Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি

Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি and select needs one.

Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি Solutions for All Subject, You can practice these here…

ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি

পাঠ: ২

প্ৰথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। স্বাধীন ভাৰতত প্ৰথমবাৰ আৰু অন্তিমবাৰ লােকপিয়ল কেতিয়া হৈছিল ? 

উত্তৰঃ প্রথমবাৰ ১৮৮১ চনত আৰু অন্তিমবাৰ ২০১১ চনত । 

প্রশ্ন ২। ২০০১ চনৰ লােক গণনা মতে তলত দিয়া বৈশিষ্ট্যবােৰ উল্লেখ কৰা ।

( ১ ) ভাৰতৰ প্রত্যাশিত গড় জীৱন ( আয়ুস ) – ৬৩ বছৰ 

( ২ ) ভাৰতৰ শিক্ষিতৰ হাৰ ( শতকৰা ) – ৬৫ % জন । 

( ৩ ) ভাৰতৰ লিংগৰ হাৰ ( হেজাৰত ) — ৯৩৩ জনী মহিলা 

( ৪ ) ভাৰতৰ জনসংখ্যা ঘনত্ব ( প্রতি বর্গ কি.মি. ) – ৩২৪ জন । 

প্রশ্ন ৩। পৰিয়াল পৰিকল্পনাৰ অর্থ কি ? 

উত্তৰঃ পৰিয়াল পৰিকল্পনাৰ অৰ্থ হ’ল পৰিয়াল সদায় সৰু আকাৰৰ হ’ব লাগে অর্থাৎ ইয়াৰ আকাৰ নিয়ন্ত্রণাধীন হ’ব লাগে যাতে পৰিয়ালৰ খৰছ আয়তকৈ কম হয় । নিজৰ ইচ্ছামতে ল’ৰা – ছােৱালী জন্ম দিয়াকে পৰিয়াল পৰিকল্পনা বােলে । 

প্রশ্ন ৪। পৰনিৰ্ভৰশীল অনুপাত কি ? অথবা , নিৰ্ভৰশীলতাৰ অনুপাত বুলিলে কি বুজা ? 

উত্তৰঃ ১৫ বছৰ তলৰ ( ১—১৫ ) আৰু ৬৪ ওপৰৰ বয়সৰ মুঠ জনসংখ্যা ১৫-৬৪ বছৰ বয়সৰ মুঠ জনসংখ্যাৰে হৰণ কৰি পৰনিৰ্ভৰশীল অনুপাত পােৱা যায় । এই অনুপাত শতকৰা হিচাপত প্ৰকাশ কৰা হয় । 

প্রশ্ন ৫। জন্মৰ হাৰ বুলিলে কি বুজা ? 

উত্তৰঃ জন্মৰ হাৰ বুলিলে সাধাৰণতে কোনাে এখন দেশৰ বা অঞ্চলৰ এটা নির্দিষ্ট সময়ৰ ভিতৰত মুঠ জনসংখ্যাৰ প্রতি হাজাৰৰ বিপৰীতে গড় হিচাপে হােৱা জন্মৰ সংখ্যাক বুজোৱা হয় । 

প্রশ্ন ৬। ২০০১ চনৰ লােক পিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান ? 

উত্তৰঃ ভাৰতৰ ২০০১ চনৰ লােক পিয়ল মতে মুঠ জনসংখ্যা আছিল প্রায় ১০২ কোটি ৭০ লাখ বা ( ১০২,৭০,১৫,২৫৭ জন ) ।

প্রশ্ন ৭। ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ অধিক আৰু কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ কম ? 

উত্তৰঃ ( ক ) ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যাৰ ৰাজ্য হ’ল উত্তৰ প্ৰদেশ ( মুঠ জনসংখ্যা ১৬.৬ কোটি ) ।

( খ ) ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্য হ’ল— চিকিম ( মুঠ জনসংখ্যা -৫,৪ লীয় মাত্র )। 

প্রশ্ন ৮। ভাৰতৰ জনসংখ্যা ঘনত্ব কিমান ? 

উত্তৰঃ ভাৰতৰ জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃ মিটাৰত বর্তমান ৩২৪ জন । 

প্রশ্ন ৯। অসমৰ জনসংখ্যা ঘনত্ব কিমান ? 

উত্তৰঃ অসমৰ জনসংখ্যাৰ গড় ঘনত্ব প্রতি বর্গ কিঃ মিটাৰত ৩৪০ জন । 

প্রশ্ন ১০৷ ভাৰতৰ বর্তমান সাক্ষৰতাৰ হাৰ কিমান ? 

উত্তৰঃ বর্তমান ভাৰতৰ সাক্ষৰতাৰ হাৰ ৬৫.৩০ শতাংশ । 

প্রশ্ন ১১। অসমৰ সাক্ষৰতাৰ হাৰ কিমান ? 

উত্তৰঃ অসমৰ সাক্ষৰতাৰ হাৰ ৬৪.২৮ শতাংশ । 

প্রশ্ন ১২। ভাৰতৰ নাৰী – পুৰুষৰ অনুপাত কি ? 

