অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ

অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ – Birth and Evolution of Assamese Language are the Notes to each chapter is provided in the list so that you can easily browse throughout different Exam syllabus wise notes for অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ – Birth and Evolution of Assamese Language.

অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ

Join Telegram channel

Table of Contents

Also, you can read the Assamese Language online notes in these sections as per Assam Board and Competitive exam Syllabus guidelines. These notes are part of the Assam TET Subject. Here we have given Assam TET and Other Exam অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ – Birth and Evolution of Assamese Language for All notes, You can practice these here.

অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ

ASSAMESE LANGUAGE


অসমৰ ভাষা অসমীয়া। এই অসমীয়া ভাষা এটা সুপ্ৰাচীন ভাষা। ই আৰ্য গোষ্ঠীৰ ভাষা। আৰ্যসকল অসমলৈ অহাৰ আগতে ই অনাৰ্য গোষ্ঠীৰ বাসস্থান আছিল। প্ৰাচীন ভাৰতীয় আৰ্যভাষা বিশেষ ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম, একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে। আগতে উল্লেখ কৰা হৈছে যে অসমত অনাৰ্য গোষ্ঠীয়ে বসবাস কৰিছিল আৰ্যসকল অহাৰ আগেয়ে। গতিকে ইয়াত বাস কৰা তিব্বতবৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে। নদীৰ নাম, ঠাইৰ নাম, ধ্বন্যাত্মক শব্দ আৰু ঘৰুৱা বহু শব্দ অনাৰ্য ভাষাৰ পৰা আহিছে। আদিম ভাষাৰ সংস্পৰ্শত আৰ্য ভাষাই কৌলীন্য হেৰুৱাই ই দ্ৰুত গতিত পৰিৱৰ্তিত হ’বলৈ ধৰিলে।

প্ৰাচীন কামৰূপৰ ৰজাসকল দানৱ বা অসুৰ বুলি পৰিচিত হ’লেও তেওঁলোকে আৰ্য ভাষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব দিয়ে। কালিকা পুৰাণৰ মতে নৰকাসুৰে প্ৰথমতে কিৰাতসকলক পূবে দিক্কৰবাসিনী আৰু দক্ষিণে সাগৰৰ ফালে খেদি কামৰূপত ব্ৰাহ্মণ আৰু উচ্চবৰ্ণৰ লোকসকলক প্ৰতিষ্ঠা কৰি ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰসাৰ ঘটায়। ব্ৰাহ্মণ্য ধৰ্মৰ বিস্তাৰ হোৱাৰ লগে লগে আৰ্য ভাষা অসমৰ প্ৰধান ভাষা হিচাপে চলিবলৈ ধৰিলে।

ভাৰতীয় আৰ্য ভাষাগোষ্ঠীক তিনিটা স্তৰত ভাগ কৰা হয়।

১। প্ৰাচীন ভাৰতীয় আৰ্য ভাষা।

২। মধ্য ভাৰতীয় আৰ্য ভাষা।

৩। নব ভাৰতীয় আৰ্য ভাষা।

বৈদিক আৰু সংস্কৃত ভাষাই প্ৰাচীন ভাৰতীয় আৰ্য ভাষা। পালি প্ৰাকৃত আৰু অপভ্ৰশই মধ্য ভাৰতীয় আৰ্য ভাষা আৰু আধুনিক কথিত আৰ্য গোষ্ঠীৰ ভাষাসমূহেই তৃতীয় স্তৰৰ নব আৰ্য ভাষা।

প্ৰাচীন ভাৰতীয় আৰ্য ভাষাই ধ্বনিগত আৰু ব্যাকৰণগত পৰিৱৰ্তন লাভ কৰি প্ৰাকৃত আৰু অপভ্ৰশৰ মাজেদি আধুনিক ভাৰতীয় আৰ্য ভাষাত পৰিণত হৈছে। এই স্তৰবোৰ এনেদৰে বিশ্লেষণ কৰি দেখুৱাব পাৰি।

