Class 11 Biology Chapter 13 উচ্চবৰ্গৰ উদ্ভিদৰ সালোক সংশ্লেষণ

Class 11 Biology Chapter 13 উচ্চবৰ্গৰ উদ্ভিদৰ সালোক সংশ্লেষণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 13 উচ্চবৰ্গৰ উদ্ভিদৰ সালোক সংশ্লেষণ and select needs one.

Class 11 Biology Chapter 13 উচ্চবৰ্গৰ উদ্ভিদৰ সালোক সংশ্লেষণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 13 উচ্চবৰ্গৰ উদ্ভিদৰ সালোক সংশ্লেষণ Solutions for All Subject, You can practice these here.

উচ্চবৰ্গৰ উদ্ভিদৰ সালোক সংশ্লেষণ

পাঠ: ১৩

চতুৰ্থ গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: বাহ‍্যিকভাৱে উদ্ভিদ এজোপা চাই তুমি C₄ নে C₃ উদ্ভিদ ক’ব পাৰিবানে ? কিয় আৰু কেনেকৈ ?

উত্তৰ :- প্ৰকৃতাৰ্থত উদ্ভিদ এজোপা বাহ‍্যিক পৰ্যবেক্ষণৰ জৰিয়তে C₃ নে C₄ ক’ব নোৱাৰি । তথাপি , যিহেতু C₄ উদ্ভিদবোৰ প্ৰচুৰ তাপীয় অঞ্চলত অৰ্থাৎ মৰুভূমিত দেখা পোৱা যায় সেইমৰ্মে প্ৰচুৰ তাপ প্ৰধান অঞ্চলত দেখা পোৱা উদ্ভিদবোৰ C₄ বুলি ধাৰণা কৰিব পাৰি । আনহাতে , অধিক উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰিও এজোপা উদ্ভিদ C₃ নে C₄ তাৰ এক সাধাৰণ অনুমান কৰিব পাৰি ।

প্ৰশ্ন ২: কোনটো ভিতৰৰ অংশ চাই তুমি এজোপা উদ্ভিদ C₃ নে C₄ ক’ব পাৰিবা ? 

উত্তৰ :- উদ্ভিদৰ ক্ৰেঞ্জ অন্তৰ্গঠনৰ পৰা এজোপা উদ্ভিদ C₃ নে C₄ সহজে ক’ব পাৰি । C₄ উদ্ভিদৰ পাতৰ অন্তৰ্গঠন C ₃ উদ্ভিদতকৈ বেলেগ । এনে ধৰণৰ অন্তৰ্গঠনকে ক্ৰেঞ্জ অন্তৰ্গঠন বোলে । C₄ উদ্ভিদৰ স‌ংবহন গুচ্ছক এক বিশেষ ধৰণৰ কোষে আৱৰি ৰাখে । এই বেষ্টনীক গুচ্ছ আচ্ছাক বোলে । এনে কোষবোৰৰ হৰিৎকণাৰ সংখ্যা কাষৰ মেছ’ফিল কোষত থকা হৰিৎকণাৰ সংখ্যাতকৈ বেছি আৰু আকাৰত ডাঙৰ । অৰ্থাৎ সংবহন গুচ্ছত পোৱা হৰিৎকণাৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি এজোপা উদ্ভিদ C₃ নে C₄ ক’ব পাৰি ।

প্ৰশ্ন ৩: RUBISCO এবিধ অক্সিজেনেজ আৰু কাৰ্বক্সিলেজ বিক্ৰিয়াত সহায় কৰা এনজাইম । তুমি RUBISCO ই C₄ উদ্ভিদত বেছি কাৰ্বক্সিলেজ সংঘটিত কৰে বুলি কিয় ভাবিলা ।

