Class 11 Biology Chapter 11 উদ্ভিদ পৰিবহন

Class 11 Biology Chapter 11 উদ্ভিদ পৰিবহন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Biology Chapter 11 উদ্ভিদ পৰিবহন and select needs one.

Class 11 Biology Chapter 11 উদ্ভিদ পৰিবহন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 11 উদ্ভিদ পৰিবহন Solutions for All Subject, You can practice these here.

উদ্ভিদ পৰিবহন

পাঠ: ১১

চতুৰ্থ গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: ব‍্যাপনৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰক কেইটা কি কি ?

উত্তৰ :- (ক) অণুৰ ঘনত্ব ,

(খ) অণুৰ আপেক্ষিক আয়তন ,

(গ) উচ্চতা ,

(ঘ) ব‍্যাপনৰ মাধ‍্যম ইত্যাদি ।

প্ৰশ্ন ২: পৰিনচ্ কি ? ব‍্যাপনত সিহঁতৰ ভূমিকা কি ?

উত্তৰ :- পৰিনচ্ এক ধৰণৰ প্ৰ’টিন কণিকা ।এই প্ৰ’টিনবোৰে প্লাষ্টিক , মাইট’কন্দিয়া আৰু কিছুমান বেক্টেৰিয়াৰ বহিঃ আৱৰণত ডাঙৰ ডাঙৰ বিন্ধা সৃষ্টি কৰি তাৰ মাজৰে সৰু সৰু প্ৰ’টিনৰ জোখক অণুবোৰ সহজতে পাৰ হৈ যোৱাত সহায় কৰে ।

প্ৰশ্ন ৩: উদ্ভিদত সংক্ৰিয় পৰিৱহনত প্ৰ’টিন পাম্পে লোৱা ভূমিকাৰ কথা বৰ্ণনা কৰা ।

উত্তৰ :- দ্ৰব্যৰ ঘনত্বৰ বিপৰীতে যেতিয়া অণু বিলাকে শক্তি ব‍্যৱহাৰ কৰি পৰিবাহিত হয় , তাক সংক্ৰিয় পৰিবহন বোলে । সংক্ৰিয় পৰিবহন আৱৰণত থকা প্ৰ’টিনৰ দ্বাৰা সংঘটিত হয় ।সেয়ে আৱৰণত থকা বিভিন্ন প্ৰ’টিনসমূহে  সংক্ৰিয় আৰু নিস্ত্ৰিয় পৰিবহনত এক উল্লেখনীয় ভূমিকা পালন কৰে । এই প্ৰ’টিসমূহে পাম্পৰ দ্বাৰা কাম কৰে । সিহঁতে শক্তিৰ সহায়ত নিম্ন গাঢ়তাৰ পৰা উচ্চ গাঢ়তালৈ দ্ৰব্যৰ অণু পৰিবাহিত কৰে। যেতিয়া আটাইবোৰ বাহক প্ৰ’টিন ব‍্যৱহাৰ হয় তেতিয়াই পৰিবহনৰ হাৰ আটাইতকৈ বেছি হয় ।

প্ৰশ্ন ৪: বিশুদ্ধ পানীৰ জলবিভৱ কিয় আটাইতকৈ বেছি হয় ?

উত্তৰ :- পানীৰ অণু গতি শক্তি থাকে । তৰল আৰু বাষ্প আকাৰত সিহঁত এক যাদৃচ্ছক গতিত থাকে যি খৰতকীয়া আৰু ধ্ৰুৱক । যি প্ৰণালীত পানীৰ ঘনত্ব যিমানে বেছি হয় , তাৰ গতিশক্তি অথবা জল বিভবো সিমানে বেছি হয় । সেয়ে বিশুদ্ধ পানীৰ জলবিভৱ আটাইতকৈ বেছি ।

প্ৰশ্ন ৫: পাৰ্থক্য লিখা :- 

(ক) ব‍্যাপন আৰু আসৃতি 

উত্তৰ :- ব‍্যাপন আৰু আসৃতি ―

ব‍্যাপন ― 

(ক) এই প্ৰক্ৰিয়াত কোনো ভেদ্য বা অৰ্ধভেদ্য আৱৰণৰ প্ৰয়োজন নাই ।

(খ) এই প্ৰক্ৰিয়াত কোনো পদাৰ্থৰ গতিশীল অণু বেছি ঘনত্বৰ পৰা কম ঘনত্বৰ ফালে গতি কৰে ।