উত্তৰঃ প্রতি হাজাৰ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা ৯৩৩ জনী । 

প্রশ্ন ১৩। ভাৰতৰ নগৰীয়া জনসংখ্যাৰ অনুপাত কিমান ? 

উত্তৰঃ ভাৰতৰ নগৰত বাস কৰা জনসংখ্যাৰ অনুপাত হ’ল ২৭.৭৮ শতাংশ । 

প্রশ্ন ১৪। অসমৰ গাঁও অঞ্চলত জনসংখ্যাৰ অনুপাত কিমান ? 

উত্তৰঃ অসমৰ গাঁও অঞ্চলত বাস কৰা জনসংখ্যাৰ অনুপাত হ’ল ৮৭.২৮ শতাংশ । 

প্রশ্ন ১৫। ভাৰতৰ কোন ৰাজ্যত জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি ? 

উত্তৰঃ পশ্চিমবংগত ( প্রতি বর্গ কিঃ মিটাৰত ৯০৫ জন ) ।

প্রশ্ন ১৬। বর্তমান ( ২০০১ চনত ) অসমৰ কোন জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি ? 

উত্তৰঃ যােৰহাট জিলাত ( ৭২.৫৪ শতাংশ ) ।

প্রশ্ন ১৭। ভাৰতৰ অতি উচ্চ হাৰত জন্মৰ হাৰ বৃদ্ধি হােৱাৰ দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ জন্মৰ হাৰ ভাৰতত অতি উচ্চ হােৱাৰ কাৰণ দুটা হ’ল— 

( ক ) ভাৰতত বাল্য বিবাহ প্রচলন আৰু অতি কম বয়সত বিবাহ হােৱা বাবে দীর্ঘকাল ধৰি ল’ৰা – ছােৱালী জন্ম হয় কাৰণে । ইয়াৰ উপৰি বহু বিবাহ প্রচলন আছিল ; এজন পুৰুষে একাধিক বিবাহ কৰাইছিল । 

( খ ) ভাৰতত আগেয়ে মৃত্যুৰ হাৰ অতি উচ্চ আছিল কাৰণে পিতৃ – মাতৃয়ে অধিক ল’ৰা ছােৱালী জন্ম দিছিল । যাতে কিছু ল’ৰা – ছােৱালীৰ মৃত্যু হলেও কিছু ল’ৰা – ছােৱালী বাচি থাকে । 

প্রশ্ন ১৮। জনসংখ্যা বৃদ্ধিয়ে কি বুজায় ? 

উত্তৰঃ জনসংখ্যা বৃদ্ধিয়ে জন্ম হাৰ আৰু মৃত্যু হাৰৰ পার্থক্যক বুজায় । জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বেছি হােৱাকে জনসংখ্যা বৃদ্ধি হােৱা বুলি ধৰা হয় । ভাৰতত এই দুয়ােটাৰে হাৰ কমিছে যদিও মৃত্যুৰ হাৰৰ তুলনাত জন্মৰ হাৰ কমকৈ হ্রাস পাইছে ।

প্রশ্ন ১৯। জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ কি ? 

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হ’ল— 

( ক ) মৃত্যুৰ হাৰৰ তুলনাত জন্মৰ হাৰ বৃদ্ধি হােৱা । 

( খ ) জন্মৰ হাৰৰ তুলনাত মৃত্যুৰ হাৰ হ্রাস পােৱা । 

( গ ) বিদেশী প্রব্রজন । 

প্রশ্ন ২০। ভাৰতৰ দ্রুত জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰা চাৰিটা আর্থসামাজিক সমস্যা লিখা । নাইবা , জনসংখ্যা বাঢ়িলে কি কি অসুবিধা হয় ? 

উত্তৰঃ আর্থ – সামাজিক চাৰিটা সমস্যা হ’ল–

( ক ) নিবনুৱা সমস্যাৰ সৃষ্টি ।

( খ ) জনমূৰি আয়ৰ পৰিমাণ সীমিত কৰে ।

( গ ) জনমূৰি খাদ্য – শস্যৰ পৰিমাণ সীমিত আশ্রিত অনুপাত বৃদ্ধি কৰে আৰু মূলধন গঠনত বাধাৰ সৃষ্টি কৰে । 

প্রশ্ন ২১। জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্য তাৎপর্যপূর্ণ কিয় ? 

