Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন

Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন and select needs one.

Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন Solutions for All Subject, You can practice these here…

ভাৰতৰ জনজাতীয় জীৱন

প্রশ্ন ১। জনজাতি ( Tribe ) বুলিলে কি বুজা ? জাতি আৰু জনজাতিৰ পার্থক্য দেখুওৱা । নাইবা , জনজাতিৰ সংজ্ঞা দিয়া । ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ কি কি ?

( ক ) জনজাতীয় সমাজৰ তিনিটা চৰিত্র উল্লেখ কৰা ।

উত্তৰঃ ভাৰত এখন বৈচিত্র্যপূর্ণ দেশ । ইয়াৰ জনসংখ্যাও বিভিন্ন জাতি – উপজাতিৰে গঠিত । এইসকলৰ ভিতৰত জনজাতীয় সম্প্রদায়ৰ লােকসকল অন্যতম । সমগ্র ভাৰতৰ জনসংখ্যা প্রায় ৮ শতাংশ লােক জনজাতীয় সম্প্রদায় । এই সম্প্রদায়ত প্রায় ৪৫০ টা সুকীয়া জনগােষ্ঠী আছে । 

সমাজশাস্ত্রবিদসকলে জনজাতি সম্পর্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে , তাৰ ভিতৰত কেইটামান সংজ্ঞা তলত আলােচনা কৰা হ’ল ।

( ক ) জনজাতিৰ সংজ্ঞা :- বিখ্যাত সমাজ – শাস্ত্রবিদ গিলেন আৰু গিলেন মতে যেতিয়া কোনাে এক আদিম জনসমূহে সংঘৱদ্ধ হৈ স্থায়ীভারে বাস কৰি , উমৈহতীয়া ভাষা কয় আৰু একে সংস্কৃতি অবলম্বন কৰে , তাকে জনজাতি বােলে । 

আন এজন চিন্তাবিদ ডি , এন , মজুমদাৰৰ মতে জনজাতি হ’ল কিছুমান পৰিয়ালৰ সমষ্টি বা পৰিয়ালৰ সমূহ , যিসকলৰ একোটা উমৈহতীয়া নাম থাকে , এডােখৰ নির্দিষ্ট ভূখণ্ডত বাস কৰে , একে ভাষা কয় , বিয়া – বাৰু , ব্যৱসায় , বৃত্তিৰ ক্ষেত্ৰত কিছুমান নিযেধ মানি চলে আৰু পৰম্পৰে পৰস্পৰৰ লগত আদান – প্রদানৰ ব্যৱস্থা ৰাখে । 

ওপৰত উল্লিখিত এই দুটা সংজ্ঞাৰ পৰা আমি এইটো বুজে যে কোনাে এক অঞ্চলৰ জনগােষ্ঠীয়ে যেতিয়া একে ভাষা , সামাজিক ৰীতিনীতি আৰু আর্থিক কার্যৰ দ্বাৰা একতাবদ্ধ । হৈ বসবাস কৰে তাকে জনজাতি বােলে । 

( খ ) জাতি আৰু জনজাতিৰ পাৰ্থক্য :- জাতি আৰু জনজাতিৰ মাজত কিছুমান পার্থক্য দেখা যায় । তলত কেইটামান পার্থক্য উল্লেখ কৰা হ’লঃ –

১।জাতিৰ ভিত্তি হ’ল জন্মৰ ওপৰত । জন্মৰ সম্পৰ্ক থকা বা তেজৰ সম্পৰ্কৰ পৰাহে জাতি এটাৰ বিকাশ সাধন হয় । কিন্তু জনজাতিৰ সম্পর্ক হ’ল কোনাে এক বিশেষ অঞ্চলৰ লগত । কোনাে এক বিশেষ অঞ্চল বসবাস কৰাৰ বাবেই জনজাতিৰ উৎপত্তি হয় । 

২।বৃত্তিৰ লগত থকা সম্পর্কৰ ওপৰত নিৰ্ভৰ কৰিও জাতি আৰু জনজাতিৰ পার্থক্য দেখা যায় । জাতিৰ ক্ষেত্ৰত যিকোনাে বৃত্তি অনুসৰণ কৰাত বাধা । নিষেধ থাকে ; কিন্তু জনজাতি লােকৰ ক্ষেত্ৰত তেনে ধৰণৰ বাধা – নিষেধ নাথাকে । জাতিৰ ক্ষেত্ৰত বৃত্তি জন্মগত , ব্যক্তি বা গুণ বা যােগ্যতাৰ লগত কোনাে সম্বন্ধ নাথাকে ; কিন্তু জনজাতিৰ ক্ষেত্ৰত জন্মৰ লগত বৃত্তিৰ সম্পর্ক নাথাকে , যােগ্যতা গুণ আৰু সক্ষমতাৰ লগতহে বৃত্তিৰ সম্পর্ক থাকে । 

৩। জাতি উৎপত্তি হােৱাৰ কোনাে কাল্পনিক কাহিনী বা উপাখ্যান নাই ; কিন্তু জনজাতি উৎপত্তিৰ ক্ষেত্ৰত নানা কাল্পনিক কাহিনী বা উপাখ্যান পােৱা যায় । 

৪।জনজাতিবােৰৰ একোটা ৰাজনৈতিক দিশ থকা দেখা যায় , সেইফালৰ পৰা প্ৰতিটো জনজাতিকে একোটা ৰাজনৈতিক সংগঠন বুলিও ক’ব পাৰি ; কিন্তু জাতিৰ ক্ষেত্ৰত ৰাজনৈতিক কার্য জড়িত দেখা নাযায় । ই ৰাজনৈতিক সংগঠন নহয় । 