(ক) বৈদিক সংস্কৃত ভাষাৰ স্তৰ :- বৈদিক ভাষা আৰু সংস্কৃত ভাষাই হ’ল প্ৰথম স্তৰৰ ভাষা। বৈদিক ভাষাক কথিত ভাষাৰ সমন্বয়ত পৰিমাৰ্জিত ৰূপদান কৰিলে সংস্কৃত ভাষাই। সংস্কৃত ভাষা অভিজাত আৰ্যসকলৰ সাহিত্য-সংস্কৃতিৰ মাধ্যম ৰূপে প্ৰসিদ্ধি লাভ কৰি সৰ্বভাৰতীয় সাহিত্যৰ মাধ্যমৰূপে প্ৰতিষ্ঠিত হয়।

(খ) প্ৰাকৃত ভাষা :- বৈদিক যুগৰ প্ৰচলিত কথিত আৰ্য ভাষা ক্ৰমে পৰিৱৰ্তিত আৰু সৰল হৈ প্ৰাকৃত ভাষা ৰূপে পৰিগণিত হয়। প্ৰাকৃতৰ স্তৰ তিনিটা

(ক) আদি প্ৰাকৃত

(খ) মধ্য প্ৰাকৃত

(গ) অন্ত প্ৰাকৃত

(ক) অশোকৰ শিলালিপি, পালি ভাষাত লিখা ত্ৰিপিটক আদি বৌদ্ধ শাস্ত্ৰত আদি প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।

(খ) সংস্কৃত নাটত ব্যৱহত হোৱা প্ৰাকৃত, হালৰ গাথা সপ্তশ্ৰতী, বাকপতিৰাজৰ গৌৰবহো, প্ৰবৰ সেনৰ সেতুবন্ধন আৰু জৈন ধৰ্ম গ্ৰন্থত মধ্য প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।

(গ) অন্ত প্ৰাকৃত বুলিলে অপভ্ৰশক বুজায়। অন্ত প্ৰাকৃতৰ সাহিত্যৰ নিদৰ্শন হ’ল বজজালগগ, সন্দেশৰাসক। সহজীয়া বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ দোহাবোৰৰ ভাষাও অৰ্বাচীন অপভ্ৰশ বুলি ধৰা হয়। বিদ্যাপতিৰ ‘কীৰ্তিলতা’ আৰু ‘কীৰ্তি পতাকা’ত অপভ্ৰশৰ অন্য এক প্ৰকাৰৰ নমুনা পোৱা যায়।

প্ৰাকৃত ভাষাৰ চাৰিটা আঞ্চলিক ৰূপ পোৱা যায়। সেইবোৰ হ’ল-

পূৰ্বাঞ্চলৰ – মাগধী

মধ্যদেশৰ – শৌৰসেনী

দক্ষিণ পশ্চিমাঞ্চলৰ – মহাৰাষ্ট্ৰী

উত্তৰ পশ্চিমাঞ্চলৰ – পৈশাচী।

মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হয় প্ৰাচ্য অপভ্ৰশ। ভাষাতত্ত্ববিদ, পণ্ডিত ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য অপভ্ৰশৰ চাৰিটা শাখাৰ কথা উল্লেখ কৰিছে। সেই শাখা কেইটা হ’ল-

১। ৰাঢ় :- ইয়াৰ পৰা পশ্চিমবঙ্গৰ উপভাষাৰ সৃষ্টি হয়।

২। বৰেদ্ৰ :- ইয়াৰ পৰা উত্তৰ মধ্যবঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে।

৩। বঙ্গ :- ইয়াৰ পৰা পূৰ্ববঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে।

৪। কামৰূপ :- এই কামৰূপী প্ৰাচ্য অপভ্ৰশৰ পৰাই অসমীয়া আৰু উত্তৰবঙ্গৰ কোচবেহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলৰ কথিত ভাষাৰ সৃষ্টি হৈছে।

অসমীয়া ভাষাই খ্ৰীষ্টীয় দশম শতিকাৰ মাজভাগৰ পৰা স্বকীয় ৰূপ ল’বলৈ আৰম্ভ কৰে। প্ৰসিদ্ধ চীনা পৰিব্ৰাজক হিউৱেনচাঙে তেওঁৰ বিৱৰণীত লিখিছে যে কামৰূপৰ ভাষা মধ্যভাৰতৰ ভাষাৰ পৰা কিছু পৃথক আছিল। তেওঁ অসমীয়া ভাষাৰ স্বকীয়ত্ব লক্ষ্য কৰিয়েই এই ধৰণৰ মন্তব্য আগবঢ়াইছিল।

