Class 12 Sociology Chapter 10 ভাৰতীয় গণতন্ত্রৰ বিৱৰণ

Class 12 Sociology Chapter 10 ভাৰতীয় গণতন্ত্রৰ বিৱৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 10 ভাৰতীয় গণতন্ত্রৰ বিৱৰণ and select needs one.

Class 12 Sociology Chapter 10 ভাৰতীয় গণতন্ত্রৰ বিৱৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 10 ভাৰতীয় গণতন্ত্রৰ বিৱৰণ Solutions for All Subject, You can practice these here…

ভাৰতীয় গণতন্ত্রৰ বিৱৰণ

পাঠ: ৩

দ্বিতীয় খণ্ড

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। “ স্বার্থান্বেষী গােষ্ঠীসমূহ ক্রিয়াশীল গণতন্ত্রৰ অপৰিহার্য অংগ ” — আলােচনা কৰা ।নাইবা , প্রভাব গােষ্ঠী বা স্বার্থান্বেষী গােটসমূহে কিদৰে কাৰ্য্যাবলী সম্পন্ন কৰে এটি আভাস দিয়া । 

উত্তৰঃ প্ৰভাৱগােষ্ঠী নাইবা স্বার্থান্বেষী গােষ্ঠীবােৰ হ’ল সংগঠিত বা অসংগঠিত গােষ্ঠী যিবােৰে চৰকাৰৰ নীতিবােৰ প্ৰভাৱান্বিত কৰাৰ প্রচেষ্টা চলায় । তেওঁলােকে তেওঁলােকৰ বিভিন্ন পর্যায়ত থকা সদস্যসকলৰ স্বার্থক ৰক্ষণাবেক্ষণ দিয়াৰ প্রচেষ্টা কৰে । তেওঁলােকক তলত দিয়া ধৰণে কৰ্মৰত গণতন্ত্রৰ অপৰিহার্য অংগ বুলি ক’ব পাৰি । 

১। এই স্বার্থন্বেষী গােষ্ঠীবােৰে যিকোনাে নির্দিষ্ট বিষয়তে অভিযান আৰম্ভ কৰি দিয়া মতে জনসাধাৰণৰ সমর্থন লাভ কৰিব পাৰে । তেওঁলােকে গণমাধ্যমৰ সহায় লয় যাতে জনসাধাৰণে তেওঁলােকৰ প্রতি বেছি ধ্যান দিব পাৰে । 

২। তেওঁলােকে সাধাৰণতে ধর্মঘট আহ্বান দিয়ে , তেওঁলােকে বাধা প্রদানৰ বাবে যাত্রা কৰে আৰু চৰকাৰৰ কাৰ্যসূচী চেদেলি – ভেদেলি কৰাৰ প্রচেষ্টা চলায় । তেওঁলােকে মাজে সময়ে ধর্মঘট আহ্বান দিয়ে আৰু ধর্ণা আদিৰ দ্বাৰা দাবী উত্থাপন কৰে । 

৩। সাধাৰণতে বাণিজ্যিক গােষ্ঠীবােৰে উমৈহতীয়া উদ্দেশ্যৰে জনসাধাৰণৰ একোটা দাবী গঠন কৰে যাতে চৰকাৰৰ ওপৰত হেঁচাৰ সৃষ্টি কৰি নীতিৰ পৰিবৰ্তন আনিব পৰা যায় । 

৪। স্বার্থন্বেষী গােটসমূহ সংগঠিত হয় ৰাজনৈতিক ক্ষেত্ৰত কোনাে নির্দিষ্ট স্বার্থ পূৰণ কৰাৰ উদ্দেশ্যেৰে , সাধাৰণতে বিধানমণ্ডলৰ সদস্যসকলৰ মাজত দাবী কৰি এই প্রচেষ্টা চলােৱা হয় । এইটো স্পষ্ট যে সকলাে স্বার্থন্বেষী গােষ্ঠীৰ সমান এইদৰে দাৰী কৰা বা চৰকাৰক হেঁচা দিয়াৰ সুবিধা নাথাকে । এই সীমাবদ্ধতা থাকিলেও স্বার্থন্বেষী গােষ্ঠীয়ে গণতান্ত্রিক ব্যৱস্থাত , এটা অতি গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে । 

প্রশ্ন ২। সংবিধান সভাৰ বাকবিতর্কখিনি পঢ়া ( পাঠ্যপুথি চোৱা ) আৰু ইয়াৰ স্বাৰ্থজড়িত গােটবােৰ চিনাক্ত কৰা । সমসাময়িক ভাৰতবৰ্ষত কেনেধৰণৰ স্বার্থানেষী গােট দেখা পােৱা যায় আলােচনা কৰা । এই গােটবােৰে কেনেকৈ কাম কৰি আছে ? 