৫। জাতিৰ ক্ষেত্ৰত অন্তর্বিবাহ এটা বিশেষ বৈশিষ্ট্য : কিন্তু জনজাতিৰ ক্ষেত্ৰত অন্তর্বিবাহ এটা বৈশিষ্ট্য নহয় । জাতিৰ ক্ষেত্ৰত অন্তর্বিবাহৰ নীতি কঠোৰভাৱে প্রযােজ্য কিন্তু জনজাতিৰ ক্ষেত্ৰত তেনে কঠোৰতা নাথাকে ।

ওপৰত উল্লেখ কৰা পার্থক্যসমূহ কিছুমান সাধাৰণ পার্থক্যহে বিশেষ পৰিস্থিতি আৰু পৰিৱর্তনৰ যুগত এই পার্থক্য আৰু নীতি – নিয়মৰ বহুতাে তাৰতম্যও দেখা যায় । 

( গ ) জনজাতিৰ উল্লেখযােগ্য চৰিত্ৰ বা বৈশিষ্ট্যসমূহঃ  

১। পৰিয়াল :- পৰিয়াল জনজাতিৰ মূল ভেটি । পৰিয়াল অবিহনে জনজাতিৰ কথা চিন্তা কৰিব নােৱাৰি । পৰিয়ালৰ সমষ্টিয়েই হ’ল জনজাতি । 

২। ভাষা :- প্রত্যেক জনজাতিৰ একো একোটা নিজা ভাষা বা দোৱান থাকে । ই প্রতিষ্ঠিত ভাষা নহ’লেও প্রত্যেক জনজাতিয়ে সেই দোৱানৰ দ্বাৰা নিজৰ মাজত ভাবৰ আদান – প্রদান কৰে । 

৩। জনজাতিৰ সুকীয়া নাম :- প্রত্যেক জনজাতিৰে একো – একোটা সুকীয়া নাম আছে । যেনে— কছাৰী , ৰাভা , মিৰি , মিছিমি , কাৰ্বি আদি প্রত্যেক জনজাতিৰে একো – একোটা সুকীয়া বৈশিষ্ট্য আছে যাৰ দ্বাৰা এটাক আনটোৰ পৰা চিনিব উলিয়াব পাৰি । 

৪। ভৌগােলিক পৰিধি :- জনজাতিসকল একোটা নির্দিষ্ট ভৌগােলিক অঞ্চলৰ বাসিন্দা । এই ভৌগােলিক অঞ্চলক নিজৰ অঞ্চল বুলিয়ে ভাবে । 

৫। ধর্মীয় নীতি :- প্রত্যেক জনগােষ্ঠীৰ একোটা ধর্ম থাকে । ধর্মীয় নীতি – নিয়ম , পূজা পার্বণ আদি প্রত্যেক জনজাতিৰ সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য । ধর্মীয় বিশ্বাসেই তেওঁলােকক একতাবদ্ধ কৰি ৰাখে । জনজাতিৰ সকলাে সংগঠনতে ধর্মীয় প্রভাৱ পৰা দেখা যায় । 

৬। বিয়া-বাৰু :- জনজাতিৰ আন এটা বৈশিষ্ট্য হ’ল অন্তর্বিবাহ ব্যৱস্থা । নিজৰ জনজাতীয় গােষ্ঠীৰ বাহিৰত সাধাৰণতে বিবাহ আদি নিষিদ্ধ ; এনেকি খােৱা – বােৱা কৰাও নিষিদ্ধ । বিয়া বাৰু আদি নিজ জনজাতিৰ লােকৰ মাজতে আৱদ্ধ থকা দেখা যায় । অৱশ্যে আধুনিক যুগৰ প্রভাৱে এই নিয়মৰ কিছু পৰিৱৰ্তন আনিছে । 

৭। সুকীয়া ৰীতিনীতি :- জনজাতিবােৰৰ কিছুমান নিজা নিজা সুকীয়া সামাজিক নীতি নিয়ম , বাধা – নিষেধ আছে । এই নীতি – নিয়মবােৰ তেওঁলােকৰ সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য । যাক গােষ্ঠীটোৰ সকলােৱে সমানে সম্মান জনাই পালন কৰে । 

৮। নিজস্ব সংস্কৃতি :- প্রত্যেক জনজাতিৰে একোটা নিজা সংস্কৃতি আছে । তেওঁলােকৰ ধর্ম – আচাৰ – ব্যৱহাৰ , চাল – চলন , পিন্ধন – উৰণত একোটা সুকীয়া বৈশিষ্ট্য দেখা যায় । এইবােৰ জনজাতিটোৰ মাজত ঐক্যবদ্ধতা গঢ়ি তােলে । এই স্বকীয় সংস্কৃতিক তেওঁলােকে আপােন বুলি ভাবে । 

৯। ৰাজনৈতিক সংগঠন :- জনজাতিবােৰৰ প্রত্যেকৰে একোটা ৰাজনৈতিক সংগঠন থকা দেখা যায় । এই সংগঠনে তেওঁলােকৰ ৰাজনৈতিক সচেতনতা , আৰু প্রাপ্য অধিকাৰবােৰৰ প্রতি সজাগ – সচেতা কৰি ৰাখে । তেওঁলােকৰ সুকীয়া অস্তিত্ব ৰক্ষাকবচ হিচাপে ৰাজনৈতিক সংগঠনবােৰে কাম কৰে । 

এইদৰে কিছুমান সুকীয়া বৈশিষ্ট্য ধাৰণ কৰি জনজাতিবােৰে আন জাতিবােৰৰ পৰা পৃথক হৈ থাকি সামাজিক , আর্থিক সকলাে ক্ষেত্ৰতে একোটা নিজা বৈশিষ্ট্য ৰক্ষা কৰি চলিছে ।

প্রশ্ন ২। জনজাতীয় পৰিয়াল বুলিলে কি বুজা ? জনজাতীয় পৰিয়ালবােৰৰ ভাগ কি কি ? 

