Class 11 Biology Chapter 16 পাচন আৰু অৱশোষণ

Class 11 Biology Chapter 16 পাচন আৰু অৱশোষণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 16 পাচন আৰু অৱশোষণ and select needs one.

Class 11 Biology Chapter 16 পাচন আৰু অৱশোষণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 16 পাচন আৰু অৱশোষণ Solutions for All Subject, You can practice these here.

পাচন আৰু অৱশোষণ

পাঠ: ১৬

পঞ্চম গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: তলত দিয়াবোৰৰ শুদ্ধ উওৰটো লিখা :

(ক) পাকস্থলী ৰসত থাকে ―

(১) পেপচিন , লাইপেজ , আৰু ৰেণিন 

(২) ট্ৰিপচিন , লাইপেজ আৰু ৰেণিন 

(৩) ট্ৰিপচিন , পেপচিন আৰু লাইপেজ

(৪) ট্ৰিপচিন , পেপচিন আৰু ৰেণিন 

উত্তৰ :-

(১) পেপচিন , লাইপেজ আৰু ৰেণিন ।

(খ) চাকাচ্ এন্টেৰিকাছ নামটো দিয়া হৈছে ―

(১) ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদ্ৰান্ত্ৰৰ সংযোগস্থলক

(২) আন্ত্ৰিক ৰসক

(৩) পাচননলীৰ উখহা অংশক 

(৪) এপেনডিক্সক 

উত্তৰ :-

(২) আন্ত্ৰিক ৰসক ।

প্ৰশ্ন ২: স্তম্ভ 1 ৰ লগত স্তম্ভ 2 মিলোৱা : 

স্তম্ভ 1                                               স্তম্ভ 2

(ক) বিলিৰুবিন আৰু বিলিভাৰদিন       (ক) পেৰ’টিড 

(খ) শ্বেতসাৰৰ জলপঘটন                  (খ) যকৃতৰস

(গ) চৰ্বী পাচন                                (গ) লাইপেজ 

(ঘ) লালটি গ্ৰন্থি                               (ঘ) এমাইলেজ

উত্তৰ :- স্তম্ভ 1                                    স্তম্ভ 2

(ক) বিলিৰুবিন আৰু বিলিভাৰদিন      (ক) পেৰ’টিড  

(খ) শ্বেতসাৰৰ জলপঘটন                 (খ) যকৃতৰস  

(গ) চৰ্বী পাচন                               (গ) লাইপেজ

(ঘ) লালটা গ্ৰন্থি                              (ঘ) এমাইলেজ

প্ৰশ্ন ৩: চমুকৈ উত্তৰ লিখা :

প্ৰশ্ন : (ক) ভিলাইবোৰ পাকস্থলীত নাথাকি অন্ত্ৰতহে কিয় থাকে ? 

উত্তৰ :- পাকস্থলীতকৈ অন্ত্ৰতহে খাদ্যৰ পাচন হোৱা অংশৰ শোষণ বেছিকৈ হয় । সেইবোৰ পাকস্থলীত নাথাকি তন্ত্ৰত থাকে ।

প্ৰশ্ন : (খ) পেপচিন’জৈন কেনেকৈ সংক্ৰিয় অৱস্থালৈ পৰিৱৰ্তত হয় ? 

উত্তৰ :- হাইড্ৰ’ক্লৰিক এছিডৰ উপস্থিতত এই সংক্ৰিয় পেপচিনলৈ পৰিৱৰ্তিত হয় ।

প্ৰশ্ন : (গ) পাচননলীৰ প্ৰধান তৰপবোৰ কি ?

উত্তৰ :- (১) চিৰ’চা ( serosa )

(২) পেশীয় ( musculature )

(৩) উপশ্লেষ্মীয় ( sub – mucosa ) আৰু

(৪) শ্লেষ্মীয় ( mucosa ) 

প্ৰশ্ন ৪: প্ৰ’টিন পাচনত অগ্নাশয়ৰসৰ ভূমিকা ব্যাখ্যা কৰা ।

উত্তৰ :- অগ্নাশয় ৰস যকৃতীয় অগ্নাশয় নলীৰে ওলাই অহে । অগ্নাশয় গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা ই এবিধ ক্ষাৰকীয় পাচক ৰস । অগ্নাশয় ৰসৰ প্ৰ’টিন বিশ্লেষী উৎসেচক ট্ৰিপছিনে , পেপট’ন আৰু প্ৰটিওজৰ ওপৰত ক্ৰিয়া কৰে আৰু এইবোৰ ভাঙি পেপটাইড্ , ডাইপেপটাইড্

