Class 11 Biology Chapter 6 সপুস্পক উদ্ভিদৰ শাৰীৰিক গঠন

Class 11 Biology Chapter 6 সপুস্পক উদ্ভিদৰ শাৰীৰিক গঠন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 6 সপুস্পক উদ্ভিদৰ শাৰীৰিক গঠন and select needs one.

Class 11 Biology Chapter 6 সপুস্পক উদ্ভিদৰ শাৰীৰিক গঠন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 6 সপুস্পক উদ্ভিদৰ শাৰীৰিক গঠন Solutions for All Subject, You can practice these here.

সপুস্পক উদ্ভিদৰ শাৰীৰিক গঠন

পাঠ: ৬

দ্বিতীয় গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: বিভিন্ন ভাজক কলাৰ অৱস্থান।আৰু কাৰ্যৰ বৰ্ণনা কৰা ।

উওৰ : 

                                               

প্ৰশ্ন ২: ‘কৰ্ক কেম্বিয়াম সৃষ্টি কৰা কলাই কৰ্ক গঠন কৰে ‘ । চমুকৈ উল্লেখ কৰা ।

উত্তৰ : কাণ্ডৰ গৌণ বৃদ্ধিৰ ফলত কাণ্ডৰ পৰিধিৰ ফালে বিশেষকৈ বহিস্তকৰ ওপৰত চাপৰ সৃষ্টি হয় । এই চাপৰ ফলত কেতিয়াবা কেতিয়াবা বহিস্তক ফাটি যায় । বহিস্তকৰ  তলত থকা অধস্তকতো যথেষ্ট চাপ পৰে । এনে চাপৰ ফলত যাতে বহিস্তক আৰু অধস্তকৰ ক্ষতি নহয় , তাৰ বাবে বহিস্তকৰ তলত এক ধৰণৰ গৌণ ভাজক কলাৰ সৃষ্টি হয় । এনে ভাজক কলা বিভাজিত হৈ বাহিৰৰ ফালে কৰ্ক বা থেলামৰ সৃষ্টি হয় ।

প্ৰশ্ন ৩: চিএৰ সহায়েৰে গুপ্তবীজী উদ্ভিদৰ কাণ্ডৰ গৌণবৃদ্ধি চমুকৈ দাঙি ধৰা ।

উত্তৰ :   

চিএ : দ্বিবীজপত্ৰীৰ কাণ্ড

কেমবিয়াম্ আৰু কৰ্ক কেমবিয়াম্ নামৰ পাশ্বীয় ভাজক কলাৰ ক্ৰিয়াৰ ফলত উদ্ভিদৰ কাণ্ডৰ পৰিধি বৃদ্ধি হোৱাকেই কাণ্ডৰ গৌণ বৃদ্ধি বোলে । কেমবিয়াম্ আৰু কৰ্ক কেমবিয়াম্ ক্ৰমে স্তম্ভত আৰু বহিঃ মজ্জাত সৃষ্টি হয় । কেমবিয়াম্ কেৱল গুপ্তবীজী উদ্ভিদতহে পোৱা যায় । গৌণ বৃদ্ধিৰ সময়ত ফ্লোৱেম থাকে সিমানচটা কেমবিয়ামৰ সৃষ্টি হয় । মেটাজাইলেমৰ বিপৰীতে থকা পেৰিচইকে’লৰ পৰাও কিছু কিছু কেমবিয়াম্ সৃষ্টি হয় ইত্যাদি ।

প্ৰশ্ন ৪: চিএৰ সহায়ত শাৰীৰিক গঠনৰ পাৰ্থক‍্য দেখুওৱা – 

(ক) একবীজপত্ৰী উদ্ভিদৰ মূল আৰু দ্বিবীজপত্ৰী উদ্ভিদৰ মূল ।

উত্তৰ :  

                                          

                                                   

প্ৰশ্ন ৫: জাইলেম আৰু ফ্ল’ৱেমক কিয় জটিল কলা বোলে ? 

উত্তৰ : জটিল কলা সংবহন কলাত দেখা যায় ।এই কলা কেৱল সংবহনৰ কাৰণেই সৃষ্টি হয় ।ঠিক তেনেদৰে জাইলেম আৰু ফ্ল’ৱেম কলাৰো কাম সংবহন কৰায়ে । সেইকাৰণে জাইলেম আৰু ফ্ল’ৱেমক জটিল কলা বোলে ‌।

প্ৰশ্ন ৬: পত্ৰৰন্ধ সজুঁলি কি ? পত্ৰৰন্ধৰ গঠন চিহ্নিত চিএৰ সহায়ত ব্যাখ্যা কৰা ।

উত্তৰ : পত্ৰৰন্ধৰ সজুঁলি হ’ল ― ৰক্ষীকোষ আৰু ছিদ্ৰ 

                                          