উত্তৰঃ পৰিয়াল সমাজৰ প্রাথমিক গােট । মানৱ সমাজৰ প্রাথমিক ভিত্তি হ’ল পৰিয়াল । কিন্তু সমাজত সকলাে জাতি বা গােষ্ঠী বা উপজাতিৰ মানুহৰ পৰিয়ালৰ গঠন প্রণালী , পদ্ধতি , ৰীতি – নীতি একে নহয় । পৰিয়ালৰ কিছুমান সার্বজনীন বৈশিষ্ট্য আছে যদিও আন কিছুমান সুকীয়া বৈশিষ্ট্যও থাকে । আন জাতি – উপজাতিৰ তুলনাত জনজাতিবােৰৰ তেনে কিছুমান সুকীয়া বৈশিষ্ট্য দেখা যায় । সেইবাবে জনজাতীয় পৰিয়ালবােৰ আন পৰিয়ালৰ পৰা কিছু বেলেগ । 

ভাৰতৰ জনজাতিবােৰৰ মাজত প্ৰচলিত পৰিয়াল পদ্ধতিক তিটিটা বেলেগ বেলেগ ভিত্তিত ভাগ কৰা হয় । তলত ভাগ তিনিটা দেখুওৱা হ’ল–

( ১ ) পৰিয়ালৰ জনসংখ্যাৰ ভিত্তিত ।

( ২ ) বিবাহ – পদ্ধতিৰ ভিত্তিত । আৰু 

( ৩ ) বংশ বা মুৰব্বী ভিত্তিক পৰিয়াল । 

১। পৰিয়াল জনসংখ্যাৰ ভিত্তিত ভাগ :- পৰিয়াল থকা সদস্য সংখ্যাৰ ওপৰত ভিত্তি কৰি পৰিয়ালক তিনিটা ভাগত ভগােৱা হৈছে- 

( ক ) প্রাথমিক পৰিয়াল ।

( খ ) যৌথ পৰিয়াল । আৰু 

( গ ) দাম্পত্য পৰিয়াল । 

( ক ) প্রাথমিক পৰিয়াল বা আনবিক পৰিয়াল :- এনে পৰিয়াল সাধাৰণতে স্বামী – স্ত্রী আৰু তেওঁলােকৰ অবিবাহিত ল’ৰা – ছােৱালীক লৈ গঠিত হয় । বিবাহৰ পিছত ল’ৰা ছােৱালীবােৰ পৰিয়ালৰ লােক হৈ নাথাকে । এই পৰিয়ালেই আটাইতকৈ সৰু পৰিয়াল । এনে পৰিয়ালকে আনবিক পৰিয়ালও বােলে । 

( খ ) যৌথ পৰিয়াল :- ভাৰতৰ প্রায়বােৰ জনজাতিতে যৌথ পৰিয়াল দেখা যায় । এই পৰিয়ালত কেবাটাও পৰিয়াল একেলগে থাকে । কেবাজনাে ভাই – ককাইয়ে নিজৰ নিজৰ ল’ৰা – ছােৱালী , স্ত্রীক লৈ , মাক – দেউতাক সহ একেখন ঘৰতে থাকি , একে বান্ধনীশালত খােৱা বােৱা কৰি , সকলাে সা – সম্পত্তি উমৈহতীয়াভাৱে উপভােগ কৰি থাকে । এনেকুৱা পৰিয়ালক যৌথ পৰিয়াল বােলে । 

( গ ) দাম্পত্য পৰিয়াল :- দাম্পত্য পৰিয়ালত স্বামী – স্ত্রী তেওঁলােকৰ ল’ৰা – ছােৱালীৰ উপৰি স্বামী বা স্ত্রীৰ সম্পৰ্কীয় আন আত্মীয় – স্বজনও এই পৰিয়ালত থকা দেখা যায় । ভাৰতৰ কিছুমান জনজাতিত এই প্ৰকাৰৰ পৰিয়াল পােৱা যায় । 

২। বিবাহ পদ্ধতি ভিত্তিক পৰিয়াল ভাগ :- বিবাহ ভিত্তিত জনজাতি পৰিয়ালক দুটা ভাগত ভগাব পাৰি । 

( ক ) এক – বিবাহ পদ্ধতিৰ পৰিয়াল । আৰু 

( খ ) বহু – বিবাহ পদ্ধতিৰ পৰিয়াল । 

( ক ) এক বিবাহ পদ্ধতিৰ পৰিয়াল :- এজন পুৰুষে এজনী তিৰােতাক বিবাহ কৰাৰ ফলত যি পৰিয়ালৰ সৃষ্টি হয় তাক এক বিবাহ পৰিয়াল বা এক পতি – পত্নীৰ বিবাহ পৰিয়াল বােলে । খাছীয়া , চাওতাল জনজাতিৰ মাজত এনে পৰিয়াল পােৱা যায় ।

( খ ) বহু – বিবাহ পদ্ধতিৰ পৰিয়াল :- যেতিয়া এজন পুৰুযে কেৰাজনীও তিৰােতাক বা এজনী নাৰীয়ে কোজন পুৰুষক বিয়া কৰায় একোটা পৰিয়ালৰ সৃষ্টি কৰে তাকে বহু – বিবাহ পদ্ধতিৰ পৰিয়াল বােলে । এই বিবাহক আকৌ দুই প্রকাৰে ভাগ কৰিব পাৰি । বহুপতি পৰিয়াল আৰু বহু – পত্নী পৰিয়াল । 

( i ) বহুপত্নী পৰিয়াল :- বহুপত্নী বিবাহ অনুসৰি এজন পুৰুষে যেতিয়া এজনীতকৈ বেছি পত্নীক বিবাহ কৰায় তাকে বহু পত্নী পৰিয়াল বােলে । 

৩। বংশ বা পৰিয়ালৰ মুৰব্বী ভিত্তিক পৰিয়াল :- এই ভিত্তিৰ পৰিয়ালক মাতৃপ্রধান আৰু পিতৃ – প্রধান এই দুই ভাগত ভাগ কৰিব পাৰি ।

