MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.
MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ
(৩২৬) তলত দিয়া কোনবিধ ৰোগ পানীৰদ্বাৰা সংক্ৰমিত নহয় ?
(ক) গ্ৰহণী
(খ) হেপাটাইটিছ A
(গ) কলেৰা
(ঘ) ৰিদৈৰোগ
উত্তৰ: (ঘ) ৰিদৈৰোগ।
(৩২৭) তলত দিয়া কোনটো বিকল্প শক্তিৰ উৎস নহয় ?
(ক) ৰন্ধন গেছ
(খ) সৌৰ শক্তি
(গ) জৈৱ ইন্ধন
(ঘ) জৈৱ অপচয়ৰ পৰা উৎপাদিত শক্তি
উত্তৰ: (ক) ৰন্ধন গেছ।
(৩২৮) তলত দিয়া কোনবিধ পদাৰ্থ খাদ্যত থকাটো অত্যাৱশ্যকীয় নহয় ?
(ক) শ্বেতসাৰ
(খ) চৰ্বি
(গ) অম্লকাৰক
(ঘ) ভিটামিন
উত্তৰ: (গ) অম্লকাৰক।
(৩২৯) সন্তুলিত আহাৰত কাৰ্ব’হাইড্ৰেট, চৰ্বি আৰু প্ৰ’টিনৰ পৰিমাণ হ’ব লাগে যথাক্ৰমে-
(ক) 50%, 35% আৰু 12%
(খ) 40%, 30% আৰু 10%
(গ) 50%, 12% আৰু 30%
(ঘ) 60%, 30% আৰু 10%
উত্তৰ: (ক) 50%, 35% আৰু 12%
(৩৩০) ভাৰতত কৃষিৰ ভিত্তিত জীৱন নিৰ্বাহ কৰা মানুহৰ সংখ্যা প্ৰায়-
(ক) 90%
(খ) 85%
(গ) 80%
(ঘ) 70%
উত্তৰ: (ঘ) 70%
(৩৩১) তলত দিয়া কোনবিধ সাৰ জীৱ সাৰ (bio fertilizer) নহয় ?
(ক) ৰাইজ বিয়া
(খ) ইউৰিয়া
(গ) এজ’বেক্টাৰ
(ঘ) নীলা-সেউজীয়া শেলাই
উত্তৰ: (খ) ইউৰিয়া।
(৩৩২) তলত দিয়া কোনটো পশুধন সচ ম’হৰ নহয় ?
(ক) মুৰা
(খ) মেহচানা
(গ) চুৰ্তি
(ঘ) সিন্ধি
উত্তৰ: (ঘ) সিন্ধি।
(৩৩৩) মানুহৰ আৱশ্যকীয় শক্তিৰ শতকৰা প্ৰায় কিমান ভাগ জীৱাষ্ম ইন্ধনৰপৰা পোৱা যায় ?
(ক) 90%
(খ) 95%
(গ) 85%
(ঘ) 80%
উত্তৰ: (ক) 90%
(৩৩৪) অসম তথা ভাৰতৰ প্ৰথম তেলকূপটো 1867 চনত ক’ত খন্দা হৈছিল ?
(ক) ডিগবৈ
(খ) মাকুম
(গ) মাৰ্গেৰিটা
(ঘ) নাহৰকটীয়া
উত্তৰ: (খ) মাকুম।
(৩৩৫) কোনবিধ কয়লা আটাইতকৈ উত্তম ?
(ক) এনথ্ৰাচাইট কয়লা
(খ) বিটুমিনাছ কয়লা
(গ) লিগনাইট কয়লা
(ঘ) পিট কয়লা
উত্তৰ: (ক) এনথ্ৰাচাইট কয়লা।
(৩৩৬) তলত দিয়া কোনবিধ ইন্ধন পেট্ৰ’লিয়ামৰপৰা প্ৰস্তুত কৰা নহয় ?
(ক) পেট্ৰ’ল
(খ) ডিজেল
(গ) ক’ক
(ঘ) কেৰাছিন
উত্তৰ: (গ) ক’ক।
(৩৩৭) ৰন্ধন গেছৰ মুখ্য উপাদান কি ?
(ক) মিথেন
(খ) ইথেন
(গ) প্ৰপেন
(ঘ) বিউটেন
উত্তৰ: (ঘ) বিউটেন।
(৩৩৮) কি উদ্ভিদৰ পৰা জৈৱ ডিজেল উৎপন্ন কৰিব পাৰি ?
