⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

(১৫১) কাৰ্বন ডাই অক্সাইডে

(ক) অৱলোহিত ৰশ্মি শোষণ

(ক) অৱলোহিত ৰশ্মি শোষণ কৰিব নোৱাৰে

(খ) অৱলোহিত ৰশ্মি প্ৰতিফলিত কৰে

(গ) অৱলোহিত ৰশ্মি সহজে সঞ্চালিত কৰে

(ঘ) অৱলোহিত ৰশ্মি শোষণ কৰিব পাৰে

উত্তৰ: (ঘ) অৱলোহিত ৰশ্মি শোষণ কৰিব পাৰে।

(১৫২) স্মগ (smog) কি ?

(ক) নগৰ এখনত হঠাতে হোৱা বৰষুণ

(খ) ধূলিৰ ধুমুহা

(গ) নগৰ অঞ্চলত ধোৱাৰ সৈতে মিশ্ৰিত কুৱলী

(ঘ) ধূলি আৰু ধোৱাৰ সমষ্টি

উত্তৰ: (গ) নগৰ অঞ্চলত ধোৱাৰ সৈতে মিশ্ৰিত কুৱলী।

(১৫৩) জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন কিয় হ’ব পাৰে ?

(ক) জনসংখ্যা বিস্ফোৰণৰ কাৰণে

(খ) বায়ু প্ৰদূষণ আৰু নিৰ্বনানিকৰণৰ কাৰণে

(গ) অধিক ফাইটাৰ জেট অহা-যোৱা কৰা কাৰণে

(ঘ) কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণৰ কাৰণে

উত্তৰ: (খ) বায়ু প্ৰদূষণ আৰু নিৰ্বনানিকৰণৰ কাৰণে।

(১৫৪) ঔদ্যোগিক বিপ্লৱ (Industrial Revolution) কোন শতিকাত হৈছিল ?

(ক) সোতৰ

(খ) ওঠৰ

(গ) উনৈশ

(ঘ) বিশ

উত্তৰ: (খ) ওঠৰ।

(১৫৫) অসমত কিয় সঘনে বানপানী হয় ?

(ক) বৰষুণ বেছি হয় কাৰণে

(খ) নিৰ্বনানিকৰণ আৰু ভূমিস্খলনৰ কাৰণে

(গ) মথাউৰি বন্ধাৰ ফলত নদীৰ পানী মুক্তভাৱে ওলাই যাব নোৱাৰা কাৰণে নদীৰ বুকু উঠি অহা কাৰণে।

(ঘ) আটাইকেইটা কাৰণে

উত্তৰ: (ঘ) আটাইকেইটা কাৰণে।

(১৫৬) বায়ুমণ্ডলৰ কোনটো স্তৰত অ’জন তৰপ থাকে ?

(ক) ট্ৰপ’স্পিয়াৰ

(খ) ষ্ট্ৰেট’স্পিয়াৰ

(গ) আয়ন’স্পিয়াৰ

(ঘ) থাৰ্ম’স্পিয়াৰ

উত্তৰ: (খ) ষ্ট্ৰেট’স্পিয়াৰ।

(১৫৭) তেজক্ৰিয় পদাৰ্থ

(ক) য’তে ত’তে পোৱা যায়

(খ) বিশেষ অনিষ্টকাৰী নহয়

(গ) এটুকুৰাৰ পৰা আলফা, বিটা আৰু গামা ৰশ্মি নিজে নিজে ওলাই থাকে।

(ঘ) অসমৰ কয়লাত বহুত পোৱা যায়।

উত্তৰ: (গ) এটুকুৰাৰ পৰা আলফা, বিটা আৰু গামা ৰশ্মি নিজে নিজে ওলাই থাকে।

(১৫৮) কীটনাশক বোৰ কি ?

(ক) শস্য আক্ৰমণকাৰী কীট পতংগ মাৰিবলৈ ব্যৱহাৰ কৰা জৈৱ বা অজৈৱ ৰাসায়নিক পদাৰ্থ।

(খ) দাত পৰিষ্কাৰ কৰা দৰৱ।

(গ) এক প্ৰকাৰ জৈৱ সাৰ।

(ঘ) পৰিৱেশ নষ্ট নকৰা এবিধ পদাৰ্থ।

উত্তৰ: (ক) শস্য আক্ৰমণকাৰী কীট পতংগ মাৰিবলৈ ব্যৱহাৰ কৰা জৈৱ বা অজৈৱ ৰাসায়নিক পদাৰ্থ।

(১৫৯) অ’জন হোল (Ozone hole)

(ক) অত্যন্ত গভীৰ

(খ) খালী চকুৰে দেখা যায়

(গ) পাৰ হৈ বৰষুণ মাটিত পৰিব পাৰে।

(ঘ) পাৰ হৈ অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূ-পৃষ্ঠত পৰেহি।

উত্তৰ: (ঘ) পাৰ হৈ অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূ-পৃষ্ঠত পৰেহি।

