Class 11 Biology Chapter 17 শ্বাস প্ৰশ্বাস আৰু গেছ বিনিময়

Class 11 Biology Chapter 17 শ্বাস প্ৰশ্বাস আৰু গেছ বিনিময় The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 17 শ্বাস প্ৰশ্বাস আৰু গেছ বিনিময় and select needs one.

Class 11 Biology Chapter 17 শ্বাস প্ৰশ্বাস আৰু গেছ বিনিময়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 17 শ্বাস প্ৰশ্বাস আৰু গেছ বিনিময় Solutions for All Subject, You can practice these here.

শ্বাস প্ৰশ্বাস আৰু গেছ বিনিময়

পাঠ: ১৭

পঞ্চম গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: মুখ্য ধাৰণ ক্ষমতাৰ সংজ্ঞা লিখা ।

উত্তৰ :- এজন ব্যক্তিয়ে সজোৰে নিশাহ এৰি দিয়াৰ পিছত গ্ৰহণ কৰিব পৰা সৰ্বোচ্চ আয়তনৰ বায়ু কে মুখ্য ধাৰণ ক্ষমতা বোলে । ই হৈছে ERV , TV আৰু IRV ৰ সমষ্টি ।

প্ৰশ্ন ২: স্বাভাৱিক শ্বসনৰ অন্তত হাওঁফাওঁত ৰৈ যোৱা বায়ুৰ আয়তন উল্লেখ কৰা ।

উত্তৰ :- এই আয়তন গঢ়ে 1100ml to 1200 ml .

প্ৰশ্ন ৩: গেছৰ ব্যাপন অকল বায়ুথলী অংশতে হয় , শ্বসনতন্ত্ৰৰ আন অংশত নহয় কিয় ‌।

উত্তৰ :- কিয়নো বায়ুথলীবোৰ অতি পাতল চটীয়া আৱৰণী কলাৰ আৱৰণৰে আবৃত্ত ।আনহাতে শ্বসনতন্ত্ৰৰ আন অংশবোৰ ডাঠ । সেইবাবে গেছৰ ব‍্যাপন অকল বায়ুথলী অংশত হয় ।

প্ৰশ্ন ৪: কাৰ্বন – ডাই – অক্সইডৰ পৰিবহৰ মুখ্য প্ৰণালীবোৰ কি ? 

উত্তৰ :- মুখ্য প্ৰণালীবোৰ হ’ল ―

(ক) কাৰ্বনিক এছিড 

(খ) কাৰ্বামিন’যৌগ

(গ) বাইকাৰ্বনেট আয়ন ।

প্ৰশ্ন ৫: বায়ুমণ্ডলৰ আৰু বায়ুথলীৰ বায়ুৰ তুলনাত কি হ’ব ?

(ক)  PO₂ কম PCO₂ বেছি

(খ) PO₂ বেছি PCO₂ কম 

(গ) PO₂ বেছি PCO₂ কম 

(ঘ) PO₂ কম PCO₂ বেছি 

উত্তৰ :- PO₂ কম আৰু PCO₂ বেছি হ’ব ।

প্ৰশ্ন ৬: সাধাৰণ অৱস্থাত শ্বাসক্ৰিয়া প্ৰণালী বৰ্ণনা কৰা ।

উত্তৰ :- শ্বাসক্ৰিয়া আৰম্ভ হয় মধ‍্যচ্ছদাৰ সংকোচন দ্বাৰা । ইয়াৰ ফলত বক্ষ গহ্বৰ আয়তন অগ্ৰ – পশ্চাৎ অক্ষত বৃদ্ধি পায় । আনহাতে বহিঃ আন্তঃপণ্ডকী পেশীৰ সংকোচনে কামিহাড়বোৰ আৰু ষ্টানামৰ ওপৰৰ দিশত ঠেলি পঠিয়াই যিয়ে বক্ষ গহ্বৰৰ আয়তন পৃষ্ঠীয় – অংকীয় অক্ষত বৃদ্ধি কৰে । এইদৰে বক্ষ গহ্বৰৰ এই আয়তন বৃদ্ধিয়ে হাওঁফাওঁৰ ভিতৰৰ আয়তন বঢ়ায় । হাওঁফাওঁৰ আয়তন বৃদ্ধিৰ ফলত ইয়াৰ ভিতৰত থকা বায়ুৰ চাপ বায়ুমণ্ডলৰ চাপৰ তুলনাত হ্ৰাস পায় । ফলত বায়ুমণ্ডলৰ পৰা হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰে যাক শ্বাস ক্ৰিয়া বোলে ।

প্ৰশ্ন ৭: শ্বসন কেনেধৰণে নিয়ন্ত্ৰিত হয় ?

