Class 11 Biology Chapter 12 খনিজ পুষ্টি

Class 11 Biology Chapter 12 খনিজ পুষ্টি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 12 খনিজ পুষ্টি and select needs one.

Class 11 Biology Chapter 12 খনিজ পুষ্টি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 12 খনিজ পুষ্টি Solutions for All Subject, You can practice these here.

খনিজ পুষ্টি

পাঠ: ১২

চতুৰ্থ গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: ‘উদ্ভিদ এজোপাত থকা সকলোবোৰ মৌল উদ্ভিদ জোপাৰ জীৱন ৰক্ষাৰ বাবে আৱশ্যকীয় নহ’বও পাৰে’ – মতামত দিয়া ।

উত্তৰ :- আমি জানো যে মাটিত থকা সৰহভাগ খনিজ মৌলই মূলৰ যোগেদি উদ্ভিদত প্ৰৱেশ কৰে । প্ৰকৃতাৰ্থত আৱিস্কাৰ হোৱা ১০৫ টা মৌলৰ ৬০ তাতকৈও অধিক মৌল বিভিন্ন উদ্ভিদত পোৱা যায় । কিন্তু এই প্ৰতিটো মৌল যে উদ্ভিদ জোপাক লাগিবই তেনেকুৱা কোনো কাৰণ নাই । কিয়নো কেতবোৰ মৌল যেনে : গল্ড , চিলেনিয়াম ইত্যাদি মৌলৰ এনেকুৱা কোনো অৰিহনা নাই যিয়ে উদ্ভিদ এজোপাৰ জীৱন চক্ৰত ব‍্যাঘাত সৃষ্টি কৰিব পাৰে । গতিকে এনেবোৰ মৌল উদ্ভিদ জোপাৰ বাবে অদৰকাৰী ।

প্ৰশ্ন ২: হাইড্ৰপনিক্সৰ খনিজ পুষ্টি প্ৰথাত পানী আৰু খনিজ লৱনৰ বিশুদ্ধতা কিয় ইমান দৰকাৰী ।

উত্তৰ :- কিয়নো আমি জানো যে হাইড্ৰপনিক্স এনেকুৱা এটা প্ৰক্ৰিয়া যাক কেৱল পৰীক্ষাগাৰত , ব‍্যৱহাৰ কৰা হয় । স্পষ্ট যে , যিহেতু এয়া পৰীক্ষাগাৰৰ প্ৰস্তুতি গতিকে ইয়াত বিশুদ্ধতা নাথাকিলে শুদ্ধ ফলাফল পোৱা নাযায় সেয়ে হাইড্ৰপনিক্সৰ খনিজ পুষ্টিৰ প্ৰথাত পানী আৰু খনিজ লৱনৰ বিশুদ্ধতা ইমান দৰকাৰী ।

প্ৰশ্ন ৩: উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা ― মেক্ৰ’মৌল , মাইক্ৰ’মৌল ।

উত্তৰ :- মাইক্ৰ’মৌল ― যিবোৰ মৌল উদ্ভিদ দেহত যথেষ্ট পৰিমাণে দৰকাৰ হয় , তেনেবোৰ মৌলক মেক্ৰ’মৌল বোলে । মেক্ৰ’মৌল সমূহ সাধাৰণতে উদ্ভিদৰ কলাত যথেষ্ট পৰিমাণে থাকে । মেক্ৰ’মৌল সমূহত কাৰ্বন , হাইড্ৰ’জেন , অক্সিজেন , নাইট্ৰজেন , ফচফৰাচ , ছালফাৰ , পটাচিয়াম , কেলচিয়াম আৰু মেগনেচিয়াম অন্তৰ্ভুক্ত । ইয়াৰ ভিতৰত কাৰ্বন , হাইড্ৰ’জেন আৰু অক্সিজেন প্ৰধানকৈ কাৰ্বন ডাই – অক্সাইড (Co²) আৰু পানী (Ho²) পৰা আহৰণ কৰে । আনহাতে , বাকী মৌলবোৰ মাটিৰ পৰা খনিজ পুষ্টি হিচাপে শোষণ কৰে ।

