MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.
MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ
(১৭১) কি কি প্ৰধান কাৰকৰ বাবে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি আছে ?
(ক) জনসংখ্যা বিস্ফোৰণ আৰু নিৰ্বনানিকৰণ
(খ) নিৰ্বনানিকৰণ আৰু জীৱাষ্ম ইন্ধনৰ দহন
(গ) খৰি জ্বলোৱা আৰু সালোক সংশ্লেষণ
(ঘ) সালোক সংশ্লেষণ আৰু জীৱাষ্ম ইন্ধন দহন।
উত্তৰ: (খ) নিৰ্বনানিকৰণ আৰু জীৱাষ্ম ইন্ধনৰ দহন।
(১৭২) প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি ?
(ক) মিথেন
(খ) ইথেন
(গ) প্ৰপেন
(ঘ) বিউটেন
উত্তৰ: (ক) মিথেন।
(১৭৩) বায়ুত থকা যিবোৰ গেছে ভূপৃষ্ঠৰ পৰা অহা অৱলোহিত ৰশ্মি শোষণ কৰিব পাৰে সেইবোৰক সেউজগৃহ গেছ
বোলে আৰু সেইবোৰ হৈছে
(ক) O2, N2, CO2
(খ) N2, CO2, N2O
(গ) CO2, CH4, CFC আৰু N2O
(ঘ) O2, N2, CH4
উত্তৰ: (গ) CO2, CH4, CFC আৰু N2O
(১৭৪) জনসংখ্যা বৃদ্ধিৰ হাৰ ক’ত সৰ্বাধিক ?
(ক) উত্তৰ আমেৰিকা
(খ) লেটিন আমেৰিকা
(গ) উত্তৰ ইউৰোপ
(ঘ) জাপান
উত্তৰ: (খ) লেটিন আমেৰিকা।
(১৭৫) তলত দিয়াবোৰৰ ভিতৰত কোনটো নৱীকৰণযোগ্য ?
(ক) বা’ইট
(খ) কয়লা
(গ) ইউৰেনিয়াম
(ঘ) বায়ুত থকা অক্সিজেন
উত্তৰ: (ঘ) বায়ুত থকা অক্সিজেন।
(১৭৬) বতৰৰ পৰিঘটনাবোৰ ক’ত ঘটে ?
(ক) ট্ৰপ’স্পিয়াৰ
(খ) ষ্ট্ৰেট’স্পিয়াৰ
(গ) মেছ’স্পিয়াৰ
(ঘ) থাৰ্ম’স্পিয়াৰ
উত্তৰ: (ক) ট্ৰপ’স্পিয়াৰ।
(১৭৭) হিউমাছ (humus) কি ?
(ক) এজাতিৰ মানুহ
(খ) আৰ্দ্ৰতাৰ এটা অৱস্থা
(গ) মাটিৰ ওপৰৰ বালিভাগ
(ঘ) মাটিত থকা মুগাবৰণৰ এই অংশই মাটি সাৰুৱা কৰে।
উত্তৰ: (ঘ) মাটিত থকা মুগাবৰণৰ এই অংশই মাটি সাৰুৱা কৰে।
(১৭৮) সালোক সংশ্লেষণ
(ক) মানুহৰ দেহতো হয়
(খ) উদ্ভিদৰ সকলো অংশতে হয়
(গ) উদ্ভিদৰ সেউজীয়া পাতত হয়
(ঘ) উদ্ভিদৰ শিপাত হয়
উত্তৰ: (খ) উদ্ভিদৰ সকলো অংশতে হয়।
(১৭৯) উৎপাদকে
(ক) নিজে নিজৰ খাদ্য উৎপাদন কৰে
(খ) অন্য জীৱ ভক্ষণ কৰে
(গ) আনৰ বাবেহে খাদ্য উৎপন্ন কৰে
(ঘ) অকল মাংস ভক্ষণ কৰে।
উত্তৰ: (ক) নিজে নিজৰ খাদ্য উৎপাদন কৰে।
(১৮০) বহুতো সম্প্ৰদায় বসবাস কৰা একোটা বৃহৎ অঞ্চলক কি বোলে ?
