Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ

Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ and select needs one.

Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ Solutions for All Subject, You can practice these here…

ভাৰতীয় সমাজ

পাঠ: ১

প্ৰথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতত ঔপনিবেশিক শাসন কেতিয়া প্রতিষ্ঠা হৈছিল ? 

উত্তৰঃ ভাৰতত ১৬ শতিকাৰ পৰা ১৭ শতিকাৰ মাজভাগলৈ ভাৰতত ঔপনিবেশিক শাসন চলিছিল । 

প্রশ্ন ২। ঔপনিবেশিক শাসনৰ দুটা সংৰচনাত্মক অৱদান উল্লেখ কৰা । 

উত্তৰঃ ( ১ ) সংসদীয় আইন ব্যৱস্থা । 

( ২ ) আইন – শৃংখলা নিয়ন্ত্রণত পুলিচ ব্যৱস্থা । আৰু

( ৩ ) শিক্ষা ব্যৱস্থা আদি । 

প্রশ্ন ৩। ঔপনিবেশিক শাসনৰ দুটা সাংস্কৃতিক অৱদান উল্লেখ কৰা । 

উত্তৰঃ ( ১ ) ৰাস্তাৰ বাওফালে খােজ কঢ়া ; 

( ২ ) টেবুলত ভাত খােৱা নিয়ম ; 

( ৩ ) লংপেণ্ট – চাৰ্ট পিন্ধা আদি । 

প্রশ্ন ৪। ভাৰত চৰকাৰৰ প্ৰস্তাৱ মতে কেতিয়া ভাৰতৰ পৰিকল্পনা আয়ােগ গঠন হৈছিল ? 

উত্তৰঃ ভাৰতৰ পৰিকল্পনা আয়ােগ গঠন হৈছিল ১৯৫০ চনৰ মাৰ্চ মাহত । 

প্রশ্ন ৫। এখন নগৰ আৰু মহানগৰৰ পার্থক্য কি ? 

উত্তৰঃ জনসংখ্যা ; সাধাৰণতে ১০ হেজাৰ জনসংখ্যাতকৈ বেছি জনসংখ্যা থাকিলে তাক মহানগৰ বুলি কব পাৰি । আনহাতে নগৰ এখনত ১০ হাজাৰতকৈ কম জনসংখ্যা থাকে । 

প্রশ্ন ৬। কলিকতা নগৰখন কোনে কেতিয়া প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ কলিকতা নগৰ স্থাপন কৰিছিল জৱচার্ণক নামৰ এজন বৃটিছ সদাগৰে , ১৬৯০ চনত । 

প্রশ্ন ৭। অসমত চাহ গছ কোনে আবিষ্কাৰ কৰিছিল ? 

উত্তৰঃ ব্রিটিছসকলে । 

প্রশ্ন ৮। নগৰৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ( i ) নগৰসমূহ উদ্যোগ প্রধান , গৰিষ্ঠসংখ্যক লােক উদ্যোগ , অফিচ – কাছাৰীত , চাকৰি কৰা কর্মী ।

( ii ) নগৰত কর্ম বিভাজন আছে । নগৰীয়া মানুহ আত্মকেন্দ্রিক , স্বার্থপৰ । 

প্রশ্ন ৯। গাঁও আৰু নগৰৰ দুটা পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ পার্থক্য দুটা –

( ১ ) গাঁৱত জনসংখ্যা কম আৰু নগৰত জনসংখ্যা বেছি ।

( ২ ) গাঁৱৰ মানুহৰ বৃত্তি , কৃষিকার্য কিন্তু নগৰৰ লােকৰ মূল বৃত্তি হ’ল চাকৰি , উদ্যোগৰ শ্রমিক বা অফিচ – কাছাৰীৰ কর্মী । 

( ৩ ) নগৰত শিক্ষা – দীক্ষাৰ সুবিধা আছে কিন্তু গাঁৱত শিক্ষাৰ সুবিধা নাই ।

প্রশ্ন ১০। গাঁৱলীয়া মানুহ নগৰমুখী হােৱাৰ দুটা প্রধান কাৰণ উল্লেখ কৰা । 

উত্তৰঃ প্রধান কাৰণ দুটা হ’ল–

( ১ ) গাঁৱৰ মানুহ কর্ম সংস্থানৰ বাবে নগৰমুখী হ’বলৈ বাধ্য হয় । কাৰণ নগৰত কর্ম সংস্থানৰ সুবিধা আছে । 

( ২ ) নগৰ – চহৰবােৰ শিক্ষাৰ কেন্দ্রস্থান । শিক্ষা – দীক্ষাৰ সুবিধাৰ কাৰণে গাঁও অঞ্চলৰ লােক , নগৰ অঞ্চললৈ প্ৰব্ৰজন হয় । 

প্রশ্ন ১১। সামাজিক মানচিত্র কি ? 

