Class 12 Sociology Chapter 4 সামাজিক সংস্থা হিচাপে বজাৰ

Class 12 Sociology Chapter 4 সামাজিক সংস্থা হিচাপে বজাৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 4 সামাজিক সংস্থা হিচাপে বজাৰ and select needs one.

Class 12 Sociology Chapter 4 সামাজিক সংস্থা হিচাপে বজাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 4 সামাজিক সংস্থা হিচাপে বজাৰ Solutions for All Subject, You can practice these here…

সামাজিক সংস্থা হিচাপে বজাৰ

পাঠ: ৪

প্ৰথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। বজাৰ বুলিলে কি বুজা ? নাইবা বজাৰ শব্দটো ব্যাখ্যা কৰা । 

উত্তৰঃ( ১ ) বজাৰ হ’ল বস্তু বা সামগ্রী বেচা – কিনা কৰা এখন ঠাই য’ত মানুহৰ সমাগম হয় । 

( ২ ) বজাৰ মানে হ’ল বেপাৰ – বাণিজ্যৰ এখন স্থান । 

( ৩ ) বজাৰ হ’ল অর্থনৈতিক ক্রিয়াৰ স্থলী । 

( ৪ ) বজাৰ এটা সামাজিক সংস্থা বা অনুষ্ঠান । 

প্রশ্ন ২। বজাৰ অর্থনীতি মানে কি বুজা ?

উত্তৰঃ বিখ্যাত অর্থনীতিবিদ এডাম স্মিথৰ মতে এলানি ব্যক্তিৰ জৰিয়তে হােৱা বিনিময় বা আদান – প্রদানৰ দ্বাৰাহে বজাৰ অৰ্থনীতিৰ সৃষ্টি হ’ব পাৰে , যাৰ দ্বাৰা স্বয়ংক্রিয় ভাৱে কার্যকলাপ আৰু সুশৃংখল পদ্ধতি এটাৰ সৃষ্টি হয় । এইবােৰ ঘটি থাকে যদিও কোনাে ব্যক্তিয়ে এই হাজাৰ কোটিৰ আদান – প্রদানত জড়িত হৈ পৰি এটা পদ্ধতি সৃষ্টি কৰিব নােখােজে । 

প্রশ্ন ৩। ‘মুক্ত বজাৰ’ বা ‘লাইছেছ ফেয়াৰ’ ( Laissez faire ) নীতি কি ? 

উত্তৰঃ এই ফৰাচী খণ্ড বাক্য “ লাইছেছ ফেয়াৰ” ( Laissez faire ) – ৰ অৰ্থ হ’ল অকলে থাকিবলৈ দিয়া নাইবা মুক্ত হৈ থাকিবলৈ দিয়া । মুক্ত বজাৰৰ ভাবধাৰা , অর্থাৎ সকলাে বাধা নিষেধমুক্ত এখন বজাৰ ৰাষ্ট্র বা আন কোনাে কর্তৃপক্ষৰ পৰা । 

প্রশ্ন ৪। মুক্ত বজাৰ ( Free Market ) মানে কি ? 

উত্তৰঃ অর্থনীতিবিদ এডাম স্মিথে মুক্ত বজাৰ নীতিৰ ভাবধাৰাক সমর্থন কৰে । যি বজাৰ , সকলাে বাধা – নিষেধ নীতিৰ পৰা , ৰাষ্ট্র বা আন কোনাে কর্তৃপক্ষৰ পৰা সম্পূর্ণ মুক্ত থাকে তাকে মুক্ত বজাৰ নীতি বােলে । যি বজাৰত বাধা – নিষেধ থাকে তেনে বজাৰত কোনাে বাণিজ্যিক প্রভাৱ নাথাকে । 

প্রশ্ন ৫। বিনিময় ( Exchange ) বুলিলে কি বুজা ? 

উত্তৰঃ সাধাৰণভাৱে ক’বলৈ গলে বিনিময় হ’ল দুটা পক্ষৰ মাজত কোনাে সামগ্রী বা সেৱাৰ ক্লেন – দেন হােৱাকে বিনিময় বােলে । অর্থনীতিত বিনিময় হ’ল বৈধ , বিকল্প আৰু পৰস্পৰ মাজত হােৱা টকা – পইচা আৰু সামগ্ৰীৰ লেন দেন । 

প্রশ্ন ৬। সাপ্তাহিক ৰজাৰ মানে কি ?

