⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

(২৫১) CO2, CH, N2O আৰু CFC ক সেউজগৃহ গেছ বোলাৰ কাৰণ হ’ল এইবোৰ গেছে তলত দিয়া ৰশ্মি শোষণ 

কৰে আৰু বিকিৰণো কৰে:

(ক) ৰঞ্জন ৰশ্মি

(খ) গামা ৰশ্মি

(গ) অতি বেগুনী ৰশ্মি

(ঘ) তাপীয় বিকিৰণ

উত্তৰ: (ঘ) তাপীয় বিকিৰণ।

(২৫২) অজ’ন গেছৰ তৰপটো পাতল কৰাত কি গেছৰ প্ৰভাৱ আটাইতকৈ বেছি ?

(ক) CFC

(খ) SO2

(গ) CO2

(ঘ) CH4

উত্তৰ: (ক) CFC

(২৫৩) মট্ৰিল সিদ্ধান্তৰ (Montreal Protocol) উদ্দেশ্য কি ?

(ক) জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ কৰা

(খ) অজ’ন তৰপ হ্ৰাসকৰণ প্ৰক্ৰিয়া কমোৱা

(গ) জল প্ৰদূষণ হ্ৰাস কৰা

(ঘ) কাৰ্বন ডাই-অক্সাইডৰ মাত্ৰা কমোৱা

উত্তৰ: (খ) অজ’ন তৰপ হ্ৰাসকৰণ প্ৰক্ৰিয়া কমোৱা।

(২৫৪) চিপকো আন্দোলন কি সংৰক্ষণ কৰা উদ্দেশ্যে চলোৱা হৈছিল ?

(ক) অৰণ্য

(খ) ঘাহনি

(গ) পোহনীয়া জীৱ-জন্তু

(ঘ) জলাহ অঞ্চল

উত্তৰ: (ক) অৰণ্য।

(২৫৫) ভূ উষ্মীভৱ (global warming) হ’ব ধৰিছে ঘাইকৈ তলত দিয়া গেছৰ মাত্ৰা অধিক হোৱা বাবে: 

(ক) চালফাৰ ডাই-অক্সাইড

(খ) নাইট্ৰ’জেন অক্সাইড

(গ) কাৰ্বন ডাই-অক্সাইড

(ঘ) মিথেন

উত্তৰ: (গ) কাৰ্বন ডাই-অক্সাইড‌।

(২৫৬) অম্ল বৰষুণ হোৱাৰ ঘাই কাৰণ তলত কোনবিধ গেছ বা গেছৰ মিশ্ৰণ ?

(ক) কেৱল চালফাৰ ডাই অক্সাইড

(খ) চালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন ডাই-অক্সাইড

(গ) কেৱল নাইট্ৰ’ ডাই-অক্সাইড

(ঘ) চালফাৰ ডাই-অক্সাইড আৰু কাৰ্বন ডাই-অক্সাইড

উত্তৰ: (খ) চালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন ডাই-অক্সাইড

(২৫৭) কিয়’ট’ সিদ্ধান্ত (Kyoto Protocol) মৰ্মে বৃহৎ দেশবোৰে কোন চনৰ ভিতৰত সেউজগৃহ গেছৰ পৰিমাণ 

কমোৱা উচিত ?

(ক) 2008

(খ) 2010

(গ) 2012

(ঘ) 2018

উত্তৰ: (গ) 2012

(২৫৮) BOD য়ে (Biological Oxygen Demand) কি বুজায় ?

(ক) পানীত জৈৱ প্ৰদূষণৰ স্তৰ।

(খ) পানীত এৰি দিয়া ঔদ্যোগিক আৱৰ্জনাৰ স্তৰ।

(গ) হেম’গ্ল’বিনৰ সৈতে যুক্ত হৈ থকা কাৰ্বন মন’ক্সাইডৰ স্তৰ।

(ঘ) নিশাৰ ভাগত উদ্ভিদে গ্ৰহণ কৰা অক্সিজেনৰ স্তৰ।

উত্তৰ: (ঘ) নিশাৰ ভাগত উদ্ভিদে গ্ৰহণ কৰা অক্সিজেনৰ স্তৰ।

(২৫৯) বহনক্ষম উন্নয়নৰ বিশ্ব সন্মিলন (2002) ক’ত হৈছিল ?

(ক) ব্ৰাজিল

(খ) জাৰ্মানী

(গ) অষ্ট্ৰেলিয়া

(ঘ) দক্ষিণ আফ্ৰিকা

উত্তৰ: (ঘ) দক্ষিণ আফ্ৰিকা।

(২৬০) তলত দিয়া কোনবিধ গেছ সেউজগৃহ গেছ নহয় ?

(ক) হাইড্ৰ’জেন

(খ) কাৰ্বন ডাই-অক্সাইড

(গ) মিথেন

(ঘ) ক্ল’ৰ’ফ্ল’কাৰ্বন

উত্তৰ: (ক) হাইড্ৰ’জেন।

(২৬১) কিহৰ মিশ্ৰণত স্মগ (smog) উৎপন্ন হয় ?

(ক) ধোৱা আৰু পানী

(খ) ধোঁৱা আৰু কুৱলী

(গ) বায়ু আৰু নিয়ৰ

(ঘ) জুই আৰু পানী

উত্তৰ: (খ) ধোঁৱা আৰু কুৱলী।

(২৬২) প্ৰদূষণৰ প্ৰথম প্ৰভাৱ ক’ত দেখা যায় ?