( ক ) মাতৃ – প্রধান পৰিয়াল :- মাতৃপ্রধান পৰিয়ালত বিবাহৰ পিছত স্বামী স্ত্রী ঘৰলৈ যাব লাগে । এই পৰিয়ালত মাতৃৰ বা নাৰী গৰাকীৰ কর্তৃত্ব চলে । এই পদ্ধতিত নাৰী গৰাকীৰ বংশ মর্যাদাহে সতি – সন্ততিয়ে পায় । এই পৰিয়ালৰ ল’ৰা – ছােৱালীয়ে মাতৃৰ উপাধি আদি অনুসৰণ কৰিব লাগে । মাতৃ – প্রধান পৰিয়ালত পুৰুষতকে নাৰীৰ স্থানহে উচ্চ । মেঘালয়ৰ খাছীয়া , গাৰাে আদি জনজাতিত এই পদ্ধতিৰ পৰিয়াল পােৱা যায় । 

( খ ) পিতৃ – প্রধান পৰিয়াল :- পিতৃপ্রধান পৰিয়ালত বিবাহৰ পিছিত স্ত্রী – স্বামীৰ ঘৰলৈ যাব লাগে । এই পৰিয়ালত পিতৃ বা পুৰুষজনৰ কর্তৃত্ব চলে । এই পৰিয়ালত পুৰুষজনৰ বংশ মর্যাদাহে সতি – সন্ততিয়ে পায় আৰু ল’ৰা – ছােৱালীয়ে পুৰুষজনৰ বা পিতৃৰ উপাধি ল’ব লাগে । এই পৰিয়াল পুৰুষপ্রধান , পুৰুষজন পৰিয়ালৰ সর্বেসর্বা । সকলাে সা – সম্পত্তিৰ অধিকাৰী হ’ল পুৰুষজন । এই পৰিয়ালক পিতৃবংশীয় পৰিয়ালাে বােলে । 

প্রশ্ন ২। ( ক ) মাতৃবংশীয় আৰু মাতৃপ্রধান পৰিয়ালৰ মাজৰ পাৰ্থকটো কি লিখা । 

উত্তৰঃ মাতৃবংশীয় পৰিয়ালত , সমাজত উত্তৰাধিকাৰ সূত্রে মাতৃৰ সম্পত্তি জীয়েকে লাভ কৰে , কিন্তু সমাজক নিয়ন্ত্রণ নকৰে । ৰাজহুৱা সিদ্ধান্ত লব নােৱাৰে । আনহাতে মাতৃ প্রধান সমাজত নাৰীৰ কর্তৃত্ব আৰু আধিপত্য থকা দেখা যায় । 

প্রশ্ন ৩। ভাৰতৰ তথা অসমৰ জনজাতিবােৰৰ আর্থিক অৱস্থাৰ বিষয়ে এটি চমু আভাস দিয়া । 

উত্তৰঃ ভাৰতৰ গ্ৰাম্য সমাজৰ দৰে ভাৰতৰ জনজাতীয় লােকসকলাে প্রধানকৈ কৃষিজীৱী । খেতিয়েই তেওঁলােকৰ জীৱিকাৰ সম্বল । কিছুমান জনজাতিয়ে বনজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰিও চলে । জনজাতিবােৰৰ আর্থিক বিষয়বােৰ তলত দিয়াৰ দৰে আলােচনা কৰিব পাৰিঃ 

১। ঝুম খেতি :- কৃষিয়েই হ’ল জনজাতীয় লােকসকলৰ জীৱিকাৰ প্রধান উপায় । সমভূমি অঞ্চলৰ জনজাতীয় লােকসকলে অন্যান্য গাঁৱৰ মানুহৰ দৰে খেতি – বাতি কৰে যদিও পাহাৰীয়া অঞ্চলৰ জনজাতিবােৰে বেছিকৈ ঝুম খেতিৰ ওপৰতে নিৰ্ভৰ কৰে । ঝুম খেতিৰ উৎপাদন অতি কম হােৱা বাবে আৰু সঘনে কৃষিৰ মাটি সলাই থকা বাবে তেওঁলােকৰ আর্থিক অৱস্থা অতি শােচনীয় । ঝুম খেতিৰ বাবে মাটি বিচাৰি তেওঁলােকে সঘনে ঠাই সলাই ফুৰে । মুঠতে নিম্নতম খাদ্য সামগ্রীখিনিও উৎপাদন কৰিব নােৱাৰে ।

২। বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীলতা :- কিছুমান জনজাতিয়ে বনজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰিয়ে জীৱিকা নির্বাহ কৰে । তেওঁলােকে ঘৰ – দুৱাৰ – সজা সামগ্ৰীৰ পৰা আৰম্ভ কৰি খাদ্য – সামগ্রীসংগ্রহ কৰালৈকে হাবি – বনৰ সম্পদৰ ওপৰতে নিৰ্ভৰ কৰি চলে । বনৰ জীৱ – জন্তুৰ  চিকাৰ কৰিও খাদ্য – সামগ্রী যােগাৰ কৰি লয় । বেছিভাগ জনজাতিৰ লােকে নিজাববীয়াকৈ মাটি – বাৰীৰ দখলস্বত্ব লৈ পট্টা কৰিলােৱা কথা নাভাবে । দৰকাৰ হ’লে সেই মাটি এৰি দি আন ঠাইলৈ গুচি যায় । 

৩। নতুন ভূমিনীতিৰ প্ৰভাৱ :- বেছিভাগ জনজাতীয় অঞ্চলৰ মাটিয়ে বনাঞ্চলৰ নতুন মাটি । এই প্রকাৰৰ মাটিত চৰকাৰে কোনাে লােককে স্থায়ী মালিকী স্বত্ব দি পট্টন নিদিয়ে ফলত বেছিভাগ মাটিতে জনজাতীয় লােকৰ স্থায়ী মালিকীস্বত্ব নাই । তেওঁলােকে চৰকাৰী মাটিকে দখল কৰি খেতি কৰি থাকে । আনহাতে যাতায়াত ব্যৱস্থা উন্নত হােৱাৰ লগে লগে আন অজনজাতীয় লােকৰ বসতি ঘন হৈ অহাৰ লগে লগে মাটিৰ দখল – স্বত্ব বিক্ৰী কৰি আন ঠাইলৈ গুচি যায় বা বনাঞ্চলৰ ভিতৰলৈ বা পাহৰী অঞ্চললৈ গতি কৰে । এইদৰে জনজাতীয়সকলে এটা ভূমিহীন জীৱন যাপন কৰে । 