উত্তৰঃ সাপ্তাহিক বজাৰ বহে সাধাৰণতে জনজাতীয় অঞ্চলত যি বজাৰে চাৰিও ফালৰ গাঁওবােৰৰ মানুহক একত্রিত কৰে । যি সকলে তেওঁলােকৰ নিজৰ খেতিৰ উৎপাদিত বস্তু বা আন সামগ্রী বজাৰ বিক্ৰী কৰি আন কল – কাৰখানত উৎপাদিত বস্তু , কাপােৰ কানি আদি ক্রয় কৰে যিবােৰ সাধাৰণতে গ্রাম্যাঞ্চলত পােৱা নাযায় । গাঁৱলীয়া অঞ্চলত , প্রতি সপ্তাহৰ মূৰে মূৰে হােৱা বজাৰকে সাপ্তাহিক বজাৰ বােলে । 

প্রশ্ন ৭। যজমানী পদ্ধতি মানে কি ? 

উত্তৰঃ জজমানী পদ্ধতি গ্রামাঞ্চলত প্রচলিত পদ্ধতি , যি পদ্ধতিৰে নেকি বিভিন্ন জাতিৰ লােকে উচ্চ শ্রেণীৰ লােকক সেৱা আগবঢ়ায় । তেওঁলােকৰ সেৱাৰ পৰিবৰ্তে , উচ্চ শ্ৰেণীৰ লােকে সেৱাৰ বিনিময়ত কৃষিৰ উৎপাদিত সামগ্রী বা তেনে বস্তু প্রদান কৰে । 

প্রশ্ন ৮। সামগ্রী কৰণ ( Commoditisation ) মানে কি ? 

উত্তৰঃ সামগ্ৰীকৰণ ঘটে , যেতিয়া কোনাে সামগ্রী আগেয়ে বজাৰত কিনা – বেচা নহৈছিল তেনে সামগ্ৰীৰহে সামগ্ৰীকৰণ হয় । উদাহৰণ স্বৰূপে মানুহৰ শ্ৰম বা কৌশল যেতিয়া বজাৰত কিনা – বেচা হয় তাকে সামগ্ৰীকৰণ বুলি কব পাৰি । 

প্রশ্ন ৯। হুণ্ডী ( Hundi ) মানে কি ? 

উত্তৰঃ হুণ্ডী এক প্রকাৰৰ “ বিনিময় বিধেয়ক ” , ঋণ পত্ৰৰ দৰে , যিবােৰ দূৰদূৰণিৰ লগত বাণিজ্যিক লেনদেন কৰাৰ সজুলি হিচাপে সদাগৰ সকলে ব্যৱহাৰ কৰে । কোনাে দেশৰ এটা অংশৰ সদাগৰ এজনে আন এটা অংশৰ সদাগৰক দিয়া হুণ্ডিৰ পৰস্পৰে পৰম্পৰক সমানে সন্মান কৰে আৰু সেইমতে বাণিজ্য চলাই থাকে । 

প্রশ্ন ১০। উদাৰীকৰণ ( Liberalization ) বুলিলে কি বুজা ?

উত্তৰঃ নিয়ন্ত্রিত অর্থনীতিৰ ওপৰত থকা অনর্থক বা অদকাৰী বাধা – নিষেধবােৰ উঠাই দিয়াকে উদাৰীকৰণ বুলি কোৱা হয় । সেই কাৰণে উদ্যোগ বা কোনাে ব্যৱসায় বাণিজ্যৰ ওপৰত থকা অদৰ্কাৰী বাধা – নিষেধবােৰ উঠাই দিলে অর্থনীতিৰ ব্যৱসায় – বাণিজ্য বা উদ্যোগবােৰ বেছি মুক্ত আৰু প্ৰতিযােগিতামুখী প্রগতিশীল হ’ব পাৰে ইয়াকে উদাৰীকৰণ বােলে। ই এক অর্থনৈতিক পদ্ধতি , আৰু সমাজত এক আর্থিক পৰিৱৰ্তনৰ পদ্ধতি । 

প্রশ্ন ১১। বিশ্বায়ন বা গােলকীকৰণ ( Globalisation ) বুলিলে কি বুজা ? 

উত্তৰঃ বিশ্বায়ন এবিধ পদ্ধতি , যাৰ জড়িয়তে এখন দেশৰ অর্থনীতি আন এখন দেশৰ অর্থনীতিৰ লগত সংযােগ হয় । ইয়াৰ আন এক অর্থ হ’ল— এখন দেশৰ সামগ্রী , সেৱা , মূলধন আৰু শ্রম বাধাহীনভাৱে আন এখন দেশৰ লগত বিনিময় হােৱাকে গােলকীকৰণ বা বিশ্বায়ন বুলি কোৱা হয় । গােলকীকৰণত পৃথিৱীৰ বিভিন্ন দেশৰ মাজত মুক্ত আৰু অবাধ বাণিজ্যিক বিনিময় হয় । 

প্রশ্ন ১২। ব্যক্তিগতকৰণ কি ? 