প্ৰাচীন কামৰূপৰ ৰজাবিলাকৰ তাম্ৰশাসনত অসমীয়া ৰূপৰ প্ৰথম নিদৰ্শন পোৱা যায়। গাঁৱৰ নাম, নদীৰ নাম আৰু মানুহৰ নামৰ প্ৰয়োগত অসমীয়া ৰূপৰ প্ৰথম নিদৰ্শন পোৱা যায়। শাসনাৱলীৰ ভাষা সংস্কৃত হ’লেও সেই সময়ত চলা প্ৰাকৃতৰ নমুনা আৰু স্থান বিশেষে অসমীয়ালৈ ৰূপান্তৰিত হ’ব ধৰাৰ লক্ষণ তাত পৰিলক্ষিত হয়। ড° বেণীমাধৱ বৰুৱাই এই প্ৰসংগত কোৱা এষাৰ কথা প্ৰণিধানযোগ্য- প্ৰাক আহোম যুগৰ কামৰূপৰ তামৰ ফলি আৰু শিলালেখাবোৰত প্ৰাকৃতৰ নিদৰ্শন আছে। সেইবোৰে খ্ৰীষ্টীয় ৬ষ্ঠ- ১২শ শতিকাত প্ৰচলিত উপভাষাৰ ৰূপ আৰু প্ৰাকৃতৰ আভাস দাঙি ধৰে বুলি ক’ব পাৰি। ৰাজকীয় ভূমিদান সম্পৰ্কীয় ফলিবোৰত বিশুদ্ধ সংস্কৃত ভাষাত লেখিবলৈ যত্নৰ ক্ৰটি নকৰা সত্ত্বেও কিছুমান অপ্ৰচলিত ৰূপ সোমাই পৰিছিল। ই হয়তো স্থানীয় লেখকসকলৰ নাইবা তক্ষকাৰসকলৰ নাইবা দুয়োৰে অসাৱধানতাৰ ভুল।

অসমীয়া ভাষাৰ বিকাশৰ উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰে চৰ্যাপদবোৰে। ইয়াত কামৰূপী ভাষাৰ ৰূপতাত্ত্বিক নিদৰ্শনবোৰৰ নমুনা পোৱা যায়। ইয়াতে অসমীয়া ভাষাই এটা সুন্দৰ ৰূপ লৈছে বুলি ক’ব পাৰি। ধ্বনিতত্ত্ব, শব্দমালা আৰু বাক্যবিন্যাস আদি সকলো ক্ষেত্ৰতে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ নিগূঢ় সম্পৰ্ক ৰক্ষিত হৈছে। অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা মোলান, পানী, দাপোন, ভাল, গোহালি, আজি, উজুবাট, সৰু, মিছা, নৈ আদি শব্দবোৰ চৰ্যাপদত হুবহু ৰূপত পোৱা যায়।

চৰ্যাপদৰ সময়ৰ পাছত বিশেষকৈ ত্ৰয়োদশ শতিকাৰ পূৰ্বাৰ্ধৰ পৰা আধুনিক যুগলৈকে অসমীয়া ভাষাৰ বিকাশৰ প্ৰধানকৈ দুটা স্তৰ দেখা যায়। এটা সোতৰ শতিকালৈ আৰু আনটো তাৰ পিছৰ পৰা। অসমীয়া ভাষাটোৱে প্ৰথমতে পশ্চিম অসমত প্ৰবেশ কৰি সুকীয়া ভাষাৰূপে গঢ় লয়। সময়ত এই অঞ্চলৰ ভাষাত সাহিত্য ৰচিত হ’বলৈ ধৰে। এই ভাষাটোকে কামৰূপী ভাষা বোলে। চৰ্যাপদৰ পাছত কামৰূপী ভাষাৰ নিদৰ্শন পোৱা যায় প্ৰাচীন অসমীয়া সাহিত্যত। এই ক্ষেত্ৰত প্ৰথমে উল্লেখনীয় হ’ল মাধৱ কন্দলীৰ ৰামায়ণৰ ভাষা। ইয়াৰ লগত ‘শ্ৰীকৃষ্ণ কীৰ্ত্তন’ৰ ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ পূৰ্বভাৰতৰ ভাষাৰ লগত থকা সম্পৰ্কৰ কথা দৃঢ়তাৰে ঘোষণা কৰে। সেইবাবেই অনুমান হয় কামৰূপী ভাষাটো গোটেই ৰাজ্যজুৰি কথিত আৰ্য ভাষা আছিল। তেতিয়া গোটেই অসম উপত্যকা আৰু উত্তৰবঙ্গৰ উপৰি বিহাৰৰ পূৰ্ণিয়া জিলাও এই ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।