(ক) পৰিস্থিতি তন্ত্ৰ
(খ) বায়’ম (biome)
(গ) জৈৱ মণ্ডল (biosphere)
(ঘ) নিচি (niche)
উত্তৰ: (খ) বায়’ম (biome)
(১৮১) জন্মৰ হাৰৰ পৰা মৃত্যুৰ হাৰ বিয়োগ কৰিলে কি পোৱা যায় ?
(ক) প্ৰজননৰ হাৰ (reproductive rate)
(খ) জনসংখ্যাসূচক (population index)
(গ) জনসংখ্যা ঘনত্ব (population density)
(ঘ) জনসংখ্যা কম্পনাংক (population frequency)
উত্তৰ: (খ) জনসংখ্যাসূচক (population index)।
(১৮২) জৈৱ সম্প্ৰদায়ৰ ভিতৰত প্ৰাথমিক উপভোক্তাবোৰ
(ক) মাংসভোজী
(খ) সৰ্বভোজী (omnivores)
(গ) তৃণভোজী
(ঘ) বিযোজক
উত্তৰ: (গ) তৃণভোজী।
(১৮৩) জৈৱ নাইট্ৰ’জেন যৌগবোৰ এম’নিয়াম যৌগলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াক কি বোলে ?
(ক) denitrification
(খ) nitrification
(গ) ammonification
(ঘ) oxidation
উত্তৰ: (গ) ammonification
(১৮৪) খাদ্য শৃংখলত শক্তি কিদৰে প্ৰৱেশ কৰে ?
(ক) বিযোজকৰ যোগেদি
(খ) উৎপাদকৰ যোগেদি
(গ) প্ৰাথমিক উপভোক্তাৰ যোগেদি
(ঘ) গৌণ উপভোক্তাৰ যোগেদি
উত্তৰ: (খ) উৎপাদকৰ যোগেদি।
(১৮৫) ভাৰতত তলত দিয়াবোৰৰ ভিতৰত কাৰ জিন বৈচিত্ৰ্য (genetic diversity) সৰ্বাধিক ?
(ক) ধান
(খ) চাহপাত
(গ) আম
(ঘ) বেঙেনা
উত্তৰ: (গ) আম।
(১৮৬) কৃষিভূমিৰ উৰ্বৰতা কি কাৰণে হ্ৰাস পায় ?
(ক) এটাৰ পিচত আন এটা খেতি কৰা কাৰণে (crop rotation)
(খ) নাইট্ৰ’জেন স্থিৰীকৰণ বেক্টেৰিয়াৰ কাৰণে
(গ) সুপৰিকল্পিত কৃষি কাৰ্যৰ কাৰণে
(ঘ) পচিব ধৰা জৈৱ পদাৰ্থৰ কাৰণে
উত্তৰ: (ঘ) পচিব ধৰা জৈৱ পদাৰ্থৰ কাৰণে।
(১৮৭) আটাইতকৈ বেছি পৰিমাণৰ পৰিস্কাৰ পানী (fresh water) ক’ত পোৱা যায় ?
(ক) মেৰুৰ বৰফ আৰু হিমবাহ (polar ice and glacier)
(খ) নদী
(গ) সাগৰ-মহাসাগৰ
(ঘ) হ্ৰদ
উত্তৰ: (ক) মেৰুৰ বৰফ আৰু হিমবাহ (polar ice and glacier)।
(১৮৮) পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি ল’ব লাগে ?
(ক) জুম (Jhum)
(খ) তৰপ পদ্ধতি (terracing)
(গ) মিশ্ৰ শস্য (mixed cropping)
(ঘ) হালবোৱা
উত্তৰ: (খ) তৰপ পদ্ধতি (terracing)
(১৮৯) শস্যাৱৰ্তনৰ কাৰণে (crop rotation)
(ক) মাটিৰ উৰ্বৰতা বাঢ়ে
(খ) ভূমিস্খলন কমে
(গ) পানীৰ অপচয় কমে
(ঘ) মাটিৰ উৰ্বৰতা কমে
উত্তৰ: (ক) মাটিৰ উৰ্বৰতা বাঢ়ে।
(১৯০) চিনকোনা (chincona) গছৰ কোনটো অংশৰ পৰা কুইনাইন উৎপন্ন কৰা হয় ?
