Class 11 Biology Chapter 2 জীৱৰ বৰ্গকৰণ

Class 11 Biology Chapter 2 জীৱৰ বৰ্গকৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 2 জীৱৰ বৰ্গকৰণ and select needs one.

Class 11 Biology Chapter 2 জীৱৰ বৰ্গকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 2 জীৱৰ বৰ্গকৰণ Solutions for All Subject, You can practice these here.

জীৱৰ বৰ্গকৰণ

পাঠ: ২

প্ৰথম গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: সময়ৰ সোতত বিভিন্ন বৰ্গীকৰণ পদ্ধতিসমূহৰ পৰিৱৰ্তন কেনেদৰে হৈ আহিছে আলোচনা কৰা ?

উওৰ : প্ৰথম অৱস্থাত লিনিয়ছে গোটেই জীৱজগতক দুটা ৰাজ্যত ভাগ কৰিছিল । যেনে ―

(ক) প্লেন্টি ৰাজ্য আৰু

(খ) এনিমেলিয়া ৰাজ্য ।

কিন্তু বহুদিন প্ৰচলিত এই দুই পদ্ধতিয়ে একোষকেন্দ্ৰীয় জীৱ আৰু সংকোষকেন্দ্ৰীয় জীৱ , এককোষী জীৱ আৰু বহুকোষী জীৱ , সালোকসংশ্লেষণ কৰিব পৰা জীৱ (শেলাই) আৰু সালোকসংশ্লেষণ নকৰা জীৱ (ভেকুৰ ) আদি জীৱৰ ভাগবোৰৰ মাজত পাৰ্থক্য দেখুৱাব পৰা নাছিল । আনহাতে বহুসংখ্যক জীৱ , উদ্ভিদ আৰু প্ৰাণী এই দুয়োটা ভাগত অন্তৰ্ভুক্ত কৰিব নোৱাৰাকৈ বাদ পৰি গৈছিল । বৰ্গীকৰণৰ দুই ৰাজ্য পদ্ধতিত দেখা দিয়া উক্ত অসুবিধা সমুহ দূৰ কৰিবলৈ আৰ্নষ্ট হেকেল নামৰ বিজ্ঞানীজনে দুই ৰাজ্যৰ অন্তৰ্ভূক্ত এককোষী অনুজীৱখিনিক তাৰ পৰা উলিয়াই আনি এখন নতুন ৰাজ্যত অন্তৰ্ভুক্ত কৰে । তেওঁ এই নতুন এককোষী অনুজীৱৰ ৰাজ্যখনক  প্ৰতিষ্ঠা নাম দিয়া হয় । প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্ভুক্ত অনুজীৱ সমূহক আকৌ প্ৰকৃত কোষকেন্দ্ৰ থকা বা নথকাৰ ওপৰত ভিত্তি কৰি এইচ . এফ . ক’পলেণ্ডে তিনিৰাজ্যৰ সলনি চাৰিৰাজ্য ‘মনেৰা’ নাম দিয়ে । অৱশেষত আৰ . এইচ . হোৱাইটেকাৰ নামৰ আমেৰিকাৰ বিজ্ঞানীজনে ক’প লেণ্ডৰ চাৰিৰাজ্য বৰ্গীকৰণ পদ্ধতিৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰি এটা নতুন পাচ ৰাজ্য বৰ্গীকৰণ পদ্ধতি প্ৰকাশ কৰে । তেওঁ পৰপুষ্ট পুষ্টি পদ্ধতিৰ ওপৰত ভিত্তি কৰি ভেকুৰখিনি উদ্ভিদ জগতৰ পৰা পৃথক কৰি সম্পূৰ্ণ এক নতুন ৰাজ্যত অন্তৰ্ভূক্ত কৰে । এই পঞ্চ ৰাজ্যটোক ভেঁকুৰ ৰাজ্য বোলে । এনেদৰে সময়ৰ সো‍ঁতত বিভিন্ন বৰ্গীকৰণৰ পদ্ধতিসমূহৰ পৰিৱৰ্তন হৈ আহিছে ।

প্ৰশ্ন ২: নিম্নেলিখিত কেইটাৰ দুটাকৈ অৰ্থনৈতিক গুৰুত্ব বৈশিষ্ট্য ব্যৱহাৰৰ বিষয়ে লিখা ।

(১) পৰপুষ্ট ,

(২) আৰ্কিবেক্টেৰিয়া

উওৰ :

(১) পৰপুষ্ট :

(ক) গাখীৰৰ পৰা দৈ বনোৱাত সহায় কৰে ।

(খ) মাহজাতীয় শস্যৰ শিপাত নাইট্ৰ’জেন জাতীয় টেমুনা সৃষ্টি কৰি খেতিডৰা অধিক উন্নত কৰি তোলে ।

(২) আৰ্কিবেক্টেৰিয়া : 

(ক) মিথেনোজেন বেক্টেৰিয়াবোৰে গোবৰৰ পৰা মিথেন গেছ প্ৰস্তুত কৰাত সহায় কৰে ।

(খ) মিথেনোজেন বেক্টেৰিয়াই ঘাঁহ পাগুলা জন্তু যেনে ― গৰু , মহৰ অন্ত্ৰত বাস কৰি খাদ‍্য হজম কৰাত সহায় কৰে।

প্ৰশ্ন ৩: ডায়েটমৰ কোষবেৰৰ বৈশিষ্ট্য কি ? 