উত্তৰঃ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্য তাৎপর্যপূর্ণ , কাৰণ ই জনসংখ্যাৰ হাৰ বৃদ্ধি কৰিব পাৰে আৰু কমাব পাৰে । যাৰ পৰিণামত সমগ্ৰ দেশৰ অৰ্থনীতিত এক পৰিৱর্তনে দেখা দি নানা সমস্যাৰ সৃষ্টি কৰে । এইবােৰ কাৰণতে ই তাৎপর্যপূর্ণ । 

প্রশ্ন ২২। অসমৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটা উল্লেখ কৰা । 

উত্তৰঃ মূল কাৰণ দুটা হ’ল— 

( ক ) মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ কমকৈ হ্রাস পােৱা । 

( খ ) অসমলৈ আন দেশ আৰু ৰাজ্যৰ পৰা হােৱা প্ৰব্ৰজন । 

প্রশ্ন ৩৩। ভাৰতৰ জনসংখ্যাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ বৈশিষ্ট্য পাঁচটা হ’ল— 

( ক ) পৃথিৱীৰ দ্বিতীয় জনবহুল জনসংখ্যা ।

( খ ) ভাৰতীয় জনসংখ্যা বিভিন্ন জনগােষ্ঠীসম্পন্ন । 

( গ ) ই বিভিন্ন ভাষা – সংস্কৃতি আৰু ধৰ্মৰ সংমিশ্রণ ।

( ঘ ) জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যধিক । 

( ঙ ) জনসংখ্যাৰ বিচিত্ৰতাৰ মাজত – এক ঐক্যৰ বান্ধোন আছে । 

প্রশ্ন ৩৪। জনসাংখ্যিক বিজ্ঞানৰ অর্থ কি ?

উত্তৰঃ জনসংখ্যা পদ্ধতিগত অধ্যয়ন । 

প্রশ্ন ৩৫। An Essay on the Principle of Population নামৰ গ্ৰন্থখন কোনে লিখিছিল ? 

উত্তৰঃ মালথাছে । 

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। জনসংখ্যা ( Demography ) শব্দটো ব্যাখ্যা কৰা । নাইবা , জনসাংখ্যিক মানে কি ?

উত্তৰঃ ইংৰাজী ডেমােগ্রাফী ( Demography ) শব্দটো গ্রীক ভাষাৰ দুটা শব্দৰ পৰা উদ্ভৰ হৈছে সেইবোৰ হ’ল– 

( i ) ডেমােচ ( demos ) মানে জনসাধাৰণ ( People ) আৰু

( ii ) গ্রাফিন ( graphein ) মানে বর্ণনা ( Describe ) .

গতিকে ডেমােগ্রাফী মানে জনসাধাৰণৰ ( সংখ্যা ) বর্ণনা । অর্থাৎ জনসংখ্যাৰ সুশৃংখল অধ্যয়নকে ডেমােগ্রাফী ( Demography ) বুলি কোৱা হয় । 

প্রশ্ন ২। জনসংখ্যাত ( ডেমােগ্রাফীত ) অধ্যয়ন কৰা বিভিন্ন দিশ আৰু পদ্ধতিবােৰ ব্যাখ্যা কৰা । 

উত্তৰঃ ( i ) ডেমােগ্রাফীয়ে অর্থাৎ জনসংখ্যাৰ অধ্যয়নত ইয়াৰ বিভিন্ন দিশ আৰু পদ্ধতিত জনসংখ্যা সম্পর্কীয় যেনে— জনসংখ্যাৰ পৰিৱর্তন , ইয়াৰ আকাৰ ( পৰিমাণ ) জন্ম – মৃত্যুৰ ধৰণ , আৰু প্ৰব্ৰজন আদি সন্নিৱিষ্ট থাকে । 

( ii ) এই অধ্যয়নত জনসংখ্যাৰ গাঁথনি আৰু গঠনৰ অধ্যয়ন কৰা হয় যেনে— মহিলা পুৰুষ সম্পর্কিত পৰিমাণ , আৰু পৃথক বয়সৰ দল আদিৰ । 

প্রশ্ন ৩। কি কি বিভিন্ন প্রকাৰৰ জনসংখ্যা ( Demography ) আছে ? নাইবা , সামাজিক জনসাংখ্যিক তত্ত্ব আৰু আনুষ্ঠানিক জনসাংখ্যিক তত্ত্বৰ মাজৰ পার্থক্যসমূহ লিখা । 

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ জনসংখ্যা আছে –

( i ) আনুষ্ঠানিক জনসংখ্যা ( ডেমােগ্রাফী ) ই বিশেষকৈ পৰিমাণিক ক্ষেত্ৰৰ লগত জড়িত । 

( ii ) সামাজিক জনসংখ্যা ( ডেমােগ্রাফী ) – ই মূলতঃ সামাজিক , অর্থনৈতিক নাইবা ৰাজনৈতিক বিষয়ক জনসংখ্যাৰ ওপৰত আলােকপাত কৰে । 

প্রশ্ন ৪। ভাৰতত দহ বছৰীয়া লােক গণনা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল ? 

উত্তৰঃ ভাৰতত দহ বছৰীয়া লােকগণনা আৰম্ভ কৰা হৈছিল ১৮৮১ চনৰ পৰা । 

প্রশ্ন ৫। জনসংখ্যাৰ তথ্য – পাতি কি কাৰণত গুৰুত্বপূর্ণ ? 