৪। ঋণগ্রস্ততাৰ সমস্যা :- সহজ – সৰল জনজাতীয় লােকসকলৰ দৰিদ্ৰতাৰ সুযােগ লৈ বহুতাে অসৎ ব্যৱসায়ী বা মহাজনে সামান্য টকাৰ বিনিময়ত সিহঁতৰ মাটি – বাৰী , সা – সম্পত্তি হস্তগত কৰে বা বংশানুক্রমে সুত আদি আদায় কৰি থাকে । অৱশেষত জনজাতীয় পৰিয়ালবােৰে সর্বস্ব হেৰুৱাই নিঠৰুৱা হৈ পৰে । 

৫। ঔদ্যোগিক বনুৱাৰ জীৱন :- বর্তমান যুগত বহুতাে জনজাতিয় বিভিন্ন উদ্যোগৰ বনুৱা হিচাপে কাম কৰিও জীৱিকা নির্বাহ কৰে । কল – কাৰখানাৰ , খনি – উদ্যোগৰ , চাহ বাগানৰ বনুৱা হিচাপে কাম কৰি বহু জনজাতিয়ে জীবিকা নির্বাহ কৰে । এই শ্রমিক বনুৱাসকলৰ আর্থিক অৱস্থা অতি শােচনীয় কাৰণ তেওঁলােকে শ্ৰমৰ জোখাৰে মজুৰি নাপায় । অতি কম দৰমহা বা মজুৰিতে তেওঁলােকে খাটিব লাগে । অত্যধিক পৰিশ্ৰমৰ বাবে বনুৱাসকলৰ স্বাস্থ্যও অতি সােনকালে ভাগি পৰে , মুঠতে এই জনজাতিবােৰৰ আর্থিক অৱস্থা বুলিবলৈ একো নাথাকে । নিম্নমানৰ আহাৰ খাই কোনাে ৰকম থকাৰ বাহিৰে আন গত্যন্তৰ নাথাকে । এইয়ে হ’ল জনজাতিসকলৰ আর্থিক অৱস্থা । 

প্রশ্ন ৪। ভাৰতৰ জনজাতিবােৰৰ ধৰ্মৰ এটি চমু আভাস দিয়া । 

উত্তৰঃ ভাৰতৰ জনজাতিসকল বিভিন্ন জনগােষ্ঠীৰ লােক । তেওঁলােক প্রত্যেকৰে ভাষা , ধর্ম , সামাজিক ৰীতি – নীতি , আর্থিক পদ্ধতি আদি বিভিন্ন ধৰণৰ । ভাৰতৰ আন জনজাতিৰ  লােকৰ দৰে , জনজাতীয়সকলৰ মাজতাে বিভিন্ন ধর্মীয় আচৰণৰ লােক দেখা যায় । ভাৰতৰ জনজাতীয় সমাজ পদ্ধতিত ধৰ্মৰ ভূমিকা যথেষ্ট গুরুত্বপূর্ণ । তেওঁলােকৰ সকলাে দিশতে ধৰ্মৰ প্ৰভাৱ দেখিবলৈ পােৱা যায় । জনজাতীয় সমাজত যিবােৰ সামাজিক উৎসৱ পালন কৰা হয় সেইবােৰত ধর্মীয় বিশ্বাস , ৰীতি – নীতি , আৰু প্রথা প্রয়ােগ কৰা হয় । মানুহৰ জন্ম , মৃত্যু , ৰোগ – ব্যাধি , ঘটনা , শস্যৰ উৎপাদন , প্রাকৃতিক ঘটনাৰ বিভিন্ন কাৰণসমূহ ধর্মীয় বিশ্বাস মতেই ব্যাখ্যা কৰা দেখা যায় । ধর্ম অবিহনে তেওঁলােকে সমাজত জীৱন নির্বাহ কৰাৰ কথা ভাবিবই নােৱাৰে । 

ভাৰতৰ প্ৰায় ভাগ জনজাতিৰে নিজৰ পৰম্পৰাগত ধর্মীয় বিশ্বাস , পদ্ধতি আছে যদিও সময়ৰ সোঁতত কিছুমান জনজাতীয়লােকে হিন্দু , খ্রীষ্টান আৰু বৌদ্ধ ধর্ম মানি চলে । তেওঁলােকে বহুতাে দেৱ – দেৱীক পূজা কৰে । এই দেৱ – দেৱীবােৰ অসন্তুষ্ট হলে অপায় – অমঙ্গলে দেখা দিয়ে বুলি ভাবে । তেওঁলােকে মানুহৰ কর্মফল বিশ্বাস কৰে । তেওঁলােকে বিহু উৎসৱ আদি পালন কৰাৰ উপৰি খেৰাই ’ নামৰ এটা ধর্মীয় উৎসৱও পালন কৰে । 

