Class 12 Sociology Chapter 14 গণমাধ্যম আৰু যােগাযােগ

Class 12 Sociology Chapter 14 গণমাধ্যম আৰু যােগাযােগ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 14 গণমাধ্যম আৰু যােগাযােগ and select needs one.

Class 12 Sociology Chapter 14 গণমাধ্যম আৰু যােগাযােগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 14 গণমাধ্যম আৰু যােগাযােগ Solutions for All Subject, You can practice these here…

গণমাধ্যম আৰু যােগাযােগ

পাঠ: ৭

দ্বিতীয় খণ্ড

পাঠ্যপুথি অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। গণমাধ্যম বুলিলে কি বুজা ? নাইবা , জনসংযােগ মাধ্যমৰ বিভিন্ন প্রকাৰসমূহ কি কি ? 

উত্তৰঃ গণমাধ্যম ইংৰাজী ভাষাৰ Mass Media এই শব্দ দুটাৰ পৰা লােৱা হৈছে । অসমীয়া ভাষাৰ গণমাধ্যম শব্দটোৰ দ্বাৰা জনসাধাৰণৰ লগত হােৱা যােগাযােগ ব্যৱস্থাক বুজোৱা হয় । জনসাধাৰণৰ মাজৰ খা – খবৰৰ প্ৰসাৰণক বুজায় । গণমাধ্যমৰ দ্বাৰা জনসাধাৰণৰ মাজৰ খা – খবৰৰ প্ৰসাৰণ বিভিন্ন আধুনিক উপায়ে হােৱা দেখা যায় যেনে— চেটেলাইট উপগ্ৰহৰ দ্বাৰা , কম্পিউটাৰৰ দ্বাৰা , দূৰদৰ্শন , বাতৰি কাকত , বােলছবি , আলােচনী , ৰেডিঅ , মােবাইল ফোন এই মাধ্যমবােৰকে গণমাধ্যম বােলাৰ কাৰণ হ’ল — এইবােৰে সমগ্র পৃথিৱীৰ হেজাৰ হেজাৰ অগণন মানুহৰ লগত সংযােগ স্থাপন কৰে । 

প্রশ্ন ২। বাতৰি কাকত উদ্যোগত হােৱা পৰিৱৰ্তনৰ বিষয়ে লিখা আৰু এই সন্দৰ্ভত তােমাৰ মতামত দাঙি ধৰা । 

উত্তৰঃ আমি লক্ষ্য কৰিছে যে — বাতৰি কাকত আৰু আলােচনীয়ে স্বাধীনতা আন্দোলন বিস্তাৰিত কৰাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল । বহুতে বিশ্বাস কৰে যে ইলেকট্রনিক মাধ্যমবােৰৰ উত্থানৰ লগে লগে ছপা মাধ্যমৰ কিছুহলেও ক্ষতি সাধন হ’ব । কিন্তু সমান্তৰালভাৱে ছপা মাধ্যমৰ বাতৰি কাকতে প্ৰসাৰতা আৰু বিকাশ লাভ কৰিছে । উৎপাদন আৰু প্ৰসাৰণত বাতৰি কাকতে নতুন কাৰিকৰী আৰু প্ৰযুক্তিবিজ্ঞানৰ সহায়ত সহজে উন্নতি লাভ কৰিছে । বাতৰি কাকতৰ লগতে বহুতাে আলােচনীয়েও পঢ়ুৱৈৰ জনপ্রিয়তা লাভ কৰিছে । 