উত্তৰঃ ( i ) পৰিকল্পনা আৰু ৰাজ্যিক বা কেন্দ্রীয় নীতি কার্যকৰীকৰণৰ উদ্দেশ্যে । 

প্রশ্ন ৬। আনুষ্ঠানিক জনসংখ্যাৰ ( ডেমােগ্রাফী ) প্রাথমিকভাৱে কিহৰ লগত সম্পর্কিত ? 

উত্তৰঃ জনসংখ্যা পৰিবৰ্তনৰ উপাদানবােৰ জোখমাখ আৰু বিশ্লেষণৰ ক্ষেত্ৰত আনুষ্ঠানিক জনসংখ্যাৰ প্রাথমিকভাৱে সম্পর্কিত । 

প্রশ্ন ৭। মালথাচৰ ‘জনসংখ্যা বৃদ্ধিৰ তত্ত্ব’ তেওঁৰ কোনখন গ্ৰন্থত উল্লেখ কৰিছে ? 

উত্তৰঃ তেওঁৰ ” Essay on Population ( 1789 ) গ্ৰন্থত । 

প্রশ্ন ৮। জন্মৰ হাৰ বুলিলে কি বুজা ? 

উত্তৰঃ কোনাে নির্দিষ্ট এলেকাত নির্দিষ্ট সময়ৰ ভিতৰত গড়ে প্রতি হাজাৰ মানুহৰ মাজত জীৱিত শিশুৰ জন্মৰ মুঠ পৰিমাণকে জন্মৰ হাৰ বােলে । 

প্রশ্ন ৯। মৃত্যুৰ হাৰ বুলিলে কি বুজা ? 

উত্তৰঃ কোনাে নির্দিষ্ট এলেকাত , নির্দিষ্ট সময়ৰ ভিতৰত গড়ে , প্রতি হেজাৰ মানুহৰ মাজত মৃত্যু হােৱা লােকৰ মুঠ পৰিমাণকে মৃত্যুৰ হাৰ বােলে । 

প্রশ্ন ১০। জন্মদায়িনী হাৰ বুলিলে কি বুজা ?

উত্তৰঃ জন্মদায়িনী হাৰে শিশু জন্ম দিব পৰা বয়সৰ গােটৰ ( সাধাৰণতে 15 বছৰৰ পৰা 49 বছৰলৈ ) প্রতি ১০০০ মহিলাৰ ভিতৰত জীৱিত শিশু জন্ম দিয়া মহিলাৰ মুঠ সংখ্যাক বুজায় । 

প্রশ্ন ১১। জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে কেনে ব্যৱস্থা লৈছে ? অথবা , ভাৰতৰ জনসাংখ্যিক নীতি সম্পর্কে লিখা ।

উত্তৰঃ চৰকাৰে ১৯৫২ চনৰ পৰা জনসংখ্যা নীতি মানি চলিছে- 

( ১ ) জন্ম নিয়ন্ত্ৰণৰ বাবে বিভিন্ন কৌশল সম্পর্কে প্রচাৰ কৰা .

( ২ ) ৰাজহুৱা স্বাস্থ্যসেৱা উন্নত কৰা । 

( ৩ ) জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰা ।

( ৪ ) বাধ্যতামূলক বন্ধ্যাকৰণৰ কাম হাতত লােৱা ।

( ৫ ) চিকিৎসা পদ্ধতি জৰিয়তে পুৰুষ বন্ধ্যাকৰণ আৰু মহিলা বন্ধ্যাকৰণ আদিৰ দৰে সুকীয়া ব্যৱস্থা লােৱা । আৰু 

( ৭ ) দুখীয়া দুর্বল শ্ৰেণীৰ লােকক জোৰকৈ বন্ধ্যাকৰণ কৰা হৈছে । জনসাধাৰণে ইয়াৰ বিৰােধিতা কৰিছিল । 

প্রশ্ন ১২। শিশু মৰণশীলতাৰ ( শিশুৰ মৃত্যুৰ ) হাৰ কি ? নাইবা , শিশুৰ মৃত্যুৰ হাৰ মানে কি ? 

উত্তৰঃ শিশুৰ মৰণশীলতাৰ হাৰে প্রতি ১০০০ জীবিত শিশুৰ এবছৰ হােৱাৰ আগতে মৃত্যু হােৱা শিশুৰ সংখ্যাক বুজায় । 

প্রশ্ন ১৩। প্রত্যাশিত জীৱনৰ আয়ুসে কি বুজায় ? 

উত্তৰঃ প্রত্যাশিত জীৱনে গড় হিচাপে প্ৰতিজন মানুহে কিমান বছৰ জীয়াই থাকে তাকে বুজায় । 

প্রশ্ন ১৪। লিংগৰ হাৰ বুলিলে কি বুজায় ? 

উত্তৰঃ এটা নির্দিষ্ট এলেকাত , নির্ধাৰিত সময়ৰ ভিতৰত প্রতি ১০০০ পুৰুষৰ মাজত গড়ে কিমান সংখ্যক মহিলা থাকে তাকে বুজায় । 

প্রশ্ন ১৫। জনসংখ্যা বৃদ্ধিয়ে কি বুজায় ? 

