Class 11 Biology Chapter 19 ৰেচন দ্ৰব্য আৰু ইয়াৰ বৰ্জন

Class 11 Biology Chapter 19 ৰেচন দ্ৰব্য আৰু ইয়াৰ বৰ্জন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 19 ৰেচন দ্ৰব্য আৰু ইয়াৰ বৰ্জন and select needs one.

Class 11 Biology Chapter 19 ৰেচন দ্ৰব্য আৰু ইয়াৰ বৰ্জন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 19 ৰেচন দ্ৰব্য আৰু ইয়াৰ বৰ্জন Solutions for All Subject, You can practice these here.

ৰেচন দ্ৰব্য আৰু ইয়াৰ বৰ্জন

পাঠ: ১৯

পঞ্চম গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: গ্লমেৰুলাছৰ পৰিস্ৰাৱন হাৰ (GFR) ৰ সংজ্ঞা দিয়া ।

উত্তৰ :- স্তন‍্যপায়ী প্ৰাণীৰ দুয়োটা বৃক্কই প্ৰতি মিনিটত উৎপন্ন কৰা পৰিশ্ৰুতিৰ পৰিমাণক গ্লমেৰুলাছৰ পৰিস্ৰাৱন হাৰ বোলে ।

একোজনসুস্থ মানুহৰ দেহত এই পৰিশ্ৰাৱন হাৰ প্ৰায় 125 ml / মিনিট অৰ্থাৎ , প্ৰতিদিনত 180 লিটাৰ ।

প্ৰশ্ন ২: তলত দিয়া উক্তিবোৰ সত‍্যনে অসত‍্য কোৱা ।

(ক) মুত্ৰন ক্ৰিয়া এক প্ৰতীপ ক্ৰিয়াৰ দ্বাৰা সম্পন্ন হয় ।

উত্তৰ :- সত‍্য ।

(খ) ADH যে মুত্ৰ অল্পকৃতি কৰি পানীৰ অপসাৰণত সহায় কৰে ।

উত্তৰ :- অসত‍্য ।

(গ) হেনলীৰ লুপে মুত্ৰৰ ঘনত্ব বৃদ্ধিত সহায় কৰেশ ।

উত্তৰ :- সত্য ।

(ঘ) নিকটস্থ সংবলিত নলীকাৰ গ্লুক’জ সংক্ৰিয়ভাৱে পুনঃ শোষণ হয় ।

উত্তৰ :- সত্য ।

প্ৰশ্ন ৩: প্ৰতিমুখী সোঁত প্ৰক্ৰিয়াটোৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ :- হেনলীৰ লুপৰ আৰোহী বাহুৱে Nacl বৰ্জন কৰে আৰু এই Nacl ভাছা ৰেক্টাৰ অৱৰোহী বাহুত সোমায় । একে ধৰনে , সামান্য পৰিমাণৰ ইউৰীয়া হেনলীৰ লুপৰ আৰোহী বাহুত সোমায় আৰু পিছত সংগ্ৰাহক নলীৰ দ্বাৰা ইউৰীয়া পুনৰ অন্তৱৰ্তী তৰলত সোমায় । হেনলীৰ লুপ আৰু ভাছা ৰেক্টাৰৰ দ্বাৰা হোৱা পদাৰ্থৰ পৰিবহণ প্ৰক্ৰিয়াটোক প্ৰতিমুখী সোঁত প্ৰক্ৰিয়া বোলে ।

প্ৰশ্ন ৪: ৰেচনক্ৰিয়াত যকৃত , হাওঁফাওঁ আৰু ছালৰ ভূমিকা বৰ্ণনা কৰা ।

উত্তৰ :- ৰেচনক্ৰিয়াত যকৃতৰ ভূমিকা ― দেহৰ বৃহত্তম গ্ৰন্থি যকৃতে পিত্তৰস ক্ষৰণ কৰে য’ত বিলিৰুবিন , বিলিভাৰদিন , কলেষ্টৰল , ভাঙি যোৱা ষ্টেৰয়ড হৰম’ন , অৱশেষত পাচনৰ বৰ্জিত দ্ৰব্যৰ লগত বাহিৰ ওলাই যায় ।