উত্তৰ :- আমি জানো যে C₄ উদ্ভিদত দুই ধৰণৰ পত্ৰহৰীৎ থাকে ―  

(ক) মেছ’ফিল কোষ । আৰু 

(খ) গুচ্ছ আচ্ছাদক ।

গুচ্ছ আচ্ছাদকৰ কোষ সমূহত হৰিৎ কোনাৰ সংখ্যা কাষৰ মেছ’ফিল কোষত থকা হৰিৎ কণাৰ সংখ্যাতকৈ অধিক আৰু আকাৰত ডাঙৰ । জৈৱ সংশ্লেষণ প্ৰক্ৰিয়া মতে মেছ’ফিল কোষত উৎপন্ন হোৱা কাৰ্বন – ডাই – অক্সাইড অহৰহ ভাৱে গুচ্ছ আচ্ছাদকৰ ভিতৰত সোমাই । এই পিনে গুচ্ছ আচ্ছাদকৰ ভিতৰতো কেলভিন চক্ৰৰ জড়িয়তে কাৰ্বন – ডাই – অক্সাই উৎপন্ন হৈয়ে থাকে । অৰ্থাৎ লাথাৰি নিচিনাকৈ কাৰ্বন – ডাই – অক্সাইডৰ প্ৰভাৱ গুচ্ছ আচ্ছাদকত অথবা কেলভিন চক্ৰত পোৱা যায় ।

মন কৰিব লগা কথা হ’ল যে এই গোটেই প্ৰক্ৰিয়াটো কিন্তু C₄ উদ্ভিদৰ ভিতৰতে চলি থাকে সেয়ে কেলভিন চক্ৰ অধিক উৎপাদন মুখী ।

প্ৰশ্ন ৪: ধৰি লোৱা হ’ল এজোপা উদ্ভিদত ক্লৰ’ফিল b বেছি মাত্ৰাত পোৱা যায় আৰু ক্লৰ’ফিল a নাথাকে । এতিয়া সালোক সংশ্লেষণ হ’বনে ? তেতিয়াহ’লে ক্লৰ’ফিল b আৰু অন্যান্য আৱশ্যকীয় ৰঞ্জক পাৰ্থক‍্যসমূহৰ ভূমিকা কি ?

উত্তৰ :- নহয় । ক্লৰ’ফিল b আৰু অন্যান্য আৱশ্যকীয় ৰঞ্জক পাৰ্থক‍্যসমূহে সূৰ্যৰ পৰা সৌৰ শক্তি গ্ৰহণ কৰি ক্লৰ’ফিল a ক দ্ৰুতভাৱে উত্তেজিত কৰি তোলে ।

প্ৰশ্ন ৫: কিয় আন্ধাৰত থকা এজোপা উদ্ভিদৰ পাত সচৰাচতে ৰঙচুৱা বা মদৰুৱা নাইবা সেউজীয়া ৰঙচুৱা পৰি যায় ? তুমি ভৱা মতে কোনবিধ ৰঞ্জক পদাৰ্থ বেছি স্থায়ী ।

উত্তৰ :- বৰ্ণ কণাৰ তাৰতম‍্যৰ বাবে ।বেছি স্থায়ী : কেৰ’টিন আৰু জেন্থ’ফিল ।

প্ৰশ্ন ৬: কিছুমান উদ্ভিদৰ পাতবোৰ লক্ষ্য কৰা আৰু ৰ’দ পৰা ঠাইত হোৱা উদ্ভিদৰ লগত তুলনা কৰা । ইয়াৰ ভিতৰত কোনবিধৰ ভাল সেউজীয়া ৰং দেখা যায় ? আৰু কিয় ?

উত্তৰ :- ৰ’দ পৰা ঠাইত হোৱা উদ্ভিদ জোপাত ভাল সেউজীয়া ৰং দেখা পায় । কিয়নো সূৰ্যৰ পোহৰ অবিহনে সালোক সংশ্লেষণ অসম্ভৱ । আৰু এই সালোক সংশ্লেষণ বাবে পাতত পত্ৰহৰিৎ সৃষ্টি হৈছে । যাৰ বৰণ সেউজীয়া ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

1 thought on “Class 11 Biology Chapter 13 উচ্চবৰ্গৰ উদ্ভিদৰ সালোক সংশ্লেষণ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top