ভাৰতীয় ভাষাৰ বাতৰি কাকতবােৰে আচৰিত ধৰণে বিকাশ লাভ কৰাৰ কিছুমান কাৰণ আছে । প্রথম কাৰণ হ’ল বহু সংখ্যক শিক্ষিত লােক গাঁও অঞ্চলৰ পৰা নগৰ অঞ্চললৈ প্ৰব্ৰজন হৈছিল । হিন্দী ভাষাৰ ‘ হিন্দুস্তান ‘ নামৰ বাতৰিখন ২০০৩ চনত দিল্লীৰ পৰা প্ৰকাশ হৈছিল । ৬৪,০০০ কপি , ২০০৫ – ত ইয়াৰ কপি বৃদ্ধি পাইছিল ৪২৫ হাজাৰ কপিলৈ । এই বৃদ্ধিৰ কাৰণ আছিল প্রায় ১৪৭ লাখ লােক হিন্দী ভাষা কোৱা অঞ্চলৰ পৰা দিল্লীলৈ প্রব্রজিত হৈছিল বিশেষকৈ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা । 

আন দ্বিতীয় কাৰণ হ’ল — সৰু অঞ্চলৰ গাঁৱৰ স্থানীয় পটুৱৈসকলৰ প্ৰয়ােজন কিছু বেলেগ আছিল । এই প্রয়ােজন সৰু স্থানীয় ভাষাৰ বাতৰি কাকতবােৰে পূৰণ কৰিছিল । এই ক্ষেত্ৰত মালায়ালাম ভাষাৰ মালয়ালাম মনােৰমা ‘ ; তেলেগু ভাষাৰ ইনাদু’নামৰ বাতৰি কাকত দুখনে স্থানীয় ভাষাত সংস্কৰণ প্ৰকাশ কৰিছিল । আন এখন “ দিনাথানঠি ” নামৰ তামিল ভাষাৰ কাকতে আঞ্চলিক ভাষাত সকলােৱে বুজিব পৰাকৈ বাতৰি প্ৰকাশ কৰি জনপ্রিয়তা লাভ কৰিছিল । কিছুমানে সাপ্তাহিক বা মাহেকীয়া পৰিপূৰিকা দি পঢ়ুৱৈৰ দৃষ্টি আকর্ষণ কৰিছিল । 

ৰাষ্ট্ৰীয় দৈনিক বাতৰি কাকত বুলি জনাজাত ইংৰাজী বাতৰি কাকত ভাৰতৰ বিভিন্ন ঠাইত প্ৰচাৰ আৰু বিতৰণ হ’বলৈ ধৰে । মাতৃভাষাৰ কাকতবােৰাে গ্রাম্য সমাজৰ বহুলভাৱে প্ৰচাৰিত হৈছিল । ইংৰাজী কাকতবােৰে , কাকতৰ দাম কমাই দি আৰু একে সময়তে দেশৰ বিভিন্ন কেন্দ্ৰৰ পৰা সংস্কৰণ প্ৰকাশ কৰি উৎপাদন বৃদ্ধি কৰিছিল । মুঠতে ছপাৰ মাধ্যমে সুকলমে বাতৰি কাকত প্রকাশ কৰােতে বিজ্ঞাপনবােৰে কাকত গােষ্ঠীক যথেষ্ট সহায় কৰে । 

প্রশ্ন ৩। গণ সংযােগ মাধ্যম হিচাপে ৰেডিঅ’বর্তমান মৃতপ্রায় নেকি ? উদাৰীকৰণ নীতি অৱলম্বনৰ পিছৰ সময়ত ভাৰতত এফ এম ৰেডিঅ ’ কেন্দ্ৰৰ স্থিতিৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ভাৰতত প্ৰথমবাৰৰ বাবে ৰেডিঅ ’ যােগে প্রচাৰ কাৰ্যসূচী লােৱা হৈছিল , ১৯২০ চনত কলিকতা আৰু চেন্নাইত কিছুমান স্থানীয় ক্লাবৰ দ্বাৰা । দ্বিতীয় মহাযুদ্ধৰ সময়তাে , দক্ষিণ পূর্ব – এছিয়াত ৰেডিঅ ’ এক গুৰুত্বপূৰ্ণ প্ৰচাৰ মাধ্যম ৰূপে স্বীকৃতি লাভ কৰিছিল । স্বাধীনতাৰ পাছৰে পৰা ৰেডিঅ’ৰ আকাশবাণী কেন্দ্রই এক বলিষ্ঠ প্ৰচাৰ মাধ্যম হিচাপে আৰু মনােৰঞ্জন মাধ্যম হিচাপে সকলােকে খােৰাক যােগাই আহিছে । বাতৰিকাকতৰ পাচতে ৰেডিঅ’ই একমাত্র উপায় হিচাপে সাধাৰণ মানুহৰ সম্বল হৈ আছে । 

