Class 11 Biology Chapter 7 প্ৰাণীৰ গাঁঠনিক সংগঠন

Class 11 Biology Chapter 7 প্ৰাণীৰ গাঁঠনিক সংগঠন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 7 প্ৰাণীৰ গাঁঠনিক সংগঠন and select needs one.

Class 11 Biology Chapter 7 প্ৰাণীৰ গাঁঠনিক সংগঠন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 7 প্ৰাণীৰ গাঁঠনিক সংগঠন Solutions for All Subject, You can practice these here.

প্ৰাণীৰ গাঁঠনিক সংগঠন

পাঠ: ৭

দ্বিতীয় গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

১ : এটা শব্দ অথবা এটা বাক্যত উওৰ লিখা : 

প্ৰশ্ন : (ক) পেৰিপ্লেনেটা আমেৰিকানাৰ সাধাৰণ নাম কি ?

উত্তৰ : পঁইটাচোৰা ।

প্ৰশ্ন : (খ) কেঁচুত কিমান শুক্ৰবাহিকীয় থাকে ?

উত্তৰ : চাৰিযোৰ ।

প্ৰশ্ন : (গ) পঁইটাচোৰাৰ ডিম্বশয়ৰ অৱস্থান ক’ত ?

উত্তৰ : ২ – ৬ উদৰীয় খণ্ডত ।

প্ৰশ্ন : (ঘ) পঁইটাচোৰাৰ উদৰত কিমানটা খণ্ড থাকে ?

উত্তৰ : ১০ টা ।

প্ৰশ্ন : (ঙ) মালপিঘিয়ান নলিকা ক’ত পোৱা যায় ?

উত্তৰ : পঁইটাচোৰাৰ মধ্যাপৌষ্টিক নলী আৰু পশ্চাৎ পৌষ্টিক নলী ।

২ : তলত দিয়াবোৰৰ উত্তৰ লিখা :

প্ৰশ্ন : (ক) বৃক্বৰ কাম কি ?

উত্তৰ : (ক) নাইট্ৰ’জেনযুক্ত ৰেচন দ্ৰব্য শৰীৰৰ পৰা উলিয়াই দি দেহৰসৰ সন্তুলতা ৰক্ষা কৰা ।

(খ) তেজ পৰিস্ৰাৱন কৰা ।

প্ৰশ্ন : (খ) স্থান অনুযায়ী কেঁচুৰ কিমান ধৰণৰ বৃক্বক আছে ?

উত্তৰ : তিনিধৰণৰ বৃক্কক আছে ― 

(ক) চেপ্টাল বৃক্বক ,

(খ) চৰ্মীয় অধ‍্যাৱৰণীয় বৃক্বক আৰু

(গ) গ্ৰসনীয় বৃক্বক ।

প্ৰশ্ন ৩: কেঁচুৰ জননাংগৰ চিহ্নিত চিত্ৰ আঁকা ।

উত্তৰ : 

  চিত্ৰ : কেঁচুৰ জননাংগ

 

প্ৰশ্ন ৪: পঁইটাচোৰাৰ পাচননলীৰ চিহ্নিত চিত্ৰ আঁকা ।

উত্তৰ : 

                                              

প্ৰশ্ন ৫: পাৰ্থক্য লিখা :

(ক) প্ৰষ্টমিয়ম আৰু পেৰিষ্টমিয়ম  

(খ) পটীয়বৃক্কক আৰু গ্ৰসনীয় বৃক্কৰ 

উত্তৰ : (ক) প্ৰষ্টমিয়ম আৰু পেৰিষ্টমিয়ম –

প্ৰষ্টমিয়ম ― (ক) প্ৰষ্টমিয়ম হ’ল কেঁচুৰ মুখখন আৱৰি ৰখা এটা খণ্ড ।

(খ) প্ৰষ্টমিয়ম এবিধ সংবেদনশীল অংশ যিয়ে কেঁচুডাল আগবাঢ়ি যোৱাত সহায় কৰে । আৰু পেৰিষ্টমিয়ম ― 

(ক) পেৰিষ্টমিয়ম হ’ল প্ৰষ্টমিয়মৰ প্ৰথমটো খণ্ড যাক মুখগহ্বৰীয় খণ্ড বোলে ।

(খ) পেৰষ্ট’মিয়ামত কেঁচুডালৰ মুখখন থাকে ।

(খ) পটীয়বৃক্কৰ আৰু গ্ৰসনীয় বৃক্কৰ -পটীয়বৃক্কৰ ― 

(ক) কেঁচুৰ ৩ নং খণ্ডৰ পৰা দেহৰ শেষ খণ্ডলৈ দেহবেৰৰ আৱৰণত লাগি থাকি দেহতলত মুকলি হোৱা কেঁচুৰ এক ৰেচন অংগ হ’ল পটীয়বৃক্কক । গ্ৰসনীয় বৃক্বক ― 

(ক) কেঁচুৰ ৪ ,৫ আৰু ৬ নং খণ্ডত তিনি যোৰা গুচ্ছ হিচাপে থকা ৰেচন অংগ হ’ল ৰেচন অংগ হ’ল গ্ৰসনীয় বৃক্কক ।

প্ৰশ্ন ৬: দেহকোষৰ উপাদানবোৰ কি কি ? 

