বিভিন্ন ধৰণৰ সা – সুবিধাই মানুহক নগৰলৈ আহিবলৈ বাধ্য কৰে । ব্যৱসায় , চাকৰি , উদ্যোগ , খেলা – ধূলা , চিনেমা , থিয়েটাৰ আদিয়ে জাতিপ্ৰথাৰ ৰক্ষাশীলতাক স্বীকৃতি নিদিয়ে । নগৰৰ দ্রুত গতিশীলতাই মানুহক বেছিকৈ প্ৰভাৱান্বিত কৰে যিয়ে জাতি – প্রথা পৰিৱৰ্তনত সুদূৰপ্ৰসাৰী ক্রিয়া কৰে ।
১০। চৰকাৰী প্রচেষ্টা :- ভাৰতীয় জাতীয় চৰকাৰে স্বাধীনতা লাভ কৰাৰ পাছত জাতি প্রথাত থকা কু – প্রথাবিলাক দূৰীকৰণৰ কাৰণে প্রচেষ্টা চলাইছে । উদাহৰণস্বৰূপে ১৯৫৫ চনত অস্পৃশ্যতা নিবাৰক আইন , ১৯৬১ চনৰ যৌতুক প্রথা বিলুপ্তিকৰণ আইন ইত্যাদি ৰচনা কৰি সামাজিক বৈষম্য দূৰীকৰণৰ কাৰণে চেষ্টা কৰা হৈছে । বহুতাে নিম্ন – জাতিক বিভিন্ন ধৰণৰ সা – সুবিধা প্রদান কৰি তেওঁলােকৰ উন্নতিৰ কাৰণে যত্ন লৈছে । আইনৰ দৃষ্টিত সকলাে সমান ’ আদৰ্শৰ দ্বাৰা সংবিধান ৰচিত হােৱাত জাতি , বর্ণ , ধর্ম নির্বিশেষে ভেদাভেদ নাইকিয়া কৰিবলৈ যত্ন কত জাতি – প্ৰথাৰ বহুতাে কু – প্রথা উচ্ছেদ হােৱাত অৰিহণা যােগাইছে ।
See Next Page…
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Explanation of 3rd chapter of sociology in Assamese