(ক) ভোট এৰা
(খ) বাহ
(গ) কলগছ
(ঘ) গমাৰী
উত্তৰ: (ক) ভোট এৰা।
(৩৩৯) শেলাই আৰু ভেকুৰ হৈছে-
(ক) পৰিৱেশৰ অজৈৱিক উপাদান
(খ) পৰিৱেশৰ জৈৱিক উপাদান
(গ) প্ৰাথমিক উপভোক্তা
(ঘ) পচনকাৰী
উত্তৰ: (খ) পৰিৱেশৰ জৈৱিক উপাদান।
(৩৪০) বায়ুমণ্ডলত ওজন হিচাবত অক্সিজেন কিমান থাকে ?
(ক) 20.95%
(খ) 78.08%
(গ) 15.95%
(ঘ) 25.08%
উত্তৰ: (ক) 20.95%
(৩৪১) নৱীকৰণযোগ্য সম্পদৰ ভাণ্ডাৰ-
(ক) শেষ হৈ নাযায়
(খ) ব্যৱহাৰৰ পিছত শেষ হৈ যায়
(গ) এবাৰহে ব্যৱহাৰ কৰিব পাৰি
(ঘ) নতুনকৈ একো যোগ দিব নোৱাৰি
উত্তৰ: (ক) শেষ হৈ নাযায়।
(৩৪২) তলত দিয়া কোনবিধ সামগ্ৰী বনাঞ্চলৰপৰা পোৱা নাযায় ?
(ক) লা
(খ) কৰ্পূৰ
(গ) ধুনা
(ঘ) ফোম
উত্তৰ: (ঘ) ফোম।
(৩৪৩) অচিচৰণ কি ?
(ক) গৰু-ছাগলীৰ অত্যাচাৰ
(খ) গৰু-ছাগলীৰ ওপৰত মানুহৰ অত্যাচাৰ
(গ) গৰু-ছাগলী অধিক মাত্ৰাত চৰিবলৈ দিয়াৰ ফলত ঘাহনি ধ্বংস হৈ যোৱা কাৰ্য।
(ঘ) বহুত গুৰু-ছাগলী একোলগে চৰোৱা কাৰ্য
উত্তৰ: (গ) গৰু-ছাগলী অধিক মাত্ৰাত চৰিবলৈ দিয়াৰ ফলত ঘাহনি ধ্বংস হৈ যোৱা কাৰ্য।
(৩৪৪) তলত দিয়া কোনটো উক্তি শুদ্ধ নহয় ?
অতিচৰনৰ ফলত-
(ক) ভূমিৰ অৱক্ষয় হয়
(খ) ভূমিস্খলন হয়
(গ) মাটি সাৰুৱা হয়
(ঘ) মৰুভূমিৰ পৰিসৰ বৃদ্ধি হয়
উত্তৰ: (গ) মাটি সাৰুৱা হয়।
(৩৪৫) আধুনিক কৃষি পদ্ধতিৰ কি প্ৰভাৱ পানীৰ ওপৰত পৰিছে ?
(ক) অতি পুষ্টিকৰণ
(খ) অতি চৰণ
(গ) বায়ু প্ৰদূষণ
(ঘ) খাদ্য শস্যৰ আকাল
উত্তৰ: (ক) অতি পুষ্টিকৰণ।
(৩৪৬) তলত দিয়া কি অঞ্চলত কয়লা পোৱা নাযায় ?
(ক) ৰাণীগঞ্জ
(খ) ঝাড়িয়া
(গ) বোকাৰো
(ঘ) বোম্বে হাই
উত্তৰ: (খ) ঝাড়িয়া।
(৩৪৭) প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি কি ?
(ক) মিথেন (95%), ইথেন, প্ৰপেন আৰু বিউটেন
(খ) মিথেন, ইথেন (90%), প্ৰপেন আৰু বিউটেন
(গ) মিথেন, ইথেন, প্ৰপেন (80%) আৰু বিউটেন
(ঘ) মিথেন, ইথেন, প্ৰপেন আৰু বিউটেন (70%)
উত্তৰ: (ক) মিথেন (95%), ইথেন, প্ৰপেন আৰু বিউটেন।
(৩৪৮) সেউজ বিপ্লৱৰ কোনে সূচনা কৰিছিল ?