উত্তৰঃ ভাৰতৰ সংবিধান সভাত হােৱা বিতর্কৰ টুকুৰাবােৰ পাঠ্যপুথিৰ ৪১ নং পৃষ্ঠাত দিয়া আছে । এইবােৰ পঢ়ি আমি ক’ব পাৰোঁ যে ভাৰতত বিভিন্ন প্ৰকাৰৰ স্বার্থন্বেষী গােষ্ঠী পােৱা গৈছে । তাৰ ভিতৰত প্ৰধানকৈ অর্থনৈতিক , ৰাজনৈতিক , সামাজিক , ধর্মীয় , ব্যৱসায়িক স্বার্থ আদি প্ৰকাৰৰ স্বার্থান্বেষী গােট পােৱা গৈছে । এই আটাইবােৰ গােষ্ঠীয়ে নিজৰ নিজৰ সদস্যসকলৰ স্বাৰ্থপূৰণৰ বাবে সদায়ে চেষ্টা চলাই যায় । তেওঁলােকৰ স্বাৰ্থপূৰণৰ বাবে চৰকাৰৰ ওপৰত ইটো – সিটো পছাবে হেঁচা প্রয়ােগ কৰে । বনুৱা সম্মিলন কৃষক সংগঠন আদি নানা প্ৰকাৰৰ স্বার্থান্বেষী গােষ্ঠী আছে । 

প্রশ্ন ৩। বাল – পঞ্চায়ত আৰু মজদুৰ কিযাণ সংগঠনৰ নাম শুনিছানে ? যদি নাইশুনা বিচাৰি উলিয়াই ইয়াৰ বিষয়ে এটি টোকা লিখা । ( ২০০ শব্দৰ ভিতৰত ) 

উত্তৰঃ হয় , বাল – পঞ্চায়ত আৰু মজদুৰ – কিাণ সংগঠনৰ বিষয়ে শুনিবলৈ পাইছোঁ । এই দুয়ােটাৰ একোটি বিৱৰণ ডাঙি ধৰা হ’ল— 

১। বাল – পঞ্চায়ত :- প্ৰকৃততে , বাল – পঞ্চায়তৰ বিষয়ে মই স্কুলতে শুনিবলৈ পাইছো , যত আমাৰ ছাত্ৰসকলে ইয়াৰ কাম – কাজ আৰম্ভ কৰিছিল । আমাৰ স্কুলৰ প্রধান শিক্ষকে , ছাত্র –ছাত্রীসকলৰ এই বিষয়ে বুজাই ক’বলৈ এখন সভাৰ আয়ােজন কৰি , ছাত্ৰসকলক সংগঠিত কৰিছিল । বেলেগ বেলেগ শ্রেণীৰ পৰা ১০ জন ছাত্রক প্রতিনিধি ৰূপে লয় আৰু এজন ছাত্রক দলপতি হিচাপে ৰাখে । এই দলটোক স্কুলখনৰ সমস্যাসমূহ বাছি উলিয়াবলৈ কার্যভাৰ অৰ্পণ কৰে , যাতে তেওঁলােকে মাহেকীয়া মিটিঙত , প্রধান শিক্ষকৰ আৰু শিক্ষকসকলৰ লগত আলােচনা কৰিব পাৰে । 

স্কুলৰ সকলাে ল’ৰাকে স্কুলৰ প্রভাতী সন্মানত জনােৱা হয় যে যদি কাৰােবাৰ কোনাে সমস্যা থাকে , তেওঁলােকে শ্ৰেণীৰ প্রতিনিধিৰ লগত কথা পাতিব পাৰে । এই ব্যৱস্থাৰ দ্বাৰা অতি কম সময়ৰ ভিতৰতে , স্কুলৰ প্ৰধান শিক্ষকে ছাত্র – ছাত্রীৰ সমস্যাসমূহৰ কথা জানিব পাৰে তেওঁলােকৰ প্রতিনিধিসকলৰ পৰা অর্থাৎ বাল – পঞ্চায়তৰ পৰা তেওঁলােকৰ এই সকলাে সমস্যা মিটিঙত আলােচনা কৰা হয় , আৰু সমস্যাবােৰ সমাধান কৰাৰ বাবে পৰামর্শ ডাঙি ধৰা হয় । এই দৰেবাল পঞ্চায়তে ছাত্র – ছাত্রীৰ সমস্যা সমাধান কৰাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । 

২। কিযাণ সংগঠন :- আমাৰ ভাৰতবর্য এখন কৃষিপ্রধান দেশ । আমাৰ দেশৰ প্রায় ৭০-৭৫ শতাংশ লােকে কৃষি কাৰ্যৰ লগত প্রত্যক্ষ বা পৰােক্ষভাৱে জড়িত হৈ থাকে । এনেকুৱা কৃষিপ্রধান দেশত , কিষণ সংঘ অতি আৱশ্যক যিবােৰে কৃষকসকলৰ উপকাৰৰ বাবে সকলাে কাম – কাজ কৰিব লাগে । এই সংগঠনবােৰৰ স্থিতি ভাৰতৰ কিছুমান কৃষিপ্রধান ৰাজ্য বিশেষভাৱে শক্তিশালী হােৱা দেখা যায় । এই ৰাজ্যবােৰ হ’ল –পাঞ্জাব , হাৰিয়ানা , উত্তৰ প্ৰদেশ , মহাৰাষ্ট্র , অন্ধ্রপ্রদেশ আদি । এই সংগঠনবােৰে এই ৰাজ্যৰ চৰকাৰৰ নীতি আৰু কাৰ্যক যথেষ্ট প্রভাৱিত কৰিব পাৰিছিল । এই সংগঠনবােৰে কৃষকসকলৰ সমস্যাসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰিব পাৰিছিল । আৰু চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ কৰি সেইবােৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছিল । এইদৰেই এই কিযাণ সংগঠনবােৰে প্ৰভাৱগোষ্ঠী বা স্বার্থান্বেষী গােট হিচাপে কাম কৰিবলৈ সম হৈছিল । 

