⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ.

MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ

(১২৬) পৰিৱেশৰ ওপৰত প্ৰথম আন্তৰ্জাতিক সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল ?

(ক) 1986, March

(খ) 1981, April

(গ) 1974, May

(ঘ) 1972, June

উত্তৰ: (ঘ) 1972, June

(১২৭) সুস্থ পৰিৱেশৰ বাবে কোনো এখন দেশৰ মাটিকালিৰ শতকৰা নিম্নতম কিমান ভাগত বনাঞ্চল থাকিব লাগে ?

(ক) 25

(খ) 33

(গ) 23

(ঘ) 40

উত্তৰ: (খ) 33

(১২৮) অসমত থকা দুখন বৃহৎ কয়লা ক্ষেত্ৰৰ নাম হ’ল

(ক) শিলচৰ আৰু হাইলাকান্দি

(খ) লিডু আৰু হাইলাকান্দি

(গ) শিৱসাগৰ আৰু ডিফু

(ঘ) লিডু আৰু মাৰ্গেৰিটা

উত্তৰ: (ঘ) লিডু আৰু মাৰ্গেৰিটা।

(১২৯) বায়ুত প্ৰলম্বিত কণাৰ (SPM) সহনযোগ্য পৰিমাণ কি ?

(ক) প্ৰতি ঘনমিটাৰত 100 মাইক্ৰ’গ্ৰাম

(খ) প্ৰতি ঘনছেণ্টিমিটাৰত 100 মাইক্ৰ’গ্ৰাম

(গ) প্ৰতি ঘনমিটাৰত 200 মাইক্ৰ’গ্ৰাম

(ঘ) প্ৰতি ঘনছেণ্টিমিটাৰত 150 মাইক্ৰ’গ্ৰাম

উত্তৰ: (ক) প্ৰতি ঘনমিটাৰত 100 মাইক্ৰ’গ্ৰাম।

(১৩০) ভাৰতৰ ভয়াৱহ প্ৰদূষণৰ উৎস (Red) বুলি চিহ্নিত 17 টা উৎসৰ কেইটা উৎস অসমত আছে ?

(ক) 10

(খ) 7

(গ) 5

(ঘ) 13

উত্তৰ: (খ) 7

(১৩১) অসমৰ কোন কোন নগৰত চিকিৎসালয় আৰু নাৰ্ছিংহোমৰ পৰা নিষ্কাশিত জৈৱ-ৰাসায়নিক আৱৰ্জনাৰ সমস্যা 

আটাইতকৈ গুৰুতৰ ?

(ক) গুৱাহাটী আৰু নলবাৰী

(খ) গুৱাহাটী আৰু ডিব্ৰুগড়

(গ) গুৱাহাটী আৰু শিলচৰ

(ঘ) গুৱাহাটী আৰু ধুবুৰী

উত্তৰ: (খ) গুৱাহাটী আৰু ডিব্ৰুগড়।

(১৩২) ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে গুৱাহাটী মহানগৰীৰ

(ক) মাজেদি

(খ) উত্তৰদি

(গ) দক্ষিণেদি

(ঘ) আতৰেদি

উত্তৰ: (খ) উত্তৰদি।

(১৩৩) গুৱাহাটী মহানগৰীৰ জনসংখ্যা

(ক) 22 লাখৰ অধিক

(খ) 20 লাখৰ অধিক নহয়

(গ) 15 লাখ আৰু 20 লাখৰ মাজত

(ঘ) প্ৰায় 40 লাখ

উত্তৰ: (ক) 22 লাখৰ অধিক।

(১৩৪) গুৱাহাটী মহানগৰীৰ সমতল ভাগৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায়

(ক) 55 মিটাৰ ওপৰত

(খ) 5 মিটাৰ তলত

(গ) 30 মিটাৰ ওপৰত

(ঘ) ইয়াৰে এটাও নহয়

উত্তৰ: (ক) 55 মিটাৰ ওপৰত।

(১৩৫) গুৱাহাটী মহানগৰীত বায়ুৰ প্ৰদূষণত যান-বাহনৰ যোগদান প্ৰায়

(ক) 40%

(খ) 80%

(গ) 20%

(ঘ) 70%

উত্তৰ: (খ) 80%

(১৩৬) মানুহৰ বসতিপ্ৰধান অঞ্চলত কোলাহল প্ৰদূষণৰ (noise pollution) মাত্ৰা কিমানত সীমিত থাকিব লাগে ?