উত্তৰ সমাজিক মানচিত্র হ’ল— যত সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ অৱস্থান ধাৰণ কৰিব পাৰে । তেওঁৰ নিজৰ সম্পর্কিত ব্যক্তিসকলৰ মাজত তেওঁৰ নিজৰ অৱস্থিতিৰ বিষয়ে জানিব পাৰে । তেওঁৰ সম্প্রদায়, অর্থনৈতিক শ্ৰেণী ধর্ম , জাতি , আদি বিভিন্ন স্থান জানিব পাৰে । 

প্রশ্ন ১২। নৃ – গােষ্ঠীয় আত্ম পৰিচয় বুলিলে কি বুজা ?

উত্তৰঃ ন – গােষ্ঠী সমূহ বা গােট যি গােটৰ সদস্যসকলে একে সংস্কৃতিক পৰিচয়েৰে নিজ গােটৰ প্রতি সচেতনতা ৰক্ষা কৰাৰ উপৰিও চাৰিওকাষে থকা আন আন গােটৰ পৰা নিজকে বিচ্ছিন্ন কৰি ৰখাৰ প্ৰয়াস কৰে । 

প্রশ্ন ১৩। ৰাইজলিয়ে ( Risely ) য়ে ভাৰতীয় নৃগােষ্ঠীয়সমূহক ৫/৬/৭/৮ ভাগত ভাগ কৰিছিল । ( শুদ্ধ উত্তৰটো বাছি উলিওৱা ) 

উত্তৰঃ ৭ টা ভাগত ভাগ কৰিছিল । 

প্রশ্ন ১৪। প্ৰজন্মৰ ব্যৱধানে কি বুজায় ? 

উত্তৰঃ প্ৰজন্মৰ ব্যৱধানে সমাজত পুৰণি প্রজন্ম বা বয়স্কসকলৰ লগত নতুন প্রজন্মৰ বা তৰুণসকল মতবিৰােধ হােৱা দেখা যায় । ভাবাদর্শৰ অমিল হােৱা দেখা যায় । প্রায়বােৰ সমাজতে যুগ যুগান্তৰৰ পৰা প্ৰচলিত ঘটনা বুলিব পাৰি । এনে অমিল বা মতবিৰােধকে প্রজন্মৰ ব্যৱধান বােলে । 

প্রশ্ন ১৫। প্রতিফলন কি ? 

উত্তৰঃ প্রতিফলন শব্দই এবাৰ পুনৰ উভতি চোৱা বুজায় । প্রতিফলন ( বা আত্ম প্রতিফলন ) সিদ্ধান্তই ইয়াকে বুজায় যে ব্যক্তিয়ে নিজে নিজৰ মানৱ সমাজখনক কেনেদৰে চাইছে । সেইদৰে প্রতিফলিত সমাজতত্ত্বই সমাজতত্ত্বক এটা সামাজিক ঘটনা ৰূপে চোৱাৰ প্ৰয়াস কৰে , যিদৰে সমাজৰ আন আন পৰিঘটনাবােৰকো অধ্যয়ন কৰে ।

প্রশ্ন ১৬। জাতীয়তাবাদৰ প্রধান বাহক কি ? 

উত্তৰঃ নগৰীয়া মধ্য শ্রেণীবােৰেই প্রধান বাহক । 

প্রশ্ন ১৭। সামাজিক শ্রেণী এটা কিহৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয় ? 

উত্তৰঃ সমাজৰ উচ্চ – নিম্ন প্ৰস্থিতিৰ ভিত্তিত । 

প্রশ্ন ১৮। গাঁৱলীয়া মানুহৰ প্রধান বৃত্তি / ভিত্তি কি ? 

উত্তৰঃ প্ৰধান বৃত্তি কৃষি কার্য । 

প্রশ্ন ১৯। বন্ধ স্তৰীকৰণৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ বন্ধ স্তৰীকৰণৰ এটা উদাহৰণ হ’ল জাতি । 

প্রশ্ন ২০। জাতি মুক্ত / বন্ধ স্তৰীকৰণৰ উদাহৰণ । 

উত্তৰঃ বন্ধ স্তৰীকৰণৰ উদাহৰণ । 

প্রশ্ন ২১। উপনিবেশিকতাবাদ কি ? 

উত্তৰঃ এখন দেশে আন এখন দেশৰ ওপৰত চলােৱা শাসন । 

  চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। সমাজতত্ত্ব কি ?  