দুখীয়া মানুহৰ বাবেও বাতৰি শুনা আৰু গান শুনি মনােৰঞ্জন লাভ কৰা অতি কম খৰচতে ৰেডিঅ’ই দিছিল । কিন্তু পিছলৈ শ-শ টিভি চেনেল ৰেডিঅ’ৰ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস কৰিছিল । তথাপি এই সাময়িক অৱনতি , পাছত এফ.এম. কেন্দ্ৰবােৰ স্থাপনৰ লগে লগে ৰেডিঅ’ৰ ব্যৱহাৰে পুনৰ উত্থানৰ পথ প্রস্তুত হৈ পৰে । এফ , এম , ব প্রাধান্য স্থানীয়ভাৱে বৃদ্ধি পায় ; কিন্তু ৰেডিঅ’ই বহু দূৰদূৰণীলৈ বাবাতৰি সম্প্ৰচাৰ চলাব পাৰে আৰু দেশৰ চুকে কোনে বা বাতৰি আৰু মনােৰঞ্জনৰ সম্প্ৰচাৰ সামৰি লয় , যিটো আনকোনাে প্রচাৰ মাধ্যমে কৰিব নােৱাৰে । 

আধুনিক বিশ্বায়নৰ যুগত , গুৰুত্বপূর্ণ এফ.এম. কেন্দ্ৰবােৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ব্যক্তিগত কাৰণৰ কাৰণে আৰু লগতে সাম্প্রদায়িক ভিত্তিত ৰেডিঅ ’ কেন্দ্র প্রতিষ্ঠা কৰাৰ বাবে । সাধাৰণতে মানুহে স্থানীয় বা বাতৰি শুনি বেছি ভাল পায় । বর্তমান দেশত এফ , এম . চেনেল ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কাৰণ তেওঁলােকে বহুতাে নতুন খবৰৰ আঁচনি সম্প্রচাৰ কৰে আৰু তেওঁলােকৰ সম্প্ৰচাৰত যােগদান কৰিবলৈ আহ্বান জনায় । বর্তমান এফ , এম , ৰেডিঅ ’ কেন্দ্রশাখা দেশৰ প্ৰায়বােৰ ঠাইতে খােলা হৈছে । 

প্রশ্ন ৪। দূৰদৰ্শন বা টেলিভিচন মাধ্যমত বর্তমানে দেখা পােৱা পৰিবৰ্তনবােৰৰ বিষয়ে আলােচনা কৰা । নাইবা , বৈদ্যুতিন গণমাধ্যমৰ উপায়সমূহ আলােচনা কৰা ।

 উত্তৰঃ দূৰদৰ্শন ( Television ) :- ভাৰতত পােন প্ৰথমবাৰৰ বাবে ১৯৫৭ চনত পৰীক্ষা মূলকভাৱে ‘ আকাশবাণী’ ভৱনত আৰম্ভ হৈছিল । ভাৰত চৰকাৰে ব্যৱস্থা কৰা দূৰদৰ্শনৰ সেৱা পৃথিৱীৰ ভিতৰত বৃহত্তম গণমাধ্যম বুলি জনা গৈছিল । আগৰ পৰ্যায়ত , সপ্তাহত তিনিবাৰ সম্প্ৰচাৰ কৰা হৈছিল পাছলৈ অৱশ্যে সম্প্রচাৰ আঁচনি প্রতিদিনে কৰা হৈছিল । দূৰদৰ্শনৰ ক্ষেত্ৰত ভাৰতে প্রথমে চেটেলাইট যােগে সম্প্রচাৰ চলােৱা হৈছিল ১৯৭৫-৭৬ চনত । এইটোৱে আছিল কাৰিকৰী বিজ্ঞানৰ দ্বাৰা সামাজিক শিক্ষা দিয়াৰ প্রথম খােজ । 