ৰেচনক্ৰিয়াত হাওঁফাওঁৰ ভূমিকা ― আমাৰ হাওঁফাওঁৱে প্ৰতিদিনে বহু পৰিমাণৰ কাৰ্বন ডাই অক্সাইড ( 18 লিটাৰ প্ৰতিদিনে ) আৰু যথেষ্ট পৰিমাণৰ পানী উলিয়াই দিয়ে ।

ৰেচনক্ৰিয়াত ছালৰ ভূমিকা ― ঘাম গ্ৰন্থী আৰু তৈল গ্ৰন্থীয়ে ইয়াৰ ক্ষৰিত দ্ৰব্য যোগেদি কেতবোৰ পদাৰ্থ বৰ্জন কৰে । ঘৰ্ম গ্ৰন্থিয়ে উৎপন্ন কৰা ঘাম বা ৰেচন দ্ৰব্য হ’ল Nacl , অলপ পৰিমাণৰ ইউৰীয়া আৰু লেকটিক এচিড ইত্যাদি । আনহাতে তৈল গ্ৰন্থিয়ে ক্ষৰণ কৰা ৰেচন দ্ৰব্য ষ্টে’ৰল , হাইড্ৰ’কাৰ্বন আৰু মম জাতীয় পদাৰ্থবোৰ ছালেৰে দেহৰ পৰা বৰ্জিত কৰে ।

প্ৰশ্ন ৫: মূত্ৰন ক্ৰিয়া বৰ্ণনা কৰা ।

উত্তৰ :- নেফ্ৰনত উৎপন্ন হোৱা মূত্ৰ অৱশেষত মূত্ৰথলীলৈ পৰিবাহিত হয় । কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ দ্বাৰা ঐছিক সংকেত নোপোৱা পৰ্যন্ত মূত্ৰথলীতেই মূত্ৰ জমা হৈ থাকে । মূত্ৰথলী মূত্ৰৰে পৰিপূৰ্ণ হ’লে ইয়াৰ বেৰ সম্প্ৰসাৰিত হয় আৰু এক সংকেত সৃষ্টি কৰে । মূত্ৰথলীৰ বেৰতেই থকা সম্প্ৰসাৰণ গ্ৰাহকবোৰে এই সংকেত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ পঠায় । কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই তেতিয়া প্ৰৱাহী সংকেত প্ৰেৰণৰ দ্বাৰা মূত্ৰথলীৰ অৰেখিত পেশীৰ সংকোচন কৰে । একে সময়ত মূত্ৰপথত থকা অৱৰোধিনী শিথিল হয় আৰু সেই পথেৰে মূত্ৰ ওলাই যায় এইদৰে মূত্ৰ বিমোচন হোৱা প্ৰক্ৰিয়াকেই মূত্ৰন ক্ৰিয়া বোলে ।

প্ৰশ্ন ৬: স্তম্ভ 1ৰ লগত স্তম্ভ 2 মিলোৱা ―

 স্তম্ভ 1স্তম্ভ 2
(১) এম’ন’টেলিজম(১) চৰাই 
(২) বাওঁমেনৰ চূপী(২) পানী পুনঃশোষণ
(৩) মূত্ৰন ক্ৰিয়া(৩) অস্থিযুক্ত মাছ 
(৪) ইউৰীক’ টেলিজিম(৪) মূত্ৰস্থলী
(৫) ADH(৫) বৃক্কীয় নলীকা 

 

উত্তৰ :-

 স্তম্ভ 1স্তম্ভ 2
(১) এম’ন’টেলিজম(৩) অস্থিযুক্ত মাছ
(২) বাওঁমেনৰ চূপী(৫) বৃক্কীয় নলীকা
(৩) মূত্ৰন ক্ৰিয়া(৪) মূত্ৰস্থলী
(৪) ইউৰীক’ টেলিজিম(১) চৰাই
(৫) ADH(২) পানী পুনঃশোষণ

প্ৰশ্ন ৭: আসৃতি নিয়ন্ত্ৰণ বুলিলে কি বুজা ? 