উত্তৰ :- দেহৰ কলাসমূহৰ আৱশ‍্যকতা অনুযায়ী শ্বসনৰ হাৰ খাপ খুৱাবলৈ মানৱদেহৰ এক বিশেষ ক্ষমতা আছে । এই কাৰ্য্য স্নায়বিক তন্ত্ৰৰ দ্বাৰা সম্পূৰ্ণ হয় । শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ মস্তিষ্কৰ মেদুলা অঞ্চলত থকা শ্বসনছন্দ কেন্দ্ৰ নামৰ এক বিশেষ কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল । মস্তিষ্কৰ পনচ অঞ্চলত থকা শ্বাসনিয়মন কেন্দ্ৰই শ্বসনছন্দ কেন্দ্ৰৰ কাৰ্য্য নিয়মিত কৰে । এই কেন্দ্ৰৰ পৰা প্ৰেৰিত স্নায়ৱিক সংকেতে শ্বাস প্ৰক্ৰিয়াৰ ব‍্যৱধান কমাই শ্বসনৰ হাৰৰ পৰিৱৰ্তন ঘটায় । ছন্দ কেন্দৰ ওপৰতে থকা ৰসায়ন সংবেদী ক্ষেত্ৰটো CO₂ আৰু H˖ ৰ প্ৰতি যথেষ্ট সংবেদী । দেহত CO₂ আৰু H˖ ৰ পৰিমানে বৃদ্ধিয়ে এই ক্ষেত্রটো সংক্ৰিয় কৰে যিয়ে কেন্দ্ৰলৈ সংকেত প্ৰেৰণ কৰি শ্বাস – প্ৰশ্বাস প্ৰক্ৰিয়াটো নিয়মিত কৰে ।

প্ৰশ্ন ৮: মানুহ এজনে পাহাৰ বগাই উঠোতে শ্বসন ক্ৰিয়া কিয় বেছি সংঘটিত হয় ?

উত্তৰ :- মানুহ এজনে পাহাৰ বগাই উঠোতে অধিক শক্তিৰ অপচয় হয় । এই অপচয় হোৱা শক্তিখিনিৰ অভাৱ কেৱল অক্সিজেনেহে পূৰ কৰিব পাৰে । সেয়ে শ্বসন ক্ৰিয়া বেছিকৈ সংঘটিত হোৱা দেখা যায় ।

প্ৰশ্ন ৯: পতংগৰ গেছ বিনিময় প্ৰক্ৰিয়াৰ স্থান কি ? 

উত্তৰ :- বায়ু নলী অথবা ট্ৰেকীয়া ।

প্ৰশ্ন ১০: অক্সিজেন হিম’গ্লবিন বিয়োজন লেখ কি ?

অক্সিজেন – হিম’গ্লবিন বিয়োজন ৰেখা ― তেজত থকা যি পৰিমাণৰ হিম’গ্লবিন অক্সিজেনৰ লগত সংযুক্ত হৈ থাকে তাক হিম’গ্লবিন সংপৃক্ত হাৰ বোলে । ই নিৰ্ভৰ কৰে তেজত থকা O₂ ৰ চাপ (PO₂) ৰ ওপৰত । বায়ুকোষৰ পৰা সংগ্ৰহ কৰা তেজত PO₂ – ৰ পৰিমান 95 – 97 mm Hg থাকোতে O₂ ৰ লগত হিম’গ্লবিনৰ সংপৃক্ত হাৰ 97 % হয়গৈ । অন‍্যহাতে , হাওঁফাওঁলৈ কঢ়িয়াই অনা অক্সিজেন বিহীন তেজত PO₂ ৰ পৰিমাণ 40 mm Hg থাকোতে O₂ ৰ লগত সংপৃক্ত হিম’গ্লবিনৰ মানৰ পৰিমাণ 70 – 75 % । তেজৰ PO₂ ৰ মান আৰু O₂ ৰ লগত সংপৃক্ত হোৱা হিম’গ্লবিনৰ মানৰ সম্বন্ধটো লেখ চিত্ৰত অংকন কৰিলে যি বক্ৰৰেখাৰ সৃষ্টি হয় তাক অক্সিজেন – হিম’গ্লবিন বিয়োজন ৰেখা বোলা হয় । ই দেখাত S আখৰটোৰ দৰে । 

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

প্ৰশ্ন ১১: হাইপ’ক্সিয়া কি ?