উত্তৰঃ একে লেঠাৰিয়ে জনসংখ্যা বৃদ্ধি হৈ থকাক বুজায় । 

প্রশ্ন ১৬। জনসংখ্যা বৃদ্ধিৰ হাৰে কি বুজায় ? 

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ হাৰে কোনাে এখন দেশৰ কোনাে এটা অঞ্চলৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰক বুজায় । এই হাৰত অঞ্চলটোৰ মৃত্যুৰ হাৰ আৰু জন্মৰ হাৰৰ পার্থক্যৰ লগতে সেই অঞ্চললৈ বাহিৰৰ পৰা অহা লােকৰ সংখ্যাকো লােৱা হয় । 

প্রশ্ন ১৭। জনসংখ্যাৰ গাঁথনি ( Demographic Structure ) মানে কি ?

উত্তৰঃ জনসংখ্যাৰ গাঁথনিৰ দ্বাৰা সাধাৰণতে বুজোৱা হয় দেশখনৰ বিভিন্ন অংশত বিভাজিত জনসংখ্যাক , জনসংখ্যা ঘনত্বক , জন্ম – মৃত্যুৰ হাৰক , আনদেশৰ পৰা অহা আশ্রয়প্রার্থী , শিক্ষা , লিংগৰ হাৰ আদিক । জনসংখ্যাৰ গাঁথনিত জনসংখ্যাৰ বিভিন্ন দিশ আৰু বৈশিষ্ট্য অধ্যয়ন কৰা হয় । 

প্রশ্ন ১৮। জনসংখ্যা ঘনত্ব কি ? 

উত্তৰঃ জনসংখ্যা ঘনত্বই কোনাে এখন দেশ নাইবা এটা নির্দিষ্ট অংশত বাসকৰা লােকৰ সংখ্যাক বুজায় । এই সংখ্যা জানিব পাৰি দেশখনত বা অঞ্চলটোৰ প্রতি বর্গ কিলােমিটাৰত গড় হিচাপে কিমান লােক বাস কৰে তাৰ সংখ্যাৰ হিচাপত ।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ১৯। জনসংখ্যা বিস্ফোৰণ মানে কি ?

উত্তৰঃ যেতিয়া কোনাে এখন দেশৰ জনসংখ্যা আশাতীতভাৱে বৃদ্ধি পাই যায় তাকে জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয় । যেতিয়া জনসংখ্যা এনে এক পৰিমাণলৈ বৃদ্ধি পায় যে ইয়াৰ ফলাফলে ধ্বংসাত্মক ৰূপ লয় আৰু ফলত নানা অর্থনৈতিক সংকটে দেখা দিয়ে । আমাৰ ভাৰতেও এই সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে । 

প্রশ্ন ২০। মাথাচৰ জনসংখ্যাৰ তত্ত্বৰ বিষয়ে কি জানা ?

উত্তৰঃ মাদ্ধাচৰ মতে – কৃষিৰ উৎপাদন বৃদ্ধি পায় গাণিতিক প্রগতিৰে ( যেনে —2,4 , ৪ , 10 আদি ) ; কিন্তু জনসংখ্যা বৃদ্ধি পায় জ্যামিতিক প্রগতিৰে ( যেনে- 2 , 4 , 8 , 16 , 32 হাৰত ) ইয়াৰ অৰ্থ হ’ল জনসংখ্যায় গতি কৰে , আয় বৃদ্ধিৰ লগত নাইবা জীৱন ধাৰণৰ মানদণ্ড মতে । 

প্রশ্ন ২১। ৰাষ্ট্ৰীয় জনসংখ্যা নীতিৰ প্রধান বৈশিষ্ট্যবােৰ উল্লেখ কৰা । 

উত্তৰঃ প্রধান বৈশিষ্ট্যবােৰ তলত উল্লেখ কৰা হ’ল- 

( ১ ) প্রতিহেজাৰত ৯ জনলৈ মৃত্যুৰ হাৰ কমাবলৈ স্থিৰ কৰা হয় । 

( ২ ) প্রতি হেজাৰত ২১জনলৈ জন্মৰ হাৰ হ্ৰাস কৰিবলৈ স্থিৰ কৰা হয় । 

( ৩ ) প্রতি হেজাৰত ৬০জনলৈ শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ স্থিৰ কৰা হৈছিল । 

( ৪ ) জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰতি বছৰে ১.২% লৈ হ্ৰাস কৰিবলৈ স্থিৰ কৰা হৈছে । 

প্রশ্ন ২২। গাঁৱলীয়া সমাজ বুলিলে কি বুজা ? 

উত্তৰঃ যি সমাজৰ প্ৰকৃতিৰ লগত অতি ওচৰ সম্পর্ক থাকে , নাইবা অকৃত্রিম সম্পর্ক থাকে , কম জনসংখ্যা থাকে , সামাজিক সমৰূপতা থকা,গতিবিহীনতা,ৰক্ষণশীল সমাজ ব্যৱস্থাত থকা,যিসকলৰ জীৱিকাৰ একমাত্র পথ কৃষিকার্য তাকেই আমি গাঁৱলীয়া সমাজ ব্যৱস্থা বুলি কওঁ । 

প্রশ্ন ২৩। নগৰীয়া সমাজ বুলিলে কি বুজা ? 