(গ) ব‍্যাপন বিষম প্ৰকৃতিৰ দ্ৰৱণৰ মিশ্ৰণতো ঘটিব পাৰে ।

(ঘ) একাধিক দ্ৰৱণৰ মিশ্ৰণত ব‍্যাপন বাধাপ্ৰাপ্ত নহয় । আৰু

আসৃতি ―

(ক) এই প্ৰক্ৰিয়া কেৱল অৰ্ধভেদ্য আৱৰণৰ মাজেদি হয় ।

(খ) এই প্ৰক্ৰিয়াত দ্ৰৱকৰ অণুবিলাক বেছি ঘনত্বৰ পৰা অৰ্ধভেদ্য আৱৰণৰ মাজেদি দ্ৰাৱকৰ কম ঘনত্বৰ ফালে গতি কৰে ।

(গ) কেৱল সম প্ৰকৃতিৰ দ্ৰৱণৰ মাজত ঘটিব পাৰে ।

(ঘ) কেৱল একে ধৰণৰ তৰল দুটাৰ ঘনত্বৰ পাৰ্থক্য হ’ল আসৃতি ঘটে ।

(খ) প্ৰস্বেদন আৰু বাষ্পীভৱন 

উত্তৰ :- প্ৰস্বেদন ―

(ক) ই এক ধৰণৰ শৰীৰ ক্ৰিয়া ।

ই কেৱল উদ্ভিদ দেহত হয় ।

(খ) পত্ৰৰন্ধ , বাতৰন্ধ  আৰু বহিস্তকৰ মাজেদি হয় ।

(গ) শৰীৰ ক্ৰিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ।

(ঘ) জীৱিত কোষৰ পৰা হয় ।

(ঙ) ইয়াৰ দ্বাৰা পাত ঠাণ্ডা আৰু সেমেকা হয় ।

বাষ্পীভৱন ―

(ক) ই এক ধৰণৰ ভৌতিক ক্ৰিয়া । ই যিকোনো ঠাইৰ পানীৰ উপৰিভাগৰ পৰা হয় ।

(খ) মুক্ত যিকোনো অঞ্চলৰ পৰা হয় ।

(গ) কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকে ।

(ঘ) জড় জীৱ উভয়ৰে পৰা হয় ।

(ঙ) যি ঠাইৰ পৰা হয় সেই ঠাইৰ শুষ্ক হৈ পৰে ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

৬। যদিহে বিশুদ্ধ পানী আৰু এটা দ্ৰবত বায়ুমণ্ডলীয় চাপতকৈ অধিক চাপ প্ৰদান কৰা হয় তেতিয়া কি হ’ব পাৰে?

উত্তৰঃ যেতিয়া এটা দ্ৰবত বা বিশুদ্ধ পানীত বায়ুমণ্ডলীয় চাপতকৈ অধিক চাপ প্ৰদান কৰা হয় তেতিয়া দ্ৰৱটোৰ বা বিশুদ্ধ পানীৰ জলবিভৱৰ মান বৃদ্ধি হয়।

৭। উদিত পানী আৰু খনিজ দ্রব্য শোষণত মাইকৰাইজাই কেনেদৰে সহায় কৰে?

উত্তৰঃ মাইক’ৰহাইজ হ’ল ভেকুৰ আৰু উচ্চশ্রেণীৰ উদ্ভিদৰ শিপাৰ সহজীৱিতা। মাইক’ৰহাইজাত অংশ গ্রহণ কৰা ভেকুৰ বিধক মাইক’ৰহাইজেন ভেকুৰ বোলে। ই শিপাৰ চাৰিওফালে বিস্তৃতি লাভ কৰি পানী আৰু খনিজ লৱণ গছজোপাক যোগান ধৰে আৰু গছজোপাৰ পৰা নাইট্ৰ’জেনজাতীয় যৌগ আৰু শৰ্কৰা গছজোপাৰ পৰা ভেকুৰবিধে লাভ কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ 

১। পার্থক্য লিখা।

(ক) সংক্রিয় শোষণ আৰু নিস্ক্রিয় শোষণ।

উত্তৰঃ 

সংক্রিয় শোষণনিস্ক্রিয় শোষণ
(ক) ই এবিধ জৈৱ ৰাসায়নিক ক্রিয়া।(ক) ই এটি ভৌতিক প্রক্রিয়া।
(খ) এই প্ৰক্ৰিয়াত ব্যাপন-নিৰ্ভৰ নহয়।(খ) ই প্রকৃততে এটি ব্যাপন প্রক্রিয়া।
(গ) আয়ন ঘনত্বৰ বিপৰীতে গতি কৰে।(গ) আয়ন সদায় ঘনত্বৰ স্বপক্ষে চলাচল কৰে।
(ঘ) এই প্রক্রিয়া শক্তি-নিৰ্ভৰ।(ঘ) শক্তিৰ ব্যৱহাৰ নহয়।
(ঙ) শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়৷(ঙ) শ্বাস-প্ৰশ্বাসৰ তাৰতম্য নঘটে।
(চ) ধনাত্মক আৰু ঋণাত্মক আয়নৰ শোষণ একেলগে চলিব পাৰে।(চ) ধনাত্মক আৰু ঋণাত্মক আয়নৰ শোষণ একেলগে চলি নাথাকে।