উত্তৰঃ সাধাৰণতে গণতান্ত্রিক সমাজবাদী দেশবােৰে কিছু বছৰৰ আগলৈকে মিশ্র অর্থনীতিৰ ওপৰত বেছি গুৰুত্ব প্রদান কৰি আর্থিক নীতি প্রচলিত কৰিছিল । এই অর্থনীতিত বহুতাে ৰাজহুৱা খণ্ডৰ উদ্যোগবােৰ প্রতিযােগিতামূলক বজাৰৰ উৎপাদনত অনেক সময়ত বিফল হােৱা দেখা যায় । তেনে পৰিস্থিতিত চৰকাৰে কিছুমান ঔদ্যোগিক অনুষ্ঠান ব্যক্তিগত কৰণ কৰে । ব্যক্তিগতকৰণত সকলাে চৰকাৰী বাধানিষেধ উঠাই দি , কৰ – কাটল , আৰু শিথিল নীতি অৱলম্বন কৰা হয় যাতে তেনে উদ্যোগে মুক্ত বাণিজ্যিক নীতি অনুসৰণ কৰি বেছি লাভ কৰি উপভােক্তাৰ কল্যাণ সাধন কৰিব পাৰে । এইদৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ বা অনুষ্ঠান ব্যক্তিগতকৰণ পদ্ধতিকে ব্যক্তিগতকৰণ কৰা বুলি জনা যায় । 

প্রশ্ন ১৩। উদাৰীকৰণৰ দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ উদাৰীকৰণৰ কাৰণ দুটা :-

 ( ১ ) দেশত কর্মসংস্থান বৃদ্ধি কৰিবলৈ যাতে বেছি নিযুক্তি প্রদান কৰিব পৰা যায় আৰু নিবনুৱা সমস্যা কিছু নিৰাময় হয় । 

( ২ ) দেশৰ উদ্যোগবােৰৰ মাজত বেছি প্রতিদ্বন্দ্বিতা সৃষ্টি কৰাৰ বাবে , যাতে উপভােক্তাসকলে বেছি বেছি মুনাফা লাভ কৰিব পাৰে । 

প্রশ্ন ১৪। ভাৰতৰ অর্থনীতি বিশ্বায়নৰ চাৰিটা উল্লেখনীয় প্রভাৱ বা সুফল উল্লেখ কৰা ।

উত্তৰঃ প্ৰভাৱসমূহঃ ( ১ ) বিশ্ব ৰপ্তানীৰ বজাৰত ভাৰতৰ বিনিয়ােগৰ অংশ বৃদ্ধি । ১৯৯০ চনৰ ০.৫৫ % ৰ পৰা ১৯৯৯ চনত ০.৭৫ % লৈ বৃদ্ধি সামগ্ৰী আৰু সেৱাৰ ৰপ্তানীত । 

( ২ ) ভাৰতৰ বৈদেশিক বিনিয়ােগ বৃদ্ধি ১৯৯৫- ৯৬ চনৰ পৰা ২০০০ – ০১ চনলৈ মুঠ বৃদ্ধি হৈছিল ৫৩% । মুঠতে এই সময়ছােৱাত প্রতি বছৰে ভাৰতত বিনিয়ােগ , হৈছিল ৫০০ কৌটি কৈ । 

( ৩ ) ব্যক্তিগত কৰণৰ ক্ষেত্ৰত ভাৰতৰ অর্থনীতি যথেষ্ট আগবাঢ়িছে । বহুতাে ৰাজহুৱা খণ্ডৰ উদ্যোগ বর্তমান ব্যক্তিগতকৰণ কৰা হৈছে । ইয়াৰ ফলত ব্যক্তিগত খণ্ডৰ উদ্যোগবােৰে যথেষ্ট মুনাফা লাভ কৰিবলৈ সক্ষম হৈছে । 

( ৪ ) সৰ্বমুঠ ঘৰুৱা সামগ্ৰীৰ বৃদ্ধি :- গােলকীকৰণৰ ফলত সৰ্বমুঠ ঘৰুৱা সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাইছে । ১৯৮০ চনৰ ই আছিল ৫.৬৩% , ১৯৯৯ চনত ই বৃদ্ধি পাইছিল ৫.৮০% লৈকে । 