সোতৰ শতিকালৈ কথিত আৰু লিখিত সাহিত্যত স্থান অধিকাৰ কৰা কামৰূপী ভাষাৰ পৰিসৰ কমি ই উপভাষালৈ পৰিৱৰ্তিত হ’ল। বৰ্তমান কালত কামৰূপ জিলাৰ উপভাষা বা কথিত ভাষাটোৱে কামৰূপী উপভাষা। অসমীয়া ভাষাৰ গঠন আৰু বিকাশত ইয়াৰ মূল্য যথেষ্ট। প্ৰাচীন অসমীয়া সাহিত্যৰ বৈষ্ণৱ-অবৈষ্ণৱ সকলো কবিৰ ৰচনাত এই ভাষাৰ ধ্বনিগত, ৰূপগত আৰু শব্দগত বৈশিষ্ট্যবোৰ দেখিবলৈ পোৱা যায়।মধ্যযুগৰ বুৰঞ্জীবোৰতো এই উপভাষাৰ প্ৰভাৱ স্পষ্ট।

    “আকে শুনি লক্ষ্মীনাৰায়ণে দ্বিলাক খেদি আহিল।

     বঙ্গালে খাইবাক নপাই গড়ৰ ভিতৰতে শুখাই 

     মৰে…. তাহনাৰ মুখত আহনাৰ সঙ্গে।

     তেবে গুৱাহাটীত ধৰিলে যাই আৰু অজ্ঞানত মাৰিছাহ।

অসমৰ সামূহিক কাৰ্য চলোৱাৰ বাহন ৰূপে এই ভাষা প্ৰাচীন কালৰ পৰা চলি আহিছে। সোতৰ শতিকাত কোচ ৰাজত্ব ধ্বংস হোৱাৰ পাছত সাহিত্য চৰ্চাৰ কেন্দ্ৰ নামনি অসমৰ পৰা আহোম ৰাজধানীলৈ স্থানান্তৰিত হয়। তেতিয়াৰ পৰা আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত জীপ লোৱা উজনি অসমৰ উপভাষাটোৱে ইংৰাজ আমোলত মিছনাৰীৰ সহায় লাভ কৰি সাহিত্যিক মৰ্যাদা পায়।

বৰ্তমান গুৱাহাটী কেন্দ্ৰিক অসমীয়া সাহিত্য-সংস্কৃতিত এই ভাষাটোৰ কিছু পৰিৱৰ্তন সাধিত হৈছে। শিৱসাগৰ অঞ্চলৰ উপভাষাটোৰ ওপৰত আকৃতিগত ভাবে ভিত্তি কৰিলেও ভাষাটো গুৱাহাটী আৰু ওচৰ-পাজৰৰ উপভাষাৰ দ্বাৰাও প্ৰভাৱিত হৈছে।

সাম্প্ৰতিক অসমীয়া ভাষা পৰ্বত-ভৈয়ামৰ সকলো জনগোষ্ঠীৰ উমৈহতীয়া সম্পদ আৰু প্ৰকাশৰ বাহন। ইয়াৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব আন আন জাতিসত্তা আৰু উপভাষাবোৰক সামৰি ল’বলৈ কৰা ইয়াৰ প্ৰয়াসৰ ওপৰত। এইটো কথাও মনত ৰাখিব লাগিব যে ৰাষ্ট্ৰীয় অখণ্ডতা অসমীয়াত ভাষাৰ অখণ্ডতা ৰক্ষাৰ যোগেদিহে সম্ভৱপৰ হ’ব।

উপভাষা

এটা ভৌগোলিক পৰিবেষ্টনৰ জন সমষ্টিবোৰৰ মাজত ভাষাৰ বিভিন্নতা পৰিলক্ষিত হয়। অৰ্থাৎ এটা অঞ্চলৰ ভাষা আৰু আন এটা অঞ্চলৰ ভাষাৰ মাজত ধ্বনি, ধ্বনি সংযোগ বা ৰূপ আৰু শব্দমালাৰ নানা পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। ভাষাৰ এনে আঞ্চলিক ৰূপকে উপভাষা বোলে।