উওৰ : ডায়েটমৰ কোষবেৰত ছিলিকন ডাই – অক্সাইড থাকে ।

প্ৰশ্ন ৪: এলগেল ব্লুম আৰু ৰেডটাইড শব্দ দুটাই কি বুজায় ?

উওৰ : আমি জানো যে নীল হৰিৎ শেলাইবোৰ হ’ল ― সালোক সংশ্লেষণ কৰিব পৰা স্বপুষ্ট আৱৰণেৰে আবৃও হৈ থাকে । ‍সাধাৰণতে পুখুৰী, খাল , বিল আদিত নীৰ হৰিৎ শেলাইবোৰে পানীৰ উপৰিভাগত সাধাৰণভাৱে ওফন্দি এক আৱৰণৰ সৃষ্টি কৰে ইয়াকে এলগেল ব্লুম’ বোলে ।

আনহাতে সাগৰীয় সালোক সংশ্লেষণকাৰী প্ৰটিষ্টা ৰাজ্যৰ এবিধ জীৱ হ’ল গ’নিঅ লেক্স । গনিঅ’ লেক্স নামৰ ৰঙা ডিন’ফ্লেজেলেটবোৰ ইমান দ্ৰুতভাৱে প্ৰজনন কৰে যে সিহঁতে সাগৰ খনেই ৰঙচুৱা কৰি তোলে । এই পৰিঘটনাটোকে ‘ৰেডটাইড’ বোলে ।

প্ৰশ্ন ৫: ভাইৰাছতকৈ ভাই’ৰইড কি কাৰণে  পৃথক ?

উওৰ : ভাইৰাছৰ প্ৰ’টিন আচ্ছাদন আছে । ইয়াৰ উপৰিও নিউক্লিক এচিড RNA বা DNA থাকে । আনহাতে , ভাইৰইডৰ  প্ৰটিন আচ্ছাদন নাথাকে । লগতে নিউক্লিক এচিড RNA বোৰ  নিম্ন আনবিক ভাৰসম্পন্ন হয় ।

প্ৰশ্ন ৬: প্ৰ’ট’য’ৱাৰ চাৰিটা প্ৰধান ভাগৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ।

উওৰ : প্ৰ’ট’য’ৱাৰ প্ৰধান চাৰিটা ভাগ হ’ল ―

(ক) এমিবীয় প্ৰ’ট’য’ৱা : ইহঁতে অলৱণযুক্ত পানী , সাগৰীয় লুণীয়া পাণী বা সেমেকা মাটিত বাস কৰে ; কূট পদৰ সহায়ত চলাচল কৰি খাদ্য চিকাৰ কৰে । ইহঁত পৰজীৱী প্ৰাণী । যেনে ― এন্টামিবা ।

(খ) ফ্লেজেলাযুক্ত প্ৰ’ট’যৱা : এনেবোৰ প্ৰ’ট’যৱা মুক্ত নাইবা পৰজীৱী হ’য় । ইহঁতৰ দেহত ফ্লেজেলা থাকে । যেনে ― ট্ৰিপান’চ’নাৰ ।

(গ) চিলিয়াযুক্ত প্ৰ’ট’যৱা : এইবোৰ জলজ জীৱ । দেহত চলাচলৰ বাবে চিলিয়া থাকে । ইহঁতৰ গালেট নামৰ এটা গহ্বৰ থাকে যিটো কোষৰ পৃষ্ঠভাগত খোল খাই থাকে । পানীত চিলিয়াবোৰৰ সঞ্চালনে খাদ্যবস্তু বিলাক গালেটৰ ফালে ঠেলি দিয়াত সহায় কৰে ।যেনে ― পেৰামেছিয়াম ।

(ঘ) স্প’ৰ’যৱা : এই শ্ৰেণীৰ জীৱবিলাক বৰ্ণাঢ্য ; কাৰণ ইহঁতৰ জীৱন  চক্ৰটোত এটা সংক্ৰামক স্পৰ গঠন হোৱা পৰ্যায় এটা উপলব্ধ হয় । যেনে  ― প্লাডম’ ডিয়াম ।

প্ৰশ্ন ৭: উদ্ভিদবিলাক স্বপুষ্ট । তুমি এনেকুৱা কিছুমান উদ্ভিদৰ কথা জানানে যিবোৰ আংশিকভাৱে পৰিপুষ্ট ?

উওৰ : জানো ; এনেকুৱা কিছুমান উদ্ভিদৰ নাম হ’ল ―

(ক) ড্ৰচেৰা , 

(খ) ইউট্টিকুলেৰিয়া ,

(গ) কাচ্কটা ।

প্ৰশ্ন ৮: ফাইক’বায়ন্ট আৰু মাইক’বায়ন্ট আৰু শব্দ দুটাই কি বুজায় ? 