উত্তৰ :- যিবোৰ প্ৰাণীৰ ৰেচন অংগবোৰ আয়নীয় আৰু তৰলদ্ৰৱ‍্যৰ আয়তন নিয়ন্ত্ৰণ কাৰ্য্যত জড়িত , তাকে আসৃতি নিয়ন্ত্ৰণ বোলে ।

প্ৰশ্ন ৮: স্থলচৰ প্ৰাণীবোৰ স্বাভাৱিকতে ইউৰীঅ’টেলিক অথবা ইউৰীক’টেলিক হয় , এম’ন’টেলিক নহয় । কিয় ? 

উত্তৰ :- কিয়নো এনেবোৰ প্ৰাণীয়ে ইউৰীয়া অথবা ইউৰিক এছিড বৰ্জিত দ্ৰব্য হিচাপে বৰ্জন কৰে । সেয়ে ইহঁতক ইউৰীঅ’টেলিক অথবা ইউৰীক’টেলিক প্ৰাণী বোলে ।

প্ৰশ্ন ৯: বৃক্কৰ কাৰ্য্যত জাক্সটা গ্লমেৰুলাছৰ সৰঞ্জামৰ তাৎপৰ্য কি ?

উত্তৰ :- গ্লমেৰুলাছৰ পৰিস্ৰাৱন হাৰ কমি গ’লে জাক্সটা গ্লমেৰুলাছ সৰঞ্জামৰ কোষবোৰ সংক্ৰিয় হৈ পৰে আৰু ৰেনিন নামৰ এবিধ পদাৰ্থ ক্ষৰণ কৰে ।ৰেনিন গ্লমেৰুলাছলৈ তেজৰ সোঁত বৃদ্ধি কৰে আৰু ফলস্বৰূপে পৰিস্ৰাৱণৰ হাৰ বাঢ়ি স্বাভাৱিক অৱস্থালৈ আহে । এয়াই জাক্সটা গ্লমেৰুলাছ সৰঞ্জামৰ তাৎপৰ্য ।

প্ৰশ্ন ১০: তৰত দিয়াবোৰৰ নাম লিখা ―

(ক) শিখাকোষ ৰেচন অংগ হিচাপে থকা এটা পৃষ্ঠাদণ্ডী প্ৰাণী ।

উত্তৰ :- এম্ফিঅ’ক্সাছ ।

(খ) মানুহৰ বৃক্কৰ মেডুলাৰ পিৰামিডৰ মাজত থকা কৰ্টেক্সৰ অংশ ।

উত্তৰ :- বাৰ্টিনিৰ স্তম্ভ ।

(গ) হেনলীৰ লুপৰ সমান্তৰাল ভাৱে থকা কৈশিক নলীৰ কুণ্ডলী ।

উত্তৰ :- ভাচা – ৰেক্টা ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

প্ৰশ্ন ১১: খালী ঠাই পূৰ কৰা ―

(ক) হেনলীৰ লুপৰ উদ্ধমুখীবাহু পানীৰ বাবে —— আৰু নিম্নমুখী বাহু —— ।

উত্তৰ :- অভ‍্যদ‍্য , ভেদ‍্য ।

(খ) নেফ্ৰনৰ দূৰস্থ অংশসমূহৰ পৰা পানী শোষণ —— হৰম’নৰ দ্বাৰা নিয়ন্ত্ৰিত ।

উত্তৰ :- ADH ।

(গ) প্লাজমাত থকা —— ত বাহিৰে আটাইবোৰ উপাদান ডায়েলাইছিছ তৰলত থাকে ।

উত্তৰ :- বৰ্জিত নাইট্ৰ’জেন ।

(ঘ) এজন সুস্থ মানুহে প্ৰতিদিনে গড়ে —— gm ইউৰীয়া নিষ্কাষণ কৰে ।

উত্তৰ :- 25 – 30 ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top