উপভাষা সৃষ্টিৰ মূল কাৰণ হ’ল মানুহৰ মাজত আহ-যাহ বা যোগাযোগৰ অভাৱ। প্ৰাকৃতিক বাধা, সামাজিক বাধা আদিয়ে এই যোগাযোগৰ অভাৱৰ সৃষ্টি কৰে। বিভিন্ন প্ৰশাসন, ধৰ্ম আদিৰ অধীনত থাকিলেও মানুহে মানুহে সংযোগৰ অসুবিধা হয়। যিবোৰ মানুহৰ মাজত পৰম্পৰে মিলা-মিছা, অহা-যোৱা, বিয়া-বাৰু আদি আদান-প্ৰদানৰ সুবিধা থাকে তেওঁলোকৰ মাজত ভাষাৰ বিভেদবোৰ নাইকিয়া হৈ ভাষাই একেটা গঢ় লয়।

ভাষাৰ খণ্ড খণ্ড ৰূপ আৰু অখণ্ড ৰূপ সৃষ্টি এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে। বাধাবোৰৰ বাবে ভাষা যেনেকৈ খণ্ড খণ্ড হৈ পৰে তেনেকৈ আকৌ ভাষাৰ অখণ্ডতা ৰক্ষা কৰিবলৈও কিছুমান কথাই সহায় কৰে। যেনে যাতায়তৰ সুবিধাই এই অখণ্ডতা ৰক্ষাত অৰিহণা যোগায়। যুদ্ধ, উৎসৱ-পাৰ্বণ আদিয়েও এই ক্ষেত্ৰত সহায় কৰে। যুদ্ধৰ সময়ত সেনা বাহিনীত বিভিন্ন অঞ্চলৰ লোকৰ সমাবেশ ঘটে। সেই মানুহবোৰৰ মাজত আদান প্ৰদানৰ কাৰণে ভাষাৰ অখণ্ডতা প্ৰয়োজন হৈ পৰে। বিয়া বাৰুৰ যোগেদিও ভাষাৰ আঞ্চলিক বিভিন্নতা দূৰ হয়। দৰা-কইনা ভিন্ন অঞ্চলৰ হ’লে ল’ৰা-ছোৱালীয়ে এটা সমিল মিলৰ ভাষা ক’বলৈ শিকে। ল’ৰা-ছোৱালীবোৰ যিটো পৰিবেশত ডাঙৰ হয় আৰু বিশেষকৈ লগৰীয়াবোৰে যিটো ভাষা কয় তাৰ দ্বাৰা প্ৰভাৱিত হয়।

ভাষাৰ অখণ্ডতা ৰক্ষাত সাহিত্যক এজনে যেতিয়া কোনো অঞ্চলৰ ভাষাৰ মাধ্যমেৰে সাহিত্য ৰচনা কৰে তেতিয়া আন অঞ্চলৰ লোকে সেই ৰূপটোক আদৰ্শ ৰূপে গ্ৰহণ কৰে। কেন্দ্ৰীয় শিক্ষানুষ্ঠান স্কুল, কলেজ, বিশ্ববিদ্যালয় আদিয়েও এই ক্ষেত্ৰত যথেষ্ট সহায় কৰে। বিভিন্ন অঞ্চলৰ পৰা অহা ছাত্র-ছাত্রীবোৰৰ ভাবৰ আদান-প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন ভাষাৰ পৰিৱৰ্তে এটা সমূহীয়া ভাষা কোৱাৰ প্ৰয়োজন হৈ পৰাত ভাষাৰ বিভিন্নতা আতৰি যায়। তেনেকৈ ৰেডিঅ’, বাতৰি কাকত আদিয়েও এই ক্ষেত্ৰত সহায় কৰে।

