Class 11 Biology Chapter 4 প্ৰাণীজগত

Class 11 Biology Chapter 4 প্ৰাণীজগত Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 4 প্ৰাণীজগত and select needs one.

Class 11 Biology Chapter 4 প্ৰাণীজগত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 4 প্ৰাণীজগত Solutions for All Subject, You can practice these here.

প্ৰাণীজগত

পাঠ: ৪

প্ৰথম গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: যদি সাধাৰণ বৈশিষ্ট্যসমূহ বিবেচনাত অনা নহয় , তেনেহ’লে প্ৰাণীৰ শ্ৰেণী বিভাজনত তুমি কি কি অসুবিধাৰসন্মুখীন হ’বা ?

উত্তৰ : সাধাৰণ বৈশিষ্ট‍্যসমূহ যেনে ― সংগঠনৰ স্তৰ , সমমিতি , কোষীয় সংগঠন , দেহগুহা , খণ্ডীভৱন , পৃষ্ঠ ৰজ্জু ইত্যাদি যদি প্ৰাণীৰ ক্ষেত্ৰত বিবেচনা কৰি চোৱা নাযায় তেন্তে কোনটো প্ৰাণী কি শ্ৰেণী , বৰ্গ, গণ ,গোত্ৰ , প্ৰজাতিত অন্তৰ্ভুক্ত হ’ব সয়া আমি সঠিকভাৱে নিৰ্ণয় কৰিব নোৱাৰিম । পৰিণতিত একোটা নিৰ্দিষ্ট প্ৰাণীৰ সঠিক বিৱৰণত ব‍্যাঘাত সৃষ্টি হ’ব ।

প্ৰশ্ন ২: তোমাক যদি এটা প্ৰাণীৰ নমুনা দিয়া হয় , ইয়াক বৰ্গীকৰণ কৰতে কি কি পদক্ষেপ ল’বা ? 

উওৰ : সংগঠনৰ স্তৰ , সমমিতি , কোষীয় সংগঠন , দেহগুহা , খণ্ডীভৱন , পৃষ্ঠৰজ্জু আদি ভিত্তিত প্ৰাণীজগতক বহলভাৱে শ্ৰেণীবিভাজন কৰাৰ পদক্ষেপ ল’ম ।

প্ৰশ্ন ৩: অন্তঃ কোষীয় আৰু বহিঃ কোষীয় পাচনৰ পাৰ্থক্য লিখা ।

উত্তৰ : অন্তঃ কোষীয় পাচন :-

(ক) খাদ্যৰ পাচন দেহ কোষৰ ভিতৰত হয় ।

(খ) পাচন হোৱা খাদ্য ভেকুওলৰ মাজেৰে চাইট’প্লাজমত প্ৰৱেশ কৰে । আৰু বহিঃ কোষীয় পাচন :-

(ক) খাদ্যৰ পাচৰ দেহ কোষৰ সন্ধীবাহিৰত হয় ।

(খ) পাচন হোৱা খাদ্য পোনে পোনে।কোষত প্ৰৱেশ কৰে ।

প্ৰশ্ন ৪: পৰজীৱী চেপেটাকৃমিৰ বিশেষ লক্ষণসমূহ কি ?

উত্তৰ : (ক) দেহত শোষক আৰু হাকোট থাকে , 

(খ) অন্তঃ পৰজীৱী হিচাপে থাকে , (গ) দেহগুহিকাহীন প্ৰাণী ।

প্ৰশ্ন ৫: সন্ধীপদী প্ৰাণী প্ৰাণীজগতৰ আটাইতকৈ ডাঙৰ গোষ্ঠী বুলি গণ্য কৰাৰ কাৰণবোৰ কি ? 

উওৰ : পৃথিৱীত বসবাস কৰা 2/3 অংশ প্ৰাণী সন্ধীপদী পৰ্বৰ অন্তৰ্ভুক্ত । সিহঁতৰ দেহ সংগঠন অংগস্তৰীয় । দেহ দ্বিপাৰ্শ্বীয়ভাৱে সমমিত , ত্ৰিস্তৰীয় , খণ্ডিত আৰু গুহিকাযুক্ত । ইহঁতৰ দেহ কৃত্তিকাৰে তৈয়াৰী বহিঃকংকালেৰে আবৃত । দেহটো শিৰ , বক্ষ আৰু উদৰত বিভক্ত ।সিহঁতৰ সন্ধিযুক্ত উপাংগ আছে ( আৰ্থ – সন্ধি , প’দা – উপাংগ ) । শ্বসন অংগবোৰ হ’ল জলক্লোম , পুস্তিজলক্লোম , পুস্তিক্লোম অথবা শ্বাসনলী বা ট্ৰেকিয়া । সংবহনতন্ত্ৰ মুক্ত প্ৰকৃতিৰ ।সংবেদনশীল অংগবোৰ হ’ল শৃংগিকা , চকু  (যৌগিক আৰু সৰল ) , সন্তুলনপট , অথবা সমতাৰক্ষাকাৰী অংগ । ৰেচনকাৰ্য মালপিঘিয়ান নলিকাৰদ্বাৰা সম্পন্ন হয় ।ইহঁতবোৰ একলিংগ প্ৰাণী । নিষচন সাধাৰণতে অন্তৱৰ্তীভাৱে সম্পন্ন হয় ।