ভাৰতৰ দ্বিতীয় টিভি , কেন্দ্র খােলা হৈছিল । ১৯৭৬ চনত দূৰদৰ্শন বিভাগটো AIR ( অল ইণ্ডিয়া ৰেডিঅ ‘ ) ৰ পৰা পৃথক কৰা হৈছিল । ১৯৮২ চনত এছিয়ান গেমছৰ সময়ত দিল্লীত ৰঙীন টি , ভিৰ সম্প্ৰচাৰ আৰম্ভ কৰা হৈছিল । প্রথম অৱস্থাত দিল্লী দূৰদৰ্শন মেট্রোই , বােম্বে , মাদ্রাজ আৰু কলিকতাত সম্প্রচাৰ কৰা হৈছিল । ১৯৯৯ চনত ‘ ডি ডি স্পাের্ট চেনেল এটা নতুনকৈ প্রবর্তন কৰা হৈছিল । 

বর্তমান ভাৰতৰ প্রায় ১০ কোটি জনসাধাৰণৰ মাজত টি , ভি , য়ে সম্প্রচাৰ চলাই আছে । ভাৰতৰ প্রায় ৮৭ শতাংশ জনগণক টিভি , আঁচনিয়ে সেৱা আগবঢ়াই আহিছে । ভাৰতৰ প্রায় ৪৯ খন নগৰত দূৰদৰ্শনে সেৱা আগবঢ়াই আহিছে । দূৰদৰ্শনে বহুতাে শৈক্ষিক আঁচনি আৰু মনােৰঞ্জনৰ কাৰ্যসূচী টেলিকাষ্ট কৰি আহিছে । U.G.C. আৰু IGNOU ৰ বহুতাে আঁচনি তেওঁলােকৰ সহায়ত সম্প্রচাৰ কৰা হয় । 

দূৰদৰ্শনৰ উপৰিও শতাধিক ব্যক্তিগত চেনেলৰ জড়িয়তে তেওঁলােকে নিজৰ নিজৰ কার্যসূচী ভাৰতৰ জনগণৰ মাজত সফলতাৰে সম্প্ৰচাৰ কৰি আছে । তাৰ ভিতৰত চোনী টি , ভি , ষ্টাৰপ্লাচ , মেক্স , ই.এছ. পি, এম , ষ্টাৰ , টে স্পােট আদি নতুন চেনেলে দিনে – ৰাতিয়ে ২৪ ঘণ্টা জনগণক মনােৰঞ্জনৰ খােৰাক যােগাই আহি আছে । সেইবাবে আমি কব পাৰো যে বৈদ্যুতিক গণমাধ্যম আমাৰ দেশত যথেষ্ট পৰিমাণে উন্নতি লাভ কৰিছে । 

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। কেতিয়া ভাৰতত প্রথমে দূৰদৰ্শন আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯৫৯ চনত ‘ আকাশবাণী ভবনত দিল্লীত । 

প্রশ্ন ২। ভাৰতত কেতিয়া প্রথমে ৰঙীণ টি . ভি . প্রৱৰ্তন হৈছিল ? 

উত্তৰঃ ১৯৮২ চনত দিল্লীত এছিয়ান খেল আৰম্ভৰ সময়ত । 

প্রশ্ন ৩। স্থানীয় সংস্কৃতিয়ে কি বুজায় ?