উত্তৰঃ যি সম্প্রদায়ে প্রকৃতিৰ পৰা আঁতৰত থাকি বসবাস কৰে । য’ত জনসংখ্যা ঘনত্ব বেছি , যি সকলৰ চাকবিজীৱী , যাৰ গতিশীলতা যথেষ্ট বেছি মানুহৰ মাজ সম্পর্ক দ্বিতীয় শ্ৰেণীৰ । শতকৰা প্রায় 75 % লােকৰ জীৱিকাৰ উপায় বেতন ভােগী বা কৃষিজীৱী নহয় । বেছিভাগ লােক চাকৰীজীৱী তাকে নগৰীয়া সমাজ বােলে । 

প্রশ্ন ২৪। কি কাৰণত গাঁৱবােৰক সামাজিক গােট বুলি কোৱা হয় ? 

উত্তৰঃ গ্রাম্য গােটবােৰ কিছুমান সামাজিক গােট বুলি কোৱাৰ যুক্তি সংগত কাৰণ আছে । আমি যদি ভাৰতীয় গাঁওবােৰক ভালকৈ সাবধানে অধ্যয়ন কৰোঁ আমি জানিব পাৰিম যে ভাৰতীয় গাঁওবােৰেই হ’ল ভাৰতৰ সংস্কৃতিৰ মূল ভেটি । ভাৰতৰ জনসংখ্যা প্রায় ৭০-৮০% শতাংশ লােকেই গাৱত বাস কৰে আৰু তেওঁলোক ওতপ্রোত ভাৱে কৃষিকাৰ্যৰ লগত জড়িত । বর্তমান যুগত গাওবােৰলৈ বহুতাে পৰিবৰ্তন আহিছে যদিও , এতিয়াও প্রত্যেকখন গাওৱে একোটা গােট হিচাপে কাম কৰি আছে । ভাৰতীয় সামাজিক সংৰচনাৰ মূল ভেটি হল ভাৰতৰ গ্ৰাম্য সমাজখনহে গাঁৱৰ মানুহবােৰে একেলগে মিলি জুলি থাকে , পূজা – পার্বণ উৎযাপন কৰি শান্তিৰে জীৱন যাপন কৰে । তেওঁলােকৰ মাজত প্রাথমিক আৰু ব্যক্তিগত সম্পর্ক আছে । এইবােৰ কাৰণতে আমি সঠিকভাৱে গাঁওবােৰক একোটা সামাজিক গােট বুলি ক’ব পাৰো । 

প্রশ্ন ২৫। কি কাৰণত বর্তমান যুগত নগৰীকৰণ বৃদ্ধি পাইছে ? নাইবা , কি কাৰণে গ্রামাঞ্চলৰ পৰা মানুহ নগৰাঞ্চললৈ গতি কৰিবলৈ ধৰিছে ? 

উত্তৰঃ কাৰণবােৰ তলত উল্লেখ কৰা হ’ল— 

( ১ ) বর্তমান যুগৰ প্রত্যেকখন দেশেই উদ্যোগীকৰণৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰে । 

( ২ ) নগৰত মানুহৰ জীৱন ধাৰণৰ সকলাে সুবিধা কৰিব পৰা যায় । 

( ৩ ) নগৰত মানুহে ভবিষ্যতৰ শিক্ষা – দীক্ষা , চাকৰি বাকৰি সুবিধা কৰি লােৱাৰ সুবিধা থাকে । 

( ৪ ) নগৰত সকলাে সময়তে বিভিন্ন বর্ধিত হৈ থকা উদ্যোগ , শিক্ষানুষ্ঠান কল – কাৰখানত কর্মসংস্থানৰ সুবিধা ওলায়ে থাকে , নগৰীকৰণৰ কাম বা সেৱাৰ অন্ত নাই । 

( ৫ ) নগৰাঞ্চলত বাসিন্দাসকলৰ নিৰাপত্তাৰ কোনাে সন্দেহ নাই । 

প্রশ্ন ২৬। গ্রাম্য সম্প্রদায় দেখা দিয়া পৰিৱর্তনবােৰ উল্লেখ কৰা । 

উত্তৰঃ আধুনিক যুগত গাঁও অঞ্চলত ক্রমান্বয়ে কিছুমান পৰিৱর্তনে দেখা দিছে । 

( ১ ) বর্তমান গাঁৱৰ মানুহ ক্রমান্বয়ে নগৰলৈ প্ৰব্ৰজন হৈ আছে । 

( ২ ) গ্রামাঞ্চলৰ মানুহে আগৰ তুলনাত শিক্ষা – দীক্ষাত যথেষ্ট আগবাঢ়িছে । 

( ৩ ) গাঁও অঞ্চলতাে কৃষিৰ নতুন নতুন যন্ত্রপাতি আধুনিক সা – সঁজুলি ব্যৱহাৰ কৰি , কৃষিৰ উৎপাদন বৃদ্ধি পাইছে আৰু গাঁৱৰ মানুহৰ আর্থিক অৱস্থাৰ পৰিৱৰ্তন হৈছে । 

