Class 11 Biology Chapter 3 উদ্ভিদ ৰাজ্য

Class 11 Biology Chapter 3 উদ্ভিদ ৰাজ্য Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 3 উদ্ভিদ ৰাজ্য and select needs one.

Class 11 Biology Chapter 3 উদ্ভিদ ৰাজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 3 উদ্ভিদ ৰাজ্য Solutions for All Subject, You can practice these here.

উদ্ভিদ ৰাজ্য

পাঠ: ৩

প্ৰথম গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: শেলাইৰ বৰ্গীকৰণৰ ভিত্তি কি ? 

উওৰ : (ক) ৰঞ্জক দ্ৰব্য ,

(খ) সঞ্চিত দ্ৰব্য আৰু

(গ) ফ্লেজেলা ।

প্ৰশ্ন ২: স্ত্ৰীধানী ধাৰণা কৰা তিনিটা উদ্ভিদ গোটৰ নাম লিখা ।

উওৰ : (ক) মাছ ,

(খ) ঢেঁকীয়া আৰু

(গ)নগ্নবীজী উদ্ভিদ ।

প্ৰশ্ন ৩: তলত দিয়াবোৰৰ সূএ গুণতাউল্লেখ কৰা : মছৰ প্ৰাংকুৰ কোষ , দ্বিবীজপত্ৰী উদ্ভিদৰ প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ , মছৰ পাতৰ কোষ , ঢেঁকীয়াৰ প্ৰথেলাছ কোষ , মাৰ্কেনচিয়াৰ গেমা কোষ , একবীজপত্ৰী উদ্ভিদৰ ভাজক কোষ , প্ৰহৰিতাৰ ডিম্বানু আৰু ঢেঁকীয়াৰ যোজন কোষ ।

উওৰ : (ক) মছৰ প্ৰাংকুৰ কোষ    ― এগুণক

(খ) দ্বিবীজপত্ৰী উদ্ভিদ প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ   ― ত্ৰিগুণক 

(গ) মছৰ পাতৰ কোষ   ― এগুণক

(ঘ) ঢেঁকীয়াৰ প্ৰথেলাছ  কোষ   ― এগুণক

(ঙ) মাৰ্কেনচিয়াৰ গেমা কোষ   ― এগুণক 

(চ) একবীজপত্ৰী উদ্ভিদৰ ভাজক কোষ   ― দ্বিগুণক 

(ছ) প্ৰহৰিতাৰ ডিম্বানু   ― এগুণক

(জ) ঢেঁকীয়াৰ যোজন কোষ   ― দ্বিগুণক ।

প্ৰশ্ন ৪: শেলাই আৰু নগ্নবীজী উদ্ভিদৰ অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে এটি টোকা লিখা ।

উওৰ : শেলাই অৰ্থনৈতিক গুৰুত্ব : শেলাইক আমি খাদ্য হিচাপে , শিল্পত, খনিজ বস্তু উৎপাদন , পশু খাদ্য , ঔষধ হিচাপে , বৈজ্ঞানিক গৱেষণা , নবীকৰণ  শক্তি অন‍্যান‍্য বিভিন্ন কাৰ্যৰে ব‍্যৱহাৰ কৰো । যিয়ে অৰ্থনৈতিক গুৰুত্বৰ বহল প্ৰভাৱ পেলায় । যেনে ― 

(ক) খাদ্য হিচাপে : বিভিন্ন দেশত শেলাইক বিভিন্ন ধৰণে বিশেষকৈ “ছালাড’ ‘চুপ’ খাদ্য হিচাপে ব‍্যৱহাৰ কৰে । অনেক শেলাইৰ পৰা শ্বেতসাৰ , ভিটামিন , প্ৰ’টিন আদি নিষ্কাষণ কৰা হয় ইত্যাদি ।

(খ) শিল্পত : ৰঙা আৰু বাদামী শেলাইৰ কোষবেৰত পোৱা বহু শৰ্কৰা কিছুমানে যেনে ― এলগিন , কেৰ’জিন , এগাৰ আদিৰ শিল্প সম্বন্ধীয় ব‍্যৱহাৰ আছে । এলগিনৰ ব‍্যৱহাৰ হয় ফ্লিম প্ৰস্তুত কৰণৰ বাবে , কৃত্ৰিম সূতা প্ৰস্তুত কৰিবৰ বাবে , ৰবৰ জোৰা দিবৰ বাবে আৰু অন‍্যান‍্য কামত । কেৰজিনৰ ব্যৱহাৰ হয় প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰণৰ বাবে , এগাৰ ব্যৱহাৰ হয় খাদ্য ঘণ কৰিবৰ বাবে আৰু জীৱাণুৰ তৰল কৰ্ষণ মাধ‍্যম গোট মৰাবলৈ ।

