Class 11 Biology Chapter 6 সপুস্পক উদ্ভিদৰ শাৰীৰিক গঠন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 6 সপুস্পক উদ্ভিদৰ শাৰীৰিক গঠন and select needs one.
Class 11 Biology Chapter 6 সপুস্পক উদ্ভিদৰ শাৰীৰিক গঠন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 6 সপুস্পক উদ্ভিদৰ শাৰীৰিক গঠন Solutions for All Subject, You can practice these here.
সপুস্পক উদ্ভিদৰ শাৰীৰিক গঠন
পাঠ: ৬
দ্বিতীয় গোট
অনুশীলনীৰ প্ৰশ্নোত্তৰ
প্ৰশ্ন ১: বিভিন্ন ভাজক কলাৰ অৱস্থান।আৰু কাৰ্যৰ বৰ্ণনা কৰা ।
উওৰ :
প্ৰশ্ন ২: ‘কৰ্ক কেম্বিয়াম সৃষ্টি কৰা কলাই কৰ্ক গঠন কৰে ‘ । চমুকৈ উল্লেখ কৰা ।
উত্তৰ : কাণ্ডৰ গৌণ বৃদ্ধিৰ ফলত কাণ্ডৰ পৰিধিৰ ফালে বিশেষকৈ বহিস্তকৰ ওপৰত চাপৰ সৃষ্টি হয় । এই চাপৰ ফলত কেতিয়াবা কেতিয়াবা বহিস্তক ফাটি যায় । বহিস্তকৰ তলত থকা অধস্তকতো যথেষ্ট চাপ পৰে । এনে চাপৰ ফলত যাতে বহিস্তক আৰু অধস্তকৰ ক্ষতি নহয় , তাৰ বাবে বহিস্তকৰ তলত এক ধৰণৰ গৌণ ভাজক কলাৰ সৃষ্টি হয় । এনে ভাজক কলা বিভাজিত হৈ বাহিৰৰ ফালে কৰ্ক বা থেলামৰ সৃষ্টি হয় ।
প্ৰশ্ন ৩: চিএৰ সহায়েৰে গুপ্তবীজী উদ্ভিদৰ কাণ্ডৰ গৌণবৃদ্ধি চমুকৈ দাঙি ধৰা ।
উত্তৰ :
কেমবিয়াম্ আৰু কৰ্ক কেমবিয়াম্ নামৰ পাশ্বীয় ভাজক কলাৰ ক্ৰিয়াৰ ফলত উদ্ভিদৰ কাণ্ডৰ পৰিধি বৃদ্ধি হোৱাকেই কাণ্ডৰ গৌণ বৃদ্ধি বোলে । কেমবিয়াম্ আৰু কৰ্ক কেমবিয়াম্ ক্ৰমে স্তম্ভত আৰু বহিঃ মজ্জাত সৃষ্টি হয় । কেমবিয়াম্ কেৱল গুপ্তবীজী উদ্ভিদতহে পোৱা যায় । গৌণ বৃদ্ধিৰ সময়ত ফ্লোৱেম থাকে সিমানচটা কেমবিয়ামৰ সৃষ্টি হয় । মেটাজাইলেমৰ বিপৰীতে থকা পেৰিচইকে’লৰ পৰাও কিছু কিছু কেমবিয়াম্ সৃষ্টি হয় ইত্যাদি ।
প্ৰশ্ন ৪: চিএৰ সহায়ত শাৰীৰিক গঠনৰ পাৰ্থক্য দেখুওৱা –
(ক) একবীজপত্ৰী উদ্ভিদৰ মূল আৰু দ্বিবীজপত্ৰী উদ্ভিদৰ মূল ।
উত্তৰ :
প্ৰশ্ন ৫: জাইলেম আৰু ফ্ল’ৱেমক কিয় জটিল কলা বোলে ?