গতিকে দেখা যায় যে শিক্ষা-সংস্কৃতি-সাহিত্য আদিৰ প্ৰসাৰৰ যোগেদি ভাষাৰ বিভিন্নতা আতৰি যোৱাৰ পৰিবেশ গঢ় লৈ উঠে; কিন্তু এনে সমৰূপতাৰ ফালে ভাষাই আগবাঢ়ি যোৱাৰ লগে লগে আঞ্চলিক ভাষাবোৰৰ প্ৰতি মানুহৰ কিন্তু মোহ আতৰি নাযায়। বহুতে তাক সংৰক্ষণ আৰু সংবৰ্ধন কৰিব খোজে। তাৰ ঐতিহাসিক মূল্যৰ দ্বাৰাও সেই উপভাষা কোৱা মানুহখিনিয়ে গৌৰৱবোধ কৰি তাক ৰক্ষাৰ চেষ্টা কৰে। কিন্তু যেতিয়া ভাষাৰ অখণ্ডতা ৰক্ষা কৰা উপাদানবোৰে উপ-ভাষাৰ অৱস্থা শোচনীয় কৰি তোলে তেতিয়া ই নিম্ন শ্ৰেণীৰ লোকৰ মাজতহে আবদ্ধ হৈ পৰে আৰু লাহে লাহে মৃত্যুমুখত পৰে। এনেদৰে উপ-ভাষা এটাৰ মৃত্যু হ’লেও মান্য ভাষাত ইয়াৰ বহুতো শব্দ বা ৰূপ সংৰক্ষিত হয়। সেইবোৰৰ অনুসন্ধান কৰি মান্য ভাষা আৰু উপভাষাৰ মাজত পাৰ্থক্য আদিৰ আলোচনাৰ আলমত ভাষা বিজ্ঞানীসকলে ভাষাটোৰ সামগ্ৰিক ৰূপটোৰ বিষয়ে নতুন তথ্য উদঘাটন কৰিবলৈ সমৰ্থ হয়। গতিকে উপভাষাবোৰৰ বিস্তৃত অধ্যয়ন নোহোৱাকৈ কোনো এটা ভাষাৰ অনুসন্ধান সম্পূৰ্ণ নহয়।

উপভাষাৰ পৰাও আকৌ একো একোটা মান্য ভাষাৰ সৃষ্টি হয়। প্ৰতিভাশালী নেতা, সাহিত্যিক, সমাজ সংস্কাৰক, ধৰ্ম প্ৰচাৰক আদিয়ে নিজ অঞ্চলৰ ভাষাৰ মাধ্যমেদি যেতিয়া মতামত দাঙি ধৰি পুথি-পাজী ৰচনা কৰে তেতিয়া সেই ভাষাটো মান্য ভাষাৰ পৰ্যায়লৈ উঠিব পাৰে। কেতিয়াবা যদি এটা অঞ্চলৰ ভাষাৰে শাসন ব্যৱস্থা চলে, বাতৰি কাকত, ৰেডিঅ’ আদিত সি ব্যৱহাৰ হয়, ৰাজহুৱা সভা সমিতিত সি ব্যৱহৃত হয়, তেতিয়া এইবোৰ সাংস্কৃতিক কাৰণত উপভাষাটোৱে মান্য ভাষাৰ স্বীকৃতি লাভ কৰে। গতিকে ভাষা মানে কোনো অঞ্চলৰ মৰ্যাদাপ্ৰাপ্ত উপভাষা এটাকে বুজায়।

অসমীয়া মান্যভাষা আৰু উপভাষা

সাংস্কৃতিক কেন্দ্ৰৰ সাল-সলনিৰ যোগেদি অসমত মান্যভাষা আৰু উপভাষা সৃষ্টিৰ উদাহৰণ দেখা যায়। অসমীয়া ভাষাটো মাগধী ৰূপৰ পৰা ৰূপান্তৰিত হৈ পশ্চিমৰ পিনেদি অসমত সোমায় আৰু অসমৰ নামনি অঞ্চলত সুকীয়া ভাষাৰূপে গঢ় লয়। পিছত ভাষাটো ক্ৰমে গৈ উজনি অঞ্চলত বিয়পি পৰে।