উত্তৰঃ সমাজতত্ত্ব সমাজৰ বিষয়ে কৰা এক অধ্যয়ন ? আমি সকলােৱে সমাজত বাস কৰো । গতিকে আমি সমাজৰ বিষয়ে বহু কথা জানাে । সমাজৰ বিষয়ে আমি অধ্যয়ন কৰাে সমাজতত্ত্ব । আন বহুতাে বিষয়ে আমি সাধাৰণতে স্কুল , মহাবিদ্যালয় , বা বিশ্ববিদ্যালয়ত পঢ়ি , আনুষ্ঠানিকভাৱে শিক্ষা পাওঁ কিন্তু সমাজশাস্ত্ৰৰ ক্ষেত্ৰত আমি বাস কৰা সমাজৰ পৰাই বহুতাে কথা শিকিব পাৰো । গতিকে কোনাে আনুষ্ঠানিক শিক্ষা নললেও সমাজৰ বিষয়ে আমি আগতীয়াকৈ কিছু কথা জানিব পাৰো , আৰু সমাজ সম্পর্কে ভালেমান কথা আপােনা – আপুনি শিকিব পৰা যায় । বর্তমান এই বিষয়টোৰ ( Sociology ) ৰ দ্বাৰা ছাত্র – ছাত্রীক ভাৰতীয় সমাজৰ লগত পৰিচয় কৰি দিয়াহে আচল উদ্দেশ্য । এই বিষয়টোৰ জৰিয়তে ছাত্র – ছাত্রীক ভাৰতীয় সমাজৰ সমাজতাত্ত্বিক দিশটোৰ লগতহে পৰিচয় কৰা হব । 

প্রশ্ন ২। সমাজতত্ত্বই আমাক কি শিকায় ? নাইবা , আত্ম – প্রতিফলন নাইবা প্রতিফলন কি ? 

উত্তৰঃ সমাজতত্ত্বই আমাক আনক দেখুৱায় অর্থাৎ আমি দেখাত কেনেকুৱা আনক দেখুৱায় । ই আমাক শিকায় , বাহিৰৰ পৰা আমাক কেনেকুৱা দেখা যায় তাকে আনক দেখুৱায় । ইয়াকে আত্ম – প্রতিফলন নাইবা কেতিয়াবা প্রতিফলন বুলিও কোৱা হয় । 

প্রশ্ন ৩। সামাজিক সংৰচনা বুলিলে কি বুজা ? 

উত্তৰঃ প্রত্যেক সমাজৰে একোটা সংৰচনা বা সংগঠন পদ্ধতি থাকে । এই পদ্ধতিত ব্যক্তি , সমূহ , সন্থা , সংস্থা আদি বিভিন্ন গােট থাকে আৰু ইয়াৰ প্রত্যেকেই সমাজত নিজ নিজ ভূমিকাত ক্রিয়া , আন্তঃক্রিয়া সম্পাদন কৰিব লাগে । সামাজিক সংৰচনাই এই বিভিন্ন অংশ স্থায়ী আন্তঃক্রিয়া কিছুমান পদ্ধতিৰ মাজেৰে সংঘটিত হয় আৰু এই পদ্ধতিৰ সংৰচনা আছে । এই সামাজিক সম্বন্ধ , বা ক্রিয়া পদ্ধতিকে বিভিন্ন চিন্তাবিদে কোৱাৰ দৰে সংৰচনা বা সংগঠন বুলিও কোৱা হয় । 

প্রশ্ন ৪। “ বিশেষকৈ ভাৰতীয় সচেতনতাই এটা আকৃতি লৈছিল ঔপনিবেশিক শাসনৰ সময়ত — আলােচনা কৰা ।

নাইবা , ঔপনিবেশিক শাসন কালত জাতীয়তাবাদে গঢ় লৈ উঠাৰ প্ৰক্ৰিয়াটো কিয় ঔপনিবেশিকতা বিৰোধী আন্দোলন সৈতে জড়িত ? 

উত্তৰঃ ( ১ ) ঔপনিবেশিক শাসনতে , প্রথমতে ৰাজনৈতিকভাৱে আৰু প্ৰশাসনীয়ভাবে ভাৰতৰ সকলােৱে ঐক্যবদ্ধ হৈছিল । 

( ২ ) ঔপনিবেশিক শাসনেই আধুনিককীকৰণৰ শক্তিসমূহক আনিছিল আৰু পুঁজিবাদী অর্থনৈতিক পৰিৱৰ্তন আনিছিল ।

( ৩ ) যিয়ে নহক এই অর্থনৈতিক , ৰাজনৈতিক আৰু প্রশাসনিক ঐক্যবদ্ধতা ঔপনিবেশিক শাসনৰ তলতে গঢ় লৈ উঠিছিল আৰু সমগ্ৰ ভাৰতবৰ্ষনক ক্রমান্বয়ে এক ৰাজনৈতিক শাসনৰ অধীনলৈ আনিছিল । 

( ৪ ) আনহাতে ঔপনিবেশিক শােষণ ব্যৱস্থা আৰু দমন নীতিয়ে গােটেই ভাৰতীয় সমাজ ব্যৱস্থাতে বিভিন্ন প্রকাৰে এক বিতৃষ্ণাৰ ভাব আনি দিছিল । 

( ৫ ) ভাৰতত ঔপনিবেশিক ব্যৱস্থাই নিজেই নিজৰ শত্রু সৃষ্টি কৰিছি— জাতীয়তা বাদৰ জন্ম দিছিল । ভাৰতত ঔপনিবেশিক শাসন ব্যৱস্থাই আধুনিক জাতীয়তাবাদী চিন্তাধাৰাৰ জন্ম দিছিল । 