(ক) এম এচ বহুগুণা
(খ) এম এচ স্বামীনাথন
(গ) এম এচ মেহতা
(ঘ) শ্ৰীনিবাস ৰামানুজন
উত্তৰ: (খ) এম এচ স্বামীনাথন।
(৩৪৯) যিবোৰ প্ৰজাতি এতিয়াও যথেষ্ট আছে কিন্তু পৰিৱেশ প্ৰতিকূল হ’লে ভৱিষ্যতে সংকল্পাপন্ন হ’ব পাৰে সেইবোৰ
প্ৰজাতি-
(ক) বিৰল (rare)
(খ) সংকতাপন্ন (endangered)
(গ) হনন সম্ভৱ (vulnerable)
(ঘ) লুপ্ত (extinct)
উত্তৰ: (গ) হনন সম্ভৱ (vulnerable)।
(৩৫০) চালফাৰ বেক্টেৰিয়া-
(ক) স্বপোষী
(খ) স্বপোষী নহয়
(গ) গৌণ উপভোক্তা
(ঘ) মাংসাহাৰী
উত্তৰ: (ক) স্বপোষী।
(৩৫১) স্থানিক প্ৰজাতি (endemic species)
(ক) সকলোতে পোৱা যায়
(খ) কিছুমান নিৰ্দিষ্ট অঞ্চলত পোৱা যায়
(গ) কিছুমান নিৰ্দিষ্ট অঞ্চলত থকা সংকতাপন্ন প্ৰজাতি
(ঘ) বিৰল প্ৰজাতি
উত্তৰ: (খ) কিছুমান নিৰ্দিষ্ট অঞ্চলত পোৱা যায়।
(৩৫২) সৌৰ ধ্ৰুৱকৰ (solar constant) মান কি
(ক) 1340 ৱাট/মিটাৰ2
(খ) 13.4 ৱাট/মিটাৰ2
(গ) 1340 জুল/মিটাৰ2
(ঘ) 13.4 জুল/মিটাৰ2
উত্তৰ: (ক) 1340 ৱাট/মিটাৰ2।
(৩৫৩) সোণালী বান্দৰ ক’ত পোৱা যায় ?
(ক) কেৱল মানাহ আৰু সোনকোষ নদীৰ মধ্যৱৰ্তী অঞ্চলত
(খ) কেৱল কাজিৰঙাত
(গ) ওৰাং ৰাষ্ট্ৰীয় উদ্যানত
(ঘ) দীপৰ বিল অঞ্চলত
উত্তৰ: (ক) কেৱল মানাহ আৰু সোনকোষ নদীৰ মধ্যৱৰ্তী অঞ্চলত।
(৩৫৪) ধনছা (sesbania rostrata) কি ?
এবিধ-
(ক) কৃত্ৰিম সাৰ
(খ) কেচুসাৰ
(গ) ইউৰিয়া
(ঘ) সেউজীয়া সাৰ
উত্তৰ: (ঘ) সেউজীয়া সাৰ।
(৩৫৫) পৃথিৱীত সেউজগৃহ প্ৰভাৱ নাথাকিলে কি হ’লহেতেন ?
(ক) গড় উষ্ণতা 15°C হৈ থাকিলহেতেন
(খ) গড় উষ্ণতা বৃদ্ধি পালেহেতেন
(গ) গড় উষ্ণতা- 18°C তকৈ কম হ’লহেতেন
(ঘ) উষ্ণতাৰ ওপৰত প্ৰভাৱ নপৰিলেহেতেন
উত্তৰ: (গ) গড় উষ্ণতা- 18°C তকৈ কম হ’লহেতেন।
(৩৫৬) সম্প্ৰদায় (community) কাক বোলে ?
(ক) একে পৰিৱেশত থকা বিভিন্ন জীৱ প্ৰজাতি
(খ) একেলগে থকা একে ধৰ্মৰ মানুহ
(গ) একেলগে থকা একে ভাষাৰ মানুহ
(ঘ) একেলগে থকা একে জাতৰ মানুহ
উত্তৰ: (ক) একে পৰিৱেশত থকা বিভিন্ন জীৱ প্ৰজাতি।
(৩৫৭) মৃতদেহ ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰা প্ৰাণীক কি বোলে ?
(ক) উপভোক্তা
(খ) সন্মাৰ্জক (scavenger)
(গ) মাংসাহাৰী
(ঘ) গৌণ উপভোক্তা
উত্তৰ: (খ) সন্মাৰ্জক (scavenger)।
(৩৫৮) শ্বেত কয়লা বুলিলে কি বুজায় ?
(ক) দহন কৰাৰ পিছত থকা কয়লা
(খ) জলবিদ্যুৎ শক্তি
(গ) কাঠৰপৰা উৎপন্ন কৰা কয়লা
(ঘ) বৰফৰ মাজত থকা কয়লা
উত্তৰ: (খ) জলবিদ্যুৎ শক্তি।
(৩৫৯) তেজত থকা হেম’গ্ল’বিনত (লোহিত ৰক্ত কণিকা) কি গেছ শোষিত হয় ?
(ক) CO
(খ) SO2
(গ) CO2
(ঘ) NO
উত্তৰ: (ক) CO
(৩৬০) তলত দিয়া কি প্ৰক্ৰিয়াৰ বাবে বায়ুত কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি নহয় ?
(ক) প্ৰাণী দেহৰ অপঘটন
(খ) শ্বসন
(গ) সালোক সংশ্লেষণ
(ঘ) পেট্ৰ’লৰ দহন
উত্তৰ: (গ) সালোক সংশ্লেষণ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Plese share this in english