উত্তৰঃ স্থানীয় সংস্কৃতিয়ে কোনাে এক নির্ধাৰিত সীমাৰ ভিতৰত থকা সংস্কৃতিকে বুজায় ।

প্রশ্ন ৪। সাধাৰণতে ইলেক্ট্রনিক মাধ্যমে কিহক বুজায় ? 

উত্তৰঃ ইলেকট্রনিক মাধ্যম বুলিলে সাধাৰণতে ‘ আকাশ বাণী ’ আৰু দূৰদৰ্শনকে ইনটাৰনেটকে বুজায় । 

প্রশ্ন ৫। কেইবিধমান গণমাধ্যম ( যােগাযােগ ) ৰ নাম উল্লেখক ।

উত্তৰঃ গণমাধ্যমৰ নাম ( ক ) ৰেডিঅ ’ , ( খ ) দূৰদৰ্শন , ( গ ) বাতৰি কাকত , ( ঘ ) আলােচনী , ( ঙ ) ইনটাৰনেট , ( চ ) টেলিফোন , ( ছ ) মােবাইল ফোন , ( জ ) বিজ্ঞাপন ( ঝ ) চিৰদি ( CD ) আদি । 

প্রশ্ন ৬। ভাৰতৰ প্রথম প্রকাশিত বাতৰি কাকতখন ? 

উত্তৰঃ বেংগল গেজেট ১৮৩৫ । 

প্রশ্ন ৭৷ ভাৰতৰ সেউজ বিপ্লৱ আৰম্ভ কেতিয়া হৈছিল ? 

উত্তৰঃ সেউজ বিপ্লৱ আৰম্ভ হৈছিল ১৯৬৬ । 

প্রশ্ন ৮। প্ৰেছ ট্রাষ্ট অব ইণ্ডিয়া কি ? 

উত্তৰঃ প্ৰেছ ট্রাষ্ট অৱ ইণ্ডিয়া ভাৰতৰ বৃহত্তম বাতৰি যােগানকাৰী এজেন্সি । এই এজেন্সিটো আৰম্ভ হৈছিল ১৯৪৭ চনত ।

প্রশ্ন ৯। UNI মানে কি ? 

উত্তৰঃ UNI মানে ( United News Agency ) , এই এজেন্সিটো স্থাপন হৈছিল ১৯৬১ । 

প্রশ্ন ১০। দিল্লীত এছিয়ান গেম কেতিয়া হৈছিল ? 

উত্তৰঃ ১৯৮২ চনত । 

প্রশ্ন ১১। অসমীয়া সংস্কৃতিত গােলকীকৰণৰ প্ৰভাৱ কেনেদৰে পৰিছে এটা উদাহৰণ দিয়া । 

উত্তৰঃ অসমীয়াৰ জাতীয় উৎসৱ , বিহু উৎসৱৰ ওপৰত গােলকীকৰণ প্ৰভাৱ পৰিছে যেনে , বিহু গীতত বর্তমান ঢােল – পেপাৰ লগতে , কেচিও , গীতাৰ আদি বাদ্যযন্ত্র বজাই ও বিহুগীত গায় । 

প্রশ্ন ১২। বাণিজ্যৰ বিশ্বায়নৰ দ্বাৰা সাংস্কৃতিত ( খাদ্যভ্যাসত ) কি প্ৰভাৱ পৰিছে তাৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ দূৰদৰ্শনৰ বিজ্ঞাপনৰ জড়িয়তে ভাৰতত খাদ্যভ্যাসত যথেষ্ট প্রভাৱ পৰিছে । আজিকালি ব্যস্ত মানুহে বাহিবত বা বজাৰতে Fast Food দোকানতে খাদ্য খায় । বিশেষকৈ মেগি , আমলেট , বাৰগাৰ আদি খাইয়ে থাকে । 

প্রশ্ন ১৩। শক্তিশালী গণমাধ্যম দুটাৰ নাম লিখা । 

উত্তৰঃ ৰেডিঅ আৰু দূৰদৰ্শন । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ১৪। ভাৰতৰ প্রকাশিত হৈ থকা দুখন প্রধান বাতৰি কাকতৰ নাম লিখা ।

উত্তৰঃ দি টাইমছ অব ইণ্ডিয়া ( The Times of India ) আৰু হিন্দুস্তান টাইমছ অব ইণ্ডিয়া ( The Hindusthan Times of India . ) 

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। গণ মাধ্যমবােৰক কি কি ভাগত ভাগ কৰিব পাৰি ? 