(খ) ৰসস্ফীতি আৰু ৰসস্ফীতিৰ চাপ।

উত্তৰঃ কোষে পানী শোষণ কৰাৰ ফলত ওফন্দি পৰে। কোষৰ এই অৱস্থাক ৰসস্ফীতি বোলা হয়। ৰসস্ফীতিৰ ফলত কোষবোৰত ভিতৰফালৰ পৰা যি চাপ পৰে তাক ৰসস্ফীতিৰ চাপ বোলা হয়।

(গ) অন্তৰাসৃতি আৰু বহিৰাসৃতি।

উত্তৰঃ কোষৰ বাহিৰৰ লঘু দ্ৰৱৰ পৰা কোষৰ ভিতৰৰ ঘন দ্ৰৱলৈ হোৱা অন্তৰাসৃতি বোলে। আনফালে কোষৰ ভিতৰৰ লঘু দ্ৰৱৰ পৰা কোষৰ বাহিৰৰ ঘন দ্ৰৱলৈ হোৱা আসৃতিক বহিৰাসৃতি বোলে।

(ঘ) কোষবেৰৰ চাপ আৰু ৰসস্ফীতিৰ চাপ।

উত্তৰঃ আসৃতিৰ ফলত কোষৰ ভিতৰত ৰস স্ফীতিৰ চাপ বৃদ্ধি পায়। এই চাপে কোষবেৰৰ ওপৰত চাপ দিয়ে ৷ এই চাপক প্ৰতিহত কৰিবলৈ যি পৰিমাণৰ চাপৰ সৃষ্টি হয় তাকে কোষবেৰৰ চাপ বোলে।

আসৃতিৰ ফলত কোষত পানী প্ৰৱেশ কৰে। পানী প্ৰৱেশ কৰাৰ ফলত কোষ ক্রমশ ওফন্দি উঠে। ইয়াকেই কোষৰ ৰসস্ফীতি বোলে।

(ঙ) অর্ধভেদ্যতা আৰু চয়নাত্মক ভেদ্যতা।

উত্তৰঃ ভেদ্যতা অনুযায়ী কোনো এক বস্তুক তিনিটা ভাগৰ যিকোনো এটা ভাগত পেলাব পৰা যায়। কোনো এক বস্তুৱে যদি আন যিকোনো বস্তুক তাৰ মাজেদি অহা-যোৱা কৰাত বাধা নিদিয়ে তেতিয়া তাক ভেদ্য বোলা হয়। আন হাতেদি যদি সি কোনো প্ৰকাৰৰ অন্য বস্তু তাৰ মাজেদি অহা-যোৱা কৰিবলৈ নিদিয়ে তেতিয়াহ’লে তাক অভেদ্য বোলা হয়। এনে কোনো কোনো বস্তু আছে যিবিলাকে কেৱল দ্ৰাৱকক অনায়াসে অহা-যোৱা কৰিবলৈ দিয়ে কিন্তু দ্ৰৱ আৰু দ্ৰাব্যৰ অহা-যোৱাত বাধা দিয়ে। এনে বস্তুক অর্দ্ধভেদ্য বোলা হয়। জীৱ কোষৰ কোষাৱৰণৰ সম্পূর্ণভাৱে অৰ্দ্ধভেদ্য বুলি ক’ব পৰা নাযায়। কাৰণ প্ৰয়োজনত ই দ্ৰাৱকৰ কোনো কোনো অণুৰ অহা-যোৱাত নিদিয়ে। কোষাৱৰণখনে বস্তুৰ তেনে অণুবিলাক বাছি লৈহে ভেদ কৰিবলৈ সুযোগ দিয়ে৷ এনে ধৰণৰ ভেদ্যতাক চয়নাত্বক ভেদ্যতা বোলা হয়।