উত্তৰ : (ক) লিম্ফ’চাইট , 

(খ) ম’ন’ছাইট ,

(গ) নিউট্ৰ’ফিল ,

(ঘ) ইওঁচিন’ফিল আৰু

(ঙ) বেচ’ফিল ।

প্ৰশ্ন ৭: নিম্নলিখিত কোষবোৰ ক’ত পোৱা যায় ?

(ক)কন্ড’চাইট 

উত্তৰ : উপাস্থিত ।

(খ) এক্সন 

উত্তৰ : স্নায়ুকলা ।

(গ) চিলিয়াযুক্ত আচ্ছাদক 

উত্তৰ : নাসাৰন্ধ , শ্বাসনলী , ফেল’পিয়ান নলিকাৰ দৰে ফোঁপোলা অংগৰ অন্তঃ পৃষ্ঠ ভাগত থাকে ।

প্ৰশ্ন ৮: বিভিন্ন প্ৰকাৰৰ আচ্ছাদক কলা চিহ্নিত চিত্ৰসহ বৰ্ণনা কৰা ।

উত্তৰ : 

                                            

সৰল আচ্ছাদক

a) শল্কাকাৰ

b) ঘনাকাকাৰ

c) স্তম্ভাকাৰ

d) চিলিয়াযুক্ত স্তম্ভাকাৰ  

                                                

গ্ৰন্থিয় আচ্ছাদক

a) এককোষী

b) বহুকোষী

                                               

যৌগিক আচ্ছাদক ভৌমছদাৰ ওপৰত কোষবিলাকৰ সাজোন অনুসৰি আচ্ছাদক কলা সাধাৰণতে দুই প্ৰকাৰৰ ― 

(ক) সৰল আচ্ছাদক কলা । 

(খ) স্তৰীভূত আচ্ছাদক কলা ।কোষৰ আকৃতি – প্ৰকৃতি অনুসৰি সৰল আচ্ছাদক কলাক আকৌ কেইবা প্ৰকাৰত ভাগ কৰা হৈছে ।

সেইবোৰ ক্ৰমে ―

(ক) চটীয়া আৱৰনী । 

(খ) স্তম্ভাকাৰ আৱৰণী ।

(গ) চিলিয়াযুক্ত আৱৰণী । 

(ঘ) ঘনকাকাৰ আৱৰণী ।

(ঙ) গ্ৰন্থিময় আৱৰণী ।

(চ) সংবেদী আৱৰণী ।

(ছ) ছদ্মস্তৰীভূত বা অপ্ৰকৃত স্তৰীভূত আৱৰণী কলা ।

(জ) অংকুৰণ আৱৰণী কলা ।

আনহাতে স্তৰীভূত আচ্ছাদক কলাক আকৌ আন তিনিটা ভাগত ভাগ কৰা হৈছে । সেইবোৰ যথাক্ৰমে ―

(ক) স্তৰীভূত চটীয়া আচ্ছাদক কলা ।

(খ) স্তৰীভূত স্তম্ভাকাৰ আচ্ছাদক কলা ।

(গ) স্তৰীভূত ঘনাকাকাৰ আচ্ছাদক কলা ।

প্ৰশ্ন ৯: প্ৰভেদ লিখা :

