Class 11 Biology Chapter 15 উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ

Class 11 Biology Chapter 15 উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 15 উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ and select needs one.

Class 11 Biology Chapter 15 উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 15 উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ Solutions for All Subject, You can practice these here.

উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ

পাঠ: ১৫

চতুৰ্থ গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: বৃদ্ধি , বিভেদন , বিকাশৰ সংজ্ঞা লিখা ।

উত্তৰ :-

বৃদ্ধি ― জীৱিত পদাৰ্থৰ আয়তনৰ স্থায়ী প্ৰসাৰণ আৰু ইয়াৰ দ্বাৰা আকৃতি আৰু গঠনৰ যি পৰিৱৰ্তন হয় , তাকে বৃদ্ধি বোলে ।

বিভেদন ― উদ্ভিদৰ কেমবিয়াম্ তথা শিপা আৰু কাণ্ডৰ অগ্ৰস্থ ভাজক কলাৰ পৰা সৃষ্টি হোৱা কোষ , কোমল অৱস্থাৰ পৰা পূৰ্ণাগপ্ৰান্ত অৱস্থা পোৱাৰ কালছোৱাক বিভেদন বোলে ।

বিকাশ ― বৃদ্ধি লগে লগে আকাৰৰ যি জটিলতা পূৰ্ণ পৰিৱৰ্তন ঘটে অৰ্থাৎ ভ্ৰূণ অৱস্থা এৰি পূৰ্ণ জীৱিত পৰিণত হোৱাকে বিকাশ বোলে ।

প্ৰশ্ন ২: এজোপা সপুষ্পক উদ্ভিদৰ জীৱনজোৰা বৃদ্ধি জুখিবৰ বাবে যিকোনো এবিধ স্থিতিমাপক কিয় যথেষ্ট নহয় ?

উত্তৰ :- কিয়নো কোষীয় পৰ্য্যায়ৰ বৃদ্ধি মানে হৈছে মূলত প্ৰ’ট’প্লাজমৰ পৰিমাণ বৃদ্ধি ।যিহেতু প্ৰ’ট’প্লাজমৰ বৃদ্ধি পোনে পোনে জোখ লোৱাটো কঠিন , সেয়েহে কিছু পৰিমানৰ জোখ লৈ গোটেই খিনিৰ জোখ পোৱাটো কম বেছি পৰিমাণে সম্ভৱ । বৃদ্ধিৰ জোখ বেলেগ বেলেগ পৰিমাপকৰ দ্বাৰা ল’ব পাৰি ।

যেনে ― কেঁচা ওজন , শুষ্ক ওজন , দৈৰ্ঘ্য , ক্ষেএফল , আয়তন আৰু কোষৰ সংখ্যা ।

প্ৰশ্ন ৩: পাঁচবিধ প্ৰাকৃতিক উদ্ভিদ বৃদ্ধি নিয়ন্ত্ৰকৰ নাম তালিকাভূক্ত কৰা । ইয়াৰ ভিতৰত যিকোনো এবিধৰ আৱিষ্কাৰ , শৰীৰক্ৰিয়াত্মক কৰ্ম আৰু কৃষি উদ্যানসশ‍্যত ব্যৱহাৰৰ বিষয়ে এটি টোকা লিখা ।

উত্তৰ :- বৃদ্ধি নিয়ন্ত্ৰকৰ নামবোৰ ক্ৰমে ― 

(ক) অক্সিন ,

(খ) জিব্বাৰেলিন ,

(গ) চাইট’কাইনিন ,

(ঘ) ইথিলিন ,

(ঙ) এৱছিছক এছিড 

চাইট’কাইনিনৰ বিষয়ে ― আৱিস্কাৰ ― হেৰিং মাছৰ শুক্ৰানুৰ (DNA) অট’ক্লেভ কৰাৰ সময়ত আৱিস্কাৰ হৈছিল ।

শৰীৰ ক্ৰিয়াত্মক কাৰ্য ― কোষ দ্ৰব্য বিভাজনত বিশেষ প্ৰভাৱ পেলায় ।

ব্যৱহাৰ ― নতুন পাত , পাতৰ হৰিৎকণা , পাশ্বীয় কাণ্ডৰ বৃদ্ধি আৰু অস্থানিক কাণ্ড সৃষ্টিত ব্যৱহাৰ কৰা হয় ।

প্ৰশ্ন ৪: দীপ্তিকাল প্ৰতিক্ৰিয়া আৰু বসন্তীকৰণ মানে তুমি কি বুজা ? 

উত্তৰ :- দীপ্তিকাল প্ৰতিক্ৰিয়া ― চুটি – দিনৰ উদ্ভিদক যদি দীঘল – দিনতো কৃত্ৰিম পৰিৱেশত দীপ্তিকাল হ্ৰাস কৰি ৰখা হয় ; তেতিয়া হ’লে দীঘল দিনতো ফুলৰ কলি সৃষ্টি হয় । এনেদৰে দীপ্তিকালৰ ওপৰত উদ্ভিদৰ শৰীৰ ক্ৰিয়া নিৰ্ভৰ কৰা পৰিঘটনাক দীপ্তিকাল প্ৰতিক্ৰিয়া বোলে ।

বসন্তীকৰণ প্ৰতিক্ৰিয়া ― যি প্ৰক্ৰিয়াৰে দ্বি – বৰ্ষজীৱী উদ্ভিদক একবৰ্ষজীৱী উদ্ভিদলৈ ৰূপান্তৰিত কৰি , জীৱনকাল চুটি কৰি শীতকালৰ শস‍্যক বসন্তকালৰ শস‍্যলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াকে বসন্তীকৰণ বোলা হয় ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

প্ৰশ্ন ৫: এবছিছিক এচিডক কিয় চাপ হৰম’ন বুলি কোৱা হয় ?

উত্তৰ :- এবছিছিক এচিডে সাধাৰণতে উদ্ভিদ বৃদ্ধিৰ বাধাকাৰক আৰু বিপাক কাৰ্য্য দমনকাৰী হিচাপে কাম কৰে আৰু বীজৰ অংকুৰণত বাধা দিয়ে লগতে ই পত্ৰৰন্ধ বন্ধৰ বাবে উৎসাহিত কৰে আৰু উদ্ভিদক বিভিন্ন ধৰণৰ চাপ সহ‍্য কৰা ক্ষমতা বৃদ্ধি কৰে । সেই কাৰণে ইয়াক চাপ হৰম’ন বোলা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top