(চ) ব্যাপন, সহজাত পৰিবহন আৰু সংক্ৰিয় পৰিবহনৰ পাৰ্থক্য লিখা।

উত্তৰঃ 

ব্যাপনসহজাত পৰিবহনসক্ৰিয় পৰিবহন
১। বিশেষ আৱৰণ প্ৰ’টিনৰ প্রয়োজন নাই।১। বিশেষ আৱৰণ প্ৰ’টিনৰ প্রয়োজন আছে।১। আছে।
২। ব্যাপন হোৱা অণুসমূহৰ ভেদাভেদ নাই৷২। অণুসমূহ বাছি লয়।২। বাছি লয়।
৩। ব্যাপন ঘনত্বৰ সপক্ষে হয়।৩। ব্যাপন ঘনত্বৰ বিপৰীতে হয়৷৩। বিপৰীতে হয়।
৪। ব্যাপনত শক্তি ব্যৱহাৰ নহয়। ৪। শক্তি ব্যৱহাৰ নহয়।৪। শক্তি ব্যৱহাৰ হয়। 
৫। বাহক প্ৰ’টিনৰ প্ৰয়োজন নাই।৫। প্রয়োজন আছে।৫। প্রয়োজন আছে।

(ছ) নিষ্ক্রিয় পৰিবহন আৰু সংক্ৰিয় পৰিবহনৰ পাৰ্থক্য লিখা।

উত্তৰঃ

নিষ্ক্রিয় পৰিবহনসক্ৰিয় পৰিবহন
১। কোনো শক্তি ব্যৱহাৰ নহয়।১। শক্তি ব্যৱহাৰ হয়।
২। ব্যাপন ঘনত্বৰ সপক্ষে হয়।২। ব্যাপন ঘনত্বৰ বিপৰীতে হয়।
৩। ধনাত্মক আৰু ঋণাত্মক আয়নৰ ব্যাপন একেলগে নহয়।৩। ধনাত্মক আৰু ঋণাত্মক আয়নৰ ব্যাপন একেলগে হয়।
৪। শ্বসনৰ হাৰ বৃদ্ধি নহয়।৪। শ্বসনৰ হাৰ বৃদ্ধি পায়।
৫। বাহক প্ৰ’টিনৰ ভূমিকা নাই। ৫। বিশেষ বাহক প্ৰ’টিনৰ প্ৰয়োজন হয়।
৬। উৎসেচকৰ ভূমিকা নাই।৬। উৎসেচকৰ ভূমিকা আছে।

২। অৱশোষণ, ব্যাপন আৰু আসৃতিৰ সূত্ৰ লিখা।

উত্তৰঃ অৱশোষণ: জলপ্রেমী (Hydrophilic) শুকান বস্তু পানী বা বাষ্প শোষণ কৰি ফুলি উঠে। ইয়াকে অৱশোষণ (Imbibition) বোলা হয়।

ব্যাপন: গেছ বা তৰল পদাৰ্থৰ অণুবিলাক বেছি চাপৰ পৰা কম চাপৰ ফালে মুক্তভাবে চলাচল কৰাকে ব্যাপন (Diffusion) বোলা হয়।

আসৃতি (Osmosis): একধৰণৰ ব্যাপন ক্রিয়া, যাৰ ফলত দুটা ভিন্ন ঘনত্বৰ দ্ৰাৱক যদি অর্ধভেদ্য আৱৰণেৰে পৃথক কৰি ৰখা হয়, তেতিয়া হ’লৈ দ্ৰাৱক তাৰ উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বৰ ফালে গতি কৰে। এয়াই আসৃতি।

৩। প্ৰ’ট’প্লাজমৰ সংকোচনৰ পৰা সম্ভেদ পোৱা গুৰুত্বপূৰ্ণ কথাকেইটা কি কি?

উত্তৰঃ ১। উদ্ভিদৰ কোষ জীৱিত অৱস্থাত আছে নে মৃত অৱস্থাত আছে।

২। কোষবেৰখন ভেদ্য।

৩। কোষৰ কোষাৱৰণ অৰ্ধভেদ্য আৰু চয়ন গুণসম্পন্ন।

৪। জীৱিত পদাৰ্থৰ আসৃতি শক্তি আমৰণ থাকে।

৪। ৰসস্ফীতিৰ গুৰুত্ববোৰ কি কি?

