Class 11 Biology Chapter 22 ৰাসায়নিক যোগসূত্ৰ আৰু এককীকৰণ

Class 11 Biology Chapter 22 ৰাসায়নিক যোগসূত্ৰ আৰু এককীকৰণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 22 ৰাসায়নিক যোগসূত্ৰ আৰু এককীকৰণ and select needs one.

Class 11 Biology Chapter 22 ৰাসায়নিক যোগসূত্ৰ আৰু এককীকৰণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 22 ৰাসায়নিক যোগসূত্ৰ আৰু এককীকৰণ Solutions for All Subject, You can practice these here.

ৰাসায়নিক যোগসূত্ৰ আৰু এককীকৰণ

পাঠ: ২২

পঞ্চম গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: তলত দিয়াবোৰৰ সংজ্ঞা লিখা ―

প্ৰশ্ন : (ক) বহিঃস্ৰাৱী গ্ৰন্থি 

উত্তৰ :- নলীযুক্ত হৰম’ন গ্ৰন্থিবোৰক বহিঃস্ৰাৱী গ্ৰন্থি বোলে ।উদাহৰণ স্বৰূপে লালটি গ্ৰন্থি , যকৃত গ্ৰন্থি , ধৰ্ম গ্ৰন্থি আদিত প্ৰস্তুত হোৱা ৰস নলীয়েদি ওলাই ক্ৰিয়া স্থানলৈ যায় কাৰণে এনেবোৰ গ্ৰন্থিক বহিঃস্ৰাৱী গ্ৰন্থি বোলে ।

প্ৰশ্ন : (খ) অন্তঃস্ৰাৱী গ্ৰন্থি 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ :- চমুকৈ নলীহীন হৰম’ন গ্ৰন্থিবোৰক অন্তঃস্ৰাৱী গ্ৰন্থি বোলে । অৰ্থাৎ হৰম’ন ক্ষৰণ কৰা কোষপুঞ্জবোৰকে অন্তঃস্ৰাৱী গ্ৰন্থি বোলে ।

যেনে ― পিটুইটাৰী , গ্ৰন্থি থাইৰ’ইড গ্ৰন্থি ইত্যাদি ।

প্ৰশ্ন : (গ) হৰম’ন 

উত্তৰ :- হৰম’ন হৈছে শৰীৰৰ একক কোষ বা একোটা কোষপুঞ্জই দেহৰসলৈ ক্ষৰণ কৰা এনে এবিধ ৰাসায়নিক দ্ৰব্য , যি শৰীৰৰ আন আন ঠাইত থকা কোষ – কলা কেতবোৰৰ বিপাকীয় ক্ৰিয়াৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে ।

যেনে ― ষ্টেৰয়েড হৰম’ন , পেপটাইড হৰম’ন , গ্লাইক’প্ৰটিন হৰম’ন থাইৰ’ক্সিন হৰম’ন ইত্যাদি ।

প্ৰশ্ন ২: খালী ঠাই পূৰ কৰা :

(ক) হাইপ’থেলামিক হৰম’ন —— ।

উত্তৰ :- হাইপ’থেলামাছ্ ।

(খ) থাইৰট্ৰপিন —— ।

উত্তৰ :- পিটুইটাৰী গ্ৰন্থি ।

(গ) কৰ্টিকট্ৰপিন —— ।

উত্তৰ :- পিটুইটাৰী গ্ৰন্থি ।

(ঘ) গোনাড’ট্ৰপিন (GTH) —— ।

উত্তৰ :- পিটুইটাৰী গ্ৰন্থি ।

(ঙ) মে’লান’ট্ৰফিন (MSH) —— ।

উত্তৰ :- পিটুইটাৰী গ্ৰন্থি ।

প্ৰশ্ন ৩: চিত্ৰৰ সহায়ত আমাৰ দেহত থকা বিভিন্ন অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ অৱস্থিতি দেখুওৱা ।

উত্তৰ :-      

প্ৰশ্ন ৪: তলত দিয়া হৰম’শবোৰৰ কাৰ্য্য চমুকৈ লিখা : 

প্ৰশ্ন (ক) পেৰাথাইৰ’ইড হৰম’ন ।

উত্তৰ :- (১) পেৰাথাইৰইড হৰম’ন পাচন নলীত কেলছিয়ামৰ শোষন বঢ়াই তোলে আৰু ফছফেটৰ পৰিমাণ হ্ৰাস কৰে ।