(ক) খাদ্য শস্য

(খ) অণুজীৱ

(গ) উদ্ভিদ

(ঘ) তৃণভোজী প্ৰাণী

উত্তৰ: (খ) অণুজীৱ।

(২৬৩) খোৱা পানী বীজানুমুক্ত কৰিবলৈ তলত দিয়া কোনবিধ পদাৰ্থ ব্যৱহাৰ কৰা নহয় ?

(ক) অজ’ন

(খ) ক্ল’ৰিন (chloramine)

(গ) ক্ল’ৰামিন

(ঘ) ফেনাইল (phenyl)

উত্তৰ: (ঘ) ফেনাইল (phenyl)।

(২৬৪) অম্ল বৰষুণৰ পানীৰ PH মান কিমানতকৈ বেছি হ’ব নালাগে ?

(ক) 7

(খ) 6.5

(গ) 6

(ঘ) 5.6

উত্তৰ: (ঘ) 5.6

(২৬৫) কোলাহলৰ স্তৰ কিমান ডেছিবেল (DB) অতিক্ৰম কৰিলে সহ্য কৰিব নোৱাৰা হয় ?

(ক) 80

(খ) 90

(গ) 140

(ঘ) 180

উত্তৰ: (ক) 80

(২৬৬) কিয় DDT ক এবিধ মুখ্য প্ৰদূষক বুলি ধৰা হয় ?

(ক) ইয়াৰ জৈৱ অৱনমন নঘটে

(খ) ই কীটাণু নাশ কৰে

(গ) ই উপকাৰী প্ৰজাতি কিছুমানো ধ্বংস কৰে

(ঘ) ই জলচৰ প্ৰাণীৰ মৃত্যু ঘটায়

উত্তৰ: (ক) ইয়াৰ জৈৱ অৱনমন নঘটে।

(২৬৭) তলত দিয়া কোনবিধ প্ৰদূষকৰ জৈৱ অৱনমন (biodegradation) ঘটে ?

(ক) DDT

(খ) এলুমিনিয়াম

(গ) পাৰা যৌগ

(ঘ) ঘৰুৱা আৱৰ্জনা

উত্তৰ: (ঘ) ঘৰুৱা আৱৰ্জনা।

(২৬৮) খাদ্য শৃঙ্খলত প্ৰৱেশ কৰা DDT ৰ গাঢ়তা স্তৰে স্তৰে-

(ক) বৃদ্ধি হয়

(খ) একে থাকে

(গ) সলনি হৈ থাকে

(ঘ) কমি যায়

উত্তৰ: (ক) বৃদ্ধি হয়।

(২৬৯) গোলকীয় উষ্মীভৱনৰ সৈতে জড়িত কি গেছ ধাননি পথাৰৰপৰা ওলায় ?

(ক) কাৰ্বন ডাই-অক্সাইড

(খ) মিথেন

(গ) ক্ল’ৰিন

(ঘ) হাইড্ৰ’জেন চালফাইড

উত্তৰ: (খ) মিথেন।

(২৭০) জেট প্লেনৰ পৰা কি প্ৰদূষক ওলায় ?

(ক) এয়ৰ’ছ’ল (aerosol)

(খ) ধোঁৱা (smoke)

(গ) কুৱলী (fog)

(ঘ) স্মগ (smog)

উত্তৰ: (ক) এয়ৰ’ছ’ল (aerosol)।

(২৭১) খেতিত সাৰ জধে মধে ব্যৱহাৰ কৰিলে কি প্ৰদূষণ সৰ্বাধিক হয় ?

(ক) ভূমি প্ৰদূষণ

(খ) বায়ু প্ৰদূষণ

(গ) জল প্ৰদূষণ

(ঘ) এটাও নহয়

উত্তৰ: (গ) জল প্ৰদূষণ।

(২৭২) ডাঙৰ মহানগৰীবোৰত বায়ু প্ৰদূষণৰ মুখ্য কাৰণ কি ?

(ক) ঘৰুৱা আৱৰ্জনা

(খ) গাড়ী মটৰৰ ধোঁৱা

(গ) জীৱাষ্ম ইন্ধনৰ দহন

(ঘ) তাপ বিদ্যুৎ কেন্দ্ৰ

উত্তৰ: (খ) গাড়ী মটৰৰ ধোঁৱা।

(২৭৩) তলত দিয়া কোনবিধ প্ৰজাতিৰ জেনেটিক বৈচিত্ৰ্য (genetic diversity) ভাৰতত সৰ্বাধিক ?

(ক) গম

(খ) চাহপাত

(গ) আম

(ঘ) কল

উত্তৰ: (গ) আম।

(২৭৪) সংকতাপন্ন প্ৰজাতিৰ তালিকা কোনে প্ৰকাশ কৰিছে ?

(ক) BBC

(খ) IUCN

(গ) WCC

(ঘ) WWF

উত্তৰ: (খ) IUCN

(২৭৫) তলত দিয়া কোনবোৰ অঞ্চলত জৈৱ বৈচিত্ৰ্য সৰ্বাধিক দেখা যায় ?

(ক) সুন্দৰবন আৰু কচ্ছৰ ৰান অঞ্চল

(খ) পূৰ্বঘাট অঞ্চল আৰু পশ্চিম বংগ

(গ) নিজম উপত্যকা অঞ্চল

(ঘ) পূৱ হিমালয় অঞ্চল আৰু পশ্চিম ঘাট অঞ্চল

উত্তৰ: (ঘ) পূৱ হিমালয় অঞ্চল আৰু পশ্চিম ঘাট অঞ্চল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top