প্রশ্ন ১৫। বিশ্বায়নৰ চাৰিটা মূল বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিয়ে বিশ্বায়নৰ চাৰিটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে । 

( ১ ) বিশ্বায়নৰ জৰিয়তে বিশ্বৰ জনসাধাৰণৰ বাবে কিছুমান নতুন সজুলি আৰু সামগ্রী আহিছে ; কাৰণ পৃথিৱীৰ বৃহৎ কোম্পানীবােৰ সকলাে দেশলৈয়ে যাব । 

( ২ ) কোম্পানীবােৰৰ বাবে নতুন বজাৰ খােলা হৈছে কাৰণ বিশ্বায়নত কোম্পানীবােৰে সকলাে দেশতে মুক্ত বাণিজ্য কৰিব পাৰে । 

( ৩ ) নতুন সংগঠনৰ বাবে বিশ্বায়নৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে , তাৰ ভিতৰত , ৰেড়ছ , বিশ্ব বাণিজ্য সংস্থা আদি । 

( ৪ ) নতুন আইন – কানুন বিশ্বায়নৰ বাবে আগবাঢ়ি আহিছে — যেনে ঠিকাৰ ভিত্তিত নিযুক্তি , অৱশ্যে স্থায়ী কামৰ পৰিৱর্তে । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ১৬। উদাৰীকৰণৰ মূল উদ্দেশ্যবােৰ কি কি ? 

উত্তৰঃ উদাৰীকৰণৰ মূল উদ্দেশ্যবােৰ হ’ল –

( ১ ) কর্মসংস্থানৰ সুবিধা বৃদ্ধিৰ দ্বাৰা নিযুক্তি বৃদ্ধি কৰা ।

( ২ ) বৈদেশিক বিনিয়ােগ বৃদ্ধি কৰি , কর্ম সংস্থানৰ দিহা কৰা। 

( ৩ ) ব্যক্তিগত খণ্ডক বেছিতে বেছি সুবিধা প্রদান কৰা । 

( ৪ ) ভাৰতৰ কোম্পানীবােৰক ভাৰতত বেছি প্রতিদ্বন্দ্বি কৰি তােলা । 

( ৫ ) দেশখনৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা । 

প্রশ্ন ১৭। উদাৰীকৰণ নীতিৰ বৈশিষ্ট্য চাৰিটা লিখা । 

উত্তৰঃ ( ১ ) অনুজ্ঞা পত্র দিয়া ব্যৱস্থাৰ উচ্ছেদ । 

( ২ ) ৰাজহুৱা উদ্যোগবােৰ ব্যক্তিগত কৰণ কৰা । 

( ৩ ) ৰাজহুৱা খণ্ডৰ উদ্যোগ বৰ কম কৰা হ’ব । 

( ৪ ) বৈদেশিক কোম্পানীৰ প্রত্যক্ষ বিনিয়ােগৰ সীমা বৃদ্ধি কৰা । 

প্রশ্ন ১৮। আদাম স্মিথে অদৃশ্য হাত বুলি কি বুজাবলৈ চেষ্টা কৰিছিল ? 

উত্তৰঃ বজাৰ অৰ্থনীতিত সমাজৰ ব্যক্তিসকলে টকা – পইচাৰ বিনিময় বা আদান – প্রদান যােগেদি কেৱল নিজৰ লাভৰ কথাহে চিন্তা কৰে । কিন্তু প্রত্যেকৰে নিজৰ লাভৰ চিন্তাই সামগ্রিকভাৱে সমাজৰেই লাভ হয় বুলি ক’ব পাৰি । সেইবাবে এই পদ্ধতিটোত এক অদৃশ্যমান শক্তিয়ে কাম কৰে , যাৰ দ্বাৰা ব্যক্তিসকলে লাভান্বিত হােৱাৰ লগতে লাহে লাহে সমাজখন লাভান্বিত হ’বলৈ ধৰে । এই অদৃশ্য শক্তিকে আদাম স্মিথে ‘ অদৃশ্য হাত ( invisible hand ) বুলি আখ্যা দিছে । 

প্রশ্ন ১৯। ‘মুক্ত বজাৰ’ মানে কি ? 