অসমৰ আন এটা জনজাতি সােণােৱাল কছাৰীসকলে অসমীয়া হিন্দু সমাজৰ ঘাই সুঁতিৰ ধৰ্ম – সংস্কৃতিৰ লগত মিলি গৈছে । যদিও নিজৰ কিছুমান সামাজিক বৈশিষ্ট্য আৰু ধর্মীয় বিশ্বাস এতিয়াও ৰক্ষা কৰি চলি আছে । বাথৌ পূজা , গজাই পূজা , পিৰ দিয়া পূজা আদি পৰম্পৰাগত পূজা – পাতল এতিয়াও তেওঁলােকৰ মাজত প্রচলিত । ডিমাছা কছাৰীসকলৰ পৰম দেৱতা হ’ল— ‘ মাদাই ‘ । চিব্রাই ’ আন এজন প্রধান দেৱতা । তেওঁলােক মুঠতে শিৱ ভক্ত । তেওঁলােকে পূজাত জীৱ – জন্তু বলি দিয়ে । কার্বিসকলে বহুতাে দেৱ – দেৱী পূজা কৰে যদিও এক সর্বশক্তিমান দেৱতা হ’ল ‘আৰনাম সংসাৰ ৰেক’ । 

তেওঁলােকে কোনাে মূর্তি বা মন্দিৰত পূজা নকৰে । ৰংখেৰ তেওঁলােকৰ জাতীয় উৎসৱ । লালুং বা টিৱাসকলে বর্তমান হিন্দুধর্ম গ্রহণ কৰিছে । অসমৰ মিছিংসকলে এক নিকাৰ ভগৱানক বিশ্বাস কৰে । তেওঁলােকে অপায় – অমঙ্গলৰ বাবে ভূত – প্রেত বিশ্বাস কৰে  আৰু পূজা – পাতল কৰে । তেওঁলােকৰ ধৰ্মীয় পূজা হ’ল ‘ দবিৰ ’ , ‘ তালেং উই’ধর্ম গ্রহণ কৰা দেখা যায় । উদাহৰণস্বৰূপে অসমৰ ভৈয়াম আৰু পাহাৰৰ বিভিন্ন জনজাতীয় লােকসকল শিক্ষা – দীক্ষা আৰু আর্থিক বিষয়ত যথেষ্ট পিছপৰা । এই অজ্ঞ পিছপৰা শ্ৰেণীৰ মাজত খ্রীষ্টান । 

মিছনাৰীসকলে সহজতে খ্রীষ্টান ধর্ম প্রচাৰ কৰি এওঁলােকৰ এক বৃহৎ অংশক খ্রীষ্টান ধর্মত দীক্ষিত কৰাইছে । অসমৰ দাঁতি কাষৰীয়া ভৈয়াম অঞ্চলত আদিম যুগৰে পৰা বসবাস কৰা ভৈয়ামৰ জনজাতিবােৰ অজনজাতীয় হিন্দুলােকৰ দ্বাৰা প্রভাবিত হৈ বহুতে হিন্দুধর্ম গ্রহণ কৰিছে । আন কিছুমান জনজাতিয়ে তেওঁলােকৰপৰম্পৰাগত ধর্মীয় ৰীতি – নীতিৰ লগত হিন্দুধৰ্মৰ কিছুমান ৰীতি – নীতিও পালন কৰে । 

অসমত বসবাস কৰা বড়াে , কছাৰী , ৰাভা , সােণােৱাল , মেচ , টি , দেউৰী , মিচিং , কাছাৰৰ বর্মন , পাহাৰী জনজাতি কাৰ্বি , ডিমাছা কছাৰী , গাৰাে আদি জনজাতিসকলৰ সুকীয়া নিজা নিজা ধর্মীয় ৰীতি – নীতি আছে । অসমৰ বড়াে আৰু ৰাভা ‘ কছাৰীসকলৰ ইষ্ট দেৱতা হ’ল বাথৌ – বাবাই তেওঁলােকৰ মতে বাথৌ বা শিৱ হ’ল সর্বশক্তিমান দেৱতা । মাইনাও ’ হ’ল তেওঁলােকৰ ধনসম্পদৰ দেৱী । এইদৰে অসমৰ বিভিন্ন জনজাতিয়ে হিন্দু , খ্রীষ্টান আদি ধর্ম গ্রহণ কৰিছে যদিও তাৰ ভিতৰতে নিজ নিজ ধর্ম – সংস্কৃতিও পালন কৰি আছে । 

অৰুণাচল , নগালেণ্ড , মণিপুৰ , মিজোৰাম , মেঘালয় আদি , পাহাৰী ৰাজ্যসমূহৰ জনজাতিসকলৰ বেছিভাগেই খ্রীষ্টান ধর্ম গ্রহণ কৰিছে । খুব কম সংখ্যক জনজাতিয়েহে হিন্দুধর্ম আৰু আন কিছুমানে বৌদ্ধধর্ম গ্রহণ কৰা দেখা যায় । এইবােৰ ধৰ্ম গ্ৰহণ কৰিছে যদিও এই জনজাতিবােৰে নিজৰ কিছুমান পৰম্পৰাগত ৰীতি – নীতি এতিয়াও পালন কৰি আছে ।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ৫ । ভাৰতীয় জনজাতিৰ বিভিন্ন সমস্যাবলী সম্পর্কে আলােচনা কৰা ।

উত্তৰঃ জনজাতিসকলৰ সমস্যা বৰ জটিল । এই সমস্যাবােৰ তেওঁলােকৰ আচাৰ – ব্যৱহাৰ , ৰীতি – নীতি , সভ্যতা – সংস্কৃতি , ধর্ম আদিৰ লগত ওতঃপ্রােতভাৱে জড়িত । আর্থিক , সামাজিক , সাংস্কৃতিক আদি সকলাে ক্ষেত্রতে তেওঁলােক অজন জাতিৰ লােকৰ সংস্পর্শ লৈ অহাৰ কাৰণে সমস্যাৰ মাত্রা বাঢ়িছেহে ৷ মজুমদাৰ আৰু মদনৰ মতে জনজাতিসকলৰ সমস্যাবিলাকক প্ৰধানকৈ দুটা বহুল ভাগত ভাগ কৰিব পাৰি । 

( ১ ) কিছুমান সমস্যা আছে যিবােৰ জনজাতি আৰু দেশৰ অন্যান্য গ্রাম্য জনসাধাৰণৰ সৈতে একে । আৰু 