(ক) সৰল আচ্ছাদক আৰু যৌগিক আচ্ছাদক –

উত্তৰ : সৰল আচ্ছাদক ―

(ক) ই মাত্ৰ এটা কোষীয় স্তৰেৰে গঠিত ।

(খ) দেহগহ্বৰ , নলিকা আদিৰ বেৰবোৰ সৰল আচ্ছাদক কলাৰে গঠিত । আৰুযৌগিক আচ্ছাদক ― 

(ক) এটাতকৈ বেছি কোষীয় স্তৰেৰে গঠিত ।

(খ) ছালৰ দৰে ৰক্ষণাবেক্ষণৰ কাম কৰে ।

(খ) হৃদীয় পেশী আৰু ৰেখিত পেশী –

উত্তৰ : হৃদীয় পেশী ― 

(ক) নিজ ইচ্ছামতে লৰচৰ কৰিব নোৱাৰে ।

(খ) হৃদপেশীৰ তন্ত্ৰবোৰ অনুপ্ৰস্থীয় ৰেখা নাথাকে ।

(গ) এই কলাৰ তন্ত্ৰকোষত মাত্ৰ এটাহে কোষকেন্দ্ৰ  থাকে ।

ৰেখিত পেশী ―

(ক) নিজ ইচ্ছামতে লৰচৰ কৰিব পাৰে ।

(খ) ৰেখিত পেশীৰ তন্ত্ৰবোৰত ৰেখা থাকে ।

(গ) এই কলাৰ কোষ প্ৰৰসত একাধিক কোষকেন্দ্ৰ থাকে ।

(গ) ঘন নিয়মিত আৰু ঘন অনিয়মিত  সংযোজক কলা –

উত্তৰ : ঘন নিয়মিত সংযোজক কলা  ―

(ক) ঘন নিয়মিত সংযোজক কলাত ক’লাজনে আঁহবোৰ শাৰী শাৰী কৈ আঁহগোটৰ মাজে মাজে সোমাই থাকে ।

(খ) ঘন নিয়মিত সংযোজক কলাই ছালৰ কংকালীয় পেশীক অস্থিৰ লগত সংযোজিত কৰি ৰাখে ।ঘন অনিয়মিত সংযোজক কলা ―

(ক) ঘন অনিয়মিত সংযোজক কলাত ক’লাজেন আঁহবোৰ বিভিন্ন দিশত আঁহগোটৰ মাজে মাজে সোমাই থাকে ।

(খ) ঘন অনিয়মিত সংযোজক কলা তলত থাকে ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

প্ৰশ্ন ১০: প্ৰতি শাৰীত থকা অমিলটো চিনাক্ত কৰা।

(ক) মণ্ডলীয় কলা , তেজ , নিউৰণ , কণ্ডৰা ।

উত্তৰ : নিউৰণ ।

(খ) লোহিতৰক্ত কণিকা , শ্বেতৰক্তকণিকা , অনচক্ৰিকা , উপাস্থি ।

উত্তৰ : উপাস্থি ।

(গ) নলিকাযুক্ত , নলিকাহীন , লালটি গ্ৰন্থি , অস্থিৰজ্জু ।

উত্তৰ : অস্থিৰজ্জু ।

(ঘ) উৰ্ধহনু , অধঃহনু , উপৰাচ্চ , শৃংগিকা ।

উত্তৰ : শৃংগিকা ।

(ঙ) আদ্যতন্ত্ৰ , মধ্যবক্ষ , পশ্চবক্ষ , কক্ষাংগ ।

উত্তৰ : আদ‍্যতন্ত্ৰ ।

প্ৰশ্ন ১১: স্তম্ভ (ক) সৈতে স্তম্ভ (খ) ত থকা ৰাশি মিলোৱা –

স্তম্ভ (ক) স্তম্ভ (খ)
(ক) যৌগিক আচ্ছাদক (ক) পাচননলী
(খ) যৌগিক চকু(খ) পঁইটাচোৰা
(গ) পটীয় বৃক্কৰ(গ) ছাল, অধিচ্ছদ 
(ঘ) মুক্ত সংবহনতন্ত্ৰ(ঘ) কৃত্ৰিম দৃষ্টি
(ঙ) টিফ্লচ’ল(ঙ) কেঁচু
(চ) অস্থিকোষ(চ) ফেল’মিয়েৰ
(ছ) জনেনন্দিয়(ছ) হাড়

উত্তৰ :

স্তম্ভ (ক) স্তম্ভ (খ)
(ক) যৌগিক আচ্ছাদক (গ) ছাল, অধিচ্ছদ
(খ) যৌগিক চকু(ঘ) কৃত্ৰিম দৃষ্টি
(গ) পটীয় বৃক্কৰ(ঙ) কেঁচু
(ঘ) মুক্ত সংবহনতন্ত্ৰ(খ) পঁইটাচোৰা
(ঙ) টিফ্লচ’ল(ক) পাচননলীৰ
(চ) অস্থিকোষ(চ) ফেল’মিয়েৰ 
(ছ) জনেনন্দিয়(ছ) হাড় 

প্ৰশ্ন ১২: পানীভেকুলীৰ পাচনতন্ত্ৰৰ পৰিষ্কাৰ চিহ্ন আঁকা ।

উত্তৰ : 

                                             

 

1 thought on “Class 11 Biology Chapter 7 প্ৰাণীৰ গাঁঠনিক সংগঠন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top