(গ) খনিজ বস্তু উৎপাদন : আয়’ডিন , পটাছ , জিং , কপাৰ , ক’বাল্ট আদি নিষ্কাষণ কৰা হয় বাদামী শেলাইৰ পৰা । কিছুমান বাদমী শেলাই সাৰ হিচাপে ব‍্যৱহাৰ কৰা হয় ।

(ঘ) পশু খাদ্য : অনেক জাতিৰ বাদামী শেলাইক পশু খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় । এনে শেলাইত ভিটামিন , প্ৰ’টিন আৰু খনিজ লোণৰ প্ৰাচুৰ্যৰ বাবে গাখীৰ , কণী , মাংসৰ উৎপাদন বৃদ্ধি পায় ।

(ঙ) ঔষধ হিচাপে : ক্লৰে’লিন নামৰ এন্টিবায়টিক ক্লৰেলা নামৰ শেলাইৰ পৰা উৎপাদন কৰা হয় । পেষ্ট , বড়ি আৰু অয়েনমন্ট আদি প্ৰস্তুত কৰিবৰ বাবে এগাৰ ব‍্যৱহাৰ কৰা হয় ।

প্ৰশ্ন ৫: তলত দিয়াবোৰৰ পাৰ্থক‍্য লিখা : 

(ক) ৰঙা শেলাই আৰু মুগা শেলাই 

উওৰ : ৰঙা শেলাই :

(১) পৰাশ্ৰয়ী বা পৰজীৱী হিচাপে বাস কৰে ।

(২) ৰঙা শেলাই এককোষী ।

(৩) ৰঞ্জক কণা ফাইক’হৰিথ্ৰিন , ফাইক’চায়ায়নিন ক্লৰ’ফিল – a , ক্লৰ’ফিল – b , জেনফিল আৰু কেৰ’টিন থাকে । আৰু 

মুগা শেলাই :

(১) পৰাশ্ৰয়ী বা অন্তৰ উদ্ভিদ হিচাপে বাস কৰে ।

(২) মুগা শেলাই বহুকোষী ।

(৩) ৰঞ্জক কণা ক্লৰ’ফিল – a , ক্লৰ’ফিল – c , bকেৰ’টিন আৰু ফিউক জেন্থন থাকে ।

(খ) প্ৰহৰিতা আৰু মাছ 

উওৰ : প্ৰহৰিতা :

(১) প্ৰহৰিতাৰ দেহটো সমকায় ।অসংখ্য সূএৰে গঠিত ।

(২) জল , স্থল , উভয়ত বাহ কৰে ।

(৩) প্ৰ’ট’নিমা বা প্ৰাংকুৰ পৰ্যায় দেখা পোৱা নাযায় ।

মাছ : (১) মছৰ দেহটো সমকায় নহয় । সেউজীয়া ।

(২) স্থলত বাস কৰে ।

(৩) প্ৰ’ট’নিমা বা প্ৰাংকুৰ পৰ্যায় দেখা পোৱা যায় ।

প্ৰশ্ন ৬: নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী  উদ্ভিদ উভয়তে বীজ পোৱা যায়, তৎসত্ত্বেত্ত সিহঁতক বেলেগ গোটত ৰখা হৈছে । কিয় ?

উওৰ : কিয়নো নগ্নবীজী উদ্ভিদৰ বীজ (ডিম্বক) ফলত্বকৰে আগুৰি নাথাকে অৰ্থাৎ নগ্ন অৱস্থাত থাকে । আনহাতে , গুপ্তবীজী উদ্ভিদৰ বীজ (ডিম্বক) ফলত্বকৰে আগুৰি থাকে । আকৌ নগ্নবীজী উদ্ভিদ বিলাক একবীজপত্ৰী হোৱা দেখা যায় । আনহাতে গুপ্তবীজী উদ্ভিদ বিলাক একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী দুই শ্ৰেণীত পোৱা যায় ।

প্ৰশ্ন ৭: অসমৰেণুপ্ৰসূ কি ?