(১৬০) নিউক্লীয় দ্বি-ভঙ্গন

(ক) দুটা নিউক্লিয়াছৰ মাজত ঘটে।

(খ) ঘটাৰ ফলত এটা নিউক্লিয়াছৰ পৰা দুটা নিউক্লিয়াছ উৎপন্ন হয়।

(গ) ঘটিলে শক্তি উৎপন্ন নহয়।

(ঘ) যিকোনো নিউক্লিয়াছতে ঘটিব পাৰে।

উত্তৰ: (খ) ঘটাৰ ফলত এটা নিউক্লিয়াছৰ পৰা দুটা নিউক্লিয়াছ উৎপন্ন হয়।

(১৬১) অৱলোহিত ৰশ্মি হৈছে

(ক) ৰঙা ৰঙৰ পোহৰ

(খ) যিকোনো ৰঙৰ পোহৰ

(গ) ৰঙা পোহৰতকৈ অধিক তৰংগ দৈৰ্ঘ্যৰ অদৃশ্য পোহৰ

(ঘ) বেঙুনীয়া পোহৰতকৈ কম তৰংগ দৈৰ্ঘ্যৰ অদৃশ্য পোহৰ

উত্তৰ: (গ) ৰঙা পোহৰতকৈ অধিক তৰংগ দৈৰ্ঘ্যৰ অদৃশ্য পোহৰ।

(১৬২) ষ্ট্ৰেট’স্পিয়াৰত থকা অ’জন গেছৰ

(ক) তৰপটো বিষাক্ত গেছেৰে ভৰা

(খ) তৰপটোৰ মাজেদি অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূ-পৃষ্ঠলৈ আহিব নোৱাৰে।

(গ) কোনো ধৰণৰ অতি বেগুনী ৰশ্মি ভূ-পৃষ্ঠলৈ আহিব নোৱাৰে।

(ঘ) সকলো ধৰণৰ অতিবেগুনী ৰশ্মি ভূ-পৃষ্ঠলৈ আহিব পাৰে।

উত্তৰ: (খ) তৰপটোৰ মাজেদি অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূ-পৃষ্ঠলৈ আহিব নোৱাৰে।

(১৬৩) সেউজ গৃহ প্ৰভাৱৰ কাৰণে

(ক) পৃথিৱীৰ গড় উষ্ণতা একে থাকে

(খ) পৃথিৱীখন সেউজীয়া হৈ থাকে

(গ) পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি হয়

(ঘ) পৃথিৱীৰ গড় উষ্ণতা হ্ৰাস হয়।

উত্তৰ: (ক) পৃথিৱীৰ গড় উষ্ণতা একে থাকে।

(১৬৪) কি গেছৰ কাৰণে অম্ল বৰষুণ (acid rain) পৰে ?

(ক) নাইট্ৰ’জেন অক্সাইড আৰু কাৰ্বন মন’ক্সাইড

(খ) চালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন অক্সাইড

(গ) কাৰ্বন ডাই-অক্সাইড, কাৰ্বন মন’ক্সাইড

(ঘ) চি এফ চি আৰু হাইড্ৰ’জেন ক্ল’ৰাইড

উত্তৰ: (খ) চালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন অক্সাইড।

(১৬৫) অ’জন কি ?

(ক) এবিধ গেছ

(খ) এবিধ তৰল

(গ) এবিধ গোটা বস্তু

(ঘ) এবিধ সুগন্ধি দ্ৰব্য

উত্তৰ: (ক) এবিধ গেছ।

(১৬৬) নগৰ এখনত বায়ু প্ৰদূষণৰ ঘাই উৎস কি ?

(ক) উদ্যোগ

(খ) যান-বাহন

(গ) আৱৰ্জনা

(ঘ) নলা-নৰ্দমা

উত্তৰ: (খ) যান-বাহন।

(১৬৭) গাড়ীমটৰৰ পৰা ওলোৱা ধোৱাত কি থাকে ?

(ক) হাইড্ৰ’কাৰ্বন, কাৰ্বন মন’ক্সাইড আৰু নাইট্ৰিক অক্সাইড

(খ) পেট্ৰ’ল, চালফিউৰিক এচিড, কাৰ্বন

(গ) চালফাৰ ডাই-অক্সাইড, বেঞ্জিন

(ঘ) নাইট্ৰাছ অক্সাইড আৰু প্ৰপেন

উত্তৰ: (ক) হাইড্ৰ’কাৰ্বন, কাৰ্বন মন’ক্সাইড আৰু নাইট্ৰিক অক্সাইড।

(১৬৮) কি কাৰণে নগৰবোৰত জনসংখ্যা বেছি হয় ?

(ক) জীৱিকা উপাৰ্জনৰ পথ সহজে পায়

(খ) সেই পৰিৱেশত থাকি ভাল লাগে

(গ) বজাৰ সস্তা

(ঘ) কম খৰছত ঘৰ চলাব পাৰি।

উত্তৰ: (ক) জীৱিকা উপাৰ্জনৰ পথ সহজে পায়।

(১৬৯) কোনবোৰ দেশত জনসংখ্যা বিস্ফোৰণ ৰোধ কৰি পৰা হৈছে ?

(ক) যি কোনো দেশতে হ’ব পাৰে

(খ) দুখীয়া দেশত

(গ) উন্নয়নশীল দেশত

(ঘ) উন্নত দেশত

উত্তৰ: (ঘ) উন্নত দেশত।

(১৭০) বৰ্তমান পৃথিৱীৰ জনসংখ্যা

(ক) 6 বিলিয়নতকৈ কম

(খ) 10 বিলিয়নতকৈ বেছি

(গ) প্ৰায় 7 বিলিয়ন

(ঘ) প্ৰায় 3 বিলিয়ন

উত্তৰ: (গ) প্ৰায় 7 বিলিয়ন।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top