উত্তৰঃ গণমাধ্যমৰ উপায়সমূহক তিনিটা ভাগত ভাগ কৰা হৈছে । 

( ক ) ছপা গণমাধ্যম ।

( খ ) বৈদ্যুতিক গণমাধ্যম । আৰু

( গ ) দৃশ্য – শ্রাব্য গণমাধ্যম । 

প্রশ্ন ২। গণ মাধ্যমৰ তিনিটা মুখ্য কার্যাবলী লিখা । 

উত্তৰঃ ( ১ ) বাতৰি কাকত :- ৰেডিঅ’ৰ জৰিয়তে জনসাধাৰণক নিয়মীয়াকৈ সমগ্র বিশ্বৰ খা – খবৰৰ যােগান ধৰা । 

( ২ ) ৰেডিঅ ‘ :- ভাৰতত প্রথমে ১৯২০ চনত কলিকতা আৰু চেন্নাইত প্রচাৰ কাৰ্য্য চলাইছিল । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সকলাে বা – বাতৰি ৰেডিঅ’ৰ দ্বাৰা সম্প্রচাৰিত হৈছিল । 

( ৩ ) মােবাইল ফোন :- বিদেশত , দূৰদূৰণিত থকা পৰিয়ালৰ লােকৰ , বন্ধু-বান্ধব , আত্মীয় কুটুম খা – খবৰ , মবাইল ফোনৰ দ্বাৰা লােৱাৰ ব্যৱস্থা কৰা । 

( ৪ ) জনসাধাৰণে সময় সুবিধামতে , দূৰদৰ্শন ( TV ) , ৰেডিঅ’ৰ জৰিয়তে , গীত – মাত , নাচ গান , নাটক – চিনেমা আদি চাই মনােৰঞ্জনৰ ব্যৱস্থা কৰিব পাৰে । এইবােৰে গণমাধ্যমৰ মূল কার্যাবলী । 

প্রশ্ন ৩। সাংস্কৃতিক – আধুনিকীকৰণ কি ? 

উত্তৰঃ সংস্কৃতিত পৰিৱর্তনে অনা পদ্ধতিকে সাংস্কৃতিক আধুনিকীকৰণ পদ্ধতি বােলে । আমি আমাৰ জীৱন ধাৰণৰ পদ্ধতিত চাৰিওফালে পৰিৱৰ্তন দেখিবলৈ পাওঁ— যেনে , খাৱন শােৱন , পিন্ধন – উৰণ , পৰিয়াল , সংস্থা আদিত । এই সকলােবােৰকে সাংস্কৃতিক আধুনিকীকৰণ বুলিব পাৰি কাৰণ এই সকলােবােৰে সংস্কৃতি । 

প্রশ্ন ৩। ছপা মাধ্যমত কি কি অন্তর্ভুক্ত ? 

উত্তৰঃ ( ক ) বাতৰি কাকত । 

( খ ) কিতাপ পত্র ।

( গ ) আলােচনী । আৰু

( ঘ ) গােহাৰী , প্রচাৰ পত্রিকা । 

প্রশ্ন ৪। গণমাধ্যম প্রধান কার্যাৱলী কি কি ?

উত্তৰঃ গণমাধ্যমৰ প্রধান কার্য হ’ল খা – খবৰ সম্প্ৰচাৰ কৰা । 

প্রশ্ন ৫। দূৰদৰ্শনত কি প্ৰকাৰৰ কাৰ্যসূচী সম্প্রচাৰ কৰা হয় ? 