উদ্ভিদৰ সেউজীয়া কাণ্ড আৰু পাতৰ বহিস্তকখন ছিদ্ৰযুক্ত , বিশেষকৈ কোমল কাণ্ড আৰু পাতত অসংখ্য ছিদ্ৰ থাকে । বহিস্তকত থকা সূক্ষ্ম ছিদ্ৰবোৰক পত্ৰৰন্ধ বোলে । পত্ৰৰন্ধ উদ্ভিদৰ বায়বীয় অংশৰ বহিস্তকতহে উৎপত্তি হয় । পত্ৰৰন্ধৰ মাজত এটা সুক্ষ্ম ছিদ্ৰ থাকে আৰু এই ছিদ্ৰটোক দুয়োকাষে দুটা অৰ্ধচন্দ্ৰাকাৰ কোষে বেৰি থাকে । এই কোষ দুটাক ৰক্ষীকোষ বোলে । ৰক্ষীকোষ আৰু ছিদ্ৰ এই দুয়োটাকে একেলগে পত্ৰৰন্ধ বোলে । ৰক্ষীকোষ দুটা জীৱিত আৰু ইয়াৰ ভিতৰত ঘন কোষপ্ৰৰস থাকে । কোষপ্ৰৰসতে কোষকেন্দ্ৰ আৰু হৰিৎকণা ডুৱ গৈ থাকে । বহিস্তকৰ পেৰেণকাইমা কোষৰ পৰিৱৰ্তন হৈয়ে পত্ৰৰন্ধৰ সৃষ্টি হয় । ৰক্ষীকোষৰ ছিদ্ৰটোৰ ফালে থকা কোষবেৰখন ডাঠ আৰু বিপৰীত ফালৰ ধেনুভিৰীয়া আৰু প্ৰসাৰণশীল কোষবেৰখন পাতল আৰু চেলুল’জেৰে গঠিত ।

প্ৰশ্ন ৭: সপুষ্পক উদ্ভিদৰ তিনিবিধ মুখ্য কলাতন্ত্ৰৰ নাম লিখা ।

উত্তৰ : (ক) বহিস্তকীয় কলাতন্ত্ৰ , 

(খ) আদি কলাতন্ত্ৰ , 

(গ) সংবহন কলাতন্ত্ৰ ।

প্ৰশ্ন ৮: উদ্ভিদৰ শাৰীৰিক গঠনৰ অধ্যয়ন আমাৰ বাবে কি ভাৱে উপযোগী ?

উওৰ : উদ্ভিদৰ শাৰীৰিক গঠনৰ অধ্যয়নে আমাক কোষ যে উদ্ভিদ দেহগঠনৰ মূল একক , কোষসমূহ লগ লাগি যে কলা গঠন কৰে আৰু কলাসমূহ লগ – লাগি যে একোটা অংগৰ সৃষ্টি হয় সেয়া বুজিবলৈ সহায় কৰে ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

প্ৰশ্ন ৯: চিহ্নিত চিএৰ সহায়ত এটা বিষম পৃষ্ঠিয় পাতৰ আভ্যন্তৰীক গঠনৰ বৰ্ণনা কৰা ।

উত্তৰ : 

                                               

বিষম পৃষ্ঠিয় পাত যেনে ― আহঁতৰ পাত এখিলা অনুবীক্ষণ যন্ত্ৰৰ সহায়েৰে পৰীক্ষা কৰি চালে তাৰ আভ্যন্তৰীক গঠন ওলাই পৰে ।

বিষম পৃষ্ঠিয় পাতত পোৱা কলা সমূহ হ’ল ― 

(ক) বহিস্তক , 

(খ) মধ্যকলা ,

(গ) সংবহন গুচ্ছ 

বহিস্তকৰ একেবাৰে বাহিৰৰ কোষস্তৰক নিম্ন বহিস্তক বোলে । উভয় বহিস্তকত কিউটিক’ল থাকে । বিষম পৃষ্ঠয় পাতত নিম্নবহিস্তকত পত্ৰৰন্ধ বেছিকৈ থাকে । দুই বহিস্তকৰ মাজতে মধ্যকলা আৰু সংবহন কলা অৱস্থিত । ইয়াত মেচ’ফিল কলা , গোঁজকোষ আৰু সোপাকা কোষত বিভক্ত হৈ থাকে । সংবহন গুচ্ছ বিলাক সমপাশ্বীয় ; কিন্তু বন্ধ । জাইলেম , ফ্ল’ৱেমৰ ওপৰত টুপীৰ নিচিনা থাকে । প্ৰতিটো সংবহন গুচ্ছ এশাৰী প্ৰান্তীয় পেৰেণকাইমাৰ দ্বাৰা আবৃত্ত ।

3 thoughts on “Class 11 Biology Chapter 6 সপুস্পক উদ্ভিদৰ শাৰীৰিক গঠন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top