উত্তৰঃ ১। কোষৰ আয়তন বৃদ্ধিৰ বাবে ৰসস্ফীতিৰ আৱশ্যক।

২। ৰসস্ফীতিৰ ফলত কোষবিলাক ওফন্দি থাকে তাৰ ফলত পাতবিলাক হালি নপৰে আৰু কুমলীয়া শাক-বনজাতীয় গছবিলাক থিয় হৈ থাকে।

৩। গছৰ পাত আৰু কোমলীয়া কাণ্ড সতেজ ৰাখে।

৪। পত্ৰৰন্ধ্ৰ মেল খোৱা আৰু বন্ধ হোৱাত সহায় কৰে।

৫। আহাৰ পৰিবহনৰ দিশবোৰ কি কি?

উত্তৰঃ ১। ঊর্ধ্ব-পৰিবহন হয় পাতৰ পৰা কলি, ফুল আৰু ফললৈ।

২। অধঃপৰিবহন হয় পাতৰ পৰা কাণ্ড আৰু মূললৈ।

৩। পার্শ্ব পৰিবহন হয় মজ্জা বিস্তৃতিৰ (Medullary ray) মাজেদি কর্টেক্স, বহিস্ত্বক আদিলৈ।

৬। যথাযথ উত্তৰ দিয়া—

উপযুক্ত বৈজ্ঞানিক শব্দ ব্যৱহাৰ কৰা।

(ক) কোষাৱৰণে যেতিয়া অণুৰ গুণাগুণ চাই ভেদ কৰিবলৈ দিয়ে তেতিয়া তেনে ভেদ্যতাক কি বোলা হয়?

উত্তৰঃ চয়নাত্মক ভেদ্যতা।

(খ) দুটা ভিন্ন ঘনত্বৰ দ্রৱক যেতিয়া এখন অর্ধভেদ্য আৱৰণে পৃথক কৰি ৰাখে তেতিয়া লঘু দ্ৰৱৰ পৰা ঘন দ্ৰৱলৈ দ্ৰাৱকৰ যি ব্যাপন হয় তাক কি বোলা হয়?

উত্তৰঃ আসৃতি।

(গ) আসৃতিৰ প্ৰভাৱত উদ্ভিদকোষত থকা জীৱিত পদাৰ্থৰ কোঁচ খোৱাক কি বুলি কোৱা হয়?

উত্তৰঃ প্রটপ্লাজমৰ সঙ্কোচ।

(ঘ) কোষৰ ভিতৰত সৃষ্টি হোৱা সৰ্বাধিক জলস্থৈতিক চাপক কি বোলা হয়?

উত্তৰঃ ৰস্ফীতিৰ চাপ।

(ঙ) খনিজ লোণৰ আয়নসমূহ যেতিয়া কোনো বাধা নোপোৱাকৈ মূলৰ ভিতৰত সোমাব পাৰে বা ওলাই আহিব পাৰে তেতিয়া তেনে শোষণক কি বোলা হয়?

উত্তৰঃ নিস্ক্রিয় শোষণ।

৭। খালী ঠাই পূৰণ কৰা—

(ক) ______অর্ধভেদ্য।

উত্তৰঃ কোষাবৰণ।

(খ) _______ভেদ্য।

উত্তৰঃ কোষবেৰ।

(গ) উদ্ভিদৰ মূলে ______পানী শোষণ কৰে ৷ 

উত্তৰঃ কৈশিক।

(ঘ) শুকান বীজ পানীত থলে ______ফলত ওফন্দি উঠে।

উত্তৰঃ অৱশোষণৰ।

(ঙ) ______ফলত কোনো বস্তুৰ সুবাস বিয়পি পৰে।

উত্তৰঃ ব্যপনৰ।

(চ) কোষৰ পৰা যি দ্রবটে দ্রাবক ওলাই যায় সেই দ্রবক ______বোলে৷

উত্তৰঃ অত্যাসাৰী।

(ছ) ______ফলত প্ৰটপ্লাজমৰ সংকোচন হয়।

উত্তৰঃ বহিৰাসৃতিৰ।

(জ) ৰসস্ফীতিৰ চাপ বৃদ্ধি পালে ______ চাপো বৃদ্ধি পায়।

উত্তৰঃ কোষবেৰ।

(ঝ) ______মাজেৰে পানী মূলৰ পাৰ পাতলৈ যায়।

উত্তৰঃ জাইলেমৰ।

(ঞ) স্পন্দন মতবাদ প্ৰচাৰ কৰিছিল______।

উত্তৰঃ আচাৰ্য্য জগদীশ বসু।

(ট) ______প্রস্বেদন বল আৰু পানীৰ সংশক্তি মতবাদ প্ৰচাৰ কৰিছিল।

উত্তৰঃ  ডিক্সনে।

6 thoughts on “Class 11 Biology Chapter 11 উদ্ভিদ পৰিবহন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top