প্রশ্ন ৪। “ সংবিধানৰ ৭৩ তম সংশােধনীয়ে গ্রাম্যবাসিন্দা সকললৈ চমকপ্রদ পৰিৱর্তন আনিলে ” আলােচনা কৰা । 

উত্তৰঃ ৭৩ নং সংবিধান সংশােধনীৰ দ্বাৰা ১৯৯২ চনত বিশেষকৈ গাঁও আৰু নগৰত ক্ষমতা বিকেন্দ্রীকৰণনীতি বলবং হৈছিল । এই সংশােধনীৰ দ্বাৰা পঞ্চায়তীৰাজ অনুষ্ঠানবােৰক সাংবিধানিক প্রস্তুতি প্রদান কৰা হৈছিল । ইয়াৰ ফলতে স্থানীয় স্বায়ত্ত শাসনৰ গাঁও আৰু নগৰৰ অনুষ্ঠানবােৰত প্রতি পাঁচ বছৰৰ মূৰে মূৰে নির্বাচন পতাটো অতি প্রয়ােজনীয় হৈ পৰে । ইয়াৰ উপৰিও স্থানীয় স্বায়ত্তশাসনৰ অনুষ্ঠানবােৰক স্থানীয় সম্পদবােৰৰ নিয়ন্ত্রণৰ ভাৰ প্ৰদান কৰা হৈছে । 

ইয়াৰ প্রধান বৈশিষ্ট্যবােৰ হ’ল— 

১। প্রথমতে সকলো গ্রাম্যঞ্চলতে গাঁৱৰ সকলাে প্রাপ্তবয়স্ক সদস্যকে সদস্য হিচাপে লৈ গাওসভা প্রতিষ্ঠা কৰা হয় । এই সভাই গাঁওত গাওপঞ্চায়তৰ সদস্যসকলক নির্বাচিত কৰি গাওপঞ্চায়ত গঠন কৰে । এই সভাক কিছুমান নির্দিষ্ট দায়িত্ব দিয়া হয় । গাঁও সভাই গাঁওৰ উন্নয়নমূলক কামৰ কথা আলােচনা কৰে আৰু সিদ্ধান্ত লােৱা কামত জড়িত হৈ পৰে ।

২। ৭৩ সংশােধনীয়ে তিনিখলপীয়া পঞ্চায়তী ৰাজৰ প্রৱর্তনকৰে । ২০ হেজাৰ জনসংখ্যাৰ বেছি থকা গাঁৱত সকলাে ৰাজ্যতে পঞ্চায়ত গঠনৰ সিদ্ধান্ত লােৱা হৈছে । 

৩। এই স্থানীয় শাসনৰ অনুষ্ঠানবােৰ প্রতি পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচনৰ দ্বাৰা গঠন কৰাটো বাধ্যতামূলক কৰা হৈছিল । 

৪। ৭৩ সংবিধান সংশােধনীয়ে অনুসূচীত জাতি আৰু জনজাতিৰ বাবে আসন সংৰক্ষণৰ নিয়ম কৰা হয় আৰু মহিলাৰ বাবে শতকৰা ৩৩ শতাংশ আসন স্থানীয় শাসনৰ অনুষ্ঠানত সংৰক্ষণ কৰা হয় । 

৫। ৭৩ নং সংবিধান সংশােধনে জিলা পৰিকল্পনা কমিটিৰ ব্যৱস্থা ৰাখিছে যিয়ে গােটেই জিলাখনৰ বাবে উন্নয়নৰ এখন পৰিকল্পনাৰ আঁচনি প্রস্তুত কৰিব পাৰিব । এইটো সত্য যে এই ৭৩ নং সংবিধান সংশােধনীয়ে গ্রামাঞ্চলৰ জনগণৰ প্রতি কৃতিত্ব সম্পন্ন বার্তা বহন কৰি আনিছে কাৰণ সমাজৰ প্রত্যেকটো শ্রেণীকে স্থানীয় প্রশাসনত প্রতিনিধিত্ব দিব পাৰিছে । সমাজৰ সকলাে শ্ৰেণীয়ে সিদ্ধান্ত গ্রহণকাৰী পদ্ধতিত এটা অংশ স্বৰূপে থাকিব । আৰু ই এটা গুরুত্বপূর্ণ বৈশিষ্ট্য হিচাপে গণতন্ত্রত এটা সফলতা লাভ কৰিব পাৰিব । 

প্রশ্ন ৫। ভাৰতীয় সংবিধানে জনসাধাৰণৰ দৈনন্দিন জীৱন প্ৰণালীত কেনেদৰে স্পর্শ কৰিছে উদাহৰণ সহ এখনি ৰচনা যুগুত কৰা । 

উত্তৰঃ ১। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটোক ভাৰতীয় গণতন্ত্রৰ দাপােণ বুলি ক’ব পাৰি । প্ৰস্তাৱনাত সকলাে নাগৰিকৰ বাবে— 