( ৬ ) ইংৰাজ শাসকসকলৰ অবাধ অর্থনৈতিক শােষণ , ভাৰতীয়ৰ প্ৰতি কৰা দুৰ্যৱহাৰ , ঔপনিবেশিক দমন নীতিয়ে সমগ্ৰ ভাৰতবাসীক লাহে লাহে ঐক্যবদ্ধ কৰি তুলিছিল আৰু সমাজত নতুন মধ্যবিত্ত শ্রেণীৰ সৃষ্টি কৰিছিল যিসকলে পিছলৈ জাতীয়তাবাদী ভাবধাৰাক জাগৰিত কৰি তুলিছিল । 

প্রশ্ন ৫। ঔপনিবেশিকতাবাদ বুলিলে কি বুজা ? 

উত্তৰঃ সাধাৰণ অৰ্থত উপনিবেশবাদ বা ঔপনিবেশিকতাবাদ মানে হৈছে এখন দেশে আন এখন দেশৰ ওপৰত চলােৱা শাসন । উপনিবেশবাদ আৰম্ভ হৈছিল উদ্যোগ বিপ্লৱ আৰম্ভ হােৱাৰ সময়তে , যেতিয়া পশ্চিমীয়া দেশবােৰত সম্পদ আৰু বিভিন্ন সামগ্রীৰ উৎপাদন অপর্যাপ্ত পৰিমাণে হৈছিল । সেই সময়তে ইউৰােপৰ পশ্চিমীয়া দেশবােৰে বেপাৰ বাণিজ্যৰ বাবে এছিয়া আৰু আফ্রিকাৰ দেশবােৰত বেপাৰ কৰাৰ লগতে, দেশবােৰত নিজৰ শাসন প্ৰৱৰ্তন কৰিছিল । এনেদৰে শাসন প্রতিষ্ঠা কৰাৰ ব্যৱস্থাটোকে ঔপনিবেশিক শাসন বা উপনিবেশবাদ বোলে । 

প্রশ্ন ৬। কোনবােৰ দেশে এছিয়া আৰু আফ্রিকাৰ দেশবােৰত উপনিবেশ স্থাপন কৰিছিল ? 

উত্তৰঃঔপনিবেশিক পদ্ধতি আৰম্ভ হৈলি ১৮ শতিকাত আৰু শেষ হৈছিল কুৰি শতিকাত । এই দেশবােৰৰ ভিতৰত প্রধান দেশবােৰ হ’ল ইংলেণ্ড , ফ্রান্স , পর্তুগাল , স্পেইন , জার্মানী , ইটালী আদি । পিছলৈ ৰুছীয়া , আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপান আদি দেশেও এই পদ্ধতিৰ যাত্ৰাত যােগদান কৰিছিল । 

প্রশ্ন ৭। ভাৰতত জাতীয়তাবাদে কেতিয়া দেখা দিছিল ? নাইবা , ভাৰতত জাতীয়তাবাদৰ সূচনা কেতিয়া হৈছিল ? 

উত্তৰঃ আধুনিক ভাৰতৰ সকলাে অনুষ্ঠান , প্রতিষ্ঠানবােৰ ঔপনিবেশিক শাসনৰে অৱদান । ইংৰাজসকলে ভাৰতত ঔপনিবেশিক শাসন প্রতিষ্ঠা কৰিছিল আৰু শাসন আৰু শােষণৰ । উপৰি তেওঁলােকে ভাৰতীয়সকলক পাশ্চাত্য শিক্ষা – দীক্ষা দিয়া আৰম্ভ কৰিছিল । এই ব্যৱস্থাই ভাৰতবাসীৰ মনত লাহে লাহে জাতীয়তাবাদী মনােভাবে গভীৰভাৱে ঠাই লবলৈ আৰম্ভ কৰিছিল ১৯ শতিকাৰ শেষৰ ছােৱাত ।ইংৰাজশাসকসকলৰ শাসন , শােষণ , দুর্ব্যৱহাৰে , পাশ্চাত্য । শিক্ষা আদিয়ে ভাৰতৰ মধ্যবিত্ত শ্রেণীক সজাগ – সচেতন কৰি জাতীয়তাবাদী আন্দোলন গঢ়ি উঠিছিল । যাৰ ফলত এটা সময়ত ভাৰব্যই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ৮। সম্প্রদায় বুলিলে কি বুজা ? 

উত্তৰঃ সাধাৰণভাৱে ক’বলৈ হ’লে , যেতিয়া কিছুমান মানুহে একেলগে এটা উদ্দেশ্য পূৰণৰ বাবে বসবাস কৰে তাকে সম্প্রদায় বুলি ক’ব পাৰি । ইয়াক মানুহে সচেতনভাৱে সৃষ্টি নকৰে বা কৰিব নােৱাৰে ই নিজে নিজে বা আপােনা – আপুনি গঢ় লৈ উঠে । 

প্রশ্ন ৯। সাম্প্রদায়িকতাবাদ মানে কি ? 