উত্তৰ : জটিল কলা সংবহন কলাত দেখা যায় ।এই কলা কেৱল সংবহনৰ কাৰণেই সৃষ্টি হয় ।ঠিক তেনেদৰে জাইলেম আৰু ফ্ল’ৱেম কলাৰো কাম সংবহন কৰায়ে । সেইকাৰণে জাইলেম আৰু ফ্ল’ৱেমক জটিল কলা বোলে ।
প্ৰশ্ন ৬: পত্ৰৰন্ধ সজুঁলি কি ? পত্ৰৰন্ধৰ গঠন চিহ্নিত চিএৰ সহায়ত ব্যাখ্যা কৰা ।
উত্তৰ : পত্ৰৰন্ধৰ সজুঁলি হ’ল ― ৰক্ষীকোষ আৰু ছিদ্ৰ
উদ্ভিদৰ সেউজীয়া কাণ্ড আৰু পাতৰ বহিস্তকখন ছিদ্ৰযুক্ত , বিশেষকৈ কোমল কাণ্ড আৰু পাতত অসংখ্য ছিদ্ৰ থাকে । বহিস্তকত থকা সূক্ষ্ম ছিদ্ৰবোৰক পত্ৰৰন্ধ বোলে । পত্ৰৰন্ধ উদ্ভিদৰ বায়বীয় অংশৰ বহিস্তকতহে উৎপত্তি হয় । পত্ৰৰন্ধৰ মাজত এটা সুক্ষ্ম ছিদ্ৰ থাকে আৰু এই ছিদ্ৰটোক দুয়োকাষে দুটা অৰ্ধচন্দ্ৰাকাৰ কোষে বেৰি থাকে । এই কোষ দুটাক ৰক্ষীকোষ বোলে । ৰক্ষীকোষ আৰু ছিদ্ৰ এই দুয়োটাকে একেলগে পত্ৰৰন্ধ বোলে । ৰক্ষীকোষ দুটা জীৱিত আৰু ইয়াৰ ভিতৰত ঘন কোষপ্ৰৰস থাকে । কোষপ্ৰৰসতে কোষকেন্দ্ৰ আৰু হৰিৎকণা ডুৱ গৈ থাকে । বহিস্তকৰ পেৰেণকাইমা কোষৰ পৰিৱৰ্তন হৈয়ে পত্ৰৰন্ধৰ সৃষ্টি হয় । ৰক্ষীকোষৰ ছিদ্ৰটোৰ ফালে থকা কোষবেৰখন ডাঠ আৰু বিপৰীত ফালৰ ধেনুভিৰীয়া আৰু প্ৰসাৰণশীল কোষবেৰখন পাতল আৰু চেলুল’জেৰে গঠিত ।
প্ৰশ্ন ৭: সপুষ্পক উদ্ভিদৰ তিনিবিধ মুখ্য কলাতন্ত্ৰৰ নাম লিখা ।
উত্তৰ : (ক) বহিস্তকীয় কলাতন্ত্ৰ ,
(খ) আদি কলাতন্ত্ৰ ,
(গ) সংবহন কলাতন্ত্ৰ ।
প্ৰশ্ন ৮: উদ্ভিদৰ শাৰীৰিক গঠনৰ অধ্যয়ন আমাৰ বাবে কি ভাৱে উপযোগী ?