(ক) শুকান পাত
(খ) শুকান ফুল
(গ) বাকলি
(ঘ) শিপা
উত্তৰ: (গ) বাকলি।
(১৯১) ভাৰতৰ গ্ৰাম্যাঞ্চলত বায়’ডিজেল (biodiesel) উৎস হিচাপে কি ব্যৱহাৰ কৰা হয়।
(ক) Pongamia
(খ) Euphorbia
(গ) Sugarcane
(ঘ) Beet root
উত্তৰ: (ক) Pongamia
(১৯২) ভাৰতত সাম্প্ৰতিক কালত কোনবিধ প্ৰাণী বিলুপ্ত (extinct) হৈছে ?
(ক) শিয়াল
(খ) চিতা বাঘ
(গ) নেউল
(ঘ) নীল গাই
উত্তৰ: (খ) চিতা বাঘ।
(১৯৩) তলত দিয়া কোনবিধ প্ৰাণী ভাৰতত সংকতাপন্ন (endangered) ?
(ক) বনৰীয়া গাধ
(খ) ঘোঁৰা
(গ) হাতী
(ঘ) কাছ
উত্তৰ: (ক) বনৰীয়া গাধ।
(১৯৪) কানহা (Kanha) ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত ?
(ক) ৰাজস্থান
(খ) মধ্যপ্ৰদেশ
(গ) বিহাৰ
(ঘ) কৰ্ণাটক
উত্তৰ: (খ) মধ্যপ্ৰদেশ।
(১৯৫) ভাৰতৰ সংসদত জৈৱ বৈচিত্ৰ্য আইন (Biodiversity Act) কেতিয়া প্ৰৱৰ্তন কৰা হয় ?
(ক) 2005
(খ) 2003
(গ) 2002
(ঘ) 2004
উত্তৰ: (গ) 2002
(১৯৬) তলত দিয়া কোনটো যোৰ মিলিছে ?
(ক) সিংহ- গিৰ ৰাষ্ট্ৰীয় উদ্যান
(খ) সিংহ- সুন্দৰবন
(গ) গড়- কানহা ৰাষ্ট্ৰীয় উদ্যান
(ঘ) বনৰীয়া গাধ- দুধৱা ৰাষ্ট্ৰীয়, উদ্যান।
উত্তৰ: (ক) সিংহ- গিৰ ৰাষ্ট্ৰীয় উদ্যান।
(১৯৭) বৰ্ষাৰণ্যবোৰত থকা কিছুমান প্ৰজাতিৰ বিলুপ্তিৰ প্ৰধান কাৰণ
(ক) নিৰ্বনানিকৰণ (deforestation)
(খ) ভূমি স্খলন
(গ) মানুহৰ প্ৰব্ৰজন
(ঘ) অধিক বনানীকৰণ
উত্তৰ: (ক) নিৰ্বনানিকৰণ (deforestation)।
(১৯৮) গিৰ ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত ?
(ক) অসম
(খ) বিহাৰ
(গ) পঞ্জাৱ
(ঘ) গুজৰাট
উত্তৰ: (ঘ) গুজৰাট।
(১৯৯) নাগাৰ্জুন সাগৰ অভয়াৰণ্য (sanctuary) ক’ত অৱস্থিত ?
(ক) অন্ধ্ৰ প্ৰদেশ
(খ) কেৰেলা
(গ) তামিলনাডু
(ঘ) কৰ্ণাটক
উত্তৰ: (ক) অন্দ্ৰ প্ৰদেশ।
(২০০) তলত দিয়া কোনটো যোৰ মিলা নাই
(ক) হাতী- পেৰিয়াৰ (Periyar)
(খ) বাঘ- সুন্দৰবন (Sunderbans)
(গ) ঘড়িয়াল- কাজিৰঙা
(ঘ) বনৰীয়া গাধ- কচ্ছৰ ৰাণ (Rann of Kutch)
উত্তৰ: (গ) ঘড়িয়াল- কাজিৰঙা।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Plese share this in english