উওৰ : যিবিলাক ঢেঁকীয়া বৰ্গ উদ্ভিদৰ ৰেণুৰ আকাৰ ভিন্ন যেনে ― সৰু আৰু ডাঙৰ হোৱা দেখা যায় তেনেবোৰ উদ্ভিদৰ ৰেণুক অসমৰেণুপ্ৰসূ বোলা হয় ।

প্ৰশ্ন ৮: উপযুক্ত উদাহৰণৰ সৈতে তলত দিয়া শব্দকেইটাৰ চমু ব‍্যাখ‍্যা দিয়া ।

(ক) প্ৰাংকুৰ ,

(খ) শুক্ৰানুকোষ ,

(গ) স্ত্ৰীধানী 

উওৰ : (ক) প্ৰাংকুৰ : মছৰ জীৱনচক্ৰত প্ৰভাৱী অৱস্থা হৈছে লিংগধৰ , যাক দুটা পৰ্য্যায়ত ভগাব পাৰি । তাৰে প্ৰথম পৰ্য্যায়টোক প্ৰট’নিমা পৰ্য্যায় বোলে ; যি ৰেণুৰ পৰা পোনে পোনে সৃষ্টি হয় । লিংগধৰ উদ্ভিদৰ এই অংশটো শেলাইৰ দৰে সূএকাৰ , মাটিত পৰি থকা , শাখাযুক্ত , মুকুলবিশিষ্ট ।

(খ) শুক্ৰানুকোষ : শুক্ৰানুকোষ হৈছে পুৰুষ যৌন অংগ । দেখাত গোলাকাৰ হোৱা দেখা যায় । ইয়াত বীজকোষ থাকে ।বিশেষকৈ ব্ৰায়’ফাইটা আৰু টেৰিড’ফাইটাত বিৰাজমান ।

(গ) স্ত্ৰীধানী : স্ত্ৰীধানী হৈছে স্ত্ৰী যৌন অংগ ।আকাৰত ফ্লাক্সৰ দৰে ।বিশেষকৈ ব্ৰায়’ফাইটা , টেৰিড’ফাইটা আৰু নগ্নবীজী উদ্ভিদত বিৰাজমান ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

প্ৰশ্ন ৯: দ্বিবীজপত্ৰী উদ্ভিদত  একবীজপত্ৰী উদ্ভিদৰ পৰা কেনেকৈ পৃথক কৰিবা ।

উওৰ : (১)একবীজপত্ৰী :

(ক) শাক – বন জাতীয় হয় ।

(খ) মূল গুচ্ছমূল জাতীয় ।

(গ) সাধাৰণতে শাখাহীন ।

(ঘ) পাতৰ সিৰাবিন‍্যাস সমান্তৰাল ।

(ঙ) পুষ্পপত্ৰৰ সংখ‍্যা তিনি বা তাৰ গুণিতক ।

(চ) বীজপত্ৰ এখন ।

(২) দ্বিবীজপত্ৰী :

(ক) বৃক্ষ জাতীয় হয় ।

(খ) মূল মূখ‍্যমূল জাতীয় ।

(গ) সাধাৰণতে শাখাযুক্ত ।

(ঘ) পাতৰ সিৰাবিন‍্যাস জালাকাৰ ।

(ঙ) পুষ্পপত্ৰৰ সংখ্যা চাৰি বা পাঁচ বা তাৰ গুণিতক ।

(চ) বীজপত্ৰ দুখন ।

প্ৰশ্ন ১০: 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভৰ যোৰা পাতা 

স্তম্ভ 1  স্তম্ভ ২
(ক) ক্লেমাইভ’মনাছ(ক) নগ্নবীজী উদ্ভিদ
(খ) ছাইকাছ (খ) ঢেঁকীয়া উদ্ভিদ
(গ) ছিলাজিনেলা(গ) শেলাই 

উওৰ :

স্তম্ভ 1  স্তম্ভ ২
(ক) ক্লেমাইভ’মনাছ(গ) শেলাই
(খ) ছাইকাছ (ক) নগ্নবীজী উদ্ভিদ
(গ) ছিলাজিনেলা(খ) ঢেঁকীয়া উদ্ভিদ

প্ৰশ্ন ১১: নগ্নবীজী উদ্ভিদৰ মূখ্য চৰিত্ৰসমূহৰ বৰ্ণনা দিয়া ।

উওৰ : নগ্নবীজী উদ্ভিদৰ মূখ্য চৰিত্ৰসমূহৰ হ’ল ―

(ক) নগ্নবীজী উদ্ভিদৰ বীজ ফলত্বকৰ দ্বাৰা আবৃত হৈ নাথাকে ।

(খ) নগ্নবীজী উদ্ভিদৰ দেহ মূল , কাণ্ড আৰু পাতত বিভক্ত ।

(গ) ফুলবোৰ একলিংগ হয় ।

(ঘ) মূল স্থানিকমূল প্ৰকৃতিৰ হয় ।

(ঙ) বেছিভাগেই  কাষ্ঠল , বহুবৰ্ষজীৱী , চিৰহৰিৎ , বৃক্ষজাতীয় উদ্ভিদ , কিছুমান গুল্মজাতীয় হয় ।

1 thought on “Class 11 Biology Chapter 3 উদ্ভিদ ৰাজ্য”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top