( ৪ ) গাঁৱত লাহে লাহে জাতি ব্যৱস্থাৰ গুৰুত্ব হ্রাস পাইছে আৰু শ্রেণী ব্যৱস্থাই ঠাই পাইছে । 

( ৫ ) বর্তমান গাঁৱত লাহে লাহে সামাজিক প্রস্থিতি ব্যক্তিৰ কৰ্মৰ জৰিয়তেহে স্থিৰ কৰিবলৈ আৰম্ভ কৰিছে । 

( ৬ ) অনানুষ্ঠানিক সম্পৰ্কতকৈ আনুষ্ঠানিক সম্পর্ক বৃদ্ধি পাইছে । 

প্রশ্ন ২৭। জনসাংখ্যিক বিজ্ঞানৰ গুৰুত্ব সম্পর্কে লিখা । 

উত্তৰঃ কোনাে এখন দেশত বসবাস কৰা লােকৰ মুঠ সংখ্যাকে জনসংখ্যা বােলে । প্রত্যেক দেশতে ইয়াৰ জনসাংখ্যিক বিজ্ঞানৰ গুৰুত্ব দেশখনৰ ক্ষেত্ৰত অতি প্রভাবশালী উপাদান । দেশ এখনৰ উন্নতি – অৱনতি নির্ভৰ কৰে জনসংখ্যাৰ ওপৰত আৰু ইয়াৰ প্ৰকৃতিৰ ওপৰত । দেশ এখন স্বাবলম্বী হ’বলৈ জনসংখ্যা অতি কমাে হ’ব নালাগে আৰু অতি বেছিও হ’ব নালাগে । দেশ এখনৰ জনসংখ্যা উৎপাদন ব্যৱস্থাৰ এক মৌলিক উপাদান । কাৰণ জনসংখ্যাইহে উৎপাদন ব্যৱস্থাত শ্ৰমৰ যােগান ধৰিব পাৰে । 

দ্বিতীয়তে জনসংখ্যা সুস্থ , সুঠাম কষ্টসহিষ্ণু হ’লেহে উৎপাদনত আৱশ্যকীয় শাৰীৰিক বা মানসিক শ্ৰমৰ যােগান ধৰিব পাৰে । 

তৃতীয়তে জনসংখ্যাক উৎপাদনৰ বাবে উপযুক্ত কৰি তুলিবলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ সকলাে সুবিধা প্রদানৰ উপৰি উপযুক্ত শিক্ষা , প্রশিক্ষণ দিয়াটো আৱশ্যক । 

আন এটা গুৰুত্বপূর্ণ কথা হ’ল— দেশৰ উৎপাদন ব্যৱস্থাৰ মূল লক্ষ্য হ’ল দেশখনৰ জনসংখ্যাৰ দৈনন্দিন অভাৱ পূৰণৰ দ্বাৰা কল্যাণ সাধন কৰা। অৱশেষত জনসংখ্যাৰে এটা অংশই উৎপাদন কার্যৰ দায়িত্ব বা উদ্যোক্তা হিচাপে দায়িত্ব গ্রহণ কৰাটো । এইদৰেই জনসংখ্যাই এক গুৰুত্বপূর্ণ দায়িত্ব গ্রহণ কৰি এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । 

প্রশ্ন ২৮। ভাৰতত সম্প্রতি মৃত্যুৰ হাৰ হ্রাস পােৱাৰ কাৰণবােৰ লিখা । 

উত্তৰঃ ভাৰতৰ স্বাধীনতাৰ পূর্বে মৃত্যুৰ হাৰ অত্যধিক আছিল । মহামাৰী , দুর্ভিক্ষ আদিত চিকিৎসাৰ অভাৱত , অজ্ঞতাৰ বাবে , পৰিষ্কাৰ – পৰিচ্ছন্নতাৰ অভাৱত মানুহৰ মৃত্যু হৈছিল । কিন্তু স্বাধীনােত্তৰ কালত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বাবে মৃত্যুৰ হাৰ উল্লেখনীয়ভাৱে কমিছে । তলত কিছুমান ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হ’ল— 

( ক ) চিকিৎসা সেৱাৰ উন্নতি :- চৰকাৰী চিকিৎসা সেৱাৰ আঁচনি প্রৱৰ্তন কৰি কলেৰা , হাইজা , প্লেগ আদি মহামাৰী জাতীয় ৰােগ নির্মূল কৰা হৈছে । 