প্ৰশ্ন ৬: পানী সংবহন তন্ত কোন গোষ্ঠীৰ লক্ষণ ।

(ক) ৰন্ধী প্ৰাণী ,

(খ) টিন’ফ’ৰা ,

(গ) কন্টকচৰ্মী ,

(ঘ) পৃষ্টদণ্ডী

উওৰ : কন্টকচৰ্মী ।

প্ৰশ্ন ৭: “সকলো মাৰুদণ্ডী প্ৰাণীৰ পৃষ্ঠীদণ্ডী কিন্ত সকলো পৃষ্টদণ্ডী মাৰুদণ্ডী নহয় ” এই বাক‍্যটোক  যুক্তিৰে ব‍্যাখ‍্যা কৰা ।

উওৰ : পৃষ্ঠদণ্ডী প্ৰাণীৰ বিশেষ বৈশিষ্ট্য যেনে ―

(ক) পৃষ্ঠৰোজ্জু থাকে , 

(খ) মূখ্য স্নায়ুতন্ত্ৰ পৃষ্ঠীয় ,

(গ) টেটু , ক্লোমৰন্ধেৰে ছিদ্ৰিত ,

(ঘ) হৃদযন্ত্ৰ অংকীয় ,

(ঙ) এডাল পশ্চাদ পায়ুপুচ্ছ ইত‍্যাদি থাকে ।

কিন্তু এই চৰিত্ৰৰ উপৰিও মেৰুদণ্ডী প্ৰাণীৰ অংকীয় আৰু পেশীয় হৃদযন্ত্ৰ থাকে , যাৰ দুটা , তিনিটা বা চাৰিটা কোঠালী থাকে , বৃক্কৰ দ্বাৰা ৰেচন কাৰ্য আৰু আকৃতি নিয়ন্ত্ৰণ হয় ইত্যাদি ।আনহাতে , মেৰুদণ্ডী প্ৰাণীৰ পৃষ্ঠৰজ্জুডাল ভ্ৰূণাৱস্থাত থাকে । এইডাল পৈনত অৱস্থাত উপাস্থি অথবা হাড়ৰ দ্বাৰা তৈয়াৰী ৰাজহাড়ৰ দ্বাৰা প্ৰতিস্থাপিত হয় । অৰ্থাৎ মাৰুদণ্ডী প্ৰাণীৰ কেতবোৰ বৈশিষ্ট্য পৃষ্ঠদণ্ডী প্ৰাণীৰ অন্তৰ্ভুক্ত কিন্তু পৃষ্ঠদণ্ডী প্ৰাণীৰ অন্তৰ্ভুক্ত আটাইবোৰ বৈশিষ্ট্য মাৰুদণ্ডী প্ৰাণীৰ অন্তৰ্ভুক্ত নহয় । সেয়ে সকলো মাৰুদণ্ডী প্ৰাণী পৃষ্ঠদণ্ডী কিন্তু সকলো পৃষ্ঠদণ্ডী প্ৰাণী মেৰুদণ্ডী নহয় ।

প্ৰশ্ন ৮: মৎসৰ বায়ুথলীৰ উপস্থিতিৰ গুৰুত্ব কি ?

উওৰ : পানীৰ প্লাবিতা নিয়ন্ত্ৰণ কৰি সাঁতোৰা বা চলাচল কৰাত সহায় কৰে ।

প্ৰশ্ন ৯: পক্ষীৰ উৰিব পৰা অভিযোজনবোৰ কি ? 

উওৰ : পক্ষীৰ শৰীৰৰ হাড়বোৰ ফোপোলা । তাত বায়ুকোষ থাকে । যিয়ে উৰিবলৈ সহায় কৰে‌ ।

প্ৰশ্ন ১০: ডিম্বজ প্ৰাণীৰ কণী পৰাৰ সংখ্যা বা স্তন‍্য প্ৰাণীৰ পোৱালী জগোৱা সংখ্যা সমান হয় নে ? কিয় ?

উত্তৰ : নহয় । কিয়নো স্তন‍্যপায়ীৰ পোৱালী জগোৱাৰ সময়তকৈ ডিম্বজ প্ৰাণীৰ কণীৰ পৰা সংখ্যা বেছি হয় ।

প্ৰশ্ন ১১: কোন প্ৰাণীৰ দেহত প্ৰথমবাৰৰ বাবে খণ্ডীভৱন দেখা যায় ।

(ক) চেপেটা কৃমি ,

(খ) ঘূৰণীয়া কৃমি ,

(গ) বলয়ী প্ৰাণী ,

(ঘ) সন্ধীপদী প্ৰাণী ।

উওৰ : (গ) বলয়ী প্ৰাণী ।

প্ৰশ্ন ১২: মানুহৰ দেহত পৰজীৱিৰূপে বাসকৰা প্ৰাণীৰ এখন তালিকা প্ৰস্তুত কৰা ।

উত্তৰ : (ক) ফিটা পেলু ,

(খ) যকৃত কৃমি ,

(গ) এছকাৰিছ ,

(ঘ) উচেৰিয়া ,

(ঙ) এংকাইল’ষ্টমা ,

(চ) ওকনি ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

1 thought on “Class 11 Biology Chapter 4 প্ৰাণীজগত”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top