আদি প্ৰ’টিনৰ সৰল অৱস্থালৈ ৰূপান্তৰ কৰে ।ট্ৰিপছিন + পেপট’ন / প্ৰ’টিওজ ― ডাইপেপটাইড + ট্ৰাইপেপটাইড্ ।

প্ৰশ্ন ৫: পাকস্থলীত হোৱা প্ৰ’টিনৰ পাচন ক্ৰিয়া বৰ্ণনা কৰা ।

উত্তৰ :- মুখগহ্বৰৰ পৰা অৰ্ধপাচিত খাদ্য পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে ইয়াত থকা পাকস্থলী গ্ৰন্থিৰ ৰসৰ লগত মিহলি হৈ পৰে । পকস্থলী গ্ৰন্থিবোৰ পাকস্থলীৰ আভ্যন্তৰীণ বেৰত অৱস্থিত । এইবোৰ গ্ৰন্থিৰ পৰা ওলোৱা পাকস্থলীৰ ৰসত পেপচিন নামৰ প্ৰ’টিন উৎসেচক বিধৰ সহায়ত খাদ্যৰ প্ৰ’টিন অংশৰ পাচন কাৰ্য্য আৰম্ভ হয় । পাকস্থলী ৰসত থকা গাঢ় হাইড্ৰ’ক্লৰিক এছিড এ পেপচিন কাৰ্য্যত সহায় কৰে আৰু খাদ্যত মিহলি হৈ থকা বীজানু ধ্বংস কৰে । হাইড্ৰ’ক্লৰিক এছিড থকাৰ কাৰণে পাকস্থলী ৰস তীব্ৰ আম্লিক ধৰ্মীয় । পাকস্থলীত হোৱা প্ৰ’টিনৰ আংশিক পাচনত প্ৰ’টিনৰ দ্ৰব্য পেপট’ন আৰু প্ৰটিওজলৈ ৰূপান্তৰ হয় ।

মানুহৰ কেঁচুৱা অৱস্থাত অৰ্থাৎ মাকৰ গাখীৰ খাই থকা অৱস্থাত পাকস্থলী ৰসত পেপচিনৰ উপৰিও ৰেণিন নামৰ এবিধ প্ৰ’টিন বিশ্লেষী উৎসেচক থাকে । ই গাখীৰত থকা কেজিন নামৰ প্ৰ’টিনক কেলছিয়াম পেৰাকেজিনলৈ (দৈ) ৰূপান্তৰ ঘটায় । পিছত পেপচিনে পেৰাকেজিনক ভাঙি পেপট’ন আৰু প্ৰটিওজ উৎপন্ন কৰে ।

প্ৰশ্ন ৬: মানুহৰ দন্তসূত্ৰ লিখা ।

উত্তৰ :- মুখগহ্বৰৰ উদ্ধহনু আৰু নিম্নহনু প্ৰত‍্যেকৰে আধা অংশত কৃন্তক , ছেদক , পুৰঃপেষক আৰু পেষক ক্ৰমত থকা দাতবোৰ সাংখ্যিক গণনাক দন্ত সূত্ৰ বোলে । মানুহৰ এই সূত্ৰ হৈছে ―

প্ৰশ্ন ৭: যকৃত ৰসত কোনো উৎসেচক নাথাকে । তথাপি ই পাচনৰ বাবে অপৰিহাৰ্য কিয় ?

উত্তৰ :- কিয়নো যকৃত গ্ৰন্থিৰ পৰা ওলোৱ পিত্তৰস নামৰ পাচক ৰসে খাদ্যৰ স্নেহ পদাৰ্থক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰাত সহায় কৰে ।

প্ৰশ্ন ৮: পাচনত কাইম’ট্ৰিপছিনৰ ভূমিকা কি ? এই উৎসেচক ক্ষৰণ হোৱা উৎসৰ পৰা সৃষ্টি হোৱা আন দুবিধ উৎসেচক কি কি ?