(২) হাড়ৰ পৰা কেলছিয়াম আৰু ফছফেট অৱশোষন কৰে ।

(৩) বৃক্কৰদ্বাৰা মূত্ৰত কেলছিয়ামৰ পৰিমান হ্ৰাস কৰে আৰু ফছফেটৰ পৰিমাণ বৃদ্ধি কৰে ইত্যাদি ।

প্ৰশ্ন (খ) থাইৰইড হৰম’ন ।

উত্তৰ :- (১) শৰীৰৰ সকলোবোৰ কলাৰ বিপাকীয় ক্ৰিয়া গতি বৃদ্ধি কৰে ।

(২) লোহিত ৰক্ত কণিকা পৰিণত হোৱাত সহায় কৰে ।

(৩) দেহৰ ৰক্তচাপ , হৃদযন্ত্ৰৰ স্পণ্ডন হাৰ আৰু শ্বসনৰ হাৰ নিয়ন্ত্ৰণ কৰে ।

প্ৰশ্ন (গ) এন্দ্ৰজেন ।

উত্তৰ :- (১) ই পুৰুষৰ গৌণ যৌন লক্ষণবোৰৰ প্ৰকাশ ঘটায় ।

(২) পুৰুষৰ পেশীসমূহ শক্তিবহুল আৰু মাত গলগলীয়া কৰে ।

(৩) যৌনৰোম আৰু যৌনৰস সমূহৰ সৃষ্টিত অৰিহণা যোগায় ।

প্ৰশ্ন (ঘ) ইষ্ট্ৰ’জেন ।

উত্তৰ :- (১) ইষ্ট্ৰ’জেনে স্ত্ৰী প্ৰাণীৰ গৌণ চৰিত্ৰসমূহ প্ৰকাশ পোৱাত প্ৰভাৱ বিস্তাৰ কৰে ।

(২) ইষ্ট্ৰ’জেনৰ বাবে স্তনত দুগ্ধথলীৰ বৃদ্ধি হয় আৰু মেদকলা গঠনৰ ফলত স্তন বৃদ্ধি আৰু সুগঠিত হয় ।

(৩) ইষ্ট্ৰ’জেনে ডিম্বাশয়ৰ ডিম্বাণু নিঃসৰণ ঘটায় । ইয়াৰ উপৰিও এই হৰম’নে স্ত্ৰীৰ ঋতুচক্ৰ নিয়ন্ত্ৰণ কৰে ইত্যাদি ।

প্ৰশ্ন (ঙ) ইনচুলিন আৰু গ্লুকাগন ।

উত্তৰ :- (১) শৰীৰত গ্লুক’জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20 চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

প্ৰশ্ন ৫: কি হৰম’নৰ অভাৱৰ বাবে তলত দিয়া বেমাৰ বোৰ হয় ? 

(ক) ডায়েবেটিছ মেলিটাছ 

উত্তৰ :- ইনচুলিন ।

(খ) গলগণ্ড 

উত্তৰ :- থাইৰইড হৰম’ন ।

(গ) ক্ৰিটিনিজম 

উত্তৰ :- থাইৰইড হৰম’ন ।

প্ৰশ্ন ৬: FSH হৰম’নৰ কাৰ্য্য উল্লেখ কৰা ।

উত্তৰ :- পুৰুষৰ দেহত FSH হৰম’নে শুক্ৰ উৎপাদন কাৰ্য্য নিয়ন্ত্ৰণ কৰে । আনহাতে মহিলাৰ ক্ষেত্ৰত ডিম্বাশয়ত থকা গ্ৰেফিয়ান থলীবোৰৰ সৃষ্টি আৰু বৃদ্ধিত সহায় কৰে ।

প্ৰশ্ন ৭: তলত দিয়াবোৰ মিলাই লিখা :

(১) T₄(১) হাইপ’থেলামাছ 
(২) PTH(২) থাইৰইড
(৩) GNRH (৩) পিটুইটাৰী
(৪) LH (৪) পেৰাথাইৰ’ইড 

উত্তৰ :-

(১) T₄(২) থাইৰইড
(২) PTH(৪) পেৰাথাইৰ’ইড
(৩) GNRH (১) হাইপ’থেলামাছ
(৪) LH (৩) পিটুইটাৰী ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top