( ২ ) আন কিছুমান সমস্যা সকলাে জনজাতি সমাজৰ মাজতে সীমাবদ্ধ । তেওঁলােকৰ সমস্যাবিলাক তলত দিয়া ধৰণে কেইটামান প্রধান ভাগত বিভক্ত কৰিব পাৰি । 

( ক ) আর্থিক সমস্যাবলী :

১। ঝুমখেতি সম্বন্ধীয় সমস্যা :- জনজাতিৰ অধিকাংশ লােকেই কৃষিজীৱী । তেওঁলােকে আদিম প্রণালীৰে কৃষিকার্য কৰে । এইবিধ কৃষিকার্যত মাটিৰ উৰ্বৰতা শক্তি লােপ পায় আৰু উৎপাদনৰ পৰিমাণে হ্রাস হয় । গতিকে তেওঁলােকে এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হয় । গতিকে ঝুম খেতিৰ সমস্যাই যি প্রতিকূল ৰূপ ধাৰণ কৰিছে– সি তেওঁলােকৰ আর্থিক , সামাজিক বিকাশত বাধাৰ সৃষ্টি কৰিছে । 

২। নতুন ভূমি ব্যৱস্থা সম্বন্ধীয় সমস্যাৱলী :- নতুন ভূমিনীতি আইন প্রৱর্তনৰ ফলত পূর্বৰে পৰা মাটিৰ ওপৰত থকা তেওঁলােকৰ অধিকাৰ কৰ্তন হ’ল । নতুন ভূমি ব্যবস্থামতে তেওঁলােকক যি মাটি দিয়া হৈছে সেইবােৰ মাটিত তেওঁলােকে অনভ্যতাৰ হেতু খেতি কৰি থাকিবলৈ ইচ্ছুক নহয়।পৰিণামত তেওঁলােকৰ মাটি সহজেই আনৰ কৱলত পৰে আৰু তেওঁলােক ভূমিহীন হৈ মাথাে শাৰীৰিক শ্ৰমৰ বিনিময়ত জীৱন নির্বাহ কৰিব লগা হয় । 

৩। বনজ সম্পদ সম্পর্কীয় সমস্যা : জনজাতিসকলৰ দখলত থকা সকলাে বনজ সম্পদ পশু – পক্ষী , গছ – গছনি ইত্যাদি জনজাতিসকলে নিজৰ সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছিল । কিন্তু । চৰকাৰে সমগ্ৰ বনাঞ্চল সংৰক্ষিত কৰাত তেওঁলােকে তাৰপৰা বঞ্চিত হ’ল । 

৪। অর্থনৈতিক সমস্যাবলী :- জনজাতীয় সমাজত পৰম্পৰাগতভাৱে প্রচলিত বিনিময় প্ৰথাৰ পৰিৱর্তে মুদ্রা বানগদ ধনৰ প্রৱর্তনে জনজাতিসকলক বিপাঙত পেলাইছে । তেওঁলােকৰ সৰলত্যৰ সুযােগ লৈ আনে তেওঁলােক শােষণ কৰিবলৈ সুবিধা পাইছে । 

৫। ঋণগ্রস্ততাৰ সমস্যা :- জনজাতিসকলৰ দৰিদ্ৰতাৰ সুযােগ লৈ বহুতেই তেওঁলােকক ঋণ দি চৰা দামত ব্যৱসায় কৰে । গতিকে ধাৰ পৰিশােধ কৰিবলৈ অসমর্থ জনজাতিসকলে নিজৰ খেতিৰ মাটিকে বন্ধকত থব বা বেচিব লগা হয় । আনকি ঋণ পৰিশােধ কৰিব নােৱাৰি তেওঁলোেক পৌত্র – পৌত্রাদিলৈকে বিনা পাৰিশ্ৰমিকত মহাজনৰ ওচৰত কাম কৰিব লগা হয় ফলত শাৰীৰিক , মানসিক ৰােগত ভুগিব লগা হয় ।

৬। ঔদ্যোগিক শ্ৰমিকৰ সমস্যা :- কল – কাৰখানা , চাহ বাগিছা , খনি আদিত কাম কৰা জনজাতিসকলৰ অৱস্থা আৰু শােচনীয় । তেওঁলােকে শ্ৰমৰ উপযুক্ত পাৰিশ্ৰমিক নাপায় আৰু শাৰীৰিক , মানসিক ৰােগত ভুগিব লগা হয় । 

( খ ) সামাজিক সমস্যাবলী :- 

জনজাতিসকলৰ সামাজিক সমস্যাৰাজিৰ ভিতৰত নিম্ন লিখিত্তবােৰেই প্রধান । 

১। বাল্যবিবাহ :- জনজাতিবলাকৰ ভিতৰত আগতে বাল্যবিবাহ প্রথা প্রচলন নাছিল । হিন্দুসকলৰ সংস্পৰ্শলৈ আহি তেওঁলােকৰ মাজত এই প্রথা প্রচলন হ’বলৈ ধৰিছে । বর্তমান জনজাতিসকলৰ মাজত বাল্যবিবাহ প্রথা এক সামাজিক সমস্যাৰূপে দেখা দিছে । 

২। কন্যামূল্য :- নতুন অর্থনৈতিক ব্যৱস্থাই জনজাতিসকলৰ ধনৰ প্রতি মােহ বৃদ্ধি কৰাত সহায় কৰিছে । বিবাহৰ প্রতীক চিহ্ন হিচাপে ব্যৱহাৰ কৰা কন্যা মূল্যই সাম্প্রতিক সময়ত উকট ৰূপ ধাৰণ কৰা দেখা গৈছে ।

৩। যুৱগৃহৰ পতন :- জনজাতি সমাজত আদিম কালৰে পৰা প্রচলিত যুৱগৃহৰ পতন এটা উল্লেখযােগ্য ঘটনা । ই জনজাতি সমাজত আদর্শ সাংস্কৃতিক কেন্দ্রই নাছিল ; বৰং ইয়াৰ যােগেদি শিক্ষা , আর্থিক সম্পর্কীয় সমস্যা সমূহৰ সমাধানৰ ভেটিস্বৰূপ আছিল ।