অসমত দুই ধৰণৰ শাসন ব্যৱস্থা আছিল। উজনিত আহোম শাসন ব্যৱস্থা আৰু নামনিত বিভিন্ন শাসন ব্যৱস্থা প্ৰচলিত আছিল। ৰাজধানীও একে ঠাইতে নাছিল। দুয়োটা অঞ্চলৰ মাজৰ যাতায়তৰ অসুবিধা, বিয়া-বাৰুৰ  প্ৰচলন নোহোৱা আদি কাৰণত উজনি আৰু নামনি অসমৰ লোকসকলৰ মাজত মিলা-মিছাৰ সুবিধা হোৱা নাছিল। সেই কাৰণে নামনি অঞ্চলৰ ভাষাটোৱে এটা সুকীয়া ঠাচ ল’বলৈ সুবিধা পালে। গতিকে অসমীয়া ভাষাটোৱে দুটা আঞ্চলিক ৰূপ পালে- এটা পূব অঞ্চলৰ বা উজনিৰ উপভাষা আৰু আনটো পশ্চিম অঞ্চলৰ বা নামনিৰ উপভাষা। পশ্চিম অঞ্চলৰ উপভাষাক আৰু দুটা ভাগত ভগাব পাৰি। এটা কামৰূপী উপভাষা আৰু আনটো গোৱালপৰীয়া উপভাষা।

সোতৰ শতিকাৰ আগৰ কালছোৱাত অসমৰ নামনি অঞ্চলত সাহিত্য-সংস্কৃতিৰ কেন্দ্ৰস্থলীবোৰ গঢ় লৈ উঠিছিল। কমতাপুৰ জয়ন্তাপুৰ আৰু কোচবেহাৰৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত প্ৰাচীন অসমীয়া সাহিত্য এই অঞ্চলত সৃষ্টি হৈছিল। প্ৰথম অসমীয়া কবি হেম সৰস্বতী, মাধৱ কন্দলি, মনসা কবি মনকৰ, দুৰ্গাবৰ, সুকবি নাৰায়ণদেৱ, শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ আদিৰ ৰচনাত নামনি অসমৰ বিশেষকৈ কামৰূপ জিলাৰ ভাষাৰ চানেকি পোৱা যায়। কিন্তু সাংস্কৃতিক প্ৰাধান্য পোৱা এই ভাষাটোৱে আকৌ উপভাষাত পৰিণত হৈছে।

আনহাতে শিৱসাগৰ অঞ্চলত কোৱা উপভাষাটোৱে মান্য ৰূপ পালে আহোম ৰজাসকলৰ ৰাজধানী উজনি অসমত হোৱা হেতুকে। নামনি অসমৰ কোচৰাজ্য ধ্বংস হৈ যোৱাত আহোম ৰজাসকলৰ তত্ত্বাৱধানত শিৱসাগৰ জিলা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰত পৰিণত হয়। আহোমসকলৰ পাছত খ্ৰীষ্টীয়ান মিছনাৰীসকলে তাতেই কেন্দ্ৰস্থল গঢ়ি তোলে। তেওঁলোকে সেই অঞ্চলৰ উপভাষা শিকি সেই ভাষাতে কিতাপ-পত্ৰ লিখিবলৈ ধৰে। এনেকৈয়ে সেই অঞ্চলৰ উপভাষাটোৱে মান্যভাষাৰ ৰূপ গ্ৰহণ কৰিলে আৰু অসমৰ সমৃদ্ধিশালী নামনি অসমৰ কামৰূপী ভাষা উপভাষালৈ ৰূপান্তৰিত হ’ল।

কোনো এখন দেশত কোনো ভাষিক সম্প্ৰদায় বসতি কৰাৰ বেছিদিন নহ’লে সেই ভাষিক সম্প্ৰদায়ৰ মাজত ভাষাৰ স্থানীয় বা আঞ্চলিক পাৰ্থক্য বৰ বেছি নহয় কিন্তু শ শ বছৰ ধৰি কোনো সম্প্ৰদায় বাস কৰি থকা ঠাইত ভাষাৰ স্থানীয় পাৰ্থক্যবোৰ বেছি হয়। অসমীয়া ভাষাৰ কামৰূপী উপভাষাৰ এনে স্থানীয় ৰূপ বহু কেইটা আছে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল বৰপেটা অঞ্চলৰ ভাষা, নলবাৰী অঞ্চলৰ ভাষা আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ ছয়গাও, বকো অঞ্চলৰ ভাষা।

এনেদৰে কামৰূপী উপভাষাসমূহ স্থানীয় ভাষাৰ সহযোগত এটা শক্তিশালী ভাষাৰূপে পৰিগণিত হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top