উত্তৰঃ সাম্প্রদায়িকতাবাদ এটা আদর্শত বাহিৰে আন একো নহয় যিয়ে কোনাে এটা ধর্মীয় মতামত জনসাধাৰণৰ মাজত সম্প্রচাৰ কৰিবলৈ প্রচেষ্টা চলায় । এই ধর্মীয় ভাবধাৰা আন কোনাে ধর্মীয় ভাবধাৰাৰ সম্পূর্ণ বিৰােধী মতামত বা ভাবধাৰা হােৱা দেখা যায় । আন কথাত ক’বলৈ গ’লে সাম্প্রদায়িকতাবাদ হ’ল ধৰ্মৰ লগত সম্পর্ক থকা উগ্ৰ ৰাজনৈতিক আদর্শ । উদাহৰণ স্বৰূপে হিন্দু আৰু মুছলমানৰ মাজত হােৱা কোনাে সংঘাত । 

প্রশ্ন ১০। জনগােষ্ঠীয় গােট বুলিলে কি বুজায় ? 

উত্তৰঃ জনগােষ্ঠীয় গােট মানে কিছুমান ব্যক্তিৰ গােট যিসকলৰ সাংস্কৃতিক আদর্শ একে । এটা জনগােষ্ঠীয় গােটে বিশ্বাস কৰে যে তেওঁলােকৰ সকলাে লােক একে বংশৰ পৰা উদ্ভৱ হােৱা পৰা পৃথক কৰিব পাৰি তেনে গােটকে জনগােষ্ঠী বুলি ক’ব পাৰি ।

প্রশ্ন ১১। ভাৰতত জাতীয়তাবাদৰ উৎপত্তি কিদৰে হয় ?

উত্তৰঃ ইংৰাজসকলে ভাৰতত , অর্থনৈতিক , ৰাজনৈতিক আৰু প্রশাসনিক ঐক্য গঢ়ি তুলিছিল । ইয়াৰ উপৰিও তেওঁলােকে ভাৰতত পাশ্চাত্য শিক্ষা – দীক্ষাৰ সম্প্ৰসাৰণ ঘটাইছিল । ইয়াৰ ফলতে ভাৰতবাসীয়ে পাশ্চাত্য জ্ঞান – বিজ্ঞানৰ চিন্তাধাৰাৰ জৰিয়তে নিজকে এক সজাগ । সচেতন জাতি হিচাপে গঢ়ি তুলিবলৈ সুবিধা পায় । মুঠতে ঔপনিবেশিক শাসনৰ ফলতে ভাৰতত জাতীয়তাবাদী চিন্তাধাৰাই গা কৰি উঠে ।

প্রশ্ন ১২। উপনিবেশবােৰত জাতীয়তাবাদ উৎপত্তিৰ পদ্ধতিৰ লগত কি কাৰণত উপনিবেশ বিৰোধী আন্দোলন জড়িত হৈ পৰে ?

উত্তৰঃ উপনিবেশবােৰত জাতীয়তাবাদী ভাবধাৰা উৎপত্তিৰ লগতে উপনিবেশ বিৰােধী আন্দোলনত নিশ্চিতভাৱে সম্পর্কিত হৈ পৰে । জনসাধাৰণে ঔপনিবেশিক শাসকৰ বিৰুদ্ধে সংগ্রাম কৰাৰ সময়তে তেওঁলােকৰ একতাৰ পৰিচয় পাবলৈ সক্ষম হয় । ঔপনিবেশিক শাসকসকলে তেওঁলােকক সমানে শােষণ কৰাৰ উপৰিও সদায়ে দমন কৰি ৰাখিবলৈ বিচাৰে । এই উমৈহতীয়া দমন নীতিৰ অভিজ্ঞতাই তেওঁলােকক ঐক্যবদ্ধ হৈ থাকিবলৈ দৃঢ় কৰি ৰাখে । 

প্রশ্ন ১৩। নগৰ অঞ্চলত কিমান প্ৰকাৰৰ শ্ৰেণী থাকে ? 

উত্তৰঃ সাধাৰণতে নগৰ অঞ্চলৰ জনসংখ্যাক আমি তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰাে— উচ্চ শ্রেণী , মধ্যবিত্ত শ্রেণী আৰু নিম্নশ্রেণী । 

( ক ) উচ্চ শ্রেণী :- উচ্চ শ্রেণীটো সমাজৰ ধনী , প্রতিপত্তিশীল , ক্ষমতাশালী লােক । এওঁলােক হ’ল — ৰাজনৈতিক নেতা , উদ্যোগপতি , অসামৰিক বিষয়াসকল । তেওঁলােক যথেষ্ট সম্পদশালী , কর্তৃত্বশীল , ৰাজনৈতিক ক্ষমতাসম্পন্ন লােক । 