(ক) 100 ডেছিবেল

(খ) 90 ডেছিবেল

(গ) 80 ডেছিবেল

(ঘ) 70 ডেছিবেল

উত্তৰ: (ঘ) 70 ডেছিবেল।

(১৩৭) ভূমি অৱনমন (Land degradation) কি কাৰণে হ’ব পাৰে ?

(ক) ভূমি প্ৰদূষণ

(খ) জল আৱদ্ধকৰণ (water logging)

(গ) ভূমি স্খলন (erosion)

(ঘ) এই আটাইকেইটা হয় ।

উত্তৰ: (ঘ) এই আটাইকেইটা হয়।

(১৩৮) নিৰ্বনানিকৰণৰ ফলত

(ক) পৰিস্থিতিতন্ত্ৰ সুস্থিৰ হয়

(খ) যথেষ্ট বৰষুণ হয়

(গ) বেছি ভূমি স্খলন হয়

(ঘ) মাটিৰ উৰ্বৰতা বৃদ্ধি হয়

উত্তৰ: (গ) বেছি ভূমি স্খলন হয়।

(১৩৯) জল আৱদ্ধকৰণ (water logging) কিয় হয় ?

(ক) বৰষুণ যথেষ্ট কম হোৱা কাৰণে

(খ) অত্যন্ত বেছি বৰষুণ হোৱা কাৰণে

(গ) অধিক পৰিমাণে জলসিঞ্চন কৰা কাৰণে

(ঘ) অধিক বৰষুণ হোৱা বা অধিক পৰিমাণে জলসিঞ্চন কৰা কোনো ঠাইৰ পৰা বন্ধ পানী ওলাই যাব নোৱাৰা কাৰণে

উত্তৰ: (ঘ) অধিক বৰষুণ হোৱা বা অধিক পৰিমাণে জলসিঞ্চন কৰা কোনো ঠাইৰ পৰা বন্ধ পানী ওলাই যাব নোৱাৰা 

কাৰণে।

(১৪০) জৈৱ গেছ (biogas)

(ক) এবিধ প্ৰাকৃতিক গেছ

(খ) গেছ এজেন্সিত যোগান ধৰে

(গ) মাটি খান্দি উলিয়াব পাৰি

(ঘ) এবিধ প্ৰদূষণমুক্ত ইন্ধন

উত্তৰ: (ঘ) এবিধ প্ৰদূষণমুক্ত ইন্ধন।

(১৪১) সাৰ ব্যৱহাৰ কৰিলে খেতি পথাৰত

(ক) অজৈৱ আৰু জৈৱ যৌগৰ যোগান ধৰা হয়।

(খ) অজৈৱ যৌগৰ পৰিমাণ হ্ৰাস হয়।

(গ) জৈৱ যৌগৰ পৰিমাণ হ্ৰাস হয়‌।

(ঘ) অকল জৈৱ যৌগৰ যোগান ধৰা হয়।

উত্তৰ: (ক) অজৈৱ আৰু জৈৱ যৌগৰ যোগান ধৰা হয়।

(১৪২) জনসংখ্যা বাঢ়িলে কি হয় ?

(ক) খাদ্যবস্তুৰ উৎপাদন বাঢ়ে

(খ) খেতিপথাৰ অধিক সাৰুৱা হয়

(গ) পৰিৱেশৰ স্খলন কমে

(ঘ) সীমিত ভূমি সম্পদৰ ওপৰত হেচা বৃদ্ধি হয়।

উত্তৰ: (ঘ) সীমিত ভূমি সম্পদৰ ওপৰত হেচা বৃদ্ধি হয়।

(১৪৩) কাগজ কলত (Paper Mill) কি বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰা হয় ?