ন্যায় :- সামাজিক , অর্থনৈতিক , আৰু ৰাজনৈতিক । 

স্বতন্ত্রতা :- চিন্তা , প্রকাশ , বিশ্বাস , প্রত্যয় আৰু ধৰ্মাৱলম্বন । 

সমতা :- প্রস্থিতিৰ , আৰু সা – সুবিধাব , উন্নয়ন , ভ্রাতৃত্ব ভাবৰ , সন্মানব নিশ্চয়তা । সকলাে ভাৰতবাসীৰ মাজৰ ঐক্য আৰু সংহতি ৰক্ষা কৰাৰ প্রতিশ্রুতি দিছে ।

২। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ অধ্যায়ত ভাৰতৰ সকলাে নাগৰিককে সমর্তা , ব্যক্তি স্বাধীনতাৰ অধিকাৰ শিক্ষিতভাৱে প্ৰদান কৰিছে আৰু সকলাে নাগৰিক , আইনৰ চকুত সমান বুলি প্রত্যায়িত কৰিছে । জাতি , বর্ণ , ধর্ম , ভাষা লিংগ নির্বিশেযে কোনাে লােককে বৈষম্যমূলক ব্যৱহাৰ কৰা নহয় । 

৩। সংবিধান নিদের্শক নীতিৰ ব্যৱস্থাৰেৰে জনসাধাৰণৰ দৈনন্দিন জীৱন প্রণালীক স্পর্শ কৰা দেখা যায় । উদাহৰণ স্বৰূপে সর্বোচ্চ ন্যায়ালয়ে নির্দেশক নীতিৰ সমান কামৰ বাবে সমানে মজুধিব নীতি প্রৱৰ্তন কৰিছে । সংবিধানৰ ১৪ নং অনুচ্ছেদৰ মতে শ্রমিক কৃষকৰ প্ৰস্থিতিৰ সকাহজনক নীতি প্রবর্তন কৰিছে । 

৪। মহাত্মা গান্ধীৰ পঞ্চায়তী বাজ আৰু স্থানীয় স্বায়ত্ত শাসনৰ ধাৰণা মতে প্রত্যেকখন গাঁও পঞ্চায়তৰ অনুষ্ঠানকে এখন স্বাৱলম্বী গােট হিচাপে গঠন কৰাৰ ব্যৱস্থা কৰিবলৈ গ্রাম স্বৰাজ স্থাপনৰ চেষ্টা কৰা হৈছিল যাতে গাঁওবাসী স্বাৱলম্বী হ’ব পাৰে । ১৯৯২ চনত হােৱা ৭৩ নং সংবিধান সংশােধনীৰ দ্বাৰা গাঁৱক আৰু বেছি শক্তিশালী কৰা ব্যৱস্থা কৰা হৈছে , যাতে গাঁৱৰ দুর্বল শ্রেণীবােৰ শক্তিশালী হ’ব পাৰে । মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । এইদৰে গ্রাম পঞ্চায়তক সাংবিধানিক গতিৰ ভিতৰুৱা কৰা হৈছে । ভাৰতীয় সংবিধানখ এখন অতি গুৰুত্বপূর্ণ বিশেষকৈ গ্রামাঞ্চলৰ দুখীয়া , অশিক্ষিত , সহজ – সৰল লােকৰ বাবে । সমাজৰ নিম্নস্তৰৰ জনসাধাৰণক বর্তমান ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সংবিধানে কিছুমান সা – সুবিধা পদানৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে । 

প্রশ্ন ৬। পঞ্চায়ত ব্যৱস্থাৰ ক্ষমতা আৰু দায়বদ্ধতাসমূহ সংক্ষেপে লিখা । 

উত্তৰঃ তলত উল্লেখিত ক্ষমতা আৰু দায়িত্বসমূহ পঞ্চায়তৰ অনুষ্ঠানসমূহৰ হাতত ন্যস্ত –

১। অর্থনৈতিক উন্নয়নৰ বাবে পৰিকল্পনা আৰু আঁচনিসমূহ প্রস্তুত কৰিবৰ বাবে ক্ষমতা প্রদান । 

২। সামাজিক ন্যায় উন্নতি কৰণৰ বাবে আঁচনি প্রস্তুত কৰা । 

৩। কৰ – কাটল ধার্য কৰা , সংগ্রহ কৰা আৰু আদায় কৰা । 

৪। চৰকাৰী দায়িত্বসমূহ হস্তান্তৰ কৰা , বিশেষকৈ বিত্তীয় বিষয়সমূহ চৰকাৰৰ পৰা স্থানীয় শাসনৰ অনুষ্ঠানৰ হাতলৈ ।

প্রশ্ন ৭। পঞ্চায়তী ৰাজ ব্যবস্থাৰ প্রধান বৈশিষ্ট্য কি কি ? 

উত্তৰঃ প্রধান বৈশিষ্ট্য হল— 

১। ১৯৯২ চনৰ আইন মতে স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাটো তিনিখলপীয়া ব্যৱস্থাৰ । 

২। গাঁও সভা একেবাৰে নিম্নস্তৰৰ স্থানীয় শাসনৰ অনুষ্ঠান । 

৩। গাঁও সভাৰ সদস্যসকলক সদস্যসকলে প্রত্যক্ষ ভােটৰ দ্বাৰা নির্বাচিত কৰিব লাগে । 

৪। গাঁও সভাৰ কিছুসংখ্যক আসন , অনুসূচিত জাতি আৰু জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষণ কৰা হয় । মহিলাৰ বাবে মুঠ আসনৰ ৩৩ শতাংশ আসন সংৰক্ষিত কৰা হয় । 

৫। গাঁও পঞ্চায়তক যথেষ্ট পৰিমাণে বৃত্তীয় ক্ষমতা প্রদান কৰিছে । 

প্রশ্ন ৮। ভাৰতীয় সংবিধানত মহিলাৰ বাবে কি ব্যৱস্থা ৰখা হৈছে ? 