উত্তৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী , আঞ্চলিক কার্যসূচী , স্থানীয় পর্যায়ৰ কাৰ্যসূচী সম্প্রচাৰ কৰা হয় ।

প্রশ্ন ৬। সাংবাদিকতাৰ ( Journalisni ) ইন্টানেটৰ প্ৰভাৱ কেনেকুৱা ? 

উত্তৰঃ সাংবাদিকতাৰ পৃথিৱীখন ইণ্টাৰনেটৰ ক্ষেত্ৰত সংকুচিত হৈ আহিছে । বিশ্বৰ কোনাে এটা অঞ্চলৰ খা – খবৰ বিশ্বৰ আন যিকোনাে এটা অঞ্চললৈ কেই ছেকেণ্ডমানৰ ভিতৰতে প্রেৰণ কৰিব পাৰি কেৱল ইন্টাৰনেটৰ সহায়তে । সাংবাদিকসকলে আৱশ্যক মতে বিশ্বৰ যিকোনাে ঠাইৰ পৰা যিকোনাে ঠাইৰ সাংবাদিকৰ লগত প্রত্যক্ষভাৱে কথা – বতৰা পতাৰ লগতে চবিখনাে টিভি , ত চাই থাকিব পাৰে । সংবাদমেলত আৱশ্যক মতে যিকোনাে ঠাইৰ মানুহৰ লগত ভাবৰ আদান – প্রদান কৰিব পাৰে । 

প্রশ্ন ৭। মনােৰঞ্জন বিপ্লৱ বুলিলে কি বুজা ? 

উত্তৰঃ খা – খবৰৰ কাৰিকৰী বিজ্ঞান ( Information Technology ) জড়িয়তে যি বৈপ্লবিক পৰিৱৰ্তন মনােৰঞ্জনৰ ক্ষেত্ৰত হৈছে তাকে মনােৰঞ্জন বিপ্লব বােলে । বর্তমান যুগত জনসাধাৰণে টিভি , কম্পিউটাৰ , আৰু ইণ্টাৰনেট আদিৰ লগত সংযুক্ত হৈ থাকে , এইবােৰে জনসাধাৰণৰ জীৱনত এক আমূল পৰিৱৰ্তন আনি দিছে ।

প্রশ্ন ৮। গ্ৰাম্যাঞ্চলৰ জনসাধাৰণে ৰেডিঅ’ৰ পৰা কি সুবিধা লাভ কৰি আছে ? 

উত্তৰঃ গণমাধ্যমৰ ৰেডিঅ ’ এক অতি গুৰুত্বপূর্ণ মাধ্যম । ট্রেন্সমিটাৰৰ সহায়ত ই এটা নির্ধাৰিত অঞ্চলত খা – খবৰ , গীত – মাত , আলােচনা – বিলােচনাৰ সম্প্ৰচাৰ কৰে । ৰেডিঅ’ৰ বহুতাে কাৰ্যসূচী বর্তমান কেৱল গ্রামাঞ্চলৰ লােকৰ বাবেই সম্প্রচাৰ কৰা হয় । এই কাৰ্যসূচীত সাধাৰণতে কৃষিকার্যত আৰু আন বিভিন্ন বৃত্তিৰ বাবে গ্রামাঞ্চলৰ মানুহৰ শিক্ষা – দীক্ষা আৰু আধুনিক জ্ঞান দিবৰ বাবে সম্প্রচাৰ কৰা হয় । সাধাৰণতে কৃষিৰ আধুনিক পদ্ধতি বৈজ্ঞানিক সা – সঁজুলিৰ ব্যৱহাৰ , বীজ – সাৰৰ ব্যৱহাৰ , খেতিৰ বিভিন্ন কীটনাশক ঔষধৰ ব্যৱহাৰ , আন উন্নত দিহা – পৰামর্শ নিয়মীয়াকৈ আগবঢ়োৱা হয় । পশুপালন , মৎস্যপালন , হাঁহ – কুকুৰা পালন , জলসিঞ্চন আৰু আন আনুসংগিক পৰামৰ্শবােৰ তেওঁলােকৰ সামাজিক , আর্থিক উন্নয়নৰ বাবে আগবঢ়োৱা হয় । 