( খ ) মধ্যবিত্ত শ্রেণী :- মধ্যবিত্ত শ্রেণীত ডাক্তৰ , ইঞ্জিনিয়াৰ , শিক্ষক , অফিচ – কাছাৰিত কাম কৰা কেৰাণী বিষয়া আদি এই শ্ৰেণীত ধৰা হয় । উচ্চ শ্রেণীৰ লােকসকলে নিম্নশ্রেণীটোক শাসন আৰু নিয়ন্ত্রণ কৰাৰ বাবে মধ্যবিত্ত শ্রেণীটোক ব্যৱহাৰ কৰে ৷ 

( গ ) নিম্নশ্রেণী :- নিম্ন শ্রেণীটো সমাজৰ একেবাৰে তলৰ শ্ৰেণী । এই শ্রেণীটোৱে সমাজৰ সকলো বােজা বহন কৰিব লাগে । এই শ্রেণীটোৱে নিজৰ শাৰীৰিক বা দৈহিক শ্রম বিক্ৰী কৰি জীৱন ধাৰণ কৰি থাকে । এওঁলােক হ’ল শ্রমিক , বনুৱা , কৃষক আদি । এওঁলােকেই হ’ল দেশৰ সকলাে মূল্য – সামগ্রী সৃষ্টিকর্তা । কল , কাৰখানা , ঘৰ – দুৱাৰ বিল্ডিঙৰ নির্মাতা খাদ্য শস্য উৎপাদন কৰােতা আদি । উচ্চ শ্রেণীৰ লােকে এই শ্ৰেণীটোক শােষণ কৰি চলি থাকে । 

প্রশ্ন ১৪। সম্প্রদায়ৰ ( community ) সমাজতাত্ত্বিক অর্থ লিখা । 

উত্তৰঃ কোনাে এক নির্দিষ্ট ভৌগােলিক সীমাৰ ভিতৰত বসবাস কৰা ব্যক্তিৰ সমষ্টিকে সম্প্রদায় বােলে । ঐক্যৰ অনুভূতি’য়ে হ’ল সম্প্রদায় গঠনৰ এক অপৰিহার্য উপাদান । সম্প্রদায় এটা স্বাভাৱিক গতিৰে গঠন হয় ; ইয়াক ইচ্ছাৰে গঠন কৰা নহয় । সদস্যসকলে সম্প্রদায় গঠন কৰে সেৱাৰ মনােভাবেৰে , ইয়াৰ কোনাে নির্দিষ্ট উদ্দেশ্য নাথাকে । সম্প্রদায় স্থায়ী , ই একে সম্প্রদায়ৰ লােকৰ মাজতহে গঢ়ি উঠে । সম্প্রদায়ৰ সদস্য পদ বাধ্যতামূলক , যি সম্প্রদায়ত জন্ম পায় সেই সম্প্রদায়তে সদস্য ভুক্ত হ’ব লাগে । সম্প্রদায়ত আন কোনাে সম্প্রদায়ৰ লােক নাথাকে । 

প্রশ্ন ১৫ । সম্প্রদায়ৰ বা সমুদায়ৰ উপাদান বিলাক উল্লেখ কৰা । 

উত্তৰঃ সম্প্রদায়ৰ উপাদানবােৰ হ’ল–

( ১ ) ব্যক্তিৰ সমষ্টি :– সম্প্রদায় হ’ল কিছুমান ব্যক্তিৰ সমষ্টি । উমৈহতীয়া স্বার্থপূৰণৰ উদ্দেশ্যেৰে সংগঠিত হােৱা জনসমষ্টিয়েই সম্প্রদায় । জনসমষ্টি নহ’লেই সম্ভৱ নহয় ।

( ২ ) নির্দিষ্ট ভূখণ্ড :- সম্প্রদায়ে এটা নির্দিষ্ট অঞ্চলৰ ভিতৰত থকা জন – সমষ্টিক বুজায় । এডােখৰ নির্দিষ্ট ভূখণ্ডত বসবাস কৰা লােকৰ মাজতহে সম্প্রদায়ৰ সৃষ্টি হয় । 

( ৩ ) সাম্প্রদায়িক মনােভাৱ :- জনসমষ্টিৰ লােকৰ মাজত থকা সাম্প্রদায়িক মনােভাৱেই সম্প্রদায়ৰ মূল বৈশিষ্ট্য । এই মনােভাৱে সদস্যসকলক একত্রিত কৰি ৰাখে আৰু এই ভাৱ প্রকাশ পায় । 

( ৪ ) স্থায়িত্ব :- নির্দিষ্ট এলেকাৰ ভিতৰত স্থায়ীভাৱে বসবাস কৰা জন – সমষ্টিক সম্প্রদায় বােলে । এই জনসমষ্টিয়ে স্থায়ীভাৱে এটা উমৈহতীয়া ‘ আমি ’ ভাৱেৰে সংঘবদ্ধ হৈ থাকে । ইয়াৰ বান্ধোন অস্থায়ী নহয় ।