মাইক্ৰ’মৌল ― যিবোৰ মৌল উদ্ভিদ দেহত অতি সামান্য মাত্ৰাত প্ৰয়োজন হয় , তেনেবোৰ মৌলক মাইক্ৰ’মৌল বোলে । যেনে : লো , মেঙ্গানিজ , কপাৰ , মলিবডেনাম , জিংক , ব’ৰণ , ক্লৰিণ , নিকেল ইত্যাদি ।

প্ৰশ্ন ৪: উদ্ভিদত দেখা দিয়া অন্ততঃ পাঁচটা অভাৱজনিত উপসৰ্গৰ নাম লিখা ।

উত্তৰ :- উদ্ভিদত দেখা দিয়া অন্ততঃ পাঁচটা অভাৱজনিত উপসৰ্গৰ নাম হ’ল ― পৈনত পাত হালধীয়া পৰা , পাতৰ পচন ঘটা , সাধাৰণ বৃদ্ধি হ্ৰাস পোৱা , পাত আৰু মুকুল অকালতে সৰি পৰা , কোষ বিভাজন ব্যাহত হয় ।

প্ৰশ্ন ৫: যদিহে এজোপা উদ্ভিদে এটাতকৈ অধিক মৌলৰ পুষ্টিৰ অভাৱত উপসৰ্গ দেখুৱাই , তেতিয়া তোমালোকে কেনে পৰীক্ষাৰ দ্বাৰা প্ৰকৃততে কোনটো মৌলৰ অভাৱ হৈছে – তাক দেখুৱাব পাৰিব ? 

উত্তৰ :- জলকৰ্ষণ পৰীক্ষাৰ দ্বাৰা ।

প্ৰশ্ন ৬: কিছুমান উদ্ভিদত অভাৱজনিত উপসৰ্গ প্ৰথমতে কোমল অংশত দেখা দিয়ে , আনহাতে কিছুমানত পৈনত অংগত কিয় ?

উত্তৰ :- কিয়নো , যেতিয়া মৌলবিলাক আপেক্ষিকভাৱে অপৰিবাহিত হৈ থাকে তেতিয়া অভাৱজনিত উপসৰ্গ প্ৰথমতে কোমল পাতত দেখা দিয়ে ।

আনহাতে , উদ্ভিদ দেহৰ ভিতৰত যিবোৰ মৌলৰ সৰবৰাহ সংক্ৰিয়ভাৱে হয় আৰু বাঢ়ি অহা কলাবোৰলৈ পৰিবাহিত হয় , তেনেবোৰ মৌলৰ অভাৱজনিত উপসৰ্গ পৈনত পাতত দেখা যায় ।

প্ৰশ্ন ৭: উদ্ভিদে খনিজ মৌল কেনেকৈ শোষণ কৰে ?

উত্তৰ :- দুই পদ্ধতিৰে উদ্ভিদে খনিজ মৌল শোষণ কৰে ― 

প্ৰথমে , কোষৰ মুক্ত ঠাই অথবা বৰ্হি ঠাইলৈ আয়নৰ খৰতকীয়া উৰ্ধগামী পৰিবহন হয় যাক এপপ্লাষ্ট বোলে ।

দ্বিতীয়তে , কোষৰ অন্তভাগ আয়নৰ ধীৰ গতিত শোষণ হয় , যাক চিমপ্লাষ্ট বোলে ।এপপ্লাষ্টলৈ আয়নৰ নিক্ৰিয় শোষণ আয়ন ― চেনেলৰ যোগেৰে হয় ।ইয়াত ট্ৰান্স – আৱৰন প্ৰ’টিন বাচনি ৰন্ধ হিচাপে কাম কৰে । আনহাতে , চিমপ্লাষ্টলৈ অথবা চিমপ্লাষ্টৰ পৰা আয়নৰ গতিত বাবে বিপাকীয় শক্তিৰ প্ৰয়োজন হয় আৰু ই এটা সহক্ৰিয় প্ৰক্ৰিয়া ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top