প্রশ্ন ৯। ভাৰতীয় ভাষাৰ কেইখনমান বাতৰি কাকতৰ নাম লিখা । 

উত্তৰঃ ছপা মাধ্যমৰ ভিতৰত বাতৰি কাকত আৰু আলােচনীয়ে প্রধান আছিল । 

( ক ) হিন্দী ভাষাৰ প্রধান বাতৰি কাকতৰ ভিতৰত দৈনিক জাগৰ দৈনিক ভাস্কৰ , পঞ্জাব কেশৰী , হিন্দুস্তান আদি প্রধান ।

( খ ) তেলেগু ভাষাৰ , -ইনেডাে ।

( গ ) মালায়ালাম ভাষাৰ মালায়ালাম মনােমা । 

( ঘ ) তামিল ভাষাৰ দিনাঠাচ্ছি । 

( ঙ ) ইংৰাজী ভাষাৰ – The Times of India , The Hindustan Times , The Tribune , Economics Time . 

প্রশ্ন ১০। ইণ্টাৰনেটৰ সুফলবিলাক বিচাৰ কৰা । 

উত্তৰঃ ইণ্টাৰনেট এক আন্তৰাষ্ট্ৰীয় যােগাযােগ ব্যৱস্থা । কম্পিউটাৰৰ যােগেদি ৱেবচাইটৰ ব্যৱহাৰ কৰি কোনাে লােকে ইণ্টাৰনেটৰ জৰিয়তে যিকোনাে খা – খবৰ , চিঠি – পত্র লিখিতভাৱে পঠাব পাৰে বা আদান – প্রদান কৰিব পাৰে । আগৰ দৰে পােষ্ট অফিচ , টেলিগ্রাম আদিৰ যােগে পঠাব নালাগে । ইণ্টাৰনেটযােগে চেটেলাইটৰ সহায়ত পৃথিৱীৰ যিকোনাে ঠাইলৈ বা – বাতৰি , চিঠি – পত্ৰ আদি পঠাব পাৰি । এইদৰে বা বাতৰি পঠাবলৈ অতি কম সময়তে আমেৰিকা , ইংলেণ্ড

বা পৃথিৱীৰ যিকোনাে ঠাইলৈ পঠাব পৰা যায় । আজিকালি ইণ্টাৰনেটৰ সহায়ত ৰে’লৰ টিকট , প্লেনৰ টিকট আদি আগতীয়াকৈ সংৰক্ষণ কৰিব পাৰি । 

পৃথিৱীৰ যিকোনাে ঠাইলৈ ফোন কৰি ইণ্টাৰনেটৰ সহায়ত লিখিত খা – খবৰ , চিঠি – পত্ৰ আনিব পৰা যায় । ইণ্টাৰনেটত Setting কৰি দুজন মানুহে কথা লিখিতভাৱে আদান – প্রদান কৰিব পাৰে । কম্পিউটাৰ যােগে ইণ্টাৰনেটত কোনাে লাইব্রেৰী নাইবা বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ ব্যৱস্থা খা – খবৰ সহজে ল’ব পৰা যায় । মুঠতে ইণ্টাৰনেটৰ সুফল অপাৰ । ৱেবছাইটৰ ঠিকনা থাকিলে নির্দিষ্ট অফিচ বা ব্যক্তিৰ লগত যােগাযােগ কৰি সকলাে কাম সহজে কৰিব পৰা যায় । সকলাে ব্যক্তিয়ে ইণ্টাৰনেটৰ বাবে নিজৰ নামত ৱেবছাইট খুলি ল’ব পাৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top