উত্তৰঃ আমি জানাে যে ভাৰতৰ প্রায় শতকৰা ৫০ শতাংশ লােক মহিলা এই মহিলা । প্ৰস্থিতি প্রাচীন কালৰে পৰা নিম্নতম আছিল । আধুনিক যুগত মহিলাৰ প্ৰস্থিতিৰ উন্নতি সাধনৰ বাবে বর্তমান সংবিধানত ব্যৱস্থা ৰখা হৈছে । মহিলাৰ উন্নয়নৰ বাবে সংবিধানৰ ১৫ নং অনুচ্ছেদমতে মহিলাক পুৰুৰ সমানে ৰক্ষণাবেক্ষণ আৰু বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয় । অনুচ্ছেদ ৩৯ মতে , মহিলাক পুৰুষৰ লগত সমান কামৰ বাবে সমান মজুৰি দিয়া হয় । অনুচ্ছেদ ৪২ – ৰ মতে মহিলাসকলক মেটাৰনীতিৰ সময়ত বিশেয চুটিৰ ব্যৱস্থা থাকে । অনুচ্ছেদ ৫১ মতে তেওঁলােকৰ মর্যাদা ৰক্ষাৰ বাবে বিশেষ সুবিধা ৰখা হয় । সংবিধান ১৩ নং অনুচ্ছেদ মতে পঞ্চায়ত আৰু পৌৰ নিগমৰ আসনৰ ক্ষেত্ৰত শতকৰা ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত ৰখা হয় । 

প্রশ্ন ৯। ১৯৯৪ চনৰ অসম পঞ্চায়তীৰাজ আইন মতে গ্রামাঞ্চলত কি স্বায়ত্ত ব্যৱস্থাৰ প্রৱৰ্তন কৰিছিল ? নাইবা , পঞ্চায়তী ৰাজৰ তিনিখলপীয়া পদ্ধতিটো ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰত চৰকাৰৰ ৭৩ নং সংবিধান সংশোধনী মতে অসম চৰকাৰে ১৯৮৬ চনৰ পঞ্চায়তীৰাজ আইনৰ ঠাইত ১৯৯৪ চনত এখন নতুন পঞ্চায়তী আইন গ্রহণ কৰে । এই আইন মতে , আগৰ আইনখনৰ দৰে অসমৰ গ্রামাঞ্চলত তিনিখলপীয়া স্থানীয় শাসন প্রবর্তন কৰে । 

( ১ ) প্রত্যেক গাৱত গাঁও পঞ্চায়ত ।

( ২ ) প্রত্যেক উন্নয়ন খণ্ডত আঞ্চলিক পঞ্চায়ত । আৰু 

( ৩ ) প্রত্যেক জিলাত জিলা পৰিষদ গঠনৰ ব্যৱস্থা কৰা হয় । 

বর্তমান অসমত ১৯৯৪ চনৰ পঞ্চায়তী আইন মতে গাঁও অঞ্চলৰ স্থানীয় শাসন পৰিচালিত কৰা হয় । তলত গাও পঞ্চায়তৰ বিষয়ে আলােচনা কৰা হ’ল ।

প্রশ্ন ১০। ৭৩ নং সংবিধান সংশােধনৰ কেইটিমান বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ১৯৯২ চনত সংবিধানৰ ৭৩ নং সংশােধনী আইনখন গৃহীত কৰা হৈছিল । এই সংশােধনীৰ দ্বাৰা স্থানীয় স্বায়ত্ত শাসনৰ সাংবিধানিক স্বীকৃতি দি কিছুমান নতুন ব্যৱস্থা কৰা হৈছিল ।

১। ইয়াৰ দ্বাৰা পঞ্চায়তী ৰাজ ব্যৱস্থাত তিনিখলপীয়া ব্যৱস্থাৰ প্রৱর্তন থাকিব

( ক ) গাও পর্যায়ৰ পঞ্চায়ত ,

( খ ) ব্লক পর্যায় সমিতি আৰু

( গ ) জিলা পর্যায়ৰ পৰিষদ আদি । 

২। প্রতি পাঁচ বছৰৰ মূৰে মূৰে নিয়মীয়াকৈ স্থানীয় সাশন অনুষ্ঠানকেইটাৰ নির্বাচন বাধ্যতামূলকভাৱে হ’ব । 

৩। এক তৃতীয়াংশ সদস্যৰ আসন স্থানীয় শাসনৰ অনুষ্ঠানবােৰত মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব । 

৪। স্থানীয় শাসনৰ অনুষ্ঠানটোৰ এলেকাটোত থকা অনুসূচীত জাতি , জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লােকৰ বাবে জনসংখ্যাৰ পৰিমাণ মতে আসন সংৰক্ষণ কৰা থাকিব । 

৫। ৰাজ্যৰ স্বতন্ত্র অনুষ্ঠান , ৰাজ্যিক নির্বাচনী আয়ােগ এই স্থানীয় শাসনৰ তিনিওটা অনুষ্ঠান নির্বাচন নিৰপেক্ষভাৱে সমাপন কৰিব লাগিব । 

প্রশ্ন ১১। প্ৰভাৱ গােষ্ঠীৰ ভূমিকা কি ? 