উওৰ : উদ্ভিদৰ শাৰীৰিক গঠনৰ অধ্যয়নে আমাক কোষ যে উদ্ভিদ দেহগঠনৰ মূল একক , কোষসমূহ লগ লাগি যে কলা গঠন কৰে আৰু কলাসমূহ লগ – লাগি যে একোটা অংগৰ সৃষ্টি হয় সেয়া বুজিবলৈ সহায় কৰে ।
Sl. No. | Contents |
প্ৰথম গোট | জীৱজগতৰ বৈচিত্ৰতা |
Chapter 1 | জীৱজগত |
Chapter 2 | জীৱৰ বৰ্গকৰণ |
Chapter 3 | উদ্ভিদ ৰাজ্য |
Chapter 4 | প্ৰাণীজগৎ |
দ্বিতীয় গোট | উদ্ভিদ আৰু প্ৰাণীৰ দৈহিক গঠন |
Chapter 5 | সপুষ্পক উদ্ভিদৰ দৈহিক গঠন বা আকাৰ |
Chapter 6 | সপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন |
Chapter 7 | প্ৰাণীৰ গঠনিক সংগঠন |
তৃতীয় গোট | কোষ : গঠন আৰু কাৰ্য |
Chapter 8 | কোষ : জীৱৰ একক |
Chapter 9 | জৈৱ অণু |
Chapter 10 | কোষ চক্ৰ আৰু কোষ বিভাজন |
চতুৰ্থ গোট | উদ্ভিদৰ শৰীৰ বিজ্ঞান |
Chapter 11 | উদ্ভিদৰ পৰিবহন |
Chapter 12 | খনিজ পুষ্টি |
Chapter 13 | উচ্চবৰ্গৰ উদ্ভিদৰ সালোক সংশ্লেষণ |
Chapter 14 | উদ্ভিদৰ শ্বাস – প্ৰশ্বাস |
Chapter 15 | উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ |
পঞ্চম গোট | মানুহৰ শৰীৰ প্ৰক্ৰিয়া |
Chapter 16 | পাচন আৰু অৱশোষণ |
Chapter 17 | শ্বাস – প্ৰশ্বাস আৰু গেছ বিনিময় |
Chapter 18 | দেহ তৰল আৰু সঞ্চালন |
Chapter 19 | ৰেচন দ্ৰব্য আৰু ইয়াৰ বৰ্জন |
Chapter 20 | চলন আৰু গতি |
Chapter 21 | স্নায়বিক নিয়ন্ত্ৰণ আৰু সমন্বয় |
Chapter 22 | ৰাসায়নিক যোগসূত্ৰ আৰু এককীকৰণ |
প্ৰশ্ন ৯: চিহ্নিত চিএৰ সহায়ত এটা বিষম পৃষ্ঠিয় পাতৰ আভ্যন্তৰীক গঠনৰ বৰ্ণনা কৰা ।
উত্তৰ :
বিষম পৃষ্ঠিয় পাত যেনে ― আহঁতৰ পাত এখিলা অনুবীক্ষণ যন্ত্ৰৰ সহায়েৰে পৰীক্ষা কৰি চালে তাৰ আভ্যন্তৰীক গঠন ওলাই পৰে ।
বিষম পৃষ্ঠিয় পাতত পোৱা কলা সমূহ হ’ল ―
(ক) বহিস্তক ,
(খ) মধ্যকলা ,
(গ) সংবহন গুচ্ছ
বহিস্তকৰ একেবাৰে বাহিৰৰ কোষস্তৰক নিম্ন বহিস্তক বোলে । উভয় বহিস্তকত কিউটিক’ল থাকে । বিষম পৃষ্ঠয় পাতত নিম্নবহিস্তকত পত্ৰৰন্ধ বেছিকৈ থাকে । দুই বহিস্তকৰ মাজতে মধ্যকলা আৰু সংবহন কলা অৱস্থিত । ইয়াত মেচ’ফিল কলা , গোঁজকোষ আৰু সোপাকা কোষত বিভক্ত হৈ থাকে । সংবহন গুচ্ছ বিলাক সমপাশ্বীয় ; কিন্তু বন্ধ । জাইলেম , ফ্ল’ৱেমৰ ওপৰত টুপীৰ নিচিনা থাকে । প্ৰতিটো সংবহন গুচ্ছ এশাৰী প্ৰান্তীয় পেৰেণকাইমাৰ দ্বাৰা আবৃত্ত ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
All questions ans this chapter please updated sir