উত্তৰঃ মুক্ত বজাৰ মানে হ’ল চৰকাৰ বা আন সকলাে দিশৰ সকলাে ধৰণৰ নীতি – নিয়মৰ পৰা মুক্ত হৈ থকা এক ধৰণৰ বজাৰ । এই ধৰণৰ বজাৰত উৎপাদন , বিতৰণ বা বিনিময় ক্ষেত্ৰতাে কোনাে ধৰণৰ হস্তক্ষেপ নাথাকে । এই ধৰণৰ বজাৰকে ফৰাচী ভাষাতে ‘ লাইছেজ ফেয়াৰ’ ( Laissezfair ) বুলি কোৱা হয় । ইয়াৰ অৰ্থ হ’ল ‘অকলে এৰি দিয়া’ ( leave alone ) । 

প্রশ্ন ২০। সামাজিক অনুষ্ঠান হিচাপে বজাৰৰ বিষয়ে ব্যাখ্যা কৰা । অথবা , বজাৰক এক , সামাজিক সংস্থা হিচাপে বিশ্লেষণ কৰা । 

উত্তৰঃ আদাম স্মিথৰ নিচিনা বিখ্যাত অর্থনীতিবিদজনে অর্থনীতিক সমাজৰ এটা পৃথক ভাগ হিচাপে অধ্যয়ন কৰিব পাৰিব বুলি মত পােষণ কৰিছিল । সেইবাবে সমাজতত্ত্ববিদ সকলে অর্থনৈতিক সংস্থাসমূহক অধ্যয়ন কৰাৰ এক বিকল্প পথ বিচাৰি উলিয়ালে । য’ত তেওঁলােকে অর্থনৈতিক সংস্থাসমূহক বিশাল সামাজিক পৰিসৰৰ ভিতৰতে ৰাখি অধ্যয়ন কৰিব পাৰে । সমাজতত্ত্ববিদসকলৰ মতে সমাজৰ সংস্কৃতিৰ বিশেষ কিছুমান দিশৰ যােগেদি বজাৰ গঠন হয় । যেনে— কেতিয়াবা কোনাে কোনাে বজাৰ কোনাে বিশেষ সামাজিক সংস্থাসমূহৰ বা শ্ৰেণীৰ যােগেদি আৰম্ভণি আৰু নিয়ন্ত্রিত হয় । ইয়াৰ উপৰিও আন সংস্থা , সামাজিক প্রক্রিয়া আৰু সামাজিক সংৰচনাৰ সৈতে বজাৰ সম্পৰ্কত বিশেষ কিছুমান যােগাযােগ থাকে । সেই কাৰণে সমাজতত্ত্ববিদসকলে ক’ব খােজে যে অর্থনীতিৰ লগত সমাজ দৃঢ়ভাৱে সংলগ্ন । 

প্রশ্ন ২১। নাদাক ( NASDAQ ) কি ? 

উত্তৰঃ নাচুদাক ( NASDAQ ) হ’ল আমেৰিকাৰ নিউয়র্কত থকা এখন বজাৰ । এই বজাৰখন ইনফ’চিছৰ অধ্যক্ষ K. R. Narayana Murty য়ে মহীশূৰত উদ্বোধন কৰিছিল । এই বজাৰখন বিশেষকৈ শ্বেয়াৰ আৰু বিত্তীয় বজাৰহে ।

প্রশ্ন ২২। বজাৰকৰণ নীতিবােৰ কি কি ? নাইবা , উদাৰীকৰণ নীতিবােৰ কি কি ? নাইবা , কি কি নীতিৰ বাবে ভাৰতৰ অর্থনীতিয়ে গােলকীকৰণ অর্থনীতিৰ অৱস্থা পাবলৈ সক্ষম হ’ব পাৰিব ? 

উত্তৰঃ অর্থনীতিৰ উদাৰীকৰণ নীতিবােৰ হ’ল–

( ১ ) ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানবােৰ ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰ কৰা । 

( ২ ) মূলধন , শ্রম তথা ব্যৱসায় – বাণিজ্যৰ ওপৰত থকা চৰকাৰী আইনবােৰ শিথিল কৰা ।

( ৩ ) তালিকাকৃত মালবস্তুৰ দাম আৰু আমদানিকৃত বস্তুৰ ওপৰত থকা শুল্ক হ্রাস কৰা যাতে বিদেশী সা – সামগ্রী সহজতে আমদানি কৰিব পৰা যায় । 

( ৪ ) বিদেশী কোম্পানীবােৰক ভাৰতৰ উদ্যোগ প্রতিষ্ঠান স্থাপনৰ বাবে সহজে বাট মুকলি কৰি দিয়া । 

প্রশ্ন ২৩। কোন বছৰত প্ৰথম পঞ্জীয়ন হােৱা ট্রেডইউনিয়ন ভাৰতত গঠিত হৈছিল ? 

উত্তৰঃ ১৯২৬ চনত গঠিত হৈছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top