উত্তৰ :- কাইম’ট্ৰিপছিন হ’ল অগ্নাশয় গ্ৰন্থিত থকা এবিধ প্ৰটিন উৎসেচক । ই প্ৰটিনক ভাঙি দ্বিপেপটাইডলৈ পৰিৱৰ্তন কৰে ।

এই উৎসেচক ক্ষৰণ হোৱা উৎসৰ পৰা সৃষ্টি হোৱা আন দুবিধ উৎসেচক হ’ল ―

(ক) ট্ৰিপচিনোজেন আৰু 

(খ) কাৰ্বক্সিপেপটাইডজ 

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

প্ৰশ্ন ৯: পাকস্থলীত Hcl ক্ষৰণ নহ’লে কি হ’লহেঁতেন ?

উত্তৰ :- পাকস্থলীত Hcl ক্ষৰণ নহ’লে পেপচিনৰ ক্ৰিয়া বাধাগ্ৰস্ত হ’লহেঁতেন । কিয়নো Hcl য়ে খাদ্যৰ pʜ কমাই (pʜ = 1.8)পেপচিনৰ ক্ৰিয়াৰ বাবে উপযোগী কৰি তোলে ।

প্ৰশ্ন ১০: তোমাৰ শৰীৰত মাখন কেনেকৈ পাচন আৰু অৱশোষণ হয় ? 

উত্তৰ :- মাখন হ’ল চৰ্বীজাতীয় খাদ্য । সেয়ে ইয়াক অৱদ্ৰৱণ ক্ৰিয়াৰে অৰ্থাৎ যকৃতৰসে চৰ্বী অণুক ভাঙি অতি ক্ষুদ্র আকৃতিৰ কণাপুঞ্জ বা মাইছেলত পৰিণত কৰে ।যিহেতু চৰ্বী অণুবোৰ পানীত অদ্ৰৱণীয় সেয়ে এইবোৰ তেজৰ দ্বাৰা অৱশোষণ নহয় । এইবোৰ প্ৰথমে মাইচেলি বা কণাপুঞ্জ হিচাপে একেলগ হৈ আন্ত্ৰিক শ্লেম্মা আৱৰণত সোমায় । ইয়াত মাইচেলিবোৰ প্ৰটিনৰে আবৃত হৈ সৰু সৰু কাইল’মাইত্ৰুন কণাত পৰিণত হয় আৰু এইবোৰ ভিলাইত থকা লসীকা নলীত অৱশোষণ হয় ‌। অৱশেষত লসীকা নলীত থকা শোষিত দ্ৰব্য ৰক্ত সঞ্চালন তন্ত্ৰত প্ৰৱেশ কৰে ।

প্ৰশ্ন ১১: গৰ্তদন্তী আৰু দ্বিবাৰদন্তী শব্দ দুটা ব্যাখ্যা কৰা। 

উত্তৰ :- প্ৰতিটো দাঁত হনু অস্থিত থকা একোটা গৰ্তত সোমাই থাকে । দাঁতৰ এনে সাজোনক গৰ্তদন্তী বোলে ।আনহাতে অস্থায়ী গাখীৰ দাঁত বা পাৰীদন্ত পিছলৈ স্থায়ী বা বয়স্ক দাঁত লৈ স্থানান্তৰিত হয় ।এনেধৰণৰ দন্তবিন‍্যাসক দ্বিবাৰদন্তী বোলে ।

প্ৰশ্ন ১২: প্ৰাপ্তবয়স্ক মানুহ এজনৰ মুখত থকা দাঁতৰ প্ৰকাৰ আৰু সংখ্যা কি কি ?