( ৫ ) সমজাতীয়তা :- সম্প্রদায়ত সমজাতীয়তাৰ ভাৱ প্রকটভাৱে ফুটি ওলায় । একেলগে । বসবাস কৰা জনসমষ্টিত , ভাষা , ধর্ম পৰম্পৰা , ৰীতি – নীতি , আচাৰ – ব্যৱহাৰৰ মাজেৰে সমজাতীয়তাৰ মনােভাৱ ফুটি ওলায় । একে ভাষা , ধর্ম বা আচৰণৰ লােকৰ মাজত সম্প্রদায় সৃষ্টি হয় । 

( ৬ ) নির্দিষ্টতা :- সম্প্রদায়সমূহ সাধাৰণতে একোটা নির্দিষ্ট নামৰ দ্বাৰা বুজা যায় । নির্দিষ্ট নামেৰেহে একোটা সম্প্রদায়ৰ পৰিচয় বা চিনাক্তকৰণ কৰা হয় । 

প্রশ্ন ১৬। সামাজিক শ্রেণী কি ? নাইবা , শ্ৰেণীৰ সংজ্ঞা দিয়া । 

উত্তৰঃ সাধাৰণভাৱে চাবলৈ গ’লে সামাজিক শ্রেণী হৈছে সম – সামাজিক প্রস্থিতি সম্পন্ন পৰিয়ালৰ একোটি সমষ্টি । সমাজতাত্ত্বিকসকলে সামাজিক শ্ৰেণীৰ ওপৰত নিজস্ব মতামত এইদৰে দাঙি ধৰে । 

মৰিচ জীচবাৰ্গৰ মতে , সামাজিক শ্রেণী মানে সমাজৰ এনে একোটা অংশ যি অংশই উচ্চ বা নিম্নশ্রেণী হিচাপে আন একোটা অংশৰ পৰা পৃথক । 

আকৌ , এইচ . এম . জনছনৰ মতে ‘ সামাজিক শ্রেণী মানে একে ধৰণৰ সামাজিক প্ৰস্থিতিসম্পন্ন পৰিয়ালবৰ্গৰ সমষ্টি , যি সমষ্টিৰ পৰিয়ালবোৰে প্রত্যেকে প্রত্যেকক সম প্ৰস্থিতিসম্পন্ন লােক হিচাপে গ্ৰহণ কৰে । আন ভাষাত ক’বলৈ গ’লে সামাজিক শ্রেণী সামাজিক স্তৰীকৰণৰ এটি ফলশ্রুতি । কাৰণ সামাজিক সম – প্ৰস্থিতি সম্পন্ন পৰিয়ালৰ সমষ্টিয়েই হ’ল সামাজিক পৰিৱর্তন । 

প্রশ্ন ১৬। সামাজিক শ্রেণী ব্যবস্থাৰ বৈশিষ্ট্যবােৰ ব্যাখ্যা কৰা ।

উত্তৰঃ সামাজিক শ্ৰেণীৰ বৈশিষ্ট্য :- সামাজিক , শ্রেণীৰ ক্ষেত্ৰত নিম্নলিখিত বৈশিষ্ট্যসমূহ দৃষ্টিগােচৰ হয় ।

( ১ ) উচ্চ – নিম্ন প্রস্থিতি সামাজিক শ্রেণীসমূহ উচ্চ – নিম্ন প্ৰস্থিতিৰে চিহ্নিত কৰা হয় । যেনে – উচ্চ প্রস্থিতি বিশিষ্ট শ্রেণী , মধ্য প্রস্থিতি বিশিষ্ট শ্রেণী , নিম্ন প্রস্থিতি বিশিষ্ট শ্রেণী । অৱশ্যে সমাজভেদে উচ্চ – নিম্ন প্ৰস্থিতিৰ মূল্যায়ন ভিন্ন ।

( ২ ) শ্রেণীগত সংস্কৃতি ( উপসংস্কৃতি) :- প্রতিটো শ্ৰেণীৰ একোটা স্বকীয় সাংস্কৃতিক ধাৰা আছে যাক উপ – সংস্কৃতি আখ্যা দিয়া যায় । ফলস্বৰূপে প্রত্যেক শ্ৰেণীৰ ব্যক্তিয়ে বিশেষ ধৰণৰ বয়বস্তু ব্যৱহাৰ কৰে , শ্রেণী অনুযায়ী ৰুচি – অভিৰুচি , আচাৰ – ব্যৱহাৰ , চাল – চলন বেলেগ বেলেগ লক্ষ্য কৰা যায় । 

( ৩ ) আন্তঃক্রিয়াবাহী গােট :- প্রত্যেক শ্ৰেণীয়ে একোটা আন্তঃক্রিয়াবাহী গােট হিচাপে নিজকে পৰিচয় দিয়ে । ফলস্বৰূপে সমশ্রেণীৰ ব্যক্তিৰ লগতহে ঘনিষ্ঠতা , চাল – চলন , আদান প্রদান আৰু বৈবাহিক সম্পর্ক স্থাপন কৰা দেখা যায় । 