উওৰ : লাইকেনত ভেকুঁৰৰ উপাদানক  মাইক’বায়ন্ট আৰু শেলাইৰ উপাদানক ফাইক’বায়ন্ট বোলে । 

প্ৰশ্ন ৯: নিম্নলিখিত কেইটাৰ অধিক ভেকুঁৰ ৰাজ্যৰ শ্ৰেণীসমূহৰ তুলনা কৰা ।

(ক) পুষ্টিসাধনৰ উপায় ,

(খ) প্ৰজননৰ উপায় 

উওৰ : (ক) পুষ্টিসাধনৰ উপায় :

(১) ফাইক’মাইচিটিচ্ : অবিকল্পী পৰজীৱী ।

(২) এচিকোমাইচিটিচ্ : বেছি ভাগ মৃতজীৱী ।

(৩) বেচিডিঅ’মাইচিটিচ্ : পৰজীৱী আৰু মৃতজীৱী ।

(৪) ডিউটেৰমাইচিটিচ্ : পচনকাৰী ।

(খ) প্ৰজনৰ উপায় : 

(১) ফাইক’মাইচিটিচ্ : চলৰেণু আৰু অচলৰেণুৰ দ্বাৰা অযৌন প্ৰজনন হয় । যৌন প্ৰজননো আছে ।

(২) এচিকোমাইচিটিচ্ : অযৌন প্ৰজনন কনিডিয়াৰ দ্বাৰা হয় ।যৌন প্ৰজননো হয় ‌। ডিঅ’স্পৰ বোলে । 

(৩) বেচিডিঅ’মাইচিটিচ্ : অযৌন ৰেণু দেখা পোৱা নাযায় । যৌন ৰেণুবোৰ বেছি নাই ।

(৪) ডিউটেৰমাইচিটিচ্ : এই শ্ৰেণীৰ ভেকুৰে অকল কনিডিয়াৰ দ্বাৰা প্ৰজনন সম্পন্ন কৰে যৌন প্ৰজনন ।

প্ৰশ্ন ১০: ভাইৰাছ জীৱ নে জড় ? যুক্তিৰে মতামত দাঙি ধৰা ।

উওৰ : ভাইৰাছ জীৱ আৰু জড়ৰ মধ্যাৱস্থা ।কিয়নো প্ৰথমতে ভাইৰাছ এক ধৰণৰ জীৱ ; 

যুক্তি ― 

(ক) ভাইৰাছে বংশবৃদ্ধি কৰে , 

(খ) ভাইৰছৰ দেহত বৃদ্ধি হয় ,

(গ) ভাইৰছ সংক্ৰামক , 

(ঘ) ভাইৰাছৰ বংশগতি নিৰ্ণেয়ক পদাৰ্থ  বা থাকে ।দ্বিতীয়তে , ভাইৰাছ এক ধৰণৰ জড় বস্তু ; 

যুক্তি ― 

(ক) ভাইৰাছৰ দেহ কোষেৰে গঠিত নহয় , 

(খ) ভাইৰাছক স্ফটিকলৈ ৰূপান্তৰ হয় , 

(গ) ভাইৰাছৰ দেহত কোনো শৰ্কৰা বা শেতসাৰ নাথাকে , 

(ঘ) ভাইৰাছৰ শ্বসন আৰু পুষ্টি  আছে।ওপৰৰ দুয়ো ধৰণৰ যুক্তিৰ আলমত আমি ভাইৰাছ যে জড় আৰু জীৱৰ মধ্যাৱস্থা সেই কথা প্ৰমাণিত কৰিব পাৰো ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

প্ৰশ্ন ১১: ভাইৰাছৰ গঠন আৰু আনুবংশিক দ্ৰব্যৰ বিষয়ে চমু বৰ্ণনা দিয়া । ভাইৰাছে সৃষ্টি কৰা চাৰিটা ৰোগৰ নাম লিখা ।

উওৰ : 

চিএ : বেক্টেৰিঅ’ফাজৰ বাহ্যিক গঠন

ভাইৰাছৰ গঠন : সকলো ভাইৰাছ , নিউক্লিয় প্ৰটিন জৈৱ যৌগৰ দ্বাৰা গঠিত । ভাইৰাছৰ দেহটো দুটা অংশত বিভক্ত ― 

(ক) বাহিৰাৱৰন বা কেপছিড আৰু

(খ) কেপছিড্ কেন্দ্ৰস্থ অংশ নিউক্লিয়ড।বা ভাইৰাছ জিন’মৰ কেপছিডখন কিছুমান প্ৰটিন উপ একক বা কেপছ’মিয়েৰৰ দ্বাৰা গঠিত । আনহাতে , ভাইৰাছৰ নিউক্লিক এচিড (DNA , RNA)  অংশক নিউক্লিয়ড বোলে ।

1 thought on “Class 11 Biology Chapter 2 জীৱৰ বৰ্গকৰণ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top