উত্তৰ :- প্ৰাপ্তবয়স্ক মানুহ এজনৰ মুখত থকা দাঁতৰ প্ৰকাৰবোৰ হ’ল ― 

(১) কৃন্তক বা আগদাঁত ,

(২) ছেদক , 

(৩) পুৰঃ পেষক আৰু 

(৪) পেষক 

একোজন প্ৰাপ্তবয়স্ক মানুহৰ হনুত সৰ্বমুঠ ৩২ টা দাঁত থাকে ।

প্ৰশ্ন ১৩: যকৃতৰ কাৰ্য্য বৰ্ণনা কৰা ।

উত্তৰ :- যকৃতৰ কাৰ্য্যসমূহ ―

(ক) তেজ সম্পৰ্কীয় কাৰ্য্যাৱলী ―

(১) ভ্ৰূণ অৱস্থাত যকৃত লোহিত ৰক্তকণিকা সৃষ্টি কৰে ।

(২) পূৰ্ণাংগ অৱস্থাত যকৃতত লোহিত ৰক্তকণিকাবোৰ ধ্বংস হয় ।

(৩) যকৃতে প্ৰ’থম্বিন আৰু ফাইব্ৰিন’জেন সৃষ্টি কৰে আৰু তেজ গোট মৰাত সহায় কৰে ।

(৪) যকৃতে প্লাজমা প্ৰ’টিন সংশ্লেষণ কৰে। 

(৫) যকৃতত থকা মাষ্টকোষবোৰ (mast cells) এ হেপৰিণ ক্ষৰণ কৰি ৰক্তবাহৰ ভিতৰত ৰক্ত আতঞ্চন (blood coagulation) ত বাধা দিয়ে । 

(খ) পাৰিপাক সম্পৰ্কীয় কাৰ্য্যৱালী ―

(১) যকৃতত উৎপন্ন হোৱা পিত্তৰস ক্ষাৰধৰ্মী আৰু পাকস্থলীৰ পৰা ডিঅ’ডিনামত প্ৰৱেশ কৰা অম্লধৰ্মী খাদ্যভাগক ক্ষাৰধৰ্মী কৰি তোলে যাতে অগ্ন‍্যাশয়ে ক্ষৰণ কৰা উৎসেচকবোৰে ক্ৰিয়া কৰিব পাৰে ।

(২) পিত্তত থকা পিত্তলৱনে স্নেহজাতীয় খাদ্যৰ ইমানছিফিকেছন ঘটাই পৰিপাক ক্ৰিয়াত সহায় কৰে ।

(গ) বৰ্ণ গঠন সম্পৰ্কীয় কাৰ্য্যৱলী ― 

(১) যকৃতৰ পিত্তৰঞ্জকে মল আৰু মূত্ৰৰ বৰ্ণ গঠনত সহায়তা কৰে ।

(ঘ) বিপাক সম্পৰ্কীয় কাৰ্য্যৱলী ― 

(১) যকৃত ফ্ৰুক্ট’জ , গেলেকট’জেক গ্লুক’জ নাইবা গ্লাইক’জেনলৈ ৰূপান্তৰিত কৰে ।

(২) গ্লুকজ’ক গ্লাইক’জেনলৈ ৰূপান্তৰিত কৰি সঞ্চিত কৰে আৰু তেজত গ্লুক’জৰ পৰিমাণ কমি গ’লে সঞ্চিত গ্লাক’জেনৰ পৰা গ্লুক’জ সৃষ্টি কৰে । অৰ্থাৎ তেজত গ্লুক’জৰ পৰিমাণ নিয়ন্ত্ৰিত কৰে ।

(৩) প্লাজমা প্ৰ’টিন সংশ্লেষণ কৰে ।

(৪) ডিএমিনেছৰ পদ্ধতিৰ দ্বাৰা ইউৰিয়া উৎপাদন কৰে ।

(৫) শৰ্কৰা আৰু প্ৰ’টিনৰ পৰা ফেট (fat) সৃষ্টি কৰে ।

(ঙ) সঞ্চয় সম্পৰ্কীয় কাৰ্য্য ― 

(১) যকৃত ভিটামিন A , D গ্লাইক’জেন আদি সঞ্চয় কৰে ।

(চ) ৰেচন সম্পৰ্কীয় কাৰ্য্য ― কিছুমান ধাতৱ পদাৰ্থ , টক্সিন , বেক্টেৰিয়া , অপ্ৰয়োজনীয় আৰু অতিৰিক্ত ঔষধ পিত্তৰ মাধ‍্যমত দেহৰ পৰা বৰ্জিত হয় ।

(ছ) ৰক্ষণমূলক কাৰ্য্যৱলী ― 

(১) যকৃত নিক’টিন , ষ্টিক’নিনজাতীয় বিষাক্ত পদাৰ্থ ধ্বংসৰে ।

(২) যকৃতে বিভিন্ন প্ৰকাৰৰ এন্টিবডি গঠন কৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top