MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

Join Telegram channel

(২০১) নীলা বিপ্লৱৰদ্বাৰা (Blue Revolution) কি কৰা হয় ?

(ক) মাছৰ উৎপাদন বৃদ্ধি

(খ) গাখীৰৰ উৎপাদন বৃদ্ধি

(গ) খাদ্য শস্যৰ উৎপাদন বৃদ্ধি

(ঘ) তৈল বীজৰ উৎপাদন বৃদ্ধি

উত্তৰ: (ক) মাছৰ উৎপাদন বৃদ্ধি।

(২০২) পুষ্টিহীনতাৰ কাৰণে কি ?

(ক) প্ৰ’টিনৰ অভাৱ

(খ) সন্তুলিত আহাৰৰ অভাৱ

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) ভিটামিনৰ অভাৱ

(ঘ) খনিজ লৱণৰ অভাৱ

উত্তৰ: (খ) সন্তুলিত আহাৰৰ অভাৱ।

(২০৩) তলত দিয়া কোনবিধ উদ্ভিদ তেল উৎপাদনকাৰী ?

(ক) মাকৈ

(খ) মচুৰ

(গ) তিল

(ঘ) বজৰা

উত্তৰ: (গ) তিল।

(২০৪) তলত দিয়া কি বস্তুৰ জৈৱ অৱনমন (biodegradation) নঘটে ?

(ক) পলিথিন

(খ) কাগজ

(গ) কলগছ

(ঘ) পৰুৱা

উত্তৰ: (ক) পলিথিন।

(২০৫) কি পাচলি পত্ৰবহুল ?

(ক) আলু

(খ) লাই শাক

(গ) গাজৰ

(ঘ) কাঠআলু

উত্তৰ: (খ) লাই শাক।

(২০৬) তলত দিয়া কোনবিধ ৰোগ প্ৰদূষিত পানীৰ কাৰণে বিয়পে ?

(ক) ৰক্তহীনতা

(খ) যক্ষ্মা

(গ) টাইফয়ড

(ঘ) ইনফ্লুয়েঞ্জা

উত্তৰ: (গ) টাইফয়ড।

(২০৭) তলত দিয়া কোনবিধ শস্য বীজজাতীয় ?

(ক) মটৰ মাহ

(খ) সৰিয়হ

(গ) বাদাম

(ঘ) ধান

উত্তৰ: (ঘ) ধান।

(২০৮) বায়ুমণ্ডলৰ কোনটো তৰপে জীৱজগতক অতি বেগুনী ৰশ্মিৰপৰা ৰক্ষা কৰে ?

(ক) ষ্ট্ৰেট’স্পিয়াৰ

(খ) ট্ৰপ’স্পিয়াৰ

(গ) আয়ন’স্পিয়াৰ

(ঘ) মেছ’স্পিয়াৰ

উত্তৰ: (ক) ষ্ট্ৰেট’স্পিয়াৰ।

(২০৯) অজ’নৰ তৰপত উৎপন্ন হোৱা গহ্বৰ (Ozone Hole) কিহৰ উপস্থিতিত হয় ?

(ক) কাৰ্বন ডাই অক্সাইড

(খ) নাইট্ৰ’জেন

(গ) ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন

(ঘ) অতিবেগুনী ৰশ্মি

উত্তৰ: (গ) ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন।

(২১০) জীৱ দেহত ঘটি থকা সকলোবোৰ জৈৱ ৰাসায়নিক পৰিঘটনা চলি থাকিবলৈ কি লাগে ?

(ক) খাদ্য

(খ) পানী

(গ) কাৰ্বন

(ঘ) নাইট্ৰ’জেন

উত্তৰ: (খ) পানী।

(২১১) চহৰ-নগৰৰ গোটা আৱৰ্জনাবোৰৰ কাৰণে প্ৰদূষণ কিহত বেছিকৈ হয় ?

(ক) পানী

(খ) মাটি

(গ) বায়ু

(ঘ) সকলোতে

উত্তৰ: (ক) পানী।

(২১২) ভূ-উষ্মীভনৰ (Global Warming) কাৰণ কি ?

(ক) জলপ্ৰদূষণ

(খ) ভূমিপ্ৰদূষণ

(গ) বায়ুপ্ৰদূষণ

(ঘ) জনসংখ্যা বিস্ফোৰণ

উত্তৰ: (গ) বায়ুপ্ৰদূষণ।

(২১৩) খনিজ সম্পদৰ উৎস ক’ত থাকে ?