( খ ) চৰকাৰৰ সাহায্য আঁচনি :- আগেয়ে দুর্ভিক্ষ বা আকালত বহুতাে লােকৰ মৃত্যু হৈছিল । বর্তমান কৃষিকাৰ্যৰ উন্নতি সাধন কৰি ; এনেকি আন দেশৰ পৰা খাদ্য সামগ্রী আমদানি কৰিও এনে দুর্ভিক্ষ চৰকাৰৰ দ্বাৰা আঁতৰ হৈছে । বর্তমান ভাৰত খাদ্য শস্য উৎপাদনত স্বাৱলম্বী হৈছে । 

( গ ) পথ পৰিবহণৰ উন্নতি :- বর্তমান দেশত পথ পৰিবহণৰ উন্নতি সাধন হােৱা বাবে এঠাইৰ পৰা আন ঠাইলৈ খাদ্যবস্তু সহজে কম সময়তে পঠাব পৰা যায় । ইয়াৰ দ্বাৰা দেশৰ খাদ্যৰ নাটনি আঁতৰ কৰিব পৰা হৈছে । 

( ঘ ) চিকিৎসা সেৱাৰ আধুনিকীকৰণ :- বিজ্ঞানসন্মত চিকিৎসা সেৱা প্ৰৱৰ্তন কৰি বৈজ্ঞানিক যন্ত্রপাতিৰ ব্যৱহাৰ কৰি , নানা বৈজ্ঞানিক ঔষধ আদিৰ উদ্ভাৱন কৰি যক্ষ্মা , ধনুষ্টংকাৰ আদি দুৰাৰােগ্য বেমাৰ – আজৰৰ পৰা মানুহৰ প্ৰাণ ৰক্ষা কৰিব পৰা উপায় উলিয়াইছে । বৈজ্ঞানিক চিকিৎসা সেৱাই মানুহৰ নিশ্চিত মৃত্যুৰ মুখৰ পৰা বচাব পাৰে । এইদৰে মৃত্যুৰ হাৰ হ্রাস পাইছে । 

প্রশ্ন ২৯। ভাৰত আৰু অসমৰ ১৯৯১ চনৰ লােক পিয়লৰ সময়ৰ তুলনাত ২০০১ চনৰ লােক পিয়লৰ সময়ত অসমৰ জনসংখ্যা ঘনত্ব কেনেকুৱা পৰিৱৰ্তন হৈছে লিখা । 

উত্তৰঃ ভাৰত আৰু অসমৰ জনসংখ্যা ঘনত্ব ১৯৯১ চনৰ তুলনাত ২০০১ চনত যথেষ্ট পৰিৱৰ্তন হৈছে । 

( ক ) ভাৰতৰ জনসংখ্যা ঘনত্ব :- ভাৰতত ১৯৯১ চনৰ লােক পিয়লৰ মতে প্রতি বর্গ : কিলােমিটাৰত জনসংখ্যা ঘনত্ব আছিল ২৬৭ জন । কিন্তু দহ বছৰৰ মূৰত ২০০১ চনৰ লােক পিয়ল মতে ভাৰতৰ জনসংখ্যা প্রতি বর্গ কিঃ মিটাৰত হৈছিল ৩২৪ জন । মাত্র দহটা বছৰতে প্রতি বর্গ কিঃ মিঃত ৫৭ জনকৈ বৃদ্ধি পায় ।

( খ ) অসমৰ জনসংখ্যা ঘনত্ব :- অসমত জনসংখ্যাৰ গড় ঘনত্ব তুলনামূলকভাৱে আন ৰাজ্যতকৈ খুব বেছি নহ’লেও বর্তমান ভাৰতৰ গড় ঘনত্বতকৈ বেছি । ১৯৯১ চনৰ লােকপিয়ল মতে অসমৰ প্রতি কিঃ মিটাৰত গড় ঘনত্ব আছিল ২৮৬ জন । কিন্তু দহ বছৰৰ ভিতৰত ২০০১ চনৰ লােকপিয়ল মতে এই সংখ্যা হৈছিলগৈ ৩৪০ জন । কিন্তু ভাৰতৰ গড় ঘনত্ব সেই সময়ত হৈছিল ৩২৪ জন ।

প্রশ্ন ৩০। আত্ম প্রতিফলন বা প্রতিফলন কি ? 

উত্তৰঃ সমাজতত্ত্বই আমাক দেখুৱাব পাৰে আমি প্ৰকৃততে আনৰ চকুত দেখাত কেনেকুৱা । ক’বলৈ গ’লে ই আমাক শিকাব পাৰে , বাহিৰৰ পৰা আমাক নিজকে দেখাত কেনেকুৱা । ইয়াকে আত্মপ্রতিফলন বােলে নাইবা কেৱল প্রতিফলন বােলে । 

প্রশ্ন ৩১। নিৰ্ভৰশীলতাৰ হাৰ কি ?

উত্তৰঃ নিৰ্ভৰশীলতাৰ হাৰ মানে জনসংখ্যাৰ এটা অংশৰ তুলনামূলক জোখ , যিটো নিৰ্ভৰশীল লােকৰ দ্বাৰা গঠিত । 

See Next Page…

3 thoughts on “Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top