( ৪ ) শ্রেণীসচেতনতা :- সামাজিক শ্ৰেণীৰ এটি প্রধান বৈশিষ্ট্য হ’ল প্রত্যেক সামাজিক শ্ৰেণীৰ ব্যক্তিসকলৰ নিজৰ শ্রেণীসম্পর্কে সচেতনতা থাকে অর্থাৎ কোন ব্যক্তি কোন শ্রেণীৰ অন্তর্ভুক্ত হ’ব পাৰে এই বিষয়ে প্রত্যক্ষ বা পৰােক্ষভাৱে সজাগ হৈ চলে আৰু যি শ্ৰেণীৰ অন্তর্ভুক্ত সেই শ্রেণীৰ পৰম্পৰা ৰক্ষা কৰি চলে । উদাহৰণস্বৰূপে উচ্চ শ্ৰেণীৰ লােকসকলে নিজকে উচ্চ শ্রেণীৰ বুলি ভাবি লােৱাৰ লগতে নিজৰ সামাজিক ধৰণ – কৰণ বা নীতি নিয়ম অনুসৰণ কৰি চলিবলৈ ধৰে । 

বিখ্যাত সমাজতাত্ত্বিক কার্লমাৰ মতে শ্রেণীগত সচেতনতাই শ্রেণী সংঘবদ্ধতা আনে আৰু এই শ্রেণী সচেতনাৰ মূল উৎস হ’ল আর্থিক অৱস্থা । 

প্রশ্ন ১৭। সামজতাত্ত্বিক দিশৰ পৰা নগৰ আৰু গাঁৱৰ মাজত থকা পার্থক্য লিখা । নাইবা , গাঁও নগৰৰ পাৰ্থক্যৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ নগৰ আৰু গাঁৱৰ মাজৰ উল্লেখযােগ্য পার্থক্যবােৰ তলত দিয়া দৰে বাছি উলিয়াব পাৰি । 

( ১ ) ভৌগােলিক পৰিৱেশ :- গাঁও আৰু নগৰৰ প্রাকৃতিক পৰিৱেশ সম্পূর্ণ বেলেগ । গাঁৱৰ মানুহে প্ৰকৃতিৰ মাজত বাস কৰে , নগৰৰ পৰিৱেশ মানুহে তৈয়াৰ কৰি লােৱা পৰিৱেশ । নগৰৰ পৰিৱেশ কৃত্রিম , গাঁৱৰ পৰিৱেশ প্রাকৃতিক । 

( ২ ) বৃত্তিমূলক পার্থক্য :- গাঁও আৰু নগৰৰ মানুহৰ বৃত্তি , জীৱিকাৰ উপায় বেলেগ বেলেগ । গাৱৰ মানুহ সাধাৰণতে কৃষিজীৱী আনহাতে নগৰৰ মানুহ চাকৰিজীৱী । 

( ৩ ) জনসংখ্যাৰ আকাৰ :- গাঁৱৰ জনসংখ্যা ঘনত্ব নগৰৰ মানুহৰ ঘনত্বতকৈ কম । 

( ৪ ) জাতীয়তা পার্থক্য :- গাঁৱৰ মানুহ আৰু নগৰৰ মানুহৰ জাতীয়তা একে নহয় । এখন গাঁৱত সাধাৰণতে একে জাতিৰ মানুহ থাকে । আচাৰ – ব্যৱহাৰ , ৰীতি – নীতিৰ মিল থাকে কিন্তু । নগৰত বিভিন্ন জাতিৰ মানুহ সংমিশ্ৰিত হৈ থাকে , আচাৰ – ব্যৱহাৰ , ৰীতি – নীতিৰ মিল নাথাকে । 

( ৫ ) গতিশীলতা :- গাঁৱৰ গতিশীলতা নগৰতকৈ কম । নগৰ সদায় উন্নয়নশীল , ইয়াৰ গতি ক্ষিপ্ৰ আনহাতে গাঁৱৰ গতিশীলতা লেহেম , গাও সাধাৰণতে ৰক্ষণশীল । 

( ৬ ) সমুদায়ৰ আকাৰ :- সাধাৰণতে নগৰীয়া সদায়ৰ আকাৰ গ্ৰাম্য সমুদায়ৰ আকাৰতকৈ ডাঙৰ । 

( ৭ ) সামাজিক বিভেদীকৰণ আৰু স্তৰীকৰণ :- গ্রাম্য বিভেদীকৰণ আৰু স্তৰীকৰণৰ তুলনাত নগৰত তুলনামূলকভাৱে সেইবােৰ কম দেখা যায় ।

See Next Page…

2 thoughts on “Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ”

  1. You are doing a verry good work

    We are really benefitted by this pdf Or link whatever…… Send by you…… Keep it up… ?

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top