(ক) পচা বাহ

(খ) আৱৰ্জনা

(গ) চিলিকেট

(ঘ) পাৰা

উত্তৰ: (ঘ) পাৰা।

(১৪৪) ঔদ্যোগিক আৱৰ্জনাবোৰ

(ক) বিশেষ অন্যায়কাৰী নহয়

(খ) মাৰাত্মক জল প্ৰদূষক

(গ) চাৰিওপাশৰ অঞ্চলটোৰ বাবে উপযোগী

(ঘ) পৰিৱেশ সুস্থিৰকৰণৰ সহায়ক

উত্তৰ: (খ) মাৰাত্মক জল প্ৰদূষক।

(১৪৫) গংগা নদীৰ প্ৰদূষণৰ মুখ্য কাৰণ কি ?

(ক) পেলনীয়া খাদ্যবস্তু

(খ) কৃষিজাত আৱৰ্জনা

(গ) তেজক্ৰিয় আৱৰ্জনা

(ঘ) ঘৰুৱা নলা-নৰ্দমা আৰু ঔদ্যোগিক আৱৰ্জনাবোৰ পেলোৱা কাৰণে

উত্তৰ: (ঘ) ঘৰুৱা নলা-নৰ্দমা আৰু ঔদ্যোগিক আৱৰ্জনাবোৰ পেলোৱা কাৰণে।

(১৪৬) তলত দিয়া কি ৰোগ পানীৰ যোগেদি সংক্ৰমিত হয় ?

(ক) টাইফয়ড আৰু পেৰাটাইফয়ড

(খ) ব্ৰ’কাইটিছ আৰু এজমা

(গ) কলেৰা আৰু ডিছেট্ৰি

(ঘ) ফাইলেৰিয়া আৰু মেলেৰিয়া

উত্তৰ: (গ) কলেৰা আৰু ডিছেট্ৰি।

(১৪৭) তলত দিয়া কি ৰোগ বায়ুৰ মাজেদি সংক্ৰমিত হয় ?

(ক) এজমা আৰু ব্ৰ’কাইটিছ

(খ) মেলেৰিয়া আৰু ফাইলেৰিয়া

(গ) কলেৰা আৰু ডিছেট্ৰি

(ঘ) আটাইকেইটা

উত্তৰ: (ক) এজমা আৰু ব্ৰ’কাইটিছ।

(১৪৮) এয়ৰ’ছল (aerosol) কি ?

(ক) বায়ুত ওপঙি থকা গোটা আৰু জুলীয়া পদাৰ্থৰ ক্ষুদ্ৰ কণিকা

(খ) বায়ুত ওপঙি থকা ধূলিৰ কণিকা

(গ) বায়ুত ওপঙি থকা পানীৰ কণিকা

(ঘ) বায়ুত থকা ডাঙৰ অণু

উত্তৰ: (ক) বায়ুত ওপঙি থকা গোটা আৰু জুলীয়া পদাৰ্থৰ ক্ষুদ্ৰ কণিকা।

(১৪৯) কোনবিধ বিষাক্ত গেছৰ কাৰণে ভূপাল গেছ দুৰ্গটনাটো ঘটি বহুলোকৰ মৃত্যু হৈছিল ?

(ক) মিথাইল কাৰ্বনেট

(খ) মিথাইল আইচ’চায়েনেট (MIC)

(গ) মিথাইলেটেডস্পিৰিট

(ঘ) মিথাইল কাৰ্বাইড

উত্তৰ: (খ) মিথাইল আইচ’চায়েনেট (MIC)।

(১৫০) মথুৰা তেল শোধনাগাৰৰ পৰা নিৰ্গত হোৱা কোনবিধ গেছে তাজমহল প্ৰদূষিত কৰিব বুলি শংকা কৰা হৈছে ?

(ক) চালফাৰ ডাই-অক্সাইড

(খ) চালফাৰ ট্ৰয়অক্সাইড

(গ) কাৰ্বন মন’ক্সাইড

(ঘ) কাৰ্বন ডাই-অক্সাইড

উত্তৰ: (ক) চালফাৰ ডাই-অক্সাইড।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “MCQ of Environmental Studies – পৰিৱেশ অধ্যয়ন প্ৰশ্নোত্তৰ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top