উত্তৰঃ আধুনিক শাসন ব্যৱস্থাত ৰাষ্ট্ৰৰ আইন প্রণয়ন আৰু প্ৰশাসনীয় কার্যাৱলীত প্রভাব গােষ্ঠীবােৰে এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । আমেৰিকাৰ শাসন ব্যবস্থাত প্রভাব গােষ্ঠীবােৰে নীতি নির্ধাৰণ আৰু আইন প্রণয়নত এক উল্লেখযােগ্য সিদ্ধান্তকাৰী প্ৰভাৱ পেলােৱা দেখা যায় । সংসদীয় শাসন ব্যৱস্থাৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাতে ইয়াৰ প্ৰভাৱ উল্লেখযােগ্যভাবে বৃদ্ধি পাইছে । ভাৰতৰ এই শক্তিশালী প্রভাৱ গােষ্ঠীহ’ল ব্যবসায়ী গােষ্ঠীটো । ভাৰতৰ শক্তিশালী ।

ৰাজনৈতিক দলবােৰৰ পুঁজিত শকত পৰিমাণৰ দান – বৰঙণি আগবঢ়ায় । নির্বাচনৰ সময়তাে প্রার্থীবােৰক যথেষ্ট আর্থিক সাহায্য আগবঢ়ায় । মুঠতে সংসদৰ বেছিভাগ সদস্যই প্রভাৱ গােষ্ঠীবােৰৰ প্ৰভাৱৰ পৰা মুক্ত নহয় । গতিকে চৰকাৰে তেনে প্রভাৱ গােষ্ঠীৰ বিৰুদ্ধে কোনো আইন প্রণয়ন কৰিব নােৱাৰে । 

প্রভাৱ গােষ্ঠীয়ে জনমত গঠন কৰিও বা জনমতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিও চৰকাৰৰ ওপৰত হেঁচা প্রয়ােগ কৰে । বহুতাে প্ৰভাৱ গােষ্ঠীৰ নিজা নিজা শক্তিশালী বাতৰিকাকতাে আছে , যিবােৰৰ দ্বাৰা গােটেই দেশতে প্রচাৰ চলাব পাৰে । প্ৰভাৱ গােষ্ঠীবােৰে বহুতাে ক্ষেত্রত নিজা প্রতিনিধিও সংসদলৈ নির্বাচিত কৰি পঠায় । তেওঁলােকে আনকি কেবিনেট মন্ত্রীসভাতাে স্থান পােৱা যায় । ভাৰতৰ ব্যৱসায়ী গােষ্ঠীৰ টি, টি কৃষ্ণমাচাৰীয়ে কেবিনেট মন্ত্রীসভাতে স্থান পাইছিল ।

আনহাতে শ্রমিক সংঘবােৰাে ভাৰতৰ উল্লেখযােগ্য প্রভাৱ গােষ্ঠীৰ ভিতৰত পৰে । প্রত্যেক ৰাজনৈতিক দলৰ লগতে শ্রমিক সংগঠনবােৰৰ সম্পর্ক থাকে । এই শ্রমিক প্রভাৱ গােষ্ঠীবােৰেও চৰকাৰৰ আইন প্রণয়ন আৰু প্ৰশাসনীয় কাম – কাজত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে । চৰকাৰে কোনাে সংগঠনক অসন্তুষ্ট কৰিব নিবিচাৰে । বহুতাে ৰাষ্ট্ৰত ছাত্র সংগঠনবােৰেও চৰকাৰৰ কামত যথেষ্ট প্রভাৱ পেলায় । উদাহৰণস্বৰূপে অসমৰ ৰাজনীতিত ছাত্ৰ সন্থাৰ প্ৰভাৱ উল্লেখযােগ্য । ই যদিও ৰাজনৈতিক অনুষ্ঠান নহয় , অৱশেষত ৰাজনৈতিক দল গঠন কৰি নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় । গতিকে ৰাষ্ট্ৰ বা ৰাজ্যৰ শাসনত প্ৰভাৱ গােষ্ঠীবােৰে যথেষ্ট হেঁচা প্রয়ােগ কৰি চৰকাৰ পৰিচালনা কৰে । 

প্রশ্ন ১২। প্রভাৱ গােষ্ঠী আৰু ৰাজনৈতিক দলৰ পার্থক্য দেখুওৱা ।

উত্তৰঃ প্ৰভাৱ গােষ্ঠী আৰু ৰাজনৈতিক দলৰ মাজত পার্থক্য আছে । ৰাজনৈতিক দলবােৰ দেশৰ ৰাজনীতিৰ লগত ওতপ্রােতভাৱে জড়িত ; কিন্তু প্রভাৱ গােষ্ঠীবােৰ ৰাজনৈতিক সংগঠন নহয় । 