৪। গনিকা বৃত্তি তথা সেই সম্পর্কীয় ঘটনা :- বেশ্যাবৃত্তি সম্পর্কীয় সমস্যাৰ মূল আধাৰ হৈছে আর্থিক দুৰৱস্থা । জনজাতিৰ বহুতাে তিৰােতাই এনে অবাঞ্ছনীয় যৌনসম্বন্ধ চলাই থাকিবলৈ বাধ্য হৈছে । ফলস্বৰূপে জনজাতিৰ বহুতেই নানা ৰােগত আক্ৰান্ত হৈ জাতিটোক পঙ্গু কৰি পেলাইছে । অৱশ্যে তেওঁলােকৰ মাজত পূৰ্বৰে পৰা প্ৰচলিত যি যৌন শুচিতাৰ প্রতি উদাসীনতাই তাৰেই পৰােক্ষ ফল । 

( গ ) সাংস্কৃতিক সমস্যাৱলী :

১। আন্তজনজাতীয় সাংস্কৃতিক প্রভেদৰ সমস্যা :- জনজাতিৰ বহুতেই হিন্দু , খ্রীষ্টান , বৌদ্ধ আনকি ইচলাম ধর্ম গ্রহণ কৰিছে , আকৌ একেটা জনজাতিৰ ভিতৰতে বিপৰীত ধর্মীয় মতাৱলম্বী লােক দেখা যায় । গতিকে সাংস্কৃতিক মতভেদেও জনজাতীয় সমাজত এটা সমস্যাৰূপে দেখা দিছে । 

২। ভাষা সম্পর্কীয় সমস্যা :- বাহিৰা সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ ফলত জনজাতিসকল দোভাষী হ’বলৈ বাধ্য হৈছে । নিজৰ ভাষা বা দোৱান উন্নত মানদণ্ডৰ নােহােৱাৰ হেতু তেওঁলােকৰ মাতৃভাষা হেৰুৱাৰ উপক্ৰম হােৱা দেখা গৈছে । তদুপৰি বহির্জগতৰ সংস্কৃতিয়ে জনজাতিসমাজৰ ললিতকলা , নৃত্য – গীত প্রভৃতি পতন ঘটোৱাত পৰােক্ষ ইন্ধন যােগাইছে । জনজাতি সমাজত ডেকা চাঙৰ প্রতি ঘটা ক্রমবর্ধমান অৱহেলাই জনজাতিসকলৰ পৰম্পৰা সংস্কৃতিৰ বিনাশ হৈছে ।

৩। ধর্ম সম্পর্কীয় সমস্যা :- ওপৰত ইতিমধ্যে উল্লেখ কৰা হৈছে যে জনজাতিৰ বহুতেই হিন্দু , খ্রীষ্টান , বৌদ্ধ আৰু কিছু পৰিমাণে ইচলাম ধর্ম গ্রহণ কৰিছে । নতুন ধর্মবিশ্বাসে জনজাতি সমাজত যি আলােড়ন সৃষ্টি কৰিছে সি পৰােক্ষভাৱে বিভেদকামী মনােভাবৰ বীজ ৰােপণ কৰিছে । সামাজিক সংগঠন তথা পাৰিবাৰিক শান্তি ইত্যাদিৰ ক্ষেত্ৰত নতুন ধর্মই প্রতিকূল পৰিৱেশৰ সৃষ্টি কৰিছে । কিছুমান অঞ্চলত বিছিন্নতাকামী মনােভাৱক প্রশ্রয় দিয়াত ধৰ্মৰ প্রতি থকা মতানৈক্যকেই জগৰীয়া কৰিব পাৰি । 

৪। স্বাস্থ্য সম্পর্কীয় সমস্যা :- জনজাতিসকলৰ স্বাস্থ্যহানিৰ এটা প্রধান কাৰণ হৈছে পুষ্টিকৰ খাদ্যৰ অভাৱ আৰু বিদেশী মদৰ প্ৰভাৱ । জনজাতিসকলে ঘৰতে যি মদ প্রস্তুত কৰে তাত উপযুক্ত পৰিমাণে ভিটামিন পােৱা যায় । চৰকাৰী নিযেধকৰণৰ ফলত তেওঁলােকে কাৰখানাত তৈয়াৰী কৰা মদ ব্যৱহাৰ কৰিবলৈ ল’লে । গতিকে পুষ্টিকৰ আহাৰ আৰু চিকিৎসাৰ অভাৱত তেওঁলােকৰ স্বাস্থ্যৰ অৱনতি ঘটে । আনহাতে শীত তাপৰ পৰা শৰীৰটো ৰক্ষা কৰিবলৈও তেওঁলােকে আর্থিকভাৱে সচ্ছল নহয় । ফলস্বৰূপে নানা ৰােগত আক্রান্ত হয় । 

৫। শিক্ষা সম্বন্ধীয় সমস্যা :- ভাৰতবৰ্ষৰ সৰহ সংখ্যক জনজাতিয়েই শিক্ষাৰ ক্ষেত্ৰত পিছপৰা । খ্রীষ্টান মিছনেৰী আৰু চৰকাৰী প্ৰচেষ্টাৰ ফলত কিছুদূৰ শিক্ষাৰ সম্প্ৰসাৰণ ঘটিছে যদিও শিক্ষা সম্পর্কীয় সমস্যাবােৰ সমাধান হােৱা নাই । আকৌ যি অভিনয় শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে সি নিবনুৱা সমস্যাৰহে সৃষ্টি কৰিছে ।

এইদৰে দেখা যায় জনজাতি সমাজত অনেক প্ৰকাৰৰ সমস্যাই বিৰাজ কৰিছে ।

See Next Page…

1 thought on “Class 12 Sociology Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top