(ক) জলমণ্ডল

(খ) বায়ুমণ্ডল

(গ) জৈৱমণ্ডল

(ঘ) শিলামণ্ডল

উত্তৰ: (ঘ) শিলামণ্ডল।

(২১৪) পৰিৱেশ প্ৰদূষণৰ মুখ্য কাৰণ কি ?

(ক) জনসংখ্যা বিস্ফোৰণ

(খ) নিৰ্বনানিকৰণ

(গ) প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰ

(ঘ) আটাইকেইটা

উত্তৰ: (ঘ) আটাইকেইটা।

(২১৫) ৰ’দৰ তাপত-

(ক) পানীতকৈ মাটি সোনকালে উত্তপ্ত হয়।

(খ) মাটিতকৈ পানী সোনকালে উত্তপ্ত হয়।

(গ) মাটি আৰু পানী সমানে উত্তপ্ত হয়।

(ঘ) মাটি উত্তপ্ত হয় পানী নহয়।

উত্তৰ: (ক) পানীতকৈ মাটি সোনকালে উত্তপ্ত হয়।

(২১৬) অসমৰ পৰিৱেশ সমস্যাৰ ভিতৰত কোনটো প্ৰধান ?

(ক) বায়ু প্ৰদূষণ

(খ) বানপানী

(গ) ভূমি প্ৰদূষণ

(ঘ) জল প্ৰদূষণ

উত্তৰ: (খ) বানপানী।

(২১৭) তলত দিয়া কোনবিধ সম্পদ খনিজ নহয় ?

(ক) কয়লা

(খ) গন্ধক

(গ) ড’ল’মাইট

(ঘ) প্লাইউড

উত্তৰ: (ঘ) প্লাইউড।

(২১৮) তলত দিয়া কোনবিধ গেছৰ মাত্ৰা বায়ুমণ্ডলত মাত্ৰাধিক বৃদ্ধি পোৱা কাৰণে বায়ু প্ৰদূষণ বৃদ্ধি পাইছে ?

(ক) কাৰ্বন ডাই-অক্সাইড

(খ) অক্সিজেন

(গ) নাইট্ৰ’জেন

(ঘ) অজ’ন

উত্তৰ: (ক) কাৰ্বন ডাই-অক্সাইড।

(২১৯) বায়ুমণ্ডলৰ একেবাৰে বাহিৰৰ তৰপটোৰ নাম কি ?

(ক) ট্ৰপ’স্পিয়াৰ

(খ) অজ’ন’স্পিয়াৰ

(গ) ষ্ট্ৰেট’স্পিয়াৰ

(ঘ) মেছ’স্পিয়াৰ

উত্তৰ: (ঘ) মেছ’স্পিয়াৰ।

(২২০) জীৱৰ কাৰণে কোন তিনিটা উপাদান অত্যাৱশ্যকীয় ?

(ক) বায়ু, পানী, খাদ্য

(খ) বায়ু, পানী, আশ্ৰয়

(গ) বায়ু, পানী, কাপোৰ

(ঘ) বায়ু, পানী, মাটি

উত্তৰ: (ক) বায়ু, পানী, খাদ্য।

(২২১) পৃথিৱীৰ মুঠ পানীৰ শতকৰা কিমান ভাগ লুণীয়া ?

(ক) 2

(খ) 70

(গ) 97

(ঘ) 78

উত্তৰ: (গ) 97

(২২২) কোনো এটা অঞ্চলত কম সময়ৰ বাবে চলি থকা ৰ’দ, বৰষুণ, উষ্ণতা, বতাহ আদিৰ অৱস্থাই কি বুজায় ?

(ক) বতৰ

(খ) ভৌগোলিক অৱস্থান

(গ) পৰিৱেশ

(ঘ) জলবায়ু

উত্তৰ: (ক) বতৰ।

(২২৩) পেট্ৰ’ল আৰু ডিজেল হৈছে-

(ক) নৱীকৰণযোগ্য শক্তিৰ উৎস

(খ) নৱীকৰণ অযোগ্য শক্তিৰ উৎস

(গ) প্ৰদূষণ নকৰা শক্তিৰ উৎস

(ঘ) শক্তিৰ মুখ্য উৎস

উত্তৰ: (খ) নৱীকৰণ অযোগ্য শক্তিৰ উৎস।

(২২৪) তলত দিয়া কোনটো পৰিৱেশৰ জৈৱিক উপাদান ?

(ক) উৎপাদক

(খ) উপভোক্তা

(গ) পচনকাৰী

(ঘ) আটাইকেইটা

উত্তৰ: (ঘ) আটাইকেইটা।

1 thought on “MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top