১। ৰাজনৈতিক দলৰ সংগঠন সমগ্র দেশ বা ৰাজ্য ব্যাপী হয় , ইয়াৰ পৰিসৰ ব্যাপক । ৰাজনৈতিক দলৰ স্বাৰ্থ সমগ্র দেশৰ লগত জড়িত থাকে । আনহাতে প্রভাৱ গােষ্ঠীৰ সংগঠন এটা অঞ্চলৰ , এটা শ্রেণী বা গােষ্ঠীৰ সংগঠন , ইয়াৰ স্বাৰ্থ আৰু পৰিসৰ ক্ষুদ্ৰ আৰু সীমিত । 

২। ৰাজনৈতিক দলৰ উদ্দেশ্য আৰু লক্ষ্য হ’ল ৰাষ্ট্ৰৰ চৰকাৰৰ ক্ষমতা দখল কৰা , শাসন । ক্ষমতা হস্তগত কৰাই দলবােৰৰ মূল লক্ষ্য । কিন্তু প্রভাৱ গােষ্ঠীৰ লক্ষ্য হ’ল নিজৰ সম্প্রদায় বা শ্ৰেণীৰ স্বাৰ্থ পূৰণ কৰা । প্রভাব গােষ্ঠীয়ে শাসন ক্ষমতা দখল কৰিব নােখােজে । চৰকাৰ যি দলেই দখল কৰক বা নকৰক তাৰ লগত প্রভাৱ গােষ্ঠীৰ বিশেষ সম্পর্ক নাথাকে । 

৩। প্রত্যেক ৰাজনৈতিক দলৰে নির্দিষ্ট নীতি , মতবাদ , কাৰ্যসূচী আদি থাকে । কিন্তু প্রভাৱ গােষ্ঠীৰ তেনে নীতি , মতবাদ বা কাৰ্যসূচী নাথাকে ।

৪। ৰাজনৈতিক দলবােৰৰ সংগঠন তুলনামূলকভাৱে দৃঢ় , সহজে ভাগি নাযায় । কিন্তু প্রভাৱ গােষ্ঠীবােৰৰ সংগঠন দৃঢ় নহয় , কোনাে সদস্যৰ স্বাৰ্থ পূৰণ নহ’লে বা স্বাৰ্থত আঘাত পৰিলে ই ভাগি যাবও পাৰে । 

৫। ৰাজনৈতিক দলবােৰে নিজৰ কাৰ্যসূচী বাস্তৱত ৰূপায়িত কৰিবলৈ সন্মুখ সমৰত অৱতীৰ্ণ হয় , আন্দোলন , শােভাযাত্রা , সভা – সমিতি পাতি জনসাধাৰণক আকর্ষিত কৰিব বিচাৰে । কিন্তু প্রভাৱ গােষ্ঠীবােৰে সন্মুখলৈ নাহি নেপথ্যত থাকিহে কাম কৰে , তেওঁলােকে পৰােক্ষভাৱে হেঁচাহে প্রয়ােগ কৰে । 

৬। প্রভাৱ গােষ্ঠীৰ সদস্যৰ ব্যক্তিগত স্বার্থ ৰক্ষা কৰাই মূল উদ্দেশ্য ; ব্যক্তিগত স্বার্থ ৰক্ষাৰ বাবেহে গােষ্ঠীটোৱে কাম কৰে । কিন্তু ৰাজনৈতিক দলত ব্যক্তিস্বার্থ স্থান নাই , দেশৰ স্বার্থ , জাতীয় স্বার্থ সকলােৰে ওপৰত । ৰাজনৈতিক দলৰ সদস্যই ব্যক্তি স্বার্থ ত্যাগ কৰিব পাৰে । 

প্রশ্ন ১৩। প্রভাৱ গােষ্ঠী আৰু স্বার্থন্বেষী গােটৰ পার্থক্য দেখুওৱা । 

উত্তৰঃ প্ৰভাৱ গােষ্ঠী আৰু স্বার্থন্বেষী গােটসমূহ স্বাৰ্থপূৰণৰ বাবে গঠিত হােৱা এক সংস্থা হলেও দুয়ােটা সংগঠনৰ মাজত কিছুমান স্পষ্ট পার্থক্য আছে ।

১। প্ৰভাৱ গােষ্ঠীৰ পৰিসৰ স্বার্থন্বেষী গােটৰ তুলনাত বহল আৰু ব্যাপক, আনহাতে স্বার্থন্বেষী গােটৰ পৰিসৰ ঠেক আৰু ক্ষুদ্র । যেনে — বৃহৎ ব্যবসায়িক প্রভাৱ গােষ্ঠীৰ তুলনাত পৰিয়াল বা উদ্যোগভিত্তিক স্বার্থান্বেষী গােটৰ পৰিসৰ যথেষ্ট ঠেক আৰু ক্ষুদ্র । 

২। প্ৰভাৱ গােষ্ঠীয়ে সদায়ে নেপথ্যত থাকিহে চৰকাৰৰ কাম – কাজৰ ওপৰত প্ৰভাৱ আৰু হেঁচা প্রয়ােগ কৰিব বিচাৰে । কিন্তু স্বার্থান্বেষী গােটৰ প্রকাশ্যে সভা – সমিতি পাতি , আন্দোলন প্রতিবাদ আদি কৰি চৰকাৰৰ দৃষ্টি আকর্ষণ কৰি দাবী পূৰণ কৰিবলৈ বিচাৰে । 