উত্তৰ :- জীৱ দেহৰ কলা – কোষত হোৱা অক্সিজেনৰ অভাৱক হাইপ’ক্সিয়া বোলে । ই দুই ধৰণৰ  ― 

(ক) আটিফিচিয়েল হাইপ’ক্সিয়া ।

(খ) এনিমিক হাইপ’ক্সিয়া ।

প্ৰশ্ন ১২: পাৰ্থক্য লিখা ― 

(ক) সংৰক্ষিত শ্বাস আয়তন (IRV) আৰু সংৰক্ষিত নিশ্বাস আয়তন (ERV) 

উত্তৰ :

সংৰক্ষিত শ্বাস আয়তন (IRV) ― সংৰক্ষিত নিশ্বাস আয়তন (ERV) 
(১) সাধাৰণ জোৱাৰী আয়তনৰ উপৰি অতিৰিক্তভাৱে যি পৰিমাণৰ বায় উশাহত টানি ল’ব পৰা যায় তাকে সংৰক্ষিত শ্বাস আয়তন (IRV) বোলে ।(১) সাধাৰণ জোৱাৰ আয়তনৰ বায়ু নিশ্বাসত এৰাৰ উপৰি সাজোৰে যি পৰিমাণৰ বায়ু হাত্তঁফাত্তঁৰ পৰা উলিয়াই দিব পাৰি তাক সংৰক্ষিত নিশ্বাস আয়তন বোলে ।
ইয়াৰ পৰিমাণ 3000 ml.ইয়াৰ পৰিমাণ 1100 ml. 

(খ) শ্বাস ধাৰণ ক্ষমতা আৰু প্ৰশ্বাস ধাৰণ ক্ষমতা ।

উত্তৰ :-  

শ্বাস ধাৰণ ক্ষমতা ―প্ৰশ্বাস ধাৰণ ক্ষমতা ―
(১) একোজন  ব‍্যক্তিয়ে স্বাভাৱিক প্ৰশ্বাসক্ৰিয়া কৰাৰ পিছত শ্বাস ক্ৰিয়াত গ্ৰহণ কৰা সমুদায় বায়ুৰ আয়তনক শ্বাস ধাৰণ ক্ষমতা বোলে ।(১) স্বাভাৱিকভাৱে নিশাহত এৰি দিয়া মুঠ বায়ুৰ আয়তনক প্ৰশ্বাস ধাৰণ ক্ষমতা বোলে ।
(২) ই হৈছে জোৱাৰী আয়তন আৰু সংৰক্ষিত শ্বাস আয়তন যোগফল ( TV + IRV ) ।(২) ই হৈছে জোৱাৰী আয়তন আৰু সংৰক্ষিত প্ৰশ্বাস আয়তনৰ যোগফল ( TV + ERV ) ।

(গ) মুখ্য ধাৰণ ক্ষমতা আৰু মুঠ হাত্তঁফাত্তঁ ক্ষমতা ।

উত্তৰ :-

মুখ্য ধাৰণ ক্ষমতা ―মুঠ হাত্তঁফাত্তঁ ক্ষমতা ― 
(১) এজন ব্যক্তিয়ে সজোৰে নিশাহ এৰি দিয়াৰ পিছত গ্ৰহণ কৰিব পৰা সৰ্বোচ্চ আয়তনৰ বায়ু অথবা সজোৰে শ্বাস গ্ৰহণ কৰাৰ পিছত নিশাহত এৰি দিয়া সৰ্বোচ্চ আয়তনৰ বায়ুক মুখ্য ধাৰণ ক্ষমতা বোলে ।(১) সজোৰে উশাহ গ্ৰহণৰ অন্তত হাত্তঁফাত্তঁ দুটাত ধৰি ৰাখিব পৰা বায়ুৰ সৰ্বমুঠ আয়তনক মুঠ হাত্তঁফাত্তঁ ক্ষমতা বোলে ।
(২)ই হৈছে ERV , TV আৰু IRV ৰ সমষ্টি ।(২) ই হৈছে RV , ERV , TV আৰু IRV ৰ অন্তৰ্ভুক্ত ।

প্ৰশ্ন ১৩: জোৱাৰী আয়তন কি ? 

উত্তৰ :- স্বাভাৱিক শ্বসনৰ সময়ত যি আয়তনৰ বায়ু গ্ৰহণ বা এৰা হয় তাকেই জোৱাৰী আয়তন বোলে ।

1 thought on “Class 11 Biology Chapter 17 শ্বাস প্ৰশ্বাস আৰু গেছ বিনিময়”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top