৩। প্ৰভাৱ গােষ্ঠীৰ কোনাে ৰাজনৈতিক দলৰ লগত প্রত্যক্ষ সম্পর্ক থাকে নাইবা কোনাে নির্দিষ্ট ৰাজনৈতিক মতাদর্শকে সমর্থন নকৰে ; কিন্তু আনহাতে স্বার্থান্বেষী গােটবােৰে কোনাে বিশেষ ৰাজনৈতিক মতাদর্শ সমর্থন কৰিবও পাৰে । 

৪। প্ৰভাৱ গােষ্ঠীয়ে নিজৰ গােষ্ঠীৰ সদস্যৰ স্বাৰ্থপূৰণৰ উপৰিও উমৈহতীয়া কল্যাণমূলক কামৰ বাবেও চেষ্টা কৰে ; কিন্তু স্বার্থান্বেষী গেটে কেৱল নিজৰ সদস্যৰ স্বাৰ্থ পূৰণৰ বাবেহে চেষ্টা কৰে , সমূহীয়া স্বার্থৰ কথা নাভাৱে । 

প্রশ্ন ১৪। প্ৰভাৱ গােষ্ঠীৰ কার্যাবলী আলােচনা কৰা । 

উত্তৰঃ প্ৰভাৱ গােষ্ঠী কার্যৱলী –

১। সদস্যৰ স্বাৰ্থ ৰক্ষা কৰা :- প্ৰভাৱ গােষ্ঠীৰ প্ৰথম আৰু প্রধান কাম হ’ল নিজৰ সংগঠন । সদস্যৰ স্বাৰ্থৰক্ষাৰ হকে গােষ্ঠীয়ে সততে চৰকাৰৰ নীতি আৰু আঁচনিবােৰৰ খা – খবৰ ৰাখি থাকে । 

২। যােগাযােগ ৰক্ষা কৰা :- প্ৰভাৱ গােষ্ঠীৰ আন এটা প্রধান কাম হ’ল চৰকাৰৰ নীতি নির্ধাৰণ বিভাগৰ বিষয়া – কৰ্মচাৰীৰ লগত সততে যােগাযােগ ৰক্ষা কৰি থকা । তেওঁলােকৰ স্বার্থৰ লগত জড়িত থকা কাম – কাজৰ সকলাে প্ৰকাৰ খা – খবৰৰ বাবে চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষ লগত যােগাযোগ ৰক্ষা কৰি থাকে । 

৩। ৰাজনৈতিক দলৰ লগত সম্পর্ক ৰক্ষা :- প্রভাৱ গােষ্ঠীবােৰে শাসক দলৰ উপৰিও বিৰােধী দলবােৰৰ লগতাে সম্পর্ক ৰক্ষা কৰি চলে । জনমত আদি গঠনৰ ক্ষেত্ৰত ইৰাজনৈতিক দলৰ লগত লগালগি কাম কৰে । 

৪। নির্বাচনী কার্য :- প্রভাৱ গােষ্ঠীবােৰে নিজৰ স্বাৰ্থ পূৰণৰ উদ্দেশ্যত সহায় কৰিব পৰা প্রার্থীৰ বাবে নির্বাচনী প্রচাৰ অভিযানত সক্রিয়ভাবে অংশ গ্রহণ কৰে আৰু বিৰােধী প্রার্থীৰ বিৰুদ্ধে কাম কৰে ।

৫। প্ৰচাৰ আৰু জনৰব কার্য :- প্ৰভাৱ গােষ্ঠীবােৰে জনমত গঠনৰ বাবে বিভিন্ন গণমাধ্যমৰ জৰিয়তে প্রচাৰ কার্য চলােৱা কামত অংশগ্রহণ কৰে । নিজৰ স্বার্থ বিঘ্নিত হােৱা চৰকাৰীনীতি বিৰুদ্ধে নানা জনৰবৰ সৃষ্টি কৰিও জনসাধাৰণৰ মাজত বিস্তৃতভাৱে প্ৰচাৰ কার্য চলায় । 

৬। ৰাজনৈতিক দলীয় কার্য :- প্রভাৱ গােষ্ঠীবােৰৰ কোনাে ৰাজনৈতিক উদ্দেশ্য নাই যদিও ৰাজনৈতিক দলৰ কিছুমান কার্য কৰা দেখা যায় । ৰাজনৈতিক দলৰ হৈ কাম কৰি , সেই দলবােৰৰ জৰিয়তে নিজৰ স্বাৰ্থপূৰণৰ প্ৰচেষ্টা কৰে । 

৭। ৰাজনৈতিক সচেতনতা সৃষ্টিৰ কাৰ্য প্ৰভাৱ গােষ্ঠীবােৰে কোনাে ক্ষেত্ৰত ৰাজনৈতিক পৰিৱেশ এটাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে আন্দোলন , বিক্ষোভ , ধর্মঘট আদিৰ নিচিনা কামতাে সহযােগ কৰে । 

৮। ৰাইজৰ লগত সম্পর্ক ৰক্ষাৰ কাৰ্য প্ৰভাৱ গােষ্ঠীবোৰে স্থানীয় ৰাইজৰ লগত সম্পর্ক ৰক্ষাৰ বাবে বহুতাে সময়ত ৰাজহুৱা কাম – কাজতাে সহযােগ কৰে । ৰাইজৰ স্বাৰ্থজড়িত বিভিন্ন কামতাে এই গােষ্ঠীবােৰে বিভিন্ন প্রকাৰে অৰিহণা যােগায় । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top